গল্পঃ ভেৰোণাৰ দুজন ভদ্ৰলোক/ এ জে ক্ৰণিন


ভেৰোণাৰ দুজন ভদ্ৰলোক (Two Gentlemen of Verona )

মূল (ইংৰাজী) : এ জে ক্ৰণিন
অনুবাদ : ডা° বিপুল কুমাৰ বৰুৱা






আল্পস পৰ্বতৰ পাদদেশেৰে গাড়ীৰে আহি থাকোঁতে ভেৰোণা চহৰৰ সীমামূৰিয়লিত দুটি কণ কণ ল’ৰাই আমাক ৰখালে ৷ সিহঁতে বন বগৰী বেচি আছিল ৷ আমাৰ সিয়ান ড্ৰাইভাৰ লুইগিয়ে সাৱধান কৰি দিলেই নহয় -“ নিকিনিব, নিকিনিব ৷ ভেৰোণাত গৈ আমি ইয়াতকৈ বহুগুণে ভাল ফলমূল পাম ৷ তদুপৰি এই ল’ৰাবোৰ....”

সি কান্ধ জোকাৰি সিহঁত দুটাৰ জধলামধলা ৰূপটো চাই সিহঁতক হেয়জ্ঞান কৰিব খুজিছে তাকে বুজাব বিচাৰিছিল ৷
ল’ৰা দুটাৰ এটাই পিন্ধিছে এটা পুৰণা উৱলি যোৱা জাৰ্চী আৰু খাকী পেণ্ট ৷ আনটোৱে আক’ এটা কোচমোচ খোৱা সৈনিকৰ চোলা পিন্ধিছে ৷ তাৰ খীণ গাটোত সেইটো বৰ ঢিলা লাগিছে ৷ তথাপি কণমানি দুটিৰ মাগুৰবৰণীয়া ছালৰ , জুতুলাচুলীয়া আৰু কৌতূহলদীপ্ত চকুহাললৈ চাই আমি আচৰিতভাবে ল’ৰা দুটাৰ প্ৰতি বেছ আকৃষ্ট হৈ পৰিলোঁ ৷
মোৰ সংগীজনে ল’ৰাদুটিৰে কথা-বতৰা পাতি আৱিষ্কাৰ কৰিল যে সিহঁত দুটি সহোদৰ ৷ নিকোলা মানে ককায়েকটো তেৰবছৰীয়া ; জেক’প’ ভায়েক যিটো গাড়ীৰ দৰ্জাৰ হেণ্ডেলৰ নিচেই কাষত তাৰ বয়স প্ৰায় বাৰ বছৰ ৷ সিহঁতৰ বনবগৰীৰ আটাইতকৈ ডাঙৰ পাছিটোকে আমি কিনিলোঁ আৰু তাৰ পিচত নগৰাভিমূখে ৰাওনা হ’লোঁ ৷


পাচদিনা হোটেলৰ পৰা ওলাওঁতে আমাৰ চকুত পৰিল - আমাৰ নতুন বান্ধৈ দুটিয়ে দেখোন পাব্লিক স্কোৱেৰৰ ফুৱাঁৰাটোৰ কাষতে জোটা পালিচ কৰা বাকচ দুটি লৈ তলমূৰকৈ নিজৰ কণমানি ব্যৱসায়টিত মনপুতি লাগি আছে ৷
কেইমিনিটমান আমি তাহাঁতকে চাই থাকিলোঁ ৷ আৰু অৱশেষত যেতিয়া সিহঁতৰ ব্যৱসায় চেৰেমা পৰিল তেহে কাষ চাপিলোঁহি ৷ গালেমুখে বন্ধুত্বৰ জেউতি বিৰিঙাই দুয়োটাই আমাক সাদৰেৰে সম্ভাষণ জনালে ৷


“ মইতো ভাবিছিলোঁ তোমালোকে ফলমূল বেচি বুটলিয়েই পেট প্ৰৱৰ্তোৱা ” - মই অৱগত কৰালোঁ ৷
“ আমি দুটাই আৰু বহুত কিবাই কৰোঁ , চাৰ ! ” - নিকোলাই বেছ গম্ভীৰভাৱে ক’লে ৷
সি আমালৈ বহু প্ৰত্যাশাৰে চাই আছিল ৷ ক’লে - “ আমি প্ৰায়ে নগৰলৈ ফুৰিবলৈ অহা আলহীসকলক জুলিয়েটৰ সমাধিয়েই হওক আন কোনো চাবলগীয়া ঠায়েই হওক বাট দেখুৱাই লৈ যাওঁ ৷”
“ ঠিক আছে ; আমাক তোমালোকেই লৈ ব’লা ৷”


