গল্পঃ কোকলোঙা / এণ্টন চেকভ

 কোকলোঙা
 
মূল: এণ্টন চেকভ
অসমীয়া ভাষান্তৰ: ডা°
বিপুল কুমাৰ বৰুৱা

 

ডাৰোগা বাবু অচুমেলভে এটা নতুন ওভাৰকোট পিন্ধি বজাৰৰ চাৰিআলিৰ ফালেদি  কাষলতিৰ কেঁপেনাত এটা পাৰ্চেলৰ টোপোলা লৈ গৈ আছিল ৷পিচে পিচ এটা ৰঙাচুলীয়া কনিষ্টবলে এচালনী বাজেয়াপ্ত আমলখীও কঢ়িয়াই নিছে ৷ চাৰিওপিনে নিস্তব্ধতা ৷ চাৰিআলিত দেও-মনিচৰ সঁচ নাই ৷ দোকান-পোহাৰবোৰৰ দুৱাৰে আশাহতভাৱে ভোকাতুৰৰ মুখৰ দৰে মুখ মেলি চাই আছে ৷ নাই যি নাই দুৱাৰডলিত মগনিয়াৰ এটিও নাই ৷

 

" তাৰ মানে তই কামুৰিলি, ন নাৰকী পশু ?” -অচুমেলেভৰ হঠাতে কাণত পৰিল ৷ ৰাহঁত তাক সুদাই নেৰিবিহঁক! আজিকালি কামোৰাই নিষেধ ! ধৰ তাক চাল্লা ! আঃ ...আঃ !

 কুকুৰৰ বিননি শুনা গল ৷ অচুমেলভে ঘূৰি চাই  দেখিবলৈ পালে তিনি ঠেঙীয়া দোপ মাৰি মাৰি লেঙেৰাই লেঙেৰাই কুকুৰ এজনী, ব্যৱসায়ী  পিচুগিনৰ কাঠ গোদামৰ চোতালৰ পৰা চেঁকুৰি ওলাই আহিছে ৷ এটা মাড় দিয়া কপাহী চোলাৰ ওপৰত বুতাম নমৰাকৈ হলৌচোলা পিন্ধা মানুহ এটাই তাইৰ পিচে পিচে চোঁচা লৈছে ৷ মানুহটো এনেকৈ আহিছে যেন হুমখুৰি খাই তাইৰ ওপৰতে পৰিবই এতিয়া ৷ সি তাইৰ পিচঠেঙ এটাত ধৰিলেই নহয়!  তাৰ পাচত আকৌ এবাৰ সেই বিননি  আৰু এটা চিঞৰ - এৰন নাই আজি, নেৰিবি !কলাঘুমটীয়া মানুহবোৰে এতিয়া দোকানৰ পৰা ডিঙি মেলি মেলি বাহিৰলৈ চাব ধৰিলে আৰু চাওঁতে চাওঁতে সেই চোতালত মানুহৰ ভিৰ লাগিল- যেন মাটি ফুটিহে মানুহমখা বাহিৰ হল ৷

 চাৰ, এনেকুৱা লাগিছে কিবা ঘমঘণ্ট এখন লাগিল ৷

   অচুমেলভে বাওঁপিনে ঘূৰি ভিৰটোৰ পিনে আগবাঢ়ি গল ৷ তেওঁ গৈ পাই দেখে যে চোতালৰ জপনাখনৰ ওচৰতে খুলা বুতামেৰে হলৌচোলা পিন্ধি মানুহ এটা থিয় হৈ আছে ৷ সি তাৰ সোঁহাতখন দাঙি মানুহবোৰক তাৰ তেজেৰে তুমুৰলি আঙুলিটো দেখুৱাই আছে ৷ তাৰ মদালস মুখমণ্ডলত পৰিষ্কাৰকৈ এই কথাই লিখা আছে -তোক সুদাই এৰা নাযাব নাৰকী!তাৰ আঙুলিটো যেন কেৱল আঙুলি নহয় এখন বিজয় নিচানহে ৷ অচুমেলভে মানুহটোক চিনি পালে ৷ হ্ৰিউকিন সোণাৰি ৷ ভিৰৰ মাজত এঠেং দাঙি সৌজনী অপৰাধী বগী গ্ৰে হাউণ্ড ৷ আমনজিমনকৈ আছে ৷ ভয়তে থৰহৰি কঁপি আছে একেবাৰে ওপৰৰ পৰা তললৈকে ৷ তাইৰ মুখখনি জোঙা আৰু পিঠিত হালধীয়া চেঁকা ৷ তাৰ জলজলীয়া চকুহালত বিপদৰ আশংকা আৰু ভয়ৰ ৰেশ ৷

