প্ৰৱন্ধঃ এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? / Ed Vishwanathan

এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে?

মূল: Ed Vishwanathan

অনুবাদ: কিশোৰ দাস

 

(Ed Vishwanathan Amazing Secrets of the Bhagavad Gita ৰ একত্ৰিছ তম পাঠ How can a person control his thoughts and mind? ৰ অনুবাদ।)

 

নাতিল'ৰা: এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে?

 

ককাদেউতা: এই যে মানুহৰ মনটো, মানুহৰ মনটোৰ বিষয়ে ভাগৱত গীতাত বিশেষকৈ ষষ্ঠ অধ্যায়ত বৰ গভীৰভাৱে আলোচনা কৰা হৈছে। ভগৱান কৃষ্ণৰ মতে মানুহে সন্মুখীন হোৱা সমস্যাবোৰৰ মূলতেই হ'ল মনৰ খামখেয়ালিৰে ভৰা উদ্ভৎ চিন্তাবোৰ আৰু তেওঁ এইবোৰৰ পৰা মনটোক নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে অৰ্জুনক কৈছিল।

 

এজন মনোবিজ্ঞানীৰ দৰেই শ্ৰীকৃষ্ণই প্ৰথমতে আমাৰ সমস্যাবোৰ চালি জাৰি চাইছে:

 

শ্ৰীকৃষ্ণই কৈছিল: "যেতিয়া কোনোবাই নিৰ্দিষ্টকৈ কোনো এক বস্তুৰ বিষয়ে ভাবে সেই বস্তুটোৰ প্ৰতি তেওঁৰ মনত আকৰ্ষণৰ সংযোগ ঘটে। এই সংযোগৰ ফলতেই আকাংক্ষা জন্মে আৰু এই আকাংক্ষাৰ ফলতেই উদ্ভৱ হয় খং। খংৰ জন্ম হয় বিভ্ৰান্তিৰ যাৰ ফলত ঘটে স্মৃতিবিভ্ৰমৰ।স্মৃতিবিভ্ৰমে কাঢ়ি নিয়ে বুদ্ধিমত্তা আৰু এবাৰ যেতিয়া এই বুদ্ধিমত্তাৰ পতন হয় তেতিয়া সেই ব্যক্তিবিশেষৰ পতন অনিবাৰ্য।"

 

ভাগৱত গীতাৰ মাজেৰেই শ্ৰীকৃষ্ণই কৈছে যে যদি আমি আমাৰ চিন্তাধাৰাৰ গুৰি ধৰিব পাৰোঁ তেন্তে আমি আমাৰ জীৱনৰ লগতে আমাৰ চৌপাশৰ বাস্তৱতাৰ গুৰিয়াল হ'ব পাৰিম।

 

এখন বিখ্যাত স্বাস্থ্য সম্পৰ্কীয় আলোচনীৰ মতে এজন সাধাৰণ মানুহৰ মনলৈ ত্ৰিশ হেজাৰতকৈও অধিক চিন্তাই অহা যোৱা কৰে। যদি আমি আমাৰ চিন্তাক নিয়ন্ত্ৰণ নকৰোঁ আমি শাৰিৰীক মানসিক খামখেয়ালিত পৰোঁ। ভয়েও এহেজাৰ চাৰিশতকৈও অধিক দেহ-ৰাসায়নিক অনুভূতি যোগায়।

 

নেপোলিয়ন হিলৰ মন সম্পৰ্কীয় এখন উৎকৃষ্ট তথা প্ৰত্যেকে পঢ়িবলগীয়া কিতাপ হ'Think and Grow Rich

 

শ্ৰীকৃষ্ণই কৈছিল: "যিসকলৰ নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ আছে সেইসকলৰ বাবে মনটো হ'ল পৰম বন্ধু আৰু যিসকলৰ নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ নাই সেইসকলৰ বাবে মনটো হ'ল দুৰ্ঘোৰ শত্ৰু।"

 

মৈত্ৰী উপনিষদত উল্লেখ আছে, "মনটো হ'ল পাৰে বান্দোনৰ উৎস নতুন মনটো হ'ব পাৰে মুক্তিৰ উৎস।"

 

