কবিতাঃ এইদৰেই মৰাশটোৱে ক'লে

 এইদৰেই মৰাশ টোৱে ক'লে (Thus spoke the Cadaver...)
মূলঃ BD Chaurasia's Human Anatomy Book, ষষ্ঠ খণ্ড ।
অসমীয়া ভাঙনিঃ প্ৰিয়াক্ষি প্ৰিয়দৰ্শনী

 

শুনা,
মোক অলপ আলফুলকৈ তুলিবা
জীয়াই থাকোতে
মোৰ শৰীৰটোৱে বৰ অনাদৰ পালে
সৎকাৰৰ যোগ্যও ই নাছিল
সেইবাবেই মই ইয়াত এইদৰে...

তুমি মোক কাটি পেলোৱা
শৰীৰটো টুকুৰা টুকুৰকৈ সোলোকাই ব্যৱচ্ছেদ কৰা

মই মানিছোঁ মানিছোঁ
তোমাৰ দেহতত্বৰ জ্ঞান দ্যৰ্থহীন

চিন্তা নকৰিবা
মোক ৰেপি খুচি পেলালেও তোমাক কাঠগৰাত কোনোদিনে থিয় কৰোৱা নহ'ব...
কিয়নো,
তুমিযে মোক
কাটিছা
ৰেপিছা
মোক টুকুৰা কৰি পেলাইছা
তথাপিতো,
মই সুখী

আগতে
পানীৰ বাবেও মই আনকি শীতৰ জড়তা কল্পনা কৰিব নোৱাৰিছিলোঁ
আৰু এতিয়া মই নিৰৱে নিতালে বৰফৰ ভিতৰত শুই থাকোঁ

ছাত্ৰবন্ধুসকল:
তোমালোকে মোক ঘেৰি বহা
কিছুমানে ব্যৱচ্ছেদ কৰা
আন কিছুমানে খোৱাৰ কথা পাতা
আৰু পাতা
পৰিয়ালৰ কথা
নতুনকৈ হল'লৈ অহা চিনেমাখনৰ কথা...

আৰু
তুমি ভাবা চাগে
এইবিলাক শুনিও মই আনন্দেৰে তোমালোকৰ হাতত বিচ্যুত অংগ একোটা হৈ হাঁহি আছো??
তুমিয়েইবা কিদৰে উপভোগ কৰা এই কটা ৰেপাৰ খেলটো??
শিক্ষকৰ প্ৰশ্নত সম্বিৎ পাই তুমি এইবাৰ সক্ৰিয়তাৰে মোক ব্যৱচ্ছেদ কৰা
উৎসাহেৰে
আগ্ৰহেৰে

মোৰ অংগবোৰৰ অস্ত্ৰোপচাৰৰ অন্তত
অস্থিবোৰ কংকালটোৰ পৰা বিচ্ছিন্ন কৰা হয়
(এই কংকাল যাদুঘৰৰ সম্ৰাট )

এতিয়া
মোক বৰ অত্যুৎসাহেৰে পৰ্যবেক্ষণ কৰা হয়...

মই কেতিয়াবা জঁকা হৈ নাথাকোঁ
টুকুৰা টুকুৰ হৈ
সিহঁতৰ বেগত থাকোঁ
হোষ্টেলৰ ৰূমত থাকোঁ
আৰু কেতিয়াবা
তাঁহাতৰ বিচনাতো থাকোঁ

আঃ
নৰকৰ পৰা স্বৰ্গলৈ উত্তৰণ হোৱাৰ এইয়া কি যে উচ্ছাস

মই তোমাৰ লগতে থাকো
তুমি শৰীৰতত্বত উত্তীৰ্ণ হোৱা
তথাপি
মই পাছ নেৰো
মই তোমাৰ সহযাত্ৰী হওঁ
ফৰেনচিক মেডিচিন
পেথ'লজি
এই সকলোতে মই তোমাক সংগ দিয়াৰ পাছতো
মই তোমাৰ বাবে
বৰ আগ্ৰহেৰে ৰৈ থাকোঁ
নিদানিক শিক্ষাৰ কক্ষত

চিকিৎসা বিজ্ঞানেই একমাত্ৰ শিক্ষা
য'ত
মৰা মানুহবোৰেহে জী থকা মানুহবোৰক শিকাই

শুনা:
মই তোমাক এটা অনুৰোধ কৰিব খোজো
ৰোগাক্ৰান্ত মানুহবোৰৰ প্ৰতি অলপ সহানুভূতিশীল হ'বা
বিতত নহ'বা
ধৈৰ্যও নেহেৰুৱাবা
তাৰ বিনিময়ত
তুমি কেৱল পাৰিশ্ৰমিকেই নাপাবা
জীৱন এটা জীয়াই দিয়াৰ আত্মসন্তুষ্টিৰে তুমি সুখী হ'বা
মই তোমাৰ ওচৰত
এই বাজি ৰাখিছোঁ

তুমি মহীয়ান হোৱা
মানুহ হৈ মানুহৰ বাবে ভবাৰ সুখানুভূতিৰে:...

Post a Comment

0 Comments