মূল স্পেনিছ আৰু ইংৰাজীৰ পৰা অনূদিত পাবলো নেৰুডাৰ দহটা কবিতা

অসমীয়াত নেৰুডাৰ দহটা কবিতা
অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই



কাৰণ, প্ৰেমে যুদ্ধ কৰিবলগা হয় (And because love battles)

প্ৰেমে মাথো শস্যক্ষেত্ৰতেই জুইৰে যুঁজ নকৰে, 
পুৰুষবোৰৰ আৰু নাৰীবোৰৰ মুখৰ জুইৰ সতেও কৰিবলগীয়া হয়,
মই বাট সলনি কৰি, মোৰ হৃদয় আৰু তোমাৰ সুষমাৰ মাজত বাঢ়ি অহা 
ধূসৰ, অচিন পুলিবোৰ উঘালি পেলাম।

মোৰ বিৰুদ্ধে কোনো কথা সিহঁতে আৰু কব নোৱাৰিব,
মোৰ সোণজনী,
মই তোমাক কোৱাখিনিৰ বাহিৰে।

মই বিশাল শস্যক্ষেত্ৰত দিন কটাইছিলো
তোমাক জনাৰ বহু আগেয়ে,
প্ৰেমৰ কাৰণে কাৰো অপেক্ষাতো নাছিলো, কেৱল ৰৈ আছিলো, আৰু গোলাপ পাহিত জাপ দিছিলো।

মোৰ বিষয়ে তোমাক সিহঁতে কিনো কব পাৰিব?
মই ভালো নহয়, বেয়াও নহয়, কেৱল এটা মানুহ;
আৰু সিহঁতে মোৰ জীৱন বিপদসঙ্কুল কৰি তুলিব,
সেই কথা তুমি জানি
তুমি আৱেগেৰে মোৰ সতে ভগাই লৈছিলা।

সজ কথা।
এই প্ৰেমৰ বিভীষিকা প্ৰেমৰ বিপদ
সকলোৰে বাবে জীৱনৰ বিপদ,
আৰু যদিহে এনে প্ৰেমে কঢ়িয়াই আনে
মৃত্যু আৰু পোতাশাল,
মই নিৰ্দিষ্টকৈ জানো তোমাৰ বহল আঁখিপল্লৱ,
'ত মই চুমা খাওঁ
গৰ্বেৰে মুদ খাই আহিব
দুগুণ অধিক গৰ্বেৰে, সোণজনী ;
তোমাৰ, মোৰ, দুয়োৰে গৰ্বেৰে।

কিন্তু তাৰ সলনি আমাৰ যাত্ৰাৰ আগতেই মোৰ কাণত পৰিবহি,
আমাৰ সোৱাদ আৰু ৰূঢ় প্ৰেমত দুয়োজনে বান্ধ খাবলৈ লওঁতেই,
সিহঁতে আহি কবহি, 
"তাই তোমাৰ জোখৰ নহয়, কিয় ভালপাবা তাইক ?
তাইতকৈ বেছি সুন্দৰ, বেছি গম্ভীৰ, বেছি গভীৰ, অনাবিল আনন্দ বিচাৰি পাবা। বুজিছানে তাই বৰ পাতল, দেখিছানে তাইৰ বিচ্যুতি দেহাত আৰু সাজ পোছাকত" ইত্যাদি ইত্যাদি।

আৰু মই এইখিনি শাৰী লিখি দি ক'মঃ

এনেদৰেই মই তোমাক বিচাৰো, প্ৰেমিকাজনী মোৰ,
এনেদৰেই তোমাক ভালপাব বিচাৰো
যিদৰে তুমি পোছাক পিন্ধা
চুলিকোচা যিদৰে ওখ কৰি বতাহত বান্ধা
যিদৰে তোমাৰ মুখখনিৰে হাঁহা
জুৰিৰ পানীৰ দৰেই পাতল আৰু চকচকীয়া
শিলনিৰ ওপৰে বাগৰি অহা,
ঠিক এইদৰেই মই তোমাক ভালপাওঁ, মৰমী।

