গল্প : এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ / শমীক ঘোষ

 এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ

মূল (বাংলা) : শমীক ঘোষ

অসমীয়া অনুবাদ : মীনাক্ষী বৰপাত্ৰগোহাঁই


কবি নীলমণি ফুকনৰ সৈতে গল্পকাৰ শমীক ঘোষ



 

গৰ্ভ  ফালি ওলাই অহা  কলা চিঞাহীৰে আকাশখন ভৰি পৰিছে ৷ ঠিক কলা হেলমেটৰ দৰেই কঠিন  এক আৱৰণ শিলগুটি  এটা খুব জোৰেৰে মাৰি পঠিয়ালে যেনেকৈ ঠক্‌কৈ  এটা শব্দ হব ৷ সিমানেই কঠিন ৷ মৰি যোৱা কলা হিমেৰে  ঘনীভূত হৈ পৰিছে আকাশ ৷ মাজ নিশা শুই থকা চহৰখনত দুই এটা জ্বলি থকা  লাইটৰ  শুভ্ৰ পোহৰ আহি পৰিছেহি আন্ধাৰ নিশাটোত ৷ আকাশত হালধীয়া মৰা জোন ৷ তাৰ ঠিক তলতেই, আকাশত এঢলীয়া হৈ ওলাইছে ক'লা বলৰ দৰে তিনিটা বোমা ৷

 

অস্পষ্ট আন্ধাৰত সুবলে, বাঁওহাতখন মুখৰ ওচৰলৈ চপাই আনে ৷ যেন সি সময়ৰ গতিক স্তব্ধ কৰিব বিচাৰিছে ৷ স্তব্ধ কৰিব বিচাৰিছে বোমাৰ অনিবাৰ্য পতন ৷ কিছু ক্ষণ, যেন মহাকালৰ সমস্ত নিয়মক উলংঘা কৰি  বহ্মাণ্ডৰ  দৰে চিৰস্থায়ী হব বিচাৰে ৷

 

তিনিটাকৈ বোমা শৰীৰত ফুটিলে, তেজৰ কণিকা চিটিকি জোনৰ গাত পৰিব ৷

 

মানুহটোৱে যেন ধৰি  ৰাখিব বিচাৰিছে ৷ ৰেললাইনৰ শিলগুটিৰ মাজত যেন লুকাই থাকিব বিচাৰিছি ৷ সি নাযায় ৷ কোনো পধ্যেই সি নাযায় ৷ অথচ তাক  বলপূৰ্বক চোঁচৰাই নিছে চাৰিজন মানুহে ৷ সিহঁতৰ ভৰিৰ আঘাত লাগি ৰেললাইনৰ শিলগুটিবোৰ চৰ চৰকৈ শব্দ কৰি উঠিছে ৷ পোন সৰলৰেখাৰ দৰে কেইবাটাও ৰেললাইন ৷ দূৰে দূৰে কোনো কোনো ঠাইত হালধীয়া বাল্বৰ পোহৰ পৰি আছে ৷  আন্ধাৰৰো যে আছে অমোঘ নিয়ম ৷ এটা মানুহক টানি লৈ গৈছে চাৰিজনে ৷ যেন বহু পুৰণি এখন ধূসৰ  ছবি, হঠাৎ জীৱন্ত হৈ উঠিছে ৷ অলপ পিছতে হাতত চৰু এটা উলমাই এজন মানুহ ৷ আৰু একেবাৰে পিছত সুবল ৷

 

মানুহটোৱে হাত ভৰি আচাৰিছে ৷ অবিৰাম মাৰ খাই তাৰ মুখত  তেজেৰে কৰাল মাৰি ধৰিছে ৷ দাঁতবোৰ ভাঙি গৈছে তাৰ ৷ বিৰক্তিকৰ ভাৱে বেসুৰাকৈ সি কৈছে - এৰি দে, এৰি দে, আৰু নকৰোঁ ৷ মাৰ শপত, এৰি দে৷

ৰৈ গল সিহঁত - এই ঠাইতে সুবল ৷

সুবল অলপ অপ্ৰকৃতিস্থ ৷ মূৰ লৰাই লৰাই, চোঁচৰাই চোঁচৰাই শৰীৰটোক  যেন লৈ গৈছিল ৷

- ইয়াতে ?  হয়, ইয়াতে ৷

 

 গাধোৱা ঘৰৰ গোন্ধ এটা ভাহি আহিছে ৷ ৰেললাইনৰ কাষত পৰি আছে গুটখাৰ পেকেট, প্লাষ্টিক, চেনিটেৰী নেপকিন, দুই এটা ব্যৱহৃত কণ্ডম ৷ মৰা জোন  আৰু দূৰৰ হালধীয়া বাল্বে ঠাইটুকুৰাত অলপ ছাঁ আৰু অলপ পোহৰৰ সৃষ্টি কৰিছিল ৷ সুবল ৰৈ গল ৷ দিয়াচলাই মৰাৰ সামান্য শব্দ, অকণমান পোহৰ পৰিল তাৰ ক'লা মুখখনৰ ওপৰত ৷ তাৰপাছত নুমাই যোৱা  কেৱল ৰঙা এক বিন্দু ৷ চিগাৰেট জ্বলিছে ৷

 

মানুহটোক সি লুটিয়াই দিলে ৷ বান্ধি থোৱা হাতদুখনৰ মাজেৰে হাত এখন সোমোৱাই এজনে নিশ্চিত কৰিলে মানুহটোৰ উঠিব নোৱাৰা আৰু শুব নোৱাৰা অৱস্থাটো ৷ মানুহটোৱে বৰ জোৰেৰে কেঁকাই উঠিল ৷ এৰি দে মাৰ শপত, এৰি দে ৷ সুবল নিঃশব্দে আঁতৰি যায় ৷ তাৰ পেশীবোৰ টান হৈ উঠিছে ৷ অপ্ৰকৃতিস্থ অৱস্থাটো যেন আৰু নাই ৷ জোৰকৈ চিগাৰেটটোত হোঁপা এটা মাৰিলে ৷ চিগাৰেটৰ ছাঁইখিনি আঙুলিৰে টুকুৰিয়াই পেলালে ৷ তাৰপাছত ঘপ্‌ কৰে মানুহটোৰ কপালত লগাই দিলে ৷ ঠিক বাঁও চকুৰ ওপৰত ৷

 

