গল্পঃ মেৰিলিয়া শুই উঠে / নাটালিয়া বৰ্হেজ্ পলেচ’

মেৰিলিয়া শুই উঠে

 

মূল: নাটালিয়া বৰ্হেজ্ পলেচ

ইংৰাজী অনুবাদ: জুলিয়া ছেঞ্চেচ

অসমীয়া: ময়ূৰী শৰ্মা বৰুৱা

গল্পকাৰ নাটালিয়াৰ স্থিৰচিত্ৰ


জহকালিও তাই আঁঠুৰ মূৰলৈকে ঢাক খোৱা মোজাযোৰ পিন্ধি থাকে৷ তাইৰ যিহে মৰঠাণ্ডা! পালেঙখনৰ পাৰটোতে বহি তাই মোজাযোৰ তললৈ পিছলাই নিয়েআঁঠুৰ তল, কলাফুল, সৰু গাঁঠিতাতে ৰৈ যায়৷ তাই নিজকে পোনাই লয়৷ পেটটোৰে তাই তললৈ বৰকৈ হালিব নোৱাৰে৷ দীঘলকৈ উশাহ টানি তাই হাতদুখন মেলি ধৰে৷ কামটো সিমানতে শেষ হয়৷ মোজাযোৰ জাপি-কুচি তাই গাৰুৰ তলত থৈ দিয়ে৷ সেইযোৰ শোওতে পিন্ধা মোজা৷ মেৰিলিয়া মৰম লগা নহ পাৰে, কিন্তু পালেঙৰ আনটো মূৰৰ পৰা তাইলৈকে তধা লাগি চাই মই যে তাইক ভাল নাপাই নোৱাৰোঁ৷

 

সৌৱা তাই পাকঘৰলৈ গৈছে৷ মই মনতে ভাবি ৰওঁ কিদৰে খন্তেক পাছতেই বাচনৰ খুটুং-খাটাং, দেৰাজৰ খোলা-জপোৱা আৰু আমি ইতিমধ্যে পাহৰি পেলোৱা কোনো গীত-সুৰীয়া সুঁহুৰিৰ মিশ্ৰিত শব্দই মোক জাগ্ৰত কৰি তুলিব৷ খিৰিকিখনৰ পিনে কাতি হৈ পৰি ৰওঁ৷ পৰ্দাবোৰত এতিয়াও ছাঁ-পোহৰৰ ধেমালি৷ চকুহাল মুদি মই মিচিকিয়াওঁ৷ হুলস্থূল আৰম্ভ৷ তাই জানি-বুজি নকৰে৷ তাইৰ হাতদুখনে যেন নীৰৱতা কি বুজি নাপায়৷ দুৱাৰখন ধামকৈ বন্ধ হৈছে আৰু আমাৰ ঘৰৰ ভিতৰৰ পৰা মই যে সেই একেই চিনাকি সংগীত শুনিবলৈ পাওঁ৷ গানটো কি পাৰে! ধৰি লওঁ সেইটো আমাৰেই গান৷ 

 

জানো যে অতি শীঘ্ৰেই মই গভীৰ টোপনিত থকাৰ ভাও ধৰিব লাগিব৷ কিয়নো হাতত কফি আৰু ষ্ট লৈ মেৰিলিয়া বিচনালৈ আহিব৷ সময় থাকিলে নেপকিনত এপাহ ফুল আঁকি আনিব৷ মেৰিলিয়াই ৰিমটেৰে চলোৱা গাড়ী ভাল পায়৷ তাই কাপোৰত মৰা পিন, পকেট থকা স্কাৰ্ট আৰু গছ-লতা ভাল পায়৷ তাই কেতিয়াও ফুল নিছিঙে৷ তাই ফুল আঁকে৷

 

