মায়া, মমতা অথবা
মূল : আশাপূৰ্ণা দেৱী
অনুবাদ : ড. মৃদুস্মিতা ফুকন
তৃতীয় যিজনী ছোৱালীক ওপৰ মহলালৈ পঠোৱা হৈছিল তায়ো
ফোপাই- ফোপাই আহি ক’লেহি –
: নাই, ছাদতো নাই। ক’তো নাই।
: কাৰোবাক সুধিছিলি নে? নে এনেয়ে .....”
ছোৱালীজনীয়ে তাইৰ কোঁচ-কোঁচ থকা ফ্ৰকটোৰ কোঁচবোৰ
এবাৰ নচুৱাই দি ক’লে –“ আহা! নেপুখুৰাইতো ক’লেই – অলপ দেৰিৰ আগতে এবাৰ দেখিছিলোঁ।
আৰু তুতুন পেহীয়ে ক’লে – তলৰ মহলাতেই দেখোন পেণ্ডেলৰ বাহিৰত তেতিয়া ঘূৰি ফুৰিছিল।
মই ভাবিলোঁ গ’লগৈ। উ: মই কোনোমতে ছাদৰ ওপৰৰ পৰা পলাই পলাই আহিছোঁ, বাব্বা !”
আকৌ ফ্ৰকটো নচুৱাই নচুৱাই তাই গ’লগৈ।
মলয়ে ক’লে -- “তেতিয়া হ’লে মই যি কৈছোঁ সেইটো কথাই
সঁচা। তোৰ ঘৈণীয়েৰে কাৰোবাৰ গাড়ীৰ সুবিধা পাই এই হুলস্থূলৰ পৰা আঁতৰি গৈছে!
যিমানহে কৰিছে বিনয়ে! এখন বিয়া বুলিয়েই ইমান অপচয়! কিবা অৰ্থ আছে নেকি?”
চিৰন্তনৰ খং উঠি আহিল,- “ৰচোন, এতিয়াই যে
সমাজতত্ববোৰ আওৰাবলৈ লাগিলি। তোৰ ধাৰণা মোৰ ঘৈণীয়ে কাৰোবাৰ গাড়ীৰ সুবিধা পাই মোক
একো নজনোৱাকৈ গুচি গৈছে?”
“ উস্, ইমান উত্তেজিত হৈছ কিয়? হয়তো লাষ্ট
ম’মেণ্টত ডিছিছনটো লৈ পেলালে। তদুপৰি হয়তো মাকৰ ঘৰৰ ফালৰ কোনোবা মানুহ।
ছোৱালীবোৰতো মাকৰ ঘৰৰ ফালৰ কাৰোবাক পালে কাণ্ডজ্ঞান নোহোৱা হৈ যায়।... ঘৰলৈ ফোন
এটা কৰি চাচোন। শুনিবি মিছেছে ইতিমধ্যে বিচনাত পৰি আৰাম কৰি আছে।”
“ এবছাৰ্ড কথাবোৰ নকবিচোন।”
“ কি বিপদ! এইটো আকৌ কি এবছাৰ্ড কথা হ’ল? সেইটো
হ’লহেঁতেন ওলোটাটো হোৱা হ’লেহে! অৰ্থাত্ তই তেওঁক নজনোৱাকৈ হাৱা হৈ যোৱা হ’লেহে।
মই কৈছোঁ, সুবিধা এটা পাই হুলস্থূলৰ পৰা আঁতৰি গৈছে, বছ। বাৰু, তই ফোন এটা কৰি
চাচোন।”
চিৰন্তনে বৰ গম্ভীৰভাৱে ক’লে –“ আমাৰ ফোনটো
দুসপ্তাহ ধৰি ডে’ড!” তাৰ পাছত ক’লে – “তই বাৰু কিমান পৰ ওৱেট কৰিবি বাবা! যা গৈ।
মই আৰু এবাৰ ভিতৰ সোমাই চাই আহিম। চাওঁ, ঘটনাটোনো কি।”
“মই গুচি যাম?”
এইবাৰ মলয়ৰ খং উঠিল,- “ মোক পঠাই দিবলৈ বৰ ব্যস্ত
হৈ উঠিছ যেন লাগিছে?”
“ আৰে, তই আৰু এনেকৈ কিমান পৰ খাপ পিটি থাকিবি?”
“তেতিয়াই কৈছিলোঁ, ফাৰ্ষ্ট বেটচতে খাই টেক্সি এখন
লৈ যাওঁগৈ। তোৰেহে প্ৰেম উথলি উঠিল। এনেদৰে জমি থকা আড্ডাৰ পৰা মিছেছকনো কেনেকৈ লৈ
যাবি? এতিয়া প্ৰেমৰ ঠেকাটো বুজিছতো?”
