অসমীয়াত বিশটা ইংৰাজী নাৰ্ছাৰী পদ্য

অসমীয়া ভাঙনিঃ পংকজ কুমাৰ নেওগ

 










(১)

(Jack and Jill)

 জোন আৰু জুনুকা

 

জোন আৰু জুনুকা পালেগৈ পাহাৰৰ টিং,

আনিবলৈ নিজৰাৰ পানী,

কেকোঁ-জেকোঁকৈ বৰ এটা বাল্টিত,

পানী লৈ আহে উভতি 

বিষম আছিল কাল হঠাতে উজুতি খাই,

জোন পৰে ভৰি পিছলি,

শিলত খুন্দা খাই কপালৰ তেজেৰে,

বেচেৰা হল ৰাঙলী !

জোনৰ পিছে পিছে ভনীয়েক জুনুকাৰো

খোপনি হেৰাল যে পিছল বাটত,

তাইয়ো খাই কৰ্ফাল ক্ষন্তেক পিছতে

পৰিলহি জোনৰ নিচেই কাষত।

গিৰিসাই উঠিল জোন কপালৰ তেজ মুছি,

লৰ দিয়ে ঘৰলৈ বুলি;

ভালকৈ দৰৱ সানি শিৰত পটি কৰি,

শুই পৰে লৈ নিহালি ।

কিছু পৰ পিছতেই চুচুক-চামাককৈ

জুনুকাই মাৰেহি ভুমুকি,

ককায়েকৰ শিৰতে ডাঙৰ পটিটো দেখি

নোৱাৰে ৰাখিব তাইৰ দুষ্ট হাঁহিটি !

জুনুকাৰ অজানিতে কোঠাটোৰ এচুকত

মাকে আছিল সকলো চাই

জুনুকাৰ দশা বেয়া এইবাৰ পৰিল ধৰা

কাণমলা খালে ভালকৈ !

মনে মনে নোকোৱাকৈ পাহাৰৰ টিঙলৈ,

নিজৰালৈ গৈছিলি কিয় ?

আকৌ যদিহে দুয়ো কৰ এনে দুষ্টালি

কাণ ধৰি ওৰে নিশা থাকিবি হৈ থিয় !

 

()

(Simple Simon) 

অজলা মেমেৰা কাই

 

জলা মেমেৰা কাই দেওবৰীয়া মেলালৈ যায় -

জিভাৰ পানী পৰে দেখি মিঠাই বিধে বিধে,

দিয়াচোন মিঠৈ এটি খাই চাওঁ কেনে জুতি

ভগৱানে কৰক তোমাৰ ভাল

আগতে পইছা দে! নহলে আঁতৰ হ, দেখিছনে এইডাল লাঠি”?

দোকানীৰ হুটামাত দয়ামায়া নাই তাত

দিবলৈ নহয় একো ৰাজী

বেচেৰা মেমেৰা কাই পুনৰ ঘৰমুৱা হয়

চকুপানী টুকি বিষাদৰ,

আশাপালি ৰৈ থকা মিঠাই নহল খোৱা

নুৱা কপাল ঐ দীন-দুখীয়াৰ !

জলা মেমেৰা কাই পুৱাতে মাছলৈ যায়

ধৰে হেনো ৰৌ-বৰালি,

ইফালে সিফালে চাই নেদেখি কোনো লোক জন

নঙলা মুখৰ খালত টুপাই বৰশী !

জলা মেমেৰা কাইৰ বগৰী খাবলৈ মন

সোপা সোপে চিঙিলে আঁজুৰি,

গছৰ কাঁইতে বিন্ধি, হাত হল ৰাঙলী,

বিষতে দেহি পাৰিলে দেদাউৰি !

জলা মেমেৰা কাইয়ে নলৰ পানী ধৰে

দিয়ে চালনিখন পাতি,

জৌ জৌ পানী সৰে চালনিৰ জলঙাৰে

আখলঘৰ গল উটি-ভাহি !

জলা মেমেৰা কাইৰ আখ্যান নপৰে ওৰ -

আছে বহু খুহুটীয়া কথা,

আজিলৈ বিদায় লৈ অলপ জিৰণি লওঁ

পুনু মেলিম সাধুৰ সফুঁৰা ।

 

()

(London Bridge is Falling Down)

দিখৌৰ দলংত মেলিলে ফাঁট ঐ !

