প্ৰৱন্ধঃ আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন / ৰাজু আনােৱাৰ

আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন

মূল লেখকঃ ৰাজু আনােৱাৰ

অনুবাদঃ বিদ্যুৎ দত্ত

গৱেষক ছাত্র, বৈদেশিক ভাষা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।


এনেকুৱা এটা সময় আছিল যেতিয়া নাটক আছিল সমাজৰ অভিজাতশ্রেণীৰ নিজস্ব সম্পদ। ৰজা ৰাণী, সেনাপতি আৰু ৰাজবিষয়া আদিক মূল বিষয় হিচাপে লৈয়েই নাটক ৰচিত হৈছিল। নৰৱেৰ সেইভিক্টোৰীয়ান যুগত নাটক কেৱল অপশক্তিৰ বিৰুদ্ধে জয়লাভ আৰু সামাজিক মূল্যবােধৰ গান গােৱা এক আহিলা আছিল। সেইবােৰত উপেক্ষিত হৈ ৰৈছিল সাধাৰণ মানুহ। যি কথা কোনেও ক’বলৈ সাহস কৰা নাছিল, যি সমস্যা মঞ্চত দেখুৱাটো নিষিদ্ধ আছিল। প্রচলিত সমাজৰ নিয়ম, শাসন, সামাজিক কু-প্রথা, অন্যায়-অবিচাৰ, ভণ্ডামি আদিৰ বিৰুদ্ধে নাট ৰচনা কৰি অসীম সাহসৰ পৰিচয় দিয়ে নাট্যকাৰ হেনৰিক ইবছেনে। ইউৰােপৰ নাট্যজগতৰ যুগ প্রৱর্তক ইবছেনৰ বাস্তৱবাদী নাটাধাৰাৰ প্রৱর্তনৰ যােগেদিয়েই বিশ্ব নাটকে স্বাধীন ৰজাৰ আসন অগ্রাধিকাৰ কৰি ল'বলৈ সক্ষম হয়।

নাট্যকাৰ, কবি আৰু সুদক্ষ নাট-পৰিচালক হেনৰিক জোহান ইবছেনে ১৮২৮ চনৰ ২০ মার্চত স্কিয়েনৰ এটা স্বনামধন্য পৰিয়ালত জন্ম গ্রহণ কৰিছিল। তেওঁৰ মাক মাৰিচেন মার্টিন আল্টেনবার্গ এগৰাকী প্রখ্যাত চিত্রশিল্পী আছিল। তেওঁ থিয়েটাৰৰাে শুভাকাংক্ষী আছিল। পিতৃ নাড ইবছেন আছিল এগৰাকী সফল ব্যৱসায়ী। তেওঁৰ জাহাজেৰে কৰা কাঠৰ ব্যৱসায় আছিল। কিন্তু আকস্মিকভাৱে কাঠৰ ব্যৱসায় তললৈ নামিছিল। 

দৰিদ্ৰতাৰ ফলত ইবছেনৰ বিদ্যায়তনিক ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। ফলস্বৰূপে মাত্র পােন্ধৰ বছৰ বয়সতে তেওঁ ঘৰ এৰি গৈছিল। ফার্মাচিষ্ট হােৱাৰ মানসেৰে তেওঁ সৰু চহৰ গ্রিমষ্টাডত বসবাস কৰিবলৈ লৈছিল। পৰৱৰ্তী সময়ত তাৰপৰাই তেওঁৰ নাটক লিখাৰ কাম আৰম্ভ হৈছিল। ইবছেনৰ জীৱনৰ প্রথম সাহিত্যকর্ম ‘ কেটেলিন ’ (Catiline) আছিল এখন বিয়ােগান্তক উপন্যাস। সেইখন তেওঁ কেৱল ২২ বছৰ বয়সতে ‘ ব্রাইনজল ব্রাজমে ’ ছদ্মনামত ৰচনা কৰিছিল তেওঁৰ প্রথম নাটক ‘ দ্য ব্যৰিয়েল মণ্ড ’ (The Burial Mound) মঞ্চস্থ হয় ১৮৫০ চনত। কিন্তু দর্শক আৰু নাট্যকর্মীসকলৰ পৰা তেওঁ প্রয়ােজনীয় সঁহাৰি নাপালে।  

