চেক্সবয়
মূল ৰচনাঃ তছলিমা নাছৰিণ
মনময়ুৰীয়ে অপেক্ষা কৰি আছে চেক্সবয়ৰ বাবে । সন্ধিয়া নামিছে আৰু চেক্সবয়ো হয়তো নামিছে এয়াৰপৰ্টত । অন্ধকাৰৰ মাজেদিয়ে আহি আহি দক্ষিণ গুৱাহাটীৰ এই গলিত সোমাবহি বিমানবন্দৰৰ পৰা অহা চেক্সবয়ৰ টেক্সী । সি মুম্বাইৰ পৰা আহিছে । মনময়ুৰীৰ ঘৰলৈয়ে আহিছে সি । যোৱা ছমাহ জুৰি সিহঁতৰ সকলো হৈছে মাত্ৰ হোৱা নাই মুখামুখি, দেখাদেখি ।
ফেচবুকত প্ৰথম কথা হৈছিল,
মূলত: চেক্সৰ ওপৰত । চেক্সবয় নামটোৱে
মনময়ুৰীক আকৃষ্ট কৰিছিল । তাৰ প্ৰফাইল ফটোত আছিল
এক উলঙ্গ পুৰুষৰ ছবি । এনে মানুহৰ সতে চেক্সৰ বাহিৰেনো আৰু কি কথা পাতিব পাৰি ! এই
চেক্সক লৈ কথাপতাৰ বাবেই চেক্সবয়ক বন্ধুত্বৰ আমন্ত্ৰণ জনাইছিল মনময়ুৰীয়ে ।
তাইৰ যৌনসম্পৰ্কহীন জীৱন বৰ দু:সহ হৈ
উঠিছিল । মহানগৰীখনত ইমান যুৱকৰ ভীৰ, কিন্তু তাইৰ দৰে সুন্দৰী, বিদুষী এজনী ছোৱালীৰ বাবে এজন প্ৰেমিকৰ
যোগাৰ নহয়গৈ । আৰু হবনো কেনেকৈ যোগাৰ, যোগাৰ হবলৈ মনময়ুৰীয়ে যি যি কৰিব লাগে,
তাই প্ৰায় একোকে নকৰে । সহ্য নহয় আজিকালি
চহৰখন । পাৰ্টি আদিত যোৱাৰ বাবে নিমন্ত্ৰণ পায়, কিন্তু তাইৰ যোৱা হৈ নুঠেগৈ । সেই একেই
চিনাকী মুখবোৰৰ মুখামুখি হোৱা, সেই একেবোৰ গল্পকে দুশবাৰ শুনা,
মিছা হাঁহিবোৰ মুখত ওলোমাই লৈ সকলোকে হাই
, হেল'
কোৱা……… বহুত হ'ল আৰু । এইবোৰ আজিকালি আৰু ভাল নালাগে ।
তাতকৈ ভাল চ'চিয়েল নেটৱৰ্কত বহুত নতুন মুখৰ সন্ধান পোৱা যায়,
নতুন কথা শুনা যায় । যি মানুহটোৰ সতে
তাইৰ বিয়া হৈছিল, সেইয়াও দেউতাকে বাছি দিয়া পাত্ৰৰ লগতহে ।
সুনীলক ডিৱোৰ্চ কৰা আজি বহুবছৰ পাৰ হৈ গ'ল । ইয়াৰ পাচত কাৰো সতে যে একো হোৱা নাই
সেয়া নহয় । বয়সত দহবছৰ সৰু এজন সহকৰ্মীৰ সতে প্ৰায় এমাহ জোৰা এটা সম্পৰ্ক হওঁতে
হৈছিল মনময়ুৰীৰ । কিন্তু তাইৰ সেই সহকৰ্মীৰ,
মানে অশোকৰ,
বিয়াৰ পাচত সেই সম্পৰ্কটো ভাঙি পেলাবলৈ
বাধ্য হয় তাই । কাৰণ মনময়ুৰীয়ে নিবিচাৰে তাৰ বিবাহিত তৰুণী ভাৰ্য্যাক ঘৰত ৰাখি
তাইৰ সতে শুবলৈ আহক অশোক । এখন ইংৰাজী দৈনিক কাকতত চাকৰি কৰে মনময়ুৰীয়ে । বহুদিনৰ
পৰা কৰি থকা চাকৰি । তাইৰ দায়িত্ব বহুত । সেইবুলি অফিচৰ পৰা অনা বোজা মনময়ুৰীয়ে
ঘৰলৈ কঢ়িয়াই অনাটো নিবিচাৰে । তাই ভাৱনা চিন্তাৰ পৰা দূৰত অৱস্থান কৰে ঘৰত থকা
সময়ছোৱাত । অলপ সময় নিজৰ বাবেও ৰখাটো উচিত, তাকো সময়ৰ মাজৰ কেইটামান ক্ষণহে তেও !