 

দিখৌৰ দলংত মেলিলে ফাঁট ঐ

দিখৌৰ দলংত ফাঁট,

লৰালৰি কৰ কোন কত আছ

আনগৈ বাঁহ আৰু কাঠ 

বাঁহ আৰু কাঠেৰে কিনো হব আইটি

কেনেকৈ ৰোধিবি ফাঁট,

পলকতে জহিব পানীতে পমিব

আৰু মলঙিব বাট

ইটা আৰু বালিৰে সোনকালে গাঁঠ ঐ

দলংখন ভালকৈ গাঁঠ,

ইটা আৰু বালিৰেও নহব আইটি

পুনৰ দেখা দিব ফাঁট

লো আৰু তীখাৰে দলংখন বান্ধ ঐ

ভালকৈ মাৰিবি জোৰা,

লো-ও বেঁকা হয় আৰু খায় মামৰে

পোটোকা পৰে যে তীখা

তীখাৰে নহলে সোণ আৰু ৰূপেৰে

দলং শুৱনিকে বনা ,

সোণ আৰু ৰূপেৰে দলংখন বনালে

চোৰৰো বহিব বেহা !

সোণ আৰু ৰূপৰে দলংৰ পহৰা

দিবলৈ চন্তৰীক মাত,

চন্তৰী যদিহে নিশা যায় ঘুমটি

সোণ-ৰূপ হব উত্খাত

নিশা নাহক ঘুমটি এনে এটা কৰ ঐ

সকলোৱে দিহা এটি কৰ,

ধোঁৱাখোৱা এটিকে চন্তৰীক ভেটগৈ,

ব ওলাহেৰে উজাগৰ !!

 

(৪)

(Little Boy Blue)

গৰখীয়া কণ লৰা

 

গৰখীয়া কণ লৰা গলি নো কলৈ ?

ফু মাৰ শিঙা তোৰ খৰ-ধৰ কৈ;

ধাননিত সোমাল গৰু  ল তহিলং

ছাগলীয়েও শাকনি কৰেহে উদং

খৰ-ধৰ কৰ বোপা লৰা-লৰি কৰ,

গাওঁবুঢ়া ওলালেহি হব গৰবৰ !

গৰখীয়া কণ লৰাৰ কাণসাৰ নাই,

খেৰৰে দমৰ মাজত গভীৰ ঘুমটিত

লালকাল সি আজি নাসিকা বজাই !

যা ছোন কোনোবাই হেচুঁকি জগাই দে

নহলে যে কণ লৰাৰ হব পয়মাল,

নাই দেই, নোৱাৰোঁ, কেতিয়াও জগাব তাক

খঙতে চিঞঁৰি সি লগাব তালফাল !

 

(৫)

(Little Miss Muffet)

জোনালী ভণ্টিৰ বিলৈ

 

জোনালী ভণ্টিজনী গা ধুই পুৱাতেই

সাজু হল স্কুল যাবলৈ;

স্কুল-বাছ অলপতে ঘৰ পায়হি লাগে

সোনকালে দিয়া মা,

কিবা খাবলৈ !

এইয়া জলপান ল, তপতে তপতে

খা, ভালকৈ টেবুলত থৈ,

বাছ আহি পাবলৈ এতিয়াও সময় আছে

নকৰিবি অবাবত এনে হৈ চৈ !

বাতিটোৰ জলপান খাওঁ বুলি জোনালীয়ে

এচামুচ মুখলৈ নিলে,

অতৰ্কিতে কৰ জানো আহিল মকৰা এটি

জোনালীৰ হাতেৰে বগালে !

চক খাই জোনালীৰ হাত লাগি বাগৰিল

জলপানৰ ভৰপূৰ বাতি;

ভয়তে দেদাউৰি পাৰি

জোনালীয়ে পেলালে কান্দি,

স্কুলৰ সাজো বেচেৰীৰ নষ্ট হল দেহি !

 

(৬)

 (Johnny Johnny Eating Sugar)

মৰমৰ নাতি লৰা

 

মৰমৰ নাতি লৰা অ মোৰ জোন !

লৰালৰি কিয় বাৰু খন্তেক ৰ চোন !

বলৈ সময় নাই, আইতা আজি মোৰ,

স্কুললৈ পলম হৈছে, যাব আছে দূৰ !

 জোন তই মাথোঁ  কথা ক এটি

আখলৰ বৈয়ামৰ লাৰুখিনি আজি,

নিলি নেকি তই বাৰু অকলে সোপাই

নামাতিবি আসৈ কিন্তু বেয়া পাম সোণাই !

