অনুবাদ ঃ ঋতুপৰ্ণা চৌধুৰী
বন্ধুগণ,ৰোমানসকল,দেশবাসীসকল,মোৰ
কথা মন দি শুনক;
মই চীজাৰক সমাধিস্থ কৰিবলৈ
আহিছো, প্ৰশংসা কৰিবলৈ নহয়৷
মানুহৰ কুকৰ্ম মৰণৰ পিছত ৰৈ
যায়; সৎকৰ্মসমূহ তেওঁলোকৰ হাড়ৰ লগত মিলি যায়;
গতিকে চীজাৰৰ ক্ষেত্ৰতো সেয়েই
হওঁক৷।মহান ব্ৰুটাছে আপোনালোকক কৈছে চীজাৰ উচ্চাকাংক্ষী আছিল:
যদি সেয়াই হয়,তেন্তে সেইটো
আছিল এক মাৰাত্মক দোষ,
আৰু মাৰাত্মক ভাৱেই চীজাৰে
তাৰ ফল ভুগিছে৷
ইয়াত, ব্ৰুটাচ আৰু আনবোৰৰ
অনুমতি সাপেক্ষে---
ব্ৰুটাচ যিহেতু এজন সন্মানীয়
ব্যক্তি;
তেওঁলোক আটাইবোৰ, আটাইবোৰেই
সন্মানীয় ব্যক্তি---
মই আহিছোঁ চীজাৰৰ অন্তেষ্টিক্ৰিয়ালৈ,দুআষাৰ
ক’বলৈ৷
তেওঁ মোৰ বন্ধু আছিল, বিশ্বাসী
আৰু ন্যায়পূৰ্ণ:
কিন্তু ব্ৰটাচে কৈছে তেওঁ
আছিল উচ্চাকাংক্ষী;
আৰু ব্ৰুটাচ হ’ল এজন সন্মানীয়
ব্যক্তি৷
তেওঁ স্বদেশ ৰোমলৈ আনিছিল
বহুতো যুদ্ধবন্দী
যিসকলৰ বিনিময়ত পোৱা ধনেৰে
ৰাজহুৱা ধনৰ ভড়াল পূৰ্ণ হৈছিল:
এইয়া জানো চীজাৰৰ উচ্চাকাঙ্খাৰ
লক্ষণ আছিল?
যেতিয়া দুখীয়া, দৰিদ্ৰই কান্দিছিল,
চীজাৰে উচুপি উঠিছিল;
উচ্চাকাংক্ষা গঢ় ল’ব লাগে
অধিক শক্ত ধাতুৰে৷
তথাপিও ব্ৰুটাচে কয় যে তেওঁ
উচ্চাকাংক্ষী আছিল;
আৰু ব্ৰুটাচ এজন সন্মানীয়
ব্যক্তি৷
আপোনালোক সকলোৱে দেখিছিল যে
লুপাৰকেল পৰ্ব্বত মই তেওঁক তিনিবাৰকৈ এটা ৰাজমুকুট আগবঢ়াই দিছিলোঁ,
যিটো তিনিবাৰেই তেওঁ নাকচ
কৰিছিল:
এইয়া জানো উচ্চাকাংক্ষা আছিল?
তথাপিও ব্ৰুটাচে কয় তেওঁ উচ্চাকাংক্ষা
আছিল;
আৰু নিশ্চয়কৈ তেওঁ এজন সন্মানীয়
ব্যক্তি৷
ব্ৰুটাচে যি কৈছিল, তাক মিছা
প্ৰমাণ কৰিবলৈ মই কথা কোৱা নাই,
কিন্তু মই যি জানো,তাকেই ক’বলৈ
ইয়ালৈ আহিছোঁ৷
আপোনালোক সকলোৱে তেওঁক এসময়ত
ভাল পাইছিল, অকাৰণে নহয়:
তেন্তে কিহৰ বাবে আপোনালোকে
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিব পৰা নাই?
হে’ বিচাৰবুদ্ধি! তুমি গৈ ঠাই লৈছা ইতৰ প্ৰাণীত,
আৰু মানুহে হেৰুৱাইছে তেওঁলোকৰ
যুক্তিৰ ক্ষমতা৷ মোৰ সৈতে সহানশীল হওক
মোৰ অন্তৰখন গৈ সৌ কফিনটোত
চীজাৰৰ লগত আছে,
আৰু ই মোৰ কাষলৈ ঘুৰি নহালৈকে
মই কথা কোৱা বন্ধ কৰিবই লাগিব৷
0 Comments