এটা গোচৰ
মূল : ৰাস্কিন বণ্ড
অনুবাদ : ননী চহৰীয়া বৰা
দুবছৰ আগতে মই যেতিয়া শ্বাহপুৰত আছিলো, তেতিয়াই ইন্সপেক্টৰ কিমত লালক লগ পাইছিলোঁ৷ শ্বাহপুৰ উত্তৰ ভাৰতৰ
এখন ধূলিময় গৰম চহৰ৷
সেই সময়ত তেওঁ স্থানীয় আৰক্ষী চকীৰ দায়িত্বত আছিল৷
তেওঁ বৰ শকত আৰু লেহেমীয়া আছিল৷ কথাবোৰ বেছিকৈ গুণাগথা কৰিছিল৷ সেইবাবেও তেওঁ লেহেমীয়া
হৈছিল৷ কিন্তু কিছুমান লেহেমীয়া মানুহৰ দৰে তেওঁ বুধিয়ক আছিল৷ চাকৰিৰ ক্ষেত্ৰত তেওঁ
আছিল অসফল৷ একেটা পদতে কেইবাবছৰো আছিল আৰু পদোন্নতি ৰ আশা প্ৰায় এৰি পেলাইছিল৷ তেওঁৰ
মতে-ভাগ্য তেওঁৰ বিপৰীতে আছিল৷ তেওঁ কৈছিল তেওঁৰ জন্ম বৃশ্চিক ৰাশিত৷ সেয়ে আৰক্ষীৰ
চাকৰি কৰিবই নালাগিছিল৷ আচলতে তেওঁ ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰিব লাগিছিল৷ কিন্তু সেইটো
বিষয় তেতিয়ালৈ যথেষ্ট পলম হৈ গৈছিল৷
কিছুমান বিষয়ত তেওঁৰ লগত মোৰ মিল আছিল৷ তেওঁৰ বয়স
চল্লিশৰ ওচৰা ওচৰি আৰু মোৰ বয়স পঁচিশ - কিন্তু আমি দুয়ো জনে ইংৰাজীতে কথা-বতৰা পাতিছিলো৷
শ্বাহপুৰত খুব কম মানুহে হে ইংৰাজীত কথা কৈছিল৷ দুয়ো বিয়েৰ খাই ভাল পাইছিলোঁ৷ মনোৰঞ্জনৰ
অন্য ঠাই শ্বাহপুৰত নাছিল৷ তীব্ৰ গৰম, পূৱ দিশৰ পৰা বতাহৰ লগত উৰি অহা ধূলি, অজস্ৰ মহ আৰু একঘেয়ামী জীৱনশৈলীৰ বাবে নেমুপানীতকৈ অলপ কাঢ়া পানীয়ৰ প্ৰয়োজন হৈছিল
মোৰ ঘৰটো চহৰৰ উপকণ্ঠত হোৱা বাবে বিশেষ হাই-উৰুমি
নাছিল৷ সূৰ্য অস্ত যোৱাৰ পিছত কৃত্ৰিমভাৱে শীতল কৰা ওখ চিলিঙৰ শোৱনী কোঠাৰ পৰা যেতিয়া
কোনোমতে বাহিৰলৈ ওলাব পাৰো, তেতিয়াই কেতিয়াবা কিমত
লাল আহি বাৰাণ্ডাৰ চিৰিত উঠেহি৷ আহিয়েই ৰুমালেৰে মুখখন মচি লয়৷ পুলিচ ইন্সপেক্টৰ এজনক
শুশ্ৰূষা কৰিবলৈ পোৱাৰ আনন্দত মোৰ লগুৱাজন উৎফুল্ল হৈ উঠে৷ এক বাকচ বৰফ, উৎকৃষ্ট ভাৰতীয় বিয়েৰৰ বটল আৰু গিলাচ কেইটামান লৈ সি লৰা-ঢপৰা
আৰম্ভ কৰি দিয়ে৷
