কছাৰী জনগোষ্ঠীৰ সাধু - নদীবোৰৰ সৃষ্টি কেনেকৈ হৈছিল

নদীবোৰৰ সৃষ্টি কেনেকৈ  হৈছিল  (Dùimâ dùisâ ni khorâng)
অনুবাদঃ কংকনা তালুকদাৰ

বহু বছৰ আগতে এজন বুঢ়া মানুহ আৰু এগৰাকী বুঢ়ী তিৰোতা বাস কৰিছিল। আৰু যেতিয়া সিহঁত বহুত বুঢ়া হৈছিল, সেই বুঢ়ী মানুহগৰাকীয়ে তাইৰ গিৰিয়েকক কৈছিল, "যেতিয়া আমি নোহোৱা হৈ যাম, আমাৰ সন্তানে খাদ্য কেনেদৰে পাব?" সেয়ে বুঢ়া মানুহজনে বহুদূৰ ভ্ৰমণ কৰি গৈছিল মহান দেৱতা কুবেৰৰ ওচৰলৈ,যি ধনৰ দেৱতা, আৰু তেওঁৰ পৰা ধান, দাইল, সৰিয়হ আৰু কোমোৰা আদি লৈ ৮দিনৰ যাত্রা কৰিছিল আৰু ঘৰ আহি পাইছিল। আৰু কিছুদিন ৰখাৰ পিছত, তেওঁ নিজৰ লগত শুকান খাদ্য লৈ খেতি কৰিবলৈ আগবাঢ়িলে। আৰু প্ৰথমতে তেওঁ উন্নত মাটি এডোখৰৰ চাৰিওপিনে সীমা স্থাপন কৰি তাক চিহ্নিত কৰিলে। আৰু তাৰ পিছত ঘৰ আহিল। আকৌ পুনৰ অন্য এদিনাখন তেওঁ কোৰ আৰু কুঠাৰ লৈ ওলাই গ'ল আৰু জংগল কাটিলে আৰু জ্বলাই দিলে, আৰু মাটিখিনি চাফ- চিকুণ কৰিলে আৰু তেওঁৰ খেতিপথাৰৰ প্ৰত্যেক দিশত পূজা কৰাৰ পিছত, পূব দিশত আৰু পশ্চিম দিশত, উত্তৰ দিশত আৰু দক্ষিণ দিশত, - তেওঁ প্ৰত্যেক দিশত নিজৰ কোৰেৰে এবাৰকৈ খান্দিলে।

 

 

আৰু যেতিয়া সকলোবোৰ প্ৰস্তুত হ'ল, সেই বুঢ়া মানুহজনে বিভিন্ন প্ৰকাৰৰ শস্য ৰোপণ কৰিলে, আৰু অৱশেষত ঘৰলৈ গৈ আৰাম কৰিলে। আৰু এনেকৈ, সময় যোৱাৰ লগে লগে বুঢ়ী মানুহগৰাকীয়ে আগ্ৰহেৰে চাব বিচাৰিলে যে শস্যবোৰ কেনেকুৱা হৈ আহিছিল। কিন্তু বুঢ়া মানুহজনে কৈছিল, "ৰাস্তাত পানী নাই, যদি তোমাৰ পিয়াহ বাঢ়ে, তেতিয়া তুমি পৰিত্রাণ নাপাবা"। কিন্তু তেওঁ তাত লাগি থাকিলে আৰু জয়ী হ'ল আৰু গিৰিয়েকক নিজৰ লগত যাবলৈ মান্তি কৰালে। আৰু যেতিয়া তেওঁলোক গ'লগৈ, আৰু এতিয়া নিজৰ গিৰিয়েকৰ খেতিপথাৰৰ বহু কাষ আহি পালে, দেখা গ'ল, মানুহগৰাকী পিয়াহত আঁতুৰ হ'ব ধৰিছিল। আৰু বুঢ়ামানুহজনে ক্ষুব্ধ হৈ কান্দিছিল, "মই তোমাক কি কৈছিলো? ইয়াত কোনো পানী নাই, আৰু তথাপিও তুমি আহিছা।" কিন্তু তেওঁ এগৰাকী মহিলা হিচাপে ক'লে, "যদি তুমি মোক পানী পিবলৈ নিদিয়া, মই মৰি থাকিম সেয়ে তুমি যথাসম্ভৱ পানী সংগ্ৰহ কৰা"। তেতিয়া সেই বুঢ়া মানুহজনে কোনো উপাই নেদেখি, পানীৰ সন্ধানত গুচি গ'লগৈ। আৰু বহু সময় বিচৰাৰ পিছত, এটা পানীৰ টেংকি দেখি, তেওঁ বুঢ়ী মানুহগৰাকীৰ চকুত কাপোৰ বান্ধি দিলে আৰু তেওঁক পানীৰ পাৰলৈ টানি লৈ গ'ল অাৰু তেওঁক ক'লে,"যদি ইচ্ছা কৰা তুমি পান কৰা কিন্তু পানীৰ টেংকিলৈ নাচাবা।" এতিয়া হাঁহবোৰ আৰু অন্য পানীৰ পক্ষীয়ে পানীত খেলি আছিল, আৰু এক আনন্দোচ্ছল শব্দ কৰি আছিল, আৰু বুঢ়ী মানুহগৰাকী নিজৰ সকলো জাতিৰ দৰে, কৌতিহলবশত সিহঁতৰ সতৰ্ক চাৱনি পেলালে। আৰু সিহঁতক সিহঁতৰ খেলত দেখি তেওঁ নিজেও সুখী হ'ব বিচাৰিছিল তাইৰ গিৰীয়েকৰ সমাজখনত, আৰু যদিও তেওঁ বহুত অনিশ্চুক আছিল, তথাপি তেওঁৰ লগত অাছিল। আৰু সেয়ে নিশ্চিত ৰূপত তেওঁলোকৰ বহু পুত্র আৰু কন্যা সন্তানৰ জন্ম হৈছিল। আৰু পিছলৈ, সিহঁতক খাদ্য যোগান ধৰাৰ বাবে, তেওঁ হিমালয়লৈ যাত্রা কৰিছিল আৰু বিভিন্ন প্ৰকাৰৰ মাছৰ সৈতে একে ডাঙৰ টেংকিৰ খনন কৰিছিল।

