চীন দেশৰ সাধু - প্ৰেমৰ পখিলাজাক

প্ৰেমৰ পখিলাজাক (এক চীনা লোক কাহিনী)


অনুবাদঃ প্ৰতীক্ষা ছায়া কলিতা


বহু বছৰৰ আগয়ে শাংগ্যু, জেজ্যাং (Shangyu,Zhejiang)ত এক অভিজাত চীনা পৰিয়ালত জু য়াংটাই নামৰ নামৰ এগৰাকী গাভৰু আছিল। সেইসময়ত চীনত ছোৱালীবোৰক নিজৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাত নিষেধ আছিল আৰু তেওঁলোক বিদ্যালয়লৈ যোৱাৰো অনুমতি নাছিল। কিন্তু জু শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বহু সময় ধৰি দেউতাকক এই বিষয়ে বুজাই অবশেষত তাই স্কুল যোৱাৰ অনুমতি পালে। দেউতাক মান্তি হ'ল । কিন্তু তেনে কৰিবৰ বাবে জুৱে এটা ল'ৰাৰ দৰে সাজ পোচাক পৰিধান কৰিব লগীয়া হ'ল। জুৱে আনন্দ মনেৰে নিজকে সলনি কৰিলে আৰু হাংজো অৰ্থাৎ য'ত তাই ৱাংচং একাডেমীত পঢ়িবলৈ ঠিৰাং কৰিছিল, তালৈ যাবলৈ সাজু হ'ল। যোৱাৰ বাটত জুৱে লিয়াং শানবো নামৰ এজন ডেকাক লগ পালে। লিয়াঙো পঢ়িবৰ বাবে ৱাংচং একাডেমীলৈকে গৈ আছিল। তেওঁলোক দুয়ো একেলগে খোজ কাঢ়ি যোৱাটো ঠিক কৰিলে। প্ৰথমৰ পৰাই দুয়ো খুব ভাল বন্ধু হৈ পৰিল আৰু যেতিয়া স্কুল গৈ পাইছিলগৈ , লিয়াঙে আজীৱন দুয়ো ককাই ভাইৰ দৰে থাকিব বুলি কথা দিছিল। লিয়াঙে জনা নাছিল যে তাৰ নতুন বন্ধু প্ৰকৃততে এজনী ছোৱালীহে । জু বন্ধুত্বৰ বাবে মান্তি হ'ল। কিন্তু মনে মনে তাই প্ৰথমৰে পৰাই লিয়াঙক ভালপাবলৈ আৰম্ভ কৰিছিল। তাই তাৰ আগত তাইৰ প্ৰকৃত সত্য স্বীকাৰ কৰিব বিচাৰিছিল। কিন্তু তাৰ বাবে তাই লাভ কৰা অধ্যয়নৰ সুবিধাটো হেৰুওৱাৰ ভয়ত সাহস নকৰিলে।তেওঁ লোক দুয়ো স্কুলত ভাল বন্ধু হৈ পৰিল। আৰু এনেকৈ বছৰটো বাগৰিল। জু বেছি গভীৰভাৱে লিয়াঙৰ প্ৰেমত পৰিবলৈ ধৰিলে। কেতিয়াবা ৰাতি তাই কান্দিছিল, তাই যদি তাক সঁচা কথাটো কৈ দিব পাৰিলে হেঁতেন! কিন্তু লিয়াঙ নিজৰ পঢ়া-শুনাত ইমানেই ব্যস্ত আছিল যে সি কেতিয়াও জুৱে কিবা সংকেত দিব খুজিছিল যদিও তাৰ ওপৰত মনেই দিয়া নাছিল।সি জুক ভাল পাইছিল আৰু সি সিহঁতৰ বন্ধুত্বৰ সম্পৰ্কটো খুব ভাল দৰে বৰ্তাই ৰাখিছিল। তিনিবছৰ অধ্যয়নৰ পিছত এদিন জুৱে তাইৰ দেউতাকৰ পৰা অহা এখন চিঠি পালে। তেওঁ তাইক অতি শীঘ্ৰেই ঘৰলৈ উভতিবলৈ কৈছিল। কিয় কৈছিল এই বিষয়ে তেওঁ কোনো কাৰণ দৰ্শোৱা নাছিল। জু বৰ চিন্তাত পৰিছিল। তাইৰ স্কুল এৰি যাবলৈ বেয়া লাগিছিল। আনফালে তাই লিয়াঙক বিদায় জনোৱাৰ কল্পনা কৰিব পৰা নাছিল। :"তুমি মোক লগ কৰিবা বুলি কথা দিয়া", জুৱে ক'লে। "তুমি জানা আমাৰ বন্ধুত্বৰ সম্পৰ্কটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ।" : "নিশ্চয়কৈ মই লগ কৰিম।" লিয়াঙে ক'লে। তাৰপিছত জুৱে তাক অলপ বেলেগ ধৰণেৰে মন্দাৰিন হাঁহৰ(mandarin ducks)দৰে জীৱনৰ কাৰণে বন্ধু হৈ থকাৰ কথা ক'লে। চীনত মন্দাৰিন হাঁহক প্ৰেমৰ প্ৰতীক হিচাপে জনা যায় । কিন্তু লিয়াঙে ইংগিতটো ধৰিব নোৱাৰিলে। : "মই কথা দিছো, মই যাম।" লিয়াঙে ক'লে। "ব'লা, ঘৰলৈ যোৱাৰ বাটত ময়ো তোমাৰ লগত একেলগে যাওঁ, আৰু আমি গৈ থাকোতে দুয়ো দুয়োকে বিদায় জনাব পাৰিম।" সেয়ে সিহঁতে এজনে আনজনৰ লগত হাঁহি ধেমালি কৰি কথা পাতি গৈ থাকিল। বহু দূৰ যোৱাৰ পাছত লিয়াঙে মন কৰিলে যে সি ইতিমধ্যে ওঠৰ মাইল বাট খোজ কাঢ়ি আহিলে। সি ৰ'ল আৰু হাঁহিলে । : "জু" সি ক'লে, মই ঘূৰি যাবৰ হ'ল।" ইতিমধ্যে সি আন্ধাৰ হৈ অহা লক্ষ্য কৰিছিল। সিহঁত এটা জুপুৰিৰ চালি এখনৰ তলত বিদায় জনাবৰ বাবে ৰ'ল। আন্ধাৰত সিহঁতে এজনে আনজনৰ চকুপানীবোৰ দেখা নাপালে। জু যেতিয়া ঘৰ পালেগৈ, তাই গম পালে যে তাইৰ মাক দেউতাকে মা ৱেনচাই নামৰ এজন ধনী ব্যৱসায়ীৰ লগত তাইৰ আঙুঠি পিন্ধোৱাৰ কথা ঠিক হোৱাৰ খবৰটো জনাবলৈ তাইক ঘৰলৈ মাতি পঠিওৱা হৈছে। তেওঁলোকে বসন্ত ঋতুৰ সময়লৈ বিয়াখন পাতিব বিচাৰে। জু আৰু লিয়াং পৃথত হৈ থকাৰ সময়খিনিত ইজনে সিজনলৈ চিঠি লিখিছিল। জুৱে যেতিয়াই লিখিছিল , তাই প্ৰিয়জনক সঁচা কথাটো কৈ দিয়াৰ কথা বাৰে বাৰে মনলৈ আহিছিল। কিন্তু তাই পুনৰ থমকি ৰৈছিল। এদিনাখন, লিয়াঙে জুক লগ ধৰাটো থিক কৰিলে । আৰু যেতিয়া এজনে আনজনক লগ পালে, দুয়ো বন্ধুৱে আনন্দতে আলিংগন কৰিলে। জুৱে বেছি সময় সত্যক ঢাকি ৰাখিব নোৱাৰিলে। তাই পিন্ধি থকা টুপিটো আৰু জলহু চাৰ্টটো খুলি পেলালে। তাই এজনী কিমান ধুনীয়া গাভৰু সেয়া প্ৰকাশ কৰিলে। :"মই যাতে পঢ়া-শুনা কৰিব পাৰোঁ, তাৰবাবেই মই এজন ল'ৰাৰ ভেশত নিজকে সজাই ৰাখিছিলো।" জুৱে স্বীকাৰ কৰিলে।"মই বহুত আগৰে পৰা তোমাক ভালপাওঁ।" :"মইও তোমাক ভালপাওঁ", লিয়াঙে ক'লে। "মই তোমাক চিৰদিন ভালপায় থাকিম।" জুৱে নিজৰ প্ৰেমিকজনক তাইৰ হ'বলগীয়া বিয়াখনৰ বিষয়ে ক'ব লগীয়া হ'ল। কথাটো শুনি লিয়াঙৰ অন্তৰখন ভাঙি গ'ল। হঠাৎ তাৰ ভোক পিয়াহ নোহোৱা হৈ গ'ল। সেইদিনা সন্ধিয়াটো আৰু পিছৰদিনাখন সি সময়বোৰ আনন্দেৰেই পাৰ কৰা যেন দেখুৱাই নাটক কৰিব লগীয়া হ'ল। কিন্তু ভিতৰি ভিতৰি তাৰ অন্তৰখন মৰি গৈ আছিল। জুও বহুত দুখত আছিল কিন্তু তাই মাক বাপেকৰ ইচ্ছাক অৱজ্ঞা কৰাৰ কথা কল্পনাও কৰিব নোৱাৰে। ‌শেষত লিয়াঙে বিদায় সম্ভাষণ জনালে। : " তুমি মোৰ বিয়ালৈ আহিবা বুলি কথা দিয়া।" জুৱে ক'লে,"মই তোমাৰ শুভকামনা অবিহনে বিয়াত বহিব নোৱাৰোঁ।" :"তোমালৈ মোৰ জীৱনৰ পৰা মৃত্যুৰ সময়লৈকে শুভকামনা থাকিব।" লিয়াঙে ক'লে। শীতকাল পাৰ হৈ গ'ল আৰু লাহে লাহে লিয়াং দিনক দিনে দুৰ্বল হৈ আহিবলৈ ধৰিলে। সি বৰ কষ্টৰেহে খোৱা বোৱা কৰিব পাৰিছিল। সি অলপো হাঁহি স্ফুৰ্তি নকৰা হ'ল। সি জানিছিল যে, সি বেছিদিন জীয়াই নাথাকে। প্ৰেমিকাৰ অবিহনে তাৰ জীৱনত একো ভাল নলগা হৈ আহিছিল। আৰু এদিন সঁচাকৈয়ে তাৰ মৃত্যু হয়। মানুহে কৈছিল যে, এখন ভঙা হৃদয়ত অত্যন্ত দুখ লৈ তাৰ মৃত্যু হ'ল। যেতিয়া জুৱে এই বাতৰিটো পালে, তাৰপিছত বহুত দিনলৈকে তাই কান্দিয়েই থাকিল। কিন্তু তাই নিজৰ প্ৰতীজ্ঞা ভংগ কৰিব নোৱাৰিলে। ইতিমধ্যে বিয়াৰ দিনো ওচৰ আহি পাইছিল।

