মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন

মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন

অনুবাদকঃ দৰ্শন জ্যোতি ভূঞা, ৰাজনীতি বিজ্ঞান বিভাগ

নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)

 

আমি ভাৰতবৰ্ষক বিশ্বৰ সৰ্ববৃহৎ তথা উন্নয়নশীল দেশসমূহৰ ভিতৰত সকলোতকৈ পুৰণি গণতন্ত্ৰ বুলি গৰ্ব কৰাৰ বহুত থল আছে। গণতন্ত্ৰই সকলোকে কেৱল বাক স্বাধীনতাৰ অধিকাৰ দিয়াতে ক্ষান্ত নাথাকি অন্য কিছুমান ব্যৱহাৰিক লাভালাভো আমাৰ বাবে আগবঢ়ায়। বৰ্তমান যেতিয়া দেশে এক গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰে যুঁজি আছে গতিকে এনে এক প্ৰয়োজনীয় সময়ত আমি সেই লাভালাভ/সুবিধা সমূহৰ সুব্যৱহাৰ কৰিব পাৰিছো নে নাই সেয়া নিতান্তই আমি সকলোৱে সুধিবলগীয়া এক প্ৰশ্ন।

আহক প্ৰথমে অলপ ইতিহাসৰ পাত লুঁটিয়াও। ব্ৰিটিছ ৰাজ শেষ হোৱাৰ পিছতে গঠিত হোৱা ভাৰত গণৰাজ্যই আৰম্ভণিৰে পৰাই স্বাৱলম্বী হোৱাৰ মন মেলিছিল। স্বৈৰাচাৰী ব্ৰিটিছ শাসনৰ সময়ছোৱাত সহজলভ্য দূৰ্ভিক্ষসমূহ ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নাইকিয়া হৈ পৰিছিল। স্বাধীনতা লাভৰ প্ৰাকক্ষণত মই শিশু অৱস্থাতে প্ৰত্যক্ষ কৰা ১৯৪৩ৰ বংগ দূ্ৰ্ভিক্ষই ভাৰতত ঊপনিৱেশিক শাসনৰ অন্ত পেলাইছিল। ভাৰতে তেতিয়াৰ পৰা কোনো দুৰ্ভিক্ষৰ সন্মুখীন হোৱা নাই আৰু স্বাধীনতা লাভৰ আৰম্ভণিৰ দশক কেইটাত দেখা পোৱা তেনে সম্ভাৱনাসমূহকো অতি সাৱধানেৰে দমন কৰা হৈছিল। পিছে এয়া সম্ভৱ হ’ল কিদৰে? গণতন্ত্ৰই এখন চৰকাৰক দূৰ্ভিক্ষ নোহোৱা কৰিবৰ বাবে বিভিন্ন ধৰণে উৎসাহ যোগায়। ৰাজহুৱা আলোচনা তথা নিৰ্বাচন আদি কাৰণৰ বাবে চৰকাৰ এখনে জনগণৰ প্ৰয়োজনৰ প্ৰতি উপযুক্ত পদক্ষেপ ল’বলৈ বাধ্য হয়। পিছে অকল নিৰ্বাচনৰ বাবেই এয়া সম্ভৱ হৈ নুঠে। কেৱল মাত্ৰ মুক্ত নিৰ্বাচনৰ এক ব্যৱস্থা হিচাপে গণতন্ত্ৰক বুজাটো কেতিয়াও সম্ভৱ নহয় কাৰণ নিৰ্বাচন এক বাৰে বাৰে হোৱা প্ৰক্ৰিয়া আৰু সাধাৰণতে প্ৰতিটো নিৰ্বাচনৰ মাজতে এক দীঘলীয়া বিৰতি থাকে। আৰু এই বিৰতিৰ সময়ছোৱাৰ ৰাজনৈতিক ঘটনাৱলীসমূহে নিৰ্বাচনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। উদাহৰণস্বৰূপে আমি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰৰ কথা ক’ব পাৰো, ১৯৮২ৰ ফ’কলেণ্ড যুদ্ধৰ আগলৈকে নিৰ্বাচনত পিছুৱাই থকা থেচাৰে যুদ্ধ শেষ হোৱাৰ লগে লগে অভাৱনীয় অগ্ৰগতি লাভ কৰিছিল (যিটো শাসকীয় চৰকাৰৰ বাবে এক সাধাৰণ পৰিঘটনা) আৰু সহজেই ১৯৮৩ৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

