অপৰাহ্ন
প্রায় পাঁচ বজাত ঘৰ সজোৱা সম্পূৰ্ণ হ’লগৈ। বহল বাৰান্দাখনত চকী, টেবুল, টুল, নেপকিন, ফুল আতাইবোৰ পৰিপাটিকৈ সজাই ৰখা হ’ল। ড্ৰইং ৰুমৰ একোণত পানীয়ৰ ব্যৱস্থাও কৰা হ’ল। অপ্রয়োজনীয় ঘৰুৱা আচবাববোৰ দুয়ো মিলি আলমাৰীৰ পিছফালে আৰু বিচনাৰ তলত লুকুৱাই থ’লে। হঠাৎ শ্যামনাথৰ মাকৰ কথা মনত পৰিল। মাকৰ কি ব্যৱস্থা কৰা যায় এতিয়া!
শ্রীমতীয়ে কামৰ মাজৰ পৰা মুৰ তুলি ক’লে, “ মাৰাক দেখোন আমাৰ ঘৰৰ পিছফালে থকা তেওঁৰ বান্ধবীগৰাকীৰ ওচৰলৈকে পঠাই দিব পাৰা। তেওঁ নিশ্চয় নিশাটো তাতে কটাই পুৱাৰ ভাগতহে ঘৰ ওলাবহি”।
শ্যামনাথে চিগাৰেটৰ ছাঁইখিনি এচট্ৰেত পেলাই অলপপৰ চিন্তা কৰি ক’লে, “নাই, নাই, সেই লেকেতীয়া বুঢ়ীজনী আকৌ আমাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰাটো মই নিবিচাৰো। আগৰবাৰ তেওঁক বিদায় দিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। তাতকৈ আমি মাক সোনকালে খাই বৈ নিজৰ কোঠাত সোমাবলৈ কোৱাই ভাল হ’ব।নিমন্ত্রিত অতিথিসকল আঠবজাৰ পৰাহে আহিবলৈ আৰম্ভ কৰিব।তাৰ আগেয়ে মাক খুৱাই বুৱাই আজৰি কৰি দিলেই হ’ল”।
শ্যামনাথৰ পৰিবাৰে পুনৰ মাত লগালে, “মায়ে যদি শুই থাকোতে নাক বজাবলৈ লয়? মাৰ ৰুমৰ কাষৰ বাৰান্দাখনতে দেখোন আটায়ে খোৱা লোৱা কৰিব”।
“মাক দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থবলৈ ক’ব লাগিব আৰু ন’হলে ময়ে বাহিৰৰ পৰা দুৱাৰখনত তলা এটা লগাই থম। ৰুমৰ ভিতৰত মাক সাৰে থাকিবলৈ ক’লেই হ’ল”, শ্যামনাথে বটাখনৰ পৰা দুটামান চুপাৰি মুখত ভৰাই ক’লে।
তোমালোকে দেখোন ১১ বজালৈকে মদ পানীয়েই খাই থাকিবা।খোৱাবোৱাটো বহুপৰলৈকে চলিব। মাৰা ইমান দেৰিলৈকে ক’ত সাৰে থাকিব’!
শ্যামনাথ এইবাৰ বেছ বিৰক্ত হ’ল। তেওঁ পৰিবাৰৰ ফালে চাই অনুযোগৰ সুৰত ক’লে, “ তুমিয়েই অথন্তৰৰ মূল।যোৱা বছৰ ভাইটিৰ লগত মা যাবলৈ ওলোৱা স্বত্ত্বেও তুমি ভালৰি বোলাবলৈ গৈ মাক যাবলৈ নিদিলা।এতিয়া পাইছানে মজাটো!”
“ইস! এতিয়া মইহে জগৰটো লগালো!মাক পুতেকৰ কথাৰ মাজত মাত মতাটো ভদ্ৰোচিত হ’লহেতেঁননে? তুমি দেখোন জানেই মা আৰু ভাইটিৰ মাজত কি কথা বতৰা হৈছিল সেইদিনা!”