আহহহহ ৷ দীঘলীয়া আৰ্তনাদ, উৰি যোৱা উপগ্ৰহৰ দৰে জঁপিয়াই জঁপিয়াই ৰেললাইনৰ কাষেৰে যাওঁতে ৰেললাইনৰ ওপৰতে উজুটি খাই পৰি গল ৷

সুবল আগবাঢ়ি আহিছে ৷ মাটিৰ চৰুটোৰ ভিতৰত ধীৰে ধীৰে ছটফটাই আছে কেইটামান কাৱৈমাছে ৷ জীৱন্ত ৷ পানী নাই সেয়ে  বায়ুতে বাচি থকাৰ প্ৰাণপণ চেষ্টা ৷

মানুহটোৱে বৰ জোৰেৰে মূৰ জোকাৰিলে ৷ এজন  মানুহে তাক ঘোচা মাৰিলে ৷ তাৰপাছত দুহাতেৰে মূৰটো চেপি ধৰিলে ৷ অন্য এজনে সেইসময়তে লিউকোপ্লাস্টটো খুলি পেলালে ৷ সুবলে ঘপ্‌ কৰে  কপালৰ ওপৰত চিগাৰেটটো বহাই দিলে ৷

আহহহহ ৷ আৰ্তনাদ কৰিব খোজা মানুহটোৰ মুখখন দাঁতৰ গুৰিতে এহাতেৰে টিপি ধৰিলে ৷  দাঁতৰ মাজত  আঙুলিৰ তীব্ৰ হেঁচাই মানুহটোৰ হা কৈ মেল খোৱা মুখখন জপাব নোৱাৰা কৰি ৰাখিলে ৷ প্ৰায় নিঃশব্দে ছোঁ মাৰি যোৱাৰ দৰে, এটা কাৱৈমাছ হাতত লৈ সুবলে মানুহটোৰ মুখত ভৰাই দিলে ৷ তাৰপাছত খুব জোৰেৰে টেপা মাৰি মুখখন বন্ধ কৰি ৰাখিলে ৷

জিভা লালটিৰ পানীৰে সিক্ত হৈ পৰিছে, সিক্ত হৈ পৰিছে  তালু ৷ নিৰ্বোধ কাৱৈমাছটোৱে পানীৰ সন্ধানত কাণৰ ফুল মাৰি মাৰি, আলজিভা-ডিঙি-পাকস্থলী ফালি ফালি তললৈ নামি গৈ থাকিল ৷ তেতিয়ালৈকে  চেপা মাৰি ধৰা মুখত লিউকোপ্লাস্টৰ বান্ধ টানকৈ লাগি ধৰিছে ৷ তেতিয়া বগা লিউকোপ্লাস্ট  হোলোকা হোলোকে ওলোৱা তেজেৰে ৰঙা হৈ উঠিছে ৷ মানুহটোৰ চকু দুটা যেন বাহিৰলৈ ওলাই আহিব খুজিছে ৷

 

মানুহটোক সিহঁতে এৰি দিলে ৷

 এৰি দিয়া মানুহটো উন্মাদ ষাঁড় গৰুৰ দৰে দৌৰি দৌৰি ঘূৰিবলৈ ধৰিলে, তেজেৰে লুতুৰিপুতুৰি হৈ গেঙনি তুলি,  ৰেললাইনৰ  শিলগুটিত বাগৰি বাগৰি, ৰেললাইনৰ চিৰিত মূৰটো খুন্দিয়াবলৈ ধৰিলে ৷ মৃত্যু ওচৰ চাপিলে ক্লান্ত হৈ হিম শীতল গাৰুত মূৰ থোৱা নহয় ৷  মৃত্যু আচলতে বহু সময় ধৰি তীব্ৰ যন্ত্ৰণাত  কোঙা হোৱাৰ দৰে অৱস্থা ৷

সুবলে পুনৰ চিগাৰেট জ্বলালে ৷ পেণ্টৰ চেইন খুলি ভাৰহীন হৈ হৈ সি মোবাইলৰ বুটাম টিপি কাণত লগালে ৷ মৃদু সুৰত কলে, “কাম হৈ গল ৷

 

আকাশত সিঁচৰতি হৈ থকা মেঘবোৰে  কবন্ধৰ দৰে উদ্দেশ্যবিহীনভাৱে চলাচল কৰি আছিল ৷ ষ্ট্ৰীটলাইটৰ  বগা পোহৰ ঘন হৈ গাখীৰৰ সৰৰ দৰে চিকচিকিয়া হৈ আছিল সন্মুখৰ ৰাস্তাটো ৷  সুবল ঘৰলৈ উভতিছিল ৷ অকলে খোজ কাঢ়ি কাঢ়ি ৷ দেৱালে দেৱালে খুন্দা খাই খায় ৷ যোৱা দুটা নিশা সি ঘৰলৈ অহা নাই ৷ সেইবুলিয়ে কৈছিল দলৰ দাদাজনে ৷ এতিয়া কাগজে কলমে সি পলাতক ৷ অৱশ্যে কোনো অসুবিধা নাই ৷ হত্যা কৰি পেলোৱা শটো শেষত ৰেলে কটা  শৱদেহৰ লগত মিলি যাব ৷ কেইদিনমান মৰ্গতে গলিব, তাৰপাছত শ্মশানত পুৰিলে বায়ুৰ লগত মিহলি হৈ যাব ৷ আজিৰ শটোও তেনেকুৱাই হব ৷ গভীৰ নিশা ৷ বস্তিৰ সকলো মানুহ শুই পৰিছে, কেৱল দূৰৰ পৰা টিভিৰ অস্পষ্ট শব্দ ভাহি আহিছে ৷ হিন্দী চিনেমাৰ সংলাপ নিশাৰ বস্তিৰ ভিতৰত হেৰাই গৈছে ৷

 

সুবল আহি ঘৰৰ দৰ্জাৰ সন্মুখত ঠিয় হল ৷ টিঙৰ দৰ্জাখনত সৰু সৰুকৈ টোকৰ মাৰিলে ৷

 - কোন ? মাকে সৰুকৈ সুধিলে ৷

- মই, দৰ্জাখন খোল ৷

মাকে দৰ্জাখন খুলিলে ৷ আন্ধাৰ হৈ থকা ঘৰটোৰ ভিতৰত আৰু ঘৰ দেখিবলৈ পোৱা গল ৷ বিছনাত আঁঠুৱা তৰি শুই আছে ককায়েক আৰু বৌয়েক ৷ তলৰ মজিয়াত বেলেগ এটা আঁঠুৱাৰ তলত একাষে ভনীয়েক শুই আছে ৷ মাজৰ মাকৰ ঠাইখিনি খালী ৷ আনটো কাষত সুবলৰ শোৱা ঠাই ৷ বিছনাৰ ফালে মূৰ দি মজিয়াত কোণাকোনিকৈ পৰি থাকে ৷

