গল্পঃ প্লেগ / শৰদিন্দু বন্দোপাধ্যায়

প্লেগ

মূল (বাংলা) : শৰদিন্দু বন্দোপাধ্যায়

অসমীয়া ভাঙনি : দেৱাশ্ৰী বৰগোহাঁই

 

    দহবছৰৰ আগৰ কথা ।

    বম্বেত জাহাজৰপৰা নামিয়ে ঘৰলৈ তাঁৰপঠিয়ালো । একোৱে চোন ভাল লগা নাই, মনটোৱে ছটফটাই আছে । ঘৰৰ ইমান ওচৰ পায়ো তেতিয়াও ঘৰ পাবলৈ বহু দূৰ বাকী । যিমান দিন বিদেশত আছিলো কিবা প্ৰকাৰে মনটোক বুজনি দি বান্ধি ৰাখিছিলো । এতিয়া ঠিক যেন  ভালপোৱাজনৰ সতে একেটা ঘৰতে থাকিও দেখা কৰিব নোৱাৰাৰ বিড়ম্বনা । কালিলৈ দ্বিতীয় প্ৰহৰত ঘৰ পামগৈ; মাজত সুদীৰ্ঘ চৌব্বিছ ঘন্টা ।

    সন্ধিয়াবেলা বম্বেৰ পৰা যাত্ৰা আৰম্ভ হল । সন্ধ্যা বাগৰি ৰাতি ঘন হৈ আহিল । ট্ৰেইনখন উৰ্ধ্বশ্বাসে গতি কৰিলে । মাত্ৰ কিছু ঘন্টাৰ ভিতৰতে ভাৰতৰ পশ্চিমৰ পৰা পূৱত উপস্থিত হব লাগিব তাৰবাবেই এই প্ৰচণ্ড গতি । বেহাৰ এখন ক্ষুদ্ৰ চহৰ । অত্যন্ত ধূলিময় । সংকীৰ্ণ গলিসংকুল মোৰ চিৰজীৱনৰ দীন চহৰখন । মাতৃভূমি নহয়, কিন্তু আজন্ম জীৱনটো ইয়াতে কটাইছো । চহৰখনৰ প্ৰতি এক অদৃশ্য মোহে অজগৰ সাপৰ দৰে মেৰিয়াই আছে । তাৰপাছত আমাৰ ঘৰখন । ৰাস্তাৰ ঠিক কাষতে বগা চূণ দিয়া প্ৰকাণ্ড ঘৰটো, কেঁকুৰিটো ঘূৰিলেই দেখা পোৱা যায় ।  কাষতে গোলাপ ফুলৰ বাগানখন । দেউতাৰ গোলাপৰ ভীষণ চখ ।

   

ৰাতিটো গভীৰ হৈ আহিছে । ট্ৰেইনখনে অন্ধকাৰ ভেদি এক নিষ্ঠুৰ আনন্দত কিৰিলি পাৰি আগবাঢ়িছে । টোপনি অহা নাই । জীৱনৰ এই তিনিটা বছৰ টোপনিতে কাটি গ নেকি ? আজি জীৱনটো অতি অদূৰ অতি অপ্ৰাকৃত যেন বোধ হৈছে । উঠি বহি চুৰট এটা জ্বলাই ললো । প্ৰখৰ পোহৰৰ বিজুলীচাকিটোৰ ওপৰত কাপোৰৰ আৱৰণ এখন টানি দিলো । ষ্টেনত দেউতা নিশ্চয় গাড়ী লৈ ৰৈ থাকিব । আৰু কোন থাকিব ? সুবোধো নিশ্চয় আহিব, সি নেৰিব । দেউতা ছাগে ইমানদিনে অলপ বুঢ়া হৈ পৰিছে । দাড়িবোৰ বোধকৰো সব পকিছে । বিলাতলৈ যোৱাৰ আগেয়ে দেখিছিলো তেওঁৰ দুই-এডাল দাড়ি পকিবলৈ আৰম্ভ কৰিছিল । আৰু মা…! মোৰ মা ! তেওঁ অলপো সলনি হোৱা নাই- ঠিক আগৰ দৰেই আছে ।  মই যোৱাৰ সময়ত তেওঁ কন্দা নাছিল- অমঙ্গলৰ চিন । কিন্তু এতিয়া ! এতিয়া তেওঁ ৰব নোৱাৰিব- কান্দি পেলাব । আৰুআৰু তেওঁযাক বাৰ বছৰতে এৰি থৈ গৈছিলো । তেওঁ এতিয়া পোন্ধৰ বছৰীয়া হচিঠিৰ মাজত নো কিমান পোৱা যায়  । যাক বুকুৰ মাজত সাৱটিও মনে তৃপ্তি নাপায়-তেওঁৰ চিঠি । দূৰৰ পৰা ছটিয়াই দিয়া এমুঠি শুকান ফুল পাপৰি শেষৰখন চিঠিত তেওঁ লিখিছিল- তেওঁ কিন্তু আগেয়ে কথা নাপাতেদেখা যাওকচোন কি হয় মোৰ টেলিগ্ৰাম ইমান সময়ে চাগে ঘৰ পাইছেগৈ । ঘৰত ছাগে এতিয়া আনন্দৰ কোলাহল । সুবোধে আনন্দত নাছি উঠিছে, মায়ে বাৰে বাৰে চাদৰৰ আঁচলেৰে চকুহাল মোহাৰিছে । দেউতাই বাহিৰৰ কোঠাত এখন কিতাপ সন্মুখত লৈ বহি আছে । আৰু তেওঁআজি ৰাতি ছাগে ঘৰত কাৰোৰে টোপনি নাহিব ।