শ্যামনাথ মনে মনে থাকিল।এতিয়া তৰ্ক কৰাৰ সময় নাই। সমস্যাৰ জোৰা মৰাৰহে দৰকাৰ হৈছে। বাৰান্দাৰ এমুৰে থকা মাকৰ ৰুমটোৰ ফালে চাই শ্যামনাথে ক’লে, “ৰ’বা, মই মাক কথাখিনি ভালদৰে বুজাই দিওঁগৈ”।
মাকৰ ৰুমৰ দুৱাৰমুখৰ পৰা শ্যামনাথে ভিতৰলৈ ভুমুকিয়ালে।মাকে এখন ঠেক খাটিয়াৰ ওপৰত বহি মন্ত্ৰ জপ কৰি আছিল।পুৱাৰে পৰা চলি থকা যা যোগাৰবোৰ দেখি মাকৰ মনটো কিয় জানো দুৰু দুৰুকৈ কপি উঠিছিল।আজি শ্যাম বোপাৰ অফিচৰ বৰচাহাব আহিব। হে প্রভূ!সকলো সুকলমে পাৰ কৰি নিয়া যেন!
“মাঁ! তুমি আজি সোনকালে খাই বৈ আজৰি হ’বা দেই”, শ্যামনাথে মাকৰ পিনে চাই ক’লে।
মাকে মুৰৰ ওৰণিখন আতৰাই পুতেকলৈ চাই লাহেকৈ ক’লে, “মই আজি একো নাখাওঁ শ্যাম! তইতো জানই ঘৰত মাছ মাংস ৰান্ধিলে মই একো মুখত নিদিওঁ”।
“নোখোৱা যদি নালাগে বাৰু।আৰু এটা কথা।তুমি মানুহৰ আগত ওলালে অসুবিধা পাবা।গতিকে আলহীসকলে খাই বৈ অতোৱালৈকে তোমাৰ ৰুমৰ ওচৰৰ বাৰান্দাখনতে বহি থাকিবা। আলহীৰ খোৱা হ’লে মই তোমাক ৰুমত থৈ আহিম”।
মাকে পুতেকলৈ চাই কেৱল মুৰ দুপিয়ালে।
শ্যামনাথে সমস্যাৰ জোৰা মৰাত কিছু সকাহ পালে যদিও সম্পূৰ্ণ আস্বস্ত হ’ব নোৱাৰিলে। যদি বৰচাহাব নাইবা আন কোনোবা অতিথি বাথৰুমলৈ যাব খোজে, তেতিয়াহ’লেতো মাকক নিৰ্ঘাত দেখা পাব! আকৌ তেওঁৰ মনটো বিৰক্তিৰে ভৰি পৰিল।
তেওঁ চকী এখন আনি মাকৰ ৰুমৰ বাহিৰৰ বাৰান্দাখনত ৰাখিলে আৰু মাকক আদেশৰ সুৰতেই ক’লে, “এইপিনে আহাচোন মা!চাওঁ, এই চকীখনতে বহা”।
মাকে গাত লোৱা কাপোৰখন ঠিকঠাক কৰি লাহে লাহে আহি চকীখনত বহি পৰিল।
“এনেকৈ নহয় মা! খাটিয়াত বহাৰ দৰে ভৰি তুলি নবহিবা”, শ্যামনাথে অলপ টানকৈয়ে ক’লে।
মাকে একো নকৈ ভৰিখন নমাই পোন হৈ বহিল।“আৰু ভগৱানৰ দোহাই, শুদা ভৰিৰে যেনিয়ে তেনিয়ে ঘুৰি নুফুৰিবা।তোমাৰ খৰমযোৰ কোনোবা দিনা পেলাব লাগিব”, শ্যামনাথে মুখৰ ভিতৰতে ভোৰভোৰালে।
আজি পিছে তুমি কি পিন্ধিবা মা?
