ওমানৰ সাধুকথাঃ ‘আবু থেইল’ৰ কাহিনী

আবু থেইল’ৰ কাহিনী

অনুবাদ : পংকজ কুমাৰ নেওগ



বহু বছৰৰ আগেয়ে ওমানৰ ধফাৰ আৰু সংলগ্ন বৃহত্তৰ য়েমেনৰ কিছু বিস্তীৰ্ণ অঞ্চলত মহাৰাণী শ্বেবাই ৰাজ্য শাসন কৰাৰ পূৰ্বে ৰাশিদ নামৰ এজন কৃযক আছিল। ৰাশিদ আছিল গণ্ডপ মাৰি ফুৰা এজন ফোঁপযহী মানুহ; ডেকা কালৰ কীৰ্তি-কাহিনী, নিজৰ ঘৰ-বাৰী বা সা-সম্পত্তি আৰু একমাত্ৰ জীয়ৰীৰ গুণানুকীৰ্তন আদি লোকৰ আগত বখানিয়েই সময়বোৰ কটাইছিল। সমগ্ৰ ৰাজ্যত মোৰ জীয়ৰীৰ দৰে কোনো সুন্দৰী নাই - কুঁৱলিয়ে আৱৰি থোৱা দূৰৈৰ পাহাৰ বোৰৰ দৰেই তাইৰ চকুৰ ৰং সেউজীয়া আৰু কুঁৱলিৰ পাতল চাদৰখনৰ দৰেই তাইৰ শৰীৰৰ ৰং। বেলিটোৰ ৰঙা আভাৰ দৰেই তাইৰ চুলিটাৰি চিকমিকীয়া। সৰগৰ পৰীসকলো মোৰ জীয়ৰী ফাতিমাৰ সৌন্দৰ্যত ইৰ্ষিত। তাইৰ বিবাহত তাই পৃথিৱীৰ সকলো সোণ-ৰূপৰ উপঢৌকন লাভ কৰাৰ যোগ্যা!

এদিন সন্ধিয়া কেইজনমান বাটৰুৱা আহি ৰাশিদৰ ঘৰত উপস্থিত হল। সন্ধিয়াৰ অতিথি সাক্ষাত দামোদৰ জ্ঞান কৰি ৰাশিদে তেওঁলোকৰ আদৰ সত্কাৰত ব্যস্ত হল কিন্তু নিজৰ কথাবোৰো যহাবলৈ নাপাহৰিলে। বাটৰুৱা সকল প্ৰকৃততে আছিল ৰজাৰ পাৰিষদ; তেওঁলোকে ৰজাৰ আদেশত এটা বিশেষ উট বিচাৰি ৰাশিদহঁত থকা চহৰখন আহি পাইছেহি। পিছদিনা পুৱা তেওঁলোকে উটটো ক্ৰয় কৰি ৰাজধানীলৈ উভতিব। ৰজাই বিচৰা উটটো হেনো বিশ্বৰ ভিতৰতে উত্কৃষ্ট সঁচৰ আৰু দ্ৰুততম প্ৰাণী। কথাবোৰ শুনি ৰাশিদে মাত লগালে – “কিন্তু মহাৰাজৰ ৰাজ্যত মোৰ জীয়ৰী ফাতিমাৰ দৰে উট বা ঘোঁৰাকো দৌৰত চেৰ পেলাব পৰা ক্ষিপ্ৰবেগী কোনোবা মহিলা আছে জানো? মোৰ জীয়ৰীৰ ভৰিৰ খোজ বতাহৰ দৰেই পাতল আৰু পলকতে চকুৰে নমনোতেই দৌৰি গন্তব্যস্থান পাবগৈ পাৰে!সৌন্দৰ্যৰ ৰাণীৰ উপৰি ৰাশিদে এইবাৰ ফাতিমাক দৌৰ সম্ৰাজ্ঞী বুলি যহাবলৈকো পিছ নুহোঁহোকিল! ৰাটৰুৱা সকলে বহুবল্কী ৰাশিদৰ কথাবোৰ শুনিলে যদিও তিলমানো বিশ্বাস নকৰিলে। পিছদিনা পুৱা বিদায় লৈ পাৰিষদসকল উভতিল।

