গল্পঃ মানৱতা / বিণু মেথিউ

মানৱতা


মূল (ইংৰাজী) : বিণু মেথিউ (Vinu Methew)


অনুবাদ : বাপুকণ চৌধুৰী

 

আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰিলোঁ ৷ সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সিৰ প্ৰথমজন আৰোহী মই আছিলোঁ, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহিত ইছলাম ধৰ্মী যুৱক এজন মোৰ যাত্ৰাৰ সংগী হৈছিল৷ ৷ উবেৰৰ পিছৰ চিটত কণমানি ছোৱালী জনী, মাক আৰু মই৷ ৷ বগা টুপী পৰিহিত মুছলিম যুৱকজন উবেৰৰ চালকৰ কাষৰ চিটত বহি তেওঁলোকৰ নিজৰ মাজত কথা পাতি গৈছিল লগতে এফএম ৰেডিঅত বাজিছিল সন্ধিয়াৰ গান৷


:- এই দাদা জনে সন্ধিয়া পৰত কিয় টুপী পিন্ধিছে মা? এতিয়াছোন কতো ৰদ নাই?


সৰু ছোৱালীজনীৰ প্ৰশ্নত কিতাপৰ পৃষ্ঠাত ডুবি থকা মই বাস্তৱ জগতলৈ ঘূৰি আহিলো, মাকে কি উত্তৰ দিয়ে শুনিবলৈ ৷


ৰেডিঅবাজি আছিল আৰু মুছলিম যুৱকজনে উবেৰৰ চালকৰ লগত কথাত মচগুল আছিল, তেতিয়ালৈকে কণমানি ছোৱালীটিৰ প্ৰশ্নই স্পৰ্শ কৰা নাছিল তেওঁলোকক!


:-তুমি জানো মোক দেখা নাই মন্দিৰলৈ গলে যে মই মূৰত উৰণিখন লওঁ অথবা ঘৰলৈ ডাঙৰ মানুহ যেনেকৈ তোমাৰ ককা আইতা আহিলে মই উৰণিৰে মূৰটো ঢাকি তেওঁলোকৰ ভৰি চুই সন্মান জনাও? তেনেকৈয়ে এই দাদাজনে মূৰত টুপী পিন্ধি মূৰটো ঢাকি লৈ সন্মান জনাইছে!


ছোৱালীজনী মাকৰ উত্তৰত সন্তুষ্ট নহল, তাই আকৌ সুধিলে-


:- কিন্তু ইয়াতে কোনো মন্দিৰো নাই, কোনো ডাঙৰ মানুহো নাই তেন্তে দাদা জনে কাক সন্মান দিবৰ বাবে টুপীটো পিন্ধিছে মা?  


হঠাতে উবেৰত চলি থকা ৰেডিঅৰ গানৰ ভলিউম নিম্নতম হল, চালক আৰু মুছলিম যুৱক জনৰ উৎসুকতা মাকৰ পৰবৰ্তী উত্তৰটো শুনিবলৈ! মই কিতাপখন জপাই ললো, সৰু শিশুটিক তাই বুজি পোৱাকৈয়ে উত্তৰ এটা দিবলৈ৷ ৷ মোৰ মনটোৱে মোক কৈছিল মাক গৰাকীয়ে হয়তো এইবাৰ অপ্ৰস্তুত হব, পৃথিৱীখন চিনি পাবলৈ উৎসুক শিশুটিৰ অনুসন্ধিৎসু মনটোৰ খোকোজা দূৰ কৰিবলৈ৷


:- দাদাজনৰ মা দেউতাই সকলোকে সন্মান কৰিবলৈ শিকাইছে আকৌ, সেইকাৰণে দাদা জনে টুপীটো পিন্ধি সকলোকে সন্মান জনায়৷ ৷ যেনেদৰে তোমাক মই শিকাইছো কাৰোবাৰ লগত চিনাকি হলে বা ঘৰলৈ আলহী আহিলে প্ৰথমে হাত দুখন প্ৰণাম কৰি নমস্কাৰ বুলি কবলৈ, নহয় জানো?


গাভৰু মাক গৰাকীৰ শান্ত আৰু বুদ্ধিদীপ্ত উত্তৰৰ বাবে কোনো প্ৰস্তুত নাছিল, আনকি মুছলমান যুৱকজন বা ময়ো ভবা নাছিলো এজনী মাতৃয়ে কোমল শিশুৰ মনত পৃথিৱীৰ সুন্দৰ ৰূপটো ইমান সুন্দৰকৈ দাঙি ধৰিবলৈ পাৰিব বুলি৷


:- দাদাজন তোমাতকৈ ভাল, তুমিতো মাজে মাজে নমস্কাৰ দিবলৈকো পাহৰি যোৱা৷ ৷ তেওঁ কিন্তু সকলো সময়তে সন্মান জনাবলৈ টুপীটো পিন্ধিয়েই থাকে মাক জনীয়ে হাঁহি মাৰি শিশুটিৰ গালখনত টোকৰ এটা দিলে৷


উবেৰৰ প্ৰথম আৰোহী মই আছিলো আৰু গন্তব্য স্থানো ময়েই প্ৰথমে পাইছিলো৷ ৷ নমাৰ সময়ত বাৰে বাৰে মনলৈ আহিল এয়াই ভাৰতীয় নাগৰিক আৰু আমাৰ মানসিকতা ইজনৰ প্ৰতি আনজনৰ৷  


এয়াই এই দেশৰ পিতৃ মাতৃয়ে প্ৰকৃততে নিজৰ সন্তানক শিকোৱা চৰিত্ৰ পাঠ বা পৃথিৱীৰ পৰিচয়৷ ৷ প্ৰতিজন ভাৰতীয় পিতৃ মাতৃৰ ধাৰণাত নিজৰ সন্তানৰ পৃথিৱীখন ৷ তেন্তে ধৰ্ম আৰু জাত পাতৰ বিভাজন কোনে কৰে? মই যাত্ৰা কৰা উবেৰ খনৰ তিনি ধৰ্মৰ তিনিজন আৰোহী আৰু চালকজন নে আন কোনোবাই?


Post a Comment

0 Comments