বক্তৃতাঃ ১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ ভাষণ

 ১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰতত্যাগ আন্দোলনৰ ভাষণ

অনুবাদ ঃ মুনমুন সৰকাৰ শইকীয়া


মূল কথা আৰম্ভ কৰাৰ আগতেই
 মই দুটামান কথা ক'ব বিচাৰো, মই দুটামান কথা বুজাই দিব খুজিছোঁ আৰু কথা কেইটাআমাৰ বাবে দৰকাৰী বুলি ভাবোঁ। মই বিচাৰোঁ যে কথা কেইটা আপোনালোকে মোৰ দৃষ্টিভংগীৰে চাওঁক তেন্তে আপোনালোক সুখী হ'ব পাৰিব।

এয়া এক মহান জবাবদিহী। বহুসংখ্যক মানুহে মোক সোধে মই ১৯২০ চনত যি আছিলোঁ এতিয়াও তেনেকুৱা ই আছোঁ নে? মই পৰিৱৰ্তন হৈছোঁ নেকি? এনে প্ৰশ্ন সোধাৰ অধিকাৰ আপোনালোকৰ আছে

মই অচিৰেই আপোনালোকক আশ্বাস দিম যে মই ১৯২০ত থকাৰ দৰে একেই মোহনদাস। মই নিজৰ আত্মসন্মানক বিকি দিয়া নাই ।

আজিও হিংসাক সিমানেই ঘৃণা কৰোঁ যিমানলৈকে সৌ সিদিনা কৰিছিলোঁ। আনকি মোৰ সামৰ্থ বেগাই বিকশিত হৈ আছে। মোৰ বৰ্তমানৰ প্ৰস্তাৱ আৰু আগৰ লেখনিৰ মাজত বিৰূদ্ধাচাৰণ নাই।

বৰ্তমান যিদৰে সুযোগ সবৰে হাতলৈ নাহে, কিন্তু কেতিয়াবা কেতিয়াবা দুই এজনৰ জীৱনলৈ নিশ্চয় আহে। মই বিচাৰোঁ যে আপোনালোকে এই কথাটো বোধগম্য কৰক যে অহিংসাতকৈ শুদ্ধ আৰু একো নাই, এই কথাষাৰ মই আজি কৈ আছোঁ আৰু অহিংসাৰ পথত আগবাঢ়ি গৈয়ো আছোঁ।

আমাৰ কাৰ্যকৰী সমিতিৰ প্ৰস্তাৱনাও অহিংসাৰ ওপৰত আধাৰিত, আৰু আমাৰ আন্দোলনৰ প্ৰত্যেকটো তথ্য অহিংসা বিশ্বাসী।

যদি কোনোবাই অহিংসা বিশ্বাস নকৰে তেন্তে অনুগ্ৰহ কৰি এই প্ৰস্তাৱনাৰ পক্ষে ভোটদান নকৰিব।

মই আজি এটা কথা পৰিষ্কাৰকৈ ক'ব খোজোঁ। ঈশ্বৰে মোক অহিংসা নামৰ মূল্যৱান অস্ত্ৰ এপাত দিছে। মই আৰু মোৰ অহিংসা নীতিয়েই আমাৰ ভৱিষ্যতৰ পথ।

বৰ্তমান সময়ত য'ত নেকি পৃথিৱীখনক হিংসাৰ জুইয়ে আগুৰি ধৰিছে আৰু মানুহে মুক্তি বিচাৰি হাহাকাৰ কৰিছে , ময়ো ঈশ্বৰপ্ৰদত্ত জ্ঞান প্ৰয়োগত বিফল হৈছোঁ, ঈশ্বৰে মোক কেতিয়াও ক্ষমা নকৰে। মই তেওঁ দিয়া উপহাৰটোক সময়মতে বুজি উঠিবলৈ সক্ষম নহ'লো। কিন্তু এতিয়াৰ পৰা মই অহিংসাৰ পথেৰেই আগবাঢ়িম। এতিয়া ভীতিগ্ৰস্ত নোহোৱাকৈ আগবাঢ়ি যাব লাগিব।