নতুনকৈ ক্ৰয় কৰি লৈ যোৱা উটটো লভি ৰজা বৰ সন্তুষ্ট হল কিন্তু অহুকাণে পহুকাণে ৰাশিদে নিজৰ জীয়ৰীৰ বিষয়ে কোৱা কথাবোৰ তেওঁৰ কাণত পৰিলগৈ। ৰজা খঙত অগ্নিশৰ্মা হৈ ৰাশিদৰ ঘৰত থাকি অহা পাৰিযদ সকলক সুধিলে – “তোমালোকে এই খেতিয়কজনৰ জীয়ৰীক দেখিছিলানে?” সকলোৱে নাই দেখা বুলি মূৰ জোকাৰিলে। মানুহজন নিশ্চয় মিছলীয়া বা অঁকৰা; যোৱা, এতিয়াই বাপেক-জীয়েকক মোৰ ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰা। মই নিজে তেওঁলোকক সোধা-পুছা কৰিম। জীয়েক ষদি সঁচাকৈয়ে ইমান ৰূপৱতী আৰু গুণী, মই তেওঁক বিবাহ কৰিবলৈ ইচছুক।ৰজাৰ টেকেলা গৈ ৰাশিদৰ ঘৰ পালেগৈ আৰু তেওঁলোকক ৰজাৰ আদেশ শুনালে। বাতৰি পাই ৰাশিদৰ ৰঙৰ পাৰ নোহোৱা হল আৰু ফাতিমাক লগত লৈ শীঘ্ৰে ৰাজসভালৈ যাত্ৰা কৰিলে। ফাতিমাক দেখা পাই ৰজা মুগ্ধ হসঁচাকৈয়ে ফাতিমা আছিল অনিন্দ্যসুন্দৰী, তাইৰ শৰীৰৰ কান্তিয়েই চাবা নে হৰিণীৰ দৰে চকুযোৰেই চাবা! চুলিটাৰিও আছিল দক্ষিণৰ পাহাৰৰ দাঁতিত বাস কৰা আৰৱ মহিলা সকলৰ দৰে পাতল ৰঙচুৱা। ৰজাৰ মন বৰ্তমানলৈ উভতি আহিল; ফাতিমা অকল সুন্দৰী ৰাণী হৈ ৰাজপৰিয়ালৰ বংশ বৃদ্ধি কৰিলেইতো নহ, দেউতাকে যহাই থোৱা কথাবোৰৰো সত্যতা তাই প্ৰমাণ কৰিব লাগিব। ৰজাই এইবাৰ ৰাশিদক কলে – “তোমাৰ জীয়ৰীয়ে কাইলৈ বেলি পৰাৰ সময়ত মই অলপতে কিনি অনা উটটোৰ সৈতে দৌৰ প্ৰতিযোগিতাত ভাগ ল; তেওঁ যদি সঁচাকৈয়ে দৌৰত বিজয়ী হয় মই তেওঁক ৰাজৰাণী পাতিম কিন্তু যদিহে পৰাজিত হয় তেনেহলে মিছা কথা কৈ ফুৰাৰ বাবে প্ৰথমে তোমাৰ জিভা কটা যাব আৰু তাৰ পিছত প্ৰাণদণ্ড বিহিম।ওচৰত কিংকৰ্তব্যবিমূঢ় হৈ ৰৈ থকা ফাতিমাৰ সন্মুখেদিয়েই দেউতাকক ৰজাৰ চিপাহীবোৰে ধৰি-বান্ধি কাৰাগাৰলৈ লৈ গল। এইবাৰ ৰজাই ফাতিমাক সুধিলে – “হে সুন্দৰী, তুমি তোমাৰ পিতৃৰ কথা ৰাখি কাইলৈ দৌৰিবলৈ সাজু নে?” কি কৰিব, কি নকৰিব ভাবি নাপাই ফাতিমাই মূৰ জোকাৰি সন্মতি জনালে। তোমাক গোটেই নিশাটো সময় দিছোঁ; তুমি যদি ভাবা যে তোমাৰ পিতৃয়ে আসৈ মাতিছে আৰু তোমাৰ দৌৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ ইচ্ছা নাই, যি কোনো সময়ত ৰাজহাউলীৰ পৰা তুমি ঘৰলৈ উভতি যাব পাৰা। তোমাৰ বাবে ৰাজদ্বাৰ সকলো সময়তে খোলা থাকিব কিন্তু এজন ৰজাক তেওঁৰ পাৰিষদসকলৰ আগত লঘু কৰাৰ দোষত তোমাৰ দেউতাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম” – এইবুলি ৰজাই ফাতিমাৰ পৰা বিদায় ললে।

