কবিতাঃ ইচ্ছাপত্ৰ / বাবুশ্বা ক’হলি

ইচ্ছাপত্ৰ  (THE WILL)

 

কবি : বাবুশ্বা কহলি

অসমীয়া ভাঙনি : ৰুবী দাস

 

সম্পূৰ্ণ জ্ঞান আৰু সু-স্বাস্থ্যৰে আজি মই মোৰ ইচ্ছাপত্ৰ লিখিছোঁ... মোৰ মৃত্যুৰ পাছত মোৰ কোঠাটো ছেদেলি-ভেদেলি কৰি মোৰ ঘৰটোৰ সকলো ঠাইতে সিঁচৰতি হৈ খোল খাই পৰি ৰোৱা প্ৰতিটো বস্তুৱেই ভালকৈ চাবা।

মোৰ সপোনবোৰ দান দিবা সেই নাৰীসকলক, যি ৰান্ধনি আৰু শোৱা কোঠাৰ ভিতৰত নিজৰ জগতখন হেৰুৱাইছে, বহু বছৰৰ আগতেই পাহৰিছে সপোন

মোৰ হাঁহিবোৰ ছটিয়াই দিবা

বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰ মাজত

যাৰ সতি-সন্ততিবোৰ

সুদূৰ আমেৰিকাৰ

চিকমিকাই থকা চহৰবোৰত

হেৰাই থাকিল।

সৌৱা কিছুমান ৰং

মোৰ মেজখনৰ ওপৰত পৰি আছে

তাৰে সেই ছোৱালীজনীৰ শাৰীখন

ৰঙাবা

যিখনৰ পাৰিটো শানিত হৈ পৰিছে

তাইৰ মানুহজনৰ তেজেৰে

যিজনক ত্ৰিৰংগ পতাকাৰে মেৰিয়াই

যোৱা সন্ধিয়া শেষ শয্যাত শুৱাই দিয়া হল।

মোৰ চকুলোখিনি

সকলো কবিকে দিবা

প্ৰতিটো টোপালে

একোটা কবিতা প্ৰসৱ কৰিব

কথা দিলোঁ।

মোৰ সুখ্যাতি আৰু সদনাম

সেই নাৰীলৈ

যি শৰীৰেৰে বেশ্যামী কৰে

যাতে তেওঁৰ কন্যাই কৰিব পাৰে বিদ্যাৰ্জন।

দেশৰ যুৱ প্ৰজন্মক,

প্ৰতিজনকে

লগ পাবলৈ নাপাহৰিবা

তেওঁলোকৰ মাজত

মোৰ ক্ষোভবোৰ গুজি দিবা

বিপ্লৱৰ সূচনা হলে

তেওঁলোকক দৰকাৰ হব।

মোৰ পৰমানন্দখিনি

সেই চুফীজনৰ

যি সকলো এৰি থৈ

গুচি গল ঈশ্বৰৰ অন্বেষণত।

অৱশেষত

কি ৰ

মোৰ ঈৰ্ষা

মোৰ লালসা

মোৰ ক্ৰোধ

মোৰ মিথ্যাচাৰ

মোৰ স্বাৰ্থপৰতা

এইবোৰ

অনায়াসে

মোৰ সৈতে দাহ কৰি দিবা ।

 


Post a Comment

0 Comments