 

পকেটৰ ভিতৰৰ পৰা সুবলে পিস্তলটো উলিয়ালে ৷ একেবাৰে তলত ভৰাই থোৱা আছিল টকাৰ বান্দিলটো ৷ কেইখনমান নোট সি মাকৰ হাতত গুঁজি দিলে ৷ একো এটা নোকোৱাকৈ  সি মাকৰ চকুলৈ চাই ৰল ৷ মাকে তাৰ চকুৰ পৰা দৃষ্টি আঁতৰাই নিলে ৷ দুয়োৰে মাজত এষাৰো বাক্য বিনিময় নহল ৷ সুবল শুই থাকিল ৷

 

তাৰ নিচাৰ আৱেশ কটা নাছিল ৷ তাৰ উপৰি ৰক্তক্ষৰণৰ উত্তেজনা আছিলেই ৷ সুবলে স্থিৰ হৈ শুবলৈ যত্ন কৰিলে ৷ চুক্তি অনুসৰি সি মেৰো বুঢ়ীৰ ঘাটিলৈ গৈছিল ৷ চুলাইৰ আড্ডা তেতিয়ালৈ ভাগিছিল ৷ অতিশয় নিচাত  অচেতন হৈ থকা ৰিক্সাৱালা, ঠেলাৱালা কেইটামান তেতিয়া নিচাত মাতাল হৈ লুটি খাই পৰি আছে ৷ যেনিতেনি নিমখ আৰু জলকীয়াৰ অৱশেষ সিঁচৰতি হৈ পৰি আছে ৷ বুঢ়ীয়ে তাক ঘৰৰ ভিতৰলৈ লৈ গল ৷ প্লাষ্টিকৰ বস্তাৰ পৰ্দাখন টানি দিলে ৷ ডাঙৰদাদা  ইয়ালৈ নাহে, দলৰ ফালৰ পৰা বাধা  আছে ৷ ডাঙৰদাদাই কেৱল টকা পঠিয়াই দিয়ে মেৰোবুঢ়ীলৈ ৷ পাটীৰ ওপৰত  বিৰিয়ানীৰ পেকেট এটা ৰখা আছিল ৷ টকাখিনি  হিচাপ  কৰি, কাপোৰ সলাই সুবলে বিৰিয়ানীৰ পেকেট খুলিলে ৷ বগা বগা চাউল, তাৰ লগতে হালধীয়া চাউল  কেইটামানো  মিহলি হৈ আছে ৷ ভাতৰ মাজত এটা গোটা  মুৰ্গীৰ ঠেং ৷ সুবলে এগৰাহতে বহুত ভাত মুখলৈ নিলে ৷ তাৰ পাছত বটলটো মুখলৈ নিলে ৷ আন্ধাৰ ঘৰটোত বহি থাকোঁতে সুবলৰ হঠাতে সৰুকালৰ কথা এটা মনত পৰি গল ৷ সি তেতিয়া বহুত সৰু, বস্তিৰ কেইটামান লৰাই তাক জোৰকৈ ঠেলি  খোলা নৰ্দমাৰ ভিতৰত পেলাই দিছিল ৷ গেলা গোন্ধ , লা অপৰিষ্কাৰ পানী ৷ আন্ধাৰ আৰু মূৰৰ ওপৰত গোল এখন আকাশ ৷ লৰাবোৰে হাঁহিছিল ৷ আৰু মাজে মাজে তালৈ শিলগুটি দলিয়াইছিল ৷ সুবলৰ বৰ খং উঠিল ৷ পেশীবোৰ টান হৈ আহিল ৷ আৰু সেই সময়তে সি মুখত  নিমখীয়া উগ্ৰ গোন্ধৰ এক অদ্ভুত  স্বাদ পালে ৷ ঠিক  দাঁতৰ পৰা তেজ ওলালে যেনেকুৱা হয় তেনেকুৱা ৷ গিলি পেলালে সুবলে ৷ মুখৰ ভিতৰত আঙুলি ভৰালে সি ৷ মুখৰ ভিতৰত কৰবাত কাটিছে নেকি তাৰে গম লবৰ বাবে চেষ্টা কৰিলে ৷ কিন্তু ধৰিব নোৱাৰিলে ৷ আচৰিত হল সি ৷ পুনৰ এগৰাহ মুখলৈ নিলে ৷ বিৰিয়ানীৰ মাজত তেজৰ গোন্ধ পালে সুবলে ৷ কোনোবাই যেন বিৰিয়ানীৰ লগত তেজ মিহলাই দিছে ৷ থূই বুলি পেলাই দিলে সি ৷ আবে ! কি কৰিছ  ? কোনোবাই যেন কৈ উঠিল ৷ সি বিৰিয়ানীৰ পেকেটটো হাতত ললে ৷ ভাতবোৰ লিৰিকি চায় ৷ মুখৰ ওচৰলৈ নি গোন্ধ লৈ চায় ৷ বিৰিয়ানীবোৰ ঠিকেই আছে যেন বোধ হয় তাৰ ৷ সুবলে বটলটো চায় ৷ মুগাবৰণৰ তৰল পানীয়, মদৰ তীব্ৰ গোন্ধ নাকত লাগে ৷ এঢোক মাৰে সুবলে ৷ হত্যা কৰাটো তাৰ জীৱনত নতুন কথা নহয় ৷ বিৰক্ত হৈ উঠিছে ৷ ঘামি গৈছে সি ৷


তাৰ  এনে  লাগিছে ডিঙিৰ ওচৰত যেন কিবা এটা লাগি ধৰিছে ৷ গিলিব পৰা নাই ৷ সুবলে টকাখিনি পকেটত ভৰাই ললে ৷ বিৰিয়ানীখিনি আৰু নাখালে ৷ বাহিৰলৈ ওলাই শেষবাৰৰ বাবে এবাৰ ঘৰৰ ভিতৰলৈ চকু ফুৰালে ৷ অবাক হৈ চালে, ঘৰৰ ভিতৰত নিচাত আসক্ত হৈ  প্ৰায় আন্ধাৰত ধৰাধৰিকৈ কৈ বহি আছে কেবাজনো মানুহ ৷ আৰু  বিৰিয়ানীত থকা মুৰ্গীৰ টুকুৰা দুটা পেকেটৰ বাহিৰ হোৱাৰ লগে লগে ডেউকা কোবাই ঘৰৰ ভিতৰলৈ উৰি গল ৷