“‘আচৰিত, ঠিক এই সময়ত আমাৰ গাড়ীখন হস্পিতালত গৈ
বহি আছেগৈ।”
“চা চিৰন্তন, ঘৈণী আৰু গাড়ী- এই দুয়োটা বস্তুৱে
কেতিয়াও অবিৰাম চাৰ্ভিছ দি থাকিব নোৱাৰে। গাড়ী যদি হস্পিতালত, তেন্তে ঘৈণী মাকৰ
ঘৰত। এয়া হয়, মই হতভগীয়াই অকলে আহি নিমন্ত্ৰণ ৰক্ষা কৰিবলগা হৈছে। কিয়? ঘৈণীয়ে
ভাইজীৰ বিয়া এটেণ্ড কৰিবলৈ গৈ দহ-বাৰ দিন দিল্লীত বহি আছেগৈ .....। সেয়ে ভাবিলো,
গাড়ীখন লৈ অকলেই ঘূৰি আহোগৈ। বৰং ওভতাৰ সময়ত তোৰ লগত .... তদুপৰি তই যে কৈছিলি
আহিবৰ সময়ত টেক্সিৰ বাবে ৰাস্তাত বাৱন্ন মিনিট ৰৈ থাকিব লগা হৈছিল। ওভতাৰ সময়তো
নিশ্চয় ....।”
চিৰন্তনে বেজাৰৰ সুৰত ক’লে,- “ওভতাৰ সময়ত টেক্সিৰ
বাবে বিৰানব্বৈ মিনিটো লাগিব পাৰেতো!”
“কিন্তু!”
“কিন্তু বাদ দে। যা! নিজ চকুৰে এবাৰ চাই আহগৈ। তোৰ
ঘৈণীয়েৰে ৰাতিপুৱালৈকে থকাৰ মতলব কৰা নাইতো?”
চিৰন্তনৰ এতিয়া মূৰটো গৰম হৈ গৈছে।
“এয়া জানো বিয়াৰ ৰাতি? ফুলশয্যাৰ ৰাতিওতো নহয় যে
ৰাতিপুৱালৈকে থাকি যাব হাঁহি-তামচা কৰি!”
কথাটো সঁচা।
এই উত্সঁৱটো হৈছে এওঁলোকৰ বন্ধু বিনয়ৰ ভায়েকৰ
খোবা-খুবুনীৰ বাবে। বিয়াৰ আনুষংগিক অনুষ্ঠানবোৰ ইতিমধ্যে হৈ গ’ল। এতিয়া মাত্ৰ
বন্ধৰ দিন এটা চাই এয়া ভোজ।
বিনয়হঁতৰ লেকটাউনৰ ঘৰৰ ওচৰতে এতিয়া ‘বিয়া-ঘৰ’ নাম
দি যি নতুন ডাঙৰ ঘৰটো হৈছে, বিনয়ে সেইটোকে ভাৰালৈ লৈছে। কৰ্ণাৰ প্লটৰ ওপৰৰ ঘৰটোৰ
সন্মুখত এখন লন। তাতে সুদৃশ্য পেণ্ডেল। দুফালৰ ৰাস্তাত দুখন তোৰণ সজা হৈছে। টুনি
বাল্বৰ পোহৰত ঘৰটো জকমকাই আছে। গাড়ী পাৰ্ক কৰা ঠাইডোখৰত মাইল জোৰা গাড়ীৰ বিশাল
লাইন, কাৰণ বিনয় নাম কৰা প্ৰাইভেট কোম্পানী এটাৰ মেনেজিং ডিৰেক্টৰ। তেওঁৰ অফিচৰ
মানুহো বহুত মাতিছে।তাৰ উপৰিও পৰিয়ালৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ সংখ্যাও কম
নহয়।ক’বলৈ গ’লে মানুহৰ সোঁত বৈছে। .... কিন্তু দুৰ্ভগীয়া চিৰন্তনৰ এই সময়তেই গাড়ী বিভ্ৰাট,
আ্কৌ তাৰ লগে লগে স্ত্ৰী বিভ্ৰাট। ক’তনো সোমাই বহি আছে গৈ জানো? খোৱা-বোৱা হৈ
যোৱাৰ পাছত কথাৰ মহলাৰ পৰা ছেগ বুজি মলয়ে চিৰন্তনক ক’লে –
“ ঐ, এইবাৰ মিছেছক মহিলা মহলৰ পৰা উদ্ধাৰ কৰি আনগৈ
যা। দহ বাজিবৰ হ’ল।”
তেতিয়াই ছোৱালী এজনীক মাতি আনি কোৱা হ’ল –“যোৱাচোন,
ফুল খুৰীক মাতি আনাগৈ।”
ছোৱালীজনী ভগ্নদূতৰ ভূমিকা লৈ ঘূৰি আহিল – “ক’তো
বিচাৰি নাপালোঁ”।
ছোৱালীজনী যোৱাৰ পাছতে মলয়ে ক’লে –
“ আজিকালি ল’ৰা-ছোৱালীবোৰ যিহে ফাঁকিবাজ হৈছে। ওপৰ
মহলালৈ গৈ চাগৈ ভূমুকিটো মাৰিয়েই ঘূৰি আহিছে। ইফালে-সিফালে ক’তো চোৱা নাই।”
তাৰ পাছত আৰু এজনী গহীন-গম্ভীৰ শাৰী পিন্ধা
ছোৱালীক নিৰ্দেশটো দিয়া হ’ল। সেই ছোৱালীজনী আকৌ তুহিনাৰ গানৰ স্কুলৰ ছাত্ৰী। তাই
গানৰ স্কুলৰ বাইদেউ তুহিনা বিশ্বাসক ভালদৰেই চিনি পায়।
তায়ো ঘূৰি আহি ৰিপ’ৰ্টটো দিলে।
“ক’তো নাই।”
আন কোনোবা কোঠাত? তেওঁক কোনোবাই কইনাৰ প্ৰেজেণ্ট
সামৰাৰ দায়িত্ব দি ক’ৰবাত বহুৱাই ৰখা নাইতো? এৰি আহিব পৰা নাই কিজানি!