      

 

তেনেতে এদিনাখন সৌভাগ্যৰ দেৱতা শ্ৰী, সেই ৰাস্তাৰে আহিছিল তেওঁৰ বগা কুকুৰটোৰ সৈতে, হৰিণ, শহাপহু আৰু কাছৰ চিকাৰৰ বাবে।  আৰু যেতিয়া তেওঁ টেংকিৰ প্ৰান্তৰত আহিল, তেওঁ নিশ্চিতকৈ বহুত পিয়াহত আতুৰ আছিল। কিন্তু যেতিয়া তেওঁ পানী খাবৰ কাৰণে ৰৈ গ'ল, তেতিয়া মাছবোৰে তেওঁক উৎসুকতাৰে ক'লে যে তেওঁ সিহঁতৰ পানীৰ বিনিময়ত সিহঁতক অৱশেষত এক বৰদান দিয়ে যেন। য'ত তেওঁ বিশ্বাস কৰিলে, আৰু যেতিয়া তেওঁ নিজৰ পিয়াহক সন্তুষ্ট কৰিলে, তেতিয়া মাছবোৰে ক'লে, "আমাক মহান নদী, ব্ৰহ্মপুত্র( বা লোহিত) লৈ লৈ ব'লক ।" সেয়ে ভগৱান শ্ৰীয়ে সিহঁতক নিজৰ বস্তুবোৰৰ লগত বান্ধি দিলে আৰু ইয়াৰ পিছত  সিহঁতক পানীৰ সুৰংগ বনাই তেওঁৰ পিছত আকৰ্ষিত কৰিলে। আৰু তেনেকৈয়ে নদীবোৰৰ সৃষ্টি হৈছিল। আৰু মাছবোৰে বিনিময়ত তেওঁক এটা  ৰঙালাও আৰু এটা কোমোৰা দিলে আৰু তেওঁ লগত এইবোৰ লৈ এজন বন্ধুৰ ঘৰলৈ গ'ল, তেওঁৰ বন্ধুয়ে তেওঁক চাউলেৰে বনোৱা ফটিকা আৰু গাহৰি মাংসৰে ৰাজকীয়ভাৱে আপ্যায়িত কৰিলে, আৰু ৰাতিপুৱা তেওঁ তেওঁৰ বন্ধুক ৰঙালাওটো দিলে। কিন্তু যেতিয়া তেওঁৰ বন্ধুৱে ৰঙালাওটো কাটিলে, এইটোত ৰূপৰ বাহিৰে অন্য একো নাছিল, সেয়ে তেওঁ ভগৱান শ্ৰীক আৰু এদিন ৰখিবলৈ অনুৰোধ কৰিলে, আৰু তাজা ফটিকা প্ৰস্তুত কৰিলে আৰু অন্য এটা গাহৰি মাৰিলে, আৰু যেতিয়া তেওঁ যাবলৈ ওলাইছিল, তেওঁ নিজৰ লগত লৈ যাবলৈ শুকুৱাই ৰখা গাহৰিৰ মাংসৰ পিছ্ এটা তেওঁক দিছিল। তেতিয়া ভগৱান শ্ৰীয়ে তেওঁক কোমোৰাটোও দিলে। কিন্তু যেতিয়া তেওঁ কোমোৰাটো কাটিলে, এইটো অন্য একো একো নহয় সোণেৰে পৰিপূৰ্ণ আছিলে। আৰু সেয়ে ভগৱান শ্ৰীক যাবলৈ যাত্রা আৰম্ভ কৰিলে। আৰু যেতিয়া গৈ পালে, তেওঁ দেখিলে যে তেওঁৰ সৰু জীয়ৰী বৰকৈ অসুস্থ আছিল। আৰু এইটো এইবাবেই হৈছিল যে তেওঁ সেই উপহাৰবোৰ দূৰ কৰি দিছিল যিবোৰ মাছবোৰে তেওঁৰ বাবে বনাইছিল। কিন্তু মাছবোৰে তেওঁৰ ওপৰত দয়া কৰিলে, আৰু চিকিৎসকৰ বেশত তেওঁৰ ওচৰলৈ আহিল, আৰু তেওঁক ক'লে যে যদি তেওঁ পূজা কৰে আৰু নদীৰ পাৰত বলিদান দিয়ে, তেতিয়া তেওঁৰ জীয়েক সুস্থ হৈ উঠিব, যিটো তেওঁ কৰিছিল। আৰু সেয়ে আমি কছাৰীবোৰে নদীক পূজো। আৰু এইখিনিয়ে সকলো


Post a Comment

0 Comments