 ইয়াত কিহৰ হুলস্থূল? ” - কান্ধ জোকাৰি ভিৰ ফালি সোমাই আহিয়েই অচুমেলভ প্ৰশ্নমুখৰ ৷ আৰু তুমি আকওপৰলৈ আঙুলি তুলি কি কৰিছা? আৰু কোনে আটাহ পাৰিছিল ?”

হুজুৰ, মইতো আঁতেধীৰে বাটেৰে গৈ আছিলোঁ ৷হ্ৰিউকিনে মুখত হাত দি কাহ এটা মাৰি আকৌ কলে ৷ মিট্ৰি মিট্ৰিচেৰে কাঠৰে কিছু কাম আছিল ৷ কথা নাই বতৰা নাই হঠাতে এই মৰকেলেপজনীয়ে দিলে নহয় মোৰ এই আঙুলিটোতে মৰ-কামোৰ মাৰি ! হুজুৰ মোক কৃপা কৰিব - কামকাজ কৰি পেট প্ৰৱৰ্তন কৰা মানুহ ৷ তাতে আকৌ আমাৰ কামবোৰো বৰ পিটিকি মোহাৰি আলেফুলে কৰিব লাগে ৷ এসপ্তাহলৈ হয়তো মোৰ এই আঙুলিটো কাম কৰিবৰ লায়কৰ হৈ নুঠে ৷ মোক তাৰ ক্ষতিপূৰণ দিয়াই দিয়া যাওক ৷ আৰু এইটো আইনতো লিখা নাই যে এইদৰে জন্তু-জানোৱাৰে মানুহক জখম কৰক আৰু মানুহে হাত সাৱটি বহি থাকক ৷ এইদৰে সকলোকে কামুৰিব ধৰিলে দেখোন জীয়াই থকাই টান হব ৷

হুঁ ! ঠিক  " - গলহেকাৰি মাৰি একাষে পাচিটো থৈ কলে -ঠিকেই কৈছা ৷ ভাল বাৰু ৷ এই কুকুৰৰ গৰাকী কোন? ইয়াতেই কথাৰ মুদা মাৰিব নোৱাৰোঁ  ৷ এতিয়াই কুকুৰ মেলি দি মানুহক কামোৰাই ফুৰাই  আনন্দ লোৱাহঁতক মজা দেখুৱাম ৷ মানুহবোৰেতো আইন-কানুন নমনাই হৈ আহিছে ৷ এনেকুৱা দণ্ড ভৰাম যে বদমাছটোৰ মগজু নিজৰ ঠিকনালৈ আহি যাব ৷ টিলিকতে সি এই শিক্ষা পাব যে এইদৰে কুকুৰ বা গৰু-মহ আদি উদং মেলি দিয়াৰ চুড়ান্ত পৰিণতি কি হয়গৈ ৷ মই তাৰ দিহা লগাম ৷ য়েল্ডেৰিন !দাৰোগাই কনিষ্টবলক চিঞৰি মাতিলে ৷ কলে- তুমি খবৰ কৰাগৈচোন - এই কুকুৰজনী কাৰ আৰু এখন ৰিপৰ্ট তৈয়াৰ কৰা ৷ কুকুৰজনীক তৎক্ষণাত মৰোৱাই পেলোৱাঁ ৷ এইজনী নিশ্চয় বলিয়াই হব ৷ বোলোঁ মই সুধিছোঁ - এইজনী কাৰ ঘৰৰ কুকুৰ? ”

