গল্পঃ কেমেৰা আৰু চকু / আহমেদ ফিৰোজ

কেমেৰা আৰু চকু

 

মূল (বাংলা) : আহমেদ ফিৰোজ

অসমীয়া অনুবাদ : মিণ্টুল হাজৰিকা

 

 

কেমেৰাৰ ৰেঞ্জৰ  ভিতৰত ল’ৰাজন ঠিয় হৈ আছে ৰাষ্টাৰ সেইটোপাৰত৷ একেলগে দুখন মিনি বাছ পাৰ হৈ যোৱাত সঠিককৈ দেখা গ’ল৷ইয়াৰ পিছতে হঠাৎ সি দক্ষিণ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷ কাৰওৱান বজাৰৰ এই ঠাইডোখৰতে ভিৰ অলপ বেছি৷ সকলো সময়তে ট্ৰাফিক যাম হৈয়ে থাকে৷

 

এখন বাতৰি কাকতৰ কাৰ্যালয়ত পুনৰবাৰ ল’ৰাজনক দেখা পোৱা গ’ল, ফিচাৰ সম্পাদকজনে কৈছে-- অন্য দুই তিনিজন লগ হৈ গিলিছিল৷ দূৰ পৰা একো শুনা পোৱা যোৱা নাছিল৷ওচৰাওচৰি হ’লে, ল’ৰাজনে কিছু পৰিকল্পনা সম্পাদকজনৰ লগত ভাগ বতৰা কৰি আছিল৷ নতুন কিবা এটা কৰিবা পৰা যায় নেকি? এটা পৰ্যায়ত সিদ্ধান্ত হ’ল যে ধাৰাবাহিকভাৱে বুঢ়া সাহিত্যিকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’বা৷

 

চল্লিশৰ দশকৰ অন্যতম কবি আবুল হোছেইনৰ নাম প্ৰথমে নিৰ্বাচিত হ’ল৷কিন্তু লাৱণ্যই বাধা দিলে,তাই ক’লে -- আবুল হোছেইন নহ’ব, মিজানুৰ ৰহমান  তিনি মাহ বেছি বুঢ়া আৰু বেছি অসুস্থ৷ তেওঁৰ সাক্ষাৎকাৰ প্ৰথমে লোৱা হওক৷ লাৱণ্যৰ কথাত অমিতে হ’ব-নহ’ব বুলি কোনোধৰণৰ হয় ভৰ নিদি সন্মুখত ৰখা কাগজত কিবা এটা লিখিবলৈ আৰম্ভ কৰিলে৷ সাক্ষাৎকাৰ লোৱাৰ ক্ষেত্ৰত অমিতৰ মনত পৰিল,মৃতপ্ৰায় বা অতিশীঘ্ৰেই মৃত্যু হ’ব পৰা কেইজনমানৰ লগত হোৱা সাক্ষাৎকাৰে অগ্ৰাধিকাৰ পাব৷ সম্পাকৰ ইচ্ছা আছিল যে  এনেকুৱা কৰিলে অন্তত কিছুসংখ্যক মানুহৰ সাক্ষাৎকাৰ ছপা আখৰত দেখা পোৱা যাব আৰু তাকে কৰিলে বাতৰি কাকতখনো  সাহিত্যিকসকলে লৈ ল’ব৷ অমিতেও শেষলৈকে সাক্ষাৎকাৰ লোৱাৰ মোহ এৰিব নোৱাৰিলে--যিটো তাক কিছুপৰিমানে স্মৰণীয় কৰি ৰাখিব পাৰিব৷

 

মিৰপুৰৰ সুদীৰ্ঘ বনবাসত ক্লান্ত ভাৰা ঘৰৰ দিশে প্ৰতিদিনৰ দৰে চিটি বাছত উঠি উভতি অহাৰ পথত লাৱণ্যৰ দ্বিমতত অমিতেও শেষ পৰ্যন্ত সঁহাৰি জনায়-- ঠিক আছে, দুয়োজনৰেই সাক্ষাৎকাৰ লোৱা হ’ব৷

 

প্ৰশ্ন সোধাৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়,লগত এগালমান পঢ়া-শুনা৷অতীত- বৰ্তমান লিখিত -অলিখিত ইতিহাস বিচাৰি উলিওৱাৰ ৷ অমিতৰ লগত এতিয়া লাৱণ্য৷ তাইয়ো আলোচনীৰ কণ্ট্ৰিবিউতাৰ হিছাপে কাম কৰে,ওচৰাওচৰিকৈ এটা অনুবাদ কেন্দ্ৰত অংশকালীন চাকৰি৷

