যোশেফ ব্ৰডস্কিৰ কেইটামান কবিতা
অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ
এটি ভাষণৰ অনুষ্ঠানত
যিহেতু ভ্ৰম হোৱাটো অবৰ্জনীয়, মোক সহজতে আপোনালোকৰ সন্মুখৰ
এজন মানুহ বুলি ভাবিব পাৰি সেই কোঠাটোত যিটো আপোনালোকেৰে
পূৰ্ণ হৈ আছে ৷ তথাপি, প্ৰায় এঘন্টাৰ ভিতৰত
ইয়াক শুদ্ধ কৰা হ’ব , আপোনালোকৰ আৰু মোৰ ওপৰত ভৰ
দি,
আৰু ঠাইখিনি আকৌ মানুহৰ বিশেষ আকৃতি বা বিশেষ ধৰণৰ সমাৱেশৰ
বান্ধোনৰ পৰা মুক্ত মৌলিক কণাবোৰে নিজৰ কৰি ল’ব ৷
কিছুমান কণিকা এতিয়াও মুক্ত ৷ এয়া সকলো মাত্ৰ ধূলি নহয় ৷
গতিকে এয়া যে মই আপোনালোকৰ
মুখামুখি হৈছোঁ এতিয়া,
বা আপোনালোক মোৰ মুখামুখি হৈছে, তাক
স্বীকাৰ কৰিবলৈ মোৰ অনিচ্ছা মোৰ নম্ৰতা বা কেৱল নিজৰ
অস্তিত্ব সম্মৰ্কে নিশ্চিত মোৰ ভাবটোৰ বাবে সিমান নহয়, কিন্তু এই ধাৰণাবোৰৰ
অতি ওচৰৰ ভৱিষ্যতৰ প্ৰতি, বা আগতে উল্লেখ কৰা সেই
মুক্ত উৰি ফুৰা কণিকবোৰে
মোৰ মগজুৰ জিলিকি থকা পৃষ্ঠত অৱতৰণ কৰাৰ প্ৰতি মোৰ গভীৰ
ভাবৰ বাবেহে ৷ সেইবোৰ মচি পেলাবলৈ ব্যগ্ৰ এটুকুৰা তিতা কাপোৰৰ স্পৰ্শৰ বাহিৰত ৷
শূন্যতাৰ আটাইতকৈ আমোদজনক কথাটো হ’ল
ইয়াৰ আগতে পূৰ্ণতাৰ আগমন হয় ৷
এই কথাটো প্ৰথমতে বুজি পোৱাসকল আছিল, মই বিশ্বাস কৰোঁ, গ্ৰীক
দেৱতাসকল, অনুপস্থিতি যাৰ বিশেষ প্ৰতিভা আছিল ৷
আপুনি, তেন্তে, ভাবি
লওক যে আপোনালোকে কোনো স্বৰ্গীয় শিল্পৰ পুনৰাবৃত্তিৰ আখৰা কৰিছে,
আৰু অৱশ্যেই মই দৰ্শক সকলৰ বাঃ বাঃ বুটলিবলৈ চেষ্টা কৰিম ৷
আমাৰ কৰ্ম নিজৰেই প্ৰশংসা আৰু মোহৰ পৰা পৰিচালিত ৷ কিন্তু মই খৰ-ধৰ কৰিছোঁ ৷
যদি ভৱিষ্যতৰ বিষয়ে জানে, আপোনালোকে তাক দ্ৰুততাৰে ওচৰ
চপাই আনিব পাৰে ৷ যেনেকৈ মূৰ্তি আৰু কাৰোবাৰ ফাৰ্ণিচাৰবোৰে কৰে ৷
নিজকে সৰু কৰাটো কোনো মহানতা নহয়, কিন্তু এয়া এক অতি প্ৰয়োজনীয়
কৰ্তব্য, আৰু এইটো আবেলিৰ সময়তহে প্ৰায়ে
উপলব্ধি কৰা হয় ৷ যদিও পাৰিসংখ্যিক ভাবে আপোনালোক নোহোৱাতকৈ