 

সৰুকৈ শব্দ হয় বিছনাখনত ৷ খাৰুৰ ৰুণুকজুনুক শব্দ ভাহি আহে ৷ মহিলাৰ ফুচফুচনি শুনিবলৈ পোৱা যায় ৷ সুবলে ইকাতি-সিকাতি কৰে ৷ তাৰ ৰক্ত সঞ্চালন বাঢ়ি যায় ৷ বিছনাৰ পৰা ভাহি অহা শব্দত নাৰী পুৰুষৰ আদিম ইচ্ছাৰ ভাবনা এটাই  তাকো শিহৰিত কৰি তোলে ৷ সুবলে কাষতে শুই থকা মাকৰ ফালে চালে, মাকে  চকুৰ ওপৰত হাত থৈ শুই আছে, টোপনিত আছে নে সাৰ পাই আছে গম পোৱা নাযায় ৷ আৰু মাকৰ সিটো কাষত শোৱা ভনীয়েকক মনিব নোৱাৰিলে ৷ বিছনাখন অলপ কঁপিছে ৷ সুবলৰ খং উঠি গল ৷ মন গল পিস্তলটো উলিয়াই বিছনাৰ ফালে টোঁৱাই টিগাৰ টিপি দিব ৷ অশ্লীল শব্দ এটা উচ্চাৰণ কৰিবলৈ মন যায় তাৰ ৷ সি উঠি বহে ৷ বিছনাৰ শব্দ নাইকিয়া হয় ৷ খাৰুৰ ৰুণুকজুনুক শব্দ  শুনা যায় ৷ লগতে শুনা যায় খৰধৰকৈ চাদৰ লোৱাৰ শব্দ ৷ সুবলৰ শৰীৰৰ পৰা বৰ জোৰত তেজ ওলাবলৈ ধৰিলে ৷ আৰু তেতিয়াই সি পুনৰ তেজৰ গোন্ধ পায় ৷ জিভাত পিছল এক লুণীয়া স্বাদৰ অনুভৱ হয় ৷ ডাঠ জুলীয়া বস্তুৰে যেন মুখৰ ভিতৰখন ভৰি পৰিছে ৷

 

অচিন খং এটাত সুবলৰ শৰীৰটো কঠিন হৈ গৈছে ৷ দৰ্জাখন খুলি ওলাই অহাৰ পৰত সি আন্ধাৰতে দেখিছিল বিছনাৰ ওপৰত দুটা শৰীৰে লৰচৰ কৰিবলৈ  আৰম্ভ কৰিছে ৷

 

সুবল বাহিৰলৈ ওলাই আহে ৷ তাৰ শৰীৰত বিন্দু বিন্দু ঘাম ৷ ৰাস্তাটো কঁপি উঠিছে ৷ কাষৰ ঘৰবোৰৰ দেৱালৰ জোঁকাৰণিত ভূমিকম্পৰ ইংগিত পোৱা গ  ৷ সুবলৰ ভয় লাগে ৷ দুহাতেৰে দেৱালত ধৰি ৰয় সি ৷ চকুদুটা মোহাৰি চায় ৷ সকলো স্থিৰে আছে ৷ নিচা বেছি হল ক্লা, সি ভাবিলে ৷ মুখৰ ভিতৰত তেজৰ স্বাদৰ দৰে অনুভৱ হয় ৷ সি নলাৰ কাষলৈ আগুৱাই আহে ৷ কেঁচা নলাৰ ভিতৰত কলা কলা পানী , ত ত  লেতেৰা বোকা জমা হৈছে ৷ সেই কলা বোকাৰ ওপৰত জোনৰ ডিম্বাকৃতি ছাঁ জিলিকি আছে ৷ সুবলে বহু সময় ধৰি বমি কৰিবলৈ চেষ্টা কৰি আছে ৷ বমি হোৱা নাই ৷ থূ পেলালে ৷ আৰু সেই থূই নলাৰ পানী স্পৰ্শ কৰা মাত্ৰেই গোটেই নলাৰ পানী যেন ৰঙা হৈ পৰিল ৷ দূৰৰ স্ট্ৰীট লাইটৰ  সামান্য পোহৰ আহি গলিটোৰ সন্মুখভাগত পৰেহি ৷ সমগ্ৰ গলি জুৰি অপৰিষ্কাৰ এক কলা অৱয়ব ৷ আৰু নলাটো যেন অবাস্তৱ ধৰণে উজ্জ্বল ৰঙা ৷ ডাঠ ৰঙা তেজ যেন সোঁত ফালি ফালি উটি গৈ আছে সমগ্ৰ নলাটোত ৷

 

সুবল আগ বাঢ়ি গৈ থাকে ৷ ওচৰা-ওচৰিকৈ থকা বগা স্ট্ৰীট লাইটৰ পোহৰত গোটেইখন আলোকিত হৈ পৰিছে ৷ সুবলে হঠাৎ লক্ষ্য কৰিলে যে তাৰ ছাঁটো নাইকিয়া হৈ গল ৷ সি পিছলৈ ঘূৰি ছাঁটো বিচৰাৰ চেষ্টা কৰিলে ৷ নাই ৷ আচৰিত হয় সি ৷ এইবোৰ কি হৈছে ? তেন্তে  সি পাগল হৈছে নেকি ? নে নিচা বেছি হৈ গৈছে ?