 

ফ্ৰিল্যান্স লেখামেলাত অমিতৰ সুনাম আছে৷ মিজানুৰ ৰহমানৰ ত্ৰৈমাসিকৰ সাক্ষাৎকাৰটি পিছৰ সপ্তাহতে ছপা হৈ ওলায়৷ লাৱণ্য আনন্দিত৷ দুয়োজনে লগ হৈ অন্তত এটা ভাল কাম কৰিব পাৰিছে৷

 

আবেলি জনতাৰ পুথিভঁৰালত বহি কথা পাতি আছিল,আচাদে আহি জনালে, বন্ধুদ্বয় সাক্ষাৎকাৰটি পঢ়িলোঁ,বহুত ভালকৈ লিখিছা৷ কিন্তু এতিয়া বোলা জামাতত চাই আহোঁ৷ জামাতত চাই আহোঁ মানে?অমিতে  ক’লে৷ কিয় শুনা নাই?ত্ৰৈমাসিক চাহাবতো চিকিৎসালত৷ আচাদে ৰস লগাই লগাই কথাখিনি ক’লে৷কিন্তু এনেকুৱা বাতৰি দিওঁতে ইমান ৰস লগাকৈ ক’ব লাগে নে?লাৱণ্যই ভাবিলে৷

 

বাৰডেম মেডিকেলৰ কেবিনত সোমায়ে বহু মানুহৰ ভিৰ দেখা গ’ল৷ তেওঁ আৰু কেতিয়াও কথা নকয়, অমিতক আকোঁৱালি ধৰি বন্ধু চন্দনে ক’লে৷ লাৱণ্য শিলৰ দৰে থিয় দি আছে ৷ অমিতে কি ক’ব একো ভাবি পোৱা নাই৷

 

পিছৰ সপ্তাহত ৰুটিন অনুযায়ী অমিত আৰু লাৱণ্যক আবুল হোছেইনৰ ঘৰত দেখা পোৱা গ’ল৷ কাজ-কৰ্ম ভালদৰে হৈ গ’ল৷ ইয়াৰ পিছতে  দুয়োজনকে ৰাষ্টা পাৰ হৈ যোৱা দেখা গ’ল৷ একধৰণৰ শোকৰ ছায়াই সিহঁতৰ মুখবয়ত ধৰা দিছে৷ খোজকঢ়াৰ ভংগী অইনদিনাতকৈ ব্যতিক্ৰম,নিস্তব্ধ আৰু নিসংগতাৰ এক যাত্ৰা৷ কথা বতৰাতো অনুভৱ হ’ল সিহঁত যেন দ্বিধাগ্ৰস্ত৷ সিহঁতে খোজকাঢ়ি আৰু কিছু দূৰ আগবাঢ়ি গ’ল, দূৰত্ব বাঢ়ি গৈ থাকিলে দৃশ্যও কমি গৈ থাকে৷

 

সাক্ষাৎকাৰ লোৱা শেষ হ’লেও,সম্পাদকসকলৰ অনুৰোধত বৰ্তমান সময়ৰ এক কপি ফটো সংগ্ৰহৰ কাৰণে অমিতক আকৌ ঘৰৰ সন্মুখত ৰৈ থকা দেখা গ’ল৷ দুই চাৰিজনে ইয়াৰ মাজতে  তাৰ কাষেদি ভিতৰত প্ৰৱেশ কৰিছে৷ দুৱাৰ সম্পূৰ্ণৰূপে খোল খাই আছে, কোনোধৰণৰ কথা বাৰ্তা নাই৷ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ওপৰ মহলাৰ পৰা কন্দাৰ মিহি শব্দ শুনা গ’ল৷ সি ঠিক কৰিলে --- কাৰো লগত কথা নকয়৷ বাহিৰত আহি দেখিলে , মেৰুণ ৰঙৰ দুমহলীয়া ঘৰটো একেবাৰে নিসংগ হৈ থিয় দি আছে---বোবা লগা মানুহৰ ভংগীমাত৷

 

সাক্ষাৎকাৰ ছপা হৈ ওলাল পুৰণা ফটো এখনৰ সৈতে,কাষতে শোক সংবাদ৷

 