তেতিয়া চিৰন্তন উঠি গ’ল।
উত্সয়ৱগৃহৰ তেতিয়াও উখল-মাখল কমা নাই।তদুপৰি
মহিলাসকলৰ ভিৰ ঠেলি যাবলৈ চিৰন্তনৰ ভালো লগা নাই।তদুপৰি তেওঁলোকৰ সাজ-সজ্জা আৰু
সুগন্ধই যেন গোটেই পৰিবেশটোকে ভাৰাক্ৰান্ত কৰি তুলিছে। খোৱা-বোৱা হৈ যোৱাৰ পাছতো
বহুতেই কোনো কোনো কাৰণত ৰৈ গৈছে। যিসকলৰ খোৱা হোৱা নাই, তেওঁলোকে খোৱাৰ আমন্ত্ৰণৰ
বাবে অপেক্ষা কৰি আছে।....
ভূমুকি মৰাটোও বৰ অস্বস্তিকৰ কথা।
দীঘলীয়া কোঠা এটাত কইনাৰ ঘৰৰ পৰা পোৱা বিৰাট
বস্ত্ৰ-সম্ভাৰ সজাই থোৱা আছে। যুগ্ম জীৱনৰ এখন গৃহস্থালিৰ বাবে যাৱতীয়, প্ৰয়োজনীয়
– হয়তো অপ্ৰয়োজনীয় বয়-বস্তুৰ বিশাল সমাবেশ। এইবোৰক অৱশ্যে ‘পণ’ বোলা নহয়। এইবোৰৰ
নাম ‘যৌতুক’।
চিৰন্তনে নামি আহি ক’লে – “নিজৰ মানুহজনীকতো ক’তো
নেদেখিলোঁ। আনৰ মানুহবোৰৰ জিকমিকনি আৰু কইনা-ঘৰৰ পৰা অনা যৌতুকৰ বাহাৰ দেখি মূৰটো
কিবা লাগিল। গুচি আহিলোঁ। আৰু অলপ চাই আহিব পৰা হ’লে! ঘৰটো কিবা যেন ঘূৰণীয়া
ডিজাইনৰ। ঘূৰণীয়া কিন্তু একো নাই। কৰ্ণাৰ প্লটৰ কাৰণেই –”
“ কি? হতাশ হৈ ঘূৰি আহিলি? কি হ’ব এতিয়া
মহিলাগৰাকীৰ? কাৰোবাৰ গাড়ীৰ সুবিধা পাই গুচি গৈছে।”
প্ৰথমবাৰ এই কথাটোতে চিৰন্তনে বন্ধুক প্ৰায় ধমকি
দি উঠিছিল, কাৰোবাৰ গাড়ীত! বুৰ্বকৰ দৰে কথা নকবিচোন।
“আমাৰ এটা ভুল হ’ল। ...ছাদলৈ গৈ এবাৰ চাব
লাগিছিল।”
“ ছাদত? তাত বোধহয় এতিয়া থাৰ্ড বেটচ বহিছে।”
“ হা হা হা – তোৰ মানুহজনীয়ে আকৌ তেওঁলোকৰ লগত বহি
--হা হা হা ”
“ ৰ চোন। চেলেপুখন নকৰিবি। এনেকুৱাওতো হ’ব পাৰে
পাছত অহা কোনোবা অতি চিনাকি এজনক লগ পাই তেওঁৰে সৈতে কথা পাতিবৰ বাবে – না:
সঁচাকৈয়ে ভুল হৈ গৈছে।”
তাৰ পাছতো যে কোঁচ থকা ফ্ৰক পিন্ধা ছোৱালীজনী
ছাদলৈ পঠোৱা হৈছিল।
চিৰন্তনে ক’লে – “ কথাটো কি হৈছে ধৰিব পৰা নাই।
গৰমত মানুহৰ মাজত গা-চা বেয়া লাগি ক’ৰবাত শুই থকা নাইতো।”
মলয়ে ক’লে – “ এইটোতো তেওঁলোকৰ থকা ঘৰ নহয়, ইয়াতনো
ক’ত তেনে ঠাই পাব? ঘৰৰ মানুহবোৰৰো কাকো দেখা নাই। দেখা হ’লেও কাৰোবাক সুধিবপৰা
হ’লহেঁতেন। পাছে এই টিপকলি ছোৱালীজনীয়ে যে কথা এটা ক’লে বোলে তুতুল পেহী নে ভুতুল
পেহী কোনোবাই বোলে তলৰ পেণ্ডেলত ঘূৰি ফুৰা দেখিছে। ..... তই অৱশ্যে চিঅ’ৰ যে তোক
নোকোৱাকৈ তেওঁ গুচি নাযায়। তথাপিও –”
চিৰন্তনে আত্ম সমৰ্পণৰ সুৰত ক’লে – “ ঠিক আছে
বাৰু, গুচিয়ে গ’ল জনিবা, তেতিয়াতো আৰু চৰাই হৈ উৰি গুচি নাযায়।.... এই
গে’টখনেদিয়েইতো ওলাই যাব। আমিতো ইয়াতে আছোঁ ....”
