আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃ

আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃ
অনুবাদ ঃ ড০ চন্দনা কাশ্যপ

প্ৰশ্ন ১ : "এটা সাক্ষাৎকাৰ ডেৰিডাৰ সৈতে? অৱশেষত আমি চাগৈ তেখেতৰ বিষয়ে কিবা কথা বুজিবলৈ গৈ আছোঁ !" এয়াই আছিল কিছুমান মানুহৰ বক্তব্য যেতিয়া মই ঘোষণা কৰিছিলোঁ যে মই আপোনাৰ সৈতে এই কামটোৰ বাবে প্ৰস্তুতি চলাই আছোঁ। কোৱা হয় যে আপোনাৰ লিখনিসমূহ জটিল, পঠনসাধ্যতাৰ সীমাৱদ্ধতাৰ ক্ষেত্ৰত। কিছু সম্ভাৱ্য পাঠকে এই খ্যাতিৰ বাবেই আগতীয়াকৈ নিৰুৎসাহিত হয় । আপুনি তাক কেনেকৈ লয় ? এইটো আপুনি সৃষ্টি কৰিব বিচাৰি থকা এটা প্ৰভাৱ নে অন্যহাতে, ইয়াৰ পৰা আপুনি কষ্ট পায় ?

জেক ডেৰিডা : মই ইয়াৰ পৰা কষ্ট পাওঁ, হয়, আপুনি নাহাঁহিব, আৰু এই জালখনৰ পৰা হাত সাৰিবৰ বাবে মই সম্ভৱপৰ বা গ্ৰহণযোগ্য বুলি ভবা সকলোখিনি কৰোঁ । কিন্তু মোৰ ভিতৰত থকা কোনোবাজনে ইয়াৰ পৰা কিবা লাভ অৰ্জন কৰিবই লাগিব : এটা নিৰ্দ্দিষ্ট সম্পৰ্ক । ইয়াক বহলাই ক'বৰ বাবে মোৰ অতীতৰ পৰা কিছু বহু পুৰণি কথা উলিয়াই অনাটো আৰু সেইবোৰ বৰ্তমানৰ আনসকলৰ আগত প্ৰকাশ কৰাটো প্ৰয়োজনীয় হ', মই গণ্য কৰিবলৈ চেষ্টা কৰা কোনো সামাজিক বা ঐতিহাসিক পটভূমিৰ পৰা । এতিয়া এই টেপ ৰেকৰ্ডাৰটোৰ সম্মুখত, এইটো বেগত আকস্মিকভাৱে পৰিৱেশন কৰি দিয়াৰ সময়ত এই 'সম্পৰ্ক'টো বিশ্লেষণ কৰাটো প্ৰশ্নটোৰ বাহিৰৰ বস্তু হ'ব । কিন্তু আপুনি নাভাবেনে যে সেইসকল যিয়ে আপুনি কোৱা ধৰণে মোক অভিযুক্ত কৰে, তেওঁলোকে যিবোৰ বুজি নোপোৱা বুলি দাবী কৰে সেইবোৰৰ প্ৰয়োজনীয়তা বুজি পায় (?), যেনে, যে এয়া পঢ়া আৰু মূল্যায়ণ কৰাৰ এটা নিৰ্দ্দিষ্ট দৃশ্যক প্ৰশ্ন কৰাৰ কথা, একেবাৰে আগত, ইয়াৰ সকলো পৰিচিত তৃপ্তিৰে সৈতে, ইয়াৰ উপকাৰিতাসমূহ, ইয়াৰ প্ৰতিটো প্ৰকাৰৰ কাৰ্য্যক্ৰমৰ সৈতে ? এগৰাকী গণিতজ্ঞ বা পদাৰ্থবিজ্ঞানীৰ ওপৰত কোনেও খং নকৰে যাক সি বা তেওঁ মুঠেই বুজি নাপায়, বা বিদেশী ভাষা কোৱা কাৰোবাৰ ওপৰত, কিন্তু বৰঞ্চ এনে কাৰোবাৰ ওপৰতহে যিয়ে আপোনালোকৰ নিজৰ ভাষাৰ ওপৰত অন্যায়ভাৱে হস্তক্ষেপ কৰে, নিৰ্ভুলভাৱে এই 'সম্পৰ্ক'ৰদ্বাৰা, যিটো আপোনালোকৰ....

মই আপোনালোকক নিশ্চিতি দিছোঁ যে মই কেতিয়াও জটিল হ'ব লাগে বুলিয়েই জটিল হ'বলৈ নিদিওঁ । সেয়া অতি বেছি অদ্ভুত আৰু হাস্যকৰ হ'ব । কথাটো এয়ে যে মই সময় লোৱাৰ, বা যদি আপোনালোকে বেছি উচিত বুলি ভাবে, তেন্তে মই সময় দিয়াৰ, ভাঁজবোৰ মচি নেপেলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশ্বাস কৰোঁ । দাৰ্শনিক বা ৰাজনৈতিক কাৰণসমূহৰ বাবে, যোগাযোগ আৰু গ্ৰহণযোগ্যতাৰ এই সমস্যা, ইয়াৰ নতুন প্ৰযুক্তিগত-অৰ্থনৈতিক দানসমূহৰ সময়ত, প্ৰত্যেকৰে বাবে আগতকৈ অধিক গম্ভীৰ; মানুহে ইয়াক কেৱল বিকাৰ, আপত্তি আৰু এৰা-ধৰাৰ মাজেৰেহে গ্ৰহণ কৰিব পাৰে ।

প্ৰশ্ন ২ : চমুকৈ, দাৰ্শনিকৰ বাবে আপুনি সেয়া দাবী কৰে যি আৰম্ভণিতে বিজ্ঞানীসকলৰ বাবে দিয়া হৈছে : এটা অনুবাদৰ প্ৰয়োজন, এটা বৰ্ণনাৰ প্ৰয়োজন যিটো আনৰ দ্বাৰা কৰা হ'ব ।

জেক ডেৰিডা : আমি সকলো হ'লোঁ মাধ্যম বা বাহক তথা অনুবাদক। দৰ্শনৰ ক্ষেত্ৰত, আন সকলো ক্ষেত্ৰৰ দৰে, আপোনালোকে এটা সঞ্চিত বস্তুৰ অন্তৰ্নিহিত পৰ্য্যায় অনুমান কৰিব লাগিব, এই বিষয়ে কোনোদিন নিশ্চিত নোহোৱাকৈয়ে, আৰু এনেকৈয়ে বৃহৎ পৰিমাণৰ পৰ্য্যায়ক্ৰম যোগান (Relays)ৰ সৈতে (শিক্ষণ, বাতৰি কাকত, আলোচনী, কিতাপ, কোনো মাধ্যম), এই পৰ্য্যায়ক্ৰম যোগানসমূহ ভগাই লোৱা দায়িত্বভাৰৰ সৈতে । কিয়, আপাত দৃষ্টিত এয়া এগৰাকী দাৰ্শনিকহে যাক 'বেছি সহজ' হ'বলৈ আশা কৰা যায় আৰু কোনোবা বিজ্ঞানী বা অন্যক নহয়, যি সেই একেখিনি পাঠকৰ বাবে বেছিহে দুৰ্লভ ? আৰু সেই লিখকজনক কিয় নহয় যিয়ে সৃষ্টি কৰিব পাৰে, কেৱল 'সংকট'ৰ সময়ত নতুন পথ ভাঙি উলিয়াব পাৰে, গ্ৰহণীয়তাৰ বিপদাশংকা বহন কৰি যিটো মন্থৰ গতিত আহেপ্ৰকৃততে ইয়াত অন্য এটা জটিলতা আছে --- মই বিশ্বাস কৰোঁ যে সেয়া সদায় এজন 'লিখক' হে যাক 'অপঠনসাধ্য' বুলি জগৰীয়া কৰা হয়, আপোনালোকে যেনেদৰে দৃঢ়ভাৱে কয়, অৰ্থাৎ, এনে কোনোবা যি ভাষা, ভাষাৰ মিতব্যয়িতা, সাংকেতিক চিহ্ন আৰু যিবোৰ আটাইতকৈ বেছি প্ৰাপ্তিসাধ্য তাৰ প্ৰকাশ মাধ্যমসমূহৰ ব্যাখ্যাকৰণৰ লগত জড়িত ।