আমি ফুৰাচকা কৰি থাকোঁতে সিহঁত দুটাৰ স্বভাৱসুলভ নম্ৰতাই মনত সাঁচ বহুৱাইছিল ৷ সিহঁতৰ প্ৰতি থকা আগ্ৰহ সিহঁতৰ সুশীলতাই দুগুণে চৰালে ৷ এনেয়েতো দুয়োটা ল’ৰামতীয়াই দিয়কচোন ৷ পিচে বহুক্ষেত্ৰত বৰ নিৰ্জ্জু অকপট, ধূৰ্তালিৰ নামগোন্ধ নাই ৷ জেক’প’টি পিচে এটা ৰঙীয়াল কেৰ্কেটুৱাৰ দৰে ৷ নিকোলাৰ মুখত মিচিকনি আৰু সি সদাব্যস্ত ৷ ল’ৰাদুটাৰ বালসুলভ মুখমণ্ডলত এক গভীৰ চিন্তামেঘৰ ছায়া বিৰাজমান যি সিহঁতৰ বয়সক বহুদূৰ পিচ পেলাই ক’ৰবা পাইছেগৈ ৷


আমাক বোলে এপেকেট মাৰ্কিন চিগাৰেট লগা হ’ল , নাই বোলে অপেৰা চাবৰ মন টিকটৰ দৰকাৰ পৰিল , বোলে ভাল ৰেষ্টুৰাঁ ইয়াত কোন কেইখননো - এই সমস্ত তাগিদাক নিৰ্ভৰযোগ্যভাবে পূৰ কৰিবলৈ নিকোলা আৰু জেক’প’ৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰিছিলোঁ ৷ আমি যে ইহঁত দুটিৰ ওপৰত এনেদৰে লেকেটা লাগি ধৰিলোঁ তাৰ গুৰিতে হ’লগৈ দুয়োটাৰে কামৰ প্ৰতি থকা নিৰৱিশ্চিন্ন ধাউতি ৷ এই ঘামকালি প্ৰখৰ ৰ’দত সিহঁতে জোতা পালিছ কৰে, ফলমূল বেচে, খবৰ-কাকত বিলি কৰে আৰু পৰ্যটকৰ পৰিচালনা কৰে নগৰৰ ইমূৰৰ পৰা সিমূৰলৈ টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি ৷ আকৌ কিবা লাগ বুলিলে দৌৰোঁতা সিহঁতেই ৷


এনিশা আমি সিহঁত দুটাক বতাহে কোবাই থকা এক এৰাপৰলীয়া স্কোৱাৰত শিলেৰে বন্ধা পদপথৰ লাইটপোষ্টৰ তলত জিৰাই শঁতাই থকাত পালোঁগৈ ৷ নিকোলা অৱশ্যে পোন হৈ বহিয়েই আছিল ৷ দেখাতেই বেছ ভাগৰুৱা সি ৷ তাৰ ভৰিৰ কাষত বেচ নোযোৱা বাতৰি কাকতৰ নুৰা ৷ ককায়েকৰ কান্ধতে মূৰ থৈ জেক’প’ টোপনিত লালকাল ৷ তেতিয়া প্ৰায় মাজনিশাই বুলি ধৰক ৷


--“ তোমালোকেনো এই দোভাগ নিশা কিয় বাহিৰ ওলাই আহিলা, নিকোলা? ”
--“ পাদুৱাৰ পৰা আহিবলগা শেষ বাচখনলৈকে বাট চাই আছোঁ ৷ সেইখন পালেহিয়েই আৰু এই বাকী ৰোৱা খবৰ কাকত কেইখন বেচি অঁটাম ৷ ”
--“ তোমালোক দুটাই সঁচাকৈয়ে বৰ কষ্ট কৰাহে ! দুখে ভাগৰে দুয়োটাকে যি দেখিছোঁ লেবেজান কৰি পেলাইছে ৷”
--“ এই অভিযোগ আমি কৰা নাই নহয় চাৰ! ”