চিনাকি মহলত অমিতক প্ৰায় এক সপ্তাহ বিচাৰি পোৱা নগৈছিল৷ লাৱণ্যক দেখা গ’ল সম্পাদকৰ মেজত মন মাৰি বহি থকা৷

 

ময়লা আৱৰ্জনাৰ দুৰ্গন্ধৰ পৰা আতৰি  মুক্ত বতাহ আৰু নিৰ্জনতাৰ বাবে দূৰৰ বুঢ়ীগংগাৰ পাৰত অকলশৰে বহি আছে অমিত,ওচৰত কোনো নাই৷ কিছু সময় পিছত লাৱণ্যক দেখা গ’ল৷

 

কোনোমতেও অমিতক পৰৱৰ্তী সাক্ষাৎকাৰ গ্ৰহণৰ বাবে ৰাজী কৰিব পৰা নগ’ল৷ তাৰ এটাই যুক্তি,সাক্ষাৎকাৰ দিলে কি মানুহ মৰি যাব লগা হয়? কাকতৰ সম্পাদক হাচান মাহমুদে ভালদৰে বুজালে---- চোৱা,তোমালোকে যাৰ সাক্ষাৎকাৰ লৈছা---- তেওঁলোক দুয়োজনেই বয়স্ক বৃদ্ধা; তেওঁলোকৰ যমদূত ওচৰত ৰৈ আছিল৷ তাৰোপৰি তোমালোকেতো বিচাৰিছিলা এইটোৱেই যেন তেওঁলোকৰ জীৱনৰ শেষ সাক্ষাৎকাৰ হয়৷ এনেদৰে ভাগি পৰিলে কি হ’ব! মৃত্যুত জানো মানুহৰ হাত আছে৷

 

এইবাৰ তেওঁলোকে মধ্য বয়সীয়াল কবি এজনক নিৰ্বাচন কৰিলে,নাম ত্ৰিদিব দস্তিদাৰ৷ বয়স চল্লিশ-পঞ্চল্লিশ হ’ব৷মোহাম্মদপুৰৰ ঘৰত দুইদিন ধৰি কথোপকথন চলিল৷ বৃহৎ পৰিসৰৰ এক সাক্ষাৎকাৰ আলোচনীত প্ৰকাশ হ’ল৷

 

ইয়াৰ পিছত অমিত আৰু লাৱণ্যক টি এছ চিত ফুচকা খাই থকা দেখা গ’ল৷ অমিতৰ হাতত আলোচনী৷ঘৰৰ পৰা ফোন অহাত লাৱণ্য গুচি যাব লগা হ’লত অমিতে ত্ৰিদিব দস্তিদাৰৰ ঘৰত অকলেই গ’ল৷ ঘৰত তলা ওলমি আছে,বিদ্যুত নাই, ঘোৰ অন্ধকাৰ৷

 

ৰাতি দহ বজাৰ বাতৰিত বহুত শোক বাৰ্তা পঢ়া হৈছিল৷ অমিতৰ বুকুখন বাৰে বাৰে কঁপি উঠিল,এই যেন ত্ৰিদিব দস্তিদাৰৰ নাম পঢ়িব৷নহয়,সেয়া আৰু নহ’ল৷ ৰাতি বাৰ বজাৰ সময়ত অমিত শুবলৈ গ’ল,সোনকালে শুৱাতো তাৰ নিয়মীয়া কাৰ্যৱলী৷

 

ৰাতিপুৱা বাতৰি কাকত মেলি লৈ অমিতে প্ৰথমেই শোক বাৰ্তা পঢ়িলে৷কোনো চিনাকি নাম নাই৷ ইয়াৰ পিছত লাৱণ্যক ফোন কৰিলে৷তাৰ পিছত আচাদ, চন্দনক ফোন কৰি উঠি সম্পাদক আৰু সৰ্বশেষত ত্ৰিদিব দস্তিদাৰক৷ ত্ৰিদিব দস্তিদাৰৰ মোবাইলৰ পৰা এক অদ্ভুতধৰণৰ শব্দ  ভাহি আহিছিল৷কিন্তু শেষপৰ্যন্ত কোনেও ফোনটো ৰিচিভ নকৰিলে৷ অমিতৰ কঁপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল ৷ সি এইবাৰ বাথৰুমত প্ৰৱেশ কৰিলে৷  পুৰণি অভ্যাস অনুযায়ী সি মূৰত পানী ঢালিলে৷এটা সময়ত পানীৰ শব্দ স্তব্ধ হৈ গ’ল৷