এইধৰণে, অভিযুক্তগৰাকী হ'ল এনে কোনোবা যিয়ে পাঠৰ সংকলন আৰু বহুতো উপভাষাৰ প্ৰচলিত বিধি-ব্যৱস্থাৰ মাজত এটা সংযোগৰ পুনৰ্স্থাপন ঘটায় । যদি সি বা তেওঁ এগৰাকী দাৰ্শনিক হয়, তেতিয়া এনে হয় কাৰণ সি বা তেওঁ তাত প্ৰচলিত ভাষা, চিন্তাৰ অলংকাৰপূৰ্ণ সুপ্ৰকাশ বিদ্যা আৰু ৰীতি-নীতিসমূহৰ সৈতে এটা নিৰ্ভেজালভাৱে পুথিগত পৰিৱেশতো কথা নাপাতে বা সেই 'প্ৰতিজনৰে ভাষা'তো কথা নাপাতে যিটো আমি সকলোৱে জানোঁ যে তাৰ কোনো অস্তিত্বই নাই ।

কথাবোৰ বেছি বেয়াৰ পিনে গতি লৈছিল (যিহেতু কথাবোৰ এনেকুৱাই, নহয় নে, আৰু সৌভাগ্যক্ৰমে মানুহে পঢ়িব নোৱাৰা কথাবোৰৰ বাবে সদায় আপত্তি নকৰে) যেতিয়া, হাচ্ছ্যেৰ্ল (Husserl)ৰ কেইখনমান কিতাপৰ পিছত, মই সাহিত্যৰ চৰিত্ৰসমূহৰ এটা নিৰ্দ্দিষ্ট প্ৰদূষিতকৰণ দ্ৰুততৰ কৰিছিলোঁ বা প্ৰৱল কৰিছিলোঁ । 'সাহিত্যৰ চৰিত্ৰসমূহৰ মিশ্ৰণ', মানুহে ভাবিছিল, কিন্তু সেয়া শুদ্ধ শব্দ নহয় ।

প্ৰশ্ন ৩ : মুঠতে, আপোনাক পঢ়িবলৈ হ'লে এজন মানুহৰ কেৱল দৰ্শনৰেই নহয়, কিন্তু মনোবিশ্লেষণ, সাহিত্য, ইতিহাস, ভাষাবিজ্ঞান বা চিত্ৰকলাৰ ইতিহাসৰ বিষয়েও ধাৰণা থাকিবই লাগিব...

জেক ডেৰিডা : ইয়াত বিশেষভাৱে সম্ভাৱনীয়তা আছে যিটো অৱশ্যেই প্ৰকাশ হয়, কোনোবাই এয়া বিচাৰক বা নিবিচাৰক, এটাৰপৰা আন এটা লিখনিলৈ, এক ধৰণৰ সংৰচনা...

প্ৰশ্ন ৪ : আপোনাক পঢ়িবৰ বাবে মানুহে ডেৰিডাক পঢ়িব লাগিব...

জেক ডেৰিডা : কিন্তু এয়া প্ৰত্যেকৰ ক্ষেত্ৰতে সত্য ! এটা লিখনিৰ বাবে অতীতৰ এটা প্ৰক্ষেপ পথক বিবেচনা কৰি লোৱাটো ইমান ভুল নেকি, যিটোৱে নিজেই নিজক আংশিকভাৱে অভেদ্য কৰিছে, অলপ অলপকৈ ? কিন্তু ইয়াক নোহোৱা কৰাটোও, এই ভেদ খোলাটোও চিত্তাকৰ্ষক । মইও সৰলতম বস্তুটোলৈকে নিকটভাৱে কলোবোৰ আকৌ এবাৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ, যিটো কেতিয়াবা জটিল আৰু বিপদজনক হয় ।

আপুনি জানে, দৰ্শন, বিজ্ঞান বা সাহিত্য আদিৰ লগত থকা এই যে 'ভাৱধাৰা' বৰ্ণনা সম্পূৰ্ণৰূপে সেইবোৰৰ নিজৰ নহয় । ই এটা লিখনি বিচাৰে যিটো কেতিয়াবা সহজবোধ্য দক্ষতাৰ সৈতে পঢ়িব পৰা যায়...

 

জন্ম আৰু বৌদ্ধিক বিকাশ (Birth and Intellectual Development)

"A 'Madness' Must Watch Over Thinking" ৰ পৰা; পৃষ্ঠা ৩৩৯-৩৪৩

প্ৰশ্ন ৫ : আপোনাৰ ভৱিষ্যৎ জীৱনীলেখকক আমি কল্পনা কৰোঁ আহক । ধৰি ল'ব পাৰে যে ৰাহহুৱা নথিৰ অলস পুনৰুক্তিত তেওঁ লিখিব : জেক ডেৰিডাৰ জন্ম হৈছিল ১৯৩০ চনৰ ১৫ জুলাইত আলজিয়াৰ্চৰ ওচৰৰ এল বিয়াৰত । এই জৈৱিক জন্মৰ আপোনাৰ 'প্ৰকৃত জন্ম'ৰ ভিত্তিত বিৰোধিতা কৰাটো আপোনাৰ ওপৰত কথা, সেইটো যিটো আপোনাক প্ৰকৃত আপুনিজন কৰি গঢ়ি তোলা সেই ব্যক্তিগত বা ৰাজহুৱা ঘটনাটোৰ পিছৰ পৰ্য্যায়ৰ ।

জেক ডেৰিডা : আৰম্ভকসকলৰ বাবে সেয়া অতি বেছি হৈ যায় । আপুনি বৰ বেছি এনেকৈ ক'ব পাৰে : আপুনি কেতিয়া জন্ম হৈছে সেইটো কোৱাটো "আপোনাৰ ওপৰত নিৰ্ভৰ। নাই, যদি এনে কিবা এটা আছে যিটো "মোৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে", তেন্তে সেয়া হ'ল যে আমি আপুনি কোৱাৰ দৰে ৰাজহুৱা নথিৰ বাস্তৱিকতালৈ হস্তান্তৰ হোৱা 'জৈৱিক জন্ম'ৰ বিষয়ে কথা পাতি আছোঁ, নে 'প্ৰকৃত জন্ম' "মই জন্ম হৈছিলোঁ" : এইটো হ'ল মই জনা আটাইতকৈ একক প্ৰকাশ, বিশেষকৈ ইয়াৰ ফ্ৰেন্স ব্যাকৰণগত ৰূপত । যদি সাক্ষাৎকাৰটোৱে নিজৰ মাজতে আৱদ্ধ ৰূপ গঠন কৰি লয়, আপোনাক প্ৰত্যক্ষভাৱে উত্তৰ দিয়াৰ সলনি মই "মই, মই জন্ম হৈছোঁ" -- এই খণ্ডবাক্যটোৰ অন্তহীন বিশ্লেষণ আৰম্ভ কৰাক অগ্ৰাধিকাৰ দিম, 'ত ক্ৰিয়াৰ কালটো উল্লেখ কৰা নাই । এইটো বিষয়ত উৎকণ্ঠা কেতিয়াও দূৰ নহয়, কাৰণ এই পৰিঘটনাটো যিটো তেনেকৈ আখ্যা দিয়া হৈছে, সেয়া কেৱল ভৱিষ্যততহে মোৰ বিষয়ে ঘোষণা কৰিব পাৰিব : "মই জন্ম হৈছোঁ ", কিন্তু ভৱিষ্যতত অতীতৰ এটা কায়া থাকে যিটো মই কেতিয়াও দেখা নাপাম আৰু যিটো এইটো কাৰণতে সদায় প্ৰতিশ্ৰুত হৈ ৰয় -- আৰু ইয়াৰ উপৰিও বহুমুখীও । কোনে কেতিয়াবা কৈছিল যে তেওঁ এবাৰেই জন্ম হৈছিল ? কিন্তু কোনোবাই কেনেকৈ অস্বীকাৰ কৰিব পাৰে যে আটাইকেইটা ভিন ভিন প্ৰতিশ্ৰুত জন্মৰ মাজেৰে, এইটো এটা একক আৰু একেই সময়, সেই অপ্ৰতীম সময়, যিটো দৃঢ়তাৰে নিৰ্মিত আৰু যিটো অনন্তকাললৈ পুনৰাবৃত্ত হৈ থাকে ? এয়া হ' ‘Circumfession’ ত যিটো পুনৰ্বিবেচিত হৈ আছে, তাৰ এটা সৰু ৰূপ । "মই এতিয়ালৈকে জন্ম হোৱা নাই" কাৰণ সেই মুহূৰ্তটো যিটোৱে মোৰ নামোল্লেখযোগ্য পৰিচয় নিশ্চিত কৰিছিল, সেই মুহূৰ্তটো মোৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল । সকলোবোৰ এনেধৰণে ব্যৱস্থা কৰি থোৱা থাকে যাতে এয়া এই ধৰণেই হয়, ইয়াকে সংস্কৃতি বোলা হয় । এনেদৰে, ইমানবোৰ ভিন ভিন পৰ্য্যায়ক্ৰম যোগান (Relay)ৰ মাজেৰে মানুহে কেৱল এই চুৰিকাৰ্য্যৰ বা এই অনুষ্ঠানটো যিটো সমৰ্থ আছিল, যিটো একাধিকবাৰ ঘটিবলগীয়া হৈছিল, (তাৰ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে । কিন্তু ই যি ধৰণেই পুনৰাবৃত আৰু বিভাজিত হৈ নৰওক কিয়, সেই 'মাত্ৰ এবাৰ'টো তিষ্ঠি থাকে ।

প্ৰশ্ন ৬ : আপুনি এইটো বুজাব বিচাৰিছে নেকি যে আপুনি কোনো আত্মপৰিচয় থকাটো নিবিচাৰে ?

