শ্ৰীজাতৰ দুটি কবিতা

 শ্ৰীজাতৰ দুটি কবিতা

অনুবাদ : পংকজ কুমাৰ নেওগ


মূল: আমি ভালো নেই

আই, মই নৰিয়াপাটিত

 

আই, মই এতিয়া নৰিয়া পাটিত

কথাটো তোক জনাওঁ বুলিয়েই আছিলোঁ;

কিন্তু কিয় জানো কুণ্ঠা বোধ হ;

মই যে তোক কাহানিও সোধা নাই,

আই, তই কেনে আছ বুলি ।

 

আজন্ম তোৰ চেনেহবোৰ লভি

পোৱাৰ অভ্যাস চোন মোৰ বাবে

হৈ পৰিছে এক অধিকাৰ,

এক প্ৰকাৰ ধৰিয়েই লৈছোঁ ভালপোৱা

কেৱল তোৰেই কৰ্ত্তব্য,

মোৰ অলপো নহয়।

 

আই, তই আছনে কুশলে বাৰু ?

কিদৰে থাকিবি কুশলে ?

ভৰা সংসাৰ, ভৰা পকেটেৰেও

জীৱন ডিঙ্গা মোৰ  আজি নাজল-নাথল;

শূণ্য এক গৃহত শূন্য হৃদয়েৰে

চলে জানো তোৰ একাকী জীৱন ?

 

পুৰণি বাতৰ বিষটো

পাইছনে অলপ বাৰু ভাল ?

মই পাহৰিছোৱেই

তই মোক কৈছিলি এবাৰ,

বিষটোৱে পুনৰ উক দিছিল বুলি

তোক হেনো বাৰুকৈয়ে দিছে আমনি

কথাবোৰ আজিকালি যে বৰকৈ পাহৰা হলোঁ !

 

তথাপি আই, মোৰ এনে ভাৱ হয়

মোক তই চেনেহ কৰ আগৰ দৰেই,

যন্ত্ৰণাত তই মোক চেনেহৰ পৰশৰে

দিবি আলফুলে শিৰত হাত বুলাই।

 

কথা এটি গুপুতে তোক সুধিছোঁ আজি

তোৰ ভালপোৱাত ক্লান্তি কিয় বাৰু নাই ?

ক্লান্তিৰ ডাৱৰে ঢাকে মোৰ ভালপোৱাৰ সীমনা

মালবিকাৰ ভালপোৱাও আড়ষ্ট হৈ ৰয়,

কেৱল তোৰ ভালপোৱাখিনিহে নিতে সজীৱ অক্লান্ত

কিয় তেনে বাৰু, কবিনে মোক আই ?

 

অতি সোনকালে তোৰ ওচৰ চাপিম

বুকুখনত অলপ দিবিনে হাত বুলাই ?

যন্ত্ৰণাত পৰি আছোঁ বৰ ছটফটাই,

আছোঁ সঁচাকৈয়ে তোলৈ দিনবোৰ চাই।

 

আকাশ চুবলৈ আহিছিলোঁ সাত সাগৰ পাৰ হৈ,

আকাশখন আকাশতে থাকিল;

ভৰিৰ পৰাহে মাথোঁ মাটি আঁতৰি গ;

আই – তই বুকুৰ পৰা আঁতৰিলি

লোক, জন সকলো পৰ হৈ নাইকিয়া হ !

 

জনাকীৰ্ণ নিউইয়ৰ্কৰ পথত

ধৰিবলৈ আজিকালি

তোৰেই আঙুলি বিচাৰি ফুৰোঁ;

কোনোবা জয়াল এখন হাবিত,

মোৰ যে হেৰাই যোৱাৰ বৰ ভয়।

সিহঁত সকলোবোৰ মোৰ বাবে অপৰিচিত

কথা পাতিলেও সৰ্বক্ষণ হৃদয়ৰ সংযোগ বিচ্ছিন্ন

স্পৰ্শ কৰিলেও যেন সকলো অনুভূতিহীন।

 

আই, তই জান বোধকৰোঁ –

অভ্যাসৰ এটা ক্ষয়িষ্ণু ক্ষমতা আছে;

অমৃতো শনৈঃ লুণীয়া যেন ভাৱ হয় !

তোৰ বুকুভৰা ভালপোৱাও যেন

অভ্যাসত লাহে লাহে পৰিণত হৈছিল।

প্ৰতিদিন মধুপৰ্কৰ অমৃত আস্বাদে

মৌক জানো মৌ কৰি ৰাখে ?

আজি বহু যোজন দূৰৈত স্নেহচ্যুত হৈ

সাত সাগৰৰ পাৰত,

তোৰ ভালপোৱাখিনিৰ বাবে

আকুল হৈ আছোঁহি পৰি!

 

ক্ষয়িষ্ণুতাৰ কাৰণে হয়তো মালবিকাৰ প্ৰেমো

আজিকালি নিৰুদ্বেগ, নিতাপ;

আমাৰ সম্পৰ্কও মাথোঁ যেন আজি

ৰস-গন্ধহীন অলস অভ্যাস;

নদী আছে, সোঁত নাই,

বায়ু আছে, বেগ নাই,

জীৱন আছে, প্ৰৱাহ নাই।

সকলো নিদাৰুণ স্থাণু বৰ্ত্তমান !

 

তইয়েই কছোন বাৰু আই,

জীৱনত প্ৰৱাহ কিদৰে ধৰি ৰখা যায় ?