 আইতা, বলৈ পাহৰিলোঁ পুৱা,

মোক যেন তুমি কিন্তু নোপাৱা বেয়া;

বৈয়ামৰ সকলোবোৰ মই সামৰিলোঁ,

স্কুললৈ নিবলৈ বেগতে বান্ধিলোঁ

পানীখোৱা ছুটি হলে সকলোৱে মিলি

লাৰুখিনি ভগাই খাম অতাই ধেমালি !

ওপজা দিন মোৰ, পাহৰিলা আজি,

আশীৰ্বাদ কৰা মোক চুমা এটা দি

নাতি লৰা জোনৰ কথাবোৰ শুনি

আইতাই চুমা দিয়ে সোলা হাঁহি মাৰি।

 

(৭)

(Mary had a Little Lamb)

মীনুৰ ছাগলী পোৱালি

 

শুধ বগাকৈ ইমান মৰম লগা

ছাগলী পোৱালি ইটি,

ওলাহতে তেনেই দেও দি ফুৰিছে

নাই কোনো ভয়-ভীতি !

আমাৰে গাঁৱৰে মীনু আইটিৰ

কি যে আলাসৰ লাৰু ,

সকলো সময়ত তাইৰ পিছে পিছে

ভাগৰো নাই যে একো !

মীনুৰ পিছে পিছে নিতৌ পুৱাতে

স্কুললৈ লৰ ধৰে,

শ্ৰেণীত সোমাই টিঘিলঘিলাই

সকলোৰে সৈতে খেলে;

মাষ্টৰণী বাইদেউৰ উঠে যে খং

পঢ়িবলৈ মন নাই কাৰো,

সকলোকে কেৱল অকণি ছাগলীৰ

ৰং হে চাবলৈ লাগে !

বাইদেউৱে এদিন শ্ৰেণীৰ পৰা

দিলে পোৱালিটো উলিয়াই,

বেছেৰা পোৱালি যায় নো কলৈ

মীনুলৈ থাকে বাট চাই !

পোৱালিটোৱে  মীনু ভণ্টিক

ভাল পায়  কিয়নো বাৰু ?

মীনুয়েও যে মৰম কৰে তাক

সি অজলা নিষ্পাপ জীৱ !

 

(৮)

(Old King Cole)

স্বৰ্গদেউ ঈশ্বৰ

 

স্বৰ্গদেউ ঈশ্বৰ আমাৰ

সিংহাসনত বিৰাজে,

পকা থেকেৰাৰ দৰে ৰং;

সেলেঙী লগোৱা ওঁঠ

শিৰতে মথুৰা পাগ

লিগিৰীয়ে বা দিয়ে শুকুলা চোঁৱৰেৰে !

স্বৰ্গদেউ ঈশ্বৰ আমাৰ

ৰঙিয়াল অন্তৰৰ,

নাছ, গান-বাজনাত ৰাপ আছে বৰ;

অৱসৰ সময়ত সঙ্গী বিচাৰে তেওঁ

ঢুলীয়া-খোলীয়া আৰু বিহুৱা দলৰ !

মহৰ শিঙৰ পেঁপাৰে টিহিটি-টিহিটি

আমগছে মলিয়ালে কলি,

ৰংঘৰৰ বাকৰি উদুলি-মুদুলি

স্বৰ্গদেউক আদৰোঁ বুলি !

 

(৯)

(Pussy Cat, Pussy Cat)

মৰমৰ মেকুৰীজনী মোৰ

 

বহুত দিনৰ মূৰত ঘৰৰ মেকুৰীজনীক,

পুৱাতে লগ পালোঁ আজি দুৱাৰদলিত;

মনত লাগিল ৰং, হৈ কিছু আচৰিত,

সুধিলো লাহেকৈ তাইক- গৈছিলা ক ” ?

গাটো জোকাৰি তাই কলে মোক ভেমত,

লণ্ডনলৈ গৈছিলোঁ মই ৰাণীৰ নিমম্ত্ৰণত”;

মেকুৰীজনীক আকৌ প্ৰশ্ন কৰিলোঁ এটি,

লণ্ডনত তাই বাৰু কৰিলেনো কি ?

দুৱাৰদলিতে তাই এঙামুৰি দি,

উত্তৰ দিলে কিন্তু ভালকৈ ভাবি;

ৰাণীৰ আসন তলে দুষ্ট নিগনি এটি;

মোকেই সিঁয়াৰি সি মাৰিছিল খৰ-লুটি !

