এজন পদাৰ্থ বিজ্ঞানীৰ প্ৰেম পত্ৰ

ৰিচাৰ্ড ফেইমেনে পত্নীলৈ লিখা চিঠি 

অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই


অক্টোৱৰ ১৭,১৯৪৬

ড্য’ আৰ্লিন

প্ৰিয়তমা, তোমাক মই খুবেই ভাল পাওঁ ।

মই জানো তুমি এই কথাষাৰ শুনি কিমান ভালপোৱা । আজি পাছে কেৱল তুমি ভালপোৱা বুলিয়েই লিখা নাই-লিখিছো কাৰণ ই মোক তোমালৈ লিখিবলৈ অনুপ্ৰাণিত কৰি তোলে ।

তোমালৈ শেষবাৰৰ বাবে লিখা বহুদিনেই হ’ল –প্ৰায় দুবছৰ । মই জানো তাৰবাবে তুমি মোক ক্ষমা কৰি দিবা । কাৰণ তুমি জানা মই কেনেকুৱা আঁকোৰগোজ, অবাধ্য আৰু বাস্তৱবাদী । মই ভাবিছিলো চিঠি লিখাৰ কোনো যুক্তি নাই ।

প্ৰিয়তমা, মই এতিয়া বুজি উঠিছো যে অতীতত বহুবাৰ মই কি ভুল কৰিলো আৰু আজি সেই ভুলৰ শুধৰণি হোৱা উচিত । মই তোমাক ক’ব বিচাৰো যে মই তোমাক ভালপাওঁ । মই তোমাক ভালপাব বিচাৰো । চিৰদিন তোমাকেই ভালপাই থাকিব বিচাৰো ।

মই এতিয়াও নিজকে বুজাব পৰা নাই- বুজিব পৰা নাই তোমাৰ মৃত্যুৰ পাছতো তোমাক ভালপাই থকাৰ অৰ্থ- কিন্তু মই এতিয়াও তোমাক সুখী কৰিব বিচাৰো, তোমাৰ আব্দাৰবোৰ পূৰ কৰিব বিচাৰো । তেনেদৰেই তুমিও মোক ভালপোৱা, মোৰ যতন লোৱাতো মই বিচাৰো । মই মোৰ সমস্যাবোৰ তোমাৰ লগত আলোচনা কৰিব বিচাৰো- সৰু সৰু কামবোৰ কৰিব বিচাৰো । এই মূহুৰ্তৰ আগলৈকে মই কেতিয়াও ভবা নাছিলো যে আমি কৰিব পাৰিম । আমি বাৰু কি কৰা উচিত? একেলগে কাপোৰ ব’বলৈ শিকা উচিত নে চাইনীজ শিকিম নে চিনেমাৰ প্ৰ’জেক্টৰ কিনিবলৈ যাম ? নাই । মই তোমাৰ অবিহনে তেনেই অকলশৰীয়া-তুমি আছিলা মোৰ ‘বুদ্ধিমতী নাৰী’ আৰু মোৰ সকলোবোৰ ৰোমাঞ্চকৰ অভিযানৰ মূখ্য বিনিয়োগকাৰী ।

যেতিয়া তুমি অসুখত পৰিছিলা তেতিয়া চিন্তিত হৈ পৰিছিলা কাৰণ তুমি ভাৱিছিলা যে তুমি দিব খোজাখিনি আৰু মই বিচৰা খিনি তুমি দিব নোৱাৰিবা । তুমি তাৰবাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই । তেতিয়া কোৱাৰ দৰে আজিও কওঁ যে মোৰ কোনো বাস্তৱিক আৱশ্যকতা নাই কাৰণ মই তোমাক বিভিন্ন প্ৰকাৰে, বিভিন্ন উপায়েৰে বহুত ভালপাওঁ ।এতিয়া এই কথা অধিক স্পষ্ট হৈ পৰিল যে, তুমি মোক একো নিদিলেও মই তোমাকেই ভালপাই থাকিম যাতে তুমি মোৰ আন কাৰোবাক ভালপোৱাৰ পথত থিয় দি থাকা- মই বিচাৰো তুমি যেন সদায়ে সেই পথত থিয় দি ৰোৱা । তুমি মৃত যদিও জীৱিত বহুতকৈ বহু গুণেই শ্ৰেষ্ঠ ।

মই জানো তুমি মোক আশ্বস্ত কৰিবলৈ খুজিবা- ক’বা যে মই নিৰ্বোধ আৰু তুমি মই পুৰ্ণসুখত থকাতো বিচাৰা আৰু মোৰ পথত হেঙাৰ হ’বলৈ নিবিচাৰা । মই বাজী মাৰিব পাৰো তুমি জানি আচৰিত হ’বা যে যোৱা দুবছৰে মোৰ কোনো বান্ধৱী (তোমাৰ বাদে, প্ৰিয়া) নাই ।কিন্তু এইক্ষেত্ৰত তুমি বা মই কোনো সহায় কৰিব নোৱাৰো প্ৰিয়তমা । মই এটা কথা বুজি পোৱা নাই, যোৱা দুবছৰে মই বহু ছোৱালী লগ পাইছো; তাৰে কেইবাজনী খুবেই ভাল আৰু মই অকলে থাকিবও নিবিছাৰো; কিন্তু দুই তিনিবাৰ লগ পোৱাৰ পাছতেই সিহঁতবোৰ ছাই যেন লগা হয় । কেৱল তুমি ৰৈ যোৱা মোৰ বাবে । কেৱল তুমিয়েই মোৰ বাস্তৱ ।

অ’ মোৰ প্ৰিয়তমা পত্নী, মই তোমাক খুবেই ভাল পাওঁ ।

মই মোৰ পত্নীক ভালপাওঁ। মোৰ পত্নীৰ মৃত্যু হৈছে ।

ৰিছ

পুন: চিঠিখন ডাকত দিয়াৰ নহ’ল- ক্ষমা কৰিবা- কিন্তু মই যে তোমাৰ নতুন ঠিকনাটো নাজানো ।

 

অনুবাদকৰ টোকাঃ ৰিচাৰ্ড ফেইমেন এজন বিশ্ববিশ্ৰুত পদাৰ্থবিজ্ঞানী । পাৰমানৱিক বোমা নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য । ন’বেল ব’টা বিজয়ী বিজ্ঞানীজনৰ স্কুলীয়া দিনৰ বান্ধৱী তথা পত্নী আৰ্লিনৰ ১৯৪৫ চনত ২৫ বছৰ বয়সত যক্ষ্মাৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তাৰ ১৬ মাহৰ পাছত ফেইমেনে তেওঁৰ মৃত পত্নীলৈ এখন হৃদয়স্পৰ্শী প্ৰেমপত্ৰ লিখে । বন্ধ লেফাফাত এই পত্ৰখন ১৯৮৮ চনত তেওঁৰ মৃত্যুৰ পাছত আন বহুতো লেখাৰ লগত উদ্ধাৰ কৰা হয়।

Post a Comment

0 Comments