চতুৰ্থ বটলটো শেষ কৰাৰ পিছত এদিন মই তেওক সুধিলোঁ
- “ইন্সপেক্টৰ, চাকৰি কালত আপোনাৰ নিশ্চয় কিছুমান আমোদজনক গোচৰৰ অভিজ্ঞতা আছে৷ ”
“বেছিভাগ গোচৰ আমনিদায়ক, বিশেষকৈ সফল গোচৰসমূহ৷
চাঞ্চল্যকৰ গোচৰসমূহ সাধাৰণতে নিস্পত্তি নোহোৱাকৈ থাকি যায়৷ নহ’লে ইমানদিনে মই আৰক্ষী অধীক্ষক হব পাৰিলোহেতেঁন৷ আপুনি নিশ্চয়
হত্যাৰ গোচৰসমূহৰ কথাই ক’ব বিচাৰিছে৷ ইয়াৰ ভিতৰুৱা
অঞ্চলৰ মন্ত্ৰীক গুলিওৱা ঘটনাটো মনত আছেনে? সেই গোচৰটোৰ তদন্ত মই কৰিছিলোঁ৷ পিছে সেইটো এটা ৰাজনৈতিক হত্যাকাণ্ড আছিল আৰু আমি
কোনোদিনে সেই গোচৰটোৰ সমাধান উলিয়াব নোৱাৰিলোঁ৷ “
“আপুনি তদন্ত কৰি সমাধান কৰা গোচৰ এটাৰ বিষয়ে মোক কওকচোন - এটা আমোদজনক গোচৰ৷”
তেওঁক অলপ অসুবিধা পোৱা যেন দেখি মই আকৌ ক’লোঁ - “আপুনি চিন্তা কৰাৰ কাৰণ
নাই,
ইন্সপেক্টৰ৷ বিয়েৰ খালেও মই ঠিকে আছোঁ৷”
“কিন্তু আপুনি এজন লেখক---সাৱধান হব কেনেকৈ?”
লগে লগে মই প্ৰতিবাদ কৰিলো-----“লেখকসকল সাধাৰণতে বৰ সাৱধান হয়৷ লেখোতে তেওঁলোকে সদায় ব্যক্তিৰ
নাম আৰু ঠাইৰ নাম সলনি কৰে৷ “
তেওঁৰ বিশেষ হাঁহিটো মাৰি মোক সুধিলে - “মোৰ কাহিনী ক’ব লাগিলে, আপুনি মোৰ বৰ্ণনা কেনেকৈ কৰিব? “
“মই আপোনাক আপোনাৰ দৰেই ৰাখিম৷ কোনেও বুজি নাপায়” - মই তেওঁক বুজালো৷
প্ৰশ্ৰয়ৰ হাঁহি এটা মাৰি গিলাচত তেওঁ আৰু অলপ বিয়েৰ
ঢালি ললে৷
“ধৰি লওক, ময়ো নাম সলনি কৰি কম - আপোনাক এটা বৰ
আমোদজনক গোচৰৰ কথা কম৷ হত্যাৰ বলি হোৱাজন কোনো সাধাৰণ লোক নাছিল৷ ঠিক তেনেকৈ হত্যাকাৰীজনো
নাছিল সাধাৰণ লোক৷ কিন্তু এই কাহিনীটো ক’তো নিলিখে বুলি
আপুনি মোক কথা দিব লাগিব৷ “
“কথা দিলো“---মই মিছাকৈয়ে ক’লোঁ৷
“পানাউলিৰ বিষয়ে আপুনি জানেনে? “- ইন্সপেক্টৰে মোক সুধিলে৷
“সেই পাহাৰত যে? জানো - এবাৰ নে দুবাৰ
মই তালৈ গৈছিলোঁ৷ ”
“বঢ়িয়া, তেনেহলে মই বহুত বেছি বৰ্ণনা নিদিলেও