মই নোহোৱাটো বেছি সহজ ৷ যেনেদৰে ৰাজহাঁহটোৱে হ্ৰদৰ আগত
স্বীকাৰ কৰিছিল : মই নিজকে ভাল নাপাওঁ ৷ কিন্তু মোৰ প্ৰতিবিম্বলৈ আপোনাক স্বাগতম ৷
শোকগাথা
প্ৰায় এবছৰ পাৰ হৈ গ’ল ৷ মই ৰণক্ষেত্ৰলৈ ঘূৰি আহিছোঁ,
সেই চৰাইবোৰৰ কাষলৈ যিবোৰে পাখি মেলি দিবলৈ শিকিছিল
মাত্ৰ এটি সুক্ষ্ম
চকিত চেলাউৰিৰ উত্থানত, আৰু সম্ভৱতঃ এখন ক্ষুৰৰ ব্লেদৰ পৰা
- ডেউকা, এতিয়া
আগতীয়া সন্ধিয়াৰ পোহৰৰ ছায়া, এতিয়া
দেশৰ শত্ৰুতাৰ ৷
এতিয়া ঠাইখনত ব্যৱসায়ৰ কোলাহলেৰে মুখৰিত, য’ত
কেঁচামাল -
তোমাৰ ভৰিৰ গাঁঠি সবল কৰা পেশী, ৰ’দে
পোৰা
বৰ্মৰ ব্ৰঞ্জ, মৰি অহা হাঁহিবোৰ, শৰীৰৰ
আঘাত,
নতুন সৈন্যদলৰ উৰাবাতৰি, ওখ মহলৰ বিশ্বাসঘাতকতাৰ
স্মৃতি,
তাৰ পাছত উত্থান হোৱা সকলৰ চিহ্ন থকা
সুন্দৰকৈ ধোৱা পতাকা ৷
সকলোবোৰ মানুহেৰে ভৰি পৰিছে ৷ ধ্বংসাৱশেষৰ স্থাপত্যৰ এটা দুখলগা
শৈলী আছে ৷ আৰু হৃদয় এটা ঘন ক’লা এন্ধাৰে আবৰা
গুহাতকৈ খুব বেছি বেলেগ নহয়; সেই সম্ভাৱনাক ভয় কৰিব পৰাকৈ
বেলেগ নহয় যে
আমি যে আকৌ অন্ধ
কণীৰ দৰে
সংঘৰ্ষত লিপ্ত হ’ব পাৰোঁ ক’ৰবাত ৷
সূৰ্য্যোদয়ৰ সময়ত, যেতিয়া কোনেও নিজৰ মুখলৈ নেচায়, মই
প্ৰায়েই,
সুদীৰ্ঘ গলিত দুঃস্বপ্নৰ এটি সোঁৱৰণিৰ ঘৰলৈ যাওঁ ৷ আৰু ই ভেটিৰ পৰা কয়
“মুখ্য সেনাপতি“ ৷
কিন্তু ইয়াক পঢ়া হয় এনেদৰে
“শোকৰ নদীত“,
নাইবা “চমুকৈ“
নাইবা “ধ্বংসৰ
মুখত“ ৷
মই খিৰিকিখনৰ কাষত বহোঁ
মই কৈছিলোঁ অদৃষ্টই স্ক’ৰবিহীন খেল এখন খেলে,
আৰু কোনে মাছ বিচাৰে যেতিয়া তোমাৰ কাঁহীত কেভিয়াৰ আছে ?
মধ্যযুগীয় স্থাপত্যৰ বিজয় ঘটিব
আৰু তোমাক উৎসাহিত কৰিব - ক’ক, বা
ঘাঁহৰ কোনো প্ৰয়োজন নাই ৷
মই খিৰিকিখনৰ কাষত বহোঁ, বাহিৰত এজোপা আঁহত ৷
যেতিয়া ভাল পাইছিলোঁ, মই গভীৰতাৰে ভাল পাইছিলোঁ ৷ সেয়া খুব কমেই
হৈছিল ৷
মই কৈছিলোঁ গছজোপাৰ মাত্ৰ এটা অংশ অৰণ্যৰ ৷
কোনে গোটেই ছোৱালীজনী বিচাৰে যেতিয়া তুমি তাইৰ আঁঠুদুটা পালা ?
