ঐতিহাসিক বক্তৃতাঃ লাহোৰ উচ্চ ন্যায়ালয় ছহিদ ভগত সিঙৰ বক্তব্য

 

লাহোৰ হাইক'ৰ্টত ছহিদ ভগত সিঙৰ বক্তব্য

অনুবাদ- জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয়

 


মহামান্য হে মহামহিম,

আমি উকীলো নহওঁ, ইংৰাজী ভাষাৰ পণ্ডিতো নহওঁ, শৈক্ষিক উপাধি একোটাৰো অধিকাৰী নহওঁসেয়েহে মহোদয়ে যাতে আমাৰ পৰা আলংকাৰিক ভাষণ এটাৰ আশা নাৰাখেগতিকে ভাষাগত ভুল সলনি যাতে মিনতিৰ সাৰমৰ্মত গুৰুত্ব আৰোপ কৰা হয়,তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ

বাকীবোৰ বিষয় অধিবক্তাসকললৈ এৰি মই নিজকে মাত্ৰ এটা বিষয়ত আবদ্ধ কৰিব খুজিছোঁ যিটো বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়টো এই যে আমাৰ উদ্দেশ্য কিমানখিনি আছিল আৰু আমি কিমান দোষী এইটো এটা বৰ জটিল প্ৰশ্ন আৰু কিধৰণৰ চূড়ান্ত মানসিকতাই আমাক সেই বিশেষ বিষয়টোৰ দিশে পৰিচালিত কৰিছিল সেইকথা আপোনাৰ সন্মূখত বৰ্তমান প্ৰকাশ কৰাটো অসম্ভৱ মই বিচাৰোঁ যাতে আমাৰ উদ্দেশ্য বিবেচনা কৰাৰ সময়ত সেইফালে অলপ মন দিয়া হয় জনপ্ৰিয় আইনবিদ ''মনৰ মতে, যদি ব্যক্তিজনৰ উদ্দেশ্য আইনৰ পৰিপন্থী নহয় তেনেহ'লে তেওঁক অপৰাধ সংঘটিত কৰাৰ হৈ শাস্তি বিহা উচিত নহয়

       আমি ছেছ' আদালতত এখনি লিখিত বিবৃত্তি দাখিল কৰিছোঁ তাতে আমাৰ উদ্দেশ্যসমূহৰ বৰ্ণনা আছে কিন্তু বিচাৰপতিগৰাকীয়ে সেইখন কলমৰ এডালমাত্ৰ আঁচৰ সহায়তে অমান্য কৰিলে এইবুলি যে, সাধাৰণতে অপৰাধটো কিয় বা কেনেকৈ সংঘটিত কৰা ', বিচাৰ প্ৰক্ৰিয়াত ইয়াৰ কোনো প্ৰভাৱ নপৰেএই দেশত অপৰাধৰ উদ্দেশ্যৰ ভাষ্য খুব কমেইহে গ্ৰহণ কৰা হয়