মোৰ খাদ্যৰ ৰুটীখন কেনেকৈ পাম মই নিজক নোসোধো প্ৰতিদিনে, 
কেৱল জানো জীৱনধাৰণৰ কথা।
পোহৰৰ বিষয়ে মই একোৱেই নাজানো, 'ৰপৰা আহে আৰু যায়গৈ ক'লৈ,
মাত্ৰ বিচাৰো পোহৰে পোহৰময় কৰি ৰাখক,
নিশাক মই কোনোপধ্যেই জৱাবদিহি নকৰো, 
মই ৰৈ থাকিম আৰু আহি সাৱটি ধৰিম,
ৰুটীবোৰ, পোহৰ, অন্ধকাৰ আৰু তোমাক।

তুমি মোৰ জীৱনলৈ আহিলা,
লগতে লৈ আনিছিলা পোহৰে সজা বস্তুবোৰ,
জানিছিলো পোহৰৰ, ৰুটীৰ, আৰু ছাঁবোৰৰ দৰে
তোমাৰো একেই প্ৰয়োজন মোৰ,
এনেকৈয়ে ভালপাওঁ তোমাক,
আৰু সিহঁতবোৰ, যিবোৰে কালিলৈ শুনিব বিচাৰে,
সেইবোৰ সিহঁতক মই নক', নিজেই ইয়াতে পঢ়ি ল'ব সিহঁতে,
আৰু আজিলৈ ঘূৰি যাবলৈ কোৱা সিহঁতক, কাৰণ
আজি আৰু বাক বিতণ্ডাৰ সময় নহয়।

কালিলৈ সিহঁতক এৰি দিম মাত্ৰ আমি
ওপৰৰ পৰা প্ৰেম-বৃক্ষৰ এখিলা পাত
যিখিলা পাত নামি যাব ধৰাতললৈ, সেইখিলাক
যেন আমাৰ ওঁঠকেইটাই সাজিছে
এটা চুমাৰ দৰে, 
অভাৱনীয় উচ্চতাৰ পৰা তললৈ।
এয়াই বুজাই দিব সিহঁতক, জুই আৰু কোমলতা কিমান গভীৰতাৰে আছে আমাৰ প্ৰেমত।





আজি নিশাই মই লিখিব পাৰিম সবাতোকৈ কৰুণতম কবিতাটো (Veinte poemasde amor’)

আজি নিশাই মই লিখিব পাৰিম সবাতোকৈ কৰুণ কবিতাটো  ।
উদাহৰণ হিচাবে : " নিশাটো ভাগি টুকুৰাটুকুৰ হৈছে, নীলা হৈ সৌ তৰাবোৰ দূৰ সুদূৰত কঁপি কঁপি আছে ।"

নিশাৰ বতাহে আকাশৰ ভিতৰত সোমাই গীত জুৰিছে ।
আজি নিশা মই সবাতোকৈ কৰুণ কবিতা লিখিব পাৰিম ।

মই তাইক ভালপাইছিলো, কেতিয়াবা হয়তো তায়ো মোক পাইছিল ।

আজিৰ দৰে নিশাবোৰত মই তাইক বুকুৰ মাজত সাৱটি লৈছিলো ।
অসংখ্য চুমাৰে উপচাই দিছিলো সীমাহীন আকাশ তলত ।

তাই মোক ভালপাইছিল, কেতিয়াবা মইয়ো তাইক ভালপাইছিলো ।
কেনেকৈ বাৰু ভাল নাপাম ডাঙৰ ডাঙৰ থৰ লাগি যোৱা চকুকেইটাক !