 

প্ৰকৃতিস্থ হবলৈ চেষ্টা কৰিলে সি ৷ তাৰ বিছনাৰ কম্পনটোলৈ মনত পৰিল ৷ পুনৰ খং উঠিল তাৰ ৷ দূৰত দুটা কুকুৰে গাত গা ঘঁহাই আছে ৷ মাজে মাজে দৌৰি গৈ ইটোৱে সিটোৰ গাত জঁপিয়াইছে ৷ সুবলে তাৰ খঙৰ কাৰণ এটা বিচাৰি পালে ৷ ইফালে-সিফালে চাই সি আধাটুকুৰা ইটা হাতত তুলি ললে ৷ চুক চুক কৈ মুখেৰে শব্দ কৰিলে সি ৷ নেজ লৰাই লৰাই কুকুৰ দুটা আগুৱাই আহিল ৷ এটা কুকুৰে আনন্দতে সৰুকৈ ভুকিলে ৷ সুবলে হঠাতে  তাৰফালে ইটাৰ টুকুৰাটো মাৰি পঠিয়ালে ৷ কুকুৰটোৱে নিজকে বচাব বিচাৰিলে ৷ কিন্তু সম্পূৰ্ণকৈ বচাব নোৱাৰিলে ৷ ইটাৰ টুকুৰাটো  তাৰ মূৰ আৰু ডিঙিৰ মাজত গৈ লাগিল ৷ কুকুৰটোৱে কেঙকেঙাই উঠে ৷ তাৰপাছত অলপ দূৰলৈ দৌৰিবলৈ চেষ্টা কৰে ৷ আনটো কুকুৰে তাৰ শৰীৰটো শুঙি চায় ৷ তাৰপাছত সুবলৰ ফালে চাই ভুকিবলৈ ধৰিলে ৷

 

আঘাত পোৱা কুকুৰটোৱে বমি কৰিবলৈ ধৰে ৷  সুবলে স্পষ্টকৈ দেখা পালে কুকুৰটোৰ কাণ দুখন যেন দীঘল হৈ গৈছে , তাৰ শৰীৰটো যেন হালধীয়া হৈ জ্বলিছে ৷ আৰু কুকুৰটোৰ বমিৰ লগত হলহলাই ওলাই আহিছে অসংখ্য ৰক্তাক্ত কাৱৈমাছ ৷ বমিৰ মাজত কাৱৈমাছ কেইটাই জঁপিয়াই উঠিছে ৷

 

সুবলে অলপ গাটো পোনাব খুজিলে ৷ সি কোনো মতে গাটো চোঁচৰাই চোঁচৰাই বন্ধ হৈ থকা ৰেচনৰ দোকানখনৰ সন্মুখলৈ আনিলে ৷ তাৰপাছত সি মজিয়াতে শুই পৰিল ৷ অসম্ভৱ গৰম তাৰ শৰীৰটোৱে যেন  স্তব্ধ হৈ থকা মাটিখিনিক অলপ তাপ দিলে ৷ সুবলৰ ভাব হয় মাটিখিনি যেন ভীষণ ঠাণ্ডা ৷ আৰু ঠাণ্ডাৰ সেই শীতলতা যেন তাৰ লোমকূপেদি শৰীৰৰ ভিতৰলৈ সোমাই গৈছে ৷ সুবলে চকু দুটা মুদি দিলে ৷ মজিয়াখন যেন কোমল হৈ আছে ৷ শীতলতাত হেৰাই যায় সুবল ৷

 

ৰাতিটো ক্ৰমান্বয়ে শেষ হবলৈ ধৰিছে ৷ হালধীয়া জোনটো দিগন্তৰ অভিমুখে লাহে লাহে আগ বাঢ়ি গৈছে ৷ নগৰৰ লাইটৰ পোহৰ কমি আহিছে ৷ আৰু স্ট্ৰীট লাইটৰ পোহৰবোৰে যেন  হঠাৎ অলপ বিষণ্ণতাত ভুগিবলৈ ধৰিছে ৷ আঘাত পোৱা কুকুৰটোৱে হঠাৎ গাটো জোকাৰি উঠিব  খোঁজে ৷  কিন্তু পাছমুহূৰ্ততে পুনৰ লুটিখাই পৰি যায় ৷ লগৰ কুকুৰটো তাৰ ওচৰলৈ দৌৰি আহে ৷ মুখখন ওপৰলৈ তুলি জোনটোৰ ফালে চাই ভুকিবলৈ ধৰে ৷ তাৰপাছত সি ঠেং কেইটা কোঁচাই মৃত কুকুৰটোৰ গাত ঠুতৰিতো লগাই  শুই পৰে ৷ এইসময়তে আকাশত এটুকুৰা সৰু বগা মেঘ হঠাতে কলা হৈ পৰে ৷ আৰু লাহে লাহে মাটিৰফালে নামি আহিবলৈ ধৰে ৷


নগৰখনৰ একেবাৰে কাষলৈ গলে দেখা পোৱা যায় মেঘ টুকুৰাই যেন মহৰ অৱয়ব লৈছে ৷ পিছফালে  যেন  এডাল সৰু নেজ আছে ৷ এইসময়তে স্ট্ৰীট লাইটবোৰে বিজুলীৰ দৰে চমকিয়াবলৈ ধৰিলে ৷ আৰু ধূসৰ ঘূৰ্ণিবতাহ এচাটি কুকুৰটোৰ ওচৰৰ পৰা উৰিবলৈ ধৰিলে ৷ ইয়াৰ পাছত যি দেখা যায় সেইয়া অলপ পোহৰ অলপ আন্ধাৰ ৷ পোহৰৰ কিৰণৰ দৰে এজন মানুহ ডেউকা মেলি  মেঘৰ ভিতৰৰ পৰা নামি আহিছে ৷ তেওঁ সুবলৰ শৰীৰ স্পৰ্শ কৰে ৷ পৰম মমতাৰে মূৰত হাত বুলাই দিয়ে ৷ এই সময়ত মৃত কুকুৰটো হঠাৎ জীৱন্ত হৈ উঠি সহজেই ঠিয় হৈ উঠে ৷ তাৰ গাৰ নোম আৰু নেজডাল দাং খাই যায় ৷ সেই জ্যোতিৰ্ময় পুৰুষে  শুই থকা সুবলৰ বুকুৰ ওপৰত হাত বুলাবলৈ ধৰে ৷ তাৰপাছত বুকুৰ পৰা সমান্তৰাল দূৰত্বলৈ হাত দুখন লৈ আহে ৷ কলা নোমৰ দৰে অসংখ্য সূতাহে যেন টোপনিত লালকাল হৈ থকা সুবলৰ শৰীৰৰ পৰা বাহিৰ হবলৈ ধৰিছে ৷ পোহৰত তাৰ শৰীৰটো উদ্ভাসিত হৈ উঠে ৷ মানুহজনে খুউব ধীৰ কণ্ঠেৰে উচ্চাৰণ কৰে অত্তাং উপমং কত্বা ন হনেয্য ন ঘাতয়ে৷ সকলোকে নিজৰ দৰে ভাবিবা, কাকো নামাৰিবা,মাৰিবলৈও নিদিবা ৷ ঘড়ীৰ নিচিনা বস্তু এটা তেওঁ পোচাকযোৰৰ ভিতৰৰ পৰা উলিয়াই  আনে ৷ সুবলৰ মূৰৰ পৰা অলপ ওপৰতে ৰাখে ৷ ঘড়ীটো আশ্চৰ্যকৰভাৱে বতাহত উপঙি থাকে ৷ তাৰপাছত অদৃশ্য হৈ যায় ৷ হঠাৎ সকলো পোহৰ নুমাই যায় ৷ মৃত কুকুৰটো পুনৰ ধপকৈ মাটিত পৰি যায় ৷ কেৱল তাৰ শৰীৰৰ নোমবোৰ কিছুসময়ৰ বাবে ঠিয় হৈ আছিল যিবোৰ তাৰ লগৰটোৱে শুঙি চাইছিল ৷ স্ট্ৰীট লাইটবোৰ পুনৰ  টিপিয়াই উঠে ৷ তাৰপাছত জ্বলিবলৈ ধৰে ৷