মাজে মাজে ভাৱ হয়;

অভ্যাসৰ আসক্তিয়েই ইয়াৰ কাৰণ,

চিনাকি ঘৰ, চিনাকি জগতৰ বাহিৰত

খোজ দিবলৈ আমাৰ যে বৰ ভয়

মানুহে হৃদয়ঙ্গম কৰে অভ্যাসতে জীৱনৰ মৃত্যু,

অথচ অভ্যাস কদাপি নহয় কাৰো পৰিত্যজ্য !

সেয়েহে হেৰাই যায় স্ৰোতস্বিনী জীৱন প্ৰৱাহ

আৰু ধীৰে ধীৰে পূঞ্জীভূত হয়,

বিষাদ আৰু যন্ত্ৰণাৰ ঘনঘোৰ কলীয়া ডাৱৰ!

 

আই, মোৰ আজি একোৰে অভাৱ নাই

কিন্তু তথাপি কিয় জানো ৰিঙা ৰিঙা এটা ভাৱ;

মালবিকাই বুকুখন লাহে লাহে মোহাৰি দিয়ে

কিন্তু যন্ত্ৰণাৰ উপশম নহয়

বেদনা উভতি আহে হিংস্ৰ হৈ বাৰম্বাৰ

 

এতিয়া মই বৰ অসুখীয়া, আই

বিষাদৰ অন্ধকূপ এটালৈ ধীৰে ধীৰে গৈছো সুমাই

নিজে পতা যন্ত্ৰণাৰ জালখনতে যেন

পৰিছোঁ লাহে লাহে মেৰপেছ খাই।

 

ঘৰ, গাড়ী, ধন, ঐশ্বৰ্য্য -

ভাবিছিলো সকলোবোৰ সুখৰ বাহক;

কিন্তু এতিয়া দেখিছোঁ এই সকলোবোৰ

মাথোঁ যন্ত্ৰণাৰহে ধাৰক।

 

আজি মোৰ সুন্দৰ দাঁত আছে – হাঁহি নাই

সুঠাম শৰীৰ আছে – হৃদয় নাই

ডাঙৰ ঘৰ আছে – সুখ নাই

কিয় বাৰু এনে হ, আই ?

এতিয়া দেখিছোঁ পৰিশ্ৰমেও

সুখৰ বাট নিদিয়ে আঙুলিয়াই;

ডাঙৰ হলেও কোনো মহান নহয়;

জীৱনৰ গন্তব্য স্থানেই তেনেহলে

মই বাৰু হেৰুৱালো নেকি, আই ?

 

তোৰ কথা মোৰ এতিয়াও বৰকৈ মনত পৰে

তই কৈছিলি –

পোনাকণ, জীৱনটোত খুব প্ৰাণখুলি হাঁহিবি

তেতিয়াহে সুখী হবি”;

মই আজিকালি আৰু নাহাঁহো, আই

তোৰ নাতি পোৱালীটোৱে মোক ভেঙুচালি কৰে,

দেতা, তোমাৰ মুখখন সদায়

ইমান কন্দনামুৱা কিয় ?

তুমি কেতিয়াও নাহাঁহা কিয়, দেতা ?”

মই সঁচাকৈয়ে হাঁহিবলৈ পাহৰিলো আই,

মই যে চৰম ব্যাধিগ্ৰস্ত,

আই, মই এতিয়া নৰিয়া পাটিত !



মূলআমি একটা তুই চাই

এজন তইৰ সন্ধানত

মই সঁচাকৈয়ে এজন তইৰ সন্ধানত

যিজনে জানিব মোৰ ভিতৰৰ সকলো কথা...

জানিব মোৰ লুকাই থকা সকলো দোষ...

মোৰ লম্পটামি, কলঙ্ক আৰু জীৱনৰ কলা অধ্যায়...

যি স্বেচ্ছাই অংশীদাৰ হব মোৰ ভুলবোৰৰ...

আৰু পাপবোৰ ভগাই তাৰে আধা লিখি থ

নিজৰ বহীৰ প্ৰথম পৃষ্ঠাত...

মই এনে এজন তইৰ সন্ধানত

যাক মই দ্বিধাহীন ভাৱে উপহাৰ দিম

মোৰ সকলোবোৰ অনিয়ম

মোৰ অপাৰগতা...মোৰ বদাভ্যাস....

মোৰ উচ্চৃঙ্খলতা....

মই পিঠি চপৰিয়াই

তাৰ কান্ধত ওলোমাই দিম

মোৰ অসহায়ত্বৰ জোলোঙাখন...

মোৰ একাকীত্ব, মোৰ

নিঃসঙ্গতাৰ কষ্ট, মোৰ

দুশ্চিন্তা, মোৰ হতাশা....

এই সকলোবোৰ শোটাৰে সামৰি-সুতৰি

সি বান্ধি লব ডাঙৰ এটা মোনা

তাৰ পিছত মুটিয়া এটাৰ দৰে

মূৰত দাঙ্গি লৈ যাব সেইবোৰ

অভিশাপ...

আৰু হাঁহি হাঁহি কব...

বৰ গধুৰ বান্ধৈ...ইমানদিনে এইবোজা

দাঙিছিলি কেনেকৈ ??

তাৰ পিছত ঠিকনাবিহীন পথেৰে

বাট বুলি পাবগৈ অসীম সমুদ্ৰৰ পাৰ...

সমুদ্ৰৰ পাৰ উপনীত হৈ

যথাশক্তি দলিয়াই পেলাব সেই বোজা...

সাগৰৰ ঠিক সোঁমাজত

হেৰাই যাব

মোৰ অভিশাপৰ জোলোঙাখন...

মই ঠিক এনে এজন তইৰ সন্ধানত

যিজন তুমি বা আপুনিবোৰৰ মাজত

কেতিয়াও নাযায় হেৰায়... 

Post a Comment

0 Comments