এপাকত দিলোগৈ তাক কাণত মোচৰ,

পত্ৰং দি আৰু নাচাপিল ওচৰ ” !!

 

(১০)

(Little Bo Peep) 

চেনেহৰ ভণ্টিজনী

 

চেনেহৰ ভণ্টিজনী অকলে আবেলিখন,

বহি আছে পথাৰত আমনজিমন মন !

দুটোপাল চকুলোৰে উচুপি উচুপি তাই,

জনালেহি মোক আহি অলপ সাহস পাই;

ছাগলীৰ জাকটো বিচাৰি নাপালোঁ আজি,

ঘৰ যাওঁ কোন মূখে ডবিয়াব আইয়ে আহি”;

ভণ্টিক অভয় দিলোঁ চকুপানী মচি দি,

আহিব জাকটো নিজে চিন্তা নকৰিবি;

ল উভতোঁ আমি এন্ধাৰ হোৱাৰ আগে

সাঁজ লাগি নামঘৰৰ ডবা বাজেহে লাগে !

পদুলিমুখত ভণ্টিয়ে চিঞঁৰে ওলাহত,

আৰে, কি মজা! জাকটো চোন চোতালত !

 

(১১)

 

(BAA BAA BLACK SHEEP)

কলী ভেড়াজনী চেনেহৰ মোৰ

 

কলী ভেড়াজনী চেনেহৰ মোৰ

শীতৰে সময়ত গৰম ছোলা সিঁবলৈ

কেই ভাগ ঊণ আছে তোৰ ?

সচাঁকৈয়ে কৈছোঁ দেউতা ইশ্বৰ ঐ

আসৈ মতা নাই মই,

তিনি ভাগ ঊনহে আছে মোৰ সৈতে

কোনো লুক-ঢাক নাই !

মেমেৰা দাইটিক এভাগ ঊণ লাগিছিল

এভাগ নিছে পদুমীয়ে খুজি,

বাকীভাগ গাঁৱৰ মাউৰাটোকে দিম

শীতত থাকে যে সি কঁপি !

 

(১২)

 

(Peter Peter Pumpkin Eater)

ভদাইৰ ৰঙালাও খেতি

 

জাঁজী নৈৰ পাৰতে এপূৰা মাটিত,

ভদাইৰ ৰঙালাও খেতি;

প্ৰথমা ঘৈণী যদিওবা ‘লাগী’ তাৰ,

নধৰে যে ঘৰটোত আঁটি;

সেইজনী ঘৈণীক ভদাইয়ে থলেহি,

ডাঙৰ ৰঙালাও এটাৰ খোলাত;

খোলাটোত থাকিয়েই সুখী হৈ ৰ’ল,

তাই নামাতিলে এটিও মাত;

আনজনী ঘৈণী ভদাইৰ ‘এলাগী’,

দেখিব নোৱাৰে সি;

শেতেলি এৰিয়েই ভদাই যায় খেতিলৈ,

বেচেৰীয়ে ক’ৰিবনো কি?

ভদাইয়ে এদিন পঢ়া-শুনা কৰি,

শিকে অনেকবোৰ কথা;

আখৰ চিনি পোৱা এলাগী ঘৈণীলৈ,

তেতিয়াহে লাগে তাৰ বেথা !

 

 (১৩)

 

(Solomon Grundy)

(পৰমা তাঁতীৰ জীৱন বৃত্ত)

 

পৰমা তাঁতীৰ ওপজা দিন,

আছিল সোমবাৰ;

মঙ্গলবাৰে গাঁৱত হৈছিল,

নামকৰণ তাৰ;

বুধবাৰে পৰমা তাঁতীয়ে,

বিবাহ সম্পন্ন কৰে;

গুৰুবাৰে হঠাত সি,

শকত নৰিয়াত পৰে;

শুকুৰবাৰে বেমাৰীৰ দশা,

বেয়ালৈ খাই ঢাল;

শনিবাৰে পৰমা তাঁতীৰ,

হয় ইন্তেকাল;

দেওবাৰে পুৱা,

গাঁৱৰ ৰাইজে

শৱ সত্কাৰ কৰে;

পৰমা তাঁতীৰ জীৱনৰ নাট,

এইদৰে অন্ত পৰে !

