কবিতাঃ শৃঙ্খল-বিশৃঙ্খল / সলিল চৌধুৰী


শৃঙ্খল-বিশৃঙ্খল

মূল কবি : সলিল চৌধুৰী 
অসমীয়া ভাঙনি : চাণক্য চিৰাং
সলিল চৌধুৰী

শৃঙ্খল কথাটোৰ মাজত এটা তলসুৰীয়া আছে শব্দ৷
চাৰিওফালে বন্ধ এটা কোঠাৰ বমিৰ যেন অঁহীয়া অঁহীয়া দুৰ্গন্ধ৷
তপামূৰীয়া এজন সংস্কৃত পণ্ডিতৰ চাবুকৰ আস্ফালন৷
মন্ত্ৰীবৃন্দৰ ৰেডিঅৰ ভাষণ, ভৰিত ভৰি থৈ সৈনিকৰ মাৰ্চ৷
শৃঙ্খলা কথাটিৰ মাজতো আছে এটা চাতুৰী৷
কথাটো সমতল বাকৰিত থিয় হৈ কব নোৱাৰি,
ওখ প্লেটফৰ্মত উঠি অনায়াসে কব পাৰি৷
শ্ৰোতাসকল সৰ্বকালীন তল খাপৰ আৰু বক্তাই উপদেষ্টা৷
বিশৃঙ্খলা কথাটোও পিচে শৃঙ্খলাৰ ঠিক বিপৰীত নহয়৷
শৃঙ্খলাৰ পৰা সম্পূৰ্ণ উন্মুক্ত নহয়, ইয়াৰ মাজতো শৃঙ্খলাৰ এটা খলকনি থাকে
অবশ্যে সেয়া বাজি উঠে বেতালিয়া ভাবে৷
তাৰ মাজতেই এটা ইচ্ছাকৃত অনিচ্ছা বিদ্যমান৷
এক অনৰ্থক বেপৰোৱা গোন্ধ৷
সেয়া যদি স্বতঃস্ফূৰ্ত হ’লহেঁতেন,
তেনেহলে তাৰ মাজতেই সেউজীয়াৰ সম্ভাৱনা থাকিলহেঁতেন৷
মোৰ মাতৃয়ে সজোৱা সেই সৰু চাংঘৰটোৰ মাজত কিন্তু
শৃঙ্খলা - বিশৃঙ্খলা দুয়োটাই নাছিল৷
ভৰি মোচা কেথা খনো আঁতৰাবলৈ হলে ভাব হৈছিল
ঘৰখনৰ সমস্ত ভাৰসাম্য বিনষ্ট হল৷
ঘৰখনৰ আনন্দ কিন্তু এই ধৰণৰ আছিল যে
ভৰি টিপি টিপি অতি সাবধানে ইফাল সিফাল ঘূৰাৰ কথা কেতিয়াও মনলৈ অহা নাছিল৷
ঘৰৰ সকলো বস্তু বাহানি ব্যৱহাৰৰ বাবে অপৰিপাটিকৈ যেন প্ৰতীক্ষা কৰিছিল৷
আশা কৰিছিল পুনৰ কেতিয়া মাতৃৰ হাতৰ পৰশ পাই সুখী হব৷
মাৰ গালি শপনি সিহঁতে শুনিব, তাৰ পিচত দুৰন্ত পুত্ৰৰ দৰে নিজৰ নিজৰ বিছনাত গৈ শুই থাকিব৷
দেউতাৰ মৃত্যুৰ পিছত ঘৰখন বৰ পৰিপাটিকৈ সজাই ৰাখিছিল৷
দেউতাকৰ ফটা - ছিঙা কাগজ পত্ৰ, চিগাৰেটৰ টুকুৰা মজিয়াত আৰু পৰি নাথাকিছিল৷
পঢ়াৰ টেবুলত ব্ৰেকফাষ্টৰ থাল,
খোৱাৰ টেবুলত কিতাপ পত্ৰ,
এখন কামিজ উলিওৱাৰ পিচত আলমাৰিৰ কাপোৰে তোলপাৰ লগোৱা বে-মিছিল
এনে কিছু কামেই আৰু ঘটা নাছিল৷
মা, যেন কোনো কামেই নাছিল৷
মোৰ ভাব হৈছিল, মাৰ লগে লগে ঘৰৰ সকলো বস্তু বাহানি
ব্যৱহাৰৰ বাৱে অত তত পৰি থাকি মুক্তি পোৱাৰ বাবে অনশন কৰিছিল৷
মই আকৌ বৰ বৰ বহুত ঘৰ সজোৱা দেখিছোঁ৷
সজোৱা কিন্তু ঠিক পৰিপাটি নহয়৷
সেয়া ইংৰাজীত কোৱা ধৰণে টিপটপ৷
সেইবিলাকৰ মাজত মাহে দৰ্মহা পোৱা লগুৱা লিগচৌৰ হাতৰ অনাদৰ স্পৰ্শ আছে৷
কিন্তু পৰিপাটিকৈ ৰখাৰ ক্ষেত্ৰত ভালপোৱা নিহিত থাকে,
শৃঙ্খলাৰ মাজত সেয়া নাই৷
অপৰিপাটিৰ মাজতো প্ৰত্যাশা আছে,
বিশৃঙ্খলাৰ মাজত কিন্তু সেয়া নাই৷
শৃঙ্খলা কথাটি পুৰুষ
পৰিপাটি মানেই নাৰী৷


Post a Comment

0 Comments