জেক ডেৰিডা : ওলোটাই, মই বিচাৰোঁ, আন প্ৰতিজনৰ দৰে । কিন্তু এই অসম্ভৱ কামটোৰ প্ৰত্যাৱৰ্তনৰ দ্বাৰা আৰু নিঃসন্দেহে যিটোৰ মইও বিৰোধিতা কৰোঁ, এই 'মই'জনেই বিৰোধিতাৰ প্ৰকৃত স্বৰূপটো গঠন কৰে । প্ৰত্যেকবাৰ যেতিয়া এই পৰিচয়টোৱে নিজকে ঘোষণা কৰে, প্ৰত্যেকবাৰ যেতিয়া বস্তু-বাহানিয়েমোক ঘেৰি ধৰে, যদি মই ইয়াক এই ধৰণে উপস্থাপন কৰিব পাৰোঁ, কোনোবাই বা কিবা এটাই চিৎকাৰ কৰি উঠে : ফান্দখনৰ পিনে সতৰ্ক হৈ চোৱা, তুমি ফান্দত পৰিলা । আঁতৰি দিয়া, মুকলি হোৱা, নিজকে বিচ্ছিন্ন কৰা । তোমাৰ সংলগ্নতা আন ক'ৰবাত হে । অতি মৌলিক নহয়, হয় নে ?

প্ৰশ্ন ৭ : আপুনি কৰা কামবোৰৰ লক্ষ্য এই পৰিচয়টোৰ পুনৰ-আৱিষ্কাৰ নেকি ?

জেক ডেৰিডা : কোনো সন্দেহ নাই, কিন্তু সেই প্ৰতীকী কাৰ্য্য যিটোৱে নিজকে পুনৰ-আৱিষ্কাৰৰ চেষ্টা কৰে, ই বিচ্ছিন্ন কৰে, ই নিজকে আকৌ বিচ্ছিন্ন কৰে । কোনোবাই এই অনতিক্ৰম্য ব্যৱধানৰ তত্ত্বক বিধিৱদ্ধ কৰিবলৈ সক্ষম হোৱা উচিত আছিল । এয়া হ'ল মই সদায় যি কৰি আহিছোঁ, তাৰ এটা সৰু অংশ । পৰিচয় গ্ৰহণ হ'ল ইয়াৰ নিজলৈ এটা ব্যৱধান, ইয়াৰ নিজৰ লগত এটা ব্যৱধান । এনেদৰে ইয়াৰ নিজৰ লগত, নিজৰ অবিহনে বা নিজক বাদ দি । জন্মৰ প্ৰতি ওভোতনিৰ চক্ৰটো মাত্ৰ মুকলি হৈহে থাকিব পাৰে, কিন্তু ই একে সময়তে এটা সুযোগ, জীৱনৰ এটা নি সংকেত আৰু এটা আঘাত । যদি ই জন্মতেই আৱদ্ধ হৈ থাকে, সেই কথাৰ পৰিপূৰ্ণতা বা জ্ঞানৰ পৰিপূৰ্ণতা যিয়ে কয় "মই জন্ম হৈছোঁ", সেয়া হ'ব মৃত্যু ।

প্ৰশ্ন ৮ : মানুহে প্ৰথম জন্ম আৰু এই অন্য জন্মৰ মাজত কি সম্পৰ্ক দেখা পোৱা উচিত, যিটো হ'লহেতঁন ফ্ৰান্সত আপোনাৰ উপস্থিতি, লিচি লুই-লি-গ্ৰেণ্ড (lycée Louis-le-Grand) ত আপোনাৰ অধ্যয়নসমূহ, গ্যান্যা (khâgne)ৰ অধ্যয়নসমূহ, এখন সম্পূৰ্ণ বেলেগ পৃথিৱীত এক লিপিৱদ্ধকৰণ ?

জেক ডেৰিডা : আলজেৰিয়াত, ধৰি ল'লোঁ, মই, সাহিত্য আৰু দৰ্শনৰ ভিতৰলৈ 'সোমাবলৈ' আৰম্ভ কৰিছিলোঁ । মই লিখাৰ সপোন দেখিছিলোঁ -- আৰু ইতিমধ্যে আৰ্হিসমূহে সেই সপোনটোৰ নিৰ্দেশনা দি আছিল, এটা নিৰ্দ্দিষ্ট ভাষাই, নিৰ্দ্দিষ্ট ব্যক্তি আৰু নামসমূহে ইয়াক নিয়ন্ত্ৰণ কৰিছিল । এয়া চুন্নৎকৰণৰ দৰে, আপুনি জানেনে, আপুনি কিবা কৰাৰ আগতেই এয়া আৰম্ভ হয় । বহুত আগতে মই গিড (Gide), নিটজ্যা (Nietzsche), ৱেলেৰী (Valéry) পঢ়িছিলোঁ, নৱম নে দশম শ্ৰেণীত । গিডে আনকি আৰম্ভণীতে নিঃসন্দেহে : মুগ্ধতা, আকৰ্ষণ, দেৱত্ব আৰোপণ, অন্ধভক্তি (ৰ সৃষ্টি কৰিছিল) । মই এতিয়া আৰু নাজানোঁ যে এই সকলোবোৰৰ কি অৱশিষ্ট আছে । এজন ডেকা শিক্ষক মোৰ মনত আছে, ৰঙা চুলিৰ, যাৰ নাম আছিল ল্যুফিভাৰ (Lefèvre), তেখেত মিট্ৰ'' (Mètropole)ৰ পৰা আহিছিল, আমাৰ অলপ ৰুক্ষ পিয়ে-নোৱা (pieds-noirs) (- ফ্ৰান্সৰ শাসনকালত আলজেৰিয়াত থকা ইউৰোপিয়ান মূলৰ মানুহ) ডেকাসকলৰ চকুত, যিটোৱে তেখেতক কিবা এটা অদ্ভুত আৰু হেবাং ৰূপত উপস্থাপন কৰিছিল । তেখেতে প্ৰেমৰ জয়গান গাইছিল আৰু গাইছিল 'এই ধৰাৰ ফলবোৰ (Les nourritures terrestres) (- English meaning: 'The Fruits of The Earth' - A prose poem written by Gide in France in 1897) । পৰাহেতেঁন মই এই কিতাপখন মুখস্থ কৰি শিকিলোঁহেতেঁন । কোনো সন্দেহ নাই যে প্ৰতিজন কিশোৰৰ দৰে মই ইয়াৰ প্ৰৱল উদ্যমক, ইয়াৰ ধৰ্ম আৰু পৰিয়ালৰ সন্দৰ্ভত যুদ্ধখনৰ বিজ্ঞপ্তিসমূহৰ গীতিকাব্যসুলভতা (বা কবিত্ব বা কাব্য প্ৰধানতা) ক শ্ৰদ্ধা কৰিছিলোঁ (মই বোধহয় সদায়ে "মই বেয়া পাওঁ ঘৰখনক, পৰিয়ালটোক, প্ৰতিখন ঠাইক য'ত মানুহে জিৰণি বিচাৰি পাব পাৰে বুলি ভাবে"ক সাধাৰণভাৱে "মই পৰিয়ালটোৰ অংশ নহয়" বুলি প্ৰকাশ কৰি থওঁ । মোৰ বাবে এয়া এখন ঘোষিত পৰিকল্পনাপত্ৰ বা এখন বাইবেল আছিল : একে সময়তে ধাৰ্মিক আৰু নব্য-নিটজ্যান (neo-Nietzschean), ভোগ-বিলাসকেন্দ্ৰিক, ব্যাভিচাৰী আৰু বিশেষকৈ অতি বেছি আলজেৰিয়ান, যেনেদৰে আপোনালোকে জানে । মোৰ চাহেল (Sahel), ব্লিডা (Blida) আৰু জাৰ্ডিন দ্যে'ছাঁ (Jardin d'Essai - এখন বিখ্যাত ডাঙৰ বাগান)ৰ ফলবোৰৰ প্ৰতি গুণানুকীৰ্তন মনত আছে । মই গিডৰ সকলোখিনি পঢ়িছিলোঁ আৰু সম্ভৱতঃ 'লিমোৰেলিষ্ট' (L'immoraliste) (আণ্ড্ৰে' গিডে ৰচনা কৰা ১৯০২ চনত প্ৰকাশ হোৱা 'The Immoralist' (ইংৰাজীত হ'লে) নামৰ এখন উপন্যাস) এ মোক নিটজ্যাৰ ওচৰলৈ লৈ গৈছিল, যিখন নিঃসন্দেহে মই বহুত বেয়াকৈ বুজি পাইছিলোঁ, আৰু যথেষ্ট অনাকাংক্ষিতভাৱে নিটজ্যাই ৰুছোঁ (Rousseau)ৰ দিশত মোক আগবঢ়াই দিছিল, ৰেভাৰিজ (Rêveries)ৰ ৰুছোঁ । মোৰ মনত আছে যে মই নিটজ্যা আৰু ৰুছোঁৰ মাজত প্ৰচণ্ড তৰ্ক-বিতৰ্ক (বা যুক্তিবাদ)ৰ মঞ্চখন হৈ পৰিছিলোঁ আৰু আটাইবোৰ ভূমিকা গ্ৰহণ (বা পালন) কৰাৰ বাবে প্ৰয়োজনাধিকভাৱে সাজু আছিলোঁ । গিডে প্ৰ'টিয়াছ (Proteus)ৰ বিষয়ে যি কয়, সেয়া মই স্পষ্টভাৱে ভাল পাইছিলোঁ, প্ৰ'টিয়াছক যিয়েই চিনি পাইছিল, যদি সেয়া সম্ভৱ, তেওঁৰ লগত মই সৰলভাৱে পৰিচিত হৈছিলোঁ । এয়া যুদ্ধখনৰ সমাপ্তি আছিল ("মোৰ" আলজেৰিয়া মূলতঃ প্ৰায় নিয়মিতভাৱে যুদ্ধত আছিল, কাৰণ আলজেৰিয়ান যুদ্ধৰ প্ৰথম গণ অভ্যুত্থান (বা বিপ্লৱ) আৰু এনেদৰে প্ৰথম আভাসবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দবাই ৰখা হৈছিল) । ১৯৪৩-৪৪ চনত পেৰিছ অধিকাৰ কৰাৰ পিছত স্বাধীন এলজিয়াৰ্চ এক প্ৰকাৰে হৈ উঠিছিল সাহিত্যচৰ্চাৰ ৰাজধানী । গিড প্ৰায়ে উত্তৰ আফ্ৰিকাত আছিল, কেম্যু (Camus)ৰ বিষয়ে যথেষ্ট কথা পতা হৈছিল, প্ৰত্যেক ঠাইতে নতুন সাহিত্যালোচনী আৰু নতুন প্ৰকাশক প্ৰাণচঞ্চলতাৰে উঠি আহিছিল । এই সকলোবোৰে মোক মুগ্ধ কৰি ৰাখিছিল । মই কিছুমান নিম্ন মানৰ কবিতা লিখিছিলোঁ যিবোৰ মই উত্তৰ আফ্ৰিকান আলোচনীসমূহত প্ৰকাশ কৰাইছিলোঁ, মই এটা 'ব্যক্তিগত ডায়েৰী' ৰাখিছিলোঁ । কিন্তু যদিও মই এই ধৰণৰ পাঠলৈ বা অন্য একাকী কাৰ্য্যকলাপলৈ এটা সম্পৰ্কবিহীন, পাৰ্শ্ব-অৱস্থিত ধৰণে প্ৰত্যাৱৰ্তন কৰিছিলোঁ, মই এজন উচ্ছৃংখল ডেকাৰো জীৱন যাপন কৰিছিলোঁ, এনে এটা 'দল'ত আছিলোঁ যিটো অধ্যয়নতকৈ ফুটবল খেল বা কষ্টকৰ পথত আগবঢ়া (track)ৰ প্ৰতি বেছি আকৃষ্ট অছিল । লিচি (lycée - ফ্ৰান্সৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়)ত মোৰ অন্তিম দুটা বছৰত মই বাৰ্গচন (Bergson) আৰু চাৰ্টৰে (Sartre)ক পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, যি দুজন মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যিটো দাৰ্শনিক 'প্ৰশিক্ষণ' বুলি ক'ব পাৰি, যিকোনো ক্ষেত্ৰৰে আৰম্ভণীৰ দৰে ।