ইফালে ছোৱালী পঢ়ি আছে দিল্লীত । তাইৰো খবৰ খাতি কৰি থাকিবলগা হয়। তাতে আজিকালিৰ ম'বাইলৰ যুগত খবৰ খাতি কৰা কামবোৰ পানীৰ
দৰে সহজ হৈ পৰিল । অফিচ তো অফিচেই বাৰু, মনময়ুৰী নাথাকিলেও অফিচ থাকিব ।
ছোৱালীজনীৰ জীৱনো সেই একেই ।
মনময়ুৰীয়ে মৰি গলেও ছোৱালীয়ে ঠিকমতে খাপ
খাই ল'ব
পাৰিব। মনময়ুৰীৰ দেউতাক মাকৰ মৃত্যু হৈছে । তায়েই আছিল তেওঁলোকৰ একমাত্র সন্তান ।
মাক দেউতাকৰ কথা এতিয়া আৰু মনত নপৰে । অফিচৰ পৰা আহি এখন কিতাপ লৈ বহিছিল,
এতিয়া ফেইচবুক লৈ বহে ।
ফেইচবুক যে কি ভয়ংকৰ এক নিচাৰ দৰে !
আচলতে ফেইচবুক নহয়, চেক্সবয়ে প্ৰতিদিনে যে কৈ আছে,
মনময়ুৰীৰ সতে বিচনাত সি কি কি কৰিব,
কেনেকৈ মনময়ুৰীৰ গোটেই শৰীৰ জুৰি চুমা
খাব, কেনেকৈ
ওঁঠত, বুকুত
মৰম কৰিব আৰু তাইক ঘনেঘনে শীৰ্ষসুখ দিব……… সেইবোৰ পঢ়াৰ নিচা । এই নিচাটোৱে তাইৰ এক
অত্যন্ত অস্থিৰ অৱস্থাৰ পৰা মুক্তি দিছে । এতিয়া তাই আলিবাটত বা অফিচত যুৱকবোৰৰ
ফালে ফেলফেলকৈ চাই থাকিব নালাগে । চেক্সবয়ে মনময়ুৰীৰ দৈনন্দিন জীৱনৰ অভাৱবোৰৰ
বেছিভাগেই নোহোৱা কৰিছে । সেয়ে মনে মনে তাই কৃতজ্ঞ চেক্সবয়ৰ প্ৰতি ।
সম্পৰ্কটো এতিয়া ফেইচবুকতে আৱদ্ধ থকা নাই
। যোৱা দুমাহৰ পৰা প্ৰায় প্ৰতিদিন ফোনত কথা পাতিছে, আৰু শেষৰ দিনদুটাত স্কাইপত দুয়োটাৰ
চেক্সো হৈছে । ভাৰচুৱেল চেক্স । চেক্সবয়ৰ আচল নাম বিজয় । মাৰাঠী । আৰ্কিটেক্ট,
বয়স পয়ত্রিশ । ইয়াতকৈ আৰু পাভযোৰা ক'তনো ঘটিব ! মনময়ুৰীৰ লগত চেক্সৰ
প্ৰস্তাবটো তাই নিজেই দিছিল বিজয়ক । মুম্বাই-গুৱাহাটী অহা যোৱাৰ ই-টিকেটও ইমেইল কৰি দিছিল । টিকেট পায়ে,
'লেটচ্
** দা হ'ল ৱিক' বুলি জঁপিয়াইছিল বিজয়ে । বিজয়ক চুই চাবলৈ
লাগে মনময়ুৰীক । সঁচাসচি মৈথুন বিচাৰে,
তেজ মঙহৰ শৰীৰ বিচাৰে ।
সাতদিনৰ ছুটী লৈছে মনময়ুৰীয়ে । আজি আবেলি
অশোকে সুধিছে , "হঠাতে ইমান দীঘল ছুটী ল'লা যে ? ক'ৰবালৈ যাবা ?"
মনময়ুৰীয়ে হাঁহি উত্তৰ দিছে,
"ক্লাউদ নাইনলৈ
যোৱাৰ বাবে চীট বুক কৰিছো । যাবা?"
"বিয়াখন নপতা হলে ঠিকেই গলোহেতেন।"
মনময়ুৰীৰ ওঁঠৰ একোণত এচকল হাঁহি । মনে
মনে কলে, "ভাগ্যেযে বিয়াখন পাতিলি।"
অশোকৰ বাবে সেই আকৰ্ষণ আজি বোধ নকৰে তাই।
বিজয় আহি সেই ঠাইখন মনময়ুৰীয়ে নজনাকৈ কেতিয়াবাই দখল কৰি লৈছে । অশোকৰ বিয়াৰ পাচত
বিজয়ৰ দৰে এজন মানুহৰ দৰ্কাৰ আছিল তাইৰ জীৱনত, একধৰণৰ বানপানীৰ দৰে;
যি পুৰণি সকলো স্মৃতিৰ খেৰকূটাবোৰ ভঁহাই
লৈ যোৱাৰ দৰে উটুৱাই নিব, স্নিগ্ধ শীতল নতুনৰ পোহৰে তাইক আৰু উজ্বল কৰি তুলিব,
যেন এইমাত্ৰ তাইৰ জন্ম হৈছে, যেন তাইৰ অতীত বুলি একোৱেই নাছিল কোনোদিনে ।
অশোকে বহু সময় তাইৰ ফালে চাই কৈছে,
" কি হ'ল কাৰোবাৰ প্ৰেমত পৰিছা নেকি,
দেখাত একেবাৰে উজ্বল হৈ পৰিছা যে ?