“ এইফালেই বা কিয়? সৌফালেওতো আৰু এখন গে’ট আছে।
যিফালে বুফে চিষ্টেমৰ কাৰণে আৰু এটা পেণ্ডেল দিয়া হৈছে।”
“ সেইফালেদি গুচি যাব নে?”
“ অসম্ভৱ নহয়।”
“ মোৰ কিন্তু ভাৱ হৈছে এবাৰ ঘৰৰ ভিতৰত সোমাই ভালকৈ
চাই আহিব পৰা হ’লে!”
“ তেতিয়া?”
হঠাতে মানুহ দুজনক আচৰিত কৰি এক ললিত কণ্ঠ শুনা
গ’ল – “ কি হ’ল? মোৰ নামত কিবা ওৱাৰেণ্ট জাৰি কৰা হৈছে নেকি? খুব বিচৰা-বিচৰি হৈছে
বোলে।”
সুন্দৰী সুগায়িকা সুসজ্জিতা তুহিনা বিশ্বাসৰ
সৰ্বাংগত যেন এচমকা পোহৰ আহি পৰিল। তেওঁৰ মুখৰ ছালৰ তলত যেন ‘টুনি বাল্ব’ নহয়, এশ
পাৱাৰৰ বাল্ব এটাহে লগোৱা হৈছে।
চিৰন্তনে নিজৰ ঘৈণীয়েকক মূৰৰ পৰা ভৰিলৈকে এনেদৰে
চোৱাৰ পাছত তেওঁৰ মুখৰ যি চেহেৰা, তেতিয়া তেওঁক দেখিলে এনে কোনো ভাৱ নহয় যে সেইজন
মানুহেই অলপ সময়ৰ আগেয়ে চিন্তা কৰি আছিল যে তেওঁৰ পত্নী গা বেয়া লাগি ক’ৰবাত শুই
আছে নেকি।
মলয়ে ক’লে – “ মাৰ্ভেলাছ! ক’ত আছিল ইমান পৰ?
এইফালে আমি দুটা হতভগীয়াই গৰু বিচৰাদি বিচাৰি ফুৰিছোঁ।”
“ইচ মলয়দা, এগৰাকী মহিলাৰ বিষয়ে আপুনি এনে ধৰণৰ
তুলনা এটাহে দিলে? ষ্টকত আৰু সভ্য শব্দ নাছিল নেকি?”
এইবাৰ চিৰন্তনে ক’লে – “ সভ্য শব্দ-তব্দ ব্যৱহাৰ
কৰাৰ দৰে অৱস্থা এতিয়া আৰু নাই। আচৰিত। ক’ত আছিলা? চাৰিবাৰ চাৰিজনে গৈ সৌ ঘৰটোত
বিচাৰি আহিলগৈ।”
তুহিনাই গহীনাই ক’লে – “ ঘৰৰ ভিতৰত থাকিলেহে ঘৰত
বিচাৰি পাবা। নাছিলোৱেই।”
“ঘৰত নাছিলাই। মলয়েতো ধৰিয়েই লৈছে তুমি কাৰোবাৰ
গাড়ী পাই ঘৰলৈ গুচি গৈছা। এই ধৰণৰ ৰহস্য হোৱাৰ মানে কি?”
মলয়ে ক’লে – “ ঠিক আছে, ঠিক আছে। গাড়ীত উঠি লৈ
সেইবোৰ ৰহস্য ভেদ কৰিবি।উঠ গৈ ব’ল।ইয়াত একো বেগ-চেগ থৈ যোৱা নাইতো।”
“ বেগ, কিতাপ? নাইতো। এইটোৱেই মাত্ৰ হাতত আছিল।”
মলয়ে দুৱাৰখন খুলিব ধৰিলে।
চিৰন্তনে তথাপিও থিয় হৈ হৈয়েই কৈ গ’ল—“ হঠাত্ একো
নোকোৱা-নেমেলাকৈ নাইকিয়া হৈ যোৱাৰ মানে কি?”
তুহিনাই তেতিয়া উজ্জ্বল মুখেৰে ক’লে – “ কৈ মেলি?
আৰে, কৈছোঁ শুনা, সুদীৰ্ঘ বাৰটা বছৰৰ পাছত হঠাত্ ‘প্ৰথম প্ৰেম’ৰ সৈতে দেখা। সেই
প্ৰেম তেতিয়া বতাহত উৰি গৈ আছে। তেতিয়া আৰু মই তোমাক কৈ যোৱাৰ ফৰ্মেলিটি ৰক্ষা
কৰিবলৈ আহিমনে?”
“প্ৰথম প্ৰেম!”
মলয়ে ক’লে,- “প্লিজ তুহিনা দেৱী গাড়ীত উঠক। পাছত
আপোনাৰ দ্বিতীয় তৃতীয় চব প্ৰেমৰ অভিজ্ঞতাৰ কাহিনী শুনিম। পিছৰ গাড়ীখনে হৰ্ণ দি
আছে।”
গাড়ীত বহি লৈ তুহিনাই ৰুমালেৰে ডিঙিৰ ঘাম মচি মচি
ক’লে,- “ তাতে ইমান আকাশৰ পৰা সৰি পৰাৰ দৰে কিনো কথাটো হ’ল? মই কি ইমানেই ‘তুচ্ছ
প্ৰাণী’ যে মোৰ কোনো প্ৰথম প্ৰেম থাকিব নোৱাৰে?”
চিৰন্তনে ক’লে,- “ নিশ্চয় পাৰে। এবাৰ কিয় এশবাৰ
পাৰে। কিন্তু হঠাত্ তাৰে কোনোবা এজন আকাশৰ পৰা খহি পৰি আকৌ আকাশলৈ উৰি গ’ল যে?
আৰু তুমিয়েইবা আকৌ এই কঠিন মাটিলৈ ঘূৰি আহিলা কিয়?”
তুহিনাই তীক্ষ্ণ মাতেৰে ক’লে – “দেখিছে মলয়দা?
শুনিছে আপোনাৰ বন্ধুৰ সুবাসিত ভাষণ? এইজন মানুহৰ লগতে মই বাৰটা বছৰ ঘৰ-সংসাৰ কৰি
আহিছোঁ।”
মলয়ে ক’লে- “ এইটো বোধকৰো আপোনালোকৰ দাম্পত্য কলহৰ
পৰ্যায়ত পৰে, চিক্ৰেট কথা। ইয়াত তৃতীয় ব্যক্তিয়ে মন্তব্য দিয়াটো ঠিক নহ’ব।”
“ আমাৰ সকলো কথাই অ’পেন চিক্ৰেট। দাম্পত্য কলহৰ জুই
উমি উমিহে জ্বলে।”
তুহিনাই মিচিককৈ সুন্দৰ হাঁহি এটা মাৰি ক’লে – “
ভাবকচোন যি হতভগীয়াই মোক নোপোৱাৰ দুখত সকলো ত্যাগ কৰি দেশত্যাগী হ’ল আৰু মই
কোনোদিনে তেওঁৰ একো খবৰেই নাজানিলোঁ। তেনেজন হতভগীয়াক আজি হঠাতে এনেদৰে পাই গ’লে
কাৰোবাৰ জানো মূৰে কাম কৰিব? তদুপৰি –”তুহিনাই অলপ ৰৈ আকৌ ক’লে —“মইতো সঁচাকৈয়ে
এখন সুখৰ সংসাৰ ৰচিছোঁ। তেওঁৰ বিৰহত গানৰ চৰ্চাও এৰি দিয়া নাই। বৰং চৰ্চা বঢ়াই দি
তাৰ যহতে দুপইচা আৰ্জিছোঁ; কিন্তু তেওঁ বেচেৰাৰ গানৰ ইমান চখ আছিল, সব এৰি দি মনৰ
দুখতে বিৰহী হৈ পৰিছে।”
“তেওঁৰ প্ৰতি তোমাৰ এই দৰদ দেখি মোৰো নিজকে
‘বেচেৰা’ আৰু ‘হতভগীয়া’ যেন লাগিছে।”- চিৰন্তনে ক’লে।
“ সেইটোতো হয়েই পুৰুষ জাতিটোৱেই হিংসাকুৰীয়া।”
“ আৰু সেই পৰম প্ৰেমাস্পদটিৰ কথাটো কোনোদিন –”
“ আ- হা—সেইটোতো মোৰ প্ৰাক বিবাহ যুগৰ কথা। জানিবা
কেনেকৈ? ক’তনো আছে সেইটোকে ময়ে নাজানো।তথাপিও দেখি ভাৱ হ’ল এসময়ৰ হাড়ে-ছালে লগাজন
এতিয়া বেছ থুলন্তৰ চেহেৰাৰ। কিন্তু এতিয়া কি কৰিছে কবই নোখোজে। ক’লে-’ আৰ ছিগা
চুলি তাৰ ছিগা চুলিৰে নেঘেৰী খোপা বান্ধিছোঁ আৰু’!”
