কবিতাঃ এই গ্ৰহৰ পিচত / মার্ক ষ্ট্ৰেণ্ড

এই গ্ৰহৰ পিচত (After Our Planet)
মূলঃ মার্ক ষ্ট্ৰেণ্ড (Mark Strand)
নুবাদঃ ধ্ৰুৱ শইকীয়া

 

(ক)

মই এনে এক ঠাইৰ পৰা লিখিছো যলৈ

তুমি কাহানিও অহা নাই, ইয়াত ৰেল এৰোপ্লেন

একে নচলে, পশ্চিমৰ এখন ঠাই,

ইয়াৰ প্ৰতিটো ঘৰ সুৰক্ষিত থাকে বৰফৰ

ডাঠ চামনিৰে ঢাক খাই

জোনবাইৰ নিস্তেজ মুখাবয়বত বতাহৰ আর্তনাদ

মানুহ, আৰু তেওঁলোক সাজ পোচাক, বৰ সাধাৰণ,

যদিহে কোনোবা আহে, পলমকৈ আহে, দেখা যায়

তেওঁলোক দমন আৰু বেদনাৰ একো একোটা প্ৰতিভূ

সন্ধিয়া ৭ বজাৰ পিচত ঠাইখন অকণমান উজলি উঠে,

তাৰ পিচত আঁতৰি যায়, তৰাই সাজি থোৱা

মৃতদেহ সৎকাৰ ভৱনত সোমাই পৰে, প্ৰত্যেকে উপঙি ফুৰাৰ

সপোন দেখে, যেন শৰীৰত সুগন্ধি আতৰ ঘহা দেৱদূতহে,

দৈনন্দিন কাম কাজৰ পৰা ৰেহাই লাভ কৰি

মনোৰঞ্জনৰ বাবে বিহাৰ কৰিলে এনে লাগে যেন

দিনবোৰ ঘৰৰ এলবামখনৰ পৰা বিচ্ছিন্ন একোখিলা পাত,

অন্তহীন পুনর্মিলন, ঘৰৰ বাহিৰত ৰন্ধা এসাজ ভাতৰ সৈতে বাজি উঠা

স্বর্গীয় দেৱসংগীতে নিজৰ সুৰ খাপ খুৱাই লব লগা হয়

সকলোৱে একেথৰে চাই আছে, আয়োজনৰ আড়ম্বৰত হতভম্ব

 

 

(খ)