মিঠাকৈ হাঁহি মনময়ুৰীয়ে কৈছে,
" এই,
মুন্না কেনে আছে ?
চব ঠিকেঠাকে আছেতো ?"
কৈয়েই অশোকৰ উত্তৰৰ বাবে অপেক্ষা নকৰি
অফিচৰ পৰা ওলাই গ'ল মনময়ুৰী ।
যিসময়ত দিনৌ তাই ওলায়,
তাতকৈ কিছু আগেয়ে আজি ওলাই গ'ল । সমগ্ৰ শৰীৰ জুৰি বিজয় । ৰাতিপুৱাৰ
পৰা শৰীৰ জুৰি জোৱাৰ ।
ঘৰলৈ আহি গান গুণগুণাই গা ধুইছে ।
সাধাৰণতে ইমান সময় নলগায় তাই গা ধুবলৈ । দাপোনৰ সমুখত ৰৈ বহু সময় জুৰি সাজিছে ।
পাৰফিউম সানিছে । শোৱা কোঠালীটো পৰিপাটী কৰিছে । নতুন বিচনাচাদৰ পাৰিছে বিচনাত ।
দুটা গাৰু আছিল বিচনাখনত, আৰু দুটা আনি যোগ দিছে । ঘৰটো পুৰণি আভিজাত্যেৰে ভৰা ঘৰ
তাইৰ । তলৰ মহলাত বহা ঘৰ, খোৱা ঘৰ, কিচ্চেন আৰু ওপৰমহলাত চাৰিটাকৈ শোৱাঘৰ । তাৰে এটাত,
অপ্ৰয়োজনীয় অথবা কেতিয়াবা লাগিব লগা এনে
বস্তুৰে ঠাঁহ খাই থকা । এটাত মনময়ুৰী শোৱে । আৰু এটা আলহী অতিথিৰ বাবে । আৰু এটাত
থাকে শকুন্তলা, বহুদিনীয়া কামকৰা মানুহ । তাইৰ জন্মৰ পৰাই আছে ,
আগতে তাইৰ মাকে এইখন ঘৰত কাম বন কৰিছিল ।
শকুন্তলাই সুধিছে , "আজি অশোক অহাৰ কথা নেকি ময়ুৰী ,
বৰকৈ সাজিছ কাছিছ দেখোন ?"
শুনি বিৰক্তিভৰা কণ্ঠেৰে তাই কৈছে, "তুমিও যে আৰু বাই , কিখন আবোল তাবোল বকা জানো,
অশোকে ঘৈণীয়েকৰ সতে সুখৰ সংসাৰ কৰিছে
তেওঁনো কেলেই আহিব ?"
"তেনেহলে নতুন ভাগ্যবানটো কোন অ' ?"
মনময়ুৰীয়ে হাঁহি কৈছে,
" আহিলে দেখিবা
নহয় !"
শকুন্তলাই বিধে বিধে ব্যঞ্জন বনাইছে আজি । বিজয় আৰু মনময়ুৰীয়ে কেণ্ডেল লাইট ডিনাৰ কৰিব ।
তাৰপাচত সিহঁত শোৱা ঘৰলৈ গুচি যাব আৰু দুৱাৰ বন্ধ কৰি দিব কোঠালীৰ । খিৰিকিৰ পৰ্দা
কোঁচাই দিয়া হৈছে । বিচনাৰ পৰাই আকাশ পোহৰ কৰা জোনটো দেখা পাব । জোনৰ পোহৰ
কোঠালীটো ভৰি পৰিব, আৰু সেই পোহৰত সিহঁতে শৰীৰত শৰীৰ ডুবাই গা ধুব ওৰে নিশাটো ।
শোৱা কোঠালীত মনময়ুৰীয়ে ৰজনীগন্ধাৰ সুঘ্ৰাণ সিঁচি পেলাইছিল । তাইৰ গাতো সুগন্ধি ।
ঘৰটোত যেন ফুলৰ মেলা বহিছে । বীৰেন দত্তৰ গানৰ চিডিখন বজায় । "বহুদিন বকুলৰ
গোন্ধ পোৱা নাই" গানটো বাজি থাকে । মনময়ুৰীয়ে লগে লগে গুণগুণায় । তাই গানবোৰ
খুব সুন্দৰকৈ গাব নাজানিব পাৰে কিন্তু গানবোৰ তাই হৃদয়েৰে গায় । হৃদয়েৰে গোৱা গান
খুব সুৰীয়া নহলেও, শুনিবলৈ বেছ ভাল ।
মনময়ুৰীয়ে এখন নীলৰঙী শাড়ী পিন্ধিছে ।
ইচ্ছা কৰিয়ে খুব বহল ডিঙিৰ ব্লাউজ পিন্ধিছে ।
স্তনযোৰাই ভিতৰৰ পৰা ভূমুকি মাৰিছে, মাৰক । ল'ৰিয়েলৰ ক'লা ৰঙ মনময়ুৰীৰ চুলিত । অলপ অলপ পকিছে যদিও মনময়ুৰীয়ে মছি
