গল্পঃ বু / চাদাত হাসান মান্টো

বু

 

মূলঃ চাদাত হাসান মান্টো

অনুবাদঃ কৃষ্ণা দাস


 

বৰষুণৰ এনেকুৱা দিনেই আছিল আঁহতৰ পাতবোৰে খিৰিকীৰ বাহিৰত এনেকৈয়ে তিতি আছিল চেগুন কাঠৰ এই স্পিংৰ পালেংৰ ওপৰতেই এজনী ঘাটক ছোৱালী, ৰণবীৰৰ লগত গাত গা লগায় সনাপিঠা হৈ আছিল, যিখন এতিয়া খিৰিকীৰ ওচৰৰ পৰা ঠিক অলপ দূৰৈত ৰখা হৈছে

খিৰিকীৰ ওচৰত আঁহতৰ ফিজা পাতবোৰে ৰাতিৰ আন্ধাৰত যেন জোনাকী পৰুৱাৰ দৰে নাচি আছিল আৰু দিনৰ দিনটো এখন ইংৰাজী কাকতৰ গোটেইবোৰ খবৰ পঢ়াৰ পিছত সন্ধিয়া  কিছু গীত শুনিবৰ বাবে বেলকনিত থিয় হৈ সি সেই ঘাটক ছোৱালীজনীক….যি বৰষুণৰ পৰা বাচিবৰ বাবেই তেতেলী গছডালৰ তলত থিয় দি আছে যিয়ে ওচৰৰ কাৰখানাত কাম কৰে তাইক ইংগিতেৰে ওপৰলৈ মাতিলে

তেওঁ বহুত দিনৰ পৰা এক তীব্ৰ অকলশৰীয়াবোধ অনুভৱ কৰি আছিল প্ৰায় বহুতো খ্ৰীষ্টিয়ান ছোৱালী, যিবোৰ সস্তা দামত পোৱা গৈছিল.. ব্ৰিটিছ মহিলা ফৌজত ভৰ্তি হৈ গৈছিল তাৰে ভিতৰৰ কিছুৱে ৰ্ট এলেকাত ডান্স স্কুল খুলী লৈছিল, কেৱল গোড়া চিপাহীৰহে যোৱাৰ অনুমতি আছিল…. ৰণধীৰ বহুত উদাস হৈ পৰিছিল

তেওঁৰ উদাসীনতাৰ কাৰণ এয়ে আছিল যে ….ছোৱালীবোৰ দিনক দিনে অপ্ৰাপ্য হৈ গৈছিল আৰু দ্বিতীয়তে, গোড়া চিপাহীৰ তুলনাত বহুতো সুৰুচিপূৰ্ণ , শিক্ষিত আৰু সুঠাম  ডেকাৰ বাবে ৰ্টৰ বহুতো ক্লাৱৰ দুৱাৰ বন্ধ কৰি দিছিলসিহঁতৰ ছালৰ ৰং বগা নাছিল বাবে

যুদ্ধৰ পূৰ্বতে ৰণধীৰে নাগপাড়া আৰু তাজমহল হোটেলৰ বহুতো প্ৰখ্যাত আৰু সুন্দৰী খ্ৰীষ্টিয়ান ছোৱালীৰ লগত শাৰিৰীক সম্পৰ্ক গঢি তুলিছিলতেওঁ খুব ভালদৰেই জানিছিল যে সেইসকল খ্ৰীষ্টিয়ান ৰাৰ তুলনাত এইবোৰ ৰাই যথেষ্ট ভাল যাৰ লগত সিহঁতে ৰোমাঞ্চ কৰে আৰু শেষত বেলেগ বুৰ্বক এটালৈ বিয়া হয় যায়..

ৰণধীৰে কেৱল হেজলক প্ৰতিশোধ লোৱাৰ বাবেই সেই ঘাটক ছোৱালীজনীক ইংগিতিৰে মাতিছিল হেজল তেওঁৰ ফ্লেটৰ ঠিক তলতেই বাস কৰিছিল আৰু সদায় পুৱা ইউনিফৰ্ম পিন্ধি চুটি চুলিৰ ওপৰত খাকি টুপি পিন্ধি ইমান মনোমোহাকৈ খোজ পেলাইছিল যেন ফুট পাথৰ সকলোৱে চাই

