কবিতাঃ অমৃতা প্ৰীতম দুটা কবিতা


অমৃতা প্ৰীতমৰ দুটা কবিতা

অসমীয়া ভাঙনিঃ গীতিকা শইকীয়া
উৎস গ্ৰন্থঃ কাগজ অউৰ কেনভাছ


আঁখাঁ ৱাৰীচ শ্বাহ নু
ৰচনাকালঃ ১৯৪৭ চন

আজি মই তোমাক মাতিছোঁ ৱাৰীচ শ্বাহ,
তোমাৰ কবৰৰ ভিতৰৰ পৰা মাত দিয়া।
আৰু চোৱা, সেই প্ৰেমৰ কিতাপখনৰ কৰণাময়তাৰে ভৰা শেষৰ পৃষ্ঠাটো পুনৰ চোৱা
এসময়ত, পঞ্জাৱৰ এজনী ছোৱালীয়ে কান্দিছিল;
তুমি হাঁহাকাৰ কৰি সেই কাহিনী লিখিছিলা।
আজি, লাখ লাখ ছোৱালীয়ে কান্দি আছে তোমালৈ চাই ৱাৰীচ শ্বাহ
উঠা! হে দুখৰ, যন্ত্ৰণাৰ কাহিনীকাৰ, উঠা! তোমাৰ পঞ্জাৱক চোৱা,
শস্যৰ পথাৰবোৰত মানুহৰ শৱদেহেৰে শাৰী পাতি আছে,
আৰু চেনাৱ নদীৰ পানী তেজেৰে ভৰি গৈছে
কোনোবাই সেই পাঁচোখন নদীৰ পানীৰ সোঁতত বিহ মিহলাই দিছে।
সেই বিষাক্ত পানীয়ে আমাৰ শস্যৰ পথাৰবোৰ সম্পূৰ্ণকৈ দূষিত কৰি তুলিছে।


টোকাঃ ভাৰতীয় ভাষা-সাহিত্যৰ ভোটাতৰা অমৃতা প্ৰীতমে ৰচনা কৰা এই কবিতাটি ভাৰত-পাকিস্তান দুয়ো দেশতে বৰ্তমানেও অত্যন্ত জনপ্ৰিয় কবিতাৰূপে পৰিচিতি লাভ কৰি আহিছে। কবিতাটিত উল্লেখ কৰা ৱাৰীচ শ্বাহ পঞ্জাৱী সাহিত্যৰ অমৰ প্ৰেম গাঁথা হীৰ-ৰঞ্জাৰ ৰচক আছিল। হীৰ নামৰ যুৱতী গৰাকীৰ দুখত ব্যথিত হৈ ৱাৰীচ শ্বাহে লিখা সেই অমৰ প্ৰেম কাহিনীৰ ইংগিতধৰ্মী উল্লেখেৰে অমৃতা প্ৰীতমে ভাৰত-পাকিস্তানৰ বিভাজনৰো বহু আগতেই ইহলীলা সম্বৰণ কৰা ৱাৰীচ শ্বাহ (১৭২২-১৭৯৮)ক সম্বোধন কৰি দেশ বিভাজনৰ ফলত জীয়াতু ভোগা নাৰীসকলৰ দুখৰ বৰ্ণনা কৰিছে এই কবিতাটিত। পাকিস্তানৰ নিজ জন্মস্থান গুৰজনৱালাৰ পৰা পলাই আহি শেষত ডেৰাদুনৰ পৰা দিল্লী আহি থকা অৱস্থাত সন্মুখীন হোৱা অৱৰ্ণনীয় কষ্টৰ সময়তে অমৃতা প্ৰীতমে এই কবিতাটি লিখিছিল বুলি জনা যায়। প্ৰকৃততে ৱাৰীচ শ্বাহ আৰু অমৃতা প্ৰীতমৰ জন্মস্থান একেখনেই আছিল, পাকিস্তান অধিকৃত গুৰজনৱালা।



খালী জগহ

কেৱল মাত্ৰ দুখন ঠায়েই আছিল
এখনে মোক আৰু আনখনে তেওঁক খেদি পঠিয়াইছিল
আৰু আনসকলোকে আমি দুয়োয়েই ত্যাগ কৰি দিছিলোঁ।
নগ্ন আকাশৰ তলত
মই কিমান দেৰি যে
দেহৰ মোহত তিতি গৈ থাকিলোঁ,
তেৱোঁ কিমান দেৰিলৈকে
দেহৰ মোহত গলি গলি গৈ থাকিল।
পুনৰবাৰ বহু বছৰৰ সেই মোহমায়াক
বিহৰ দৰে পান কৰি কৰি
তেওঁ কঁপা কঁপা হাতেৰে মোৰ হাতখন খামুচি ধৰিছিল
বলা, আমাৰ হেৰাই যোৱা সময়বোৰৰ ওপৰত এখন ছাদ বনাওঁ
তাত চোৱাচোন! তাতেই পৰি আছে, সেইয়া
সঁচা আৰু মিছাৰ মাজত অলপমান খালী ঠাই পৰি আছে।



কবি পৰিচিতিঃ ভাৰতীয় সাহিত্য জগতৰ এগৰাকী মহান সাধক আছিল অমৃতা প্ৰীতম। সম-সাময়িক সমাজ ব্যৱস্থাৰ প্ৰতি যথেষ্ট প্ৰতিবাদী সাহিত্যিক ৰূপে প্ৰসিদ্ধ অমৃতা প্ৰীতমৰ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত "কাগজ অউৰ কেনভাছ" শীৰ্ষক কবিতাৰ গ্ৰন্থখনৰ কবিতাবোৰত প্ৰেম আৰু যৌৱনৰ দিনবোৰত হোৱা অতৃপ্ততাৰ বৰ্ণনাই গুৰুত্ব লাভ কৰিছিল। এই কবিতাবোৰত প্ৰকাশ হোৱা অমৃতা প্ৰীতমৰ অন্তৰৰ উন্মুক্ত প্ৰকাশ কেৱল তেওঁৰ অন্তৰৰ গাঁথা হৈ নাথাকি সমগ্ৰ পাঠকৰে অন্তৰৰ অপ্ৰকাশিত বেদনাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই অমৃতা প্ৰীতমৰ এই কবিতাৰাজী পাঠকৰ মাজত সদায়েই সমাদৃত হৈ আহিছে। দেশ বিভাজনৰ কদৰ্যময় পৰিস্থিতিৰ সাক্ষী অমৃতা প্ৰীতমৰ লিখনিত সাধাৰণ মানুহৰ দুখ-কষ্ট তথা নাৰীৰ প্ৰতি হোৱা অবৰ্ণনীয় অত্যাচাৰৰ বৰ্ণনাই পাঠকৰ হৃদয় জোঁকাৰি যায়।

Post a Comment

0 Comments