আজি নিশা মই সবাতোকৈ কৰুণতম কবিতাটো লিখিব পাৰিম ।
তাইক নাপাম বুলি ভাবিলেই অনুভৱ হয় তাইক মই হেৰুৱাই পেলালো ।

বিশাল নিশাক শুনিব খুজিও তাইৰ অবৰ্তমানত নিশাটো অধিক বিশাল হৈ পৰে ।
মোৰ আত্মাৰ ওপৰত থিত লোৱা কবিতাৰ শাৰীবোৰ যেন কুঁৱলি হৈ পৰে ঘাঁহৰ ওপৰে ।

এনে হ', যে তাইক মই ৰাখিব নোৱাৰিলো ।
নিশাটো ভাগি-চিগি চুৰ্চুমৈ হ'ল আৰু এতিয়া তাই মোৰ সতে নাই ।

সিমানেই কথা । দূৰত কোনোবাই গীত জুৰিছে ।
বহুত দূৰত, তাইক হেৰুৱাই মোৰ মনে শান্তি পোৱা নাই ।

তাইক ওচৰত পাবলৈ মোৰ দৃষ্টিয়ে তাইক বিচাৰি ফুৰিছে ।
মোৰ অন্তৰখনে তাইক বিচাৰি ফুৰিছে, তাই মোৰ কাষত নাই ।

একেই নিশাটো এতিয়া ধূসৰ হৈ পৰিছে, ঠিক একেই গছৰ দালবোৰত 
আমি পুনৰ আগৰ দৰে হব নোৱাৰিলো
মই তাইক এতিয়া আৰু ভাল নাপাওঁ কিন্তু তাইক কেনে গভীৰতাৰে ভাল পাইছিলো ।

মোৰ কণ্ঠই তাইৰ দিশে যোৱা বতাহজাকক
বিচাৰি ঘূৰি ফুৰিছে ।
অন্য কোনোবাই চুমা খাইছে মোৰ দৰে ।

তাইৰ কণ্ঠস্বৰ, উজ্বল দেহাটো, তাইৰ দিগন্ত প্ৰসাৰী দৃষ্টি ।
তাইক মই ভাল নাপাওঁ, সেয়া ঠিক,  কিন্তু তাইক সম্ভৱ মই ভাল পাওঁ ।
ভালপোৱাত বেছি সময় নালাগে,  কিন্তু পাহৰিবলৈ বহুত সময় লাগে ।

যিহেতু সেই দিনবোৰত তাইক মই বাহুৰ মাজত সুমোৱাই
সাৱটি আছিলো, 
মোৰ মনে তাই হেৰাই যোৱা কথাটো মানি নলয় । 
জানো , তাই মোক দিব পৰা এই যন্ত্ৰণা শেষ বাৰৰ বাবে,

কিন্তু এয়াও জানো, মই তাইৰ বাবে লিখা
এয়ে শেষ কেইটামান কবিতাৰ শাৰী ।



বহু দূৰ নাযাবাগৈ  (Don't go too far by Pablo Neruda)
এদিনৰ বাবে, কেৱল এদিনৰ বাবে হলেও দূৰলৈ নাযাবাগৈ,
কাৰণ………
কাৰণ, মই নাজানো কিদৰে কব লাগে কথাটো,
দিনটো বৰ দীঘল
আৰু মই তোমাৰ বাবে ৰৈ থাকিম, যেনেকৈ
এটা ৰেলৰ স্টেচনত,
ৰেলবোৰ অন্য কোনো ঠাইত গোট খাই ,
শুই থাকে নিশ্চুপে।
এঘন্টাৰ বাবেও মোক এৰি থৈ নাযাবা,
কাৰণ
তেতিয়া যন্ত্ৰণাৰ সৰু সৰু টোপালবোৰ  একেলগে বেগেৰে দৌৰিব,
আৰু ঘূৰি ফুৰা ধোঁৱাখিনিয়ে সন্ধান কৰোতে,
পথবিচ্যুতি ঘটি
ভাঁহি আহি মোৰেই ভিতৰত সোমাব,
আৰু সোপা মাৰি ধৰিব মোৰ হেৰোৱা কলিজাখনক ।
আঃ সোণজনী, তোমাৰ ছঁয়াময়া দেহটো,
সাগৰ পাৰৰ চিঞাহিবুলীয়া আন্ধাৰত যেন হেৰাই নাযায়,
শূণ্যগৰ্ভ ৰিক্ত দূৰত্বত তোমাৰ চকুৰ পাহিয়ে যেন কঁপনি  নোতোলে,
এপলকৰ বাবেও যেন মোক এৰি নাযাবা,
মোৰ মৰমী ;
কাৰণ, যি মুহুৰ্ততে তুমি গুচি যাবা বহু দূৰলৈ
মই সমগ্ৰ পৃথিৱী ঘূৰি ঘূৰি বিভ্ৰান্ত হৈ  সুধিম,
তুমি ঘূৰি আহিবানে ? নে………
মোক মৃত্যুৰ হাতত গটাই তুমি গুছি যাবা ?