প্ৰশ্ন ৯ : সেয়া আপুনি নে আপোনাৰ পিতৃ-মাতৃ আছিল যিয়ে আপুনি ইক'ল নৰ্মেল (Ecole Normale)লৈ যোৱাটো বিচাৰিছিল ?

জেক ডেৰিডা : এইখন কি সেয়া মোৰ পিতৃ-মাতৃয়ে নাজানিছিল । মইও জনা নাছিলোঁ, আনকি যেতিয়া মই ইপ'গ্যান্যা (hypokhâgne)ত নাম ভৰ্তি কৰিছিলোঁ । পৰৱৰ্তী বছৰত যেতিয়া মই লুই-লি-গ্ৰেণ্ড (Louis-le-Grand)ত গ্যান্যা (khâgne) পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, এয়া সহজভাৱে, মই জীৱনত কৰা প্ৰথম ভ্ৰমণ আছিল, উনৈছ বছৰ বয়সত । মই কেতিয়াও এলজিয়াৰ্চ (Algiers)ৰ উপকন্ঠত থকা এল বিয়াৰ (El Biar) এৰা নাছিলোঁ । পেৰিছৰ আৱাসী বিদ্যালয়ৰ অভিজ্ঞতা অতি ৰূঢ় আছিল, মই তাৰ লগত খুব ভালদৰে অভ্যস্ত হোৱা নাছিলোঁ । মই সকলো সময়তে অসুস্থ আছিলোঁ, বা যিকোনো ক্ষেত্ৰতে দুৰ্বল (বা ঠুনুকা) আছিলোঁ, স্নায়ৱিক অৱসাদৰ শেষ সীমাত ।

প্ৰশ্ন ১০ : আপুনি ইক'ল নৰ্মেল (Ecole Normale)লৈ যোৱালৈকে ?

জেক ডেৰিডা : হয় । সেইকেইটা আছিল আটাইতকৈ জটিল, আটাইতকৈ বেছি ক্ষতিৰ আশংকা থকা বছৰ । এফালে ই এক প্ৰকাৰৰ নিৰ্বাসন আছিল, আনফালে ফ্ৰেন্স ব্যৱস্থাৰ ভিতৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ ভয়ংকৰ যন্ত্ৰণা । ইক'ল নৰ্মেল আৰু এগ্ৰিগেশ্যন (agrégation - ফ্ৰেন্স ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ বাবে অনুষ্ঠিত এটা অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষা ৰ দৰে প্ৰতিযোগিতাৰ সৈতে, যিবোৰে মোৰ দৰে পৰিস্থিতিত নিজকে পাইছিল, হয় এই ভয়ংকৰ যন্ত্ৰ সংগঠনটোৰ মাজত সমস্ত বিপদাশংকা তুলি লোৱা, নহয় জীৱন অথবা মৃত্যুৰ ৰায়দানৰ বাবে অপেক্ষা কৰি থকাৰ দৰে ধাৰণা এটা হৈ গৈছিল । বিফলতা মানেই আছিল এটা সম্পূৰ্ণ অনিশ্চিত অৱস্থাত এলজিয়াৰ্চলৈ উভতি যোৱা -- আৰু মই এবাৰলৈও আলজেৰিয়ালৈ ঘূৰি যাব বিচৰা নাছিলোঁ আৰু সকলোৰে কাৰণে (দুয়োটা এইবাবেই যে মই অনুভৱ কৰিছিলোঁ যে মই কেতিয়াও 'ঘৰত' থাকি 'লিখিব' নোৱাৰিলোঁহেতেঁন আৰু ইতিমধ্যে ৰাজনৈতিক কাৰণবশতঃ ; '৫০ ৰ দশকৰ আগভাগৰ ঔপনিৱেশিক ৰাজনীতিৰ পৰা আৰু আটাইতকৈ প্ৰথম কথাটো হ'ল যে ঔপনিৱেশিক সমাজখন মোৰ বাবে অসহ্য হৈ পৰিছিল । গ্যানা (khâgne) আৰু ইক'ল নৰ্মেল (Ecole Normale)ত থকা বছৰকেইটা এইদৰেই এটা কঠোৰ হাৰাশাস্তি আছিল (নিৰুৎসাহকৰণ, হতাশা-- পৰীক্ষাবোৰত বিফল হোৱা : প্ৰথম প্ৰচেষ্টাত মোলৈ একোৱেই হস্তান্তৰ কৰা হোৱা নাছিল)

প্ৰশ্ন ১১ : আৰু তথাপি আপুনি ইক'ল নৰ্মেল (Ecole Normale)ত এটা দীঘলীয়া সময় আছিল ?