ৰণধীৰে ভাবে কিয় তেঁও এই খিষ্টিয়ান ছোৱালীবোৰৰ দৰেই ইমান বেছি আকৃষ্ট কোনো সন্দেহ নাই তাই শৰীৰৰ দেখুৱাব পৰা সকলো খিনিয়েই প্ৰদৰ্শিত কৰিছে কোনো সংকোচ নোহোৱাকৈ নিজৰ দস্তাবেজ দাঙি ধৰে পাৰ হৈ যোৱা পুৰণি দিনৰ ৰোমান্টিক কাহিনীবোৰ শুনায়এইবোৰটো ঠিকেই, কিন্তু অন্য গাভৰুও এনে গুণ থাকিব পাৰে

ৰণধীৰে ঘাটক ছোৱালীজনীক ইংগিতেৰে মাতিলে ঠিকেই কিন্তু তাই তাক সংগ কৰি শুৱাব এই কথাৰ একেবাৰেই উমান পোৱা নাছিল তাই কপি থকা দেখি সি লে-“এই কাপোৰ সলায় লোৱা চৰ্দি ‘’

তাই ৰণধীৰৰ কথাৰ অৰ্থ বুজি পালে কিয়নো তাৰ চকুত লাজকুৰীয়া চাৱনি স্পষ্টকৈ ভাহি উঠিছিল তাই ৰণধীৰে উলিয়াই দিয়া চুৰিয়াখনেৰে কাপোৰ সলায় লে চুৰিয়াখন মলিয়ন হৈ আৰু কিছু পাতল হৈ পৰিছিল লেহেংগাটো খুলি দুয়োমূৰ গাঁঠি মাৰি থোৱা আঁচলৰ গাঁঠি খুলিবলৈ আপ্ৰাণ চেষ্টা কৰিলে……শেষত ৰণধীৰে তাইৰ কাষত বহি লে আৰু গাঁঠি খোলাত লাগিল, নোখোলাত আঁচলখন জোৰেৰে টাঁনি দিয়াত তাইৰ উঠন বুকুৰ দৃশ্যই যেন তাক খেলি-মেলি লগালে

ক্ষন্তেক সময়ৰ কাৰেণ ৰণধীৰে ভাবিলে তাৰ নিজ হাতেৰেই এই ঘাটক ছোৱালীজনীৰ বুকুত, কোমলতাৰে পুত খাই থকা মৃত্তিকাৰে যেন নিপুণ কুমাৰৰ দৰে পিয়লাৰ আকাৰ দি দিলে

তাইৰ নিপুতল স্তনত সেই একেই ভাললগা অনুভুতি, স্পন্দন, গোলাকৃতি , একেই কুহুমীয়া অনুভূতি যি কুমাৰৰ হাতত প্ৰাণ পায় উঠা কেঁচা বৰ্তনত অনুভুত হয়

ধুসৰ ৰংৰ গাভৰু স্তনেৰে তাই কন্য়া, যিয়ে এক অদ্ভুত ধৰণৰ উজ্বলতাৰ সৃষ্টি কৰিছে, যাৰ পোহৰ থাকিও চিকমিকণি নাই, তাইৰ বুকুত এনে এক পোহৰৰ চাকি যি পুখুৰীৰ বোকাপানীত জলি আছে

বৰষুণৰ ঠিক এনেকুৱা দিনেই আছিল খিৰিকীৰ বাহিৰত আঁহতৰ পাতবোৰে এনেদৰেই কপি আছিলছোৱালীজনীৰ তিতা কাপোৰবোৰ বোকাৰ দমৰ দৰে পৰি আছিল আৰু তাই ৰণধীৰৰ গাতে গা লগায় আছিল তাইৰ উদং শৰীৰৰ তাপে এনেদৰেই উকমুকাই উঠিছিল যেন থৰথৰ কঁপনিৰ জাৰত কুহুমীয়া পানীৰ স্নানৰ  এক ভাল অনুভূতি।

গোটেই দিন তাই ৰণধীৰৰ গাত  গা লগায় আছিল….দুয়ো যেন এজনে আনজনত মিলিত হৈ গৈছে সিহঁতে খুব কমেই দুই এষাৰ কথা পাতিছিল, যি হৈ আছিল সি কেৱল উশাহৰ স্পন্দন, উঁঠ আৰু হাতেৰেই নিৰ্ণয় হৈ আছিল ৰণধীৰৰ হাত তাইৰ বুকুৰ ওপৰেৰে বতাহৰ গতিৰে আগবাঢ়িছিল আৰু তাইৰ সম্পূৰ্ণ শৰীৰত এক কম্পন সৃষ্টি হৈছিল যেন ৰণধীৰো কপি উঠিছিল