১৮৫১ চনত ইবছেনে নৰৱেৰ ঐতিহ্যক লৈ এটা কবিতা লিখাৰ পাছত তেওঁ ডেন নেশ্বনেল ছিনৰ মঞ্চকবি’হিচাপে নিয়ােজিত হয়। নাট্যসংগঠনটোৱে তেওঁক নাটক সম্পর্কে উপযুক্ত প্রশিক্ষণ লােৱাৰ উদ্দেশ্যে ডেনমার্কলৈ পঠিয়ায়। ১৮৫৭ চনত ইবছেনে ক্রিষ্টিনিয়াৰ পৰা উভতি আহি নিউ নৰৱেজিয়ান থিয়েটাৰৰ আৰ্টিষ্টিক ডিৰেক্টৰ হিচাপে কৰ্মত নিয়ােজিত হয় কিন্তু ইয়াতাে তেওঁ সফল নহ'ল। তেওঁৰ একাধিক নাটকেই ব্যর্থতাৰ মুখ দেখা পায়। পৰৱর্তী কেইবাটাও বছৰ বার্গেনৰ এটা নৰৱেজিয়ান নাট্যগােষ্ঠীত তেওঁ চাকৰি কৰিছিল। ইয়াত তেওঁ ১৪৫ খনৰাে অধিক নাটকৰ নাট্যকাৰ, পৰিচালক আৰু প্রযােজক হিচাপে কাম কৰে।

ইবছেনে ১৮৫৮ চনত ক্রিষ্টিনিয়ালৈ যায় আৰু ক্রিষ্টিনিয়াৰ জাতীয় থিয়েটাৰৰ সৃজন পৰিচালক হিচাপে নিযুক্ত হয়। তেওঁ ছুজানা থােৰেনছেন নামৰ এগৰাকী মহিলাক বিয়া কৰায়, যাৰ গৰ্ভত তেওঁৰ একমাত্র সন্তান ছিগার্ড ইবছেনৰ জন্ম হয়। এই দম্পত্তিয়ে বহু অর্থকষ্টৰ মাজত দিন যাপন কৰে। ১৮৬৪ চনত ইবছেনে ক্রিষ্টিনিয়াক ত্যাগ কৰে আৰু তেওঁ স্বেচ্ছাই নির্বাসনত ইটালীলৈ গুচি যায়। ২৭ বছৰ আৰু স্বদেশলৈ তেওঁ উভতি নাহিল। তেতিয়ালৈ তেওঁ খ্যাতিৰ শীর্ষত আৰােহণ কৰিছিল। 

ইবছেনৰ দ্বাৰা ৰচিত “ ব্ৰেণ্ড ’ (Brand) নাটকখন সমালােচকসকলৰ দ্বাৰা প্রশংসিত হয় ১৮৬৫ চনত। এইখনে তেওঁলৈ আর্থিক সফলতা কঢ়িয়াই আনে। ইয়াৰ পাছত ১৮৬৭ চনত তেওঁ প্রকাশ কৰি উলিয়ায় ‘ পিয়েৰ গিন্ট ’ (Peer Gynt), যিখনত সুৰ-আৰােপ কৰিছিল জনপ্রিয় সুৰকাৰ এডভার্ড গ্রেগে। এই সফলতাবােৰে ইবছেনৰ আত্মবিশ্বাস বৃদ্ধি যথেষ্ট অৰিহণা যােগায়। এই আত্মবিশ্বাসৰ ফলত তেওঁৰ নাটকত বিশ্বাস, বিচাৰ আৰু চেতনাৰ প্রকাশ ঘটিবলৈ আৰম্ভ কৰিলে। তাৰ পৰৱর্তী নাটকবােৰৰ চিৰিজক ইবছেনৰ নাটকৰ স্বর্ণযুগ বােলা হয়— য'ত তেওঁৰ প্রতিভা, সৃজনীশক্তি আৰু প্ৰভাৱৰ পূর্ণ প্রকাশ ঘটিছে। 