 

টোপনি ভঙাৰ পাছত সুবলক এক অদ্ভুত ধৰণৰ ভাবে প্ৰভাৱিত কৰিলে ৷ বুকুৰ ভিতৰখন পাতল পাতল লগাৰ দৰে মনত ভাব হল তাৰ ৷ সুবল উঠি বহিলে ৷ তাৰ শৰীৰটো পাতল পাতল লাগিছে ৷ সময় বহুত হল ৷ মুখৰ ভিতৰত তেজৰ স্বাদ অনুভৱ কৰে সুবলে ৷ থূই কৈ অলপ দূৰলৈ থূখিনি পেলাই দিয়ে সি ৷ কোনো ধৰণৰ তেজৰ কণিকা দেখা নাপালে ৷ সুবলে ভালদৰে লক্ষ্য কৰিলে ৷ ৰদটো কোমল হৈ থকা নাই এতিয়া ৷ ৰেচনৰ দোকানখন খুলিছে ৷ দোকানীৰ সতে চকুৱে চকুৱে পৰাত দোকানীয়ে চকু আঁতৰাই নিলে ৷ বস্তিৰ দুই এজন লোক বাহিৰলৈ ওলাই আহিছে ৷ লৰাবোৰে আড্ডা মাৰিছে ৷ দূৰৈত ৰাস্তাৰ ওপৰত মৰা  কুকুৰটো পৰি আছে ৷ তাৰ মুখৰ ওচৰত বমি আৰু তেজ ৷ অলপ দূৰত লগৰ কুকুৰটো বহি আছে ৷ তাৰ চকুত বিষণ্ণতা ৷ সুবলৰ মনটো বেয়া লাগে ৷ সি মৰা কুকুৰটোৰ ওচৰলৈ লাহে লাহে আগ বাঢ়ি যায় ৷  কুকুৰটোৰ মূৰটো হাতেৰে এবাৰ চুই চায় সি ৷ সুবলৰ দুচকু ভৰি আহে ৷ লগৰ কুকুৰটোৱে লাহেকৈ ভুকি উঠে ৷ সুবলে পিছফালে ঘূৰি চাই দেখে ওচৰৰ মানুহবিলাকে আচৰিত হৈ তালৈকে চাই আছে ৷

 

সুবলে লাজ পায় ৷ অলপ আচৰিতো হল সি ৷ তাৰ মনত পৰিল সৰুকালত এবাৰ সি এটা কুকুৰৰ নেজত ফটকাৰ পেকেট  বান্ধি দিছিল ৷ আজি মৰা কুকুৰটোৰ বাবে তাৰ বেয়া লাগিছে ৷ সুবল ঘৰলৈ উভতিল ৷  তাৰ মাকে অকলে স্টোভ জ্বলাই থকা দেখিলে ৷ সুবলৰ হঠাৎ খুউব কান্দিবলৈ মন গল ৷ তাৰ মাকক এবাৰ সাবটি ধৰিবলৈ মন গল ৷ পাছমুহূৰ্ততে সি নিজেই আচৰিত হয় ৷ তাৰ নিজকে এবাৰ চিকুটি চাবলৈ মন গল ৷ তাৰ যোৱা ৰাতিৰ কথাবোৰ মনত পৰি গল ৷ ভ্ৰম হোৱাৰ দৰে লাগিল তাৰ ৷ বুকুৰ ভিতৰত এক যন্ত্ৰণা অনুভৱ কৰিলে সি ৷ তাৰ ভাব হয় তাৰ ডিঙিত যেন পিছল কিবা এটাই বিন্ধা বিন্ধি কৰি  তললৈ নামি গৈছে ৷ তাৰ উশাহ বন্ধ হৈ আহে ৷ গাত কাঁইটেৰে বিন্ধাৰ দৰে লাগে ৷

 

সুবলে মাবুলি চিঞৰি উঠে ৷ মাক আচৰিত হয়, তেওঁৰ চকুত ভয় ৷

- কি ? সুবলৰ মাকে সুধে ৷

- একো নাই ৷

 

সুবলে আচৰিত হৈ লক্ষ্য কৰিলে মাকৰ হাত দুখন যেন শুকাই গৈছে ৷ কাম কৰি কৰি যেন অপুষ্টিত ভুগিছে ৷ সুবলৰ মনত পৰিল কালি ৰাতি যেতিয়া মানুহটোক  মাৰিছিল, তেতিয়া তাৰ চকুত ভয়টো কেনে আছিল ৷ সুবলে মূৰ জোকাৰিলে ৷ সি এনেদৰে কোনোদিন ভবা নাই ৷

 

সি অস্পষ্ট স্বৰত কৈ উঠে, মাৰ্ডাৰ কেছ  আৰু মই কৰিবলৈ নাই ক্লা ৷

 

 সুবলে দিনটো ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিলে ৷ গোটেই দিনটো তাৰ ডিঙিত বিষ এটাই টনটনাই আছে ৷ মাজে মাজে জিভাত ডাঠ লুণীয়া তেজৰ স্বাদ পায় সি ৷ দুই তিনিবাৰ  থূই পেলাই চায় ৷ থূইত তেজ নাই ৷ অথচ সি জিভাত তেজৰ স্বাদ পায় ৷ আনকি তাৰ নাকেও তেজৰ গোন্ধ পায় ৷