আধুনিক যুগে উৰুওৱা ধূলিয়ে বিৰক্ত কৰা,
ৰুছ চকুৱে এষ্টনিয়াৰ চূড়াত ভাগৰ পলুৱায় ৷
মই খিৰিকিখনৰ কাষত বহোঁ ৷ পাত্ৰবোৰ ধোঁৱা হ’ল ৷
মই ইয়াতেই সুখী আছিলোঁ ৷ কিন্তু আৰু নোৱাৰিম ৷
মই লিখিছিলোঁ: বাল্বটোৱে ফুলটোলৈ ভয়ে ভয়ে চায়,
আৰু প্ৰেমৰ, কৰ্ম হিচাপে, কোনো
ক্ৰিয়া নাই ; যি শূন্যক
ইউক্লিডে অন্তৰ্দ্ধান হ’ব খোজা এটি বিন্দু বুলি
কল্পনা কৰিছিল,
সি গণিত নাছিল - আচলতে আছিল সময়ৰ ৰিক্ততা ৷
মই খিৰিকিখনৰ কাষত বহোঁ ৷ আৰু যেতিয়া মই বহোঁ
মোৰ যৌৱনৰ দিনবোৰ ঘূৰি আহে ৷ কেতিয়াবা মই হাহোঁ ৷ কেতিয়াবা থুই পেলাওঁ ৷
মই কৈছিলোঁ যে পাতবোৰে কলিটো ধ্বংস কৰিব পাৰে:
সাৰুৱা যিটো সৰি পৰে চহোৱা পথাৰত - অচল ৷
আৰু সেই সমান পথাৰখনত, এন্ধাৰে স্পৰ্শ নকৰা প্ৰকৃতিয়ে
গছৰ বীজবোৰ কোনো কামত নহাকৈয়ে ছটিয়াই দিয়ে ৷
মই খিৰিকিখনৰ কাষত বহোঁ ৷ হাতদুখনে আঁঠু সাৱটি লয় ৷
মোৰ গধূৰ ছাঁ মোৰ সাহসী সংগী ৷
মোৰ গানৰ সুৰ নাছিল, মোৰ মাতটো কৰ্কশ আছিল,
কিন্তু অন্ততঃ কোনো সমবেত স্বৰে তাক ওভতাই গাব পৰা নাছিল ৷
আৰু এনেধৰণৰ কথাই যে কোনো পুৰস্কাৰ নেপায় সেইটোৱে কাকো
বিমূঢ় নকৰে - কাৰো ভৰিয়ে মোৰ কান্ধত নিজিৰায় ৷
মই খিৰিকিখনৰ কাষত বহোঁ এন্ধাৰত ৷ এখন এক্সপ্ৰেছৰ দৰে
তৰংগবোৰ সশব্দে পাৰ হৈ যায় তৰংগৰ দৰে পৰ্দাখনৰ পিছেৰে ৷
এই দ্বিতীয় শ্ৰেণীৰ বছৰবোৰৰ এজন প্ৰভুভক্ত প্ৰজা,
মই সগৌৰৱে স্বীকাৰ কৰোঁ যে মোৰ সুন্দৰতম চিন্তাবোৰ
দ্বিতীয় শ্ৰেণীৰ, আৰু সিহঁতক বন্ধ বতাহৰ বিৰুদ্ধে
মোৰ সংগ্ৰামৰ চিহ্নৰ ৰূপত গ্ৰহণ কৰক ভৱিষ্যতে ৷
মই এন্ধাৰত বহোঁ ৷ আৰু এয়া থিৰাং কৰাটো কঠিন
কোনটো বেছি বেয়া - অন্তৰৰ এন্ধাৰ, নে বাহিৰৰ অন্ধকাৰ ৷
টোকাঃ (কেভিয়াৰ - কিছুমান ডাঙৰ
মাছৰ কণী আৰু সাধাৰণতে দামী খাদ্যৰ শ্ৰেণীত পৰে )
শিলৰ গাওঁ
ইংলেণ্ডৰ শিলৰ গাওঁবোৰ ৷
হোটেলৰ খিৰিকিত বন্দী এটা গীৰ্জা ৷
পথাৰত চৰি থকা গৰুবোৰ সিচৰতি হৈ পৰিছে ৷
নৃপতিসকলৰ সমাধি-ঘৰ ৷
পুৰণি এসাজ কাপোৰেৰে এজন মানুহে,
ইয়াৰ অইন সকলোৰে দৰে সাগৰমুখী ট্ৰেইনখনক বিদায় দিয়ে,
পূৱলৈ ওলোৱা তেওঁৰ জীয়েকলৈ চাই তেওঁৰ এটি হাঁহি ৷
উঁকি এটি বতাহত ৷
আৰু টাইলছ ওপৰৰ সীমাহীন আকাশখন গভীৰতৰ
নীলা যেতিয়া পথাৰ চৰাইৰ ডাঙৰ হৈ অহা গানেৰে ভৰি পৰে ৷