 

(১৪)

 

(The Wheels on the Bus)

বাছৰ চকা ঘূৰে

 

চহৰৰ বাটে, ঘাটে

অলিয়ে, গলিয়ে  দূৰ,

বাছৰ চকা মাথোঁ ঘূৰে ‘ঘুৰ, ঘুৰ, ঘুৰ’;

চকাবোৰৰ ঘূৰি ঘূৰি

নালাগেনে আমনি,

নুঘুৰাইনে কেতিয়াও  সিহঁতৰ মূৰ ?

 

বাছৰ ‘ৱাইপাৰ’ দুডাল বৰষুণৰ বতৰত,

‘ছপ্, ছপ্, ছপ্’ কৈ কৰে মাথোঁ কছৰত;

বৰষুণত তিতি বুৰি ৱাইপাৰ দুডালৰ,

নহয়নে কেতিয়াও চৰ্দি বা কাঁহ-জ্বৰ ?

শুনা নাই আজিলৈ সিহঁতৰ এটাও হাঁচি,

নিশ্চয় যোৱা নাই কাহানিও ফাৰ্মাচী!

 

পুৰণি হৰ্ণটোৱে পেঁ, পেঁ, পেঁকৈ,

যানজঁট আঁতৰাই নিয়ে;

শব্দৰ প্ৰদুষণ সহিম কিমান বাৰু,

কাণ দুখন গধুৰ হৈ পৰে;

বাছৰ দুখন দুৱাৰ  আগে আৰু পিছে,

খোলে আৰু বন্ধ হয় অতি ঘনে ঘনে;

স্কুললৈ আটাইবোৰ ঘৰে ঘৰে উঠে,

আবেলি আহোঁতেও নামে  ঘৰে ঘৰে;

 

বুঢ়া ‘পাইলট’ আমাৰ হৰিহৰ কাই,

বুঢ়া হ’ল বাছখন চলাই চলাই;

গেলেপা গৰমত বাছত পাঙ্খা নাই,

মগজটো উতলে ঘনাই ঘনাই;

“কাষত নকৰ ভিৰ, পিছলৈ যা,

গালৈ আহিব দে শীতল এছাটি বা”;

দিনটো বাছ চলাই ভাগৰুৱা কাইটি

সন্ধিয়া ঘৰ পায় লৈ মিঠা হাঁহিটি !

 

(১৫)

 

(Ding Dong Bell)

ঘণ্টা বাজিছে টিং টং

 

টিং টং টিং টং ঘণ্টা বাজিছে,

নাদৰ পাৰলৈ আজি সকলো দৌৰিছে;

নাদটোত মেকুৰীজনী পেলালে কোনে ?

কোন হ’ব অঘাইটং নদাইৰ বাহিৰে।

মেকুৰীজনীক বাহিৰলৈ ওলালে কোনে ?

গাঁৱৰ সাহসী লৰা কণপিতৌৱে।

অঘাইটং নদাইক আজি খালে কি উকহে ?

বেচেৰী মেকুৰীজনীক নাদত পেলালে !

নদাইহঁতৰ ভঁৰালৰ নিগনি ধৰি,

উপকাৰহে কৰিছিল,

তাই আজি অতদিনে !

 

(১৬)

 

(A Farmer Went Trotting)

ঘোঁৰাত উঠি যোৱা চহাজন

 

চহা এজন ঘোঁৰাত উঠিল দেওবৰীয়া হাটলৈ

সুন্দৰী কন্যাও ওলাল লগত সঙ্গ দিবলৈ;

বাপেক, জীয়েক ৰঙেৰে দুয়ো  গীত গাই যায়

চকুচৰহা ঢোৰা কাউৰী এটাই আছিল সকলো চাই;

হঠাতে এবাৰ কাউৰীটো উৰি ঘোঁৰাজনীৰ কাষ চাপে

কৰ্কশভাৱে কা কাকৈ তাইৰ কাণত চিঞঁৰ মাৰে;

উচপ খাই ঘোঁৰাজনী পৰে বেয়াকৈ উজুটি খাই

চহাজনো দূৰলৈ উফৰি মূৰত আঘাত পায়;

অঘাইটং কাউৰীয়ে ভয় দেখুৱায় বেয়া কামটো কৰি

“কাইলৈ তহঁতক জুলুকি শিকাম পুনৰ উভতি আহি!”