আমাৰ এই যাত্ৰা ক্ষমতালাভৰ নহয় বৰঞ্চ ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে অহিংসাত্মক যুঁজৰ হে। হিংসাত্মক যাত্ৰাত একনায়কত্ববাদৰ সম্ভাৱনা প্ৰবল য'ত নেকি অহিংসাৰ পথত একনায়কত্বৰ বাবে ঠাই নাই। এজন অহিংসাৰ পথত চলা সৈন্যই নিজৰ বাবে একো নিবিচাৰে , সি কেৱল দেশৰ স্বাধীনতাৰ হকে যুদ্ধ কৰে। কংগ্ৰেছৰ এই কথাক লৈ অকনো মূৰ কামোৰণি নাই যে স্বাধীনতাৰ পিছত দেশত কোনে শাসন কৰিব।

স্বাধীনতাৰ পিছত যি শক্তি একগোট হৈ ওলাই আহিব তাৰ পোনপটীয়া সম্পৰ্ক দেশৰ জনসাধাৰণৰ লগত থাকিব আৰু জনসাধাৰণে এইটো নিশ্চিত কৰিব যে শাসনভাৰ কাৰ হাতত দিয়া উচিত। এনেকুৱাও হ'ব পাৰে যে ভাৰতৰ জনতাই দেশখন পেৰিছৰ হাতত দিব খোজে। কংগ্ৰেছে প্ৰত্যেকটো সমুদায়ক একতাৰ বান্ধোনেৰে বান্ধি ৰাখিব খোজে সিহঁতৰ মাজত বিভাজন আনিব নোখোজে।

স্বাধীনতাৰ পিছত ভাৰতৰ জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী যিকোনো দলক দেশৰ শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিব পাৰে আৰু এবাৰ এই দায়িত্ব অৰ্পণ কৰাৰ পিছত জনসাধাৰণেও শাসকৰ মতেই চলিব লাগিব।

মই জানো যে অহিংসা স্বয়ংসম্পূৰ্ণ নহয় আৰু এয়াও জানো যে আমি অহিংসাৰ প্ৰকৃত ভাৱধাৰাৰ পৰা বহু দূৰত আছোঁ। কিন্তু অহিংসাই এটা পথ যত বিফলতাৰ কথা নাই। মোৰ দৃঢ় বিশ্বাস সৰু সৰু কামবোৰ কৰি কৰিয়েই ডাঙৰলৈ হাত মেলিব পাৰিম। এয়া এইকাৰণে সম্ভৱ যে আমাৰ সংঘৰ্ষ দেখি ঈশ্বৰেও আমালৈ সহায়ৰ হাত আগবঢ়াবলৈ প্ৰস্তুত হয়।

মোৰ বিশ্বাস যে পৃথিৱীৰ কোনো এখন দেশেই আমাৰ দৰে গণতান্ত্ৰিক দেশ এখন পাবলৈ সংঘৰ্ষ কৰা নাই। যেতিয়া মই পেৰিছত আছিলোঁ তেতিয়া মই কাৰ্লাইল ফ্ৰেন্স প্ৰস্তাৱনা পঢ়িছিলোঁ আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে মোক ৰাছিয়াৰ প্ৰস্তাৱনাৰ বিষয়ে কিছু কথা কৈছিল। কিন্তু মই দৃঢ় বিশ্বাসী যে হিংসাত্মক আন্দোলনেৰে স্বাধীনতা পাব খুজিলে গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ বুজি পোৱাত মানুহ বিফল হ'ব।

যি গণতন্ত্ৰৰ কথা মই ভাবি থৈছোঁ সেই গণতন্ত্ৰৰ নিৰ্মাণ অহিংসাৰে হ', 'ত প্ৰত্যেকেই সমানেই স্বাধীন হ'ব আৰু সমানাধিকাৰ থাকিব। প্ৰত্যেকেই নিজেই নিজৰ শিক্ষক হ'ব। আৰু এই গণতন্ত্ৰৰ নিৰ্মাণাৰ্থে আজি মই আপোনালোকক নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। এবাৰ যদি কথাখিনি বুজি উঠে তেন্তে হিন্দু-মুছলমানৰ মাজত থকা বিভেদ পাহৰি যাব। তেতিয়া কেৱল এজন ভাৰতীয় হৈ আপুনি চিন্তা কৰিব আৰু স্বাধীনতাৰ যুঁজত সংগী হ'ব।