পেলাইছে বগাৰ চিনবোৰ ।
চল্লিশ বছৰৰ ঢিলা নোহোৱা ত্বকৰ মসৃন শৰীৰ,
পিচে চুলিত বাৰ্দ্ধক্য…কিবা অমিল যেন লাগে । এনেয়ে ক'লা বগাত তাইৰ কোনো আপত্তি নাই । পিছে
চেক্সবয়ৰ সতে সাতটা দিনৰ ঘনিষ্ঠ সময় পাৰ হ'ব যেতিয়া, বয়সৰ চিনচাবে যেন এই সাতটা দিনত বিৰক্ত
নকৰক ।
বিজয়ে এয়াৰপৰ্টৰ পৰা ফোন কৰিছে নামিয়েই ।
ব্লেক লেবেলৰ এটা বটল আৰু দুটা গ্লাছ আনি শোৱাঘৰৰ বিচনাৰ ওচৰত থলে তাই । এনেধৰণৰ
এডৱেঞ্চাৰ আগেয়ে কেতিয়াও তাই কৰি পোৱা নাই। এনে উত্তেজনা আগে কেতিয়াও অনুভূত হোৱা
নাই তাইৰ । এটা অচিন মানুহৰ লগত ফেইচবুকত চিনাকী হ'ল, তাৰে সতে যৌনসম্পৰ্কলৈ যোৱাৰ বাবেই এনে
আয়োজন দুয়োজনে কৰিছে । ক'তো প্ৰেম অক'মান নহ'ল, দুয়োজনৰ মাজত ভালপাওঁ বোলা শব্দৰ আদানপ্ৰদান বা উচ্চাৰণ নহ'ল, যৌনতাৰ বাহিৰে জগতৰ অন্য কোনো বিষয় লৈ
আলোচনা নহ'ল !
দুয়োজনৰ কাৰোৱেই কিন্তু মনলৈ অহা নাই খুব
বেয়া কিবা এটা সিহঁতে কৰিছে । দুয়োজনেই প্ৰাপ্তবয়স্ক । দুয়োজনেই অকলশৰে জীৱন কটায়
। কোনো স্বামী বা স্ত্ৰীক ঠগি সিহঁতে একো এটা কৰা নাই ,
তেন্তে শৰীৰে যদি শৰীৰ বিচাৰে কিয় লগ নহব
?
পুৱাৰে পৰা শৰীৰত বানে গোঁজৰিছে ।
মনময়ুৰীৰ এনে লাগিছে তাই মুঠেই ষোল বছৰীয়া এজনী কিশোৰীহে । যেনিবা ষোল বছৰ বয়সীয়াই
। যেতিয়া তাই ষোলৰ আছিল, তেতিয়া কঠিন কঠিন বিষয়ৰ কিতাপ পঢ়ি কটাইছে ;
যি ধৰণে চল্লিশ বা পঞ্চাশ বয়সীয়াবোৰে কৰে
। সেই ষোলবছৰটো যদি ঘূৰি হাতৰ মুঠিলৈ আহে, কিয় তাই নিবিচাৰিব ?
তাই কাৰো আগত শপত খাই থোৱা নাই যে এৰি
অহা কোনো বয়স, কোনোবা এদিনা ঘূৰাই পালে তাই ঘূৰাই নল'ব ।
মনময়ুৰীৰ বাবে বিজয় কেৱল এটা পুৰুষাংগৰ
বাদে আন একো নহয় । সি কৈ মেলিয়ে মনময়ুৰীৰ সতে সাতটা দিন যাপন কৰিবলৈ আহিছে । কেৱল
শৰীৰৰ আকর্ষণক ভিত্তি কৰিয়েই গঢ়ি উঠিছে এটা সম্পৰ্ক । তাই ভাবে,
সকলো সময়তে,
প্ৰথমে মন তাৰ পাচতহে শৰীৰ হবই লাগিব
তাৰেই বা কি মানে, শৰীৰ আগত মন পাচত হোৱাটোৱেই বেছি যুক্তিসংগত । দৰজা খোলাৰ
লগে লগে নিশ্চয় বিজয়ে তাইক সাৱটি ধৰি গভীৰ ভাবে চুমা খাব । তাৰ পাচতেই পোনে পোনে
যাব শোৱাকোঠালৈ । দৃশ্যবোৰ কল্পনা কৰে মনময়ুৰীয়ে । আবেশত চকু মুদ খাই যায় । শৰীৰৰ
ভিতৰত নিভৃতে গৰ্জন কৰে সুখৰ সোঁতবোৰে । শকুন্তলাক কৈ থৈছে তাই কোঠালীৰ দুৱাৰ বন্ধ
কৰি যেন তাই শুই থাকে । যদি প্ৰয়োজন হয়, মাতিব । কেৱল খাবৰ সময়ত শকুন্তলাৰ মাত
শুনে । শকুন্তলাই এই নিয়মবোৰ জানে । অশোকৰ বেলিকাও এনেদৰেই হৈছিল ।
