গল্পঃ দুৰ্লভ / বনফুল

দুৰ্লভ

মূল বাংলা: বনফুল

অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই

 

ৰাজকন্যাই ষোলবছৰত ভৰি দিব । তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্যত আৰম্ভ হৈছে বিশাল আয়োজন । ৰজা-ৰাণী, সেনাপতি, পাত্ৰ-মন্ত্ৰী, প্ৰজাবৃন্দ সকলো ব্যস্ত এই দিনটো স্মৰণীয় কৰি তোলাৰ বাবে । গাঁৱে গাঁৱে, নগৰে নগৰে সভা বহিছে । বিশেষ দিনটো বিশেষ ভাৱে স্মৰণীয় কৰি তুলিবই লাগিব । জয়ধ্বনিৰে মুখৰিত হ’বলগীয়া শোভাযাত্ৰাৰ আয়োজন সৰ্বত্ৰ সমাপ্ত হৈছেগৈ । বিচিত্ৰ বৰ্ণদীপ্ত আলোকসজ্জাৰ জল্পনা-কল্পনা চলিছে দেশজুৰি । সজ্জিত হ’ব গাওঁ, অলংকৃত হ’ব নগৰ । নানা ৰঙী আলোকেৰে উদ্ভাসিত হৈ উঠিব দশোদিশ । অন্ধকাৰ আকাশত লক্ষাধিক আতছবাজীৰ প্ৰক্ষেপণেৰে মূৰ্ত কৰি তোলা হ’ব ৰাজকুমাৰীৰ যৌৱনপ্ৰাপ্তিৰ ক্ষণ । 

ভুৰি-ভোজনৰ বাবে খৰচ কৰা হৈছে বৃহৎ ধনৰাশি । দীন-দুখীয়াকো প্ৰদান কৰা হ’ব মিষ্টান্ন, বস্ত্ৰ, উপহাৰ । সন্মানিত কৰা হ’ব পূজনীয়ক । সকলো শ্ৰেণীৰ নাগৰিকক অপৰিমেয় আনন্দ প্ৰদানৰ বাবে উন্মুক্ত থাকিব ৰাজকোষ । 

কবিয়ে ৰচনা কৰিব কাব্য, চিত্ৰকৰে মেলিব ৰঙৰ পোহাৰ ।মুখৰিত হৈ উঠিব গায়কৰ কণ্ঠত সপ্তসুৰ , বাদকৰ হাতত বাদ্য । কুটীৰ শিল্পী, পথ শিল্পী, আলোক শিল্পী, সভা শিল্পী আমন্ত্ৰিত হ’ব সকলো । প্ৰতিভাৰে মুখৰ হৈ উঠিব ৰাজদৰবাৰ । কোষাধিকাৰে আশ্বাস দিছে উদীপ্ত প্ৰতিভাৰ মৰ্যদা দিয়া হ’ব । ৰাজকীয় বদান্যতাৰে অকুণ্ঠিত উদাৰ্যতাৰে ।

মাথো ৰাজকুমাৰীৰ ষষ্ঠদশ জন্মদিন ৰূপ, ৰস, ৰঙেৰে সাৰ্থক হয় যেন ।

ৰাজ অন্ত:পুৰৰ এক বিশেষ কোঠাত মন্ত্ৰণা সভা বহিছে । আলোচনাৰ বিষয় ৰাজকন্যাক বিশেষ দিনটোত কি হাৰ উপহাৰ দিয়া হ’ব ।

ৰাজকবি আৰু ৰাজশিল্পীয়ে পৰামৰ্শ দিছে হাৰডাল সূৰ্যহাৰ হওক । ষোলটি সুবৰ্ণ সূৰ্য গঁঠা সাতসৰী ৰত্নহাৰ । ৰাজ্যৰ ষোলজন বিখ্যাত কবিয়ে এই উপলক্ষে ৰচনা কৰিব ষোলটি দ্বিপদী; লিখা হ’ব প্ৰতিটো স্বৰ্ণ সূৰ্যৰ বুকুত বিচিত্ৰ ৰঙী ৰত্নৰে । নিযুক্ত কৰা হ’ব ষোলজন নিপুন শিল্পী- প্ৰত্যেকে প্ৰস্তত কৰিব একোটাকৈ সুৱৰ্ণ সূৰ্য ।

মন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰিলে, সকলোবোৰ ইমান কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব নে? মৃদু হাঁহিৰে কোষাধ্যক্ষই উত্তৰ দিলে, দক্ষিণাত কোনো ধৰণৰ কৃপনালি কৰা নহয়, নিশ্চয় সম্ভৱ হ’ব ।

ৰাজকবি আৰু ৰাজশিল্পীৰ পৰিকল্পনা সকলোৰে মনপুত হ’ল । মাথো এটা বিষয়ত দুয়োৰে মাজত মতবিৰোধৰ সৃষ্টি হ’ল । হাৰৰ মধ্যমণি কি হ’ব? ৰাজকবিৰ বিচাৰে হীৰাৰে নিৰ্মিত এটি শঙ্খ আৰু ৰাজশিল্পীয়ে পদ্মৰাগ মণিৰে তৈয়াৰী এটি পদ্ম । 

ধৈৰ্যসহকাৰে উভয়পক্ষৰ যুক্তি তৰ্ক শুনি ৰজাই ক’লে, ৰাজকন্যাকে সোধা যাওক । তেওঁ যি পছন্দ কৰে সেয়াই হওক ।

ৰাজকন্যা সভাতে উপস্থিত আছিল । আনত নয়নেৰে শুনি ৰৈছিল চৰ্চা । পিতাকৰ কথা শুনি ৰক্তিম হৈ উঠিল তেওঁৰ দুয়ো কৰ্ণ । 

ৰাজকবিয়ে সুধিলে, আপোনাৰ কি ইচ্ছা ৰাজকন্যা ?