মিছলীয়া সিহঁতবোৰ, 
যিবোৰে কয় মই হেনো জোনটো হেৰুৱালো।
(They're liars those who say I lost the moon)
  
সিহঁতবোৰ মিছলীয়া যিবোৰে কয় 
মই হেনো জোনটো হেৰুৱালো,
যিবোৰে ভবিষ্যবাণী কৰে
মৰুভূমিৰ দৰে শুকান বালিময় হব মোৰ ভবিষ্যত,
চেঁচা জিভাখনেৰে সিহঁতে মোৰ 
ৰটনা কৰে ইটো সিটো,
আনকি সিহঁতে পৃথিৱীত ফুলবোৰ ফুলাটোও
বন্ধ কৰিবলৈহে বিচাৰিছিল।

জলপৰীবোৰৰ স্বতঃস্ফূৰ্ত বেগী জাংফাই বৰণ এতিয়া শেষ হ'ল।
এতিয়া তাৰ সতে আছে কেৱল মানুহবোৰ, আৰু কুটি কুটি খাইছে বিৰামহীন কাগজবোৰ।
সিহঁতে মন্ত্ৰণা কৰিছে মোৰ গীটাৰখনক লৈ এক পাহৰণিৰ।
কিন্তু মই মহতিয়াই নিছো, চোৱা, সিহঁতৰ চকুৰ ওপৰেদি !
আমাৰ ভালপোৱাৰ চিকমিকোৱা যাঠিডালেৰে তোমাৰ আৰু মোৰ কলিজা ভেদ কৰি।

তোমাৰ খোজে এৰি থৈ যোৱা চিনবোৰৰ পৰা মই বুটলিছো খৰিকাজাঁইৰ পাহিবোৰ,
তোমাৰ চকুৰ পতাৰ বিচ্ছুৰিত পোহৰ নোপোৱাৰ বাবে,
মই নিশাটোত হেৰাই গৈছিলো,
আৰু যেতিয়াই নিশাটোৱে শব্দেৰে জনালে মোক
মোৰ পুনৰ জনম হ'ল: 
মই মোৰ নিজৰ অন্ধকাৰৰ গৰাকী হৈ পৰিলো।