দুৱাৰখন মেল খালে৷ মেৰিলিয়া আহি আমাৰ বিচনাত বহিল৷ হাতত ট্ৰেখন নাই৷ তাই মোৰ ভৰিত হাত থোৱা মাত্ৰকে মই হঠাতে খকমকাই সাৰ পোৱাৰ ভাও ধৰোঁ৷ পৰ্দাৰ পোহৰ পৰি তাইৰ অৱয়ব জিলিকে৷ চকু নেমেলাকৈয়ে তাইৰ কঁপা-কঁপা হাতদুখন ধৰি কিবা যে বিজুতি ঘটিছে গম পালোঁ৷ কি বুলি তাইক সুধিলোঁ৷ তাই কথা পাহৰা হৈছে সেইবুলি জনালে৷ মই বোলো আমি দুয়ো কথা পাহৰা হৈছোঁ৷ বিমৰ্ষ নয়নে মোলৈ চাই তাই লে কিদৰে কফিৰ দানা নিদিয়াকৈয়ে তাই কফি তৈয়াৰ কৰিছিল আৰু ষ্টটো দেৱাই পেলাইছিল৷ বিমোৰত পৰি মোৰ কপাল কোঁচ খাই ল৷ তাই পুনৰায় কৈ কেনেকৈ কফিদানা নোহোৱাকৈ তাই কফি উতলাইছিল, কফিপটটোত কেৱল উতলা পানী আছিল৷ কফিমগত পানী বাকি থাকোতে থতমত খাই এখন্তেক ৰওতে কিদৰে ষ্টটো দেই গৈছিল৷ তাইৰ যে বয়স হৈছে আৰু কথা পাহৰিবলৈ লৈছে সেইটোকে তাই মোক লে৷ মই কৈ উঠো যে আমি দুইজনীয়েই স্মৃতিবিভ্ৰমত ভোগা দুজনী বুঢ়ী৷

 

মোৰ কোঁচত পৰি থকা তাইৰ চুলিখিনিলৈ চাওঁ৷ নিজৰ পিনে শুই তাই মোক ভৰিদুখন ঢাকি দিবলৈ লে, “মাত্ৰ ভৰিদুখন,” তাই কয়, “খিৰিকিখন মেলি দিয়া হাত মেলি হেপিয়াই মই পৰ্দাৰ ৰছীডাল ঢুকি পাওঁ৷ বাহিৰৰ পোহৰে আমাক পোহৰাই দিয়ে, তাইৰ পকা চুলিত মোৰ শোতোৰা পৰা হাত৷ কিমান বছৰ হৈ বাৰু মেৰিলিয়া? কিমান যুগ ধৰি আমি দেওবৰীয়া পুৱাৰ এই পৰম্পৰা পালন কৰি আহিছোঁ? মই ভাবিহে থাকো, একোৱেই নোৱাৰোঁ৷ মেৰিলিয়াই অলপ কন্দা যেন ভাৱ হৈছে৷ যদি হয়, তেন্তে সেয়া ভিতৰত৷ পুৱাৰ জলপান সাজু কৰোগৈ বুলি তাই মোক লে৷ তাই বিচনাৰ পৰা নামে আৰু আঁতৰি যায়৷

 

