শিক্ষকলৈ চিঠি

 "হ'লোকাষ্ট": হিটলাৰৰ ইহুদী নিধন যজ্ঞৰ গেছ চেম্বাৰৰ সমান্তৰালকৈ বন্দী ইহুদীসকলৰ, মূলত: কেঁচুৱাৰ পৰা দহ বাৰ বছৰীয়া শিশু সকলৰ শৰীৰত জীৱন্তে ৰাসায়নিক পৰীক্ষা কৰা হৈছিল ৷৷ এই পৰীক্ষাত বেছিভাগ শিশুৰে কোমল শৰীৰে ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভৰ সহিব নোৱাৰি খুউব কৰুণ ভাবে মৃত্যুক সাৱতি লৈছিল ৷ মানৱ সভ্যতাৰ আটাইতকৈ ঘৃণনীয় এই পৰীক্ষাক হ'লোকাষ্ট বোলা হৈছিল ৷৷ দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ নাজিবাহিনী পৰাস্ত হোৱাৰ পিছত গেছচেম্বাৰৰ হলোকাষ্টৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা শিশু সকলে পৰবৰ্তী সময়ত স্কুললৈ যোৱাৰ পিছত প্ৰতিখন স্কুলৰ শিক্ষকলৈ এখন চিঠি লিখিছিল ••••

অনুবাদ - বাপুকণ চৌধুৰী




“প্রিয় শিক্ষক,


মই কনচেন্ট্ৰচন কেম্পৰ পৰা জীৱিত অৱস্থাত ঘূৰি অহা সকলৰ মাজৰ এজন ৷৷ মই সকলো ঘটনা নিজ চকুৰে দেখিছো যিবোৰ কোনো মানুহেই জীৱনত কেতিয়াও চাবলৈ নিবিছাৰিব ৷৷

মই দেখিছিলো তাতে শিক্ষিত প্ৰযুক্তিবিদ সকলে গেছ চেম্বাৰ বনাইছিল৷৷ শিশুসকলৰ শৰীৰত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰিছিল দক্ষ চিকিৎসক সকলে ৷৷ শিশুসকলক হত্যা কৰিছিল কৰ্মৰত আৰু মানবসেৱাত উৎসৰ্গিত ধাত্ৰী সকলে ৷৷ নাৰী আৰু শিশুসকলক জীৱন্তে জ্বলাই অথবা গুলি কৰি মাৰিছিল স্নাতক ডিগ্ৰীধাৰী সকলে ৷৷ মই দেখিছো শিক্ষিত মানুহৰ নৃশংসতা, তেওঁলোকৰ ভয়ংকৰ অমানবীয় ৰূপ ৷৷ এই সকলো ঘটনা পৰিঘটনাই মোক সন্দিহান কৰি তুলিছে শিক্ষাৰ গুৰুত্বৰ ওপৰত ৷৷ আপোনালৈ মোৰ অনুৰোধ, আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰী সকলক মানুহ হ'বলৈ সহায় কৰক ৷৷ আপোনাৰ মহান ত্যাগৰ ফলত কোনো শিক্ষিত দানব, দক্ষ চাইকোপ্যেথ অথবা শিক্ষিত Otto Adolf Eichmann (হল'কাষ্ট আৰু কনচেন্ট্ৰেচন কেম্পৰ জন্মদাতা) সৃষ্টি নহয় যাতে ৷৷

পঢ়া লিখা অথবা বীজগনিতৰ জ্ঞানৰ কি মূল্য আছে যদিহে মানৱতাৰ পাঠ শিকোৱা নহ'য় "

 


Post a Comment

0 Comments