    টোপনি পৰা সাৰ পাই দেখিলো আকাশত ঢলফাট মেলিছে, যদিও বেলি তেতিয়াও ওলোৱা নাই ।  কিছুসময়ৰ পাছত ট্ৰেইন খন আহি এটা ডাঙৰ ষ্টেছনত ৰল । তাতে চাহ খালো আৰু খবৰ কাকত এখন কিনি ললো । প্ৰায় ছয় ঘন্টা সময় যে শুই থাকোতে পাৰ হৈ গল এই কথা ভাবি বৰ স্ফূৰ্টি লাগিল । সাৰ পাই যদি দেখিলোহেতেন মই গৈ ঘৰ পাইছো !

    খবৰ কাগজ খনত বিশেষ একো আছিল । কলকাতাৰ মৰাপাটৰ গুদাম জুই লাগিছে, এগৰাকী মহিলাই পানী জাপ দি আত্মহত্যা কৰিছে, বেহাৰ আৰু তাৰ কাষৰীয়া অঞ্চলসমূহত প্লেগ মহামাৰীয়ে দেখা দিছে- পঢ়ি ভাল নালাগিল; কাকতখন সামৰি থৈ দিলো ।  মোৰ মনটো আকৌ এবাৰ মোৰ ঘৰ মোৰ চিৰপৰিচিত চৌপাশত ঘূৰিবলৈ ধৰিলে ।

দুপৰীয়া একমান বজাত ট্ৰেইনখন গৈ মোৰ পৰিচিত ষ্টেছনত গৈ ৰল । ট্ৰেইনৰ পৰা মূৰ উলিয়াই চিনাকী কাৰোবাক দেখো নেকি চালো, পিছে কাকো দেখা নাপালো । লৰালৰিকৈ নামি পৰিলো, ট্ৰেইনখন গুচি গল ।

মোক নিবলৈ কোনো কিয় নাহিল ? ‘তাঁৰগৈ পোৱা নাই নেকি ? খুব সম্ভৱ সেইটোৱেই । যি কি নহওক বেয়া নহয় পিছে । হঠাৎ ঘৰত উপস্থিত হৈ সকলোকে হতবাক কৰি দিম । Surprise…!

কুলীয়ে সুধিলে, ‘চাহেব, কাহা জানা হ্যা?’

মই দেউতাৰ নামটো কৈ সুধিলো, ‘গাড়ী মিলেগা?’

তেওঁ কলে, ‘নহী হুজুৰ, গাড়ী টমটম কুছ নহী ।

মই ষ্টেছন মাষ্টাৰৰ ওচৰলৈ গলো । বয়-বস্তুবোৰ তেওঁৰ জিম্মাত থৈ খোজকাঢ়িয়ে ওলাই আহিলো । ষ্টেছন মাষ্টাৰজন হিন্দুস্থানী-তেওঁ কলে মজুৰী একেবাৰে কম সেইবাবে ষ্টেছনত গাড়ী ঘোঁৰা একোৰে ব্যৱস্থা নাই ।

