কবিতাঃ আইনৰ প্ৰসংগত/ খলিল জিব্ৰান

আইনৰ প্ৰসংগত
(Chapter: On Laws by Khalil Gibran)
মূলঃ খলিল জিব্ৰা
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
(লেখকৰ "দেৱদূত" গ্ৰন্থৰ পৰা)

 

তাৰপাচত এজন আইনজীৱি আহিল আৰু কলে : গুৰুদেৱ, আমাৰ আইনৰ বিষয়ে কি ক'?

আৰু 'তেওঁ' উত্তৰ দিলে এইবুলি :

 

তোমালোকে আইন বনাই যিমান ভালপোৱা, তাতোকৈ বেছি ভালপোৱা আইন ভাঙি । সাগৰৰ পাৰত ওমলা ল'ৰাছোৱালী হঁতৰ একমনে বালিঘৰ সজাৰ দৰে, আৰু হাঁহি হাঁহি সেইবোৰ ভাঙি পেলোৱাৰ দৰে । কিন্তু তোমালোকে যেতিয়া বালিঘৰ সাজা, সাগৰে কিন্তু পাৰলৈ সৰহ বালি কঢ়িয়াই আনে, আৰু যেতিয়া এইবোৰ ধ্বংস কৰা, সাগৰখনে কিন্তু তোমালোকৰ সতে হাঁহে । নিশ্চিতভাবে সাগৰে  নিৰ্দোষীহঁতৰ লগতহে হাঁহে । কিন্তু সিহঁতৰ কি হ'ব যাৰ জীৱন সাগৰৰ দৰে নহয়, আৰু মানুহে বনোৱা আইন-কানুন বালিঘৰ নহয়, যাৰ বাবে জীৱন হ'ল এক শিলাখণ্ড আৰু আইন এটা বটালি, যাৰ দ্বাৰাই সিহঁতে ইচ্ছা অনুসৰি নিজৰ দৰেই ৰূপ দিব পাৰে ?

 

লেঙেৰা এটাৰ বিষয়ে কি ক'বা কিয় নাচনীবোৰক বেয়া পায় ? ষাঁড়টোৰ বিষয়ে কি ক'বা, কিয় তাৰ যুঁৱলিক ভালপায়, শিঙাল পহু আৰু হৰিণাবোৰে কিয় হাবিত লক্ষ্যহীন আৰু গৃহহীনৰ দৰে ঘূৰি ফুৰে ? কিয় সেই বুঢ়া সাপটোৱে মোট সলাব নোৱাৰাৰ দুখত বাকীবোৰক নাঙঠ আৰু লজ্জাহীন বুলি কয় ?

 

আৰু যিবিলাকে বিয়াৰ ভোজৰ বাবে সোণকালে আহি , ভৰপেট খাই ভাগৰুৱা হৈ , কৈ গৈ থাকে যে এই ভোজবোৰ হ'ল নিয়মৰ উলঙ্ঘন আৰু ভোজখোৱাবোৰ আইনভংগকাৰী ? এওঁলোকৰ বিষয়ে কিনো ক'ম কাৰণ একেটা সূৰ্য্যৰ তলত তেওঁলোকেও ঠিয় হৈ থাকে অৱশ্যে সূৰ্য্যটোলৈ পিঠি দি । তেওঁলোকে মাত্ৰ ছাঁটোহে দেখে আৰু তেওঁলোকৰ ছাঁটোৱেই হ'ল তেওঁলোকৰ আইন । আৰু সিহঁতৰ বাবে সূৰ্য্যটোনো কি, ছাঁ নিৰ্মানৰ এটা আহিলা ?  আৰু কি নিয়মটোক মানি লব লাগিব, হাওলি পৰি পৃথিবীৰ ওপৰত ছাঁ  বিচৰাৰ বাহিৰে ?

 

কিন্তু তোমালোক যিবোৰে বেলিমুখীয়াকৈ খোজ কাঢ়া, কোন ধৰণৰ ছবি তোমালোকে ধৰি ৰাখিবা ? বতাহৰ সতে তোমালোক যিসকলৰ যাত্ৰা, কেনে বায়ুনিৰ্দেশক যন্ত্ৰই তোমালোকক দিশানিৰ্দেশ দিব ? মানুহৰ কোনবোৰ নিয়মে বান্ধিব পাৰিব তোমাক, তুমি যদি তোমাৰ যুঁৱলী ভাঙি পেলাইছা কিন্তু কাৰো বন্দীশালৰ দুৱাৰ ভাঙিব পৰা নাই ?

 

কোনবিলাক আইনক তুমি ভয় কৰিবা যেতিয়া তুমি নাচি থাকা কিন্তু হামখুৰি খাই কোনো মানুহৰ লোৰ শিকলিৰ ওপৰত নপৰাগৈ ? আৰু তেওঁ কোন যিজনে তোমালৈ টানি আনিব বিচাৰকক্ষলৈ যদিহে তুমি তোমাৰ কাপোৰ কাণি ফালিও কাৰো পদপথত পেলোৱা নাই ?

অৰ্ফালিজৰ মানুহবোৰ, তোমালোকে ঢোলৰ শব্দক হেঁচা প্ৰয়োগেৰে কমাব পাৰিবা, তোমালোকৰ বীণখনৰ তাঁৰবোৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু কোনে আদেশ দিব স্কাইলাৰ্ক চৰাইজনীক গান গোৱা বন্ধ কৰিবৰ বাবে ?



Post a Comment

1 Comments