১৯৬৮ চনত ইবছেনে ইটালী এৰি জামার্নীৰ ড্রেছডেনলৈ গুচি আহে। তাতেই তেওঁ বিখ্যাত সাহিত্যকর্মৰ সৃষ্টি কৰে। ইয়াৰ মাজতে ৰচিত হয় ৰােমান শাসক জুলিয়ান দ্য অ্যাপােষ্টেটৰ জীৱন আৰু সময়ক লৈ তেওঁৰ ‘ এমপেৰৰ এণ্ড গ্যালিলিয়ান ’ (Emperor and Galilean)। তেওঁৰ পৰৱৰ্তী সাহিত্যকর্মই অনেক বেছি প্রশংসা বুটলিবলৈ সক্ষম হয়। 

১৮৭৫ চনত ইবছেন মিউনিখলৈ যায় আৰু তাৰ পৰা ১৮৭৯ চনত প্রকাশিত হয় বিখ্যাত নাটক এ ডচ্ছ হাউছ ’ (A Doll's House)। নাৰীৰ প্ৰতি থকা তথাকথিত কৰুণা-মায়াক তেওঁ তীব্রভাৱে উপহাস কৰিছিল এই নাটকত। ৰচনাৰ সমান্তৰালভাৱে সমগ্র বিশ্বতে ‘ এ ডচ্ছ হাউছ’ৰ খ্যাতি ৰৈ বৈ যায়। নাটকখনৰ কেন্দ্রীয় চৰিত্ৰ নােৰা সমগ্র বিশ্বৰ নাৰীমুক্তিৰ প্রতীক হৈ উঠে। 

‘ এ ডচ্ছ হাউছ’ৰ পাছত ১৮৮১ চনত ইবছেনে ৰচনা কৰে ‘ঘােইছ ’ (Ghosts)। ইয়াত ভিক্টোৰীয়ান নৈতিকতাৰ উগ্র বর্ণনা আছিল। ১৮৮২ চনত ইবছেনে প্রকাশ কৰি উলিয়াই তেওঁৰ বিখ্যাত এন এনিমি অৱ দ্য পিপল ’ (An Enemy of the People) নাটকখন। আগৰ নাটকবােৰৰ বিতর্কিত বিষয়বােৰ গুৰত্বপূর্ণ হলেও সি ব্যক্তিগত বিতর্কৰ ভিতৰতেই আছিল।‘এন এনিমি অৱ দ্য পিপল ’ নাটকৰ বিতৰ্কই প্রধান আলােচ্য বিষয় আৰু সমগ্র সমাজেই আছিল প্রতিদ্বন্দ্বী। ইয়াত সাধাৰণ জনতাক তুলনা কৰা হৈছে মূখ আৰু ভেড়া পালৰ লগত।

নাট্যকাৰৰ উপৰিও ইবছেন আছিল এগৰাকী কবি, চিত্রশিল্পী আৰু কিছু সময়ৰ বাবে সাংবাদিক। তেওঁ লিখা চমৎকাৰপূৰ্ণ কবিতাবােৰত দেশৰ মানুহৰ মাজত থকা সংকীর্ণতা, সংস্কৃতি সম্পর্কে উদাসীনতা, ভয় আৰু উদ্বেগৰ প্রতিফলন ঘটিছে। স্ত্রীৰ উদ্দেশ্যে লিখা ‘ ধন্যবাদসমূহ (Digte) কবিতা তেওঁৰ সময়ৰ এগৰাকী লাজকুৰীয়া তৰুণীৰ হৃদয়ত লুকাই থকা বিশালত্বক ফুটাই তুলিছে। ইবছেনৰ কিছুসংখ্যক নাটকৰ সৈতে কিছুসংখ্যক কবিতাৰ সুনির্দিষ্ট যােগসূত্র আছে। 