 

মোৰ লাগিছে এইজনী জেনেৰেল ঝিগালভ চাহাবৰে হব ৷” - ভিৰৰ মাজৰপৰা কোনোবাই মাত লগালে ৷

 

জেনেৰেল ঝিগালভ চাহাবৰ? হুঁ ! য়েল্ডেৰিন , মোৰ কোটচোলাটো খুলি থোৱাত অলপ সহায় কৰা হে ৷ উঃ কেনে অসহ্যকৰ গুপগুপীয়া গৰম ৷ বৰষুণ এজাক আহেহে লাগে ! কথাটো হলগৈ এনেকুৱা যে এইনো আজলীয়ে তোমাৰ আঙুলিটো কামুৰিবলৈকে পালে কেনেকৈ? ”

অচুমেলভে হ্ৰিউকিনৰ পিনে মূৰ কৰিলে ৷ এইটো খাটাং যে এই তোৰ আঙুলিটো ঢুকিয়ে নাপায়গৈ ৷ এধানিমান কুকুৰ এজনী ৷ আৰু তই হলি এটা হোলোংগোঁজ বিয়াগোম মানুহ এডাল ৷ মোৰতো ধাৰণা হৈছে তই তোৰ আঙুলিটো গজাল এটাৰে নিজেই আঁকুহি ললিহঁক ৷ তাৰ পিচত মূৰত বুদ্ধি খেলালে যে কিয়নো ইয়াকে দেখুৱাই মেলি ক্ষতিপূৰণ সৰকোৱা যাওক ৷ আমি সকলো তলানলা গম পাওঁ অবোপাই ৷ তহঁতৰ নিচিনা পাষণ্ডবোৰৰ নোমলৈকে চিনো দে ৷

 

-“ সি তাইৰ মুখতে জ্বলা চিগাৰেট লগাই দিছে মহোদয় ৷ এই মানে ধৰক ৰহইছ কৰিবলৈকে ৷ আৰু তাইৰ কাণ্ডজ্ঞান আছে দিয়কচোন - ললে পোতক তাৰ আঙুলিতে একামোৰ মাৰি ৷ ই এটা কাণ্ডজ্ঞানশূন্য মূৰ্খ ,  মহোদয় !

 

গোকাট মিছা মাতিছ স্কুইণ্টিয়ে ! তইতো দেখাই নাছিলি ইয়াত কি ঘটিলে ৷ হেৰৌ নেদেখা বিষয়ত আসৈ মাতিছনো কিয়? মহাশয় এজন ভদ্ৰলোক ৷ তেখেতে নিজেই ছালিজাৰি চাবই নহয় - কোনে মিছা মাতিছে, কোন সত্যত আছে - যিদৰে ঈশ্বৰে সকলো দেখিয়েই আছে ৷ যদি মই মিছা মাতিছোঁ

তাৰ বিচাৰ কাছাৰীত হব ৷ এইবোৰ আইনত লিখাই গৈছে যে আজিকালি আমি সকলো সমান ৷ মোৰ সহোদৰ ভাই এটাই ৰাজকীয় সেনাবাহিনীত আছে ৷ তোমাৰ কথা তাৰ আগত মোক উলিয়াবলৈ দিয়াঁ ৷

কোনো ধৰণৰ তৰ্কাতৰ্কি নকৰিবি ৷

 

নহয়, নহয় -এইটো জেনেৰেল চাহাবৰ কুকুৰ কোনোপধ্যেই নহয় ৷ ” -কনিষ্টবলে ন-দি কলে ৷ জেনেৰেল চাহাবে এনে চেৰেলি কুকুৰ ৰাখিবইবা কি সকামত? তেখেতৰ কুকুৰবোৰ কিন্তু বেছ ভাল দেই ৷

 

তুমি কথাকেইষাৰ ডাঠি কৈছাই নহয় জানো? প্ৰমাণো আছে নহয়? ”