"গৌতমা খ্ৰাইষ্ট' (Gautama Christ :)
ইশ্বৰৰ নামবোৰ আৰু
বিশেষকৈ তেওঁৰ প্ৰতিনিধি বুলি যাক কোৱা হয়
যীশু নাইবা খ্ৰিস্ট বুলি
ধৰ্মীয় পুথিত বা মৌখিক অনুৰণনত,
এনে নাম বহুবাৰ ব্যৱহৃত হ',
উঁৱলি গৈ,
জীৱন নদীৰ পাৰত পৰি ৰ'ল এইবোৰ,
পৰি থকা শামুকৰ খোলাবোৰৰ দৰে । 
যেতিয়া আমি যেতিয়া চুই চাওঁ এই
পবিত্ৰ কিন্তু অৱসাদগ্ৰস্ত নামবোৰ,
এই আঘাতপ্ৰাপ্ত সিঁচৰিত পাহিবিলাক
যিবোৰ প্ৰেম আৰু ভয়ৰ সাগৰৰপৰা
ওলাই আহিল
কিবা এটা তথাপিতো থাকি গ',
এচলু পানী,
এখন ৰামধেনুৰ সাঁচ,
যিখনে এতিয়াও পোহৰ পৰিলে
জিলিকি উঠে ।
যিহেতু ইশ্বৰৰ নামবোৰ যিবোৰে ব্যৱহাৰ কৰিলে,
ভাল মানুহবোৰে, বেয়া মানুহ বোৰে
পৰিষ্কাৰ মানুহে, পঙ্কিল মানুহে
বগা মানুহবোৰ আৰু ক'লামানুহবোৰে
নিষ্ঠুৰ হত্যাকাৰীবোৰে আৰু নাপাম বোমাৰ আঘাটত
হালধীয়াহৈ জীৱন্তে জ্বলি থকা চিকাৰবোৰে ।
যেতিয়া নিক্সনে, কেইনৰ নিচিনাকৈ হাতখনেৰে
আশীৰ্ব্বাদ জনাইছিল তেওঁ মৃত্যুদণ্ডৰে দণ্ডিত কৰা মানুহবোৰক,
তেতিয়া সাগৰপাৰত সৰগীয় ভৰিৰ ছাপৰ সংখ্যা ক্ৰমান্বয়ে কমি গৈছিল ।
মানুহে শিকিবলৈ আৰম্ভ কৰিছিল ৰঙৰ বিষয়ে,
মৌজোলৰ ভবিষ্যতৰ বিষয়ে,
ইউৰেনিয়ামৰ প্ৰতীকৰ বিষয়ে
মানুহবোৰে চিন্তাক্লিষ্ট হৈ আশাৰে  সন্ধান
কৰিছিল সম্ভাৱনাবোৰ যে সিহঁত
মৰিব নে একত্ৰিত হৈ পৰিব এখন ডাঠকৈ বোৱা
কাপোৰৰ দৰে
আগবাঢ়ি যাবলৈ,
নে ক'তো নৰৈ সীমা ভাঙি পেলাব ।
যিবোৰ ৰক্তস্নাত সময়ৰ মাজেদি আমি আহিছিলো
সিহঁতৰ জাবৰবোৰ পোৰা ধোঁৱাৰ সৈতে
সিহঁতৰ মৃত ছাইবোৰৰ কাৰণে, আমি চকু বন্ধ কৰিব নোৱাৰিলো
আমি প্ৰায়েই ৰৈছিলো ইশ্বৰৰ নামবোৰৰ মাজত,
আমি সিহঁতক আলফুলকৈ ডাঙি ধৰিছিলো
কাৰণ সিহঁতে মনত পেলাই দিছিল আমাৰ পূৰ্বপুৰুষসকললৈ
প্ৰথম মানুহবোৰ যিবোৰে প্ৰাৰ্থনা গাইছিল
যিসকলে মন্ত্ৰ উচ্চাৰণ কৰিছিল যাতে বিপদত সকলো একগোট হৈ থাকে,
আৰু এতিয়া,  ভগা ঘৰটোৰ খালি টুকুৰাবোৰ
'ত প্ৰাচীন মানুহবোৰে আশ্ৰয় লৈছিল,
অনুভৱ কৰিছে,
সেই মিহি টুকুৰাবোৰ ব্যৱহাৰ কৰিলে
সৎ আৰু অসৎবোৰে ।



চনেটঃ ১২ পাবলো নেৰুডা 
(Sonnet 12: Cien sonetos de amor)