মহামহিম ,আমি সুখী 'লোহেঁতেন যদিহে বিচাৰপতিগৰাকীয়ে আমাৰ কৰ্ম অথবা লিখিত বিবৃত্তিখনৰ মনস্তাত্বিক ভাগটোত গুৰুত্ব দি পৰিণামত উপনীত 'লহেঁতেনকিন্তু তেওঁ এই দুটাৰ ভিতৰত কোনোটোৱেই নকৰিলে কথাটো ' যে আমি নিক্ষেপ কৰা বোমা দুটিয়ে এছেম্বলীৰ কোনো মানুহৰ হানি-বিঘিনি অথবা আৰ্থিক ক্ষতি কৰা নাই সেয়েহে তাৰ বিপৰীতে মাক প্ৰদান কৰা শাস্তি গুৰুতৰেই নহয়, প্ৰতিশোধমূলক যেনো বোধ হয় কিন্তু তেওঁ আমাৰ উদ্দেশ্যটি বিবেচনা কৰাৰ দৰকাৰ আছিল উদ্দেশ্য বিচাৰ নকৰাকৈ কোনেও কেতিয়াও ন্যায় সাধন কৰিব নোৱাৰে যদিহে উদ্দেশ্য আওকাণ কৰা হয়, বিয়াগোম সেনাধ্যক্ষসকলক তেওঁলোকৰ বাক্যৰ বাবে সাধাৰণ হত্যাকাৰীৰ শাৰীত বহুৱাব লাগিব, ৰাজহ বিষয়াসকলক চোৰ-ডকাইত যেন বোধ ' আনহে নালাগে, ন্যায়াধীশসকলো হত্যাৰ দোষত অপৰাধী ' যদিহে "উদ্দেশ্য" আওকাণ কৰা হয়, স্বয়ং চৰকাৰেও নাগৰিক আৰু বিষয়া-কৰ্মচাৰীৰ পৰা কোনো ত্যাগ দাবী কৰিবই নোৱাৰিব "উদ্দেশ্য" আওকাণ কৰিলে প্ৰত্যেকজন ধৰ্মপ্ৰচাৰকেই ফাঁকিদাসত পৰিণত ' প্ৰত্যেক পয়গম্বৰ কোটি কোটি সহজ-সৰল ৰাইজক পথভ্ৰষ্ট কৰাৰ অপৰাধত দোষী '

যদিহে আমি উদ্দেশ্য বিচাৰ নকৰোঁ, যীশুখ্ৰীষ্টকো আমি বিক্ষুব্ধকৰোঁতা,শান্তিভংগকাৰী আৰু বিদ্ৰোহ প্ৰচাৰ কৰা এজন লোক বুলিয়েই বিবেচনা কৰিব লাগিব লগতে তেওঁ আইনৰ দৃষ্টিত "বিপদজনক ব্যক্তি" বুলি আখ্যা পাব কিন্তু তেওঁক আমি পূজো তেওঁ আমাৰ হৃদয়ৰ সমস্ত সন্মান দাবী কৰে আৰু তেওঁৰ ছবিয়ে আমাৰ মাজত আধ্যাত্মিকতাৰ জোঁৱাৰ আনে কিয়? কাৰণ তেওঁৰ কৰ্মৰ আঁৰৰ উচ্চ আদৰ্শ সেই সময়ৰ শাসকসকলে সেই উচ্চ আদৰ্শ দেখা নাপাইছিল, তেওঁলোকে কেৱল বাহ্যিক কৰ্মকাণ্ডতহে চকু দিছিল

তেতিয়াৰ পৰা এতিয়ালৈকে ঊনৈশটি শতিকা উকলি গৈছে আমি এই সময়ছোৱাত অলপো উন্নত নহ'লো নেকি? আমি তেন্তে একেবোৰ ভুলৰ পুনৰাবৃত্তি কৰিম নেকি? যদি সেয়াই হয় তেন্তে আমি মানি ' লাগিব যে মানৱ সভ্যতাৰ বাবে অতবোৰ ত্যাগ আৰু মহান শ্বহীদসকলৰ জীৱনদান সকলো অথলে ' আৰু এইটোও প্ৰমাণ হৈ যাব যে আমি এতিয়াও একে ঠাইতে আছো, তেন্তে আমি বিশটা শতিকা পিছুৱাই আছো