হয় ছাৰ ৷

ময়ো কথাটো তৰ্কি চাইছোঁ ৷ জেনেৰেল চাহাবৰ তাত দামী দামী কুকুৰ আছে ৷ ভাল সঁচৰ ৷ এইবোৰে কিডাল জানে? একেবাৰে ইতৰ জানোৱাৰ ৷ হেৰৌ এনেকুৱা কুকুৰো বাৰু কোনোবাই পোঁহেনে? এইবোৰ খা-খবৰ এইমখাই ৰাখিলেহে! এনেকুৱা কুকুৰে যদি কেনেবাকৈ পিটাৰ্চবাৰ্গ নাইবা মস্কোত ভূমুকি মাৰেগৈ তহঁতবোৰে জাননে কি গতি হ? তেওঁলোকে আৰু কোনো আইন-মোকৰ্দমালৈ বাট নাচায় ৷ টিলিকতে ফাঁচ লগাই সিফলীয়া কৰিব ৷ তুমি বৰকৈ দুখ পালা নহয়নে হ্ৰিউকিন? আমি তোমাৰ এই কথাটো কিন্তু এনেকৈ মাৰ যাবলৈ দিব নোৱাৰোঁ ৷ আমি ইহঁতক এপালি শিক্ষা দিবই লাগিল ৷ এইটোৱেইতো তাৰ সময় ৷

তথাপি এইজনী জেনেৰেল চাহাবৰ হবও পাৰে দেই ৷কনিষ্টবলে ভাবি থকা কথা একেবাৰে স্পষ্ট মাতেৰে ফুটিল ৷ এইজনীৰ মুখখনলৈ চালে বাৰু তেনেকুৱা নালাগে ৷ কিন্তু সিদিনা তেখেতসকলৰ চোতালত মই এইজনীকে লগ পাইছিলোঁ যেন পাওঁ ৷

এইজনী যে জেনেৰেল চাহাবৰ কুকুৰ সেই কথাত মোৰ হলে তিলমানো সন্দেহ নাই ৷ভিৰৰ মাজৰ পৰা আকৌ এক উক্তি উৰি আহিল ৷

 

হুঁ ! য়েল্ডেৰিন মোৰ সোণাই , চাওঁ মোৰ ওভাৰকোটটো দিয়াঁচোন ৷ বতাহজাকে বৰকৈ ধৰিছে ৷ চেঁচা পৰি গৈছোঁ মই মানুহটো ৷ তুমি এইক জেনেৰেল চাহাবৰ তালৈকে লৈ যোৱাঁ আৰু তাতে সোধপোছ কৰাঁ ৷ কবা যে মই মানে তোমাৰ এই ছাৰে বিচাৰি বিচাৰি তাইক পালেগৈ আৰু তোমাৰ হাততে দি পঠাইছে ৷ আৰু কবা যে এনেকৈ অদহুৱে বদহুৱে মেলি নিদিব ৷ এইজনী বৰ মূল্যবান কুকুৰেই হব ৷ আৰু যদি প্ৰতিটো ছোঁৱৰৰ পুতেকে এইদৰে তাইৰ মুখত জ্বলা চুৰট লগাবলৈ লাগি যায় -তাই নষ্ট নাপাবনে?  এই কুকুৰ বোলা বস্তুটিয়েই নিচেই আলফুলীয়া, আলসুৱা ৷ এই এই তোৰ হাত নমা ৷ নমা বুলিছোঁ নাই? অপগণ্ড কৰবাৰ! এইদৰে হেৰৌ গজমূৰ্খ তোৰ সেই আঙুলিডাল তৰঙাই তৰঙাই ইয়াত একোডাল নাপাৱ ৷ এইটো তোৰ নিজৰেই ভুলৰ ফল ৷

 আৰে, এয়া আমাৰ মাজত দেখোন জেনেৰেল চাহাবৰ ৰান্ধনিজনেই ওলালহি ৷ তেওঁকেই সোধকচোন ৷ বোলোঁ হৌৰা প্ৰৰ - বোলোঁ আমাৰ আদৰৰ মানুহজন - এইপিনে আগুৱাই আহকচোন ৷ এই কুকুৰটিলৈ মন কৰা ৷ এইটি তোমালোকৰে নেকি বাৰু?”