দুখত ভাঙ্গি পৰি আৰু কান্দি কান্দি ফাতিমা ৰাজপ্ৰাসাদৰ পৰা ওলাই গৈ সাগৰৰ পাৰত থকা পাহাৰ এটাৰ টিঙত উঠিল। তাই ওপৰৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ লবলৈ সাজু হল কিন্তু পিছ মুহূৰ্তত দেউতাকৰ কথা মনত পৰি দুৰ্বল হৈ পৰিল। মানুহজন মিছলীয়া বা ফোঁপযহী হলেও হাজাৰ হওক নিজৰ পিতৃ; মাতৃহীনা ফাতিমাক তেৱেঁই মৰমেৰে লালন-পালন কৰি ডাঙৰ-দীঘল কৰিলে। এতিয়া কোন সতেৰে ফাতিমাই বাপেকক আওমৰণে মৰিবলৈ দিয়ে! পিন্ধি থকা সোণৰ অলংকাৰবোৰ এপদ এপদকৈ সাগৰলৈ দলিয়াই ফাতিমাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে – “কোন কত আছা, দয়া কৰি মোৰ দেউতাক কাইলৈ মৃত্যুমুখৰ পৰা বচোৱা; বিনিময়ত মই যি কোনো বস্তুৱেই দিবলৈ সাজু আছোঁ। মই যদি ৰাজৰাণী হব পাৰোঁ, ধন-সোণ, মণি-মুকুতা আদি সকলোৰে ওপচাই মই সহায়কাৰী গৰাকীক পুৰস্কৃত কৰিম।” “সঁচাকৈয়ে তই যিকোনো বস্তু পুৰস্কাৰ দিবলৈ সাজু নে?” এটা নাকীসুৰীয়া মাইকী মানুহৰ মাত শুনি ফাতিমাই ঘূৰি চালে তাইৰ কিছু আঁতৰত ডাইনী এজনী ৰৈ আছিল। ডাইনীজনীৰ মুহূৰ্ত্তে মুহূৰ্ত্তে ৰূপ সলনি হয়। কোনোবা এটা মুহূৰ্তত ভমকাফুলীয়া ব্লাউজ আৰু নীলা ৰঙৰ চামৰাৰ স্কাৰ্টৰ ওপৰত কড়িৰ পেটি পিন্ধি থকা অপৰূপা এগৰাকী গাভৰু আৰু পিছমুহূৰ্তত গলিত নখ-দন্ত এগৰাকী বিকৃত আৰু কুত্সিত মহিলা! পুনৰ কিছু সময় চাই থাকিলে ভাৱ হয় তাই যেন সঁচাকৈয়ে লাস্যময়ী আৰু চিৰযৌৱনা! ভয়তে ফাতিমা দুখোজ পিছুৱাই গল আৰু সেপ ঢুকি কলে – “হয়, যি কোনো পুৰস্কাৰ দিবলৈ মই সাজু কিন্তু তুমি মোক কেনেকৈ সহায় কৰিবা?” “শুন ছোৱালী, মই মোৰ যাদু বিদ্যাৰে তোক সহায় কৰিব পাৰোঁ কিন্তু তই মোক এটা কথা দিব লাগিব।ফাতিমাৰ মনত ভয় আৰু আশা দুয়োটাৰে সঞ্চাৰ হল। ফাতিমাই কলে – “তুমি যি বিচাৰা তাকে দিবলৈ মই প্ৰতিজ্ঞাবদ্ধ, মোৰ কোনো গত্যন্তৰ নাই!” “তেনেহলে শুন ছোৱালী, মোক এনে এটা বস্তু লাগে যিটো মই মোৰ যাদুবিদ্যাৰেও সৃষ্টি কৰিবলৈ অপাৰগ! মোক কথা দে তই তোৰ প্ৰথম সন্তানটো মোক দান দিবি!ফাতিমা লগে লগে ৰাজী হ; ডাইনীজনীয়ে কিয় তাইৰ প্ৰথম সন্তানটি বিচাৰিছিল তাই নাজানে কিন্তু সেই মুহূৰ্তত নিজৰ লৰা-ছোৱালী ইত্যাদিৰ কথা ভবাতো দূৰৈৰ কথা পিছদিনা কেনেকৈনো দেউতাকক মৃত্যুমুখৰ পৰা বচাব পাৰে সেই চিন্তাইহে ফাতিমাক খুলি খুলি খাইছিল। তোৰ জোতাযোৰ মোক অলপ সময়ৰ বাবে দেছোনএইবুলি কোৱাত ফাতিমাই পিন্ধি থকা জোতাযোৰ ডাইনীজনীক গতালে। এই জোতাযোৰ মই যাদুকৰী বিদ্যাৰে কমোৱা তুলাৰ দৰে পাতল কৰি দিম আৰু তই পিন্ধাৰ লগে লগে বিদ্যুততকৈয়ো বেগেৰে দৌৰি চকুৰ পলকতে অদৃশ্য হৈ যাব পাৰিবি! মোৰ বাহিৰে অইন কোনো প্ৰাণীয়ে তোক দৌৰত চেৰ পেলাব নোৱাৰে। এতিয়া জোতাযোৰ নিপিন্ধাকৈ ভালকৈ ঘৰলৈ লৈ যা আৰু কাইলৈ বেলি লহিওৱাৰ পৰত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগেহে পিন্ধি লবি। কিন্তু সাৱধান, মোক দিয়া কথাটো কেতিয়াও নাপাহৰ যেন!