এইবাৰ ফুল নাই৷ কিয় বুলি সুধিবলৈ মোৰ সাহ নহল৷ ফটা ওঁঠদুখন নোপোৰক বুলিয়েই মই লাহে লাহে কফিত চুমুক দিওঁ৷ কেনেবাকৈ টান টুকুৰা ডিঙিত লাগি চৰ্চৰণি খাওঁ বুলিয়ে পাউৰুটিৰ সৰু সৰু টুকুৰা মুখলৈ নিওঁ৷ তলমুৱা হৈ মেৰিলিয়াইও খাই আছে৷ দুয়োকে এক নতুনধৰণৰ সংকোচে আৱৰি ধৰে৷ মোৰ খোৱা শেষ ল৷ খিৰিকিৰে বাহিৰলৈ চাওঁ৷ আজিৰ দিনটো বৰ মনোৰম৷ চৌহদতে খোজ কাঢ়িবলৈ হেঁপাহ জাগে মোৰ৷ মেৰিলিয়া ঠিয় হয় আৰু মোৰ পেডল ৱাকাৰখন বিচনাৰ কাষত আনি থয়হি৷ মই যে নিজে উঠিবলৈ চেষ্টা কৰিম তাই সেইটো জানে৷ মই নিজে নিজে উঠোঁ৷ যদিও কেইটামানহে চিৰি আছে মোৰ বেছ অসুবিধা হয়৷ তথাপি মই ঘৰত এলিভেটৰ লগাবলৈ দিয়া নাই৷ আৰু হুইলচেয়াৰ লৈ ফুৰিবলৈ ৰেম্প সজাৰ কথা মই কল্পনাই কৰিব নোৱাৰোঁ৷ মেৰিলিয়াই দুৱাৰখন মেলি দিয়াত আমি পুৱাৰ পোহৰ অভিমুখে ওলাই লোঁ৷ মই অনুমান কৰাতকৈ ঠাণ্ডা বেছি আছিল৷ মেৰিলিয়াই লৰালৰিকৈ উলেৰে গোঁঠা কম্বল এখন আনি পিছপিনৰ পৰা মোৰ গাত মেৰিয়াই দিলে৷ সেইখন আমাৰ বহুদিনীয়া কম্বল৷ গধুৰ খহটা হাতেৰে তাই মোৰ কান্ধত জোৰেৰে এটা হেঁচা দিলে৷ অত বছৰৰ মূৰতো মৰম-চেনেহ প্ৰকাশৰ সঠিক আন্দাজ তাইৰ নহ আৰু৷ সেইটোকে মোৰ ভাল লাগে৷ কাৰণ মই বুজি পাওঁ সেই প্ৰকাশভংগীতে আমাৰ ভালপোৱা লুকাই আছে৷ সেই তীব্ৰতাতে সোমাই আছে আমাৰ অনুৰাগ৷ সেইদৰেই আমি ৰৈ যাওঁ বাটৰ পৰা আমাৰ পাছ চোতাল আঁৰ কৰি ৰখা দেৱালখনৰ আঁৰত৷ যিখন দেৱালে আঁৰ কৰি ৰাখে আমাৰ জীৱন৷

 

তাতে দুজনী বুঢ়ী থাকে, সেই ঘৰটোতে৷ বছৰ বছৰ ধৰি তেওঁলোক তাতে আছে৷ সেই বুঢ়ী দুজনী৷ বহুবছৰ ধৰি সেই ঘৰটোতে একেলগে থকা বুঢ়ী দুজনীৰ কিবা এটা ৰহস্য আছে৷ সৌ তাত, দুজনী বুঢ়ী থকা ঘৰটোত কিবা এটা আছে৷

 