যৌনতাৰ আপেল, 
তৃপ্ত নাৰী,
জ্বলি থকা জোন,
সাগৰতলিৰ লতা পাতৰ কেচেমা গোন্ধ,
বোকা আৰু পোহৰৰ মন্থন,  তুমি……
কি বাৰু গোপন সংবাদ চেপি ৰাখিছা দুটা স্তম্ভৰ মাজত ?
কেনে প্ৰাগঐতিহাসিক নিশাক মানুহে চুই চাব বিচাৰে সিহঁতৰ ইন্দ্ৰিয়ৰ সতে ?
প্ৰেম এটি যাত্ৰা, পানীৰ মাজেদি আৰু তৰাৰ মাজেদি,
বন্ধ শ্বাসৰুদ্ধকাৰী বতাহৰ মাজেদি,
ধূলিময় ধুমুহাৰ মাজেদি,
প্ৰেম এক বিজুলীৰ ৰণ
'ত দুটি দেহ ধ্বংসপ্ৰাপ্ত হয় এটি মিঠা আমেজৰ সতে ।
প্ৰতিটো চুমাৰে মই  ঢাকিব খোজোঁ
তোমাৰ ক্ষুদ্ৰ সময়কণত অসীমক,
তোমাৰ দেহৰ পাৰবোৰ,
তোমাৰ নদীবোৰ,
তোমাৰ সৰু সৰু গাঁওবোৰ,
তোমাৰ পেটৰ নিম্নাংশৰ অগণি
আনন্দেৰে সলনি হৈ সোমাই
পাৰ হৈ যায়, মোৰ তেজৰ ঠেক সিৰা উপসিৰাইদি,
তীব্ৰ গতিৰে সৃষ্টি কৰিবলৈ নিশাৰ এপাহ গুলপীয়া ফুল,
অন্য একোৱেই নহয়, 
কেৱলমাত্ৰ পোহৰ এছাটি,  অন্ধকাৰত ।



কবিতা  ( Poesia) 1964
আৰু ঠিক তেনে সময়তে _ কবিতাই মোক বিচাৰি আহিছিল ।
মই নাজানো,
নাজানো ক'ৰ পৰা আহিছিল
শীতৰ কুঁৱলীৰ মাজেদি নে নদীৰ পানীৰ পৰা ,
মই নাজানো, কেনেকৈ আৰু কেতিয়া ,
ওহোঁ, কোনো উৰি অহা কণ্ঠ নাছিল,
নিঃশব্দতাৰ মাজেদিয়েও অহা নাছিল,
নিশাটোৰ ডাল পাতবোৰ
আৰু অন্যবোৰৰ মাজৰ পৰা হঠাতে,
জুইৰ সোঁসোৱনিৰ মাজেৰে,
অকলশৰে দূৰৰ আলিবাটৰ পৰা মোক মাতিছিল ।
আছিল এক অবয়বহীন মুখ
যি মোক চুই গৈছিল ।
কিনো ক'ম একো ভাবি পোৱা নাছিলো,
মুখখনৰ পৰা কোনো শব্দও ওলোৱা নাছিল মোৰ, চকুজোৰো অন্ধ হৈ পৰিছিল ।
কিবা এটাই যেন আত্মাটোক
খুন্দিয়াই গৈছিল,
এক উত্তেজনা, পাহৰি যোৱা এযোৰ ডেউকা ।
নিজেই বিচাৰিছিলো সেই জুইকুৰাৰ সমাধান
আৰু লিখি পেলাইছিলো প্ৰথম শাৰীটো,
এটা নিস্তেজ শাৰী।
দূৰ্ব্বল, অৰ্থহীন,
সম্পূৰ্ণ আবোল তাবোল,
জানো বুলি ভবা যিজনৰ একোৱেই জ্ঞানেই নাই ;
আৰু দেখিলো
আকাশখন যেন হঠাতে খোল খাই গ',
তৰাবোৰ,
উজানভাটি কৰি থকা পথাৰবোৰ,
বিদীৰ্ণ আন্ধাৰবোৰ,
কাঁড়েৰে,
জুইৰে,
ফুলেৰে,
ফুটা ফুটা হৈ পৰিল।
নিশাৰ আন্ধাৰ আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ।
আৰু মই, নিশকতীয়া প্ৰাণীয়ে যেন
তৰাবোৰৰ মাজৰ খালী ঠাইবোৰ পি খাই
মতলীয়া হৈ পৰিছো আৰু
ৰহস্যময় ছবিবোৰ
অনুভৱ কৰি কৰি এক অতল
তলিৰ সতে বান্ধ খাই পৰিছো ।
তৰাবোৰৰ লগে লগে গৈ আছো
আৰু হৃদয়খন
মুকলি হৈ বতাহৰ সতে ওলাই আহিছে ।