আপুনি বুজি পাব৷ পানাউলিত নিযুক্তি হোৱাৰ কিছুদিন পিছত অৰ্থাৎ তিনি বছৰ আগতে এই ঘটনাতো
ঘটিছিল৷ চুৰি, মাৰামাৰি আৰু ঠগ-প্ৰৱঞ্চনাৰ দুই এটা ঘটনাৰ
বাহিৰে ইয়াত তেনেকুৱা বিশেষ কোনো ঘটনাই নঘটে৷ হত্যাকাণ্ডৰ দৰে ঘটনা ক’ৰবাত দহবছৰত এটা মানহে ঘটে৷ সেয়ে এইটো এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ যেতিয়া ৰাণীক
কুঠাৰেৰে মূৰফলা অৱস্থাত পোৱা গৈছিল৷ মই বুজি পাইছিলোঁ, পানাউলিত থাকিব বিচাৰিলে এই গোচৰটো নিস্পত্তি কৰিবই লাগিব৷
সমস্যাতো আছিল যে ৰাণীৰ মৃত্যুত কিছুমানে মুকলিকৈ
সন্তুষ্টিও প্ৰকাশ কৰিছিল৷ তাৰে যিকোনো এজনে ৰাণীক হত্যা কৰিব পাৰে৷ মানুহে তেওঁক ভাল
নাপাইছিল৷ গিৰিয়েকৰ বহু আগতে মৃত্যু হৈছিল৷ ল’ৰা-ছোৱালী যেনি-তেনি
গুছি গৈছিল আৰু যিহেতু তেওঁ সম্পদশালী নাছিল, তেওঁৰ টকা-পইচা বিশেষ নাছিল৷ চহৰৰ উপকণ্ঠ অঞ্চলৰ পুৰণি ঘৰ এটাত তেওঁ অকলশৰে থাকিছিল৷
বংশ-পৰিয়ালৰ প্ৰধান নাৰীৰ কৰ্তৃত্বৰে অঞ্চলটোত শাসন চলাইছিল৷ তেওঁৰ এজন লগুৱা আছিল৷
সিয়েই প্ৰথমে ৰাণীৰ মৃতদেহটো দেখা পাইছিল আৰু পুলিচক খবৰ দিছিল৷ ভয়ত সি কঁপিছিল আৰু
কথা ক’ব পৰা নাছিল৷ মই অৱশ্যে তাক লগে লগে গ্ৰেপ্তাৰ কৰিছিলোঁ, যদিও জানিছিলোঁ সি নিৰ্দোষী৷ কিন্তু প্ৰাথমিক আইন অনুসৰি প্ৰথমে
দেখা জনক গবা মাৰি ধৰিব লাগে, বিশেষকৈ যদি সেইজন লগুৱা
হয়৷ কেইটামান কোব মৰাৰ পিছত তাক আমি যাবলৈ দিছিলোঁ৷ ঘটনাৰ সময়ত সি তাত নাছিল আৰু
আমাক বিশেষ একো জনাবও পৰা নাছিল৷
যিখন কুঠাৰেৰে ৰাণীক হত্যা কৰিছিল সেইখন সাধাৰণতে
খৰিকটীয়াই ব্যৱহাৰ কৰা এখন সৰু কুঠাৰ আছিল৷ আঘাতৰ চিনতে সেয়া স্পষ্ট হৈছিল৷ কিন্তু
অস্ত্ৰপাত আমি বিচাৰি পোৱা নাছিলো৷ ৰাণীৰ প্ৰতি বিদ্বেষ থকা কোনোবা পুৰুষ বা মহিলাই
সেইখন ব্যৱহাৰ কৰিছিল৷ নাৰী সৰবৰাহ কৰি ৰাণীয়ে তেওঁৰ উপাৰ্জন বৃদ্ধি কৰিছিল আৰু নাৰী
সৰবৰাহকাৰীৰ সৈতে তেওঁৰ যোগাযোগ আছিল বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল৷ ৰাণীৰ অজস্ৰ সম্পদ