মেৰিলিয়া আৰু মই - আমি দুজনী খাপচাৰা বুঢ়ী৷ এনেদৰে আমাৰ কথাবোৰ পাগুলি থাকোতে সিপিনে বেলি গৈ সুমথিৰা গছৰ সিপাৰ পায়গৈ৷ বেলিৰ তাপত মূৰটো গৰম হৈ যায়৷ দটো বেছ চোকা৷ মই উঠিবলৈ যত্ন কৰোঁ৷ ৰাতিৰ পৰা দিনটোলৈকে ভৰিদুটাৰ সমূলি জোৰ নোহোৱা হৈ যায়৷ কেতিয়াও বুজি নাপালোঁ কিয় এনে '! কাক কাক দেখুওৱা নাই? ডাক্তৰ, কবিৰাজ, বেজকোনোৱেই কিন্তু মোৰ কামত নাহিল৷ কোনোদিনেই আৰু হেৰোৱা শক্তি ঘূৰাই নাপালোঁ৷ অথচ মই খোজ কাঢ়ি দূৰলৈকে গৈ ভাল পাইছিলোঁ৷ ভাল পাইছিলোঁ চুবুৰীটোত ঘূৰি ফুৰি, হাবিত পিটপিটাই, পাহাৰ বগাই, জলপ্ৰপাতৰ কাষলৈ গৈমোৰ লগতেই কিয় এনে ? এতিয়া নিজে চোতালখনো পাৰ নোৱাৰোঁ৷ সেইবাবেই মই ঘাঁহনিতে মনেমনে বহি আছোঁ৷ অলপ আগলৈকে বহি থকা চকীখনৰ পৰা পাঁচখোজৰ দূৰত্বত৷ কাৰণ মই ভাৰসাম্য ৰাখিব পৰা নাই৷ ঘৰটোলৈ চাই পঠিয়াওঁ৷ মেৰিলিয়াক দেখা নাই৷ মই উঠিব পৰা নাই৷ আৰু মই উদ্বিগ্ন হৈ পৰোতেই মেৰিলিয়াই খুঁটাটোৰ আঁৰৰ পৰা ভুমুকিয়াই সোধে, মই ঠিকে আছোনে, পৰিলো নেকি, দুখ পালো নেকি৷ তাই দৌৰি আহে মোক সহায় কৰিবলৈ৷ তাই ওচৰ পোৱাৰ আগতেই মই ঠিকে থকা বুলি কওঁ আৰু তাইক ঘাঁহত বহিবলৈ মাতোঁ৷ নিয়ৰ পৰি থকা বুলি ভোৰভোৰাই যদিও তাই বহি পৰে৷ মোৰ পানী লাগিব পাৰে বুলি অভিযোগ কৰিও তাই তাতে বহি থাকে৷ যথেষ্ট জোৰেৰে তাই মোৰ ভৰিত থপৰিয়ায়৷ মই ধৰি লওঁ সেয়া তাইৰ মোলৈ থকা সঁচা মৰম আৰু সকলোখিনিৰ বাবে তাই অনুতপ্ত৷ মিচিকিয়াই হাঁহি মই ভিতৰলৈ যাম বুলি কওঁ৷ মোৰ মন নাথাকিলেও কওঁ৷ মন নাথাকিলেও যাওঁ৷ কাৰণ তাইৰ মন গৈছে বুলি মই বুজি পাওঁ৷

 

মেৰিলিয়াই ৰুটিন ভাল পায়৷ দেওবাৰে দেওবাৰে তাই সোনকালে উঠে আৰু আমালৈ পুৱাৰ জলপান তৈয়াৰ কৰে৷ তাৰ পাছত অলপ সময় আমি বাৰাণ্ডাত বহোঁ৷ দিলে আমি চোতালত বহোঁ৷ তাৰ পাছত তাই ভিতৰলৈ যাবলৈ মন কৰে৷ বাতৰিকাকতখন পঢ়িবলৈ মন কৰে৷ দেওবাৰৰ ৰাতিপুৱা মই খোজ কাঢ়িবলৈ গৈছিলোঁ৷ অথচ এতিয়া ময়ো বহি বহি বাতৰিকাকতখন পঢ়োঁ৷ খোৱাৰ পাছত আমি জিৰণি লওঁ৷ তাৰ পাছত টীভী চাওঁ, আকৌ খাওঁ৷ তাৰ পাছত, শুবলৈ যোৱাৰ আগতে আমি ইজনীয়ে সিজনীলৈ চাই ৰওঁ, বহু সময়লৈকে৷ দুয়ো দুয়োলৈকে চাই আমি বুজিবলৈ যত্ন কৰোঁ কিহৰ কাৰণে কি যুক্তিত আমি এইখিনিত উপনীত লোহি৷ কাহানিও বুজি নাপাওঁ৷ সদায় চেষ্টা কৰোঁ৷ আমি দুইজনী খুব শান্ত, দুয়োজনীয়ে নীৰৱতা উপভোগ কৰোঁ৷ সদায়ে কৰোঁ|

 