সেইদিনা গাঁৱৰ মাজেৰে তাইৰ বিয়াৰ বৰযাত্ৰীৰ দলটো শোভাযাত্ৰা কৰি গৈ থাকোতে জুৱে লিয়াঙৰ কবৰৰ ওচৰত তাৰ প্ৰতি তাইৰ সেৱা জনাবৰ বাবে ৰ'বলৈ নিৰ্দেশ দিলে। অত্যন্ত দুখ আৰু হতাশাৰে তাই কবৰৰ কাষত থিয় হৈ প্ৰাৰ্থনা কৰিলে যে, কবৰটো এবাৰৰ বাবে যাতে খোল খাই যায় । আৰু তাই লিয়াঙক এবাৰলৈ অন্তিম বিদায় জনাব পাৰে। ঠিক তেনেসময়তে, হঠাৎ গাজনি ঢেৰেকনিৰে সৈতে এজাক প্ৰচণ্ড বতাহ বলিল। কৰবটো খোল খাই গ'ল আৰু জুৱে লিয়াঙৰ ওচৰলৈ যাব বিচাৰি তাত জপিয়াই দিলে। পিছ মূহুৰ্ততে দুয়ো প্ৰেমিকৰ আত্মা এক হৈ এজাক পখিলালৈ ৰূপান্তৰ হৈ পৰিল। যেতিয়ালৈ বিয়াৰ বৰযাত্ৰী সকলে বিস্ময় হৈ সেইফালে ঘুৰি চাইছিল , তেতিয়ালৈ পখিলাবোৰ কবৰৰ বাহিৰলৈ ওলাই আহি জাক পাতি উৰি গুচি গৈছিল। কেতিয়াও পৃথক হ'ব নোৱাৰাকৈ।

 

টোকাঃ 'Butterfly Love' এটা পুৰণি চীনা লোককথা। অনুবাদৰ উৎসপাঠ হিচাপে ইংৰাজী অনুবাদ পাঠটো লোৱা হৈছে।


Post a Comment

0 Comments