পিচে পিচদিনাৰ পুৱাই যেতিয়া মন ফোঁৱাৰাৰ পাৰত মোৰ জোতাযোৰ পালিচ কৰোৱাবলৈ গ’লোঁ তাক কৈয়ে পেলালোঁ নহয় ৷ “ নিকোলা তুমি আৰু জেক’প’ই যিটো ধৰণেৰে কাম কৰা তোমালোকেতো বেছ বুজন অংকৰ উপাৰ্জন কৰিব লাগে ৷ তোমালোকৰ পিন্ধন উৰণত খৰচা বুলিবলৈ একোৱেই নাই ৷ খোৱাওনো কি? যেতিয়াই দেখোঁ সেই ক’লা পাওৰুটী আৰু ডিমৰু কামোৰাতে পাওঁ ৷ এতিয়া মোক কোৱাচোন টকাসোপাৰ তোমালোকে কৰাইনো কি? ”
এনেয়ে সি ৰ’দত ৰঙাচিঙা পৰি আছিল- এতিয়া পিচে সি একেবাৰে শেঁতা পৰিল ৷ মজিয়ালৈকে তলমুৱাকৈ চাই ৰ’ল ৷


--“ মোৰ লাগিছে তোমালোক দুটাই আমেৰিকালৈ প্ৰব্ৰজন কৰিবলৈকে টকা সঁচাত উঠিপৰি লাগিছা ৷" অলপ পৰামৰ্শৰ সুৰতে ক’লোঁ ৷ সি মোলৈ কেৰাহিকৈ চালে আৰু কিবা এটা ক’বলৈ চেষ্টা কৰিলে ৷
-“ যুক্তৰাষ্ট্ৰ ; তালৈ যাবলৈ পালেতো বৰ ভাল পাম ৷ পিচে ইয়াত বহুত আন কামৰ পৰিকল্পনা আছে চাৰ ৷ ”
- “ কি কি পৰিকল্পনা বা ? ”
অসমঞ্জস স্থিতিত পৰিও সি মিচিকিয়ালে
-“ মাত্ৰ পৰিকল্পনা আৰু ! ” এনেকৈ কওঁতে তাৰ মাতষাৰ তেনেই সৰু হৈ পৰিছিল ৷
-“ বাৰু তেনে ” মই ক’লোঁ - “ আমি অহা সোমবাৰে পিচে ভেৰোণা এৰিমহঁক দেই ৷ আমি যোৱাৰ আগতে তোমালোক দুটাৰ বাবে আমি কৰিব পৰা কিবা কাম আছে নেকি কোৱাচোন ৷ ”
নিকোলাই মূৰ জোকাৰিলে ৷ কিন্তু জেক’প’ই মাত দিলে - “ চাৰ!” উৎফুল্লিত কণ্ঠেৰে ক’লে - “ প্ৰতি দেওবাৰে আমি গাঁৱলৈ মানে প’লেটালৈ যাওঁ ৷ ইয়াৰ পৰা ৩০ কিলোমিটাৰ হ’ব ৷ সাধাৰণতে আমি চাইকেল ভাড়ালৈ লওঁ ৷ কিন্তু কাইলৈ - যিহেতু আপুনি ইমান মৰমীয়াল - আপুনি নিশ্চয় আমাক গাড়ীৰে পঠিয়াই দিব ৷”
মই আক’ লুইগিক ইতিমধ্যে ক’লোঁৱেই - দেওবাৰে ছুটী ল’ব বিচৰা যদি লৈ লোৱাঁ ৷ তথাপি মই ক’লোঁ - “ মই নিজেই গাড়ী চলাই তোমালোকক লৈ যাম দিয়া ৷”
কিছুপৰ নিমাত নিতাল হৈ ৰ’ল ৷ নিকোলাৰ ভায়েকৰ ওপৰত খং ৷ কপাল কোঁচাই তালৈ গোঙোৰাকৈ চালে - কি যে ল’ৰা! ক’লে - “ বেয়া নাপাব চাৰ ৷ আপোনাক কষ্ট দিয়াৰ কথা আমি আচলতে ভাবিবই নোৱাৰোঁ ৷ ”
-“ একো কষ্ট নহয়হে !” মই ক’লোঁ ৷
নিকোলাই ওঁঠ দুটি কামুৰিলে আৰু তাৰ পাচত টনকিয়াল মাতেৰে ক’লে - “ বৰ ভাল লাগিব ৷”