এগৰাকী নাৰীৰ দেহবল্লৰী (Body of a woman)
শুভ্ৰ পাহাৰৰ টিলা, শুভ্ৰ উৰুদেশ,
নাৰী, তুমি দেখাত পৃথিবীৰ দৰে
আত্মসমৰ্পনৰ ভঙ্গীত পৰি থাকা ।
মোৰ কঠুৱা খেতিয়কৰ দেহাৰে তোমাক কৰ্ষণ কৰো
আৰু সোণগুটিবোৰ জপিয়াই উঠে
মাটিৰ গভীৰতাৰ পৰা ।
মই আছিলো এটা সুৰঙ্গৰ দৰে,
অকলশৰীয়া,
চৰাইবোৰে মোক দেখি উৰা মাৰিছিল,
মোৰ ভিতৰলৈ সোমাই গৈছিল ৰাতিৰ গভীৰ আক্ৰমণ,
জীয়াই থাকিবৰ বাবে মই তোমাক অস্ত্ৰৰ দৰে
সাজি পেলাইছিলো,
মোৰ ধনুখনৰ এপাট কাঁড়ৰ দৰে
মোৰ গুল্টিখনৰ এচপৰা শিলৰ দৰে ।
কিন্তু প্ৰতিশোধৰ সময় পৰিল,
আৰু তোমাক ভাল পালো ।
ছালেৰে ঢকা দেহ, শেলুৱৈৰে,
হেপাহেৰে, ডাঠ গাখীৰেৰে ।
আহ্, বুকুৰ মাজৰ পিয়লা !
আহ্, চকুৰ নিৰ্মোহ দৃষ্টি !
আহ্, বননিৰ মাজৰ গোলাপপাহি !
আহ্, তোমাৰ কণ্ঠস্বৰধীৰগতিৰ,
দুখৰ !
মোৰ প্ৰিয়তমাৰ দেহবল্লৰী,
তোমাৰ মাধুৰ্য্যত মই বন্দী হৈ ৰ'
মোৰ তৃষ্ণা, মোৰ সীমাহীন কামনা,
মোৰ অনিশ্চিত পথবোৰ,
অন্ধকাৰ নদীৰ তলিত পৰি ৰ'
'ত চিৰন্তন কামনাৰ ফল্গুধাৰা বয়
'ত ভাগৰুৱা সপোনে লগ দিয়ে
সীমাহীন যন্ত্ৰনাক ।