আৰু যিমানেই গানটো স্পষ্ট হয়,
সিমানেই সৰু চৰাইটো ৷
সপ্ত স্তৱক
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তুমি
তোমাৰ হাতৰ তলুৱাৰে স্পৰ্শ কৰিছিলা, যালৈ তোমাৰ
হেলনীয়া ভ্ৰু কুঞ্চিত হৈছিল
সন্ধিয়াৰ ঘন শ্যামল নিস্তব্ধতাত ৷
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তোমাৰ দৃষ্টিয়ে
চিনিব পাৰিছিল সেই এন্ধাৰৰ গভীৰত:
প্ৰথমতে এক অস্পষ্ট অৱয়ব,
আৰু ক্ৰমশঃ - অংগ-প্ৰত্যংগ, এখন মুখ ৷
সেয়া তুমিয়েই আছিলা, মোৰ সোঁফালে,
মোৰ বাওঁফালে, তোমাৰ উত্তপ্ত
নিশ্বাসেৰে , মোৰ কাষত অনুচ্চ কণ্ঠেৰে
সুহুৰিয়াই
যিয়ে নিৰ্মাণ কৰিছিল মোৰ শ্ৰৱণ ৷
সেয়া তুমিয়েই আছিলা সেই শ্যামল
খিৰিকীৰ পৰ্দাৰ কম্পিত সুদৃশ্য ফুলৰ সান্নিধ্যত,
যিয়ে মোৰ চেতনাহীন গহ্বৰত স্থাপন কৰিছিল
তোমাক চিঞৰি আহ্বান কৰা এক কণ্ঠ ৷
মই প্ৰকৃততেই অন্ধ আছিলোঁ ৷
তুমি দৃশ্যমান, আৰু অদৃশ্য হৈ,
মোৰ চকুলৈ আনিছিলা এক জ্যোতি আৰু
তীব্ৰতৰ কৰিছিলা তাক ৷ এনেকৈয় কিছুমানে এৰি থৈ যায়,
এটি তৰংগ ৷ এনৈকৈ সিহঁতে নিৰ্মাণ কৰে পৃথিৱীৰ ৷
আৰু, তাৰ পাছত, সূচনাবিহীনভাবে
বেহিচাপেৰে ত্যাগ কৰে
সিহঁতৰ সৃষ্টি সেই প্ৰলয়ৰ গৰ্ভত ৷
আৰু এনেকৈয়ে, পোহৰ,
উত্তাপ , শীতলতা, বা অন্ধকাৰৰ তীব্ৰ গতিৰ
চিকাৰ,
মহাশূন্যত এক পৰিধিবিহীন গোলক
ঘূৰ্ণীয়মান আৰু ঘূৰ্ণীয়মান ৷
এটি গীত
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ, প্ৰিয়তমা
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ।
মন হয় তুমি চোফাখনত বহিছিলা
আৰু কাষতে বহিছিলোঁ মই।
ৰুমালখন তোমাৰ হ’ব পাৰিলেহেঁতেন ,
থুঁতৰিলৈ বৈ যোৱা চকুপানীখিনি মোৰ।
অৱশ্যেই এয়া,
ঠিক ওলোটা ধৰণেও হব পাৰিলেহেঁতেন।
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ, প্ৰিয়তমা
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ।
মই বিচাৰোঁ আমি মোৰ গাড়ীখনত আছিলোঁ
আৰু তুমি গিয়াৰ সলনি কৰিছিলা।
আমি নিজকে বিচাৰি পাম অন্য ক'ৰবাত,
কোনো অজান উপকূলত।
অন্যথা আমি আকৌ ঘূৰি যাম তালৈ
য'লৈ আমি আগতেও গৈছিলোঁ।
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ, প্ৰিয়তমা
তোমাৰ উপস্থিতি ইয়াতে বিচাৰোঁ।