 

(১৭)

(Five Little Ducks)

পাঁচটা পোৱালী হাঁহ

 

১,২,৩,৪,৫

পাঁচটা পোৱালী হাঁহ এদিন পুৱাতে উঠি,

বাহিৰলৈ যায় ফুৰিবলৈ;

ওমলি-জামলি সিহঁত পালেগৈ বহুত দূৰ,

পাহৰে পুনু ঘূৰি আহিবলৈ;

পেক্,পেক্,পেক্ কৈ মাক হাঁহজনীয়ে,

উভতাৰ আদেশ দিয়ে;

উভতি আহোঁতে কিন্তু পাচোঁটা হাঁহ পোৱালীৰ,

চাৰিটাহে উভতি আহে ।

১,২,৩,৪

চাৰিটা পোৱালী হাঁহ আকৌ এদিন পুৱা,

দূৰণিৰ পাহাৰলৈ যায়;

গোটেই দিনটো খেলি সন্ধিয়া আহিল নামি,

হ’ল যে ঘৰলৈ উভতাৰ সময়;

পেক্,পেক্,পেক্ কৈ মাক হাঁহজনীয়ে,

উভতাৰ নিৰ্দেশ দিয়ে;

উভতি আহোঁতে কিন্তু চাৰিটা হাঁহ পোৱালীৰ,

তিনিটাহে উভতি আহে ।

১,২,৩

তিনিটা পোৱালী হাঁহ এদিন পুৱাতে উঠি,

বনভোজ খাবলৈ যায়;

আনন্দত নাচি-বাগি সময় গ’ল যে গুচি,

হয় পুনৰ উভতাৰ সময়;

পেক্,পেক্,পেক্ কৈ মাক হাঁহজনীয়ে,

উভতাৰ সঙ্কেট  দিয়ে;

উভতি আহোঁতে কিন্তু তিনিটা হাঁহ পোৱালীৰ,

দুটাহে উভতি আহে ।

১,২

দুটা হাঁহ পোৱালী এদিন পুৱাতে উঠি,

বৰশী টুপাবলৈ যায়;

এটাও নাপালে মাছ, খাবলৈয়ো নাপালে একো,

ভোকত দেহি পেটে কলমলায় ;

পেক্,পেক্,পেক্ কৈ মাক হাঁহজনীয়ে,

উভতাৰ জাননী  দিয়ে;

উভতি আহোঁতে কিন্তু দুটা হাঁহ পোৱালীৰ,

এটাহে উভতি আহে ।

অকলশৰীয়া পোৱালী, নিচেই পুৱাতে ওলাল,

দেওবৰীয়া হাটলৈ বুলি;

হাট-বজাৰ কৰি উঠি, থাকোতে ‘বায়’স্কোপ’ চাই,

লহিয়ালে পশ্চিমে বেলি;

পেক্,পেক্,পেক্ কৈ মাক হাঁহজনীয়ে,

উভতাৰ ইঙ্গিত দিয়ে;

এইবেলি উভতোঁতে বেচেৰী মাকজনীৰ

এটাও পোৱালী উভতি নাহে;

 

দুখতে মাক হাঁহজনী, বিচাৰি পোৱালীকেইটি,

দূৰণিৰ গাঁৱলৈ যায়;

পেক্,পেক্,পেক্ কৈ, গাওঁ চলাথ কৰি,

সকলোতে বিচাৰি চায়;

এনেতে হঠাত এবাৰ, পোৱালী পাঁচোটি আহি,

ওলালহি মাকৰ আগত;

আনন্দৰ চকুলো টুকি, সাবটিলে ইটি সিটি,

পুনৰ মিলন ঘটিল বিভুৰ কৃপাত !

 

(১৮)

(Old Mother Hubbard)

আইতাৰ ঢেকুৰা কুকুৰ

 

অকলশৰীয়া আইতাৰ ঘৰত,

ঢেকুৰা কুকুৰ এটা,

ভোটোকা বুলিলেই নেজ জোকাৰি,

ওচৰ চাপিছিল একা;

 

এদিন নিশা ভোটোকাক আইতাই,

পাহৰিলে দিব ভাত;

নোখোৱা-নোবোৱাকৈ পৰি ৰ’ল বেচেৰা,

নামাতিলে এটাও মাত;

 

ভোটোকাৰ কথা ৰাতিপুৱাতেই,

আইতাৰ মনত পৰে;

লৰালৰিকৈ দোকানৰ পৰা,

পাওৰুটি এটা আনে;

 