পিচদিনা আবেলি পৰত আমি পাহাৰৰ ওখ টিঙনাত থকা সৰু গাঁও এখনলৈ বুলি ৰাওনা হ’লোঁ ৷ মই আক’ মনতে ভাবিগুণি আছিলোঁ যে আমাৰ গন্তব্যস্থান নিচেই সাধাৰণ দুখীয়া নিচলাৰ নিৰলা ঠাই এখন হ’ব আৰু ৷ কিন্তু জেক’প’ই দিয়া নিৰ্দেশ অনুসৰি মটৰগাড়ী চলাই আহি পালোঁহি ওখ শিলৰ দেৱালেৰে আগুৰা ৰঙা ৰং কৰা চাল মূধচৰ বিয়াগোম বিয়াগোম পকীঘৰ থকা এখন আধুনিক ভিলাহে ৷ মই নিজৰ চকুহালকে বিশ্বাস কৰিব পৰা নাছিলোঁ ৷ পিচে আশ্চৰ্যত উশাহকে সলাবৰ তঁত নৌ পাওঁতেই মোৰ মটৰৰ যাত্ৰী দুজনাই লাফ মাৰি নামিলেই নহয় !
- “ আমি ইয়াত বেছি পৰ নকৰোঁ,চাৰ ৷ বৰ বেছি হ’লেও এঘণ্টা মাত্ৰ ৷ আপোনাৰ যদি কিবা পানীয় লোৱাৰ ইচ্ছা আছে অলপ আগলৈ গৈ গাঁৱৰ কোনো কেফেটেৰিয়াত সোমাব পাৰে ৷” কথাকেইষাৰ কৈয়েই দেৱালৰ একোণত ল’ৰা দুটি অন্তৰ্ধান হোৱাদি মোৰ চকুৰ আঁতৰ হ’ল ৷


কেইমিনিটমানৰ পাচতহে যেনিবা ল’ৰা দুটা যোৱাৰ দিশতে সিহঁতৰ পিচ লোৱাদি ময়ো গাড়ীখন তাতে থৈ খোজ ল’লোঁ ৷ এখন গ্ৰীল লগোৱা প্ৰৱেশ পথ একাষে চকুত পৰাত সেইমোৱা হ’লোঁ ৷ আৰু এটা ভৱনৰ দুৱাৰডলিত উঠি মন দৃঢ় কৰি কলিংবেলটো বজালোঁ ৷ কাণিদুৱৰীকৈ এখন মুখ দেখা পালোঁ ৷ ষ্টীলৰ ফ্ৰেমৰ চশমা পৰিহিত এগৰাকী তিৰোতা ৷ তাৰ পাচত তেওঁক পূৰাকৈ দেখা পাই মই চকু থৰেই হৈছিল ৷ বগা ইউনিফৰ্ম পৰিহিত এগৰাকী প্ৰশিক্ষিত ধাত্ৰী দেখোন ৷
মই ক’লোঁ - “ এইমাত্ৰ মই দুজন সৰু ল’ৰাক ইয়ালৈ লৈ আনিছোঁ ৷”


- “ অ’ হয় নেকি? ” ধাত্ৰী গৰাকীৰ মুখমণ্ডল উদ্ভাসিত হৈ উঠিছিল ৷ দুৱাৰখন ভালকৈ মেলি মোক প্ৰৱেশ কৰিব দিলে ভিতৰচ’ৰালৈ ৷ ক’লে -“নিকোলা আৰু জেক’প’ নহয়নে ? ৰ’ব দেই মই আপোনাক তালৈকে লৈ যাওঁ , ব’লক ৷”
তেওঁ মোক টাইল লগোৱা চেঁচা দীঘলী বাট এটাৰে চিকিৎসালয়লৈ লৈ গ’ল ৷ চিকিৎসালয়খনৰ বাবেই বোধকৰোঁ এই ভিলাখন ইয়াত গঢ় লৈ উঠিল ৷ এটা সৰু কিউবিকলৰ দুৱাৰমুখত ধাত্ৰীগৰাকী থমকি ৰ’ল ৷ তেওঁ ওঁঠত আঙুলি থৈ মিচিকিয়াই মোক আইনাৰ বেৰখনেৰে ভিতৰলৈ চাবলৈ ইংগিত দিলে ৷


