গল্পঃ কুং-ই-চি / লু চুন [চীন]

 

কুং--চি

মূল গল্প : Kung I-Chi

মূল লেখক : লু চুন [চীন]

অনুবাদ : ৰশ্মিৰেখা গগৈ




        লাচেনত থকা পান্থশালাবোৰ চীনৰ আন ঠাইৰ দৰে নহয়৷ ইয়াৰ পান্থশালাবোৰত ৰাস্তাৰ ফালে নব্বৈ ডিগ্ৰী কোণত মুখ কৰি একোটাকৈ কাউণ্টাৰ আছে সুৰা তপতাবৰ বাবে গৰম পানীৰ ব্যৱস্থা আছে৷ মানুহবোৰে দুপৰীয়া আৰু গধূলি কামৰপৰা উভটি আহি একো পিয়লা ফটিকা কিনে৷ বিশ বছৰ আগেয়ে এপিয়লা ফটিকাৰ দাম আছিল চাৰি পইচা, কিন্তু এতিয়া দহ পইচা দিলেহে এপিয়লা ফটিকা পোৱা যায়৷ কাউণ্টাৰৰ ওচৰত থিয় হৈ গ্ৰাহকসকলে গৰম ফটিকা পান কৰে; আৰু এপইচা বেছিকৈ দিলে ফটিকাৰ লগত খাবলৈ এথাল নিমখসনা বাঁহগাজ বা গুৱামুৰি সনা মটৰমাহ কিনিব পাৰি৷ বাৰ পইচা দিলে মঙহো পায়৷ কিন্তু গ্ৰাহকসকলৰ সৰহভাগেই চুটি কোটচোলা পৰিহিত দুখীয়া শ্ৰেণীৰ লোক৷ গতিকে খুউব কমেইহে তেনে ব্যয়-বহুল খাদ্য কিনিব পাৰে৷ কেৱল দীঘল গাউন পৰিহিত গ্ৰাহকেহে দোকানৰ কাষৰ সংলগ্ন কোঠাত বহি তৰহে তৰহে ব্যঞ্জনৰ লগত ফটিকা পান কৰি অৱসৰ কটাব পাৰে৷

        বাৰ বছৰ বয়সত মই পান্থশালা এখনত পৰিচাৰক হিচাপে সোমালো৷ দোকানখন নগৰলৈ অহা মূল পথটোৰ মুখতে৷ মালিকে কৈছিল মোক হেনো দেখাত তেনেই বুৰ্বক যেন লাগে; আৰু সেই কাৰণেই দীঘল গাউন পৰিহিত গ্ৰাহকসকলক পৰিচৰ্যা কৰিবৰ বাবে মই উপযুক্ত নহয়৷ গতিকে মোক বাহিৰতে কাম দিয়া ল৷ চুটি কোটচোলা পৰিহিত গ্ৰাহকসকল সহজেই সন্তুষ্ট হৈছিল যদিও তাৰ মাজতো কিছুমানে হুলস্থূল নকৰা নহয়৷ সুৰাৰ পাত্ৰৰপৰা কৰচালিৰে হালধীয়া বৰণৰ ফটিকা বাকি দিওঁতে তেওঁলোকৰ কেইজনমানক চাই থাকিবলৈ লাগে৷ সুৰাৰ পিয়লাৰ তলিত যে আগৰেপৰা পানী ঢালি থোৱা নাই তাকে সিহঁতে নিজ চকুৰে চাবলৈ চিঞৰ-বাখৰ লগাইছিল৷ সিহঁতৰ শেন চকুৰ সন্মুখত সুৰাত পানী মিহলোৱাটো বৰ মস্কিল হৈ পৰিছিল৷ গতিকে কেইদিনমানৰ পাছত মালিকে মোক এই কামটোৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰিলে৷ কপাল ভাল যে মোক এজন হাত-দীঘল মানুহে এই কামটোত সুমুৱাই দিছিল; গতিকে মালিকে মোক কামৰপৰা আঁতৰাই দিব নোৱাৰিলে৷ তাৰ পৰিৱৰ্তে মোক সুৰা তপতোৱাৰ দৰে আমনিদায়ক কামটোত লগাই দিলে৷