“ শুনিলোঁ, এই ম’মেণ্টতে বোলে আকাশলৈ উৰি গ’ল?”-
মলয়ে ক’লে।
“ সেইটো্ৱেইতো। ক’লে – কাইলৈকে বোলে আপদীয়া কামৰ
ঠাইলৈ যাবই লাগিব। তাৰ বাবে আজিয়েই আঠ বাজি বিশ মিনিটৰ ফ্লাইটত দিল্লীলৈ ৰাওনা হ’ব
লাগিব। গতিকে ভাবকচোন, অতদিনৰ কিমানবোৰ কথা গোট খাই আছে। সেয়ে কাকো একো নোকোৱাকৈয়ে
তেওঁৰ লগতে গুচি গ’লোঁ এয়াৰপ’ৰ্টলৈ।”
চিৰন্তন আচৰিত হৈ উঠিল – “এয়াৰপ’ৰ্টলৈ?
এয়াৰপ’ৰ্টলৈ গৈছিলা?”
“ আৰে, এই লেকটাউনৰ পৰা এয়াৰপ’ৰ্টনো কিমান দূৰ?
তথাপিতো তেওঁৰ জীৱনৰ কথা অলপ হ’লেও জানিলোঁ। জীৱনত আকৌ কেতিয়াবা লগ পাম নে নাই
কোনে জানে? ....যি হতভগীয়াই মোৰ বাবেই গোটেই জীৱনটো নষ্ট কৰি দিলে, বিয়া-বাৰুও
নকৰালে, চিৰদিনৰ বাবে দেশ এৰি গুচি গ’ল, তেওঁৰ বাবে এই এক-ডেৰ ঘণ্টা সময় খৰচ কৰাটো
খুব বেছি হ’ল নেকি? আপুনিয়েই বাৰু কওকচোন, মলয়দা।”
মলয়ে ক’লে- “ মোৰ অৱশ্যে ‘বেছি’ যেন লগা নাই।
তথাপিও আমি কথাটো জনা হ’লে .....”
“ তাকেতো ক’লোঁ। সময় অলপো নাছিল যে! গাড়ীত উঠিবলৈ
লৈ কৈছে, অফিছৰ কামত দুদিনৰ বাবে ইয়ালৈ আহিছিল। অফিছৰেই কাৰোবাৰ সৈতে বন্ধুত্বৰ
খাতিৰত এই বিয়া-ঘৰলৈ আহিল। কি ক’লে জানে? ‘কিমান দিনৰ পাছত যে এনে বিয়া-ঘৰ
দেখিলোঁ। ভাৱ হ’ল মই যেন স্বৰ্গচ্যুত হৈ পৰি আছোঁ।’...... শুনিলে মনটো কেনে লাগে
বাৰু কওকচোন।”
মলয়ৰ হাতত গাড়ীৰ ষ্টিয়েৰিং। তেওঁৰ ওচৰত চিৰন্তন
আৰু পিছৰ ছিটত খিৰিকীৰ কাষত তুহিনা। চিৰন্তনক চেৰাই গৈ তুহিনাই ডিঙি মেলি মেলি
মলয়ৰ সৈতেহে কথা পাতি আছে।
মলয়ে ক’লে- “ এইবোৰ মন কেনেবা লগা বা ‘মায়া-মমতা’ৰ
কথাবোৰ তোমালোক ছোৱালীবোৰৰহে কথা। আমি সেইবোৰ নাজানো।”
“ আৰে, সেইটো কথা নেকি? সেই যে সুৰঞ্জন! তেওঁৰ
ভিতৰত যে কিমান কি ---”
মলয় অলপমান উচপ খাই উঠিল, - “সুৰঞ্জন কোন?”
“ সেয়েইতো ক’লোঁ ডাঙৰীয়া, মোৰ ফাৰ্ষ্ট লাভ। গানৰ
ক্লাছতে জনা-শুনা। তেওঁ তেতিয়া বি-এ পঢ়ে, আৰু মই পাৰ্ট ওৱান দিম নে নিদিম।”
চিৰন্তনে ক’লে – “ এই প্ৰণয়টোনো পৰিণয় হোৱাত কি
বাধা আছিল?”
“ আ: আৰু অদৰকাৰী কথাবোৰ নকবিচোন” – মলয়ে চিৰন্তনক
বাধা দি ক’লে।
“ নাজানে জানো যে বাল্যপ্ৰেমত অভিশাপ থাকে। সেয়া
আচলতে বাল্যপ্ৰেম নহ’লেও নাবালক প্ৰেমতো হয়েই। নহয় জানো মলয়দা?”তুহিনাই কৈ গ’ল –
“মই হ’লোঁ অভিজাত ঘৰৰ ডাঙৰ মানুহৰ একমাত্ৰ সুন্দৰী কন্যা। আৰু তেওঁ হৈছে সাধাৰণ
অৱস্থাৰ পাঁচোটা নে সাতোটা ককাই-ভাইৰ মাজৰ এজন। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নে?
আৰু সঁচাকৈয়ে আমিতো আৰু উপন্যাসৰ নায়ক-নায়িকা নহয়!”