 

সুবলে পিস্তলটো উলিয়াই আনে ৷ পিস্তলটো খুলি গুলীবোৰ তাৰ পৰা উলিয়াই থয় ৷ আগত কোনোদিনে  ইমান অৱশ লগা নাই তাৰ ৷ মূৰটো আচন্দ্ৰাই কৰাৰ দৰে লাগিছে ৷ সি কৰা হত্যাবোৰৰ এটাৰ পিছত এটাকৈ চকুৰ সন্মুখত ক্ৰমাগতভাৱে অহা-যোৱা কৰিবলৈ ধৰিলে ৷ নিৰ্বাচনৰ সময়ত সেই যে প্ৰথম বোমা দলিয়াইছিল ৷ অকণমানি লৰা এটাই ডেকা  ৰা এটাৰ গাত খুন্দা মাৰিছিল, বোমাটো ফুটাৰ আগতে অকণমানি লৰাটোৱে বিস্ফোৰিত নেত্ৰে সুবলৰ ফালে চাইছিল ৷ সুবলৰ গাটো খোঁচা বিন্ধা কৰিবলৈ ধৰিলে ৷ সি ভয়তে চকু মুদি দিলে ৷

 

আবেলি পৰ্যন্ত থাকিব নোৱাৰিলে সুবলে ৷ মবাইলটো হাতত তুলি লৈ ডায়েল কৰিলে ৷

- ডাঙৰদা

- কি হল সুবল ? তোক মবাইলত ফোন নকৰিবলৈ কৈছিলোঁ নহয় ৷

- ডাঙৰদা দৰকাৰী কথা এটা আছে ৷

-

- মানে ডাঙৰদা মই...

- কি হল ক ?

- মানে মই যদি কালি...

- মূৰ্খামি কৰিছ কিয়  সুবল ? তোক টকাৰ প্ৰয়োজন ?

- নহয় ডাঙৰদা, মানে বেলেগ ফালে কিবা এটা বিচাৰি দিব পাৰিব নেকি, চাকৰি টাকৰি ৷ মোৰ আৰু ভাল নলগা হৈছে ৷ ভয় লাগিছে ৷

- ৰাতিপুৱা মদ খাইছিলি নেকি ?

- নহয় মানে কালি ৰাতিৰে পৰা জানো মোৰ কি হৈছে ৷

- কি ?

- ভয়

 

আনটো পক্ষ অলপসময় মনে মনে থাকে ৷ তাৰপাছত শুনা গল নগদ আঠ বজাত আহিবি ৷ ক্লাবৰ পিছফালৰ ঘৰটোতে মই থাকিম ৷ পিস্তলটো লগত আছে নহয় ?

- অঁ ৷

- ঠিক আছে ৷

 

বাইলৰ সংযোগ কাটি যায় ৷ বিৰক্তিদায়ক এটা শব্দ হৈ থাকে ৷ শব্দটো সুবলৰ মূৰত পাকঘূৰণি খাই থাকে ৷ বমিৰ ভাবটো বাঢ়ি আহে ৷ সুবলে সঁচাকৈয়ে একো নিৰ্ণয় কৰিব নোৱাৰিলে ৷ সি কি পাগল হৈছে ? যিটো সুবলৰ নামত পাঁচটাকৈ হত্যাৰ গোচৰ আছে,  যাক আজি পৰ্যন্ত  কোনেও ধৰিব পৰা নাই, সি হঠাতে আজি ভয় খাইছে কিয় ?

 

ক্লাব ঘৰটোৰ বাহিৰত বহুত নতুন লৰা গোট খাই আছে ৷ সুবল পোনে পোনে দ্বিতীয় মহলালৈ উঠি গল ৷ পিছফালৰ ঘৰটোৰ সন্মুখত দুটা লৰা ৷ সুবলে ইহঁতক চিনি পায় ৷ হেবো আৰু পটলা ৷ বাহিৰৰ  ৰূমটোৰ খিৰিকী খোলা আছে ৷ সুবলে ভুমুকিয়াই চালে ৷ সুবলৰ চকুৱে চকুৱে পৰিল , চকুৰে  ইংগিত দি সুধিলে, হৈছে  কি বে !

 

ঘৰৰ ভিতৰত  পাৰফিউমৰ উগ্ৰ সুবাস এটা

বিয়পি পৰিছে ৷ ডাঙৰদাদা বহি আছে ৷ টিভিটো কম ভলিউমত চলি আছে ৷ টিভিত  দি আছে কেটৰিনাৰ নাচ ৷

 

ডাঙৰদাদাই হাতেৰে ইংগিত দি কলে - বহ ৷

 

 সুবল অস্বস্তিৰে বহিল ৷

- কিহৰ ভয় তোৰ ?

- নহয় মানে ৷

- মাৰ শপত  হঁহুৱালি তই ৷ সুবল তই ভয় কৰিছ ? অৱশ্যে ভয় তই কৰিব লাগিব ৷ আগত নিৰ্বাচন আহি আছে ৷ এতিয়া আমি ভয় কৰিব লাগিব ৷ কালিৰ ঘটনাটোৰ পাছত সেইফালৰ লৰাবোৰৰ মনত ভয় সোমাই গৈছে ৷ কাৱৈমাছ হবলৈ আৰু কোনেও ইচ্ছা নকৰিব ৷ ডাঙৰদাদাই মিচিকিয়াই হাঁহিলে ৷

 

- পিস্তলটো আনিছ ?

সুবলে মূৰ দুপিয়ালে ৷

 

- সুবল  কিহৰ ভয় তোৰ হা ? খাইছ শুইছ ৷ হঠাৎ কি হল তোৰ ? প্ৰেমে ট্ৰেমে পৰিলি নেকি?

 

সুবলে হঁহাৰ চেষ্টা কৰে ৷ মুখ তুলি দেখিলে ডাঙৰদাদাই তাৰফালে চকুৰ পলক নেপেলোৱাকৈ চাই আছে ৷ সুবলৰ ভয় লাগি গল ৷

 

- তোক কোনোবাই ভয় দেখুৱাইছে ? কিবা দিম বুলি কৈছে নেকি ? তই কি বিচাৰ ?