“কি পিন্ধিম ভবাই নাই”, মাকে শুনা নুশুনাকৈ ক’লে।
শ্যামনাথ বৰ পৰিপাটি। ঘৰখনৰ বেছিভাগ সিদ্ধান্ত তেঁৱেই লয়, যেনে, বিচনা ক’ত থাকিব, গজাল ক’ত মাৰিব লাগিব, পৰ্দাৰ ৰঙ কেনেকুৱা হ’ব ইত্যাদি। শ্যামনাথৰ ভয় হৈছিল যে বৰচাহাবে কেনেবাকৈ মাকক দেখিলে বৰ লাজ পাব লাগিব। মাকলৈ চাই শ্যামনাথে ক’লে, “মা, যোৱাচোন, তুমি এযোৰ বগা চালোৱাৰ কামিজ পিন্ধি আহা্গৈ! মই তোমাক কেনে লাগে চাব খোজো”।
“মায়ে আজি কিবা অথন্তৰ ঘটাব যেনহে পাইছো”, শ্যামনাথে পৰিবাৰলৈ চাই ইংৰাজীতে ক’লে। কেতিয়া কি কথা কৈ পেলায়, ঠিক নাই। বৰচাহাবৰ আগত যদি মায়ে যিহকে তিহকে কৈ পেলায়, বৰ লাজৰ কথা হ’ব, লগতে সন্ধিয়াটোও তেনেই পণ্ড
হ’ব।
অলপ পৰৰ পিছত মাকে শুকুলা চালোৱাৰ কামিজ এযোৰ পিন্ধি ওলাই আহিল। চুটি, চাপৰ, সোতোৰা সোতোৰ গাল মুখ আৰু ঘোলা চকুৰ মাকজনীক বগা সাজযোৰেৰে শ্যামনাথে বেয়া নেদেখিলে। মাকৰ সেৰেঙা চুলিখিনি চাদৰখনেৰে ঢাক খাই আছিল।
“তোমাক ভালেই লাগিছে দেখোন!খাৰু দুই এডাল আছে যদি পিন্ধি ল’ব পাৰা”, শ্যামনাথে বেছ উচ্ছাসিতভাবে ক’লে।
“খাৰু মই ক’ৰ পৰা পাম শ্যাম বোপা! তোৰ পঢ়াৰ খৰচ উলিয়াবলৈ মই মোৰ আ-অলঙ্কাৰবোৰ কাহানিবাই বেচি দিলো”।
কথাষাৰে শ্যামনাথক শেলে বিন্ধাদি বিন্ধিলে। তেওঁ ক’লে, “একেটা কথাকে কিমাননো পেঘেনিয়াই থাকা?পিন্ধিবলৈ গহনা নাই যদি তাকে ক’লেই হ্য়।মোৰ পঢ়াৰ লগত সেইটো কথা সাঙুৰিব লাগে কেলেই?যিবোৰ আ-অলঙ্কাৰ বেচিছিলা, তাৰে দেখোন মই নিজকে প্রতিষ্ঠিত কৰিলো। কেতিয়াবা মোক পৰীক্ষাত বেয়া ৰিজাল্ট কৰা দেখিছিলানে? চিন্ত নকৰিবা, মোৰ বাবে যিমান খৰচ কৰিছিলা, তাৰ দুগুন তোমাক উভোতাই দিম, হবনে?”
ছিঃ ছিঃ তেনে কথা নকবি বোপা! তোৰ পৰা মই বাৰু অলঙ্কাৰ লমনে? কথাই কথাই কিবোৰনো কৈ পেলালো জানো! হ’ব দে, কিবা দুই এপদ পাওঁ যদি পিন্ধিম বাৰু”।
ইতিমধ্যে চাৰে ছয়
বাজিলেই। শ্যামনাথৰ গা-পা ধুই কাপোৰ সলাবলৈ আছিলেই।শ্ৰীমতিয়ে কেতিয়াবাই ৰুমত সোমাই প্রসাধন কৰাত লাগি গৈছিল।শ্যামনাথে ৰুমলৈ যোৱাৰ আগতে মাকক কৈ গ’ল, “সদায় বহাৰ দৰে আজি জঠৰ হৈ বহি নাথাকিবা।বৰচাহাব এইপিনে আহিলে তোমাক যদি কিবা সোধে ভালদৰে উত্তৰ দিবা”।
“মই স্কুলৰ মুখকে নেদেখিলো অ’! তেওঁকনো মই কি ক’ম বাৰু?”অসহায়ভাবে শ্যামনাথলৈ চাই মাকে ক’লে।
“তুমি চাহাবক হাউ ডু ইউ ডু বুলি ক’বা আৰু লিখাপঢ়া নাজানো বুলি ক’বা।তেতিয়া চাহাবে তোমাক একো নুসুধিব”।