চিৰন্তনে সামান্য ব্যংগ ক’লে – “তাৰমানে তেওঁ
দেৱদাসৰ ৰ’ল প্লে কৰিছে যেন পাওঁ।”
“অ। তাকেইতো।”- তুহিনাই মাত লগালে—“ দেৱদাসৰ দৰে
বিৰহী প্ৰেমিক হৈ মদৰ বটলৰ মাজত নিজকে ধ্বংস কৰি দিয়া নাই। ভাৱ হ’ল, নিজকে বেছ
স্থিৰ কৰিয়েই ৰাখিছে। সেই বাবেইতো ক’লোঁ,- ‘বেচেৰা। তুমি কিয় জীৱনটো মোৰ বাবেই
নষ্ট কৰি দিলা? ইচ্ছা কৰিলে এতিয়াও --।’ তেওঁ ক’লে- ‘বাদ দিয়া। এতিয়াই ভালে আছোঁ।’
তেতিয়া শুনি কিন্তু মনটোত বেছ আহ্লাদ আহ্লাদ ভাৱ হৈছিল। মোৰ বাবেই ক’ৰবাত কোনোবাই
যে বহি বহি বিৰহৰ নিশ্বাস এৰিছে, ভাবিলে নিজকে কিন্তু বেছ দামী যেন লাগে। নহয়
জানো? কওকচোন।”
তেত্ৰিছ বছৰীয়া তুহিনাৰ চকুৱে-মুখে যেন কিশোৰীৰ
লাৱণ্য।
মলয়ে ক’লে – “ কি ক’ম কোৱা। এক্স্পিৰিয়েন্সতো নাই।
আমাৰ দৰে অভাগাৰ বাবেতো কোনো সুন্দৰীয়ে জীৱনটো নষ্ট কৰি দীঘল দীঘল নিশ্বাস এৰা
নাই।”
“সেইটো হয়।”
তুহিনাই ক’লে- “ আপোনাৰ এই বন্ধুজনে মুখখন
এপাচিমান কৰি যেনেকৈহে বহি আছে যে গোটেই মুডটোৱেই নষ্ট হৈ গৈছে। আহিছিলোঁ, দুখতে
মৰি মৰিও মনটো সামান্য আহ্লাদিত কৰিবলৈ ---”
“আহ্লাদিত কৰিবলৈ?”
“ কিয় নহ’ব? হঠাত যদি জানিব পৰা যায়, মোৰ ক’ৰবাত
এটা বৰ ডাঙৰ সম্পত্তি আছিল, মই ইমানদিন জনাই নাছিলোঁ, আৰু এতিয়া খবৰটো পাইছোঁ –
তেতিয়া হ’লে কেনে লাগিব বাৰু?”
“ তেতিয়া অৱশ্যে আহ্লাদত ভাঁহি থকাটো অন্যায়
নহয়।”- মলয়ে সামান্য হাঁহি ক’লে। “ অৱশ্যে চিৰন্তনেও মুখ ফুলাই থকাৰ কোনো মানে
নাই। ‘দেৱদাস’তো আকাশেদি উৰি গুচিয়েই গ’ল।”
“ আৰু দেখা হোৱাৰো কোনো সম্ভাৱনা নাই, নে
কি?”—চিৰন্তনে কথাষাৰ কৌতুকৰ ভংগীৰে ক’লে যদিও তেওঁৰ অন্তৰত সঁচাকৈয়ে জানো কৌতুকৰ
সুৰ বাজিল? সেয়ে তেওঁ ক’লে – “ তেওঁৰ যেনেকৈ হঠাত এপদ নজনাকৈ থকা সম্পত্তি পোৱাৰ
আহ্লাদৰ বান আহিছে, মোৰো তেনেকৈ যথাসৰ্বস্বৰ পকা দলিলখন হঠাত যেন কেঁচা হৈ যোৱাত
দুখৰ বান আহিছে।”
তুহিনাই ক’লে – “ সেয়েহে কৈছোঁ পুৰুষ জাতিটো এক
নম্বৰ হিংসাকুৰীয়া। ইমান দিনে মোৰ লগত ঘৰ কৰিছে, মোক দেখিছে আৰু হঠাত্ সামান্য
ইফাল-সিফাল হওঁতেই ডাঙৰীয়াৰ পকা দলিল কেঁচা হৈ গ’ল। সঁচাকৈয়ে কৈছোঁ, তেওঁৰ কথা মোৰ
একো মনতে নাছিল। কিন্তু যেতিয়া দেখিলোঁ যে, মোক দেখাৰ লগে লগে তেওঁৰ মুখখন যেন
এগচি চাকিৰ দৰে উজলি উঠিল আৰু ৰৈ লৈ ক’লে, ‘তুমি’! তেতিয়াহে অন্তৰলৈ ধুমুহা আহিল।
নাহিবনে কওকচোন? আৰু তাৰ পাছত যেতিয়া জানিলোঁ, ‘মোৰ বিৰহত হৈছে বিলীন, মোতে কৰিছে
বাস’—তেতিয়া তেওঁৰ বাবে অন্তৰখনে হাহাকাৰ নকৰিবনে? তেওঁৰ সৈতে দৌৰি যাবৰ মন
নাযাবনে? ... সঁচাকৈয়ে বিদায়ৰ সময় বৰ কৰুণ।যিয়েই নোবোলক লাগে, ‘প্ৰথম প্ৰেম’
বস্তুটোৱেই এটা সুকীয়া বিষয়। আৰু হয়তো কেতিয়াও দেখা নাপাম।”
“ভদ্ৰলোকনো থাকে ক’ত?”- মলয়ে সুধিলে।“ এই পৃথিৱী
নামৰ গ্ৰহটোতেইতো, নে মংগল গ্ৰহত?”