গুদামঘৰত লুকাই থোৱা আছে বুলিও উৰাবাতৰি ওলাইছিল৷ বেডমিণ্টনৰ ককৰ দৰে বতাহত ইমান গুজৱ
উৰি ফুৰিছিল যে সেইবোৰৰ উহ বিচাৰি সময় নষ্ট নকৰিবলৈ মই সিদ্ধান্ত ল’লোঁ৷ তাৰ পৰিৱৰ্তে ৰাণীৰ ঘনিষ্ঠ লোকসকলৰ বিষয়ে অনুসন্ধানত নামিলোঁ৷
বক্তিগত বা ব্যৱসায়িক ভাৱে নিকট সম্পৰ্কৰ লোকসকলৰ৷
বোম্বাইৰ পৰা অহা ধনী ব্যৱসায়ী মি: কাপুৰৰ পৰাই আৰম্ভ
কৰিলো৷ পানাউলিত তেওঁৰ এটা ঘৰ আছে৷ মি: কাপুৰক ৰাণীৰ এজন পুৰণি প্ৰশংসক বুলি গণ্য কৰা
হয়৷ অনুসন্ধান কৰি জানিব পাৰিলোঁ যে তেওঁ ৰাণীক মাজে -সময়ে টকা ধাৰলৈ দিয়ে আৰু ৰাণীৰ
লগত প্ৰকাশ্য বন্ধুত্ব সত্ত্বেও অনেক বেছি সূদ আদায় কৰে৷
তাৰপিছত তেওঁৰ একেবাৰে ওচৰচুবুৰীয়া এজন আমেৰিকান
মিশ্যনেৰী আৰু তেওঁৰ পত্নী৷ তেওঁলোকে ৰাণীক খৃষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিবলৈ চেষ্টা
কৰি আছিল৷ আন এগৰাকী চুবুৰীয়া আছিল - ঘৰতে বুঢ়ী হোৱা এগৰাকী ইংৰাজ মহিলা৷ তেওঁ খোলা-খুলিকৈয়ে
ৰাণীক ঘিণ কৰাৰ কথা প্ৰকাশ কৰিছিল৷ এজন স্থানীয় কাউন্সিলৰ আৰু তেওঁৰ পত্নী চুবুৰীয়া
হিচাবে আছিল যদিও, অভিজাত ৰাণীৰ লগত তেওঁলোকৰ
কোনো সম্পৰ্ক নাছিল৷ আৰু এজন আছিল দৰ্জী, তেওঁৰ দোকান বন্ধ আছিল৷ এই মানুহবোৰৰ ৰাণীক হত্যা কৰাৰ কোনো শক্তিশালী অভিপ্ৰায়
থাকিব নোৱাৰে অথবা মই নিজেই বিচাৰি উলিয়াব পৰা নাই৷ কিন্তু দৰ্জীৰ জীয়েক জনীৰ প্ৰতি
মোৰ অলপ কৌতূহল বাঢ়িছিল৷
তাইৰ নাম আছিল কুসুম৷ সুন্দৰ ক’লা চকুযুৰিৰে, খীণ অবয়বৰ, শান্ত হাঁহিমুখীয়া এজনী বাৰ-তেৰ বছৰীয়া
ছোৱালী৷ নিয়মীয়া অনুসন্ধানত যেতিয়া মই ৰাণীৰ ঘৰৰ ওচৰে-পাজৰে যাওঁ, তাই মোৰ পৰা সদায় আঁতৰি থাকিব বিচাৰে৷ ৰাণীৰ বিষয়ে আৰু হত্যাকাণ্ডৰ
দিনা তাই ক’ত আছিল আৰু কি কৰিছিল বুলি সুধিলে, মুৰ্খৰ ভাও ধৰে৷