মেৰিলিয়াই মোক গা ধোৱাত সহায় কৰিছে৷ তাইৰ হাড়ে-ছালে লগা হাতেৰে মোৰ পিঠিখন চাফা কৰিছে৷ তাই এতিয়াও আমাৰ শৰীৰ দুটাক লৈ লাজ কৰে৷ হয়তোবা এক -কৈ গঢ়ি উঠা পুৰাতন সংকোচ, পুৰাতন লজ্জাবোধ৷ তাই মোৰ চুলিত তিনিবাৰ ছেম্পু সানে৷ কিবা খেলিমেলি হৈছে বুলি মই পাৰোঁ কিন্তু এটা টু শব্দও নকওঁ৷ ভয় খাইছোঁ৷ মই ভয় খোৱাতো স্বাভাৱিক৷ তাত ভুল নাই৷ সেইবুলি মোৰ ভয়টো তাইৰ আগত জাহিৰ কৰাতো অন্যায় ব৷ ভুল কৰা ব৷ সকলো কথাতে মেৰিলিয়া অহৰহ আতংকিত৷ দেখাত দৃঢ় যেন লাগিলেও ভিতৰি তাই ঠুনুকা৷ মৃত্যুলৈ তাইৰ সাংঘাতিক ভয়৷ মোৰ ক্ষেত্ৰত মই এতিয়াও শংকিত৷ আকৌ এবাৰ শংকিত৷ দু্ইজনী যেন একেলগে মৰিব পাৰো তাকে মই সদায়ে প্ৰাৰ্থনা কৰোঁ৷ তাইৰ অবিহনে মই থাকিব নোৱাৰোঁ৷ তাইও নোৱাৰে৷ নিজে কিবা উপায় উলিয়াম বুলি কেতিয়াবা মনতে ভাবোঁ৷ কামটো মনেমনে কৰিম, মেৰিলিয়াৰ সৈতে শুবলৈ যাম, তাইৰ ভৰিত থাকিব আঁঠুলৈকে ঢাক খোৱা মোজা৷ আমাৰ ৰাতিৰ চাহকাপত তৃপ্তিদায়ক কিবা মিহলাই দিম৷ আশাকৰো আমি আৰু কেতিয়াও সাৰ নাপাম৷ মই কেৱল ভাবিবহে পাৰোঁ; সেইকণ সাহস মোৰ নাই৷ গতিকে মই প্ৰাৰ্থনা কৰোঁ৷ মই প্ৰাৰ্থনা কৰোঁ যাতে আমি দুয়ো একেলগে থাকোঁ, যেনেকৈ ইমানদিনে একেলগে আছোঁ৷ প্ৰাৰ্থনা কৰোঁ যেনেকৈ এতিয়াও আছোঁ তেনেকৈয়ে যেন আমাৰ শেষ মূহুৰ্তটোলৈকে থাকিব পাৰোঁ৷

 

*

 

পাছৰটো দেওবাৰে মেৰিলিয়া সাৰ পায়৷ তাৰপাছত কফিৰ সুবাস, দেৰাজৰ খোলা-জপোৱা শব্দ আৰু আমাৰ শব্দবিহীন সুৰেৰে মোক জগায়৷

 

 

লেখকৰ বিষয়ে :- ১৯৮১ চনত জন্মলাভ কৰা নাটালিয়া বৰ্হেজ্ পলেচ' এগৰাকী ব্রাজিলিয়ান সাহিত্যিক পণ্টিফিকেল কেথলিক বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি পি এইচডি লাভ কৰা বৰ্হেজে ইতিমধ্যে তিনিখন গ্রন্থ প্রকাশ কৰিছে তেওঁ বাতৰিকাকত Pioneiro বাবেও লিখে তথা অনলাইন কমিক ষ্ট্রিপ A Escritora Incompreendida ৰচয়িতা ২০১৭ চনত লেটিন আমেৰিকাৰ উদীয়মান লেখকৰ নাম সম্বলিত তালিকা Bogota39 নাটালিয়া বৰ্হেজ্ পলেচ' নাম  সন্নিৱিষ্ট হৈছিল । 


উক্ত অনূদিত গল্পটো  লেখকৰ Amora নামৰ সংকলনখনিৰ পৰা লোৱা হৈছে

 

 


Post a Comment

0 Comments