সাতবজাৰ পৰাই শ্যামনাথৰ মাকৰ মনটো অনামী ভয়ত কপি উঠিল।ইংৰাজবোৰক দূৰত দেখিলেই তেওঁৰ ভয় লাগে।এইজন বৰ চাহাব আকৌ আমেৰিকান। ঈশ্বৰে জানে তেওঁ কি সুধিব!উত্তৰ দিয়াটো দুৰৰে কথা, তেওঁ চাহাবৰ কোনো কথাই বুজি নাপাব দেখোন! চুবুৰীয়া বান্ধবীগৰাকীৰ তালৈ যাবলৈ তেওঁৰ বৰ মন গৈছিল, কিন্তু পুতেকৰ ইচ্ছাৰ বিৰুদ্ধে যায়নো কেনেকৈ? তেওঁ পুতেকে কোৱাৰ দৰে পোন হৈ চকীখনত বহি ল’লে।
অফুৰন্ত পানীয়ৰ যোগান কোনো পাৰ্টিৰ সাফল্যৰ মাপকাঠি বুলি ক’লে কিজানি অত্যুক্তি কৰা ন’হব।শ্যামনাথৰ পাৰ্টিটো সুৰা আৰু শীতল পানীয়ৰ যোগান অব্যাহত ৰুপত চলি থাকিল। কথাৰ মাজে মাজে খালী গিলাচবোৰ পুৰাই থকা হ’ল।বৰচাহাবে হুইস্কীৰ শলাগ লোৱাৰ বিপৰীতে মেমচাহাবে পৰ্দাৰ ৰঙ, চোফাৰ ডিজাইন আৰু ড্ৰইং ৰুমৰ সজোৱা বস্তু আৰু পুষ্পসজ্জাৰ প্রশংসা কৰিলে।সন্ধিয়াটো আগবঢ়াৰ লগে লগে বৰচাহাবৰ ধেমেলীয়া কথা আৰু আমোদজনক কাহিনীৰে পাৰ্টিৰ পৰিবেশ জীপাল হৈ উঠিল। অফিচত কোনেও মাতিবলৈ সাহস নকৰা বৰচাহাবে মদৰ ৰাগীত সকলোৰে সৈতে সহজভাবে কথা বতৰা পাতিলে। মেম চাহাবৰ ক’লা দামী গাউন, মুকুতাৰ হাৰ, সুগন্ধি আতৰ আৰু উগ্র প্রসাধনে ভাৰতীয় মহিলাসকলক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। তেওঁ সকলোৰে সৈতে সহজভাবে কথা বতৰা পাতিছিল আৰু শ্যামনাথৰ পৰিবাৰৰ সৈতে অন্তৰন্গভাবে কথা পাতিছিল।
এনেকৈয়ে সুৰাৰ বন্যা আৰু ফুৰ্ত্তি তামাচাৰ মাজেৰে নিশা চাৰে দহ বাজিল। অৱশেষত আটায়ে গিলাচৰ শেষ পানীয় টুপি গলাঃধকৰণ কৰি নিশাৰ আহাৰ খাবলৈ বাৰান্দাৰ পিনে আগবাঢ়িল। শ্যামনাথে সকলোৰে আগত অভ্যাগতসকলক বাট দেখুৱাই লৈ গ’ল।
বাৰান্দাত ভৰি দিয়েই শ্যামনাথ হঠাৎ থৰ লাগিল। সমুখত যি দেখিলে, মদৰ নিচা তেওঁৰ কেনিবা পলাল।নিজৰ ৰুমৰ বাহিৰৰ বাৰান্দাখনত চকীৰ ওপৰত ভৰি তুলি মাকে কলমটিয়াই আছিল আৰু তেওঁৰ নাকৰ শব্দ স্পষ্টকৈ শুনা গৈছিল।মাজে মাজে তেওঁৰ মুৰটো সমুখলৈ ঢলি পৰিছিল আৰু মুখখন মেল খাই ঘৰ্ঘৰনিৰ শব্দ আৰু বেছি হৈছিল। তেওঁৰ মুৰৰ চাদৰখন খহি পৰাত আধা টপা মুৰটো সম্পূৰ্ণকৈ দেখা গৈছিল।
মাকক তেনে ৰুপত দেখি শ্যামনাথৰ টিঙিচকৈ খং উঠিল। পৰাহ’লে তেওঁ মাকক ৰুমলৈ চোচৰাই লৈ গ’লহেতেন; পিছে সেইটো সম্ভৱ নাছিল, কাৰণ বাকীবোৰৰ সৈতে বৰচাহাব মাকৰ নিচেই ওচৰত থিয় হৈ আছিল।মাকক দেখি প্রায়বোৰ মহিলাই ফিচিঙা ফিচিং কৰিলে। বৰচাহাবে লাহেকৈ ক’লে, “বেচেৰীজনী!”