 

অমিতক চাৰুকলাৰ সন্মুখত অকলে দেখা গ’ল,ছবিৰ বজাৰত বহি থকা৷কেইটামান শৱদেহ বগা কাপোৰেৰে মেৰিয়াই থোৱা আছে ৷ জাতীয় কবি কাজী নজৰুল ইছলামৰ দৰগাহৰ ওচৰৰ মছজিদৰ সন্মুখত৷ মানুহবোৰে কথা পাতিছে ,এটোৱে ঠিক হ’ল, এতিয়াৰ পৰা যিমান কবি লেখক বুদ্ধিজীৱীৰ মৃত্যু হয়, তেওঁলোকৰ প্ৰত্যেকৰে প্ৰথম নতুবা দ্বিতীয় জানাযা হ’ব ঢাকা বিশ্ববিদ্যালয়ৰ মছজিদৰ চৌহদত৷ বহুত মানুহে বাঃ বাঃ দিছিলে বিশ্ববিদ্যালয় কতৃপক্ষক৷ অমিতৰ মনত পেলাবলৈ যত্ন কৰিল ,ত্ৰিদিব দস্তিদাৰ ঢাকা বিশ্ববিদ্যালয়ত পঢ়িছিলে  নেকি? আৰু তেওঁতো হিন্দু৷ তেওঁৰ শৱদেহক জানো বিশ্ববিদ্যালয়ৰ মছজিদ কতৃপক্ষই ঠাই দি সন্মান জনাব?মৃত্যু ভয়ে অমিত আৰু লাৱণ্যক সাক্ষাৎকাৰ গ্ৰহণৰ পৰা ক্ৰমে দূৰলৈ আতৰাই পঠায়৷ কিন্তু সম্পাদকৰ আক্ৰোশত শেষত আকৌ মান্তি হ’ব লগা হয়৷এইবাৰ সাহিত্যিক নহয় সাংবাদিক৷ চিলেটৰ গুণীজ্ঞানী সাংবাদিক আব্দুল কাদিৰ,এতিয়া ৰাজনীতিৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত৷ সন্মুখত নিৰ্বাচন৷ অনুৰোধৰ মায়া জালেলে অমিতক বন্দী কৰিব পৰা গ’লেও অন্য সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ পঠাব নোৱাৰিব বুলি সম্পাদকে প্ৰতিশ্ৰুতি দিব লগা হয়৷

 

অমিত চিলেটত কেতিয়াও যোৱা নাই৷ বাছত যাব নে ৰে’লত যাব বুলি ভাবি শেষত ৰেলতে যাত্ৰা কৰিলে৷ সেয়া আকৌ তীব্ৰবেগী ৰে’ল নাপায়, মধ্য তীব্ৰবেগী ৰে’লৰ দ্বিতীয় শ্ৰেণীৰ টিকটহে পালে৷ নামিব লাগিব মূল চহৰৰ আগৰ ষ্টেচনত৷ বিকট শব্দ কৰি ৰে’লখন ৰৈ যোৱাত সি নামিলে৷ অপৰিচিত সকলোবোৰে তাক একধৰণৰ সপোনৰ গভীৰতাত ডুবাই পেলালে৷ অমিতে চিগাৰেট এটা জ্বলাই ল’লে৷

 