শকুন্তলাই বহু বাৰ কৈছিল মনময়ুৰীক , "এইবাৰ আৰু বিয়াত বহা ময়ুৰী "। বিয়াত নবহোঁ নবহোঁ বুলি
আজি কিমান বছৰ পাৰ হৈ গ'ল । অশোকৰ সতে যেতিয়া তাই প্ৰেম কৰিছিল,
শকুন্তলাই কৈছিল,
" তেনে এওঁকেই
পাৰ্মানেন্ট কৰি লোৱা "।
কাৰোবাক ইচ্ছা কৰিলেই কিবা কৰি ল'ব পাৰি, হাজাৰবাৰ বুজালেও শকুন্তলাই বুজি নাপায়।
শকুন্তলা মনময়ুৰীৰ জন্মৰ সময়ৰ পৰা এইখন ঘৰত আছে । বিয়া নকৰিলে । অথচ মনময়ুৰীয়ে বিয়া নকৰোৱা আৰু স্থায়ী সঙ্গী নোলোৱাত তাইৰ
চিন্তাৰ অন্ত নাই। নিজতকৈ গিৰিহঁতৰ ঘৰখনক সকলোতকৈ আপোন বুলি ভাবিলেহে এনে হয় ।
বিজয় আহিল । ফটো চাই বা স্কাইপত দেখি
যেনে অনুমান কৰিছিল, তাতকৈ বেলেগ, যিমান ওখ বুলি ভাবিছিল তাতকৈ অলপ বেছি ওখ,
যিমান শকত বুলি ভবা হৈছিল তাতকৈ কিছু
স্লিম, যিমান
ধুনীয়া বুলি ভবা হৈছিল তাতকৈ বেছি ধুনীয়া বিজয় । দুয়োজনে হাই বিজয় হাই ময়ুৰী বুলি
হাত মিলালে । শোৱনী কোঠালৈ নিয়াৰ পৰিবৰ্তে ড্ৰয়িংৰুমলৈ লৈ আহিল বিজয়ক । দুখন চোফাত
মুখামুখিকৈ বহিল দুয়োজনে । অকনমান দৃষ্টি বিনিময় । অকনমান হাঁহি লাগি ৰৈছে দুয়োজনৰ
ওঁঠত । ময়ুৰী বহি আছে আৰু বিজয় উঠি আহি ঠিক
স্কাইপত কোৱাৰ ভঙ্গীমাৰে,
' ইউ লুক চ'
হট হানি। কাম অন,
লেটচ হেভ চেক্স’
বুলি কয়নে নকয় চাবলৈ । বিজয়ে তেনেকুৱা ধৰণৰ একো নক'লে । কওক বা নকওক,
দুটা যৌনকাতৰ নাৰী আৰু পুৰুষ আজি
মুখামুখি বহি আছে । দুটা শৰীৰৰ কামনা আজি পূৰ্ণ হবলৈ গৈ আছে । পিছে আচৰিত কথা
এইটোহে যে দুয়োজনৰ কথা বাৰ্তাত আজি যৌনতাৰ তিল মাত্ৰ চিনো নাই ।
"এগিলাচ পানী খাম ।"
" চৰি, চৰি ।
পানী আগেই দিয়াটো উচিত আছিল । চাহ বা কফি কিবা খাবা ?"
"মই সেইবোৰ একো নাখাওঁ ।"
" তেনেহলে… হুইস্কি ল'বা?"
" হুইস্কি তো মই নেখাওঁৱেই ।"
" অ' ।
ৰাতি কেই বজাত নিশাৰ আহাৰ কৰা ?"
" তেনে কোনো নিৰ্দিষ্ট সময় নাই । ঘৰটো বৰ ধুনীয়াকে সজাইছা। ইমান কিতাপ কাৰ ?
চব তোমাৰেই ?"
" ওঁ । মোৰ ।"
বিজয় উঠি জাপ জাপ কিতাপৰ ওচৰলৈ যায় ।
মগ্ন হৈ সেইবোৰ চাই থাকে ।
বহুসময় এনেদৰেই পাৰ হৈ যায় । ময়ুৰীয়ে
পানীৰ গিলাচ আগবঢ়াই দিওঁতে কিতাপৰ পৰা মুৰ নোতোলাকৈ সি পানী গিলাচ খায় ।
" ইফ য়ু ড'ন্ট মাইণ্ড, ইয়াৰ পৰা কিতাপ কেইখনমান উলিয়াওঁনে ?"
" ওঁ…নিশ্চয়
। গ' এহে'ড ।"
বিজয়ে তিনিখন কিতাপ উলিয়াই উলোটাই ওভোটাই
চাবলৈ লাগিল । চোফালৈ ঘূৰি আহি কলে, " তুমিও দেখিছোঁ ৰডি ডয়েলৰ কিতাপ ভাল পোৱা
। দা ডে'ড
ৰিপাব্লিক পঢ়িছা ?"