লগে লগে মাকৰ টোপনি ভাগিল আৰু তেওঁ ঘপহকৈ থিয় হৈ সমুখত ইমানবোৰ মানুহ দেখি তেওঁ ইমান বিতত হৈ পৰিল যে তেওঁৰ মুখৰ মাতেই নোলাল। চাদৰখনেৰে মূৰটো ঢাকি তেওঁ তলমুৰ কৰি থিয় হৈ থাকিল আৰু হাত ভৰিৰ কঁপনি উঠিবলৈ ধৰিলে।
“মা! তুমি শুবলৈ যোৱা।ইমান পৰলৈকে কিয় বাহিৰত আছা? শ্যামনাথে বৰচাহাবলৈ ক্ষমাসূচক ভন্গীৰে চাই পঠিয়ালে।
বৰচাহাবে মিচিকিয়াই হাঁহিলে আৰু থিয় হৈ থকাৰ পৰা হাতযোৰ কৰি ক’লে, নমস্কাৰ!
ইতস্ততঃভাবে মাকে দুয়োহাত তুলি প্রতি নমস্কাৰ জনালে যদিও তেওঁৰ জপকৰা মালাধাৰী লৈ থকা সোঁহাতখন চাদৰৰ তলত থকাত তেওঁ ভালদৰে নমস্কাৰ কৰিব নোৱাৰিলে।
ইপিনে বৰচাহাবে কৰমৰ্দন কৰিবলৈ শ্যামনাথৰ মাকলৈ সোঁহাত্খন আগবঢ়াই দিলে। মাক এইবাৰ বাৰুকৈয়ে বিপাঙত পৰিল।
“মা! চাহাবৰ সৈতে হাত মিলোৱা”।
কেনেকৈনো মিলায় তেওঁ? সোঁহাতখনত যে জপ মালাধাৰী আছে! কিছুপৰ থেৰোগেৰো কৰি মাকে বৰচাহাবলৈ বাওঁহাতখনকে আগবঢ়াই দিলে।শ্যামনাথ ভিতৰি ভিতৰি খঙত অগ্নিশৰ্ম্মা হ’ল। মহিলাসকলে আমোদ পাই মুখ টিপি হাঁহিবলৈ ধৰিলে।
“এনেকৈ নহয় মাঁ! হাত মিলালে সদায় সোঁহাতখন আগবঢ়াব লাগে। তোমাৰ সোঁহাতখন আগবঢ়াই দিয়া”।
ইতিমধ্যে বৰচাহাবে মাকৰ বাওঁহাতখনতে ধৰি ইংৰাজীতে সুধিলে, “আপুনি কেনে আছে?”
মাকে মুখৰ ভিতৰতে কিবা বিৰবিৰালে।
মায়ে ভালে আছো বুলি কৈছে বৰচাহাব! “মা, তুমিও সোধা বৰচাহাবক ভালে আছেনে বুলি”।
মাকে ভয়ে ভয়ে আওৰালে, “হাউ ডু ডু..