জেক ডেৰিডা : এই সাঁথৰটোৱে আপোনাক নিস্তাৰ দিয়া নাই; নিঃসন্দেহে এই বিষয়ত বহুখিনি ক'বলগীয়া থাকিব । মোৰ সদায়ে 'বিদ্যালয়ৰ প্ৰতি দুৰ্বলতা' আছিল, যেনেদৰে আনৰ 'সাগৰৰ প্ৰতি দুৰ্বলতা' থাকে । মই বিদ্যালয়লৈ উভতি যোৱাৰ পৰত কান্দিছিলোঁ এনে ব্যৱহাৰৰ বাবে লজ্জিত হ'বলগীয়া হোৱাৰ বয়স পোৱাৰ বহুত পিছলৈও । আজি পৰ্য্যন্ত, মই কোনো অস্বস্তি বা উৎকণ্ঠাৰ শাৰীৰিক লক্ষণ (মানে মোৰ বুকুত বা পেটত) অবিহনে এটা শিক্ষানুষ্ঠানৰ দুৱাৰ-ডলি পাৰ হ'ব নোৱাৰোঁ (উদাহৰণ স্বৰূপে ইক'ল নৰ্মেল (Ecole Normale) 'ত মই বিছ বছৰ শিক্ষাদান কৰিছিলোঁ বা ইক'ল ডি অ'ট্জ এটিউড্ছ (Ecole des Hautes Etudes) 'ত মই ছয় বছৰ ধৰি শিক্ষাদান কৰি আছোঁ) । আৰু ইমানৰ পিছতো, এয়া সত্য, (যে) মই সাধাৰণতে কেতিয়াও বিদ্যালয় এৰা নাই, মই ইক'ল নৰ্মেল (Ecole Normale)ত প্ৰায় ত্ৰিছ বছৰ একেলেথাৰিয়ে আছিলোঁ । মই নিশ্চিতভাৱে এইবাৰ 'বিদ্যালয়ৰ প্ৰতি দুৰ্বলতা'  'ঘৰৰ প্ৰতি দুৰ্বলতা'ৰ অৰ্থত ভুগিছোঁ ।

 

ডেৰিডিয়ান পদ্ধতি (Derridean Method)

"There is No One Narcissism"ৰ পৰা ; পৃষ্ঠা ১৯৯-২০১

 

প্ৰশ্ন ১২ :  আপুনি প্ৰায়ে বাৰম্বাৰ কৈ আহিছে যে নিৰ্গঠন বা বিনিৰ্মাণ (deconstruction) এটা পদ্ধতি নহয়, যে 'ডেৰিডিয়ান পদ্ধতি' বুলি একো নাই । তেনেক্ষেত্ৰত, মানুহে আপোনাৰ কৃতিসমূহ কি হিচাপে লোৱা উচিত ? আপুনি ইয়াৰ প্ৰভাৱবোৰৰ কেনেধৰণে মূল্যায়ণ কৰে ? আপোনাৰ কামবোৰ কাৰ প্ৰতি নিবেদিত আৰু সৰ্বশেষত, আপোনাক কোনে পঢ়ি চায় ?

জেক ডেৰিডা : সংজ্ঞাগতভাৱে, এয়া কাৰ প্ৰতি নিবেদিত, মই নাজানোঁ । বা, বৰঞ্চ, হয় মই জানোঁ । এইটো বিষয়ত মোৰ এটা নিৰ্দ্দিষ্ট বোধ আছে, কিছুমান অনুমান আছে, কিছুমান ভাৱমূৰ্তি বা ধাৰণা আছে, কিন্তু এনে এটা পৰ্য্যায় আহে যিটোত ছপা ৰূপত প্ৰকাশ কৰা বা অভিমত দিয়া কোনো এজনতকৈ মই লক্ষ্যৰ বিষয়ে বেছি নিশ্চিত নহয় । যদিও কোনোবাই এজন বা ততোধিক সম্ভাব্য নিবেদিত লোকৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, গতানুগতিক চমু আলেখ্য ব্যৱহাৰ কৰি, যদিও কোনোবাই সেয়া কৰিব বিচাৰিছিল, এয়া সম্ভৱ নহ'লহেতেঁন । আৰু মই ধাৰণা কৰোঁ যে কোনোবাই সেই লক্ষ্যৰ নিয়ন্ত্ৰণকৰ্তা হ'বলৈ বা সেই লক্ষ্যক জয় কৰিবলৈ চেষ্টা নকৰাই উচিত । তদুপৰি, সেয়াই হ'ল তাৰ কাৰণ - কোনোবাই কিয় লিখে। এতিয়া, আপুনি উপভাষা (বা জটুৱা ঠাঁচ)ৰ কথা উল্লেখ কৰিলে । হয়, কিন্তু মই বিশুদ্ধ উপভাষাতো বিশ্বাস নকৰোঁ । মই ভাবোঁ, যিয়েই কয় বা লিখে, তেওঁৰ এটা বিক্ষেষ আলংকৰিক ৰূপত অৰ্থাৎ এটা অপ্ৰতিষ্ঠাপনীয় ৰূপত চিহ্ন ৰাখি যোৱাৰ এটা প্ৰাকৃতিক হেঁপাহ আছে । কিন্তু যেতিয়াই তাত এটা সাঁচ বহে, সেয়া হ', এটা পুনৰাবৃত্তিৰ সম্ভাৱনা, যেতিয়াই এটা ভাষা থাকে, সেই দৃশ্যপটত এটা সাধাৰণীকৰণে প্ৰৱেশ কৰে আৰু সেই উপভাষাটোৱে এনেকুৱা কিবা এটাৰ লগত আপোচ কৰি পেলায় যিটো আলংকৰিক ৰূপৰ নহয় : এটা সমূহীয়া ভাষাৰ লগত, চিন্তাসমূহৰ লগত, নিয়মসমূহৰ লগত, প্ৰচলিত ৰীতিৰ লগত । আৰু ফলস্বৰূপে যদিও কোনোবাই পদ্ধতিটোৰ উপভাষাৰ সংৰক্ষণ কৰিব বিচাৰে -- যিহেতু আপুনি পদ্ধতিৰ কথা কৈছিল -- নিয়মৰ ব্যৱস্থাৰ কথা কৈছিল যিটো আনসকলে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'বলৈ গৈ আছে, সেইবাবে, যদিও কোনোবাই ইয়াক সংৰক্ষণ কৰিব বিচাৰে, তেতিয়া, পদ্ধতিটোৰ উপভাষা... বাৰু, উপভাষাটো বিশুদ্ধ নহয়, এই তথ্যৰ দ্বাৰা তাত ইতিমধ্যেই পদ্ধতি আছে । প্ৰতিটো কথনত, আনকি এটা কাব্যিক বা জ্ঞানগৰ্ভ বাক্যই ইয়াৰ লগত এটা নিয়মৰ পদ্ধতি লৈ ফুৰে, তদ্ৰুপ পৰিৱেশ আৰু এনেদৰে বিধিতত্ত্বৰ এটা থূলমূল আভাস সৃষ্টি কৰিবৰ বাবে । ইয়াৰ অৰ্থ হ', একে সময়তে মই উপায়সমূহ চিহ্নিত কৰিবলৈ চেষ্টা কৰিছোঁ যাৰ দ্বাৰা, উদাহৰণ স্বৰূপে, নিৰ্গঠিত (deconstructive) প্ৰশ্নবোৰে পদ্ধতিসমূহৰ অৰ্থাৎ কাৰিকৰী কাৰ্য্যপ্ৰণালীসমূহৰ জন্ম দিব নোৱাৰে, যিটোৰ এটাৰ পৰা আন এটা প্ৰসংগলৈ পুনৰাবৃত্তি হ'ব পাৰে । মই যি লিখোঁ, মই ভাবোঁ তাত কিছুমান সাধাৰণ নিয়মো আছে, কিছুমান কাৰ্য্যপ্ৰণালী যিবোৰৰ সাদৃশ্যৰ দ্বাৰা ৰূপান্তৰ কৰিব পাৰি --- এয়াই হ'ল যাক কোৱা হয় এটা শিক্ষণ, এটা বোধ, প্ৰয়োগ -- কিন্তু এই নিয়মবোৰ এনে এটা মূল পাঠত তুলি লোৱা হয় যিটো প্ৰতিবাৰেই একোটা অনন্য উপাদান আৰু যিটোৱে নিজকে সম্পূৰ্ণৰূপে এটা পদ্ধতিলৈ পৰিৱৰ্তিত হ'ব নিদিয়ে । বাস্তৱিকতে এই অনন্যতা বিশুদ্ধ নহয়, কিন্তু ইয়াৰ অস্তিত্ব থাকে । তদুপৰি, যিয়ে লিখে, তেওঁৰ দৃঢ়চিত্ত ইচ্ছাৰ পৰা স্বতন্ত্ৰভাৱে ইয়াৰ অস্তিত্ব থাকে । শেহান্তৰত এটা স্বাক্ষৰ থাকে, যিটো কোনোবাই পৰিকল্পনা কৰি থোৱা স্বাক্ষৰ নহয়, যিটো স্বাভাৱিকভাৱেই পৈতৃক নহয়, যিটো কিবা এটা মৌলিক বা অদ্বিতীয় (কথা) উপস্থাপন কৰাৰ অৰ্থে ব্যাখ্যা কৰা কৌশলৰ সমষ্টি নহয় । কিন্তু, কোনোবাই এয়া ভাল পাওক বা নাপাওক, এটা উপভাষাৰ অন্যৰ ওপৰত এটা প্ৰভাৱ থাকে । এয়া ফটোগ্ৰাফিৰ দৰে : আপুনি যি ভংগিমাই গ্ৰহণ কৰে, আপুনি যি সাৱধানতাই লয় যাতে আলোকচিত্ৰখন এনেকুৱা বা তেনেকুৱা দেখা হয়, এনে এটা মুহূৰ্ত আহে যেতিয়া আলোকচিত্ৰখনে আপোনাক বিস্মিত কৰি দিয়ে আৰু এইটো আনৰ নিনিৰ্মেষ দৃষ্টিহে যিটো অৱশেষত জয়ী হয় আৰু এটা ৰায় দিয়ে । সেইবাবে, মই নিৰ্দ্দিষ্টকৈ যি লিখোঁ তাত সেয়া ভাবোঁ -- কিন্তু এয়া অন্যৰ বাবে ফলপ্ৰসূ -- সেই একেটা ঘটনা ঘটে : ইয়াত উপভাষা আছে, আৰু ইয়াত পদ্ধতি আছে, সাধাৰণীকৰণ; পঢ়'ল আন এজনৰ অনন্যতাত শ্ৰিত অভিজ্ঞতা আৰু দাৰ্শনিক বিষয়বস্তু, তথ্য যিবোৰ এই অনন্য পটভূমিৰ পৰা বিচ্ছিন্ন কৰি উলিয়াব পাৰি । দুয়োটা একে সময়তে ।