কিছু দূৰত টিকট কাউণ্টাৰৰ পোৰা ৰঙা ইটাৰ ধবংস প্ৰাপ্ত বিল্ডিংৰ ওচৰেদি খিৰিকী দৰ্জা স’তে থিয় হৈ আছে আৰু এটা ঘৰৰ ভগ্নাৱশেষ৷ ঘৰৰ ভিতৰৰ ক্ষীণ পোহৰৰ ৰক্ষ্মি কিছু দূৰত বাহিৰৰ আন্ধাৰক ছিন্ন  কৰিছে ৷ আকাশত আধা জোনক তৰাৰ লগত দেখা গ’লেও পোহৰ নামমাত্ৰহে৷অমিত আগবাঢ়ি গ’ল৷পোহৰৰ ওচৰত জানো কাৰোবাক এনেদৰে পোৱা যাব৷ ভিতৰত কোনো নাই৷ উভতি আহোঁতে মৃদু কণ্ঠত 'অমিত' বুলি কোনোবাই মাতিলে৷ সি উভতি চালে,দেখা পালে-- জৰাজীৰ্ণ ঘৰটোৰ খিৰিকী কাষত অন্ধকাৰত গছৰ ওচৰত যেন কোনোবাই থিয় হৈ আছে৷ চকু ডাঙৰ ডাঙৰ কৰি চাবলৈ চেষ্টা কৰিলে,এজন কংকালসাৰ মানুহ৷ সি খিৰিকীৰ ওচৰলৈ গৈ ডিঙি মেলি চালে,মানুহজনৰ ভৰি মাটিৰ পৰা ওপৰত৷ সি ভূত ভূত বুলি চিঞৰি ওলাই আহিল৷ আকস্মিকভাৱে তাৰ চকুৰ সন্মুখত দৃশ্যটি পুনৰ ভাহি উঠিল,সি স্বাভাৱিক হোৱাৰ পিছতহে বুজি পালে সেইটো ভূত নহয় বুলি৷ ডিঙিত চিপ লৈ মানুহজন ওলমি আছে৷তাৰ চকু এবাৰ গছৰ ডালত গৈ থমকি ৰ’ল৷

 

সম্ভেত ঘূৰাই পাই অমিতে দেখিলে,তাৰ ওচৰত এজন বৃদ্ধ মানুহ থিয় হৈ আছে৷ অমিতে মাত দিয়াৰ আগতেই মানুহজনে ক’লে-আপুনি আৰু অলপ ওচৰত আহক৷ তেওঁৰ সংবাদ দিব পাৰিব সেই যে দূৰৰ প্লেটফৰ্মৰ শেষ প্ৰান্তত থকা বৃদ্ধ দৰ্বেছে আৰু তাতে তুমি চাহো খাব পাৰিবা৷পৰাজিত সৈনিকে শত্ৰুপক্ষৰ চাউনিৰ পৰা উভতি অহাৰ দৰে অমিতে লাহে লাহে খোজকাঢ়ি সি বৃদ্ধ দৰ্বেছৰ ওচৰ পালে ৷ বগা মূৰৰ এজন চাহৰ দোকানীক কিয় বা দৰ্বেছ বোলা হ’ল৷সেইটো তাৰ মগজুৰ হাৰ্ডিক্সে লোড ল’ব নোৱাৰিলে৷ লুকাই থাকিল৷ তৃষ্ণাতুৰ কণ্ঠত সেপ গিলি জানিব বিচাৰিলে,অনুগ্ৰহ কৰি জনাব নেকি আব্দুল কাদিৰৰ ঘৰ কোনফালে আছে?

--- কোন আব্দুল কাদিৰ?

--- হয়,সাংবাদিক, এতিয়া ৰাজনীতি কৰে?

---- ও,আমাৰ কাদাৰ৷

বৃদ্ধ দোকানীজনৰ কণ্ঠত 'কাদাৰ' নামটো শুনিবলৈ বহুত ধুনীয়া লাগিছে৷

---- কিয় আহিছা বাপু কাদাৰৰ কাষত৷

---- মই ঢাকাৰ পৰা আহিছোঁ,তেওঁৰ লগত দেখা কৰিবলৈ৷এটা সাক্ষাৎকাৰও ল’ব বিচাৰোঁ৷

----- তেনেহ’লে বোলা তোমাৰ লগতে কবৰ খান্দোঁ৷ কেঁচা মাটি,বেছি সময় নালাগে৷

 

মানুহজনে বহা ঠাইৰ পৰা উঠি থিয় হয় আৰু দোকানখনৰ এটা চুকৰ পৰা লোহাৰ চাবোল এপাত উলিয়াই প্লেটফৰ্মত দীঘলকৈ পেলাই দি  খোজকাঢ়িবলৈ আৰম্ভ কৰে৷ মানুহজনৰ পিছে পিছে যাবলৈ অমিতে সাহস পোৱা নাই৷ সি ঠাইডোখৰত থিয় হৈ থাকে৷ মানুহজন খোজকাঢ়িছে…

 

 