      আনকি আইনৰ দৃষ্টিৰ পৰাও লক্ষ্য কৰো, উদ্দেশ্যৰ প্ৰশ্নটিৰ বিশেষ গুৰুত্ব আছে উদাহৰণস্বৰূপে আমি জেনেৰেল ডায়াৰৰ কথা ' পাৰোঁ তেওঁক - জন নিৰীহ নিৰস্ত্ৰ লোকৰ ওপৰত গুলীবৰ্ষণ আৰু হত্যাৰ বাবে দোষীসাব্যস্ত কৰিব পৰা যায় কিন্তু মিলিটাৰী আদালতে তেওঁক গুলিয়াই মৰাৰ শাস্তি নিবিহিলে বৰং লাখ টকাৰে পুৰস্কৃতহে কৰিলে আন এটা উদাহৰণ দিয়া যাওঁক, শ্ৰী খৰগ বাহাদুৰ সিং, এজন গোৰ্খা জোৱানে কলকাতাত  এজন মাৰৱাৰীক হত্যা কৰিলে উদ্দেশ্য আওকাণ কৰাহ'লে তেওঁৰ ফাঁচী হোৱাটো নিশ্চিত আছিল কিন্তু তেওঁক মাত্ৰ কেইবছৰমানৰ বাবেহে কাৰাবাস দিয়া ' আনকি কাৰাবাসৰ দিন সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁক মুক্তি দিয়া ' আইনত কিবা সুৰুঙা ৰৈ গৈছিল নেকি যে তেওঁ গুৰু শাস্তিৰ পৰা নিজকে বচাবলৈ সক্ষম '? বা তেওঁৰ বিৰূদ্ধে অপৰাধ প্ৰমাণ নহ' নেকি? আমাৰ দৰেই, তেওঁ নিজৰ কৃতকৰ্মৰ সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰিছিল, কিন্তু তেওঁক মৃত্যুৰ পৰা ৰেহাই দিয়া '

তেওঁ আজি মুকলি আকাশৰ তলত হে মহামহিম, অপৰাধ সুপৰিকল্পিত হোৱাৰ পাছতো তেওঁক কিয় শাস্তি বিহা নহ'?উদ্দেশ্য বাদ দি চাবলৈ 'লে, তেওঁৰ অপৰাধ আমাতকৈ গুৰুতৰ আছিল অথচ লঘু শাস্তি প্ৰদান কৰা ' কিয়নো তেওঁৰ উদ্দেশ্য সৎ আছিল তেওঁ সমাজক কিশোৰী-যুৱতীৰ তেজ শুহি খোৱা এটা জঘন্য লম্পটৰ পৰা মুক্তি দিছিল তেখেতক আইনৰ ধাৰাৰ নামটোহে মাত্ৰ কৰি সেইমতে শাস্তিৰ বিধান দিয়া '

এই নিয়মটো (যে উদ্দেশ্যক বিবেচনাৰ আওঁতালৈ অনা নহয়) হাস্যকৰ আইনৰ প্ৰাথমিক নিয়মৰ বিৰোধিতা কৰে যে যাৰ মতে,"মানুহৰ বাবেহে আইন,আইনৰ বাবে মানুহ নহয়" যদি সেইয়াই হয়, আমাৰ ক্ষেত্ৰত তেনে হোৱা নাই কিয়? এইকথা সম্পূৰ্ণ পৰিস্কাৰ যে খৰগ সিঙৰ শাস্তি ঘোষণাৰ সময়ত তেওঁৰ কৃতকৰ্মৰ আঁৰৰ উদ্দেশ্যত মন নিদিয়া 'লে এজন হত্যাকাৰী হোৱাৰ সুবাদত তেওঁ জল্লাদৰ হাতৰ পৰা সাৰিব নোৱাৰিলেহেঁতেন আমাক আইনৰ সুবিধাৰ পৰা কিয় আঁতৰত ৰখা হৈছে,আমাৰ অপৰাধ   চৰকাৰৰ বিৰূদ্ধে বাবে নে ইয়াৰ ৰাজনৈতিক গুৰুত্ব আছে বাবে?