 

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত 'ডেৰিডাৰ ঘটনাসমূহ' (The 'Derrida Affair' at Cambridge University)

"সন্মানৰ অৰ্থে : 'এয়াও যথেষ্ট হাস্যকৰ আছিল'"ৰ পৰা ; পৃষ্ঠা ৪০৯-৪১৩

(from "Honoris Causa: 'This is also very funny'" pp. 409-413)

[Honoris Causa is typically a doctorate degree or less commonly, a master's degree at Cambridge University] (অন'ৰিছ ক'জা হ'ল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সাধাৰণতে এটা ডক্টৰেট বা তাতকৈ কম সাধাৰণভাৱে, এটা স্নাতকোত্তৰ ডিগ্ৰী)

প্ৰশ্ন ১৩ : নম্ৰভাৱে ক'বলৈ গ'লে, আপোনাৰ কৰ্মৰাজিয়ে সদায় প্ৰচুৰ পৰিমাণৰ বিতৰ্কক উৎসাহিত কৰি আহিছে, কিন্তু তাতকৈ ডাঙৰ কথা হ', আপোনাক অস্বাভাৱিকভাৱে হিংস্ৰ ধৰণে আক্ৰমণ কৰা হৈছে আৰু বৌদ্ধিক অন্বেষণৰ নিজৰেই মূল চৰিত্ৰক অন্তৰ্খনন কৰা বুলি আপোনাক সমালোচনা কৰা হৈছে । আপোনাৰ কৰ্মৰাজিৰ ওপৰত এই আক্ৰমণসমূহৰ হিংস্ৰতা আৰু অতিৰঞ্জনক আপুনি কেনেদৰে বিবেচনা কৰে ?

জেক ডেৰিডা : যদি এয়া কেৱল 'মোৰ' কৰ্মৰাজিৰ, এজন মানুহৰ এটা সুনিৰ্দ্দিষ্ট আৰু নিভৃত গৱেষণাৰ প্ৰশ্ন হ'লহেতেঁন, এয়া নঘটিলহেতেঁন । প্ৰকৃততে, এই সমালোচনাসমূহৰ হিংস্ৰতাৰ সৃষ্টি হয় এই কথাৰ পৰা যে এই অভিযুক্ত কৰ্মখিনি হ'ল এটা পূৰ্ণাংগ প্ৰচলিত প্ৰক্ৰিয়াৰ অংশ । ইয়াত যিটো প্ৰকাশ পাইছে, যেনে - ই নিশ্চিতভাৱে সক্ৰিয় কৰি তোলা প্ৰতিৰোধ, সেয়া এটা ব্যক্তিগত 'শিল্পকলা' ( "oeuvre" - English meaning is Artwork) বা এটা বিষয় বা আনকি সেই শৈক্ষিক অনুষ্ঠানটোতে সীমাৱদ্ধ নহয় । বা নিৰ্দ্দিষ্টকৈ এটা প্ৰজন্মৰ প্ৰতিও নহয় : এয়া প্ৰায়ে ছাত্ৰ-ছাত্ৰী আৰু ডেকা শিক্ষকসকলৰ সক্ৰিয় অংশগ্ৰহণ যিটোৱে আমাৰ কেইজনমান নিৰ্দ্দিষ্ট সহকৰ্মীক এই পৰ্য্যায়লৈকে শংকিত কৰি তোলে যে তেওঁলোকে তেওঁলোকৰ সংযমৰ অৰ্থ আৰু মোক আৰু মোৰ কৰ্মৰাজিক আক্ৰমণ কৰা সময়ত তেওঁলোকে বলবৎ কৰা শৈক্ষিক নীতি-নিয়মসমূহৰ অৰ্থ পাহৰি যায় । যদি এই কৰ্মৰাজি তেওঁলোকৰ প্ৰতি ইমানে ভাবুকিপূৰ্ণ যেন বোধ হয়, এয়া এইকাৰণেই যে সৰলভাৱেই এয়া অসাধাৰণ বা ব্যতিক্ৰমী নহয়, দুৰ্বোধ্য বা বিদেশী নহয় (যিটোৱে তেওঁলোকক ইয়াক সহজে নিষ্পত্তি কৰিবলৈ অনুমতি দিলেহেতেঁন), কিন্তু মই নিজে যেনেদৰে আশা কৰোঁ, আৰু তেওঁলোকে যেনেদৰে স্বীকাৰ কৰাতকৈ বেছি বিশ্বাস কৰে, দক্ষ, কঠোৰভাৱে তৰ্ক-বিতৰ্ক কৰা, আৰু প্ৰাথমিক নিয়মসমূহ তথা বহুতো মুখ্য আলোচনাৰ স্বীকাৰ্য্যসমূহৰ পুনৰ-পৰীক্ষণত দোষী বুলি প্ৰত্যয় নিয়া, তেওঁলোকৰ বহুতো মূল্যাংকনৰ অন্তৰ্নিহিত সূত্ৰবোৰ, শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনিবোৰ, আৰু তাৰ ভিতৰত চলি থকা গৱেষণাসমূহ । এই ধৰণৰ যথাৰ্থতা বিচাৰ কাৰ্য্যই কি কৰে -  মুখ্য আলোচনাৰ নিয়মসমূহৰ পৰিৱৰ্তন কৰে, ই বিশ্ববিদ্যালয়ৰ পটভূমিক ৰাজনৈতিক আৰু গণতান্ত্ৰিক চৰিত্ৰ এটা দিবলৈ চেষ্টা কৰে । যদি এই অন্ধভাৱে তীব্ৰ আৱেগপূৰ্ণ আৰু ব্যক্তিগত আক্ৰমণসমূহ অকল মোৰ ওপৰত কেন্দ্ৰীভূত হয় ('ত কোনোবা সময়ত দৃঢ়ভাৱে কৈ যে এয়া মই নাছিলোঁ কিন্তু তেওঁলোক আছিল যিয়ে মোক 'অনুকৰণ' কৰে বা 'আদৰ্শ স্বৰূপে লয়', যাক দোষী সজোৱা হৈছে ---- এই আটাইবোৰ এটা তৰ্ককৰণৰ খুব চিনাকি চাৰিত্ৰিক বৈশিষ্ট্য) , যিটো নিঃসন্দেহে কাৰণ 'নিৰ্গঠন' বা 'বিনিৰ্মাণ' (deconstructions)এ যথেষ্ট সংখ্যক বিভাগ আৰু প্ৰভেদসমূহক প্ৰশ্ন কৰে বা সন্দেহ প্ৰকাশ কৰে, উদাহৰণ স্বৰূপে, এহাতে দাৰ্শনিক আলোচনাসমূহৰ মিছা নিৰপেক্ষতা আৰু অন্যহাতে বাস্তৱ তীব্ৰ আৱেগ তথা তাড়নাৰ মাজত পাৰ্থক্য, ৰাজহুৱা আৰু ব্যক্তিগতৰ মাজত পাৰ্থক্য, আৰু এনেদৰেই চলি থাকে । মই এই অদ্বিতীয়তাক অৰ্থাৎ লিখনি, স্বাক্ষৰ, আত্ম-উপস্থাপন, 'আত্মজীৱনীমূলক' সংলগ্নতা (যিটো নৈতিক বা ৰাজনৈতিকো হ'ব পাৰে) কঠোৰতম -- আৰু প্ৰয়োজনীয়ভাৱে --- দাৰ্শনিক পৰীক্ষণৰ প্ৰতি অৱগত কৰিবলৈ বহুত আৰু বহুত চেষ্টা কৰিছোঁ । এইটো নহয় যে মই বিষয়টো (জীৱনীমূলক অৰ্থত) দাৰ্শনিক আলোচনাৰ কেন্দ্ৰত বা উৎসত স্থাপন কৰিবলৈ ইচ্ছা কৰিছোঁ, কিন্তু প্ৰতিটো ক্ষেত্ৰতে মই এই প্ৰশ্নসমূহ তেওঁলোকৰ প্ৰাথমিক চৰ্তসমূহৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰোঁ, মূল বিষয়বস্তুৰ লগত সেইবোৰক সম্পৰ্কিত কৰাৰ অৰ্থে যিবোৰে নিঃসন্দেহে কেইজনমান নিৰ্দ্দিষ্ট সহকৰ্মীক বিৰক্ত বা উৎকণ্ঠিত কৰিবই, যিয়ে সেইবোৰ নিবাৰণ কৰাটোকে অগ্ৰাধিকাৰ দিব (উদাহৰণ স্বৰূপে যৌন প্ৰভেদ আৰু নাৰীত্বৰ প্ৰশ্নসমূহ, সেই 'উপযুক্ত নাম'টো, সাহিত্যচৰ্চা আৰু মনোবিশ্লেষণ -- কিন্তু ইয়াত অন্য ইমানবোৰ বিষয়বস্তুৰ পৰ্য্যালোচনা কৰাটো প্ৰয়োজনীয় হ'লহেতেঁন , বিজ্ঞানভিত্তিক, কাৰিকৰী বা ৰাজনৈতিক) । এই সকলোবোৰে সম্ভৱতঃ বিশ্লেষণ কৰে কিয় মোৰ আটাইতকৈ দৃঢ়চিত্তৰ বিৰোধী ব্যক্তিয়ে বিশ্বাস কৰে যে মই খুব বেছি দৃশ্যমান, যে মই অলপ বেছি 'ব্যক্তিগভাৱে' 'প্ৰাণৱন্ত', যে মোৰ নামটো বহুত বেছিকৈয়ে মূল পাঠসমূহত উচ্চাৰিত হয় যিটো তেওঁলোকে তথাপি দুৰূহ বুলি দাবী কৰে । চমুকৈ, 'অস্বাভাৱিক হিংস্ৰতা', মানসিক তাড়নাপীড়িত 'নৃশংসতা', আৰু 'আক্ৰমণ'বোৰৰ 'অতিৰঞ্জ'ৰ ওপৰত আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰত মই কওঁ যে মোৰ ক্ষেত্ৰত এই সমালোচকসকলে এক প্ৰকাৰৰ চিন্তাবিকাৰগ্ৰস্ত ব্যক্তিত্ব অনুষ্ঠানৰ ব্যৱস্থা কৰে আৰু অনুশীলন কৰে যিটো দাৰ্শনিকসকলে জনা উচিত কেনেকৈ জিজ্ঞাস কৰিব লাগে আৰু সৰ্বোপৰি কেনেকৈ সংযত হ'ব লাগে ।