পাওৰুটি আনি ভোটোকাক মাতে,

সাৰসুৰ তাৰ নাই;

ভোটোকা বেচেৰা মৰি পৰি আছে,

ললে সকলোৰে বিদায়;

 

বেচেৰী আইতাই কাষৰে নদাইক,

সহায়ৰ বাবে মাতে;

“আহ বোপাই পুতি থওঁ ভোটোকাক,

বাৰীৰ কোনোবা চুকে”;

 

ভোটোকাৰ বাবে নদাইয়ে যেই,

গাঁতটো খান্দিব ধৰে;

এক্কেজাপে উঠি নেজ জোকাৰি

সি আইতাৰ কাষ চাপে !

 

(১৯)

(Wee Willie Winkie)

নিশাৰ পহৰাদাৰ

 

নিশাৰ পহৰাদাৰ ভীমবৰ পেগু,

প্ৰকাণ্ড মোছেৰে তেওঁৰ অতিকায় বপু;

কাঢ়া ইস্ত্ৰি কৰা পিন্ধি ইউনিফৰ্ম,

চুবুৰীত মাৰে নিশা টহল ‘হৰদম’;

ঘৰে, ঘৰে, চুকে, কোণে, অলিয়ে, গলিয়ে,

ভীমবৰৰ কাঢ়া চকু কোনো সাৰিব নোৱাৰে;

দহবজাৰ লগে লগে সৰু লৰাছোৱালীবোৰ,

খাই বৈ শুই পৰে ভীমবৰ আহিব ‘জৰুৰ’!

থক,থক,থককৈ বাটত লাঠিৰ শব্দ শুনি,

চুবুৰীৰ সৱে জানে পহৰা ‘শুৰু’ হ’ল বুলি।

 

(২০)

(Three Little Kittens)

তিনিটা মেকুৰী পোৱালী

 

তিনিটা মেকুৰী পোৱালী এদিন পুৱাতে উঠি,

কান্দি কান্দি পালেগৈ মাকৰ ওচৰ;

“হাত-মোজা হেৰুৱালোঁ, বিচাৰি নাপালোঁ ক’তো,

কিনো দুখৰ দিন যে আহিল আমাৰ”;

“হাত-মোজা হেৰুৱালা? ভাল কাম নকৰিলা,

খাবলৈ নিদিও মই জলপান আজি”;

তিনিওটা পোৱালী দেহি, খাবলৈ নাপালে একো,

ঘৰতে থাকে বহি কান্দি-কাটি !

 

মেকুৰী পোৱালী কেইটাই হাতমোজা বিচাৰি,

আনন্দত নাছি-বাগি মাকক জনায়;

“চোৱাচোন মা তুমি, হাত-মোজা পালোঁ আমি,

চিন্তাৰ কাৰণ কোনো নাই”;

“হাত-মোজা বিচাৰি পালা? অ’সোণামুৱাকেইটা,

খাবলৈ জলপান দিম বিধে বিধে”,

মাকৰ কথা শুনি তিনিওটা পোৱালীৰ,

লোভতে জিভাৰ পানী পৰে !

 

মেকুৰী পোৱালী কেইটাই, হাত-মোজা পিন্ধি লৈ,

কাঁটা চামুচ ধৰি ধৰি খায়;

খাই-বৈ শেষ কৰি, টেবুলৰ পৰা উঠি,

হাতবোৰ আকৌ এবাৰ চায় ;

মেজত বহি খাওঁতে হাতমোজা বেয়া হ’ল,

সিহঁতে দেহি ক’ব নোৱাৰাকৈ;

মাকে পিছে দেখা পাই গালি দিলে ভালকৈ,

“অসাৱধান” আখ্যা পালে তিনি অভাগাই!

 

তিনিওটা পোৱালী মিলি, চাবোনেৰে ধুই মেলি,

হাত-মোজাবোৰ সিহঁতৰ কৰে পৰিষ্কাৰ;

মাকজনী হ’ল খুচি, সাবটে তিনিওকে ধৰি,

সিহঁতেও ছেগতে এই ধৰে আবদাৰ !

 

মাকে হঠাতে এবাৰ,ওপৰলৈ নাক তুলি,

চিনাকি গোন্ধ এটা পালে,

“ওচৰতে নিগনি আছে, এতিয়াই ধৰিম পিছে,

সকলোৱে খানা খাম আজি লগেভাগে” !

 

 


Post a Comment

0 Comments