ৰাস্তাত কোনো এজন লোক নাই । এইয়া কি ? ঘৰ দুৱাৰ সকলো বন্ধ । দ্ৰুতিগতিত খোজকাঢ়ি বজাৰৰ মাজ পালোহি । সমস্ত দোকান বন্ধ, তলা লগোৱা । মানুহবিহীন চহৰৰ দৰে ভয়াবহ দৃশ্য বোধকৰো আন একো নাই । বুকুৰ ভিতৰেৰে যেন কোনোবাই হিম শীতল হাত এখন বোলাই দিলে । নি:শ্বাসবোৰ ডিঙিৰ ওচৰত এটুকুৰা শিল হৈ বহিল । এটা ধূলিৰ ঘূৰ্ণি হঠাতে ৰাস্তাৰ মাজত উঠি মোৰ দিশে লাহে লাহে অগ্ৰসৰ হব ধৰিলে । থমকি থিয় দি ৰলো । ভাৱ হল ঘূৰ্ণি নহয় যেন এই মৃত চহৰখনৰ প্ৰেতাত্মাহে । ঘূৰ্ণিটো যেতিয়া মোৰ ওপৰেৰে পাৰ হৈ গৈছিল সেই সময়তে অদূৰত এটা শব্দ শুনা পালো । দেহৰ বাহিৰে ভিতৰে মুহূৰ্ততে যেন কিবা এটাই বিন্ধি পেলালে ।  এক অমানুষিক আৰ্তনাদ নে বিকট হাঁহি চকু মোহাৰি দেখা পালো দহ বাৰটামান কুকুৰে কৃষ্ণবৰ্ণ কিবা এটা বেৰি বহি আছে । ওচৰলৈ গৈ দেখা পালো কৃষ্ণবৰ্ণ বস্তুটো এটা পাঁচ ছয় বছৰীয়া শিশুৰ শৱ । তাকে আগুৰি কুকুৰকেইটাই কাজিয়া কৰিছে । যি অৱস্থাত মানুহৰ মনত আশংকাৰ উদয় হয় মই তেতিয়া সেই অৱস্থাতো নাছিলো ।  মাথো ঘৰ পাবলৈ এটা উৰ্ধ্বশ্বাস ত্বৰিৎ, জ্ঞানহীন চেষ্টা কৰিছিলো । দৌৰিবলৈ আৰম্ভ কৰিছিলো, জীৱনত কোনোদিন এনেদৰে দৌৰা নাইশীতৰ দ্বিতীয় প্ৰহৰ, কিন্তু সৰ্বাংগ ঘামত তিতিছে । ঘামত চকু জাপ খাই পৰিছেকিন্তু তেতিয়া সেইবোৰ একোৰে জ্ঞান নাছিল

ঘৰৰ সমুখত আহি থিয় হলোহি । দুৱাৰ খোলা। এনেভাৱে খোলা যেন বহুদিন ধৰি বন্ধ কৰা হোৱা নাই । বাগানৰ ফালে চকু গফুলবোৰ কলৈ গ, গোলাপ ফুলবোৰ? বুকুৰ ভিতৰখনে হাহাকাৰ কৰি উঠিল, ফুলবোৰ ক?

যিটো ঘূৰ্ণি ৰাস্তাত দেখিছিলো, সেই ঘূৰ্ণি তেতিয়া ৰাস্তাৰ পৰা আহি মোৰ গাৰ ওপৰে দি মিলাই থৈ গএক শীতল নি:শ্বাস যেন অস্ফুট কণ্ঠেৰে মোক ঘৰত প্ৰৱেশ কৰা অনুমতি দি থৈ গল ।

ঘৰত সোমায়ে মাতিলো - মা ! সাৰ নাই । আৰু জোৰেৰে মাতিলো - মা ! তাৰপাছত চিৎকাৰ কৰি উঠিলো - দেউতা । মৌন ঘৰটো মোৰ চিঞৰত উপচ খাই উঠিলকিন্তু কোনো উত্তৰ নাহিল ।

প্ৰকাণ্ড ঘৰটোৰ কোঠাবোৰত ইফালৰ পৰা সিফাললৈ ঘুৰিবলৈ ধৰিলো-কোনো নাই, মা-দেউতা কোনো নাই । ঘৰ সজাই থোৱা আছে, বিচনাও পাৰি থোৱা আছে কিন্তু কোনো নাই । দেৱালত চকু পৰিল, ডাঙৰ ডাঙৰ আখৰেৰে এঙাৰেৰে লিখা দেউতাৰ হাতৰ আখৰ, ‘সকলো একেলগে প্লেগত আক্ৰান্ত হৈছে-চাকৰ বাকৰ সকলো পলাইছে, চহৰ শূন্যসুবোধ আৰু বোৱাৰী গল-এওঁ গ, এতিয়া মই বাকী । কিন্তু আৰু বেছি সময় নাই । সুধীৰৰ লগত দেখা নহল । দেৱালৰ ওপৰত আছাৰ খাই পৰিলো ।

শীতৰ সূৰ্য তেতিয়া পশ্চিমত নামিছে, ধলং পলংকৈ আহি বাহিৰৰ দুৱাৰৰ ওচৰত থিয় হলো । সকলো মৃত- ভূত ভৱিষ্যত বৰ্তমাননিসংগ উলঙ্গ, একাকী ।

সন্মুখৰ ৰাস্তাৰপৰা তেতিয়া ৰদ আঁতৰিছিল । দূৰত চকু পৰিল পথৰ ওপৰত এডাল ৰেখাৰেখাডাল মোৰ ফালে অগ্ৰসৰ হৈছেএটা প্ৰকাণ্ড শীৰ্ণ সাপৰ দৰে । কাষ চাপি আহিছেসন্মুখেৰে পাৰ হৈ গৈছেসাপ নহয়, এটাৰ পাছত এটা, তাৰপাছত আৰু এটা, শাৰী শাৰীএদল এন্দুৰ

Post a Comment

0 Comments