ল’ৰা দুটা এজনী প্ৰায় কুৰিবছৰীয়া ছোৱালীৰ বিচনাৰ কাষতে বহি আছে ৷ তাই আউজাই থোৱা গাৰুত হেলান লৈ বহি আছে ৷ পিন্ধনত এটা লেইচ লগোৱা জেকেট চোলা ৷ সিহঁতৰ কথা বতৰাবোৰলৈ কাণ দিওঁতে তাইৰ আজলী চকুহাল যেন সেমেকি উঠিছে ৷ তাই যে সিহঁত দুটাৰ সহোদৰা বায়েকেই হ’ব সিহঁতৰ চেহেৰাৰ মিল চায়েই যিকোনো মানুহে অনায়াসে ক’ব পাৰিব ৷ বনৰীয়া ফুলেৰে সজোৱা এটি ফুলদানী তাইৰ মেজত দেখা গৈছে ৷ কাষতে এখন থালত অলপ ফলমূলো আছে ৷ খনচেৰেক কিতাপো আছে ৷


-“ আপুনি ভিতৰলৈ যাব নেকি? ” ধাত্ৰীগৰাকীয়ে লাহেকৈ সুধিলে ৷ আকৌ ক’লে -“ আপোনাক লগ পালে লুছিয়াই বৰ ভাল পাব ৷”
মই মূৰ জোকাৰি মানা কৰিলোঁ আৰু তাৰ পৰা আঁতৰি আহিলোঁ ৷ মোৰ এনেকুৱা উপলব্ধি হৈছিল যে পৰিয়াল এটিৰ এনে সুখৰ মেলত মই অনাহুতই অনধিকাৰ সোমাই পৰাটো মোৰ নিজৰে বাবে অসহনীয় হ’ব ৷ কিন্তু খটখটীৰ শেষৰটো খোজ পেলায়ে আকৌ ওভতি আহিলোঁ আৰু ধাত্ৰীগৰাকীক খাটিলোঁ যাতে ল’ৰা দুটাৰ বিষয়ে তেওঁ লাগে যি অলপেই জানে তাৰে যেন মোক অৱগত কৰায় ৷


তেওঁ বৰ আগ্ৰহেৰে মোক কৈ গ’ল ৷ তেওঁ ব্যাখ্যা কৰিলে সহমৰ্মিতাৰে ৷ “ ল’ৰা দুটি এই পৃথিৱীত তেনেই নিথৰুৱা ৷ হয়, কোনোৱেই নাই - আপোন বুলিবলৈ এই একেজনী মাথোন বায়েক - লুছিয়া ৷ বিপত্নীক আছিল সিহঁতৰ নামজ্বলা গায়ক সৈনিক দেউতাক ৷ যুদ্ধৰ প্ৰথমছোৱাতে তেখেত নিহত হ’ল ৷ মাত্ৰ কেইটামান দিনৰ পাচতে এক বোমা বিষ্ফোৰণত সিহঁতৰ ঘৰটোও বিধ্বস্ত হ’ল আৰু এই তিনিটা প্ৰাণী অঘৰী হৈ পৰিল ৷ পূৰ্বে সিহঁতে সুখ সুবিধাৰে ভৰা সংস্কৃতিবান জীৱন নিৰ্বাহ কৰিছিল ৷ পিতাকৰ দৰেই সংগীত সাধনাৰে জীয়াৰী লুছিয়া ভাল গায়িকা হৈ উঠিছিল ৷ আৰু তাৰ পাচত সিহঁতৰ জীৱন ইমানেই কষ্টকৰ হৈ পৰিল যে কেতিয়াবা খাবলৈ খুদকণ এটিও নাপায় বা গোটাব নোৱাৰে ৷ হাড় কঁপোৱা শীতকালত ঠাণ্ডাত সিহঁত পেঁপুৱা লাগে ৷ ভগাছিগা বস্তুৰে সিহঁতে কোনোমতে ঘৰ বুলি কোনোমতে সাজি লোৱা আশ্ৰয়থলীত সিহঁতে কোনোমতে জীউ কেইটা বচাই থাকিল ৷ তাতে আকৌ এই নগৰ জাৰ্মানৰ কবললৈ গ’ল ৷ ডাঙৰ হৈ আহিল মানে ইহঁত দুটাৰ জাৰ্মান শাসকগোষ্ঠীলৈ ঘৃণাৰ ভাবো ডাঙৰ হ’ল ৷ যেতিয়া গোপন প্ৰতিবাদী প্ৰতিদ্বন্দ্বী আন্দোলন গঢ় লৈ উঠিল ইহঁত দুটায়ো তাত যোগদান কৰিবলৈ গ’লগৈ ৷ শেহত যুঁজৰ ওৰ পৰিল আৰু আমি শান্তি ঘূৰাই পালোঁ ৷ ইহঁত দুটাই ঘূৰি আহি পালেহি চেনেহৰ বায়েকৰ ৰাজহাড়ত যক্ষ্মা হৈছে ৷ সিহঁতে বাৰু বায়েকৰ আশাই এৰি দিছিল নেকি? এনে প্ৰশ্নই নুঠিল বা মই কাকো উত্তৰ দিবলৈও নহ’ল ৷ সিহঁত দুটাই মৰমৰ বায়েকজনীক ইয়ালৈ আনিল ৷ আমাৰ হাতেভৰিয়ে ধৰিলে যেনে তেনে লুছিয়াক যেন আমাৰ হস্পিতালত ভৰ্তি কৰাওঁ ৷ আৰু আজি বাৰ মাহ ধৰি তাই আমাৰ ৰোগী ৷ আৰু তাই আৰোগ্যৰ পথতো ৷ তাই যে এদিন খোজকাঢ়িব, আগৰ দৰে গান গাব সেইবোৰ সম্ভাৱনা প্ৰখৰ হৈ আহিছে ৷ সঁচাকৈ আজিকালি প্ৰতিটো ক্ষেত্ৰতে কিমান যে কঠিনতা ! খোৱাবস্তু নোহোৱা হৈ আহিল ৷ যি আছে তাৰো জুইছাই দাম ৷ আৰু আজি আমি ৰোগীৰ পৰা মাচুল আদায় নকৰিলে হস্পিতাল চলাবৰে টনাটনি হয় ৷ কিন্তু প্ৰতি সপ্তাহে নিয়মীয়াকৈ লুছিয়াৰ ফীজ তাইৰ এই সোণামুৱা ভায়েক দুটাই জমা কৰে দেই ৷ ”