কিন্তু মই মন কৰিছলো, তাই মুৰ্খ নহয় আৰু একপ্ৰকাৰ নিশ্চিত হৈছিলো যে ৰাণী সম্পৰ্কে
আনে নজনা কিছু কথা তাই জানে৷ হয়তো হত্যাকাণ্ডটোৰ বিষয়েও কিবা কথা তাই জানিব পাৰে৷ কাৰোবাক
সুৰক্ষা দিয়াৰ খাতিৰত হয়তো তাই জনা কথা মোক ক’বলৈ ভয় কৰিছে৷
ৰাণীৰ হত্যাকাণ্ডটোৰ ভয়াবহতাৰ কথাবোৰ ওলালেই তাইৰ চকুযুৰি ভয়াৰ্ত হৈ উঠে৷ মোৰ ভাব হ’ল ছোৱালীজনীৰ জীৱন হয়তো বিপদাপন্ন হৈছে৷ সেয়ে তাইৰ ওপৰত নজৰ
ৰাখিলোঁ৷ তাইক মোৰ মৰম লাগিছিল৷ তাইৰ সৰলতা, সজীৱতা আৰু আশ্চৰ্য সুন্দৰ চকুযুৰি মোৰ ভাল লাগিছিল৷ যেতিয়াই পাৰো মৰমেৰে আৰু পিতৃ
সুলভতাৰে তাইৰ লগত কথা পাতিছিলোঁ আৰু বুজি পাইছিলো, ধেমেলীয়া মানুহ হিচাবে তায়ো মোক ভাল পায়৷ ভাব হয়, তাই মোক কিবা ক’ব বিচাৰে কিন্তু
শেষত সদায় লুটি-বাগৰ মাৰে৷
এদিন ৰাণীৰ ঘৰৰ ভিতৰত সোমাই বস্তুবোৰ তন্ন তন্ন কৈ
পৰীক্ষা কৰিছিলোঁ৷ দেখিছিলো, দুৱাৰৰ ওচৰৰ সৰু ফাক
এটাত কিবা এটা জিলিকি আছে৷ খিৰিকীৰে সূৰুযৰ পোহৰ পৰি বস্তুটো উজলি নুঠিলে, সৰু বস্তুটো মোৰ চকুত নপৰিলহেতেন৷ অলপমান হাউলি আয়নাৰ সৰু টুকুৰা
এটা মই হাতত ললোঁ৷ ভঙা খাৰুৰ টুকুৰা আছিল সেইটো৷ হাতত টুকুৰাটো লৈ ঘূৰাই পকাই চালো৷
ৰং আৰু ডিজাইন চিনাকি যেন লাগিল৷ কুসুমে এনেধৰণৰ খাৰু পিন্ধা নাছিলনে! ছোৱালীজনী বিচাৰি
মই বাহিৰলৈ ওলাই আহিলো কিন্তু দেউতাকৰ দোকানত তাই নাছিল৷ পাহাৰতলীলৈ খৰি বিচাৰি যোৱা
বুলি মোক জনালে৷
মই ঠেক ৰাস্তাটোৰে পাহাৰতলীলৈ যোৱাৰ সিদ্ধান্ত ল’লো৷ শিল আৰু কেকটাছৰ কাষেৰে গৈ ওক গছৰ হাবিত অদৃশ্য হৈ পৰিলো৷
হাবিৰ দাতিত, কাষত এবোজা খৰি লৈ কুসুম বহি আছে৷
“তুমি সদায় অকলে অকলে ঘূৰি ফুৰা, ভয় নালাগেনে? ” - মই তাইক সুধিলো৷
“অকলে থাকিলেহে মই নিৰাপদ৷ ইয়ালৈ কোনো নাহে৷” - তাই উত্তৰত ক’লে৷
মই তৎক্ষণাত তাই হাতত পিন্ধি থকা খাৰু কেইপাতলৈ চালোঁ৷
দেখিলোঁ, ভঙা টুকুৰাটোৰ লগত ৰং