ময়ুৰীয়ে হাঁহি হাঁহি কলে,
" তেওঁৰ মাত্ৰ
তিনিখন পঢ়িছো । পেডি ক্লাৰ্ক, এ স্টাৰ কলড্ হেনৰী আৰু দা গাটচ্ ।"
"তোমাৰ কালেকচন দেখিছো অসাধাৰণ ।"
" ক্লাচিক্স যথেষ্ট আছে ।"
" ক্লাচিক্সৰ কথা বাদ দিয়া । সেইবোৰ সৰুকালতেই পঢ়িছো । এতিয়া বিল ব্ৰাইচন থাকিলে
মোক আৰু একোৱেই নালাগে ।"
" থাকোতে আছে বিল ব্ৰাইচনৰ কেইখনমান ।"
বিজয়ৰ চকুৱে মুখে আনন্দৰ পোহৰবোৰ জঁপিয়াই
উঠে ।
" তুমি বিল ব্ৰাইচনো ভাল পোৱা ? বাহ, কোন কেইখন আছে কোৱানা । শেষৰখন এতিয়াও পঢ়াই নাই ।"
"মোৰ সকলোতকৈ পছন্দৰ হ'ল এ' শ্বৰ্ট হিস্টৰী অব নিয়েৰলি এৱৰিথিং ।"
" অ:, সেইখন
তো তুলনাবিহীন ।"
"মোৰ ওচৰত আছে, আই এম এ' স্ট্ৰেঞ্জাৰ হিয়েৰ মাইচেল্ফ, এট হ'ম, নিদাৰ হিয়েৰ নৰ্ দেয়াৰ ……"
"ওৱান চামাৰখন এতিয়াও প্ৰকাশ হোৱা নাই চাগে ।"
"এই অক্টোবৰত ওলাব নেকি !"
বিজয়ৰ মাজত এটা কিশোৰে বাস কৰে । দেখি
ভাল লাগে ময়ুৰীৰ । ময়ুৰীৰ নিচিনাই সি উজ্জ্বল উচ্ছ্বল হৈ উঠে সময়ে সময়ে । কিতাপৰ
কাহিনীত নিমজ্জিত হৈ পৰে বিজয় । যেন দুইটা কোনোবা বুক ক্লাবৰহে মেম্বাৰ । কিতাপৰ
পছন্দৰ ক্ষেত্ৰত এনে মিল মনময়ুৰীৰ কাৰো সতে নাই । তাৰপাচত কথাই কথাই ফুৰিবলৈ যোৱাৰ
কথা ওলাল, ভাৰতৰ
কলৈ কলৈ কোন গৈছে । তাতো মিল, দুয়োজনে বৰ্ণনা কৰে দুয়োজনৰ অভিজ্ঞতা, ক'ত কোন পাহাৰত কোন জলপ্ৰপাতৰ কাষত,
কোন অৰণ্যৰ ভিতৰত মুগ্ধ হৈ ৰৈ গৈছিল
কেতিয়া । এসময়ত খোৱাবোৱাৰ প্ৰসঙ্গ আহে, তাতো মিল । দুয়োজনে বেঙ্গলী খানা পছন্দ কৰে ।
মনময়ুৰীয়ে কিছুপৰ ভাবে। তাৰপাচত হাঁহি
শকুন্তলাক কয়, ' গেস্টৰুমৰ বিচনাখন ঠিক কৰি দিয়াচোন বাই ।
চাদৰখন সলনি কৰি দিবা ।
মোৰ কোঠাত এক্সট্রা গাৰু আছে,
লৈ যাবা ।'
বিজয় আগেয়ে কোনোদিন অসমলৈ অহা নাই ।
ময়ুৰীয়ে কয়, 'কালিলৈ তোমাক মিউজিয়ামলৈ লৈ যাম,
আৰু কলাক্ষেত্ৰলৈ । তুমি ভাল পাবা ।'
বিজয়ে 'এট হ'ম' কিতাপখন হাতত লৈ মিঠা হাঁহি এটা মাৰি ক'লে, "ৰাতি পঢ়িবলৈ এই কিতাপখন লৈ যাওঁনে ?
এইখন মোৰ পঢ়া হোৱা নাই ।"
°
°
°
যি কেইটা দিন বিজয় আছিল,
কিশোৰ কিশোৰীৰ দৰে মনময়ুৰী আৰু বিজয়
গুৱাহাটীৰ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। বৰষুণ বতাহ একোকে নামানি । জুই ৰ'দ নামানি । ৰাষ্টাৰ কাষৰ ফুচকা,
চিকেন ম'ম', জেবিজৰ মিঠাই,
কোনো খোৱা বস্তুৱেই বাদ পৰি যোৱা নাই ।
ৰিক্সাত, চিটিবাছত
ঘূৰিছে, অ'লা-উবেৰত গৈ ব্ৰহ্মপুত্ৰৰ পাৰত বহিছে,
ফেৰীত উঠি নদীৰ বিশালতা জুখিছে । য'তে মন যায় গৈছে,
মানুহৰ ভীৰত নিজক হেৰুৱাই পেলাইছে ।
গন্তব্যহীন ভাবে গৈ থকাত অদ্ভুত আনন্দ,
চকুত সাধাৰণতে নপৰা বস্তুতও চকু পৰে । এই
মহানগৰীত জন্ম মনময়ুৰীৰ । কিন্তু বিজয়ৰ লগত ফুৰি ফুৰোতে গম পাইছে গুৱাহাটীৰ বহুত
বস্তুৱেই দেখা নাছিল তাই । অনেক ৰকমৰ গোন্ধ পোৱা নাছিল তাই । যেন এখন অচিনাকী চহৰ