        তেতিয়াৰেপৰা গোটেই দিনটো মই কাউণ্টাৰৰ পাছফালে থিয় হৈ থাকো৷ যদিও মোৰ কামত মালিক সন্তুষ্ট হৈছিল, মোৰ কিন্তু কামটো বৰ একঘেয়ামী আৰু অৰ্থহীন যেন লাগিছিল৷ আমাৰ মালিকজন দেখাত ভয়ানক আছিল আৰু গ্ৰাহকসকলো মনমৰা বিধৰ আছিল৷ গতিকে স্ফূৰ্তি-তামাছা কৰাটো অসম্ভৱেই হৈ পৰিছিল৷ মাত্ৰ কুং--চি আহিলেহে মই অকণমান হাঁহিবলৈ পাওঁ আৰু সেই কাৰণেই তেওঁক মোৰ এতিয়াও মনত আছে৷

        দীঘল গাউন পৰিহিত গ্ৰাহকসকলৰ ভিতৰত কুঙেই আছিল একমাত্ৰ গ্ৰাহক যি থিয় হৈ ফটিকা পান কৰিছিল৷ তেওঁ আছিল এজন বিশাল আকৃতিৰ মানুহ, আচৰিত ধৰণে শেঁতা, মুখৰ ছাল কোঁচখোৱা, মাজে মাজে কিছুমান দাগ৷ মূৰটো ডাঙৰ, অপৰিপাটী একোছা ডাড়ি, মাজে মাজে বগা পৰিছে৷ তেওঁৰ দীঘল গাউনটো লেতেৰা আৰু ফটাছিটা৷ দেখিলে এনে লাগে যেন দহ বছৰমান কাপোৰযোৰ ধোৱা হোৱা নাই; ফটাবোৰ চিলোৱা নাই৷ তেওঁ কথা কওঁতে বহু অপ্ৰচলিত শব্দ ব্যৱহাৰ কৰাৰ ফলত তেওঁৰ কথাৰ আধাখিনিয়েই বুজিব নোৱাৰি৷ যিহেতু তেওঁৰ উপাধিটো আছিল কুং, তেওঁৰ উপনামটো হৈছিলগৈ কুং--চি, সৰু ৰা-ছোৱালীৰ কিতাপত থকা প্ৰথম তিনিটা আখৰ৷ কেওঁ যেতিয়াই দোকানলৈ আহে, মানুহবোৰে তেওঁলৈ চাই টকালি পাৰিবলৈ ধৰে৷ কোনোবা এজনে চিঞৰিয়েই দিয়ে ঃ “কুং--চি তোমাৰ মুখত যে নতুন দাগ কিছুমান দেখিছো?” সেইবোৰ কথালৈ কুঙে কাণ নিদিয়ে, তেওঁ কাউণ্টাৰলৈ আহি দুপিয়লা গৰম সুৰা আৰু গুৱামুৰিৰ গোন্ধ থকা মটৰমাহ এথাল অৰ্ডাৰ দিয়ে৷ ইয়াৰ বাবদ তেওঁ নটা তামৰ মুদ্ৰা দিয়ে৷ কোনোবা জনে চিঞৰো বুলিয়েই চিঞৰে – “তুমি নি( আকৌ চুৰি কৰিবলৈ লৈছা৷

        একো প্ৰমাণ নোহোৱাকৈ কিয়নো ভাল মানুহক বদনাম দিয়া?” – চকুকেইটা বহলকৈ মেলি কুঙে কয়৷

        হয় হয়, কমনো ভাল মানুহনে? পৰহি হুৰ ঘৰৰপৰা কিতাপ চুৰি কৰাৰ কাৰণে মানুহবোৰে তোমাক বান্ধি লৈ মৰিয়াই থকা মই নিজ চকুৰে দেখি আহিছো