কেউফালে হাঁহিৰ ৰোল উঠিল আৰু পৰিস্থিতি লাহে লাহে সহজ হৈ আহিল। শ্যামনাথৰ অস্বস্তি কিছু পৰিমানে হলেও কমিল।
বৰচাহাবে তেতিয়াও মাকৰ হাতখন ধৰিয়েই আছিল আৰু মাকে লাজতে তলমূৰ কৰি আছিল।
শ্যামনাথে ইংৰাজীতে ক’লে, “মোৰ মাৰ ঘৰ তেনেই ভিতৰুৱা গাঁৱত আৰু জীৱনৰ আধা ডোখৰ কাল মায়ে গাঁৱতেই কটাইছে। সেয়ে তেওঁ আপোনাৰ সৈতে সহজ হ’ব পৰা নাই”।
হয় নেকি? মিচিকিয়া হাঁহি মাৰি বৰচাহাবে ক’লে। “মই আকৌ গাঁৱৰ মানুহ বৰ ভাল পাওঁ।তোমাৰ মায়ে নিশ্চয় থলুৱা নাচ, গান অলপ অচৰপ হলেও জানে?”
“মা, চাহাবে তোমাক পুৰণি গান এটা গাবলৈ কৈছে। তুমিতো বহুত গান জানা”।
মাকে অসহায়ভাবে পুতেকৰ মুখলৈ চাই ক’লে, “কেনেকৈ গাম শ্যাম! মোক জানো কেতিয়াবা গান গোৱা শুনিছ?”
ছিঃ মা! আলহীয়ে অনুৰোধ কৰিলে পেলাব নেপায়। বৰচাহাবক দেখিছানে কিমান ফূৰ্ত্তিত আছে? তুমি যদি গান নোগোৱা, চাহাবে কিন্তু বেয়া পাব। আন নহলেও লোকগীত এটাকে গোৱা।“দো পট্টাৰ আনাৰান দে..”
আটায়ে হাততালি দিবলৈ ধৰিলে। মাকে পুতেক আৰু বোৱাৰীয়েকৰ ফালে কৰুণভাবে চাবলৈ ধৰিলে।পিছে বৰচাহাবক সকলো প্রকাৰে সন্তুষ্ট কৰিবলৈ বিচৰা শ্যামনাথৰ মাকৰ মৌন আকূতিৰ প্রতি কোনো কানষাৰেই নাছিল। তেওঁ মাকৰ পিনে চাই অলপ টানকৈয়ে ক’লে, “মাঁ”
বচ, তাৰপিচত মাকৰ আপত্তি কৰাৰ প্রশ্নই নুঠে।দুৰ্ব্বল কপা কপা মাতেৰে মাকে এটা বিয়া নাম আৰম্ভ কৰিলে,
হাৰিয়া নি মায়ে, হাৰিয়া নি ভাইনে
হাৰিয়া তে ভাগী, ভাৰিয়া হেই।
চাৰিওফালে হাঁহিৰ ৰোল উঠিল। বৰচাহাবৰ হাততালি যেন ক্ষান্তই নহব! শ্যামনাথৰ বিৰক্তিৰ ভাৱটোও নিমিষতে আঁতৰ হ’ল। তেওঁৰ মাকে পাৰ্টিটোলৈ নতুন ছন্দ আনিলে।
হাততালি শাম কটাত এইবাৰ বৰচাহাবে শ্যামনাথৰ ফালে চাই সুধিলে, “পঞ্জাৱৰ ভিতৰুৱা গাওঁবোৰ কি ধৰণৰ হাতৰ কামৰ বাবে বিখ্যাত?
“আমাৰ গাওঁবোৰত বহুধৰণৰ হাতৰ কামেই কৰা হয়।মই আপোনাক পিছত উপহাৰ দিম চাহাব”।
মুৰ লৰাই বৰচাহাবে ক’লে, “নাই, নাই, দোকানৰ বস্তু মোক নালাগে। মই মহিলাসকলে হাতেৰে তৈয়াৰ কৰা বস্তুৰ কথা শুধিছো।কি বনাব পাৰে তেওঁলোকে?”
অলপপৰ ভাবি শ্যামনাথে ক’লে, “ছোৱালীবোৰে পুতলা বনায় আৰু মহিলাবোৰে ফুলকাৰি বনায়”।
ফুলকাৰিনো কি?
শ্যামনাথে বুজাবলৈ চেষ্টা কৰি বিফল হি মাকলৈ চাই সুধিলে, “মা, আমাৰ ঘৰত ফুলকাৰিৰ কাম আছে নেকি?”