এনে কপনিৰ লগত ৰণধীৰৰ শতবাৰ সম্বন্ধ হৈছে সি খুব ভালকৈ তাক চিনি পায় বহুত ছোৱালীৰ কোমল আলসুৱা শৰীৰৰ বুকুত বুকু লগায় বহুতো ৰাতি পাৰ কৰিছে যিয়ে সম্পূৰ্ন বিলীন হৈ ঘৰৰ সেই সকলো কথা প্ৰকাশ কৰিছিল যি কথা পৰৰ বাবে নহয় সি এনে নাৰীৰ লগতো সম্পৰ্ক কৰিছিল যি তাক কোনো কষ্টই কৰিবলৈ নিদি সকলো নিজেই কৰিছিল…… কিন্তু এই ঘাটক ছোৱালীজনী,যি গছৰ তলত তিতা শৰীৰে থিয় দি আছিল তাই সম্পূৰ্ণ বেলেগ ধৰণৰ ছোৱালী আছিল

গোটেই ৰাতি তাইৰ দেহৰ পৰা এক অচিনাকী গোন্ধই ৰণধীৰক আমনি কৰি থাকিল সেই গোন্ধ ক্ষন্তেকৰ বাবে সুগন্ধি আৰু ক্ষন্তেকৰ বাবে দুৰ্গোন্ধও, যি ৰণধীৰে গোটেই ৰাতি পি থাকিল তাইৰ কাষৰ পৰা,বুকুৰ পৰা,চুলিৰ পৰা,পেটৰ পৰা, শৰীৰৰ প্ৰত্যেকটো অংশৰ পৰা ওলোৱা সেই সুগন্ধি আৰু বেয়া গোন্ধই তাৰ গোটেই দেহ মন অধিকাৰ কৰি লে গোটেই ৰাতি সি ভাবি থাকিলে যে এই ঘাটক নাৰী ইমান কাষত থাকিও  সম্পূৰ্ণ ওচৰ নহ হয় যদি তাইৰ শৰীৰৰ পৰা এই বু নোলালে হয়এই বু তাৰ মন মগজু পূৰ কৰি ৰাখিছিল তাৰ গোটেই নতুন পুৰণি অনুভূতিত ৰং সানি দিছিল

সেই গোন্ধই তাইক আৰু ৰণধীৰক পুলকিত কৰি তুলিছিল দুয়ো এজনে আনজনত বিলীন হৈ গৈছিল আৰু এনেদৰেই বান্ধ খাই সেই ক্ষণত আছিল  যিটো ক্ষণত যেন মানুহৰ বিশুদ্ধ সন্তোষ অনুভূত হয়, এনে সন্তোষ যেন খুব খন্তেকীয়া লেও অবিনাশী অবিৰাম সলনি লেও দৃঢ় আৰু অটল দুয়ো এক এনেকুৱা উত্তৰ হৈ যি আকাশৰ নীলাৰ মাজত উৰণ ততপৰতাটো দেখা দি আছিল

সেই বু,যি ঘাটক নাৰীৰ দেহৰ পৰা ভাহি আহিছিল তাক ৰণধীৰে খুব ভালদৰেই বুজি পাইছিল কিন্তু বুজি পাইও সি তাক ব্য়াখ্য়া কৰিব নোৱাৰিছিল যিদৰে ভিজা মাটিৰ এক গোন্ধ ওলাই….কিন্তু নহয়, সেই বু এক বেলেগ ধৰণৰ তাত বনস্পতি আৰু সুগন্ধি পানীৰ কোনো সংমিশ্ৰণ নাছিল, সম্পূৰ্ণ আচলনাৰী আৰু পুৰুষৰ শাৰীৰিক তুলনাৰ দৰে আচল আৰু প্ৰবিত্ৰ

ৰণধীৰে ঘামৰ গোন্ধক  ঘৃণ কৰিছিল স্নানৰ পাছতো সি গোটেই দেহত পাউদাৰ সানি লয় কিন্তু আচৰিত যে সি বহুতবাৰ…. হয় বহুতবাৰ  সেই ঘাটক নাৰীৰ নোমাল দেহক চুম্বন কৰিছে আৰু কোনো ঘৃণাই তাত ঠাই পোৱা নাই,তাতকৈ এক আচৰিত ধৰণৰ সন্তোষহে পাইছিল তাৰ এনেকুৱা লাগিছিল যে সি সেই বু চিনি পাইছিল, বুজি পাইছিল কিন্তু আন কাকো বুজাব পৰা নাছিল