        কুং ৰঙা-চিঙা পৰে, কপালৰ সিৰ কেইডাল উঠি আহে৷ সি প্ৰতিবাদ কৰি কয় – “কিতাপ এখন লোৱাটো চুৰি বুলিব নোৱাৰি..... কিতাপ লোৱাটো, সেইটোতো পণ্ডিতৰেই কাম, চুৰি বুলিব নোৱাৰি নহয়৷তাৰ পাছত কনফুছিয়াছৰ মহৎ গ্ৰন্থৰপৰা উদ্ধৃতি দিয়ে – “ভদ্ৰলোকে দুখীয়া হৈও নিজৰ সাধুতা বজাই ৰাখিব পাৰে৷বন্য উল্লাসত মানুহবোৰে কিৰিলি পাৰি উঠে৷ দোকানখন আনন্দমুখৰ হৈ পৰে৷

        মানুহে কোৱা শুনিছিলো যে কুং--চিয়ে হেনো মহৎ গ্ৰন্থবোৰ অধ্যয়ন কৰিছিল, কিন্তু নিয়মমাফিক পৰীক্ষাতহে উত্তীৰ্ণ নোৱাৰিছিল৷ জীৱন নিৰ্বাহৰ কোনো উপায় নথকাত তেওঁ দিনক দিনে দুখীয়া হৈ গৈ আছিল৷ তেওঁৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈছিলগৈ যে এটা সময়ত তেওঁ ভিক্ষা কৰিবলৈও লৈছিল৷

        আনন্দৰ কথা যে তেওঁৰ হাতৰ আখৰ খুউব ধুনীয়া আছিল আৰু প্ৰতিলিপি নকল কৰাৰ কাম কিছুমান পাইছিল৷ দুৰ্ভাগ্যক্ৰমে তেওঁৰ স্বভাৱটো বেয়া হৈ পৰিল৷ তেওঁ প্ৰচুৰ পৰিমাণে সুৰাপান কৰিবলৈ ধৰিলে আৰু এলেহুৱা হৈ পৰিল৷ কিতাপ, কাগজ, ব্ৰাছ আৰু চিঁয়াহীৰ বটলবোৰ লৈ তেওঁনোহোৱা হয়৷ কেইবাবাৰো এনে ঘটনা ঘটাৰ পাছত কোনেও তেওঁক পুনৰ নকলৰ কাম দিবলৈ নিবিচৰা ল৷ গতিকে এনে পৰিস্থিতিত মাজে সময়ে সৰু-সুৰা বস্তু চুৰি কৰাৰ বাহিৰে তেওঁৰ উপায় নোহোৱা ল৷ আমাৰ পান্থশালাত তেওঁৰ আচৰণ আছিল দৃষ্টান্তমূলক৷ তেওঁ কেতিয়াও পইচা নিদিয়াকৈ থকা নাছিল৷ কেতিয়াবা হাতত পইচা নাথাকিলেও আমাৰ দোকানৰ ফলকত ধৰুৱাসকলৰ নামৰ তালিকাত তেওঁৰ নামটো অন্তৰ্ভুক্ত হয়৷ অৱশ্যে এমাহ নৌ হওঁতেই তেওঁ ধাৰটো পৰিশোধ কৰে আৰু তেওঁৰ নামটো ফলকৰপৰা মছ খায়৷

        আধা পিয়লামান সুৰা পান কৰাৰ পাছত কুং কিছু সুস্থিৰ হয়৷ কিন্তু তেনেতে কোনোবাই সোধে – “কুং--চি, তুমি বাৰু সঁচাকৈ পঢ়িব জানানে?” কুঙে যেতিয়া এনেকুৱা প্ৰশ্নবোৰে তেওঁক হেয় কৰা যেন অনুভৱ কৰে, প্ৰশ্নবোৰ এৰাই চলে, মানুহবোৰে আকৌ সোধে – “তুমিনো বাৰু ইমান তলৰ পৰীক্ষাটোতে কেনেকৈ উত্তীৰ্ণ নোৱাৰিলা?”