মই বিচাৰোঁ মই জ্যোতিৰ্বিজ্ঞানৰ একোৱেই নাজানিম
যেতিয়া তৰাবোৰ আকাশত ওলায়,
যেতিয়া জোনটোৱে চুই যায় জলৰাশি
যিয়ে হুমুনিয়াহ এৰে আৰু নিদ্ৰাত গতি কৰে।
মই বিচাৰোঁ তোমাৰ নম্বৰটো ডায়েল কৰিবলৈ
যদি আগৰ দৰেই সস্তা হলহেঁতেন।
তোমাৰ উপস্থিতি ইয়াতে
বিচাৰোঁ, প্ৰিয়তমা
এইটো গোলাৰ্দ্ধত,
যেতিয়া মই বাৰান্দাখনত বহি
সুৰাৰ গিলাচত চুমা দিওঁ।
এতিয়া আবেলি, বেলিটো ডুবি আহিছে;
ল'ৰাবোৰে কিৰিলি পাৰিছে আৰু চৰাইবোৰে চিঞৰিছে।
পাহৰণিৰ পৰা কি লাভ
যদি তাৰ পাছত মৃত্যুৱেই সাৱটি লয়।
ওদিছাছ
টেলিমেকাচৰ প্ৰতি
মোৰ মৰমৰ টেলিমেকাচ,
ট্ৰজানৰ যুদ্ধ
সমাপ্ত হ’ল ; মই
নাজানোঁ কোন বিজয়ী হ’ল ৷
গ্ৰীকসকলেই, নিঃসন্দেহে, কাৰণ
সিহঁতেহে ইমান মৃতক
সিহঁতৰ নিজৰ গৃহভূমিৰ পৰা ইমান দূৰত এৰি থৈ
যাব পাৰে ৷
তথাপিও,
মোৰ ঘৰমুখী পথ খুব দীঘল
বুলি প্ৰমাণিত হৈছে ৷
যেতিয়া আমি তাতে সময়ৰ অপচয় কৰি আছিলোঁ, বৃদ্ধ
পচেইডনে,
ঠিক তেনেকুৱাই লাগে, টানি
সম্প্ৰসাৰিত কৰিছিল দূৰত্বক ৷
মই নাজানোঁ মই এতিয়া ক’ত
আৰু এয়া কোন ঠাই
হ’ব পাৰে ৷ এয়া এক লেতেৰা
ডাঙৰ দ্বীপ যেন লাগিব পাৰে,
জোপোহা,
ঘৰ আৰু কুঁ-কুঁৱাই থকা
গাহৰিৰে পূৰ্ণ ৷
অপতৃণে,
চেঁচুক আৰু বহু বেলেগ বন, শ্বাসৰুদ্ধ
কৰা এখন বাগিচা ৷
ঘাঁহ আৰু প্ৰকাণ্ড শিলবোৰ . . . টেলিমেকাচ, মোৰ
পুত্ৰ !
এজন ঘূৰি ফুৰা মানুহৰ কাৰণে সকলো দ্বীপৰেই
মুখবোৰ
একে যেনেই লাগে ৷ আৰু মনটোৱে উজুটি খায়,
ঢৌবোৰ গণি গণি ; চকুযুৰিয়ে, সাগৰৰ দিগন্তই ভাগৰুৱা কৰা,
ঢৌবোৰ গণি গণি ; চকুযুৰিয়ে, সাগৰৰ দিগন্তই ভাগৰুৱা কৰা,
দৌৰে ;
আৰু পানীৰ তেজে কাণ দুখন
হেঁচি ধৰে ৷
মই মনত পেলাব নোৱাৰোঁ কেনেকৈ যুদ্ধখনৰ সূচনা
হৈছিল ;
আনকি তোমাৰ বয়স কিমান হ’ল
- মই মনত পেলাব নোৱাৰোঁ ৷
ডাঙৰ হোৱা, তেন্তে, মোৰ
টেলিমেকাচ, শক্তিশালী হোৱা ৷
মাত্ৰ দেৱতাসকলেহে জানে আমি আকৌ ইজনে সিজনক
দেখিবলৈ পাম
নে নেপাম ৷ বহুদিন হ’ল
যেতিয়া তুমি সেই সৰু কণমানিটি আছিলা,
যাৰ আগত মই নাঙলত গৰু হাল যুৰিছিলোঁ ৷
পালামিডিচৰ সেই অভিসন্ধি সফল নোহোৱা হ’লে,
আমি দুয়ো এতিয়াও হয়তো একেখন ঘৰতেই
থাকিলোঁহেঁতেন ৷
কিন্তু বোধহয় তেওঁৱেই শুদ্ধ আছিল ; মোৰ
পৰা আঁতৰত থাকি
তুমি সকলো ইদিপাচীয় অভিলাষৰ পৰা সম্পূৰ্ণ