ইবছেনৰ সামগ্রিক সৃষ্টিকৰ্মৰ মাজত ২৬ খন নাটক আৰু তিনিশ কবিতাৰ উল্লেখ পােৱা যায়। এইবােৰৰ উপৰিও প্রায় তিনি এহাজাৰ চিঠিপত্র আৰু কিছুসংখ্যক চিত্রশিল্পও উল্লেখযােগ্য। ইবছেনৰ চিন্তাই জর্জ বার্নার্ডশ্ব, জেম্‌ছ জয়েছ, অস্কাৰ ৱাইল্ড, আর্থাৰ মিলাৰ, ইউজিন আৰু নিলৰ দৰে বিখ্যাত ঔপন্যাসিক আৰু নাট্যকাৰসকলক প্রভাৱিত কৰিছে। এই সম্পর্কত জর্জ বার্নার্ড শ্বই কৈছে,“ তিনিটা বিপ্লৱ, ছটা ধর্মযুদ্ধ, দুটা বিদেশী আক্রমণ আৰু এটা ভূমিকম্পৰ ফল যি হ’ব পাৰে, ইংলেণ্ডৰ ওপৰত ইবছেনৰ প্ৰভাৱ তাৰ সমকক্ষ। ”

ইবছেনৰ জীৱনকালত তেওঁৰ সাহিত্যকর্ম ইউৰােপ মহাদেশৰ বহুলভাৱে ব্যবহৃত ১২ টা ভাষালৈ অনূদিত হয়। কবি হেনৰিক ইবছেনক উত্তৰ মেৰু অঞ্চলীয় দেশৰ ৰবীন্দ্রনাথ বুলি অভিহিত কৰা হয়। বাংলা সাহিত্যত ৰবীন্দ্ৰনাথৰ যি স্থান, নৰৱেজীয়ান সাহিত্যতাে ইবছেনৰ সেই একেই স্থান। বিধ্বস্ত শৰীৰ আৰু মন লৈ তেওঁ জীৱনৰ অন্তিমখন নাটক ‘ হােৱেন উই ডেড ৱাকেন ’ (When We Dead Awaken-১৮৯৯) ৰচনা কৰিছিল এই নাটক এক অর্থত ইবছেনৰ আত্মজীৱনীৰেই প্রতীকী প্রকাশ ১৯০৬ চনৰ ২৩ মে’ত ক্রিষ্টিনিয়াত আধুনিক নাটকৰ জনক হেনৰিক ইবছেনৰ মৃত্যু হয়।

ইবছেন তৎকালীন শাসকগােষ্ঠীৰ অন্যায়ৰ প্রতিবাদ, অর্থনৈতিক বৈষম্য, মানৱতাবিৰােধী, ধর্মীয় কুসংস্কাৰৰ বিৰুদ্ধে যিদৰে সােচ্ছাৰ হৈ উঠিছিল, তেনেদৰে অতি সাহসৰ সৈতে সেই সময়ৰ অর্থনৈতিক বৈষম্য, অৰাজকতা, ছদ্মবেশধাৰী নিষ্ঠুৰ শাসকগােষ্ঠীৰ বিৰুদ্ধে হাতত কলম তুলি লৈছিল। বিশ্ব নাট্যসাহিত্যৰ অন্যতম শ্রেষ্ঠ কাৰিকৰ ইবছেন সেইবাস্তৱবাদী নাটকৰ সূত্রপাতৰ যােগেদিয়েই হৈ উঠিছিল আধুনিক নাটকৰ জনক। 

হেনৰিক ইবছেনৰ দ্বাৰা ৰচিত সকলাে নাটকেই এশবছৰৰ পাছতাে বিশ্বৰ নাট্যক্ষেত্ৰত সমকালীন আৰু প্ৰাসংগিক হৈ আছে। তেওঁৰ ৰচনাই এতিয়াও মানৱ জাতিৰ চিন্তন-মনন আৰু বিবেকবােধক যিদৰে জাগ্রত কৰে সেইদৰেই সত্য আৰু মানৱিকতাৰ বাবে বােধক তাড়িত কৰে।

Post a Comment

0 Comments