 

- নহয় ডাঙৰদাদা বিশ্বাস কৰক ৷ সেইবোৰ একো নহয় ৷

 

- আজি আকৌ যাবি ৷ মাৰি পেলাব  নালাগে ৷ এজনক  ভয় খুৱাব লাগে ৷ এতিয়া কাম কৰাৰ সময় ৷ এইসময়ত বহুত কাম ৷ এতিয়া যা-তা চিন্তা মনলৈ আনিলে নহব ৷ এতিয়া ভয়াতুৰ মানুহৰ বাবে মোৰ সময় নাই সুবল ৷ আমাৰ দলৰো সময় নাই ৷ ডাঙৰদাদাৰ মাতত খং ৷

 

ডাঙৰদাদাৰ মূৰৰ পিছফালে দেৱালত উলমি থকা ছবিখনে যেন ৰং সলাইছে  ৷ সুবলে ঠিক দেখিলে, ছবিত থকা হৰিণা দুটা যেন সেউজীয়া হৈ গৈছে ৷ সিহঁতৰ শিঙৰ সলনি সৰু দুখন কাণ দেখা গৈছে ৷ এটা হৰিণাই হঠাৎ বমি কৰিবলৈ ধৰিলে ৷ বমিৰ মাজত ৰক্তাক্ত কাৱৈমাছে খলখলাই আছে ৷

 

সুবল হঠাতে উঠি ঠিয় হল ৷ তাৰপাছত দৰ্জাখুলি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিলে ৷ দৰ্জাৰ বাহিৰৰ পৰা হেবো আৰু পটলাই তাক আগুচি ধৰিলে ৷ হেবোয়ে তাৰ মুখত ঘোচা মাৰিলে ৷ পটলাই সুবলৰ হাতদুখন পিছফালৰ পৰা ধৰি , কঁকালৰ ওচৰত লুকুৱাই ৰখা পিস্তলটো উলিয়াই আনিলে ৷ সুবলক ঠেলি ঠেলি ৰূমৰ ভিতৰলৈ সোমোৱাই নিলে ৷

 

- আৰে তই ৷ ডাঙৰদাদাই হাঁহিলে ৷

হেবোয়ে সুবলৰ গালত এটা চৰ দিলে ৷

 

- বিবেকানন্দ হবলৈ মন গল নেকি তোৰ ? হঠাতে ইমান ভাল হবলৈ মন গল কিয় ? ডাঙৰদাদাৰ মুখত হাঁহি ৷

 

হেবো আৰু পটলা দুয়োটাই হাঁহিছে ৷ হেবোয়ে হাতদুখনেৰে অশ্লীল ইংগিত দেখালে ৷

 

সুবলৰ ডিঙিতো জ্বলা পুৰা কৰিছে ৷ মুখৰ ভিতৰত লুণীয়া স্বাদ ৷ সি যেন উশাহ লব পৰা নাই ৷ পিছফালে দেৱালত উলমি থকা ছবিখনৰ ৰং সলনি হৈ ৰঙা বৰণ লৈছে ৷ অসংখ্য কাৱৈমাছে তাৰ ভিতৰত জঁপিয়াই আছে ৷

 

 সুবলে এটা  গতা মাৰিলে ৷ পিছফালৰ পৰা ধৰি থকা পটলা পৰি গল ৷ সুবলে সন্মুখত থকা হেবোৰ পেটত ঘোচা মাৰিলে ৷ তাৰপাছত  সি জাঁপ মাৰি ওলাই আহিল ৷ ডাঙৰদাদা ইতিমধ্যে গুচি গৈছে ৷ অলপ আগতে টেবুলত থকা ড্ৰয়াৰটো খুলিছে ৷ সুবলে জানে তাত এটা অটোমেটিক মেচিন আছে ৷ সি যিমান পাৰে  লৰালৰি কৰিব লাগিব ৷ পটলাই  পোন হৈ পিস্তল উলিয়াই লৈছে ৷ সুবলৰ ভাব হল সেইটো যেন পিস্তল নহয়, তাৰ হাতত এটা কলা কাৱৈমাছে খলখলাই আছে ৷ সুবলে পটলাৰ হাতলৈ লাঠি এদাল দলিয়াই দিলে ৷ পিস্তলটো উফৰি পৰি গল ৷ সুবলে পোনতে বাহিৰলৈ ওলাই সন্মুখৰ ৰূমটোৰ খোলা খিৰিকীৰে জাঁপ মাৰি দিলে ৷

 

সিপাৰে এটা  ডোবা ৷ তাৰপাছত ৰেললাইনটো ৷ লৰাধপৰাকৈ ডোবাটোৰ ওপৰেদি উঠি সুবলে দৌৰিবলৈ ধৰিলে ৷ তাৰ পিছে পিছে চাৰি পাঁচটামান লৰা ৷ সুবলে বেগাই দৌৰিবলৈ ধৰিলে ৷ সি দৌৰি থকা লাইনেৰে আহি আছে এখন ৰেল ৷ সুবলে লাইনটো সলনি কৰিব খুজি উজুটি খালে ৷ মুখ থেকেচা খাই পৰি গল মাটিত ৷ উঠিবলৈ লৈ দেখিলে একেবাৰে আগত আহি থকা লৰাটোৰ হাতত  এটা হাতুৰী ৷ আৰু বাকী লৰাকেইটাৰ  হাতত হাত বোমা ৷

 

প্ৰথম লৰাটো ৰৈ গল ৷ ৰেলখন পাৰ হৈ গল ৷ সিহঁতে হাত বোমা কেইটা দলিয়াই দিলে ৷ আকাশৰ পৰা নামি আহিছে তিনিটা বোমা ৷ তাৰ অলপ ওপৰতে  হালধীয়া জোন ৷ সুবলৰ ভাব হল সি যেন ঘড়ীৰ কাঁটাৰ টিকটিক শব্দ শুনিবলৈ পাইছে ৷ আকাশত যেন  এটা প্ৰকাণ্ড ঘড়ী ৷ এডাল কাঁটাই আন এডাল কাঁটাক যিকোনো মুহূৰ্ততে যেন স্পৰ্শ কৰি দিব ৷

 

 

গল্পকাৰ পৰিচিতিঃ শমীক ঘোষৰ জন্ম ১৯৮৩ চনত কলিকতাত। তেখেতে ২০১৭ চনত ‘এলভিস ও অমলাসুন্দৰী’ নামৰ গল্প সংকলনটিৰ খনৰ বাবে যুৱ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।



Post a Comment

0 Comments