মিলি গৈছে৷ সৰু টুকুৰাটো দেখুৱাই মই তাইক ক’লো- “এইটো ৰাণীৰ ঘৰত মই পাইছো৷ নিশ্চয় পৰি গৈছিল৷ মোৰ কথাখিনি শেষ
নৌহওঁতেই ভয়াৰ্ত চাৱনিৰে মোলৈ চাই ঘাঁহনিৰ পৰা জঁপিয়াই জঁপিয়াই তাই হাবিৰ ভিতৰলৈ সোমাই
গ’ল৷
মই একেবাৰে অবাক হৈ পৰিলো৷ এনে প্ৰতিক্ৰিয়া মই আশা
কৰা নাছিলো৷ ভঙা খাৰুৰ টুকুৰাটোৱে কি সূচায়? পাইনগছৰ সৰু জোপোহাৰে আবৃত এঢলীয়া খিনিৰে ছোৱালীজনীৰ পিছে পিছে দৌৰিবলৈ ধৰিলো৷
তাইক বিচাৰি থাকোঁতে মোৰ পিচফালে কাৰোবাৰ উচুপনি শুনিলোঁ৷ ঘূৰি চাই দেখিলো ডাঙৰ শিল
এটাৰ ওপৰত উঠি, হাতত কুঠাৰ এখন লৈ মোৰফালে মুখ কৰি ছোৱালীজনী
থিয় হৈ আছে৷
তাইৰ পিনে চাই থকা দেখি কুসুমে হাতৰ কুঠাৰখন দাঙি
মোক খেদি আহিল৷ তাইক তেনেকৈ খেদি অহা দেখি হতভম্ব হৈ তাইলৈ চাই মই থিয় হৈ ৰ’লো৷ দুৰন্ত শক্তিৰে মোৰ ফালে খেদি অহা কুঠাৰখন লাগিলে মোৰ টান
লাওখোলাটো ভাঙি যাব পাৰে৷ কিন্তু তেতিয়াও মোৰপৰা ছয়ফুট আতৰত থকা কুসুমৰ হাতৰ কুঠাৰখন
জীৱন্ত বস্তুৰ দৰে মোৰফালে উৰি আহিল৷ গধুৰ শৰীৰটো লৰাই ততালিকে মই কাষলৈ গুছি আহিলোঁ৷
মোৰ বাহুটোত সামান্য স্পৰ্শ কৰি পিচফালৰ গছ এজোপাত কুঠাৰখন লাগি ৰ’ল৷ আগুৱাই আহি তাই মোৰ ভৰি দুখনত সাৱটি ধৰি জোৰে জোৰে কান্দিবলৈ
ধৰিলে৷ “
ইন্সপেক্টৰ কিমতলাল অলপ ৰ’ল৷ বিয়েৰ অলপ ঢালি গিলাচটো পূৰ্ণ কৰিলে৷
“তাৰ পিছত কি হ’ল” - উৎসুকতাৰে মই প্ৰশ্ন কৰিলো৷
“এনে কথা কিজানি ভাৰতবৰ্ষত হে সম্ভৱ হব পাৰে আৰু মোৰ দৰে মানুহৰ লগত৷ এনেদৰে হঠাৎ
জাগি উঠা অনুকঁম্পাই আপোনাক ধ্বংস কৰি পেলাব পাৰে৷ মই হিংস্ৰ আৰু ভয়ানক হৈ উঠাৰ পৰিৱৰ্তে-----ছোৱালীজনী
আটক কৰি থানালৈ লৈ অনাৰ পৰিৱৰ্তে, তাইৰ চুলিত হাত বুলাই
ধেমেলীয়া কথা কৈ তাইক সান্তনা দিবলৈ আৰম্ভ কৰিলো৷
“তাই আপোনাক ক’লে নেকি যে ৰাণীক তাইয়ে
হত্যা কৰিছিল” মই তেওঁক সুধিলোঁ৷
“ তাই মোক কৈছিল কেনেকৈ ৰাণীয়ে তাইক তেওঁৰ ঘৰৰ ভিতৰলৈ মাতি নিছিল আৰু চাহ-মিঠাই খাবলৈ
