ৰাষ্ট্ৰপতি ৰুজভেল্টলৈ এলবাৰ্ট আইনষ্টানৰ চিঠি




ৰাষ্ট্ৰপতি ৰুজভেল্টলৈ এলবাৰ্ট আইনষ্টানৰ চিঠি
অনুবাদ ঃ দেৱাশ্ৰী বৰগোহাঁই





এলবাৰ্ট আইনষ্টান
অল্ড গ্ৰ
পেচনিক, লং আইলেণ্ড
আগষ্ট, ১৯৩৯

এফ. ডি. ৰুজভেল্ট
ৰাষ্ট্ৰপতি, সংযুক্তৰাষ্ট্ৰ
হোৱাইট হাউছ
ৱাছিংটন ডি. ছি.

মহোদয়,

সাম্প্ৰতিক কিছু কামৰ পাণ্ডুলিপিৰে . ফাৰ্মি আৰু এল. ছিজাৰ্ডে মোৰ তে যোগাযোগ কৰিছিল, যিয়ে নিকট ভৱিষ্যতত ইউৰিনিয়ামক এক নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসৰূপে পৰিণত কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে বৰ্তমান যি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰবাবে কিছু সতৰ্কতা অৱলম্বন কৰাৰ লগতে প্ৰয়োজন অনুযায়ী প্ৰশাসনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা উচিত সেয়ে মই ভাৱো যে নিম্নলিখত তথ্য আৰু অনুমোদনসমূহ আপোনাৰ দৃষ্টিগোচৰ কৰাতো মোৰ কৰ্তব্য

       যোৱা চাৰি মাহত ফ্ৰান্সৰ জুলিয়ট আৰু আমেৰিকাৰ ছিজাৰ্ডৰ গৱেষণাৰ পৰা এইটো নিশ্চিত হৈ উঠিছে যে, ইউৰেনিয়ামৰ বৃহৎ ভৰৰ পাৰমানৱিক শৃংখল বিক্ৰিয়া ঘটোৱা সম্ভৱ, যিয়ে প্ৰচুৰ পৰিমানৰ বিদ্যুত আৰু যথেষ্ট পৰিমানৰ ৰেডিয়াম সদৃশ কণা উৎপন্ন কৰে বৰ্তমান এইয়া সুনিশ্চিত যে অনতিবিলম্বে ভৱিষ্যতে আমি ইয়াক আহৰণ কৰিব পাৰিম

       এই নতুন পৰিঘটনাটোৱে বোমা নিৰ্মাণতো সহায় কৰিব কল্পনাসাধ্য- যদিও অনিশ্চিত- এই প্ৰক্ৰিয়ায়ে অত্যন্ত শক্তিশালী বোমা নিৰ্মাণ কৰিব পৰা যাব এনেকুৱা একোটা বোমা নাঁৱৰে কঢ়িয়াব পৰা যাব আৰু যদি কোনো বন্দৰত বিস্ফোৰণ ঘটোৱা হয় তেনেহলে সমগ্ৰ বন্দৰটোৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰো ধ্বংস যিকি নহওক, এনেধৰণৰ বোমাসমূহ বায়ুৰে পৰিবহন কৰাৰ ক্ষেত্ৰত গধুৰ প্ৰমাণিত পাৰে

       সংযুক্তৰাষ্ট্ৰত ইউৰেনিয়াৰ যথেষ্ট কম আকৰ মধ্যম পৰিমাণত আছে কানাডা আৰু চেকোস্লোভাকিয়াত কিছু ভাল আকৰ আছে, অন্যহাতে ইউৰেনিয়ামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস আছে বেলজিয়ান কঙ্গোত

       পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি প্ৰশাসন আৰু আমেৰিকাৰ শৃংখল বিক্ৰিয়াৰ গৱেষণাৰ লগত জড়িত পদাৰ্থবিদসকলৰ মাজত এক স্থায়ী সম্পৰ্ক স্থাপনৰ কথা চিন্তা কৰিব পাৰে এই ক্ষেত্ৰত এক সম্ভাৱিত উপায় আপুনি এনে এজন ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰা যাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ আস্থা আছে আৰু যি সম্ভৱত বেচৰকাৰী ক্ষমতাত সেৱা আগবঢ়ায় তেওঁৰ দায়িত্ববোৰ ব-

() চৰকাৰী বিভাগসমূহৰ লগত সম্পৰ্ক বজাই ৰখা, তেওঁলোকক পৰৱৰ্তী বিকাশবোৰৰ বিষয়ে অৱগত কৰোৱা, সংযুক্তৰাষ্ট্ৰত ইউৰেনিয়াৰ সৰবৰাহৰ ক্ষেত্ৰত থকা সমস্যাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দি চৰকাৰী পদক্ষেপৰ বাবে চুপাৰিছ কৰা

() পৰীক্ষামূলক কামৰ গতি ক্ষীপ্ৰ কৰা, যি বৰ্তমান বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰ সীমিত বাজেটত চলি আছে, তেওঁৰ ব্যক্তিগত সম্পৰ্কৰে যদি কোনো ব্যক্তিয়ে এই গৱেষণাৰ বাবে প্ৰয়োজনীয় পুঁজি নিৱেশ কৰিব বিচাৰে তাৰ যোগাৰ কৰা আৰু সম্ভৱত: উদ্যোগিক বিজ্ঞানাগাৰসমূহৰ লগত সহযোগিতা স্থাপন কৰা গৱেষণাৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম আছে

       মই বুজিব পাৰিছো যে, জাৰ্মানীয়ে চেকোস্লোভাকিয়াৰ খনিৰ পৰা ইউৰেনিয়ামৰ বিক্ৰী বন্ধ কৰি দিছে তেওঁলোকে এনে কিছুমান প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰা উচিত হয়তো আনে বুজে যে জাৰ্মানীৰ অধীনৰ ৰাষ্ট্ৰ সমূহৰ সচিব ৱেইজস্কাৰৰ পুত্ৰ বাৰ্লিনৰ কাইজাৰ উইলহেল্ম প্ৰতিস্থানৰ লগত জড়িত কেইবাজনো আমেৰিকানে ইউৰেনিয়ামৰ ওপৰত কাম কৰি আছে
আপোনাৰ অতিশয় বিশ্বাসী


এলবাৰ্ট আইনষ্টান




www.apsctutorials.com


Post a Comment

0 Comments