ফাতিমাই যাদুকৰী জোতাযোৰ বুকুত সাৱটি লৈ পুনৰ ৰাজকাৰেঙলৈ উভতিল। ৰজাই তাইক আকৌ উভতি যোৱা দেখি আচৰিত হল কিন্তু গোটেই দিনটো কাৰো সৈতে এটাও কথা নাপাতি ফাতিমা কোঠা এটাত সোমাই থাকিল। আবেলি বেলি অস্ত যোৱাৰ কিছু আগেয়ে আকাশখন আৰক্তিম হৈ পৰা সময়ত দৌৰ প্ৰতিযোগিতাখন চাবলৈ ৰজা, ফাতিমাৰ দেউতাক আৰু অন্যান্য সভাসদসকল গোট খালে। ফাতিমা আৰু ৰজাৰ মৰমৰ উট দুয়ো দৌৰিবলৈ সাজু হল। সঙ্কেত ধ্বনি শুনাৰ লগে লগে উটটোৱে ধূলি উৰুৱাই ভীমবেগে ছুটি মেলিলে। সকলোকে আচৰিত কৰি ফাতিমাওটোপা কাঁড় এডালৰ দৰে আগবাঢ়িল। ধূলি মাৰ যোৱাৰ পছত দেখা গল যে ফাতিমাই অনায়াসে উটটোক চেৰ পেলাই দৌৰত বিজয়ী হৈছে। ফাতিমাৰ দেউতাক ৰাশিদ বিস্ময়ত হতবাক হ; মনে মনে প্ৰতিজ্ঞা কৰিলে যে তেওঁ কেতিয়াও আৰু জীয়েকৰ বিষয়ে সঁচা-মিছা কথাবোৰ কাকো আৰু কতো কৈ নুফুৰে। এটা সময়ত ফাতিমাই দেউতাকক কেনেকৈ ডাইনী এজনীৰ সহায়ত তাই বিজয়ী হবলৈ সক্ষম হল কথাবোৰ ভাঙি-পাতি কলে। কথাবোৰ শুনি ৰাশিদৰ অন্তৰাত্মা কঁপি উঠিল। ৰজা নিজেও ফাতিমাৰ দৰে সুকোমল ছোৱালী এগৰাকীৰ পাৰ্গতালি দেখি তবধ মানিলে আৰু পূৰ্বে দিয়া কথা অনুসৰি তাইক বিবাহ কৰিবলৈ সাজু হল। দেউতাকৰ জীৱন ৰক্ষা পৰা বুলি জানি ফাতিমাৰ মুখলৈ পানী আহিল; ফাতিমাই ৰজাক শপত খুৱালে যে ৰজাই যেন তাইৰ পাৰ্গতালিৰ কথা বা গুণানুকীৰ্তন কাৰো আগত প্ৰচাৰ কৰি নুফুৰে। মহা ধুমধামেৰে ফাতিমা আৰু ৰজাৰ শুভবিবাহ সম্পন্ন হৈ গল।