দিছিল৷ মি: কাপুৰো তাত আছিল৷ কিছু সময় পিছত তেওঁ তাইৰ আঁঠু আৰু বাহুত হাত বুলাবলৈ আৰম্ভ
কৰিছিল৷ তাই আঁতৰি যাব বিচাৰিছিল যদিও কাপুৰে এৰি দিয়া নাছিল৷ ৰাণীয়ে কুসুমক ভয় নকৰিবলৈ
কৈছিল আৰু কৈছিল - তাইৰ একো অপকাৰ নহয়৷ মানুহজনৰ বান্ধোনৰ পৰা ওলাই তাই দুৱাৰৰ ফালে
দৌৰোঁতেই ৰাণীয়ে দেখা পাইছিল আৰু থাপ মাৰি ধৰি তাইক কোঠালীৰ ভিতৰলৈ ঠেলি সুমুৱাই দিছিল৷
ৰাণীৰ খং উঠিছিল৷ কোঠালীটোৰ কোণত কুসুমে কুঠাৰখন দেখিছিল৷ সেইখন দাঙি মূৰৰ ওপৰলৈ উঠাই
কাপুৰক ভয় খুৱাইছিল৷ নিজৰ আতিশয্যৰ বিষয়ে বুজিব পাৰি নিজৰ ডিঙি বচাবলৈ মানুহজন অলপ
পিছুৱাই গৈছিল৷ কিন্তু ৰাণীয়ে প্ৰচণ্ড খঙত তাইৰ ওপৰত জঁপিয়াই পৰিছিল আৰু ভয় আৰু উন্মত্ততাৰে
কুসুমে ৰাণীৰ মূৰত কুঠাৰেৰে ঘপিয়াইছিল৷
ৰাণী মাটিত পৰি গৈছিল আৰু কাপুৰে কি কৰিছে নোচোৱাকৈ
কুসুম ঘৰটোৰ পৰা পলাই আহিছিল৷ দুৱাৰত খুন্দা খোৱাৰ সময়তে নিশ্চয় খাৰুপাত ভাঙিছিল৷ তাই
হাবিলৈ দৌৰি পলাই গৈছিল আৰু কুঠাৰখন ঘাহনিৰ মাজত লুকুৱাই থৈ ঘাহনিৰ ওপৰত বাগৰি কান্দি
আছিল৷ লাহে লাহে আন্ধাৰ নামি আহিছিল আৰু বহুখিনি প্ৰকৃতিষ্ঠ হৈ তাই ঘৰলৈ ঘূৰি গৈছিল৷
পিচৰ দিনবোৰত বিষয়টোৰ ওপৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিবলৈ সক্ষম হৈছিল৷
“ আপুনি এই বিষয়ত কি পদক্ষেপ ললে?” মই সুধিলোঁ৷
“একো নকৰিলো - সঁচাকৈ মই একোকে নকৰিলো৷ ছোৱালীজনীক মই কাৰাগাৰলৈ প্ৰেৰণ কৰিব নোৱাৰিলো৷
সেইটো কৰা হলে, জীৱনৰ বাবে থকা তাইৰ প্ৰেৰণা শেষ হৈ গ’লহেতেঁন৷ মোৰ চকুলৈ পোনে পোনে চাই তেওঁ ক’লে৷
“কাপুৰৰ কি হ’ল?”
“আপুনি নিশ্চয় বুজি পাইছে নিজৰ সুৰক্ষাৰ স্বাৰ্থতে তেওঁ মনে মনে থাকিল৷ গোচৰটো বাতিল
হ’ল৷ বোধহয় এনেকৈ কোৱাহে ভাল হ’ব যে ফাইলটো মোৰ নিস্পত্তি নোহোৱা অন্যান্য গোচৰসমূহৰ ট্ৰেখনত থৈ দিলো৷ ইন্সপেক্টৰে
কৈ গ’ল৷
“ তাৰ ফলাফল আপোনাৰ বাবে নিশ্চয় ভাল হোৱা নাছিল?”
