ৰামদৰশ মিশ্ৰৰ দুটি কবিতা


মূল : ৰামদৰশ মিশ্ৰ (হিন্দী)

অসমীয়া ভাঙনি : ৰুবুল দাস

 

 

অপেক্ষা

প্ৰতিটো চকতে

দুৰ্ঘটনাগ্ৰস্ত হৈ কেঁকাই আছে এখন দেশ

আৰু আমি

ডাক্তৰৰ সলনি

অপেক্ষা কৰি আছোঁ পুলিচৰ |

 

ঠিকনা

চাৰিওফালে কাঁইটৰ জংঘল

আৰু ভিতৰৰ ক'ৰবাত

এডালি ভীত লতা |

 

যোৱা,  গুচি যোৱা

এইটোৱে তেওঁৰ ঘৰৰ ঠিকনা |

 

 

কবি পৰিচিতি  : 'দিন এক নদী বন গয়া ', 'কন্ধে পৰ সূৰজ ','আমকে পত্তে ','আগ কুছ নহী বলতা " আদিকে ধৰি কেবাখনো কবিতা পুথি ৰচনা কৰি হিন্দী কাব্য-জগতক চহকী কৰা এগৰাকী প্ৰতিষ্ঠিত কবি হ'ল - ৰামদৰশ মিশ্ৰ | ১৯২৪ চনৰ ১৫ আগষ্টত জন্ম গ্ৰহণ কৰা এইগৰাকী কবিৰ ঘৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২০১৫ চনত "আগ কী হঁসী " কাব্যগ্ৰন্থখনিৰ বাবে তেওঁক 'সাহিত্য অকাডেমী' বঁটাৰে সন্মানিত কৰা হয় |


Post a Comment

0 Comments