        মানুহবোৰৰ কথাত কুং বৰ অসুখী আৰু বিৰক্ত হৈ পৰে৷ তেওঁৰ মুখখন শেঁতা পৰে, ওঁঠযুৰি লৰচৰ কৰে, কিন্তু মুখেদি কিছুমান দুৰ্বোধ্য শব্দহে বাহিৰ হয়৷ সকলোৱে আকৌ গিৰ্জনি মাৰি হাঁহে, গোটেই দোকানখনেই আনন্দমুখৰ হৈ পৰে৷

        এনেকুৱা সময়ত ময়ো মালিকৰ গালি নোখোৱাকৈ হাঁহিত যোগ দিব পাৰো৷ ৰগৰ কৰিবৰ কাৰণে মোৰ মালিকেও আন কি কুঙক কিবাকিবি সুধি থাকে৷ সিহঁতৰ লগত কথা পাতি লাভ নাই বুলি জানি কুঙে আমাৰ সৰুবোৰৰ লগতে কথা পাতিবলৈ আৰম্ভ কৰে৷ এবাৰ তেওঁ মোক সুধিছিল – “তই বিদ্যালয়লৈ গৈছিলিনে?” মই যেতিয়া যোৱা বুলি লো, তেওঁ কৈছিল – “তেতিয়াহলে ভাল কথা, মই তোৰ পৰীক্ষা ম৷ তই মোকবুই-জিয়াং’ [বুই-জিয়াং অৰ্থাৎ চফ্বা গুৱামুৰি] শব্দটোতবুইশব্দটো কেনেকৈ লিখে দেখুৱাচোন?” মই ভাবিলো, – “মই অন্ততঃ ভিক্ষাৰী এটাৰ ওচৰত পৰীক্ষা দিবলৈ নাই৷গতিকে মই আনফালে মুখ ঘূৰালো আৰু কথাষাৰত গুৰুত্ব নিদিলো৷ কিছু সময় ৰোৱাৰ পাছত তেওঁ লে – “তই নোৱাৰ তেন্তেঞ্জ মই তোক দেখুৱাম বাৰু কেনেকৈ লিখে৷ মনত ৰাখিবলৈ চেষ্টা কৰিবি৷ তই এই আখৰবোৰ মনত ৰখা উচিত, কাৰণ পাছত নিজৰ দোকান খুলিলে তোৰ হিচাপ-নিকাচবোৰটো কৰিব লাগিব৷

        মোৰ এনেকুৱা লাগিল মোৰ নিজৰ দোকান এখন বলৈ বহুত দিন আছে; তাৰ উপৰি, আমাৰ মালিকে হিচাপ বহীতবুই-জিয়াংমটৰমাহৰ হিচাপ লিখা দেখা নাই৷ তেওঁৰ কথাত মনে মনে আমোদ পালেও আমনিও পাইছিলো, মই অলসভাৱে উত্তৰ দিলো, – “তোমাকনো কোনে মাষ্টৰ ওলাবলৈ কৈছে? ‘বুইশব্দটো ঘাঁহ শব্দটো লিখাৰ দৰেই লিখিব নালাগে জানো?”

        কুং আনন্দিত , আৰু তাৰ দীঘল নখ থকা আঙুলি দুটাৰে কাউণ্টাৰ টেবুলত টুকুৰিয়ালে৷হয়, হয়তেওঁ মূৰ দুপিয়ালেবুই শব্দটো চাৰি প্ৰকাৰে লিখিব পাৰি৷ তই আটাইবোৰ জাননে?” মোৰ ধৈৰ্যচ্যুতি ঘটিল; তেওঁলৈ খঙেৰে চাই মই তাৰপৰা আঁতৰি আহিলো৷ কুং--চিয়ে তেওঁৰ আঙুলিটো সুৰাত জুবুৰিয়াই লৈছিল যাতে কাউণ্টাৰ টেবুলত আঙুলিৰে আখৰকেইটা লিখি দেখুৱাব পাৰে; কিন্তু তেওঁ যেতিয়া মোক নিৰ্বিকাৰ হৈ থকা দেখিলে, তেওঁ হুমুনিয়াহ কাঢ়িলে আৰু তেওঁক অত্যন্ত হতাশ দেখা ল৷