দূৰৰ পৰাই ৰে’লৰ শব্দ ভাহি অহাত তাৰ উভতি চোৱাৰ অনুভূতি জাগি উঠিল৷ শিশুসকলৰ দৰে চকুত আৰু কাণত খোপা দি সি বুজিবলৈ চেষ্টা কৰিলে শব্দবোৰ ৰে’লৰেই৷কিন্তু ভালদৰে অনুমান কৰিব নোৱাৰিলে ৰে’লখন কোনটো দিশৰ পৰা আহিছে৷ চকুৰ লগত মণিৰ লুকাফাকু খেলৰ কাৰণে সি সম্পূৰ্ণ প্লেটফৰ্ম আৰু তাৰ ওচৰেপাঁজৰে চাব পৰা নাই৷ইয়াৰ পিছত ঠাইটুকুৰা ৰৈ থাকে৷ ৰে’ল আহে,বিপৰীত দিশৰ পৰা এক আনন্দৰ ঢৌৱে উৰুলি দিয়ে৷ সি ৰে’লত উঠি বহে৷ ভাৱে বুৰবুৰণি তোলে, বুঢ়া দৰ্বেশ চাহ দোকানীজনেও ৰে’লত উঠি বহে৷ ৰে’লখন শব্দ কৰি চলিবলৈ আৰম্ভ কৰে৷ সিদিনা ৰাতিয়েই অমিত ঢাকালৈ উভতি আহে৷

 

কাহিলীপুৱাতে দুৱাৰত টোকৰ মৰা শব্দই অমিতৰ টোপনি হৰিলে৷ সি দুৱাৰ খুলিয়েই আচৰিত হৈ যায়৷ মিজানুৰ ৰহমান,ত্ৰৈমাসিক,আবুল হুচেইন আৰু ত্ৰিদিব দস্তিদাৰক লগত লৈ লাৱণ্য আহিছে৷ পিছত চিলেটৰ ৰে’ল ষ্টেচনৰ সেই বুঢ়াজনো৷ সি আব্দুল কাদিৰক বিচাৰি থাকে৷ তেওঁক নেদেখি অমিত কিছুপৰিমাণে বিস্মিত হয়৷ সকলোৱে আহিছে অথচ এজন নাই৷

 

কিছুসময় পিছত পুনৰ টোকৰ ৷ আব্দুল কাদিৰ আহিছে৷নহয়,বাহঁপাতৰ পোহৰৰ মালিক আৰু সম্পাদক হাচান মাহমুদ৷ ওচৰাওচৰিকৈ আচাদ আৰু চন্দনও আহিছে৷ অমিতে একো বুজি পোৱা নাছিল৷কিয় এনেকুৱা হৈছে আৰু সকলোৱে বা কিয় একেলগে আহিছে? সি লাৱণ্যক সুধিব খুজিলে৷কিন্তু আনন্দিত কথা বতৰাবোৰে এনেকৈ হেঁপাহ পলুৱাইছে যে তাৰ আৰু সুধিবলৈ মন গ’ল৷ মন মোহিত দিনৰ ছবি অংকিত ঘৰৰ এটা চুকত বেৰত আউজি সি বহি ৰ’ল৷ তৎক্ষণাত তাৰ মনত পৰিল,ভুলতে সি মৃত্যুপুৰীত আহি যোৱা নাইতো? এবাৰ সি কিছু সচেতন ভংগীমাত সকলোৰে পিনে চালে আৰু এটাসময়ত সকলোৰে চকুত ধূলি দি দুৱাৰ খুলি খোজকাঢ়িব গৈ দৌৰি অতিক্ৰম কৰিবলৈ বিচাৰিলে ৷ ইয়াৰ পিছত দৌৰ দৌৰ দৌৰ…

 

কেমেৰাৰ ৰেঞ্জৰ ভিতৰত ল’ৰাটি থিয় হৈ আছে ৰাষ্টাৰ সেইটো পাৰে৷ গাড়ীবোৰ দ্ৰুত গতিত ৰাস্তা পাৰ হৈ আছে৷এখন নীলা ৰঙৰ মিনি বাছ আহি তাক নেদেখাকৈ ৰৈ গ’ল৷ কিছুসময় ৰৈ থাকি পুনৰ গতি কৰিলে৷ ইয়াৰ পিছত আৰু কাকো দেখা পোৱা নগ’ল ...


আহমেদ ফিৰোজ, বাংলাদেশৰ যুৱ গল্পকাৰ ।

Post a Comment

0 Comments