 

ৰাজনীতি আৰু ডেৰিডা (Politics and Derrida)

"The Almost Nothing of the Unpresentable" ৰ পৰা; পৃষ্ঠা ৮৬-৮৮

 

প্ৰশ্ন ১৪ : ৰাজনৈতিক ক্ষেত্ৰখনত, আপুনি তাত কেতিয়াও উচ্ছৃংখল স্থিতি গ্ৰহণ কৰা নাই; বৰঞ্চ আপুনি সেয়া অনুশীলন কৰিছে যিটো আপুনি এক প্ৰকাৰৰ প্ৰত্যাহাৰ বুলি অভিহিত কৰে ।

জেক ডেৰিডা : আস্ , 'ৰাজনৈতিক ক্ষেত্ৰ'খন ! কিন্তু মই এনেকৈ উত্তৰ দিব পাৰিলোঁহেতেঁন যে মই অন্য একোৰে বিষয়ে নাভাবোঁ, কথাবোৰ যেনেকৈয়ে প্ৰতীয়মান নহওক । হয়, অৱশ্যেই, তাত নীৰৱতা আছে, আৰু এটা নিৰ্দ্দিষ্ট প্ৰত্যাহাৰ, কিন্তু কথাবোৰ আমি অতিৰঞ্জিত নকৰোঁ আহক । যদিহে এই বিষয়ত কাৰোবাৰ আগ্ৰহ আছে, তেন্তে মোৰ পছন্দবোৰ আৰু মোৰ আনুগত্য কোনফালে আছে, সেয়া বুজাটো খুবেই সহজ, সামান্যতমো অস্পষ্টতা অবিহনে । সন্দেহ নাই যে মই এয়া পৰ্যাপ্ত পৰিমাণে প্ৰকাশ নকৰোঁ, সেয়া নিশ্চিত, কিন্তু ইয়াত পৰিমাপকটো ক'ত আৰু কিবা এটা পৰিমাপক আছেনে ? মোৰ প্ৰায়ে এনেকুৱা লাগে যেন মোৰ ক'বলৈ কেৱল গতানুগতিক আৰু সাধাৰণ কথাবোৰহে থাকে, যি ক্ষেত্ৰত মই মোৰ অভিমত আৰু মনোনয়ন আনসকলৰ সৈতে সংলগ্ন কৰোঁ, কোনো ক্ষমতা, কৃতিত্ব বা বিশেষ সুবিধা দাবী নকৰাকৈ যিটো সংৰক্ষিত থাকে, যাক ইমান অনিশ্চিতভাৱে এজন 'বুদ্ধিজীৱী' বা এজন 'দাৰ্শনিক' বুলি কোৱা হয় ।

মোৰ সদায়ে এজন প্ৰৱক্তাৰ বৈশিষ্ট্যসমূহৰ মাজত নিজক চিনাক্ত কৰোঁতে সমস্যা হৈছিল, আপোনাৰ চিনাকি নাট্যলিপিখনৰ মতে তেওঁৰ ৰাজনৈতিক ভূমিকা পালন কৰাজন আৰু যাৰ পৈতৃক ঐশ্বৰ্য্য সন্দেহৰ আৱৰ্তত থকাৰ যোগ্য । এয়া নহয় যে মই ইয়াক ইয়াৰ নিজৰ মাজতে অৱজ্ঞা বা সমালোচনা কৰিছোঁ; মই ভাবোঁ যে, কিছুমান নিৰ্দ্দিষ্ট পৰিস্থিতিত, এটা প্ৰাচীন কৰ্ম আৰু দায়িত্ব আছে যিটো পৰিহাৰ কৰিব নালাগে, যদিও এয়া মাত্ৰ ভাল ভাৱৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু যিটোক মই প্ৰাথমিক ৰাজনৈতিক দায়িত্ব বুলি গণ্য কৰোঁ । কিন্তু মই এটা বিৱৰ্তনৰ প্ৰতি অধিক আৰু অধিক সজাগ যিটোৱে আজি এই দৃশ্যপটটো কিবা বিৰক্তিকৰ, অফলপ্ৰসূ আৰু কোনোবা সময়ত ভীতি প্ৰদৰ্শনৰ নিকৃষ্টতম পদ্ধতিৰ সন্ধিস্থল হিচাপে উপস্থাপন কৰে (আনকি যেতিয়া এয়া এটা ভাল উদ্দেশ্যৰ বাবে হয়), ৰাজনৈতিক পৰিস্থিতিৰ আন্তঃগাঁঠনিৰ লগত কোনো সমূহীয়া মাপ নোহোৱাকৈ, মাধ্যমসমূহৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা নতুন দায়িত্বসমূহৰ সৈতে (যেতিয়া, অৰ্থাৎ, কোনোবাই মিডিয়াক ক্ষুদ্ৰ লাভৰ বাবে শোষণ কৰিবলৈ চেষ্টা নকৰে, বুদ্ধিজীৱীৰ প্ৰাচীন প্ৰকাৰতত্ত্বৰ লগত সহজে সামঞ্জস্য আনিব নোৱাৰা এটা যুক্তিসংগত ধাৰণা)

