কবিতা : প্ৰথমটি টোপাল / পহলী বুন্দ।

অনূদিত শিশু কবিতা

প্ৰথমটি টোপাল

মূল(হিন্দী) - পহলী বুন্দ।

কবি - গোপাল কৃষ্ণ কৌল।

অনুবাদ - গায়ত্ৰী দেৱী বৰঠাকুৰ ।


বৰ্ষাৰ প্ৰথমটি দিন ।

বৰষুণৰ প্ৰথম টোপালটি ধৰাত পৰিল।।

নৱ-জীৱনৰ এঙামূৰিৰে।

পৃথিৱী গজালিৰে ভৰিল ।।

পৃথিৱীৰ শুকান অধৰত,

বৰষুণৰ অমিয় টোপাল পৰিল আহি ।

বসুন্ধৰাৰ ৰোমাৱলী সদৃশ

সেউজী দুৱৰিৰ আনন্দৰ মিচিকীয়া হাঁহি ।

আকাশত উৰি- ফুৰে সাগৰে।

যেন বিজুলীৰ সোণালী আভাৰে

মৃদঙ্গ ('নগাড়া' )বজাই সঞ্জীৱিত কৰে মেঘে

পৃথিৱীক চপলতাৰে।

নীল-নয়ন সদৃশ এই আকাশ ,

চকুৰ 'লা মণি সদৃশ এই মেঘ।

কৰুণা-বিগলিত অশ্ৰুৰে

নিৰ্বাপিত কৰিলে পিয়াঁহ এই পৃথিৱীৰে ।।

প্ৰাচীনা পৃথিৱী হ'বলৈ

আকৌ এবাৰ শস্য -শ্যামলা ।

প্ৰাণত সঞ্চাৰিত হ'ল সৃষ্টিৰ লালসা।।

 

 

 

Post a Comment

0 Comments