মাকে ভিতৰলৈ গৈ পুৰণি ফুলকাৰি এখন লৈ আহিল। বৰচাহাবে ৰংচঙীয়া এমব্রয়্ডাৰী কৰা কাপোৰখন মনোযোগেৰে পৰীক্ষা কৰিলে।কাপোৰখন যথেষ্ট পুৰণি আৰু ঠায়ে ঠায়ে সুতাবোৰ চিগি যোৱাৰ উপৰিও কাপোৰখন ফিচিকি গৈছিল।
শ্যামনাথে বৰচাহাবক ভালৰি বোলাবলৈ ক’লে, “এইখন তেনেই পুৰণি চাহাব।মই আপোনাৰ কাৰণে নতুন এখন বনোৱাই দিম।মোৰ মায়েই এখন ফুলকাৰি বনাই দিব পাৰিব।মা!চাহাবে তোমাৰ ফুলকাৰিখন পচন্দ কৰিছে। তুমি তেওঁৰ কাৰণে এখন বনাই দিব নোৱাৰিবানে?”
মাকে কিছুসময় একো উত্তৰ নিদিলে। তাৰপিছত ভয়ে ভয়ে শুনা নুশুনা মাতেৰে ক’লে, “মই আজিকালি নিচেই কম দেখো। এই বুঢ়া বয়সত মই মনিমেই বা কেনেকৈ!”
মাকক আৰু কবলৈ নিদি শ্যামনাথে বৰচাহাবক ক’লে, “মায়ে আপোনাৰ মন খোৱাকৈ এখন ফুলকাৰি নিশ্চয় বনাই দিব”।
চাহাবে ধন্যবাদ দি থৰক বৰক খোজেৰে খোৱা টেবুলৰ ফালে আগবাঢ়িল।
আটায়ে যেতিয়া খাবলৈ আৰম্ভ কৰিলে, বৃদ্ধা মাক লাহে লাহে থিয় হ’ল আৰু নিজৰ ৰুমত সোমাল। বিচনাত বহাৰ লগে লগে তেওঁৰ ধাৰাষাৰ চকুপানী ববলৈ ধৰিলে, যেন বহুবছৰ ভেটা দি ৰখা বান্ধহে খোল খালে। তেওঁ চকুলো টুকি টুকি কৰযোৰে ভগৱানৰ ওচৰত পুতেকৰ দীৰ্ঘায়ু কামনা কৰিলে।
মাজনিশা এজন এজনকৈ সকলোৱে বিদায় ল’লে। মাক বেৰত আউজি বহিয়েই থাকিল। পাকঘৰৰ পৰা অহা বাচন বৰ্ত্তন ধোৱাৰ ঠুং ঠাং শব্দৰ বাহিৰে ঘৰখন নিমাত নিতাল হৈ পৰিল। মাকৰ চকুহাল মুদ খাই আহিছিল।পিছে দুৱাৰত টোকোৰ পৰাত তেওঁ পুনৰ উঠি বহিল আৰু দুৱাৰখন খুলিবলৈ আগবাঢ়িল।
“মা! দুৱাৰ খোলাচোন!” শ্যামনাথৰ যেন ৰবলৈ ধৈৰ্য্যই নাই।
মাকৰ দুখবোৰ আকৌ উথলি উঠিল।তেওঁ বাৰু আৰু কিবা ভূল কৰিলে নেকি? তেওঁ নিজকে দোষাৰোপ কৰিয়েই আহৰি পোৱা নাই। কেলেই বাৰু তেওঁক মৰ টোপনিয়ে পাইছিল সেই সময়ত? পুতেকে বাৰু তেওঁক এতিয়ালৈকে ক্ষমা কৰা নাই নেকি?কঁপা কঁপা হাতেৰে তেওঁ দৰজাখন খুলি দিলে।
“অ’মা!
তুমি আজি বৰচাহাবৰ সৈতে ইমান সুন্দৰ ব্যৱহাৰ কৰিলা! চাহাবে খুব ভাল পাইছে। মোৰ কিমান ভাল লাগিছে তোমাক বুজাব নোৱাৰো মা!” ৰুমত সোমায়েই শ্যামনাথে মাকক সাৱটি ধৰি ক’লে।
মাকে চকুপানী মচি এটা দীঘল্ হুমুনিয়াহ এৰি ক’লে, “ মোক হৰিদ্বাৰলৈ পঠাই দে বোপা! বহুতদিনৰ পৰা তালৈ যাবলৈ মোৰ হাবিয়াস থকাৰ কথা তইতো জানই!”