বৰ সৰলতাৰে ধাত্ৰীগৰাকীয়ে আকৌ ক’লে - “ নাজানো ইহঁত দুটাইনো ক’লৈ গৈ কি কৰে ৷ মই পিচে সেইবোৰ উকটিও নুফুৰোঁ ৷ ভেৰোণাত দেখোন কাম পাবলৈ নায়েই ৷ কিন্তু সি যি কি নহওক মই জানো ইহঁতে এইটো ভাল কাম কৰিছে ৷ ”
- “ হয় দেই !” মই শলাগ ল’লোঁ আৰু ক’লোঁ - “ ইহঁতে এইটো বৰ ভালকৈ কৰিছে ; ইয়াতকৈ আৰু কৰিব নোৱাৰে ৷”


ল’ৰা দুটিয়ে মোক পুনৰাই লগ কৰালৈকে মই সিহঁতলৈ বাহিৰতে বাট চালোঁ ৷ তাৰ পাচত পুনৰ নগৰলৈ বুলি মটৰতে তুলি আনিলোঁ ৷ মোৰ কাষতে বহিছে অথচ সিহঁত নিমাত ৷ মোৰ ফালৰ পৰাও কোনো কথা নুলিয়ালোঁ ৷ মই জানিছিলোঁ সিহঁতে সিহঁতৰ এইকণ গোপনীয়তা মোৰ পৰা নিৰাপদে থাকক তাকে মনেপ্ৰাণে বিচাৰে ৷ এইয়াও সত্য যে সিহঁতৰ এই তপস্যোপম সদ্ভাৱণা আৰু কৰ্তব্যনিষ্ঠাই মোৰ অন্তৰৰ নিভৃত অতল স্পৰ্শ কৰি আছে ৷ যুদ্ধই সিহঁতৰ আত্মিক উদ্যমৰ সৌধ ভাঙিব নোৱাৰিল ৷ সিহঁতৰ নিস্বাৰ্থ কৰ্মই মনুষ্যত্বলৈ ভদ্ৰতাৰ নিভাঁজ সংজ্ঞা এটি উপহাৰ দিলে ৷ ই মানৱ সমাজৰ মাজলৈ এক বিৰাট আশাৰ প্ৰতিশ্ৰুতি ৷


Post a Comment

0 Comments