পাহৰণি (el olvido)
পৃথিবীসম পিয়লাত মোৰ সমস্ত প্ৰেম,
তৰা আৰু কাঁইটৰ সতে মোৰ সকলো ভালপোৱা,
মই তোমাক অৰ্পণ কৰিছিলো ;
কিন্তু তোমাৰ সৰু ভৰিযোৰেৰে,
তোমাৰ মলিয়ণ গোৰোহা কেইটাৰে
তুমি গুচি গ'লা জুইৰ ওপৰেদি গছকি
জুই নুমুৱাই ,
মোৰ কণমাণি প্ৰেমিকাজনী !
মই সংগ্ৰামত কেতিয়াও বিৰতি লোৱা নাছিলো ।
জীৱনৰ দিশে মোৰ যাত্ৰাত আগবাঢ়িছিলো,
শান্তিৰ সন্ধানত কেতিয়াও ৰোৱা নাছিলো,
ৰোৱা নাছিলো সকলোৰে বাবে ভাতমুঠিৰ যোগাৰত,
কিন্তু তোমাক বাহুৰে ডাঙি লৈছিলো,
চুমাবোৰেৰে তোমাক গজালবিদ্ধ কৰিছিলো,
আৰু এনেদৰে তোমাৰ চকুলৈ থৰ হৈ চাইছিলো
যেন কোনো মানুহে কোনোদিনে কাকো এনেদৰে চোৱা নাই একেৰাহে,
মোৰ কণমাণি প্ৰেমিকাজনী !
তেতিয়া তুমি মোৰ মৰ্য্যাদা নিৰূপণ কৰা নাছিলা
তোমাৰ বাবেই যে এজনে পৰিত্যাগ কৰি আহিছিল,
তেজ, শস্য, পিয়াহৰ পানী ।
তুমি তেওঁক ভাবি লৈছিলা এটা পতংগ,
যেন তোমাৰ দেহৰ কাপোৰত উৰি আহি পৰা ।
মোৰ কণমাণি প্ৰেমিকাজনী ।
তুমি আশা নকৰিবা যে মই তোমাক বিচাৰি
দূৰণিলৈ চাই পঠিয়াম, ৰবা তাতে
লগত যিবোৰ তোমাক দি গলো তাৰে সতে,
ইফাল সিফাল কৰি ঘূৰিবা মোৰ প্ৰবঞ্চনাৰ ছবিখন লৈ,
মই কিন্তু আগবাঢ়ি গৈয়েই থাকিম
এন্ধাৰৰ বিৰুদ্ধে নতুন বাট উলিয়াই
যাতে পৃথিবীখন যেন আৰু মসৃণ কৰি তুলিব পাৰো,
নতুন তৰাৰ আগমনৰ বাবে বাট বহলাবলৈ ।
বাটটোত তুমি ৰৈ থাকিবা ;
তোমাৰ বাবে হয়তো নিশা নামিছে ,
সম্ভবত: পুৱাৰ পোহৰত আমি দুয়ো দুয়োকে পুনৰ দেখা পাম ।




মুষ্টিবদ্ধ আত্মা (Clenched soul)
আমি আনকি গধূলিটোও হেৰুৱালো ।
কোনেও এই সন্ধিয়াত আমাক হাতত হাত ধৰি খোজ কঢ়া নেদেখিলে,
যিটো সময়ত নীলা পোহৰৰ আভাষ পৃথিৱীৰ ওপৰত পৰিছিল ।
মই মোৰ খিৰিকিখনৰ পৰা দেখিছিলো
সূদূৰৰ পৰ্বত চুড়াত সুৰুযে পোহৰৰ উৎসৱ পাতিছিল ।
কেতিয়াবা মুদ্ৰাৰ দৰে দেখা সূৰ্যৰ টুকুৰা এটা
মোৰ হাতৰ তলুৱাত উজলি উঠিছিল ।
হাতৰ মুঠিত মই মোৰ আত্মাক চেঁপি তোমালৈ মনত পেলাইছিলো,
মোৰ সেই দুখবোধ যাৰ বিষয়ে তুমি জানা ।
তেতিয়া তুমি ক'ত আছিলা?
তাত অন্য কোন আছিল?
তোমাক কি কৈছিল?
কিয় মোৰ সমগ্ৰ প্ৰেম আহি মোৰ ওচৰ পাইছিলহি হঠাতে ,
যেতিয়া মই বিষণ্ণ হওঁ আৰু অনুভৱ কৰো তুমি বহুত দূৰলৈ গৈছা?
কিতাপখন বাগৰি বন্ধ হৈ পৰিছে সদাই পৰাৰ দৰে সন্ধিয়াত,
মোৰ নীলা চুৱেটাৰটো পাক খাই পৰি থাকে ভৰিৰ ওচৰত
আহত কুকুৰ এটাৰ দৰে ।
দিনে প্ৰতিদিনে তোমাৰ সান্নিধ্য কমি গৈছে আবেলি বেলিকা,
সন্ধিয়াৰ ক্ষয়প্ৰাপ্ত প্ৰতিমূৰ্তিৰ অনুক্ৰমে ।

Post a Comment

0 Comments