। বিজয় বেচ কৌতুহলী যুবক। সকলো বস্তুৰে খূঁতি নাতি মাৰি চাব জানে আৰু এনেদৰেই
বহুতৰ লগত বন্ধুত্বও কৰি পেলাইছে ।
মনময়ুৰীয়ে পাহৰি গৈছে তাইৰ চাকৰি বাকৰি,
তাইৰ ছোৱালীজনীৰ কথা। তাইৰ অতীত ভবিষ্যত
। যেন তাই পৃথিৱীৰ পৰা বহু দূৰলৈ গুছি গৈছে, সকলোৰে সান্নিধ্যৰ বাহিৰলৈ,
কোনো অচিনাকী আকাশৰ তললৈ । প্ৰকৃত
"ক্লাউদ নাইন" চাগে ইয়াকে কয় কিজানি ! শকুন্তলাক উপহাৰ দিছে বিজয়ে
দুখনকৈ শাড়ী । ইমান ধুনীয়া শাড়ী হেনো শকুন্তলাই গোটেই জনমতে পিন্ধা নাই । মনময়ুৰীৰ
বাবে এখন অইল পেইন্টিং । জীৱনৰ অনেক কথা তাই কৈছে বিজয়ক । স্বামীৰ সতে হোৱা
ডিৱোৰ্চৰ কথা, ছোৱালীজনীৰ কথা, অশোকৰ কথা, স্তূপীকৃত দুখ সুখৰ কথা । সকলো কথা
শব্দহীনভাবে শুনি গৈছে বিজয়ে । বিজয়েও কৈছে, কিন্তু সি কোৱাতকৈ শুনাতহে বেছি আগ্ৰহী । এই কেইটা দিনতেই
খুব আপোন হৈ পৰিছে বিজয় । যেন বিজয় তাইৰ সৰুকালৰ বন্ধুহে । যেন বিজয়ৰ সতে শৈশব
কৈশোৰ জুৰি ময়ুৰীয়ে এক্কা দুক্কা খেলিছে, মাৰ্বল লাটুম খেলিছে,
পুখুৰীত মাছ ধৰিছে । মাজে মাজে অতীতৰ
কোনো ঘটনা কবলৈ গৈ ময়ুৰীৰ চকু পানীৰে উপচি পৰো যেন হৈছে । আলফুলকৈ বুকুলৈ টানি আনি
বিজয়ে তাইক শান্ত কৰিছে ।
বিজয়ৰ সেইকণ স্পৰ্শই পাইছে ময়ুৰীয়ে এই
পূৰা সাতদিনত । চুমা খাবলৈ দুই এবাৰ বিচাৰিছিল তাই, কিন্তু নিজেই নিজকে সম্বৰন কৰিছে ।
বিজয় গুচি যায়,
ময়ুৰীক দি যায় ময়ুৰীৰ শ্ৰেষ্ঠ সময়খিনি ।
ময়ুৰীয়ে সোধাৰ সুযোগ নাপালে, ফেইচবুকৰ চেক্সবয় নামৰ আঁৰৰ বিজয়ৰ চৰিত্ৰ কিয় তাৰ ফেইচবুকৰ
বাহিৰৰ চৰিত্ৰৰ সম্পূর্ণ বিপৰীত ? সোধা নহ'ল, অনুমান কৰি লৈছে মাকৰ মৃত্যুৰ কাৰণে যি ভীষণ গ্লানি আৰু
শোকত ভূগিছে বিজয়ে, তাৰ পৰা মুক্তি পাবলৈয়ে আশ্ৰয় লৈছে ফেইচবুকত,
ভিন্ন চৰিত্ৰত ।
ময়ুৰীয়ে কিয় আশ্ৰয় লৈছে ফেইচবুকত ! তাইৰ
তো কোনো গ্লানি নাই , শোক নাই ! কিবা হয়তো ময়ুৰীৰ ভিতৰতো আছে,
ময়ুৰীয়ে নাজানে । বিজয়ে জানে নেকি ?
সোধা হোৱা নাই বিজয়ে জানেনে নেজানে । এই
দিন কেইটাত এবাৰো ময়ুৰীৰ দেহাৰ ভিতৰত বানপানীয়ে জোৱাৰ তোলা নাছিল । কেৱল মনৰ মাজত
সৰিছিল ধুমুহা বৰষুণ । ময়ুৰীৰ ফেইচবুকৰ চৰিত্ৰটো কি ময়ুৰীৰ প্ৰকৃত চৰিত্ৰ নহয় ?
ময়ুৰীয়ে ভাবে,
কোন বিজয়টো প্ৰকৃত বিজয় ! যি বিজয়টোৰ সতে
নেটত লগ পোৱা হয়, নে তেজ মঙহৰ সেই বিজয়টো যাৰ সতে গুৱাহাটীত লগ পোৱা হ'ল । তেজ মঙহৰ বিজয়েইতো ফেইচবুকৰ চেক্সবয়,
যাৰে সতে নিশা নিশা জুৰি তাইৰ শৰীৰৰ উৎসৱ
হয় । কিমান যে ৰহস্য থাকে এজন ব্যক্তিৰ ভিতৰত ! সম্ভবতঃ কেইবাজনো মানুহ বাস কৰে
এজন মানুহৰ ভিতৰত । এজন ইজনৰ সতে সম্পূৰ্ণ বেলেগ । একেলগে গোটেইকেইজনকে পোৱা সম্ভৱ
নহয়নেকি ? নে
এজনক পাবলৈ গলে বাকীকেইজনক হেৰুৱাবলগা হয় ?
