কবিতাঃ সোণাই মোৰ, শুনা / মহম্মদ আজিজ লাইহাবী (মৰক্কো)

সোণাই মোৰশুনা

মূলঃ মহম্মদ আজিজ লাইহাবী (মৰক্কো) 

অসমীয়া ভাঙনিঃ ৰুমা অধিকাৰী


সোণাই মোৰ!
তুমি জীয়াই থাকিবই লাগিব;
আৰু
তাৰ বাবে সলনি কৰিব লাগিব
শান্তিৰ বাটঃ
সাৰি-পুচি তাক
পৰিষ্কাৰ কৰিব লাগিব
যেন শত শত বছৰৰ
মলি মুক্ত তাম হে!

মই তোমাক উপহাৰ দিব পাৰোঁ
জীৱন;
কিন্তু ,
শান্তিৰ দিনবোৰ !
সেয়া কোনে দিব উপহাৰ ?
মই সেয়া দিব পাৰোঁ
মোৰ সহোদৰ ,সহোদৰা ;
কিন্তু সৌভ্ৰাতৃত্বৰ উপহাৰ ?
সেয়া তোমাক কোনে দিব?
তুমি উপজোতে
আকাঙক্ষা এটি আছিল-
শুধ বগা পোছাক এজোৰ পিন্ধি
ঘূৰি ফুৰিবা ;
কিন্তু ,
সময়ৰ মুৰকত
ভাগ্যই দিলে তোমাক
শ্ৰমিকৰ নীলা সাজজোৰ !

মোৰ সোণ!
সেয়া দুৰ্ভাগ্য বুলি
নেভাবিবা;
দুৰ্ভাগ্য তেতিয়াহে হলহেতেন
যদি নিজকে সৈনিকৰ খাকী
পোছাকেৰে দেখিলাহেতেন,

যদি দেখিলাহেতেন আলিবাটৰ প্ৰতিটো
কেঁকুৰিতেই
শতৰু লুকাই আছে;
তোমাৰ তীক্ষ্ণ দৃষ্টিয়ে
তাকে দেখি
বন্দুকৰ ট্ৰিগাৰ টানি
গুলি চলায়,
যি তেজ আৰু মৃত্যুৰ গোন্ধ
তোমাৰ উশাহত মিহলি হয়
সেই তেজ জনতাৰ৷

সোণ মোৰ !
সেয়া দুৰ্ভাগ্য বুলিলোঁ হেতেন
যদি তোমাক বাধ্য কৰোৱা হলহেঁতেন
কুচকাৱাজ কৰিবলৈ,
গুলি চলাবলৈ,
গাই-দামুৰিবোৰক হত্যাকৰিবলৈ,
ঘৰ-দুৱাৰবোৰ জ্বলাই ছাই কৰিবলৈ,
ফুলনিবোৰ নিশ্চিহ্ন কৰিবলৈ,

মানুহ ধ্বংস কৰিবলৈ
মানুহ ধ্বংস কৰিবলৈ
কেৱল মাথো মানুহ ধ্বংস কৰিবলৈ ৷

Post a Comment

0 Comments