এক বাজি গ'ল (Past one
o' clock)
মূলঃ ভ্লাডিমিৰ মায়াক'ভস্কী (Vladimir Mayakovsky)
ইংৰাজী অনুবাদঃ Vladimir
Markov and Merrill Sparks.
অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা
এক বাজি গ'ল৷ তুমি নিশ্চয় এতিয়া গভীৰ টোপনিত৷
ৰাতিৰ আকাশত ৰূপালী নিজৰাৰ দৰে হাতীপটি নাচে৷
চৌদিশ নিস্তব্ধপ্ৰায়৷ বিদ্যুতৰ আঘাতৰ দৰে বিজুলী
ডাকৰ খবৰেৰে নজগাওঁ এতিয়া তোমাক
সুখৰ সপোন ভাঙি আমনি দিবলৈ৷
সিহঁতে কোৱাৰ দৰে সিমানতে গল্পটোৰ সামৰণি৷
জীৱনৰ কঠিন শিলবোৰত ঠেকা খাই খাই
চুৰমাৰ হ'ল প্ৰেমৰ নাওখনি৷
আমি এতিয়া মুক্ত আৰু আমাৰ বাবে প্ৰয়োজন নাই
পাৰস্পৰিক আঘাত, অপমান আৰু দুখৰ তালিকাৰ৷
আৰু মই দেখিছোঁ পৃথিৱী কিদৰে শুই আছে পৰম শান্তিৰে
আকাশে সাঁচতীয়া ভঁড়ালৰ পৰা ৰাতিক দিছে এলানি উদ্ধত তৰা৷
এনেবোৰ সময়ত
সাৰে থাকি অভিনন্দন জনায়
সমস্ত সময়, ইতিহাস আৰু বিশ্ব-ব্ৰহ্মাণ্ডক৷
টোকাঃ এই কবিতাটো ১৯৩০ চনত মায়াক'ভস্কীয়ে আত্মহত্যা কৰাৰ পিছত তেওঁৰ জেপত পোৱা গৈছিল৷ সম্ভৱতঃ ইয়েই আছিল কবিগৰাকীৰ অন্তিম ৰচনা৷
![]() |
মায়াক’ভস্কী |
0 Comments