কবিতাঃ এটি চৰাইৰ ছবি আঁকিবলৈ হ'লে / ঝাঁক প্ৰিৱেৰ

এটি চৰাইৰ ছবি আঁকিবলৈ হ'লে

মূল ফৰাচীঃ ঝাঁক প্ৰিৱেৰ (Jacques Prévert)

অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই 


প্ৰথমে এটা সঁজা আঁকা
এখন খোলা দুৱাৰৰ সতে
তাৰ পাছত আঁকা
কিবা এটা চকুতলগা

কিবা এটা সৰল

কিবা এটা মৰমলগা

কিবা এটা প্ৰয়োজনীয়

চৰাইটোৰ বাবে

তাৰ পাছত কেনভাচখন গছ এজোপাত আওঁজাই থোৱা,

ফুলনি এখনত

বননি এখনত

অথবা হাবি এডৰাত

আৰু গছজোপাৰ আঁৰত লুকাই থাকা

কথা নপতাকৈ

লৰচৰ নকৰাকৈ

কেতিয়াবা চৰাইটো সোনকালে আহি যায়

কিন্তু কেতিয়াবা সি বহু বছৰো লগায়

নিশ্চিত হবলৈ

সেয়ে হতাশ নহ'বা অকনো

ৰ'বা

প্ৰয়োজন হ'লে বছৰদিয়েকো ৰ'বা

চৰাইটোৰ সোনকালে অহা বা পলমকৈ অহাৰ লগত

ছবিখনৰ সফলতা বা বিফলতাৰ কোনো সম্পৰ্ক নাই

যেতিয়া চৰাইটো আহে

যদিহে আহে

শব্দহীন নিস্তব্ধতা পালন কৰিবা

ৰ'বা সি সঁজাটোত সোমোৱালৈকে

আৰু যেতিয়া সি সোমাল

সঁজাৰ দুৱাৰখন লাহেকৈ তোমাৰ হাতৰ তুলিকাৰে বন্ধ কৰি দিবা

তাৰপাছত

এডাল এডালকৈ সঁজাৰ কাঠিবোৰ আঁকি পেলাবা

চাবা যাতে এনে কৰোতে চৰাইটোৰ পাখিত অকনো নালাগে

তাৰ পাছত গছডালৰ ছবি আঁকিবা

বাছি ল'বা গছজোপাৰ সকলোতকৈ ধুনীয়া ডালটো চৰাইটোৰ বাবে

আঁকিবা গছজোপাৰ সেউজীয়া পাতবোৰ, বতাহৰ নিৰ্মলতা

সূৰ্যৰ বিচ্ছুৰিত ধূলিখিনি

জহকালিৰ গৰমত পোক পতঙ্গৰ কোলাহলখিনি

আৰু তাৰ পাছত ৰ'বা, চৰাইটোৱে গীত গাবলৈ  সিদ্ধান্ত লৈছেনে নাই

যদিহে চৰাইটোৱে গোৱা নাই

এইটো এটা বেয়া ইঙ্গিত

এনে সঙ্কেত যে ছবিখন বেয়া হ'ল

কিন্তু যদিহে ই গীত গাইছে ই শুভসঙ্কেত

এনে ইঙ্গিত যে এতিয়া তুমি চহী কৰিব পাৰাসেয়ে অতি সাৱধানতাৰে, সন্তৰ্পণে

চৰাইটোৰ পাখি এডাল উঘালি লৈ

ছবিখনৰ একোণত তোমাৰ নামটো লিখি পেলাবা।

      °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

©17122005

( বিনা অনুমতিত আবৃত্তি কৰিব নোৱাৰিব

 

Post a Comment

0 Comments