ৰজা আৰু ৰাণী দুয়ো সুখেৰে দিন কটাবলৈ ধৰিলে। ফাতিমাই ডাইনীজনীৰ কথা লাহে লাহে পাহৰি গৈছিল। এটা সময়ত ফাতিমা যেতিয়া সন্তানসম্ভৱা হল তেতিয়া তাইৰ ডাইনীজনীৰ কথাবোৰ আকৌ মনত পৰি গাটো জিকাৰ খাই উঠিল। ফাতিমাই ৰজাৰ চন্তৰীবোৰৰ হতুৱাই চাৰিওফালে ডাইনীজনীৰ খবৰ কৰালে যদিও একো সূংসূত্ৰ বিচাৰি নাপালে। সময়ত ফাতিমাৰ এজনী মৰমলগা কন্যা ওপজিল। ৰজা-ৰাণী দুয়ো অপত্য স্নেহত বুৰ গল। একলা-দুকলাকৈ কেঁচুৱা সন্তানজনী ডাঙৰ হৈ আহিবলৈ ধৰিলে। এদিন নিশা ৰজা আৰু ৰাণী দুয়ো দেহলাওজনীক তেওঁলোকৰ মাজত লৈ শুই থাকোঁতে ৰজাই হঠাতে শব্দ এটা শুনা পালে। সাৰ পাই ৰজাই সন্মুখত দেখে এজনী কুত্সিত আলৰ বুঢ়ী ডাইনী! কি সাহসত আমাৰ কোঠাত প্ৰৱেশ কৰিছ ডাইনী বুঢ়ী” – এইবুলি শেতেলিৰ মূৰত থোৱা তৰোৱালখন খাপৰ পৰা উলিয়াই ৰজাই ডাইনীজনীক খেদি গল। যাদুকৰী ডাইনীৰ যাদুত তৰোৱালখন অঙঠাৰ দৰে ৰঙা আৰু গৰম হৈ ৰজাৰ হাতৰ পৰা সৰি পৰিল। ডাইনীয়ে মাত দিলে – “মহাৰাজ, আপোনাৰ পত্নীয়ে তেওঁৰ প্ৰথম সন্তানটি মোক দান দিব বুলি শপত খাইছিল, এতিয়া মই কেঁচুৱাটি নিবলৈ আহিছোঁ।কথাষাৰ কৈয়েই ডাইনীজনীয়ে শুই থকা কেঁচুৱাটিৰ পিনে হাত আগবঢ়ালে। ইতিমধ্যে ৰাণীয়ে শেতেলিৰ পৰা উঠি ডাইনীজনীৰ যাদুকৰী জোতাযোৰ পিন্ধি লৈছিল। ডাইনীয়ে কেঁচুৱাটোৰ গাত হাত দিব পোৱাৰ আগেয়েই ৰাণীয়ে সন্তানটো লৈ কোঠাটোৰ পৰা ওলাই যাবলৈ উদ্যত হল। ডাইনীজনীৰ সৈতে হোৱা জোঁটা-পুটিত ৰাণীয়ে ডাইনীজনীৰ পোছাকৰ ওপৰত পিন্ধা চামৰাৰ বহিৰ্বাসটোও আঁজুৰি চিঙি লৈ গল। ৰজাই অবাক হৈ চাই থাকোঁতে ডাইনীয়েও ৰাণীক পিছে পিছে খেদি বাহিৰ পালেগৈ। যাদুকৰী জোতাযোৰেৰে দৌৰি ৰাণী পলকতে সাগৰৰ ওচৰৰ পাহাৰটোৰ টিং পালেগৈ। পিছে পিছে খেদি অহা ডাইনীজনীৰ মাত ৰাণীয়ে স্পষ্টকৈ শুনা পালে – “হেৰৌ মুৰ্খ ছোৱালী, মোৰেই যাদুকৰী জোতা পিন্ধি মোকেই চেৰ পেলাবলৈ আহিছ? এইয়া চা, এতিয়াৰে পৰা তোৰ জোতাযোৰৰ কোনো যাদুকৰী গুণ নাথাকে! তই জোতাযোৰ খুলিও পেলাব নোৱাৰিবি আৰু যলৈকে যাৱ বা যতে লুকাই থাক মই মোৰ যাদুকৰী শক্তিৰে তোৰ ভৰিৰ খোজবোৰ দেখা পাম।চকুৰ পচাৰতে ৰাণীৰ জোতাযোৰৰ পৰা যাদুকৰী শক্তি নোহোৱা হল। ৰাণীয়ে কেঁচুৱাজনী কোলাত লৈ যিমানে পলাই সাৰিব খোজে বালিত জোতাযোৰৰ চিন চাই চাই ডাইনীজনী সিমানে ৰাণীৰ ওচৰ চাপিবলৈ ধৰিলে। আলৰ বৃদ্ধা ডাইনীজনী দৰাচলতে অতিশয় দুৰ্বল হৈ পৰিছিল। তাই নিজে কিমান আৰু ৰাণীৰ পিছে পিছে দৌৰি ফুৰিব? ডাইনীজনীয়ে নিজৰ ভুৱন-মোহিনী ৰূপ দেখুৱাই ইতিমধ্যে চহৰখনৰ প্ৰায়বোৰ ডেকা লৰাৰে মন মুহি থৈছিল। এতিয়া তাইৰ পাণিপ্ৰাৰ্থী সকলোবোৰ ডেকাকে তাই যাদুৰে বশ কৰি ৰাণীক ধৰি আনিবলৈ আদেশ দিলে। ডেকাসকলে ধনু-কাড় লৈ পহু চিকাৰ কৰিবলৈ ওলোৱাৰ দৰে ৰাণীক চিকাৰ কৰিবলৈ ওলাল। ৰাণীয়ে মৰুভূমিৰ যিখিনি ঠাইত ভৰি দিয়ে বা ষি ফালে দৌৰে প্ৰত্যেকটো খোজতে একুৰা জুই জ্বলি উঠা যেন প্ৰতীয়মান হল।