প্ৰভু ইশ্বৰ,এনে পৰিস্থিতিত আমাক দৃঢ়ভাৱে ঘোষণা কৰিবলৈ অনুমতি দিয়ক যে এনে স্বাৰ্থপৰ ধৰণ-কৰণত আশ্ৰয় লৈ থকা এখন চৰকাৰ বাচি থকাৰ কোনো অধিকাৰ নাই আৰু যদি থাকেও, কম সময়ৰ বাবেহে, তাকো হাজাৰ হাজাৰজনৰ তেজৰ চেকা গাত লৈ আইনে যদি উদ্দেশ্য বিচাৰ নকৰে,ন্যায় সম্ভৱ নহয়,শান্তিও সম্ভৱ নহয়

ময়দাৰে 'তে আৰ্চেনিক(এবিধ বিহ) মিহলোৱাটো দোষনীয় নহয়, যদিহে সেই মিশ্ৰণ নিগনি মাৰিবলৈ ব্যৱহাৰ কৰা হয় কিন্তু যদিহে মানুহ মাৰিবলৈ ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াক হত্যা বোলা '

আইনৰ যি নিয়মে অপৰাধৰ কাৰণ বিবেচনা নকৰে, আৰু যিসমূহ ন্যায়ৰ পৰিপন্থী, সেইসমূহ আঁতৰাই পেলোৱা উচিত এইসমূহৰ বাবে বহু বিদগ্ধ বুদ্ধিজীৱিয়ে বিদ্ৰোহৰ বাট বাচি 'বলগাত পৰে

আমাৰ বিষয়টো সম্বন্ধী তথ্যসমূহ তেনেই সৰল এপ্ৰিল, ১৯২৯ আমি বিধানসভাত দুটা বোমা নিক্ষেপ কৰিছিলো বিস্ফোৰণৰ ফলস্বৰূপে মাত্ৰ কেইজনমান লোক সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হৈছিল নিমিষতে সভাগৃহত হট্টগোলৰ সৃষ্টি হৈছিল উপস্থিত দৰ্শনাৰ্থী আৰু সদস্য দৌৰি পলাইছিল সেই সময়চোৱাত কেৱল মোৰ বন্ধু বি.কে.দত্ত আৰু মই দৰ্শকৰ বাবে থকা গেলেৰীৰ আসনত আছিলো আৰু আত্মসমৰ্পণ কৰিলোঁ আমি হত্যাৰ অপচেষ্টাৰ দোষত আজীৱন কাৰাদণ্ডৰে দণ্ডিত 'লো ওপৰত উল্লেখ কৰামতেই বিস্ফোৰণৰ ফলশ্ৰুতিত চাৰি-পাঁচজন লোক সামান্যভাৱে জখম হৈছে আৰু এখনমাত্ৰ আসন ক্ষতিগ্ৰস্ত হৈছে কোনো প্ৰতিৰোধ নকৰাকৈ আমি নিজকে সমৰ্পণ কৰিছিলো ছেছ' আদালতৰ বিচাৰপতিয়েও মানি লৈছে যে আমি ইচ্ছা কৰাহ'লেই অতি সহজে পলাই সাৰিব পাৰিলোহেঁতেন, কিন্তু আমাৰ তেনে কোনো উদ্দেশ্য নাছিল আমি দোষ স্বীকাৰ কৰিলো আৰু আমাৰ স্থিতি স্পষ্ট কৰি বিবৃত্তিও দাখিল কৰিলো শাস্তিলৈ ভয় নাই, কিন্তু আমাক ভুলকৈ বুজাটো আমি নিবিচাৰোঁ বিচাৰপতিয়ে বিবৃত্তিৰ পৰা কেইটামান দফা আঁতৰাই দিছে যি আমাৰ প্ৰকৃত স্থিতিৰ ভুল বাখ্যা আগবঢ়াব

আমাৰ বিবৃত্তিখনৰ সঠিক অধ্যয়নে স্পষ্ট কৰিব যে,আমাৰ মতে, দেশে অতি দুৰ্বল সময়ৰ মাজেৰে গতি কৰিছে। আমি অনাগত বিপৰ্য্যয় দেখিব পাৰিছো আৰু ভাবিলো যে সময় থাকোতে উচ্চস্বৰে এটা সকীয়নি দিয়াতো উচিত হ'ব, যেনে সকীয়নি উচিত বুলি গণ্য কৰিলো সেইমতে আগবাঢ়িলো। আমি ভুল হ'ব পাৰো