ময়ুৰীয়ে ময়ুৰীৰ মুখামুখি হৈ প্ৰশ্ন কৰে ।
বাতৰিকাকতত চাকৰি কৰা ময়ুৰী , মাক ময়ুৰী, ছোৱালী ময়ুৰী , ফেইচবুকৰ ময়ুৰী ,
আৰু শকুন্তলাৰ সতে কথা পতা ময়ুৰী ………… কাৰোৰে সৈতে কাৰো মিল নাই । কিন্তু এজনী
ময়ুৰী আগলৈ আহিলে অন্যজনী ময়ুৰী কিয় পিচুৱাই যাব লগা হয় ! মানুহে তেনেহলে এটা সময়ত কোনো এটাৰ বেছি চৰিত্ৰ ধাৰণ কৰিব
নোৱাৰে, সেয়ে এটাই চৰিত্ৰ পৰিবেশন কৰে অন্যৰ
সমুখত ! একেলগে কেইবাটাও চৰিত্ৰ অন্যৰ আগত উপস্থিত কৰালে কাৰ অসুবিধা হয়,
সংস্কাৰৰ, সমাজৰ, নে নিজৰ ভিতৰত লুকাই থকা আশংকাৰ,
প্ৰত্যাখাত হোৱাৰ আশংকা !
এই কথাবোৰেই ময়ুৰীয়ে ভাবিছিল যেতিয়া
বিজয়ক এয়াৰপৰ্টত চি অফ কৰি ঘৰলৈ ঘূৰিছিল । উদাস মনেৰে গাড়ীৰ খিৰিকিৰে দূৰলৈ চাইছিল,
তেনেতে এচএমএচ এটা আহিছিল ।
বিজয়ে লিখিছে : "আই লাৱ ইউ ।"
বুকুখন কঁপিছিল ময়ুৰীৰ । তীব্ৰ এক ভাল লগাৰ অনুভৱে মনৰ পৰা শৰীৰলৈ বিয়পি পৰিছিল ।
ময়ুৰীয়ে উত্তৰ লিখিছিল: "মি টু
।"
ঘৰলৈ আহি দেখিছিল,
'বহুদিন বকুলৰ গোন্ধ পোৱা নাই'
বাজিয়ে আছে চিডি প্লেয়াৰটোত ।
দহ বাজি যায় কথা পাতোতে ।পানীৰ বাহিৰে
কোনেও একো খোৱা নাই। বিজয়ে কৈছে সি ফলৰ ৰসো নাখায় । শকুন্তলাক মাতে ময়ুৰীয়ে ।
শকুন্তলাই টেবুলত খোৱাৰ বস্তুবোৰ সজায় । মম জলোৱাৰ প্ৰয়োজনবোধ নকৰে ময়ুৰীয়ে । খাই
থাকোতে বিজয়ে কয় : " বাহ, তেল মছলা বেছিকৈ নিদিয়াকে কি সুন্দৰ খানা । মোৰ মাৰ দৰে
ৰন্ধা খানা ।"
সঁচাই শকুন্তলাই ভাল ৰান্ধে । সেয়ে বিজয়ে
শকুন্তলাৰ প্ৰশংসা কৰিছিল । শকুন্তলাই সুধিছিল, বিজয়ৰ মাকে কি কি ৰান্ধে,
কেৱল মাৰাঠি ৰন্ধা নে অন্য ৰন্ধাও জানে ?
বিজয় বহু সময় মৌণ হৈ ৰোৱাৰ পাচত কলে যে
তাৰ মাক মৰা এবছৰ হ'ল । পথ দুৰ্ঘটনাত । বিজয় মাকৰ লগতেই থাকে । বিয়া কৰি তাৰ
ককায়েক আঁতৰি গৈছে । গাড়ীখন চলাইছিল সিদিনা সি নিজেই । ককায়েকৰ ঘৰত নিশাৰ সাঁজ খাই
বান্দ্ৰাৰ ঘৰলৈ উভটি আহিছিল । সি সিদিনা মদো খাইছিল । বোমাৰ দৰে এখন ট্ৰাক উৰি
আহিছিল তাৰ পিনে, দেখা পোৱা নাছিল । ট্রাকখনে আহি খুন্দা মাৰিছিল,
আৰু সিহঁতৰ গাড়ীখন ঘূৰপাক খাই দ খাৱৈত
পৰি গৈছিল । তাতেই মাকৰ মৃত্যু হৈছিল । বিজয়েও আঘাট পাইছিল,
হস্পিতালত দুদিন থকাৰ পাচত ভাল হৈ আহিছিল
। সিদিনাৰ পৰা বিজয়ে মদ স্পৰ্শ কৰা নাই ।
মাকৰ কথা কওঁতে মাকৰ কথা ওলায় ।
শকুন্তলাই মাকৰ কাহিনীত যোগ দিছিল । বিজয়ে তাৰ নিজৰ মাকৰ কাহিনী নোকোৱাহলে
ময়ুৰীয়েও পাহৰিলেহেতেন তাইৰ মাকৰ কথা ।
এনেদৰে নিশাৰ বাৰটা বাজি গৈছিল । বিজয়ে
সুধিছিল : মোক ক'ত শুবলৈ দিছা ?
0 Comments