“নাছিল৷ সেয়ে এতিয়া মই শ্বাহপুৰত আছো আৰু তাকো এজন ইন্সপেক্টৰ হিচাপেই৷ কিন্তু কওকচোন, মোৰ ঠাইত আপুনি হোৱা হলে কি কৰিলেহেতেঁন? “ - কিমতলালে মোক প্ৰশ্ন কৰিলে৷
কিছুসময় তেওঁৰ প্ৰশ্নটো মনতে জুকিয়াই চালোঁ৷ তাৰপিছত
ক’লো - “মই ভাবো, সেইটো নিৰ্ভৰ কৰিব ছোৱালীজনীয়ে মোৰ মনত কিমান সহানুভূতি উদ্ৰেক
কৰিব পাৰে তাৰ ওপৰত৷ তাই সৰলতাৰে হত্যা কৰিছিল৷ সেয়ে আইনক তুলি ধৰিবলৈ কৰ্তব্যৰো উৰ্ধত
ব্যক্তিগত অনুভৱ প্ৰয়োগ কৰিম৷ “
“ হয়,
কিন্তু মই এজন ভাল পুলিচ বিষয়া হব নোৱাৰিম।”
“একেবাৰে সচা কথা৷ “
এতিয়াও কাপুৰে মুকলি আকাশৰ তলত ঘূৰিব পৰাটো দুখৰ
বিষয় “-
মই ক’লো৷
“ছোৱালীজনীক মুক্ত কৰি দিবলৈ হ’লে অন্য উপায়
আৰু নাছিল৷ পিছে সিয়ো সম্পূৰ্ণ ৰূপে ৰেহাই নাপালে৷ উৎপাদন ব্যৱসায়ত কৰা ঠগ প্ৰৱঞ্চনা
ৰ বাবে কাপুৰো জেলত থাকিব লগীয়া হল৷ ’’
“আৰু সেই ছোৱালীজনী? তাইক আকৌ কেতিয়াবা দেখিছিলনে?”
“হয়,
পানাউলিৰ পৰা বদলি হোৱাৰ আগতে কেতিয়াবা ৰাস্তাত লগ পাইছিলো৷
সহজভাৱে স্কুললৈ গৈছিল আৰু “খূড়া” সম্বোধনেৰে মোক নমস্কাৰ জনাইছিল৷
বিয়েৰৰ বটল শেষ হৈছিল৷ কিমতলাল যাবলৈ থিয় হৈ মোক
কৈছিল - “মই কেতিয়াও এজন পুলিচ বিষয়া হ’ব নালাগিছিল৷”
গল্পকাৰৰ পৰিচয়ঃ বৃটিছ মূলৰ ভাৰতীয় লেখক
ৰাস্কিন বণ্ডৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৯ মে’ত পাঞ্জবৰ কচৌলিত৷
চিমলাৰ বিচপ কটন স্কুলৰ পৰা ১৯৫০ চনত তেওঁ স্নাতক হৈছিল৷ কিতাপ পঢ়ি ভালপোৱা বণ্ডে লিখিবলৈ
আৰম্ভ কৰিছিল আৰু স্কুলৰ প্ৰতিযোগিতা সমূহত আৰউইন ডিভিনিটি পুৰস্কাৰ, হেইলি লিটাৰেচাৰ প্ৰাইজকে ধৰি বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম
হৈছিল৷ ষোল্ল বছৰ বয়সত তেওঁ প্ৰথম গল্প ’আনটাচ্ছেবল’ লিখিছিল৷

১৯৯২ চনত ইংৰাজী উপন্যাস “আৱাৰ ট্ৰি ষ্টিল গ্ৰ
ইন ডেহৰা” ৰ বাবে সাহিত্য অকাডেমি বটাৰে তেওঁক সন্মানিত কৰা হয়৷ ১৯৯৯ চনত
পদ্মশ্ৰী আৰু ২০১৪ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হয়৷
বৃটিছ পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ এজন ভাৰতীয় লেখক৷ জীৱনৰ মাথোঁঁ তিনিটা বছৰ
ভাৰতৰ বাহিৰত কটোৱাৰ বাহিৰে, বাকী কালছোৱা বণ্ডে
ভাৰতত কটাইছে৷ বৰ্তমান তোলনিয়া পৰিয়ালৰ সৈতে লেখকগৰাকী মুচৌৰিত বাস কৰি আছে৷
0 Comments