“ তেনেকুৱাই। ক’লে নাইজেৰিয়ালৈ যাব। ছয়-সাত বছৰৰ
মূৰত এইবাৰ মাত্ৰ দুদিনমানৰ বাবে ঘৰলৈ আহিছিল।”
“ও।”
মলয় নিশ্চিত হ’ল। নামটো শুনি প্ৰথমতে অলপমান
সন্দেহ হৈছিলেই।পাছে এই পৰিচয়খিনি পোৱাৰ পাছত নি:সন্দেহ হোৱা গ’ল। কিন্তু মলয়ে
নি:শব্দে গাড়ী চলাই গৈ গৈ তুহিনাহঁতৰ ঘৰ পালেগৈ আৰু তেওঁলোকক ‘শুভৰাত্ৰি’ জনাই
বিদায় লৈ গ’লগৈ।
তেওঁ ক’ব নোৱাৰিলে যে, হে’ৰি মিছেছ বিশ্বাস,
আপোনাৰ বিশ্বাসৰ ভেঁটিটোৰ মাটিখিনি একেবাৰে বেলেগ। সেই সুৰঞ্জন বসুক মই ভালকৈ
জানো। মোৰ দাদাৰ খুলশালীৰ লগা-ভগা। অফিছৰ কামতে আহিছে আৰু ঘৈণীয়েকক নমাই থৈ আহিছে
দিল্লীৰ এখন বিয়া-ঘৰত। যিখন বিয়াৰ বাবে মোৰ মানুহজনীও আজি দহদিন
ধৰি দিল্লীতে আছে। তেওঁ এতিয়া আৰু দুদিন সেই বিয়াখনতে কটাই ঘৈণীয়েকক লৈ
নাইজেৰিয়ালৈ যাবগৈ। নাই, তেওঁ ক’ব নোৱাৰিলে।
ক’ব নোৱাৰিলে তেওঁৰ প্ৰাণৰ বন্ধু চিৰন্তনকো।
এই অবোধ আহ্লাদী তুহিনা বিশ্বাসে হঠাত্ পাই যোৱা
সেই সম্পদপদ ক্ৰোক কৰি লৈ যাব নোৱাৰি। এটা নিষ্ঠুৰ আঘাতেৰে তেওঁ সপোনেৰে গঢ়া সেই
ৰঙীণ কাঁচৰ ফুলদানীটো চূড়মাৰ কৰি দিব নোৱাৰি।
মলয়ে ভাবিলে, ‘মায়া-মমতা’ বোলা বস্তুটো কিজানি
স্ত্ৰীজাতিৰ নিজস্ব বিজিনেছ।
কিন্তু সঁচাকৈ হয় জানো? এই ক্ষেত্ৰত মলয় নহৈ যদি
কোনোবা মলয়া হ’লহেঁতেন? তেওঁ সেই অবোধ ছোৱালীজনীৰ উজ্জ্বল মুখখন দেখি কোনো
প্ৰতিক্ৰিয়া কৰিলেহেঁতেননে? তোমাৰ ‘প্ৰথম প্ৰেম’ তোমাৰ স্মৃতিৰ পৰা মচি দিয়া। তেওঁ
আনন্দেৰে আছে। তেওঁৰ নদন-বদন সংসাৰ।
মলয়া হোৱা হ’লে পাৰিলেহেঁতেন। মলয় কিন্তু ইমান
নিষ্ঠুৰ হ’ব নোৱাৰিলে।
কিন্তু সুৰঞ্জন নামৰ সেই মানুহজন? তেওঁ যে তুহিনাৰ
ওচৰত নিজৰ জীৱনৰ প্ৰধান বাতৰিটোৱেই লুকুৱাই থৈ কৈ গ’ল, ‘অকলশৰীয়া নহৈ আৰু কি হ’ব?
পত্নী? পত্নী ক’ত পাম? .... এই হতভগীয়াকনো কোনে বিয়া কৰাবলৈ আহিব?’—এইবোৰ কি তেওঁৰ
একালৰ প্ৰেমিকাৰ সমুখত নিজৰ ‘ইমেজ’টো বজাই ৰাখিবৰ বাবেই কৰিলে? নে সেই
অবোধ হৃদয়ৰ ছোৱালীজনীৰ প্ৰত্যাশাত উজ্জ্বল সেই উজ্জ্বল চকুযুৰিৰ ওপৰত এটা বাস্তৱ
সত্যৰ ক’লা ছাঁ পৰিব বুলিয়েই এনে কৰিলে? ..... অৰ্থাৎ মায়া, মমতা অথবা কৰুণা।
0 Comments