ছেছ'ন আদালতৰ বিচাৰপতিৰ চিন্তা আমাৰ লগত নিমিলিব পাৰে, তাৰ অৰ্থ এইটো নহয় যে আমাৰ চিন্তা প্ৰকাশ কৰাত বাধা দিয়া উচিত, আৰু আমাৰ নামত ভুল কথা প্ৰকাশ হ'ব লাগে।

আমাৰ বিবৃত্তিখনত আমি ব্যৱহাৰ কৰা "বিপ্লৱ দীৰ্ঘজীৱি হওঁক" আৰু "সাম্ৰাজ্যবাদৰ পতন হওঁক"ৰ  অৰ্থ বৰ্ণনা কৰিছোঁঁ যি আমাৰ চিন্তাৰ মূল পৰিকাঠামো। অথচ সেইভাগটো বিবৃত্তিৰ পৰা আঁতৰাই দিয়া হ'ল। সাধাৰণতে বিপ্লৱ শব্দটিৰ  ভুল বাখ্যা কৰা হয়। কিন্তু আমি সেয়া নুবুজোঁ। বোমা আৰু বন্দুক-বাৰুদে বিপ্লৱ নানে। বিপ্লৱৰ তৰোৱালখন চিন্তাৰ শিলত ধাৰ দি তীক্ষ্ণ কৰা হয়। আমি ইয়াত জোৰ দিয়া উচিত। বিপ্লৱ বুলিলে আমি পুঁজিবাদী যুদ্ধৰ দুৰ্দশাৰ অন্ত বিচৰাটোকে বুজোঁ। আমাৰ লক্ষ্য উদ্দেশ্যত গুৰুত্ব নিদিয়াকৈ আৰু সেইবোৰত উপনীত হ'বলৈ আমি বাচি লোৱা প্ৰক্ৰিয়া আওকাণ কৰি আমাৰ বিচাৰৰ শুনানি উচ্চাৰণ কৰাটোও উচিত নহ'ব। আমাৰ নামৰ লগত ভুল চিন্তা সাঙোৰাতো অন্যায়ৰে  নামান্তৰ হ'ব।

মানুহৰ বৰ্ধিত অশান্তিলৈ চাই আৰু পীড়াই অধিক ম‍াৰাত্মক ৰূপ লোৱাৰ আগতেই সময় থাকোতেই সঠিকভাৱে এটা সকীয়নী দিয়াটো প্ৰয়োজন হৈ পৰিছিল। যদি আমাৰ সকীয়নীত গুৰুত্ব আৰোপ কৰা নহয়, তেন্তে কোনো মানুহেই ইয়াক বাধা দিয়াটো সম্ভৱ হৈ নাথাকিব। আমি সেই ধুমুহাজাকক সঠিক দিশত বলাত সহায় কৰিবলৈকে খোজ দিছিলো‍ঁঁ আমি ইতিহাসৰ ঐকান্তিক ছাত্ৰ আছিলোঁঁ আমি বিশ্বাস কৰোঁ যে সেইসময়ৰ শাসকগোষ্ঠীয়ে সঠিক সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'লে ৰুছ বিপ্লৱ, ফৰাচী বিপ্লৱ হ'বলৈ নাপালেহেঁতেন। বিশ্বৰ বিভিন্ন শক্তিয়ে ভিন্ন সময়ত চিন্তাৰ ধুমুহা পৰীক্ষা কৰিছে আৰু ৰক্তপাতত উটি গৈছে। বিজুলীৰ প্ৰৱাহৰ ধাৰাক বাধা দিয়াৰ সাধ্য শাসকগোষ্ঠীৰো নাথাকে। আমি কেৱল প্ৰথমটো সকীয়নী দিব খুজিছিলোঁ। আমি কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিলোঁ, কিন্তু আমি বিফল হৈছিলো।