নিৰাপদ,
আৰু তোমাৰ সপোনবোৰ, মোৰ
টেলিমেকাচ, নিষ্পাপ ৷
সপ্ত স্তৱক
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তুমি
তোমাৰ হাতৰ তলুৱাৰে স্পৰ্শ কৰিছিলা,
যালৈ তোমাৰ
হেলনীয়া ভ্ৰু কুঞ্চিত হৈছিল
সন্ধিয়াৰ ঘন শ্যামল নিস্তব্ধতাত ৷
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তোমাৰ দৃষ্টিয়ে
চিনিব পাৰিছিল সেই এন্ধাৰৰ গভীৰত:
প্ৰথমতে এক অস্পষ্ট অৱয়ব,
আৰু ক্ৰমশঃ - অংগ-প্ৰত্যংগ, এখন মুখ ৷
সেয়া তুমিয়েই আছিলা, মোৰ সোঁফালে,
মোৰ বাওঁফালে, তোমাৰ উত্তপ্ত
নিশ্বাসেৰে , মোৰ কাষত অনুচ্চ কণ্ঠেৰে
সুহুৰিয়াই
যিয়ে নিৰ্মাণ কৰিছিল মোৰ শ্ৰৱণ ৷
সেয়া তুমিয়েই আছিলা সেই শ্যামল
খিৰিকীৰ পৰ্দাৰ কম্পিত সুদৃশ্য ফুলৰ সান্নিধ্যত,
যিয়ে মোৰ চেতনাহীন গহ্বৰত স্থাপন কৰিছিল
তোমাক চিঞৰি আহ্বান কৰা এক কণ্ঠ ৷
মই প্ৰকৃততেই অন্ধ আছিলোঁ ৷
তুমি দৃশ্যমান, আৰু অদৃশ্য হৈ,
মোৰ চকুলৈ আনিছিলা এক জ্যোতি আৰু
তীব্ৰতৰ কৰিছিলা তাক ৷ এনেকৈয় কিছুমানে এৰি থৈ যায়,
এটি তৰংগ ৷ এনৈকৈ সিহঁতে নিৰ্মাণ কৰে পৃথিৱীৰ ৷
আৰু, তাৰ পাছত, সূচনাবিহীনভাবে
বেহিচাপেৰে ত্যাগ কৰে
সিহঁতৰ সৃষ্টি সেই প্ৰলয়ৰ গৰ্ভত ৷
আৰু এনেকৈয়ে, পোহৰ,
উত্তাপ , শীতলতা, বা
অন্ধকাৰৰ তীব্ৰ গতিৰ চিকাৰ,
মহাশূন্যত এক পৰিধিবিহীন গোলক
ঘূৰ্ণীয়মান আৰু ঘূৰ্ণীয়মান ৷
যোশেফ ব্ৰডস্কি (১৯৪০ - ১৯৯৬ ) এজন ৰুছ-আমেৰিকান কবি আৰু প্ৰৱন্ধ লেখক ৷ ইহুদী হোৱাৰ বাবে ৰাছিয়াত তেওঁৰ
পৰিয়ালে বহুতো কষ্টৰ সম্মুখীন হ’ব লগা হৈছিল ৷ তেওঁ পোন্ধৰ
বছৰ বয়সতে স্কুল এৰিছিল আৰু বিভিন্ন চাকৰিত নিয়োজিত হৈছিল ৷ লগে লগে তেওঁ নিজে
নিজেই পলিচ আৰু ইংৰাজী ভাষা শিকিবলৈ আৰম্ভ কৰিছিল ; উদ্দেশ্য
আছিল যাতে তেওঁ চেজল মিলজ আদি পলিচ কবি সকলৰ আৰু ইংৰাজী কবি জন দ’নৰ
কবিতা ৰুছ ভাষালৈ অনুবাদ কৰিব পাৰে ৷ ৰাছিয়াত তেওঁ বহুতো ৰাজনৈতিক সমস্যাৰ
সম্মুখীন হৈছিল আৰু তেওঁক কাৰাদণ্ডও দিয়া হৈছিল ৷ বত্ৰিশ বছৰ বয়সত তেওঁক ৰাছিয়া
ত্যাগ কৰিবলৈ একপ্ৰকাৰে বাধ্য কৰা হৈছিল আৰু তেওঁ আমেৰিকালৈ গৈছিল ৷
তেওঁ ১৯৮৭ চনত “চিন্তাৰ স্পষ্টতা আৰু কাব্যিক তীব্ৰতাৰে পূৰ্ণ
সৃষ্টিৰ বিশালতা”ৰ বাবে সাহিত্যৰ নোবেল বটা লাভ কৰে ৷
0 Comments