মিজো সাধু - কাঠফুলাবোৰ কেনেকৈ সৃষ্টি হৈছিল
অনুবাদ - জ্যোতিস্মিতা শইকীয়া, তেজপুৰ কলেজ
অতি পুৰণি কালৰ কথা, দুই বাই-ভনীয়ে তেওঁলোকৰ তিঁয়হৰ খেতিডৰাত খোৱাৰ উপযুক্ত তিঁয়হ ছিঙি আছিল।সৰুগৰাকীয়ে
যথেষ্টসংখ্যক তিঁয়হ ছিঙি গোটাইছিল যদিও ডাঙৰগৰাকীয়ে ইমানকৈ বিচৰাৰ পাচতো এটাও ভাল তিঁয়হ গোটাব পৰা নাছিল।
সেয়েহে বায়েকে ভনীয়েকগৰাকীক
তেওঁৰ ভাগৰ পৰাই কেইটামান দিবলৈ ক'লে। কিন্তু
ভনীয়েকে ক'লে যে আটাইবোৰ তিঁয়হ ঘৰলৈকে লৈ যোৱাটোহে ভাল হ'ব যাতে মাক-দেউতাকৰ লগত একেলগে
বহি খাব পৰা যায়।
তাকে শুনি বায়েকে মনটো তেনেই মাৰি পেলালে।শোকে-ক্ষোভে-অভিমানে জৰ্জৰিত হৈ তেওঁ ভৰিৰ তলৰ মাটিৰ ঢিপটোক তেওঁক গিলি পেলাবলৈ আহ্বান জনালে আৰু কবলৈ ক ধৰিলে যে- "হে বসুমতি আই, মোৰ চেনেহৰ ভনীজনীয়ে মোক এটা তিঁয়হো নিদিলে।মোক তোমাৰ মাজত ঠাই দিয়া হে আই।" ঢিপটোয়ে ক্ৰমান্বয়ে তাইক এনেকৈ গিলিবলৈ ধৰিলে যে শেষত কেৱল মূৰটোহে ওলাই থকা দেখিবলৈ পোৱা গ'ল।
কিছু সময় পাছতে ভনীয়েক
ঘৰলৈ ঘূৰি গ'ল। ইতিমধ্যে মাক-দেউতাকো পথাৰৰ পৰা উভতি আহিল।আহিয়েই তেওঁলোকে তাইক প্ৰশ্ন
কৰিলে,"বাইদেৱৰা ক'ত?"
ভনীয়েকে কোনো কথা নুলুকোৱাই সঁচাটোকে ক'লে যে তাই তিঁয়হৰ ভাগ নিদিয়া
বাবেই বায়েকে বসুমতীক আহ্বান জনালে যাতে তাইক গিলি পেলায়।
সেইকথা শুনি স্বাভাৱিকতে
দুয়ো পিতৃ-মাতৃৰ মূৰত সৰগ ভাগি পৰিল ।তেওঁলোকে তাইক ক'লে যাতে তাই এবাৰ পথাৰলৈ গৈ বায়েকক
মাতি ঘূৰাই আনিবলৈ চেষ্টা কৰেগৈ।তাইও সেইমতে পথাৰ পালেগৈ।ইনাই-বিনাই মাতিবলৈ ধৰিলে,"বাইদেউ,অ'
বাইদেউ!অনুগ্ৰহ কৰি ঘূৰি আহা।আয়ে তোমালৈ দামী অ্যাম্বাৰ পাথৰৰ মালা আনি দিব।পিতায়েও ব্ৰাজেন টিলিঙা কিনি আনি দিব।"
বায়েক লাহে লাহে উঠি,আঁঠুলৈকে ওলাই আহিল।
তেনেতে,হঠাৎ এটি
কান্দোনৰ ৰোল শুনিবলৈ পোৱা গ'ল।গম পোৱা গ'ল যে নিষ্ঠুৰ মূৰ-কটা নগাহঁত আহি ওলালহি!
সিহঁতে আঁঠুলৈকে মাটিত পোত গৈ থকা বায়েকজনীৰ মূৰটো ধৰি মুচৰি দিলে!ফলত,বেচেৰীয়ে
তাইৰ পোত গৈ থকা ভৰিহাল হেৰুৱাব লগা হ'ল।সেই ভৰিদুখনেই কালক্ৰমত কাঠফুলালৈ ৰূপান্তৰ
হ'ল।
তুমি বিশ্বাস কৰিলেও,নকৰিলেও,কোৱা হয় যে এনেকৈয়ে হেনো কাঠফুলাৰ সৃষ্টি হৈছিল।
0 Comments