সাধাৰণ নিৰ্বাচনে সাধাৰণতে নিম্ন সদনত সংখ্যাগৰিষ্ঠতা পোৱাকে বুজায়। কিন্তু ভোটিং ব্যৱস্থাত সংখ্যালংঘুৰ আগ্ৰহ বা অধিকাৰক লৈ তেনে কোনো আনুষ্ঠানিক নিয়ম নাই। গতিকে, যদি নিৰ্বাচনত সকলোৱে নিজৰ ব্যক্তিগত আগ্ৰহ অনুসৰি ভোট দিবলৈ লয়, তেতিয়া হয়তো নিৰ্বাচনে দূৰ্ভিক্ষৰ আক্ৰান্ত সকলৰ ৰক্ষক হৈ নুঠিল হয় কিয়নো দূৰ্ভিক্ষত জনসাধাৰণৰ এক ক্ষুদ্ৰ অংশহে আক্ৰান্ত হয়। অৱশ্যে, স্বাধীন সংবাদ মাধ্যম আৰু আলোচনা আদিয়ে সাধাৰণ মানুহে সন্মুখীন হোৱা এনে দূৰ্যোগ – বিপত্তিসমূহ জনাজাত কৰি দিয়াৰ লগতে চৰকাৰৰ কি স্থিতিৰ বাবে এনে হ’বলৈ পালে তাকো ৰাইজৰ মাজলে লৈ যায়। যিহেতু চৰকাৰ চলোৱাসকল, দলসমূহো মানৱ দুৰ্দশা বুজিবলৈ সক্ষম আৰু সেয়েহে হয়তো তেওঁলোকো ৰাজহুৱা আলোচনা আদিৰ যোগেদি লাভ কৰা তথ্য, বিৱৰণী আদিৰ দ্বাৰা প্ৰভাৱিত হয়।

