চীন দেশৰ সাধু - পৰুৱাবোৰ


পৰুৱাবোৰ
অনুবাদ : শৰ্মিষ্ঠা গোস্বামী 




 


পুৰণি কালত চীনদেশৰ কুৱাঙ নান্ নামে ঠাইত হক্বান নামৰ এজন অতি দয়ালু হৃদয়ৰ লোক আছিল তেওঁ কেতিয়াও কোনো জীৱিত প্ৰাণীক হত্যা কৰা নাছিল৷ তেওঁৰ হেজাৰ-বিজাৰ ৰূপৰ টুকুৰাৰে ভৰ্তি এটা পাত্ৰ আছিল সেই পাত্ৰটো তেওঁ এটা কাৰুকাৰ্য্য খচিত এটা সুন্দৰ পেৰাৰ ভিতৰত আটোলটোলকৈ ৰাখিছিল৷ এবাৰ তেওঁৰ জিলাখনত থকা অসংখ্য বগা পৰুৱাই কেনেবাকৈ পেৰাটোক আক্ৰমণ কৰি ৰূপৰ টুকুৰাবোৰৰ কিছু অংশ খাই পেলাইছিল৷ যেতিয়া তেওঁৰ পৰিয়ালৰ লোকে এই কথাটো ধৰা পেলালে, তেওঁলোকে আকৌ কৰিলে কি, পৰুৱাবোৰৰ পিছ লৈ হেজাৰ-বিজাৰ বগা পৰুৱাৰ বাসস্থান এটা ফোঁপোলা গুহা বিচাৰি পালেগৈ৷ তেওঁলোকে ভাবিলে, যদিহে এই পৰুৱাবোৰক ভালকে এসেকা দিব পৰা যায়, তেনেহলে হয়তো হেৰোৱা ৰূপৰ কিছু অংশ উদ্ধাৰ কৰিব পৰা যাব৷ কিন্তু তেনেতে হৱে তেওঁলোকৰ পৰিকল্পনাটোৰ প্ৰতি আপত্তি দৰ্শাই কলে যে, “মই সামান্য ৰূপৰ বাবে অতবোৰ জীৱৰ মৃত্যু সহিব নোৱাৰোঁ৷ সেয়েহে তেওঁলোকে সেইটো বিষয়ৰ সিমানতে ইতি পেলালে৷

সেই নিশাই হৱে এটা সপোন দেখিলে যে শুকুলা বৰ্মৰে সু-সজ্জিত অজস্ৰ সৈন্য তেওঁৰ ওচৰলৈ আহি সিহঁতে লগত লৈ অহা দোলা খনত তেওঁক সিহঁতৰ ৰজাৰ প্ৰাসাদলৈ যাবলৈ অনুৰোধ কৰিছে৷ হক্ৱান সৈন্যদলৰ সৈতে এখন নগৰলৈ যাত্ৰা কৰিলে যৰ প্ৰজাগণ দেখাত চহকী আৰু ঘৰবোৰো প্ৰাসাদোপম তেওঁক লগ পাবলৈ অনেক বিষয়া আহিল আৰু তেওঁক এটা চমৎকাৰ প্ৰাসাদলৈ লৈ গল৷

 ৰাজবিভূষণেৰে বিভূষিত ৰজাই সিংহাসনৰ পৰা নামি আহি হক্ৱানক অতি আন্তৰিকতাৰে সন্মান জনাই কলে, “আপোনাৰ মহানুভৱতাৰ বাবেই আমি আজি শত্ৰুৰ পৰা ৰক্ষা পৰিলোঁ৷ আপোনাৰ দয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ কঠোৰ অনুশাসনৰ অভাৱত মোৰ কিছু প্ৰজাই অলপতে আপোনাৰ যথেষ্ট অনিষ্ট কৰিলে যদিও আপোনাৰ কৃপাই তেওঁলোকক চৰম দুৰ্দশাৰ পৰা ৰক্ষা কৰিলে৷ মই আপোনাৰ দয়াৰ প্ৰতিদান নিদিয়াকৈ কিদৰে পাৰোঁ? আপোনাৰ বাসগৃহৰ নিচেই ওচৰতে এজোপা সহজেই চিনি উলিয়াব পৰা বিশেষ গছ আছে, যিজোপাৰ তলত বহু পুৰণি কালত এজন বিশেষ লোকে এটা ৰূপেৰে ভৰ্তি পাত্ৰ পুতি ৰাখিছিল৷ আপুনি সেইটো খান্দি উলিয়াওক আৰু সেয়াই আপোনাৰ প্ৰতি আমাৰ উপহাৰ বুলি গ্ৰহণ কৰক৷ আপুনিয়েই মানৱজাতিৰ একশৃঙ্গী অশ্ব (শ্ৰেষ্ঠতাৰ প্ৰতীক) যিজনে কোনোকালে কোনো জীৱিত প্ৰাণীকেই আঘাত নকৰে৷ আপুনি নিজৰ সহৃদয়তাৰ ফল ভোগ কৰিবলৈ এতিয়া তেনেই বৃদ্ধ হোৱাটো বৰ দুখজনক, কিন্তু আপোনাৰ উপৰিপুৰুষে আপোনাৰ সৎ কৰ্মৰ ফল নিশ্চয়কৈ ভোগ কৰিব৷

 ইয়াৰ পাছত হক্ৱানক আগৰ দৰেই সশস্ত্ৰ সৈন্যদলে সম্পূৰ্ণ সুৰক্ষিত ভাৱে নিজৰ ঘৰত থৈ গল৷

 যেতিয়া তেওঁ সাৰ পালে নিজকে সপোনত ধ্যানৰত অৱস্থাত আৱিষ্কাৰ কৰিলে আৰু বুজিলে যে এয়া নিশ্চয় পৰুৱাজাকৰেই কাম হব৷ এইবাৰ পৰুৱা ৰজাই কোৱাৰ দৰেই গছজোপাৰ তলখন খান্দি তেওঁ বহুবছৰৰ পৰা পোত খাই থকা ৰূপভৰ্তি পাত্ৰটো উদ্ধাৰ কৰিলে৷ তেওঁৰ পুত্ৰ পাছলৈ এজন বিশিষ্ট পণ্ডিত হিচাপে জনাজাত হল৷

 


Post a Comment

0 Comments