        কেতিয়াবা হাঁহি খিকিন্দালিৰ শব্দ শুনি চুবুৰীৰ ৰা-ছোৱালীবোৰেও তাত যোগ দিবলৈ আহে আৰু কুং--চিক ঘেৰি ধৰেহি৷ তেওঁ সিহঁতক গুৱামুৰি সনা মটৰমাহ খাবলৈ দিয়ে৷ মটৰমাহ খোৱাৰ পাছতো ৰা-ছোৱালীমখা নাযায়হে নাযায়৷ সিহঁতৰ চকু মটৰমাহৰ থালখনৰ ওপৰত৷ খপ্জপ্কৈ কুঙে থালখন হাতেৰে ঢাকি লৈ আগলৈ হাওলি কয় – “নাই, নাই আৰু বেছি নাই৷আকৌ এবাৰ পোন হৈ মটৰমাহখিনিলৈ চাই তেওঁ মূৰ জোকাৰে – “আৰু বেছি নাই৷ৰা-ছোৱালীবোৰ চিঞৰি-বাখৰি হাঁহি-তামাছা কৰি দৌৰ মাৰে৷

        কুং--চি বৰ ভাল সংগ আছিল, কিন্তু তেওঁৰ অবিহনেও আমাৰ চলি গৈছিল৷

        এবাৰ শৰৎ উৎসৱৰ কেইদিনমানৰ আগতে পান্থশালাৰ গৰাকীয়ে দোকানৰ হিচাপ-নিকাচ উলিয়াই আছিল৷ বেৰৰপৰা ফলকখন নমাই হঠাৎ তেওঁ লে – “কুং--চি বহুদিন অহা নাই, তেওঁৰ এতিয়াও ১৯ পইচা দিবলৈ আছে৷ মালিকৰ কথাত মোৰ মনত পৰিল যে তেওঁক দেখা নোপোৱা ভালেমান দিনেই ল৷সি কেনেকৈ আহিব?” এজন গ্ৰাহকে মাত লগালে৷যোৱাবাৰ মাৰ খাওঁতে তাৰ ভৰি দুখন ভাগিছিল নহয়৷

       

        সি আকৌ চুৰি কৰিছিল৷ এইবাৰ সি মিষ্টাৰ টিঙৰ ঘৰৰপৰা চুৰি কৰিছিল৷ সিনো বাৰু পণ্ডিতৰ ঘৰত চুৰি কৰি সাৰিব পাৰেনে?”

        তাৰ পাছত?”

        তাৰ পাছত আৰু কি? প্ৰথমে সি চুৰি কৰা বুলি স্বীকাৰোক্তি দিবলগা , তাৰ পাছত তাৰ ওপৰত মাৰ-পিট চলিল৷ প্ৰায় গোটেই নিশা মানুহবোৰে তাৰ মৰিয়াই আছিল, তাৰ ভৰি দুখন ভাঙি নোযোৱালৈকে৷

        তাৰ পাছত?”

        তাৰ ভৰি দুখন ভাগি থাকিল৷

        সেইটো বাৰু বুজিলো, কিন্তু তাৰ পাছত কি ?”

        পাছত? ..... কোনে জানে? সি মৰিল বলা৷

        মালিকে আৰু একো নুসুধিলে৷ আকৌ নিজৰ হিচাপ-নিকাচত ব্যস্ত হৈ পৰিল৷

        শৰৎ উৎসৱৰ পাছত ঠাণ্ডা বতাহ বলিবলৈ ধৰিলে, যিহেতু শীত আহিল৷ সকলো সময়তে জুইৰ কাষত থকাৰ পাছতো মই মোৰ গদহা জেকেটটো পিন্ধিবলগা হৈছিল৷ গ্ৰাহক নাছিল৷ মই চকু দুটা মুদি বহি আছিলো৷ এনেতে মোৰ কাণত পৰিল