সৈনিকবোৰ গলগৈ, এইবাৰ মহিলাৰ পাল

জোনটোলৈ চাই কুকুৰৰ ভুকভুকনি, জোনবায়ে লৰ মাৰিছে

ডাৱৰৰ আঁৰে আঁৰে৷ মই ভাবিছো লগ জানো মই ধৰিব পাৰিমগৈ৷

চিকচিকাই থকা গালকেইখনলৈ মনত পৰিছে, লগতে চিত্ৰশিল্পীৰ

গুৰুগম্ভীৰ ৰঙৰ কেনভাচ, এওঁলোক মোৰ বন্ধু যদিও মই

নিশ্চিতে যে তে্ওঁলোকৰ যোগ্য সংগী মই নহওঁ৷

এটা সময়ত সত্যতাৰ নিষ্প্ৰভতাতই মোক ব্যথিত হৈছিলো,

মই লোৱা মাৰাত্মক পদক্ষেপ যেন আছিল গ্ৰীষ্মকালৰ বৰষুণজাকৰ

সুগন্ধি সংগীতৰ দৰে, মই যেন তাত উটি-ভাঁহি গৈছিলো৷

কিন্তু সেয়া আছিল মই একাষৰীয়া হৈ পৰাৰ আগৰ কথা

মোক একাষৰীয়া কৰি বিষয়াজনে কৈছিল এতিয়াৰ পৰা

মই নিজৰ আনন্দৰ সন্ধান নিজেই কৰিব লাগিব, বিচাৰিব লাগিব শুন্যতাত,

মোৰ ভৱিষ্যতৰ পৰা আনন্দ নির্বাসিত৷ কোনো মায়াক যেন মই প্ৰশ্ৰয় নিদিওঁ৷

এখন ৰহস্যজনক কলা কাপোৰেৰে মোৰ কর্মৰাজী আাবৃত থাকিব

এটা ড্ৰামৰ শব্দৰ তালে তালে দীঘল কৰিডৰত মই খোজ দিম

আৰু শুনা,’ বিষয়াগৰাকীয়ে কৈছিল,’ ৰাতিপুৱা তলৰ উপত্যকালৈ চাবা,

তাত কিছুমান ছাঁ দেখিবা, ভালকৈ চাবা, ডাৱৰবোৰ কেনেকৈ আঁতৰি যায়,

তাৰ পিচত প্ৰকৃতিৰ গোটমৰা যাদুঘৰৰ মাজেৰে চাই পঠিয়াবা

দেখিবা, যি যত যেনেকৈ থাকিব লাগে, তেনেকৈয়ে আছে৷

 

 

(গ)

এইমাত্ৰ এজন বন্ধুক বিদায় দিলো

শস্যৰ পথাৰখন নিৰীক্ষণ কৰিছো এতিয়া

জুই লগাই দিয়া হৈছে, ধোঁৱাখিনিলৈ চাইছো

উৰি যোৱা ধোঁৱা বেলিৰ উদং মুখত

এখন পাতল আচ্ছাদন হৈছে .

পথাৰৰ দাঁতিত এশাৰী গছ, আৰু সিফালে

ট্ৰেক্টৰ চলাইছে কোনোবা এজনে

 

কোন বাৰু, সৌ সৰু শুভ্ৰ ঘৰটোৰ বাসিন্দা নেকি?

কাৰোবাৰ টেপত চৰায়ে গান গাইছে

কোনোবা এজনে আকৌ এডৰা শস্যতে শুই নি:পালি দিছে

প্ৰতি ঋতুৰ সম্ভাৱনাৰ কথা মনলৈ আহে

তৰপে তৰপে শুভ্ৰতা, মনোমোহা! .

এপ্ৰিলৰ বতাহৰ কুঠৰীত নিশ্চিহ্ন হয় তুষাৰকণা!

বিষণ্ণতাৰ সিপাৰে- উদং ৰেষ্টোৰা

বাট পথ উদং, জ্বলি আছে বিজুলী বাতি

গোটেই চহৰখনতে, নিচেই সামান্যহে মই দেখিছো এয়া

তুষাৰ আৰু বৰফ, ওখ পাইন গছ, শেঁতা জোন৷

 

 

(ঘ)

বুকুৰ দুৱাৰখনেৰে ওলাই মই বিশাল

আকাশৰ তলত থিয় দিব খুজিছো৷মই ওলাই গৈ

সিমূৰে থাকিব খোজো যাতে সকলোৰে মই অংশীদাৰ হওঁ

মোক আবৰি আছে৷ মই থাকিব খোজো

নৈশব্দৰ নিসংগতাৰ সৈতে৷ আকস্মিক এচাটি বতাহ,

হব খোজো ওজনবিহীন, নামবিহীন৷

কিন্তু বৰ বেচি দিনলৈ নহয়, কাৰণ মোৰ বুকুৰ সম্পদৰাজিৰ অবিহনে

হতাশগ্ৰস্ত হম মই, লগ লগে ঘূৰি আহিম৷ আহ, মোৰ এই পুৰণি বুকুখন

বুকুখনতে শোওঁ মই, বেদনা তীব্ৰতৰ হয়, পাতবোৰো বুকুতে সৰে,

বুকুৰ বাটপথবোৰ দীঘলীয়া, ৰাতি

আন্ধাৰ, বুকুৰ আকাশখন বিশাল, পুৰণি বুকুখনৰ

মুখৰ ভিতৰতে ভোৰভোৰাই কয়

এই মনগহনৰ নৃত্য অব্যাহত নাথাকে

 

 

(ঙ)

ওলাই গৈ মই ঘৰৰ মূধচত বহোগৈ, আশা

মই আন কোনোবা গ্ৰহৰ প্ৰাণীৰ দৃষ্টিগোচৰ হম

যি কব, ‘পৃথিৱীত জীৱন আছে, ণিশ্চয় আছে

সৌৱা চোৱা, নিজৰ ঘৰৰ ওপৰত পৃথিৱীৰ এক প্ৰাণী,

তলত তেওঁৰ অনেক সামগ্ৰী,

আমাৰ এই গ্ৰহৰ নামৰেই তেওঁক নাম দিওঁ আহা৷ ৱাহ!

 

Post a Comment

0 Comments