তোমালোকৰ মনত কি কি কথাবোৰ যে নেখেলায়! এই জাতৰ কুকুৰ আমাৰতো কোনো কালেই নাই ৷

 হয়তোন, এইবোৰ সোধপোছেৰে সময় অপচয় কৰাৰ সকাম নাই ৷ " অচুমেলভে কলে ৷ এইজনী বাটৰ কুকুৰ ৷ এইজনীৰ লগত সময় সাং কৰাৰ গৰজ পৰা নাই ৷ এইজনীক নিষ্পত্তি কৰি লেঠা ছিঙিব লাগে ৷ কথা ইমানকণেই ৷

এইজনী আমাৰ কুকুৰ নহয় ৷ " প্ৰৰে কৈ গৈ আছে ৷ এইজনীৰ মালিক হলগৈ আমাৰ জেনেৰেল চাহাবৰ ভাতৃ ৷ তেখেত সৌ সিদিনাখন আহি পালেহি ৷ আমাৰ মালিকে হাউণ্ডছ পলা নাই সঁচা,কিন্তু তেওঁ এইজাতৰ কুকুৰো বৰ ভাল পায় ৷

    তুমি মান্যবৰেষুৰ ভাতৃ ইয়াত আহি আছেহি সেই কথাকে কোৱা নাই জানো ভ্লাডিমিৰ ইভানিট্ছ ? ”

অচুমেলভে প্ৰশ্ন কৰিলে আৰু তেওঁৰ মুখমণ্ডল এক লাখটকীয়া হাঁহিৰে পোহৰ হৈ উঠিল ৷ ভাল কথা কলোঁ, মই এনে কাম কদাপি নকৰোঁ ৷ আৰু মই গমকে নাপাওঁ নহয় ৷ তেখেত নিশ্চয় ফুৰিবলৈ বুলিয়েই আহিল নহয়নে বাৰু? ”

হয় ৷

ভাল, মই এনে কদাচিতো নকৰোঁ ৷ তেখেতে তাৰ মানে নিজৰ ককায়েকক এৰি আঁতৰত বৰকৈ থাকিবই নোৱাৰে ৷ ইফালে আকৌ অমুকাই তাৰ ভুকে নাপাওঁ ৷ তাৰমানে এই আজলী কণমানিজনী মহানুভৱৰে ন ? মই জানি কৃতাৰ্থ হলোঁ ৷ লৈ যোৱাঁ আইজনীক ৷ এইনো বাৰু বেয়া কুকুৰ হব পাৰেনে? কেনে সতেজ সজীৱ প্ৰাণী এটি ৷ সৌডালৰ আঙুলি এটাত দিলে একামোৰ মাৰি ৷ চাব্বাছ , কেনে মজা! হাঃ হাঃ ৷ আহাঁচোন এইপিনে! তুমিনো নল কঁপাদি কঁপিছা কিয় ? ৰ ৰ্ ৰ ৰ্ এই গোঁৱাৰটোৰ খংটো চোৱাঁ ৷ ইমান ধুনীয়া কণমানিজনী আয়ৈ দেহি!

 প্ৰৰে কুকুৰজনীক কাষলৈ মাতি আনিলে আৰু কাঠ-গোদামৰ চোতালৰ পৰা তাইক লৈ গল ৷ হ্ৰিউকিন এতিয়া মানুহৰ জুমটোৰ হাঁহিয়াতৰ পাত্ৰ ৷

ময়ো তোৰো তেল কাঢ়িম ৰ, চাই থাক ৷অচুমেলভে ধমক এটি দিলে আৰু জলহু ওভাৰকোটটোত নিজকে মেৰিয়াই লৈ চাৰিআলি পাৰ হৈ নিজৰ বাট বুলিলে ৷

Post a Comment

0 Comments