হে মহামহিম,এয়াই আছিল আমাৰ কৃতকৰ্মৰ আঁৰৰ উদ্দেশ্য। আৰু আমাৰ দ্বাৰা সংঘটিত ঘটনাটো আমি দাখিল কৰা বিবৃত্তিখনেও প্ৰতিপন্ন কৰে। এইখিনিতে আৰু এটা বিষয় বাখ্যা কৰাৰ দৰকাৰ।

সেয়া হ'ল আমি ব্যৱহাৰ কৰা বোমাকেইটিৰ ক্ষমতা সন্দৰ্ভত। আমাৰ জানো বোমাকেইটাৰ ক্ষমতা সন্দৰ্ভত সম্যক জ্ঞান নাথাকিব! নহ'লে জানো আমি আমাৰ দেশৰ সন্মানীয় নেতা যেনে পণ্ডিত মতিলাল নেহৰু, শ্ৰী কেলকৰ, শ্ৰী জয়াকাৰ, মঃ জিন্নাৰ দৰে মানুহৰ উপস্থিতিত নিক্ষেপ কৰিলোঁহেঁতেন! আমি আমাৰ নেতাসকলৰ জীৱন জানো বিপদত পেলালোঁহেঁতেন! অন্ততঃ আমিটো উন্মাদ নহয়, আৰু যদি সেয়াই হ'লহেঁতেন, আমি নিশ্চয় জেলৰ সলনি কোনোবা মানসিক চিকিৎসালয়ত থাকিলোঁহেঁতেন।

বোমাদুটিৰ কাৰ্যক্ষমতা সম্পৰ্কে আমি সম্পূৰ্ণ জ্ঞাত আছিলো আৰু সেয়েহে কৰ্মসম্বন্ধে আমি সম্পূৰ্ণ আত্মবিশ্বাসী আছিলোঁঁ। বোমাদুটি লোকেৰে পৰিপূৰ্ণ  আসনবোৰক উদ্দেশ্যি পেলোৱাটো অতি সহজ আছিল, অথচ খালী আসনবোৰক উদ্দেশ্যি পেলোৱাটো যথেষ্ট কঠিন আছিল। আমি যদি মানসিক ভাৰসাম্যহীন হলোহেঁতেন, আমি নিশ্চয় ৰাইজে দখল কৰা আসনবোৰক উদ্দেশ্য কৰি ল'লোহেঁতেন। গতিকে মইটো কওঁ, খালী আসনবোৰ সাৱধানে বাছনি কৰি দেখুওৱা সাহসৰ বাবে আমি পুৰস্কাৰ  পোৱাৰহে  যোগ্য। এনে পৰিস্থিতিত,।মহামান্য , আমাক ভুল বুজা হৈছে। আমি আপোনাৰ সন্মুখলৈ আমাৰ শাস্তি লাঘৱ কৰিবলৈ অহা নাই। কেৱল স্থিতি পৰিষ্কাৰ কৰিবলৈ আহিছোঁঁ আমি কেৱল বিচাৰো যাতে আমাৰ লগত ভুল ব্যৱহাৰ কৰা নহয়, আমাৰ নামত যাতে ভুল চিন্তাৰ বাখ্যা কৰা নহয়। শাস্তিৰ প্ৰশ্নটি আমাৰ বাবে গৌণ।


(সম্পাদকীয় টোকাঃ ছহিদ ভগত সিঙক লাহোৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি ১৯৩১ চনত ফাঁচীৰ নিৰ্দেশ দিছিল। এই ষ্টেটমেন্টটো ভগত সিঙে তেওঁৰ ট্ৰায়েল চলি থাকোঁতে লাহোৰ উচ্চ ন্যায়লয়ত বিচাৰকৰ সমূখত আত্মপক্ষক সমৰ্থন কৰি প্ৰদান কৰিছিল।)


Post a Comment

2 Comments

  1. ভগৎ সিঙক প্ৰকৃতকৈ আমি চিনি পাবলৈ এতিয়াও বাকী।এইবোৰ চিঠিয়ে নতুনক প্ৰকৃত ভগৎৰ সৈতে চিনাকি কৰিব।

    ReplyDelete