এইটো আজিৰ সময়ৰ আটাইতকৈ গম্ভীৰ সমস্যাসমূহৰ মাজৰ এটা, গণ মাধ্যমসমূহ (Mass media)ৰ প্ৰচলিত ৰূপবোৰৰ সম্মুখত এই দায়িত্ব আৰু বিশেষভাৱে তেওঁলোকৰ একনায়কত্ববাদ, তেওঁলোকৰ গাঁঠনি, তেওঁলোকৰ স্বতঃসিদ্ধ কথাবোৰৰ আগত । কাৰণ আপুনি কোৱা প্ৰত্যাহাৰে মোৰ দৃষ্টিত সাধাৰণভাৱে মিডিয়াৰ বিৰুদ্ধে এক প্ৰতিবাদক একেবাৰে নুবুজায়; ওলোটাই, মই দৃঢ়ভাৱে তেওঁলোকৰ বিকাশৰ পক্ষত (এয়া কেতিয়াও পৰ্যাপ্ত পৰিমাণৰ নহয়) আৰু বিশেষভাৱে তেওঁলোকৰ বহুমুখীকৰণৰ পক্ষত, কিন্তু মই দৃঢ়ভাৱে তেওঁলোকৰ স্বাভাৱিককৰণৰো বিৰুদ্ধে, বিভিন্ন স্বত্ব আদায়কৰণৰ বিৰুদ্ধে যিটো সৃষ্টি কৰিছে এই কথাটোৱে , যিটোৱে আচলতে সেই সকলোবোৰ মৌনতালৈ থুপ খুৱাই আনিছে যিবোৰৰ অত্যন্ত প্ৰতিষ্ঠিত আৰু অতি শক্তিশালী পটভূমি বা সূত্ৰৰ লগত সামঞ্জস্য নাই, বা তথাপি যিটো 'প্ৰাপ্য', এতিয়ালৈকে তাৰ কাল্পনিক দৃশ্যৰ মাজত । কিন্তু মিডিয়াৰ প্ৰথম সমস্যাটো সৃষ্টি হৈছে তাৰ পৰা যি প্ৰধান ৰাজনৈতিক ভাষালৈ ভাষান্তৰিত নহয়, বা আনকি প্ৰকাশিত নহয়, সেইবোৰ যিবোৰে নিৰ্দেশ দিয়ে প্ৰাপ্যতাৰ সূত্ৰবোৰৰ, স্পষ্টভাৱে, সোঁফালে যিমান বাওঁফালেও সিমান ।

এয়া এইবাবেই যে মোক আকৰ্ষণ কৰা গৱেষণা, প্ৰশ্নসমূহ বা হাতত লোৱা দায়িত্বসমূহৰ ভিতৰত যিবোৰ আটাইতকৈ বেছি সুনিশ্চিত আৰু আটাইতকৈ বেছি সূক্ষ্ম , সেইবোৰ ৰাজনৈতিকভাৱে নিৰুত্তৰ হিচাপে প্ৰতীয়মান হ'ব পাৰে । হয়তো এইটো তাত এটা ৰাজনৈতিক চিন্তাধাৰা, এটা সংস্কৃতি বা এটা প্ৰতি-সংস্কৃতিৰ বিষয় যিবোৰ মই এইমাত্ৰ উল্লেখ কৰা সূত্ৰবোৰত প্ৰায় শ্ৰৱণাতীত । হয়তো, কোনে জানে, কাৰণ ইয়াত কোনোবাই কেৱল সুযোগসমূহৰ বা বহন কৰিবলগীয়া বিপদাশংকাসমূহৰ কথাহে ক'ব পাৰে, আশাৰ সৈতে বা অবিহনে, সদায় বিচ্ছুৰিতকৰণ বা সংখ্যালঘুত্বৰ মাজত ।

প্ৰশ্ন ১৫ : ই আমাক গ্ৰেফ (GREPH) সন্থা, দৰ্শন শিক্ষণৰ গৱেষণা সন্থাটো, তাৰ লগত আপোনাৰ ৰাজনৈতিক কাৰ্য্যাৱলীলৈ ওভোতাই আনে ।

জেক ডেৰিডা : গ্ৰেফ (GREPH) এ শিক্ষকসকলক, উচ্চ মাধ্যমিক (হাইস্কুল) আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক একলগ কৰে, যিয়ে, প্ৰকৃততে, শিক্ষা ব্যৱস্থাটোৰ বিশ্লেষণ আৰু পৰিৱৰ্তন কৰিব খোজে, আৰু নিৰ্দ্দিষ্টভাৱে দাৰ্শনিক অনুষ্ঠানটো, সৰ্বপ্ৰথমে সকলো শ্ৰেণীলৈ দৰ্শন শিক্ষণৰ সম্প্ৰসাৰণৰ জৰিয়তে য'ত অন্য তথাকথিত প্ৰাথমিক শিক্ষাসমূহ শিকোৱা হয় । এই সন্দৰ্ভত ফ্ৰচোঁৱা মিটেৰণ (François Mitterrand) এ অত্যন্ত স্পষ্ট সিদ্ধান্ত আগবঢ়াইছে । আমি তাৰ দ্বাৰা সুখী হৈছিলোঁ আৰু আমি সম্ভৱপৰ সকলো কৰিম এয়া নিশ্চিত কৰিবলৈ যাতে সেইবোৰক নিলগাই থোৱা নহয়, যেনেদৰে আমি যোৱা কেইমাহমানত তেওঁলোকে সেয়া কৰিব পাৰে (অৰ্থাৎ নিলগাই থ'ব পাৰে) বুলি ভয় খাব লগাকৈ আৰম্ভ কৰিছোঁ । যিকোনো ক্ষেত্ৰতে, এই সমস্যাবোৰ আঁতৰি নাযায় আৰু সেইসকলো আঁতৰি নাযায় যিসকল তেওঁলোকৰ নিষ্ঠাৰ প্ৰতি সম্পূৰ্ণ সতৰ্ক আৰু যিসকলে সেইবোৰৰ লগত কাম কৰিব লাগিব ।

এই আটাইবোৰে বিশ্ববিদ্যালয় স্তৰত বা অন্যত্ৰ , বিজ্ঞান, প্ৰযুক্তি আৰু সংস্কৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, গৱেষণা বা শিক্ষণ অনুষ্ঠানসমূহৰ মাজত সম্পৰ্কবোৰৰ এটা সৰ্বাত্মক পৰিৱৰ্তন দাবী কৰে । সেই আৰ্হি বা আদৰ্শবোৰ যিবোৰ এতিয়া ধ্বংস হৈ গৈ আছে, প্ৰাথমিক ৰূপত সেইবোৰ হ'ল যিবোৰ ঔদ্যোগিক সমাজৰ ফেঁহুজালিৰ সময়ত জাৰ্মানীৰ 'মহান দাৰ্শনিক'ৰ দ্বাৰা আলোচিত হৈছিল, কাণ্ট (Kant)ৰ পৰা হাইডিগ্যাৰ (Heidegger)লৈকে, হেগাল (Hegel), শ্বেলিং (Schelling), হামবোল্ড (Humboldt), শ্লায়াৰমাকাৰ (Schleiermacher), নিটজ্যা (Nietzsche)ৰ পথেৰে পাৰ হৈ, বাৰ্লিন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আগত বা পিছত । কিন্তু দৰ্শনক বিবেচনা কৰা সময়ত, কিয় নো আমি তেওঁলোকক পুনৰ অধ্যয়ন নকৰোঁহক, তেওঁলোকৰ লগত আৰু তেওঁলোকৰ বিৰুদ্ধে চিন্তা নকৰোঁহক ? এয়া অপৰিহাৰ্য্য কথা যদি কোনোবাই ৰাষ্ট্ৰৰ সুমিতিকৰণ আৰু জ্ঞান, প্ৰযুক্তি আৰু চিন্তাধাৰাৰ মাজত অন্য কোনো সম্পৰ্ক উদ্ভাৱন কৰিবলৈ ইচ্ছা কৰে, যদি কোনোবাই এইবোৰৰ মাজত নতুন চুক্তিসম্পন্ন পদ্ধতিক শ্ৰেণীৱদ্ধ কৰিব বিচাৰে বা আনকি তেওঁলোকৰ কৰ্তব্য, ক্ষমতা আৰু দায়িত্বসমূহ ভিত্তিগতভাৱে ত্যাগ কৰিব বিচাৰে । হয়তো এতিয়া বিশ্ববিদ্যালয় অনুষ্ঠানসমূহৰ বাহিৰত শিক্ষণ আৰু গৱেষণাৰ স্থান আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় হ' ?

 

© ১৯৯৫, ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয় প্ৰেছ ।

Post a Comment

0 Comments