        সুৰা এবাতি তপতাচোন৷মাতটো তেনেই সৰু অথচ চিনাকী৷ কিন্তু মই মূৰ তুলি চাওঁতে কাকোৱেই দেখা নাপালো৷ থিয় হৈ দুৱাৰৰ ফালে চাওঁতেহে দেখিলো দুৱাৰডলিৰ ফালে মুখ কৰি কাউণ্টাৰৰ তলত কুং--চি বহি আছে৷ তাৰ মুখখন বৰ ভাগৰুৱা আৰু ক্ষীণ দেখাইছিল৷ তাৰ অৱস্থাটো ভয়ানক দেখাইছিল৷ তাৰ গাত এটা ফটা-ছিটা আঁচ পৰা জেকেট, এখন ভৰিৰ ওপৰত আনখন ভৰি তুলি থোৱা অৱস্থাত সি কঠখনত বহি আছে, আৰু কঠখন তাৰ কান্ধৰ লগত জুট বান্ধি থোৱা আছে৷ মোক দেখি সি আকৌ লে – “এবাটি ফটিকা তপতাচোন৷তেনেকুৱাতে মালিক উপস্থিত লহি, তেওঁ কাউণ্টাৰৰ ওপৰত হাওলি লে – “সেইটো কুং--চি নেকি? তোৰতো এতিয়াও ১৯ পইচা দিবলৈ আছে৷

        সেইটো .... সেইটো মই অহাবাৰ দি দিম৷কুঙে উত্তৰ দিলে৷ সি হতাশ হৈ ওপৰলৈ চালে৷এয়া পইচাটো লচোন৷ ভাল ফটিকা দিবি কিন্তু৷

        মালিকে আকৌ আগৰদৰে টকালি পাৰি কৈ উঠিল – “কুং--চি, তই আকৌ চুৰি কৰিবলৈ লৈছ?”

        কিন্তু তীব্ৰ প্ৰতিবাদ কৰাৰ সলনি কুং--চিয়ে মাত্ৰ লে – “থোৱাহে তোমাৰ কৌতুক৷

        কৌতুক? তই যদি চুৰি কৰাই নাছিলি তেন্তে সিহঁতে তোৰ ভৰিখন কিয় ভাঙিলে?”

        মই পৰিলো৷কুঙে লাহেকৈ লে৷ তাৰ চকুযুৰিয়ে যেন বিষয়টো সিমানতে অন্ত পেলাবলৈ কৈছিল৷ ইতিমধ্যে আশে-পাশে ভালেমান মানুহ গোট খাইছিল আৰু সকলোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে৷ মই তেওঁৰ কাৰণে ফটিকা তপতালো আৰু দুৱাৰডলিৰ ওচৰতে লো৷ তেওঁ ফটা কোটচোলাটোৰ জেপৰপৰা চাৰিটা পইচা উলিয়াই মোৰ হাতত গুজি দিলে৷ মই মন কৰিলো তেওঁৰ হাত দুখনত বোকা তেওঁ বগাই বগাইহে এইখিনি পাইছেহি৷ ইতিমধ্যে তেওঁ তেওঁৰ সুৰাবাতি শেষ কৰিলে আৰু মানুহবোৰৰ হাঁহি-তামাছা আৰু তেওঁক কৰা ঠাট্টা-মস্কৰাৰ মাজতে লাহে লাহে বগুৱা বাই তাৰপৰা আঁতৰি ল৷

        ঘটনাটোৰ পাছত বহুদিন পাৰ ল৷ কুঙৰ দেখাদেখি নাই৷ বছৰৰ শেষত মালিকে ফলকখন নমাই আনিলে৷ তেওঁ লে – “কুং--চিয়ে এতিয়াও ঊনৈশ পইচা দিবলৈ আছে৷পাছৰ বছৰড্ৰেগন নৌকাউৎসৱৰ সময়তো তেওঁ একেটা কথাকে দোহাৰিলে৷ কিন্তু শৰৎ উৎসৱৰ সময়ত তেওঁ আৰু এই কথা নুলিয়ালে৷ কুঙক নেদেখাকৈ য়ে আৰু এটা নতুন বছৰৰ আগমন ঘটিল৷

        তেওঁক মই আৰু কাহানিও দেখা নাপালো৷ কুং--চিৰ কিজানি সঁচাকৈয়ে মৃত্যু ঘটিল৷

 

Post a Comment

0 Comments