ৰাজশিল্পীয়েও ক’লে, হয় কওক ।

কিছুক্ষণ নীৰৱে থাকি ৰাজকন্যাই ক’লে, মোৰ ইচ্ছা কিছু বেলেগ ধৰণৰ ।

কি ইচ্ছা ? সমস্বৰে প্ৰশ্ন কৰিলে কবি আৰু শিল্পীয়ে ।

ৰাজকন্যাই ধীৰে ক’লে, মোৰ ইচ্ছা ৰত্নৰ ঠাইত মোৰ বাগিছাৰ চম্পাফুল এপাহ গাঁঠি দিয়া হওক । 

এনেধৰণৰ প্ৰস্তাৱৰ বাবে কোনো সাজু নাছিল ।

কিছুপৰ নীৰৱতাৰ পাছত ৰজাই ক’লে, বেছ তেনেহ’লে সেয়ে হওক ।

নিৰ্দিষ্ট দিনত সমগ্ৰ ৰাজ্য উৎসৱৰ আনন্দত মতলীয়া হৈ উঠিল । কবি, বৈতালিক, গায়ক সকলোৱে অন্তৰ উজাৰি গালে বিবিধ বন্দনাৰ চমকপ্ৰদ সুৰ । তোৰণে তোৰণে বাজিল নহবৎ, মণ্ডপে মণ্ডপে বহিল সভা । নৃত্য প্ৰদৰ্শন কৰিলে নৰ্তকীয়ে, অভিনয় কৰিলে অভিনেতাই, পুৰোহিতে পাঠ কৰিলে প্ৰশস্তি , কবিয়ে ছন্দ-ভাৱে সকলোকে বিগলিত কৰি তুলিলে । আনন্দধ্বনি কৰি উঠিল অভাৱমুক্ত দৰিদ্ৰ প্ৰজাই, পূজনীয়সকলে আৰ্শীবাদ বৰ্ষণ কৰিলে । পথে ঘাটে, নদীয়ে প্ৰান্তৰে, পৰ্বতে সমুদ্ৰৰে মূৰ্ত হৈ উঠিল ৰাজ ঐশ্চৰ্যৰ মহিমা লীলা । 

সূৰ্যহাৰৰ প্ৰতিটো সূৰ্যই জলমলাই উজলি উঠিল শিল্পীৰ অক্লান্ত প্ৰচেষ্টাত ।

এটাই মাথো খেদ ৰৈ গ’ল । চম্পাফুলপাহ নুফুলিল । কাৰণ অৰ্থৰ লোভত বা প্ৰয়োজনৰ তাগিদাত ফুল নুফুলে । ফুলে সময়ত আপোন মনে ।

গভীৰ নিশা ।

পূৰ্ণিমাৰ জোনাকত স্বপ্নাতুৰ আকাশ বতাহ । শাম কাটিছে জনতাৰ কোলাহল, নিষ্প্ৰভ হৈ পৰিছে ঐশ্চৰ্যৰ আড়ম্বৰ । ধীৰ মন্থৰ খোজেৰে ৰাজকুমাৰী আহি বহিল চম্পাজোপাৰ তলত । শৰীৰত নাই অলংকাৰৰ চমকতা, সাধাৰণ বস্ত্ৰ পৰিহিতা, সাধাৰণ কন্যা যেন । আজি এজোপা সামান্য গছে তুচ্ছ কৰি পেলাইছে সমস্ত ঐশ্চৰ্য আড়ম্বৰ । ৰাজকন্যাই ভিখাৰিণীৰ দৰে বহি ৰ’ল চম্পাজোপাৰ তলত । ধীৰে ধীৰে শিৰ নত হ’ল, নিমীলিত হ’ল অক্ষিপল্লৱ । বিৰিখৰ নিগূঢ় সত্তাৰ স’তে নিজৰ সত্তা নিমজিত কৰাৰ আকুল আগ্ৰহেৰে স্তব্ধ কৰি দিলে বাহ্যিক সকলো চাঞ্চল্য । স্তব্ধ হৈ নতশিৰে বহি ৰ’ল তেওঁ । বহু পৰ, সময়ৰ হিচাপবিহীন হৈ । টুপ কৰি ওপৰৰ পৰা কিবা এটা সৰি পৰিল । চকু মেলি দেখে কোলাৰ ওপৰত পৰি আছে এটি চম্পা ফুল ।

 

 

*** নহবৎ - চেহনাই বা এই ধৰণৰ বাদ্যযন্ত্রৰ সুমিষ্ট ঐকতান




Post a Comment

0 Comments