যদিও জনসংখ্যাৰ এক ক্ষুদ্ৰ অংশহে দূৰ্ভিক্ষৰ কৱলত পৰে তথাপিও কিন্তু সংবাদ মাধ্যম তথা আলোচনা আদিৰ দ্বাৰা সমস্যাৰ বিষয়ে জ্ঞাত সংখ্যাগুৰু সকলে চৰকাৰখনক প্ৰতিক্ৰিয়াশীল কৰি তুলিব পাৰে। এয়া দুই ধৰণে সম্ভৱ হ’ব পাৰে, হয়তো সমবেদনাৰ বশৱৰ্তী হৈ (যদি চৰকাৰখনে সঁচাকৈয়ে চিন্তা কৰে) বা চৰকাৰখনৰ নিষ্ক্ৰিয়তাৰ বাবে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বিদ্বেষৰ ফলত (যেতিয়া চৰকাৰখন সম্পূৰ্ণৰূপে চিন্তাশূন্য হৈ ৰয়)। জন ষ্টুৱাৰ্ট মিলৰ গণতন্ত্ৰৰ বিশ্লেষণ “আলোচনাৰ মাধ্যমেৰে শাসন”য়ে দুৰ্ভিক্ষৰ পৰা উদ্ধাৰকাৰী সকলক চিনাক্ত কৰাত সহায় কৰে, যি বিশেষকৈ এক মুক্ত সংবাদ মাধ্যম আৰু অনিয়ন্ত্ৰিত আলোচনাই হয়। সামাজিক দুৰ্যোগৰ সৈতে মোকামিলা কৰা কামটো কোনো যুদ্ধৰ দৰে নহয়, য’ত নেকি নেতাজনৰ সিদ্ধান্তক কোনো ধৰণৰ সমালোচনা অবিহনে মানি চলাটোহে উত্তম। কিন্তু তাৰ বিপৰীতে সামাজিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ সময়ত অংশগ্ৰহণকাৰী চৰকাৰৰ সমান্তৰালকৈ সক্ৰিয় ৰাজহুৱা আলোচনাৰো সমানে প্ৰয়োজন। দুৰ্ভিক্ষৰ বলি হোৱা সকলো হয়তো আন দুৰ্যোগ আক্ৰান্ত সকলৰ দৰেই সমাজৰ চহকী শ্ৰেণীটোৰ পৰা সামাজিকভাৱে নিলগত থাকে, কিন্তু এঁওলোকৰ সমস্যাক লৈ হোৱা ৰাজহুৱা আলোচনাই চৰকাৰ বা নীতি নিৰ্মাতাসকলক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। নেপ’লিয়ন নিশ্চয় আদেশ শুনাতকৈ আদেশ দিয়াত বেছি পাৰ্গত আছিল আৰু এই গুণে তেওঁৰ সামৰিক সফলতাত কোনো বাধাৰ সৃষ্টি কৰিব পৰা নাছিল (ৰাছিয়া আগ্ৰাসনৰ বাহিৰে নিশ্চয়)। তথাপি কিন্তু সামাজিক দুৰ্যোগ এটাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত মতামত শুনাতো সদায়ে উপযোগী। এয়া মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰতো একেই, এনে এক পৰিস্থিতিত য’ত অলপ সক্ষম সকল বেমাৰত আক্ৰান্ত হোৱাক লৈ চিন্তাত থাকে তাৰ বিপৰীতে আন এচামে কিন্তু উপাৰ্জনক লৈহে চিন্তাত থাকিব লগীয়া হয় ( যি হয়তো মহামাৰীৰ ফলত বা মহামাৰীৰ সৈতে মোকাবিলা কৰিবৰ বাবে লোৱা পদক্ষেপ সমূহ যেনে লকডাউনৰ ফলত প্ৰভাৱান্ৱিত হ’ব পাৰে) আৰু ঘৰৰ পৰা যথেষ্ট দূৰত থাকি কাম কৰা প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ বাবে ঘৰলৈ ঘূৰি যোৱাৰ উপায়ৰ চিন্তাও থাকে। এনে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জড়িত সকলো শ্ৰেণীৰ প্ৰতিটো সমস্যাৰে সম্বোধন যথেষ্ট প্ৰয়োজনীয় আৰু এয়া কৰাৰ বাবে অংশগ্ৰহণকাৰী গণতন্ত্ৰৰ প্ৰয়োজন, বিশেষকৈ যেতিয়া সংবাদ মাধ্যম মুক্ত, ৰাজহুৱা আলোচনাসমূহ অনিয়ন্ত্ৰিত আৰু চৰকাৰী নীতি নিৰ্দেশনাসমূহ মতামত আৰু পৰামৰ্শৰ দ্বাৰা নিৰ্মাণ কৰা হয়। 

শেহতীয়াকৈ ক’ভিদ ১৯ৰ ফলত ভাৰতত সৃষ্টি হোৱা দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ বিয়পাৰ ক্ষেত্ৰত চৰকাৰ চিন্তিত হোৱাটো নিশ্চয় এক ভাল দিশ। এনে ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো যথেষ্ট প্ৰয়োজনীয় আৰু এই উপায়ক ভাৰতীয় নীতি-নিৰ্দেশনাতো চামিল কৰা হৈছে। তথাপি কিন্তু সমস্যাৰ সৃষ্টি ইয়াতে হয় যে যেতিয়া সংক্ৰমণ ৰোধৰ বাবে কেৱল এক ধৰণৰ নিয়মৰ প্ৰৱৰ্তন কৰা হয় আৰু ই আন নিয়মসমূহৰ সৈতে পক্ষপাতৰ সৃষ্টি নকৰে, বিশেষকৈ যেতিয়া ইয়াৰে কিছুমানে হয়তো লাখ লাখ দৰিদ্ৰৰ জীৱনলৈ দুৰ্যোগ কঢ়িয়াই আনিব বা অন্য নিয়মসমূহে হয়তো বিভিন্ন আঁচনিৰ জৰিয়তে এনে যন্ত্ৰণা সমূহ কম হে কৰিব পাৰে।