ইতিমধ্যে ৰজাই ৰাশিদৰ মুখেৰে ৰাণী আৰু ডাইনীৰ মাজত বিয়াৰ আগেয়ে হোৱা সকলোবোৰ কথা গম পালে। ৰাণী আৰু ৰাজকন্যাক উদ্ধাৰ কৰিবলৈ দুয়ো ডাইনীৰ পাণিপ্ৰাৰ্থীৰ ভাও ধৰি ৰাণীক বিচাৰিবলৈ আৰম্ভ কৰিলে। কোনোবা এপাকত ৰজাই ৰাণীক লগ পাই ওচৰৰে জোপোহা এটাৰ কাষত লুকাই থকা দেউতাক ৰাশিদৰ ওচৰলৈ লৈ গ; ডাইনীৰ পৰা আঁজুৰি চিঙি লৈ অনা চামৰাৰ বহিৰ্বাসটো ফালি ৰাশিদে ৰাণীৰ মখমলৰ সাজযোৰৰ পিচফালে মাটিত চুঁচৰি যোৱাকৈ চিলাই দিলে। ৰাণীক বিচাৰি চিকাৰ কৰি ফুৰা চিকাৰী কেইজনে মাত্ৰ ৰাণীৰ জোতাৰ খোজবোৰহে দেখা পাইছিল। গধুৰ চামৰাৰ পোছাকটোৱে এতিয়া ৰাণী যিফালে যায় সেইফালে ভৰিৰ খোজবোৰ মছি থৈ যাবলৈ ধৰাত ডাইনীৰ পাণিপ্ৰাৰ্থী ডেকাসকল বিপাঙত পৰিল! ৰাণীৰ পদচিহ্ন দেখা নাপাই সিহঁতে তেওঁৰ অৱস্থিতি নিৰ্ণয় কৰিব নোৱাৰা হল আৰু এটা সময়ত সকলোবোৰ ডাইনীজনীৰ ওচৰলৈ বিফল মনোৰথ হৈ উভতিল। দূৰৈৰ পৰা ডাইনীজনীয়ে সকলোবোৰ কথা-কাণ্ড লক্ষ্য কৰি আছিল কিন্তু তেতিয়া তাইৰ মূমূৰ্ষু অৱস্থা, নিজে একো কৰিব পৰা অৱস্থাত নাই। খঙৰ ভমকত ডাইনী জনীয়ে চিঞৰি চিঞৰি সকলো পুৰুষকে শাওপাত দিবলৈ ধৰিলে – “আবু থেইল, আবু থেইল! (হে দীঘল বস্ত্ৰধাৰী মহিলাৰ পিতৃসকল )! আজি তহঁতক সঁচাকৈয়ে মই শাওপাত দিছোঁ; যদিও তহঁতে নিজৰ জীয়ৰীহঁতৰৰ নাম গোপনে ৰাখি সিহঁতৰ মুখমণ্ডল সদায় পৰচক্ষুৰ পৰা আবৃত কৰি ৰাখিবি, বদমাছ লোকসকলে কিন্তু সদায় জীয়ৰীহঁতৰ পিছে পিছে সিহঁতৰ ভৰিৰ খোজৰ সন্ধানত ঘূৰি ফুৰিব!ইয়াকে কৈ ডাইনীজনীৰ মৃত্যু হল।