বুদ্ধদেৱে কৈছিল, "তোমাৰ আটাইতকৈ দুৰ্ঘোৰ শত্ৰুজনেও ইমান অনিষ্ট কৰিব নোৱাৰে যিমান কৰিব পাৰে তোমাৰ লেকামবিহীন চিন্তাই।"

 

ভাগৱত গীতাৰ জৰিয়তে শ্ৰীকৃষ্ণই ইয়াকেই বুজাব বিচাৰিছে যে আমি এনেকুৱা এটা মনৰ গৰাকী হ'ব লাগিব যে আমি সকলোতে মগ্ন থাকিও সকলোৰে পৰা নিস্পৃহ হৈ থাকিব পাৰিব লাগিব।

 

শ্ৰীকৃষ্ণই কৈছিল: "যিয়ে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ আনিব পাৰিছে তেওঁৰ বাবে গৰম আৰু ঠাণ্ডা, সুখ আৰু দুখ, সন্মান আৰু অসন্মানৰ মূল্য একেটাই।"

 

মনৰ শক্তি আৰু সক্ষমতাৰ বিষয়ে অনুধাৱন কৰিবলৈ একান্তভাৱে মনটোক অধ্যায়ন কৰিবলৈ শ্ৰীকৃষ্ণই কৈ গৈছে। বিপদ দেখিলেই যিদৰে এটা কাছই নিজৰ ঠেংবোৰ কোচাই চলঙৰ ভিতৰত সোমাই পৰে সেইদৰে কিবা অনিয়ম দেখিলে আমিও আমাৰ মনটোক নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে।

 

শ্ৰীকৃষ্ণই কৈছিল: "যেতিয়া কাৰোবাৰ মনটো অস্থিৰ হৈ নিয়ন্ত্ৰণৰ বাহিৰত যাব খোজে তেতিয়া তেওঁ নিজকে সম্বৰণ কৰি মনটো আত্মনিয়ন্ত্ৰণলৈ আনিব লাগে।"

 

তেতিয়া অৰ্জনে শ্ৰীকৃষ্ণক কৈছিল যে মনটো যে বৰকৈ অস্থিৰ, শক্তিশালী তথা বলি থকা ধুমুহা এজাকৰ দৰে নিয়ন্ত্ৰণত আনিবলৈ বৰ দিগদাৰ।

 

অৰ্জুনে কৈছিল: "হে কৃষ্ণ, মনটো দেখোন বৰ অস্থিৰ, ধুমুহাৰ দৰে, বৰ শক্তিশালী। মনটোক নিয়ন্ত্ৰণ কৰাটো এজাক প্ৰচণ্ড ধুমুহা নিয়ন্ত্ৰণ কৰাতকৈও টান কাম।"

 

শ্ৰীকৃষ্ণই উত্তৰ দিছিল: " হয়, নিসন্দেহে মনটো নিয়ন্ত্ৰণলৈ অনাটো বৰ জটিল কাম যদিও ঐকান্তিক চেষ্টা তথা নিষ্কাম জীৱন চৰ্চাৰ জৰিয়তে মনটোক নিয়ন্ত্ৰণলৈ আনিব পৰা যায়।"

 

যাৰ মনটো নিজৰ নিয়ন্ত্ৰণত নাই তেওঁৰ বাবে আত্মোপলোদ্ধি ইমান সহজ নহয়। কিন্তু যিসকলে নিজৰ মনটোক নিজৰ আওতালৈ আনিব পাৰে তেওঁৰ বাবে আত্মোপলোদ্ধি সম্ভৱ।

 

আমি এনেকুৱা এক স্বয়ং নিয়ন্ত্ৰণ গঢ়ি তুলিব লাগিব যে সকলো কামতে জড়িত হৈও সকলোৰে পৰা মুক্ত হৈ থাকিব পাৰিব লাগিব। যিসকলে এনেকুৱা মন এটা গঢ়ি তুলিব পাৰে তেওঁৰ বাবে জীৱনটো সুষম আৰু আনন্দৰ হ'ব।

 

বুদ্ধদেৱে কৈছে, "মনটোৱেই সকলো, তুমি যি ভাবা সেইয়াই তুমি।"


Post a Comment

0 Comments