দৰিদ্ৰৰ বাবে সংস্থাপন আৰু উপাৰ্জন হ’ল তেওঁলোকৰ প্ৰথম চিন্তা আৰু যেতিয়াই ইয়াৰ ওপৰত সংকটৰ সৃষ্টি হয় তেনে ক্ষেত্ৰত সেয়া সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা লোৱাটো নীতি-নিৰ্মাতাসকলৰ এক দায়িত্ব। এনে পৰিপ্ৰেক্ষিতত এয়া কোৱাটো সমীচীন হ’ব যে আকাল বা দুৰ্ভিক্ষৰ অপৰ্যাপ্ত উপাৰ্জন আৰু খাদ্যবস্তু কিনাৰ অক্ষমতাৰ লগত সম্পৰ্ক আছে (ইতিমধ্যে বহু অৰ্থনৈতিক সমীক্ষাই এয়া প্ৰমাণ কৰি গৈছে)। হঠাতে ঘোষণা কৰা এই লকডাউনে যদি লাখ লাখ শ্ৰমিকৰ উপাৰ্জনৰ পথ বন্ধ কৰি দিয়ে তেন্তে সৰু সুৰা কোনো দুৰ্ভিক্ষ বৰ দূৰত নাই। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰ যাক সাধাৰণতে এক উৎকৃষ্ট অৰ্থনীতি বুলি ধৰা হয় (বহুক্ষেত্ৰত এয়া সঁচাও), তাতো নিবনুৱা তথা দুখীয়াসকলৰ বাবে বিভিন্ন অৰ্থনৈতিক সাহায্য আগবঢ়োৱা হৈছে। আমেৰিকাত উদ্ভৱ হোৱা এনে বিভিন্ন সামাজিক সুৰক্ষামূলক পদক্ষেপৰ আঁৰত কিন্তু ৰাজহুৱা আলোচনা, বিৰোধীৰ সমৰ্থন আদিয়ে বিশেষ ভূমিকা পালন কৰিছিল।

ভাৰতত দৰিদ্ৰসকলক বঞ্চনা তথা অভাৱৰ পৰা আতঁৰাই ৰখাৰ ক্ষেত্ৰত সংস্থাগত তন্ত্ৰই যদিও ইয়াৰ সৈতে জড়িত অৰ্থনীতিৰ দিশটোকো মন কৰিব লগীয়া হয়, কিন্তু সম্ভৱ সুৰক্ষামূলক ব্যৱস্থাসমূহৰ বিবেচনা কৰাটো বৰ কঠিনো নহয়, যেনে দৰিদ্ৰৰ সহায়ৰ বাবে অধিক ৰাজহুৱা নিধিৰ প্ৰয়োগ (কেন্দ্ৰীয় বাজেটত যাৰ আবণ্টন তুলনামূলকভাৱে কম), ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো ভোজনৰ ব্যৱস্থা আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামসমূহত অব্যৱহৃত হৈ পৰি থকা ৬০ মিলিয়ন টন চাউল আৰু ঘেঁহুৰ ব্যৱহাৰ আদি। প্ৰবজিত শ্ৰমিকসকলক তেওঁলোকৰ ঘৰলৈ পঠিওৱা, পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ স্বাস্থ্যৰ যতন লোৱা আদি বিভিন্ন প্ৰত্যাহ্বানমূলক কাৰ্য সম্পাদনৰ বাবে উচিত পৰামৰ্শ অবিহনে লোৱা অনমনীয় সিদ্ধান্ততকৈ সাৱধানকৈ শুনাতোহে বেছি প্ৰয়োজন।

কোনো সামাজিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত শুনাটো চৰকাৰৰ বাবে প্ৰয়োজনীয়- সমস্যাসমূহ কি কি, ক’ত ক’ত সমস্যাই দেখা দিছে আৰু ভুক্তভোগী সকল আচলতে কেনেকৈ প্ৰভাৱিত হৈছে এইবোৰ শুনিব লাগে। সংবাদ মাধ্যমক নিয়ন্ত্ৰণ আৰু অসন্তুষ্টসকলক শাস্তিৰ ভয়েৰে ভীতিপ্ৰদৰ্শন কৰাতকৈ (আৰু তাৰ পিছতো ৰাজনৈতিকভাৱে বিবাদহীন হৈ থকা) তথ্যভিজ্ঞ ৰাজহুৱা আলোচনা সমূহ শুনিলে চৰকাৰৰ বেছিহে সহায় হ’ব। মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগত।


Post a Comment

0 Comments