বৰষুণৰ এই একেই দিন আছিলসি এনেই খিৰিকীৰে বাহিৰলৈ চোৱাত দেখিলে আহঁতে এনেকৈয়ে নাচি আছিল বতাহত থৰথৰ ,ফৰফৰ শব্দও আছিল

তাত ধূসৰ কিছু পোহৰো ভাহি আহিছিল যেন বৰষুণৰ টোপালেৰে ভৰা এটা ধুনীয়া বেলুন উৰি আহিছে…. বৰষুণৰ সেই একেই দিন আছিল যেতিয়া মোৰ কোঠাত চেগুনৰ মাত্ৰ এখনেই মালেং আছিল কিন্তু এতিয়া তাৰ লগতে আৰু এখন পালেং আৰু চুকত এখন ড্ৰেছিং টেবুলো আছে দিনবোৰ দীঘল আৰু বতৰতোও ঠিক এনেকুৱাই আছিল বৰষুণৰ টোপালবোৰৰ এনে দৃশ্যৰ লগতে চাৰিওফালে যেন জেতুকাৰ সুগন্ধি ভাহি আহিছে

আনখন পালেং খালী আছিলতাত ৰণধীৰে পেট পেলাই বাগৰি আছে খিৰিকীৰ বাহিৰে আহঁতৰ পাতত বৰষুণৰ টোপালৰ দৃশ্য চাই আছিলএজনী বগী ধুনীয়া ছোৱালী শৰীৰটোক চাদৰেৰে ঢাকিবলৈ অসফল চেষ্টা কৰিও কাষতে শুই তাইৰ ৰঙা ৰংৰ  ৰেচমী চুৰিদাৰ আনখন পালেংত পৰি আছে লগতে তাই খুলি থোৱা আন আন কাপোৰবোৰো আছিল এইসকলোবোৰ,ডাঠ ৰঙা ৰং আৰু জেতুকাৰ সুগন্ধি ভাহি আহিছিল তাইৰ কলা ঘন চুলিৰ গোন্ধ, গালৰ পাউদাৰ, তাতে ৰঙা ৰং এই সকলো মিলি এক অচিনাকী বু ভাহি আহিছিলঅচিনাকী ৰং আৰু তাইৰ শুভ্ৰ বুকুত কজলা ৰং সলায় ঠায়ে ঠায়ে ৰঙা ডাগ কৰিছিল

স্তন গাখীৰৰ দৰে বগাপাতল নীলা এক আভাও আছিল নোমহীন কাষলতিৰ কাষেৰে যেন এক ধূসৰ বেলুন হৈ পৰিছিল

ৰণধীৰে সেই ছোৱালীজনীলৈ চায় চায় বহুতবাৰ ভাবিছে….এনেকুৱা লগা নাইনে মই সেই কণটোৰ পৰা পোতান গুচাই সেই বন্ধ ঠাইৰ পৰা উদ্ধাৰ কৰিছো

কিতাপ আৰু চেনীৰ টেমাত আঁচ পৰাৰ দৰে তাইৰ দেহতো বহুতো আঁচ পৰিছিল                                                            

যেতিয়া সি তাইৰ ব্লাউজৰ হুক খুলে ..পিঠিত আৰু বুকুৰ মঙহত যেন কিছু চিন বহি আছিল, কঁকালত জৰি বন্ধাৰ চিন, ডিঙিৰ নেকলেচৰ বাবে বুকুৰ বহু ঠাইত আঁচ পৰিছে যেন নখেৰে বহুত জোৰেৰে খজুৱাইছে

বৰষুণৰ সেই একেই দিন আছিল আঁহতৰ ভিজা পাতবোৰে সেই সিদিনাৰ দৰে একেই শব্দ কৰি আছিল যিদিনা ৰণধীৰে গোটেই ৰাতি শুনি আছিল বতৰ খুব ধুনীয়া আছিল, ঠাণ্ডা বতাৰ লগতে  তাত জেতুকা আৰু কেঁচা মাটিৰ গোন্ধ মিশ্ৰিত আছিল

ৰণধীৰৰ হাতে সেই বগী ছেৱালীজনীৰ কেঁচা গাখীৰৰ দৰে বগা বুকুত বতাহৰ গতিৰে ফুৰিছিল..তাৰ আঙুলিয়ে যেন শুভ্ৰ দেহৰ ওপৰত এক জ্বালাৰ অনুভৱ কৰিলে এই আলসুৱা দেহৰ কেইবাঠাইতো সি  কপ-কপনি অনুভৱ কৰিলে যেতিয়া সি তাইৰ বুকুত বুকু লে তাৰ শৰীৰৰ  প্ৰত্য়েকডাল নোমেই যেন তাইৰ দেহৰ ভগা বীণৰ তাৰেও যেন শব্দ কৰি উঠিছিল…..কিন্তু সেই আৱাজ ?

