কবিতা: হুল / সুবোধ সৰকাৰ


হুল

মূলঃ সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

সুবোধ সৰকাৰ



চাওতালসকলক বান্ধি
ইংৰাজসকলৰ ভৰিৰ ওচৰলৈ চোঁচৰাই আনিম বুলি
ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল ।
কিন্তু হাবিৰ পৰা সিহঁতে গছৰ ডালত ভাৰ বান্ধি   
কঢ়িয়াই আনিলে মহেশ দাৰোগাৰ শৰীৰ ।
ট্ৰাকত তুলি পঠিয়াই দিলে ইংৰাজহঁতৰ থানালৈ ।

মহেশে কৈছিল, ‘তইনো কোন ?’
তেওঁ কৈছিল,‘মই কানহু মুৰ্মু, এই হাবি আমাৰ,
এই দেশ আমাৰ, এই পাহাৰ আমাৰ ।
মহেশে কৈছিল, ‘তইনো কোন ?’
তেওঁ কৈছিল,‘মই সিধু মুৰ্মু,
এই ধানবোৰ আমাৰ, গোমধানবোৰ আমাৰ,
ভেড়াবোৰ আমাৰ, হবোৰ আমাৰ, পলাশ গছবোৰ আমাৰ ।

পঞ্চাশ হাজাৰ চাওতালে কৈছিল
ডুংৰিয়েডুংৰিয়ে আমাৰ তেজ
ডুংৰিয়ে ডুংৰিয়ে আমাৰ আত্মা
ডুংৰিয়ে ডুংৰিয়ে আমাৰ প্ৰতিধ্বনি
ডুংৰিয়ে ডুংৰিয়ে আমাৰ হুল ।

চাহাব, তুমি আমাক চিনি নোপোৱা
ইংৰাজী শুনি আমি বাবুহঁতৰ দৰে ভয় নকৰোঁ ।

ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল ।
সেই পঘাই কাল হ, সেই পঘাৰে মহেশক বান্ধি
হাবিৰ পৰা ওলাই আহিছে
ভাৰতৰ প্ৰথম দুই হিৰণ্ময় গেৰিলা ।
প্ৰথম দুই দেশপ্ৰমিক
এজন কাঁড়, এজন ধনুক
এজন বজ্ৰ, এজন মাণিক
এজন কানহাইয়া, এজন বাঁহী ।

মই কথা এষাৰ জনা নাছিলোঁ, জানি গৰ্ব হ
কানুৱে ফাঁচিকাঠত উঠি কৈছিল,‘মই উভতি আহিম ।
কানুৱে এতিয়াও যুঁজ দিছে আমেৰিকাত
আৰু সিধুৱে যুঁজিছে ভাৰতবৰ্ষৰ পৰা ভাৰতবৰ্ষত ।


টোকাঃ ১পশ্চিম বংগৰ পশ্চিমাঞ্চলৰ অনুচ্চ পাহাৰবোৰক স্থানীয় ভাষাত ডুংৰি বুলি কোৱা হয় ।

বিঃ দ্ৰঃ কবিৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন ।

Post a Comment

0 Comments