ৰজা আৰু ৰাণী দুয়ো জীয়েকক লৈ নিৰাপদে ৰাজ্যলৈ উভতি আহিল। তেওঁলোকৰ কেইবাটাও সতি সন্ততি জন্ম হল আৰু অসংখ্য নাতি-পুতিৰে বংশৰো বিস্তাৰ ঘটিল কিন্তু ৰজা বা তেওঁৰ বংশধৰ সকলে তেতিয়াৰ পৰা পৰিয়ালৰ মহিলাসকলক লৈ গৌৰৱ কৰা বা কোনো ধৰণৰ অতিৰঞ্জিত কথা আলোচনা কৰাৰ অভ্যাস ত্যাগ কৰিলে। যাদুকৰী ডাইনীৰ যাদুৰ প্ৰভাৱ এতিয়া নাইকিয়া হলনে নাই কোনেও নাজানে কিন্তু আজিও ওমানৰ ধফাৰ, য়েমেনৰ কিয়দংশ আৰু চৌদি আৰৱৰ দক্ষিণ প্ৰান্তৰৰ মহিলা সকলে দীঘল নেজ থকা আৰু মাটিত চুচঁৰি পৰা পোছাক পৰিধান কৰে যাতে তেওঁলোকে খোজ কাঢ়ি যোৱা ঠাইৰ ওপৰেদি খোজৰ কোনো চিহ্ন ৰৈ নাযায়!

 

টোকাঃ (আবু-থেইল: দক্ষিণ ওমানৰ ধফাৰ অঞ্চলৰ মহিলা সকলে আবু-থেইল নামৰ এজোৰ ঢিলা সাজ পিন্ধে। সাজযোৰ সন্মুখত আঁঠুলৈকেকিন্তু পিছফালে দীঘলকৈ মাটিত চুচঁৰি পৰা। আবু-থেইলবোৰ সাধাৰণতে মখমল কাপোৰেৰে নিৰ্মিত আৰু নানা ধৰণৰ এমব্ৰইদাৰী আৰু মণিৰে কাৰুকাৰ্য কৰা। আল্-চুৰৱাল্ নামৰ এবিধ পায়জামাৰ সৈতে সাধাৰণতে আবু-থেইল পৰিধান কৰি শৰীৰৰ উৰ্ধাংশ ঢাকি ধৰাকৈ শিৰত এখন ডাঙৰ ওৰণিসদৃশ বস্ত্ৰ্ৰ পিন্ধা হয়। য়েমেনৰ ৱাদী হাদ্ৰামত অঞ্চলৰ মহিলা সকলে পৰিধান কৰা সাজপাৰৰ সৈতে আবু-থেইল বোৰৰ বহুতো সাদৃশ্য আছে। কথাটোৱে ওমানৰ ধফাৰ আৰু আৰু য়েমেনৰ সেই অঞ্চলৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ কথা সোঁৱৰাই দিয়ে)

Post a Comment

0 Comments