সেই চিঞৰ, যি ঘাটক ছোৱালীজনীৰ মুখত স্পষ্ট হৈ উঠিছিল….সেই চিঞৰ যি পিয়াহত আতুৰ কেঁচুৱাৰ চিঞৰতকৈ বেছি, সেই চিঞৰ যি সপোন জগতপাৰ হৈ চিঞৰহীন হৈ পৰিল

ৰণধীৰে খিৰিকীৰে বাহিৰলৈ চাই আছিল, ঠিক তাৰ ওচৰতেই আঁহতৰ ভিজা পাতবোৰে নাচি আছিল সি সেই আনন্দৰ নাচোনৰ সিপাৰে চাবলৈ চেষ্টা কৰিলে মেঘাছন্ন্ আকাশত আচৰিত কিবা পোহৰ দেখিছিলঠিক তেনেদৰেই যেনেকৈ সেই ঘাটক নাৰীৰ বুকুত দেখিছিল, যেন গুপ্ত অংগৰ দৰেই লেও নিৰ্দিষ্ট কাৰণ নিশ্চয় আছে

ৰণধীৰৰ কাষত এজনী বগী ছোৱালীযাৰ শৰীৰ গাখীৰ আৰু ঘীত পকোৱা মৈদাৰ দৰে কোমল আলসুৱা, তাইৰ শৰীৰৰ পৰা জেতুকা ৰংৰ সুগন্ধি ভাহি আহিছিলতাই এতিয়া ভাগৰুৱা ৰণধীৰৰ এই সুগন্ধি দুৰ্গোন্ধ যেন অনুভৱ , এক বুজাব নোৱাৰা অনুভূতি যেন বদহজমীৰ ৰোসতহে পৰিছে

ৰণধীৰে নিজৰ কাষত বাগৰি থকা ছোৱালীজনীলৈ চালে.. যিদৰে গাখীৰ ফাটি চকলবোৰ উটি ভাহি ফূৰে ঠিক তেনেকৈ তাইৰ দেহত আঁচুৰ আৰু ডাগবোৰ স্পষ্ট হৈ আছে আৰু জেতুকাৰ সেই বিলক্ষণ গোন্ধৰণধীৰৰ মন মগজুত সেই বু সোমাই পৰিছিল,যি সেই ঘাটক ছোৱালীজনীৰ দেহৰ পৰা চেষ্টাহীন ভাৱে ভাহি আহিছিল.. জেতুকাৰ সুগন্ধিতকৈও অধিক মোহনীয়, ঘ্ৰাণ লোৱাৰ চেষ্টা তাত কৰা নহয়, নিজেই  নাকেৰে সোমাই তাৰ থিতাপিৰ ঠাই নিজেই বিচাৰি লয়

ৰণধীৰে শেষবাৰৰ বাবে ছোৱালীজনীৰ শুভ্ৰ দেহত আঙুলি বুলাইছিল কিন্তু কপ-কপনিৰ সেই অনুভৱ সি বিচাৰি নাপালেতাৰ -কইনা ঘৈণীয়েক,যি প্ৰথম শ্ৰণীৰ মেজিষ্টেডৰ ঘৈণীয়েক,যিয়ে বী. পাছ আৰু কলেজৰ শত ৰাৰ হৃদয়ত কপনি তুলিছিল, আজি ৰণধীৰৰ কোনো এটা অংশই চুব নোৱাৰিলে, কাপাব নোৱাৰিলে সি জেতুকাৰ সুগন্ধিৰ মাজত সেই বু বিচাৰি ফুৰিছিল, যিটো সময়ত খিৰিকীৰ বাহিৰত আঁহতৰ পাতবোৰে নাচি আছিল আৰু ঘাটক নাৰীৰ লেতেৰা দেহৰ পৰা ভাঁহি আহিছিল..


Post a Comment

0 Comments