এতিয়া প্ৰশ্নটো হ'ল ব্ৰিটিছৰ প্ৰতি আপোনালোকৰ ব্যৱহাৰৰ। মই দেখিবলৈ পাইছোঁ বহুতেই ব্ৰিটিছৰ প্ৰতি এক ঘৃণাৰ ভাৱ পুহি ৰাখিছে। কিছুমানৰ মতে তেওঁলোক ব্ৰিটিছৰ ব্যৱহাৰত অতীষ্ঠ হৈ উঠিছে। কিছুমানে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ব্ৰিটিছ মানুহৰ মাজৰ পাৰ্থক্য পাহৰি পেলাইছে। দুয়োকে একাকাৰ কৰি পেলাইছে।

তেওঁলোকৰ এই ঘৃণাৰ মনোভাৱে জাপানী সকলক আমন্ত্ৰণ জনাইছে। এয়া আৰু ভয়ংকৰ হ'বগৈ। ইয়াৰ অৰ্থ হ'ব পৰাধীনতাৰ অদল বদল কৰা। এই ধাৰণাটো আমি আমাৰ মন-মগজুৰ পৰা উলিয়াই পেলাব লাগে। আমাৰ যুদ্ধ ব্ৰিটিছ মানুহৰ লগত নহয় তেওঁলোকৰ সাম্ৰাজ্যবাদৰ লগতহে। ব্ৰিটিছৰ শাসনৰ ওৰ পেলোৱাৰ মোৰ প্ৰস্তাৱটো খঙেৰে পুৰ কৰিব নোৱাৰি। ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ কাৰণে ই একো ভাল কথা হোৱা নাই যে ব্ৰিটিছে জোৰ জবৰদস্তি আমাৰ পৰা পইছা কাঢ়ি নিছে।

আমি আমাৰ মহাপুৰুষৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰিম। মই জানো ব্ৰিটিছ চৰকাৰে আমাৰ স্বাধীনতা কাঢ়ি ল'ব নোৱাৰে কিন্তু তাৰ বাবে আমি একগোট হ'ব লাগিব। সেয়ে আমি ঘৃণাৰ পৰা আতৰি থাকিম। নিজৰ বিষয়ে এষাৰ ক'ম যে মই কেতিয়াও কাৰো প্ৰতি ঘিণভাৱ ৰখা নাই। আনকি মই এইটোহে ভাবোঁ যে মই বৃটিছৰ আটাইতকৈ ভাল বন্ধুৰ ভিতৰত এজন।

আজি সিহঁত বিচলিত নোহোৱাৰ এটাই কাৰণ মোৰ বন্ধুত্ব। মোৰ দৃষ্টিত সিহঁত এতিয়া নৰকৰ দ্বাৰত উপস্থিত হৈছেগৈ। মোৰ কৰ্তব্য এয়াই যছ আসন্ন বিপদৰ বিষয়ে মই তেওঁলোকক আহ্বান জনাও। এইসময়ত যেতিয়া নেকি মই নিজৰ জীৱনৰ আটাইতকৈ সংঘৰ্ষৰ আৰম্ভণি কৰিবলৈ গৈ আছোঁ, মই নিবিচাৰোঁ যে কাৰো মনত কাৰোবাৰ প্ৰতি ঘৃণাৰ উদ্ৰেক হওঁক।

 

সম্পাদকীয় টোকাঃ ১৯৪২ চনত ৮ আগষ্ট তাৰিখত মহাত্মা গান্ধীয়ে বোম্বেত এই ভাষণ প্ৰদান কৰিছিল।

Post a Comment

0 Comments