শ্যামনাথে মাকৰ চকুলৈ চাই ভুৰু কোচাই সুধিলে, “তুমি সকলোৰে আগত মোক অপদস্থ কৰিব খোজা নেকি মা? সকলোৱে ক’ব শ্যামনাথে নিজৰ মাকজনীকো নিজৰ লগত ৰাখিব নোৱাৰিলে”।
“তেনেকৈ নকবি বোপা! এতিয়া তই নিজৰ ইচ্ছামতে বোৱাৰীৰ লগত থাকিব পাৰিবি।ভাল কাপোৰ কানি, খোৱাবস্তুৰ প্রতি মোৰ আৰু কোনো হাবিয়াস নাই। এতিয়া মই কেৱল ঈশ্বৰৰ নাম ল’ব খোজো।তই মোক হৰিদ্বাৰলৈ পঠাই দে”।
“তুমি গুচি গ’লে চাহাবক ফুলকাৰিখন কোনে চিলাই দিব? চাহাবক এখন ফুলকাৰি বনাই দিম বুলি অথনি দেখোন তোমাৰ সন্মুখতে কথা দিছিলো”।
“ফুলকাৰি চিলাবলৈ মই যে চকুৰে একোকে নমনো। তই আন কাৰোবাৰ হতুৱাই বনাই দে, নহলে দোকানৰ পৰাই এখন কিনি দে”।
“মা! তুমি মোক এনেদৰে অঠাই সাগৰত পেলাই গুচি যাবানে? মোৰ ভৱিষ্যতটো নষ্ট কৰিব খোজা নেকি তুমি? জানানে, চাহাব সন্তুষ্ট থাকিলে মোৰ প্রমোচনৰ পথটোও সুচল হ’ব?”
অলপপৰ তলমুৰ কৰি থাকি মাকে শ্যামনাথৰ পিনে চাই ক’লে, “সচাকৈয়ে তোক প্রমোচন দিবনে?চাহাবে তোক এই বিষয়ে কিবা কৈছেনে বোপা?”
“এতিয়ালৈকে চাহাবে একো কোৱা নাই কিন্তু তুমি জানো আজি দেখা নাছিলা তেওঁ কিমান ফূৰ্ত্তিত আছিল? চাহাবে মোক কৈছে তুমি ফুলকাৰি বনাবলৈ আৰম্ভ কৰিলে তেওঁ এদিন চাবলৈ আহিব। চাহাবে ভাল পালে মই ভাল চাকৰি এটা পোৱাটো সুবিধা হ’ব”।
লাহে লাহে মাকৰ মুখৰ ৰঙ সলনি হৈ এক প্রশান্ত আভা মুখমণ্ডলত বিয়পি পৰিল আৰু নিস্তেজ চকুহাল যেন খন্তেকৰ কাৰণে হ’লেও তিৰবিৰাই উঠিল।
তাৰমানে চাহাবে তোক প্রমোচন দিব?
“প্রমোচন এনেয়ে নহয় মাঁ! মই যদি চাহাবক সন্তুষ্ট ৰাখো, তেনেহ’লে চাহাবে নিশ্চয় মোৰ বাবে কিবা এটা কৰিব পাৰে। নহলেতো চাহাবক তোষামোদ কৰিব পৰা লোকৰ অভাৱ
নাই”।
তেনেহ’লে মই ফুলকাৰিখন বনাম বোপা। যেনেকৈয়ে হওঁক কামটো কৰিবই লাগিব। মাক আকৌ পুতেকৰ উজ্জল ভৱিষ্যতৰ চিন্তাত মগ্ন হ’ল। ইপিনে, শ্যামনাথে থৰক বৰক খোজেৰে দুৱাৰৰ পিনে আগবাঢ়িল আৰু নিচাগ্রস্থভাবে মাকক ক’লে, “বহুৰাতি হ’ল মা, এতিয়া তুমি শুই থাকা”।
0 Comments