গল্পঃ স্ত্ৰীৰ পত্ৰ / ৰবীন্দ্ৰনাথ ঠাকুৰ

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ৰ অসমীয়া ভাৱানুবাদ

ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই


শ্ৰীচৰণকমলেষু

আমাৰ বিয়া হোৱাৰ আজি পোন্ধৰ বছৰেই হল যদিও আজি পৰ্যন্ত তোমালৈ চিঠি লিখা নাই। চিৰদিন কাষতেই আছো মুখেৰে বহু কথা শুনিছো বা শুনাইছো। চিঠি লিখাৰ সুৰুঙাই পোৱা নাই।

 

আজি মই তীৰ্থভ্ৰমণৰ অৰ্থে পুৰীত, তুমি তোমাৰ অফিচত। কলকাতাৰ লগত তোমাৰ সম্বন্ধ ঠিক শামুকৰ লগত খোলাটোৰ দৰে। চহৰখনে তোমাৰ দেহ মন গ্ৰাস কৰি পেলাইছে। সেয়েই হয়তো তুমি ছুটীৰ দৰখাস্ত নিদিলা। আৰু এইয়া নিশ্চয় ভগৱানৰে অভিপ্ৰায়, তেওঁ মোৰ দৰখাস্ত মঞ্জুৰ কৰিলে।

 

মই তোমাৰ মেজোবউ-দ্বিতীয় পত্নী। আজি পোন্ধৰ বছৰৰ পাছত এই সাগৰৰ পাৰত থিয় হৈ অনুভৱ কৰিছো এই জগত আৰু জগদীশ্বৰৰ লগত মোৰ অন্য এক সম্বন্ধও আছে। সেয়েই সাহস গোটাই চিঠি লিখিবলৈ বহিছো। এইয়া তোমাৰ মেজোবউৰ চিঠি নহয়।

 

যিজনে মোৰ কপালত তোমাৰ লগত সম্বন্ধটো লিখিছিল, তেওঁ বাদে চাগে কোনেও ভবা নাছিল এই সম্বন্ধৰ কথা। সৰুতেই মই আৰু মোৰ ভাইটো সন্নিপাত জ্বৰত ভুগিছিলো। ভাইটো মৰিল, মই বাছি থাকিলো। চুবুৰীৰ ছোৱালীবোৰে কোৱা-কুই কৰিলে, “মৃণাল ছোৱালী, সেয়ে বাচিল। লৰা হোৱা হলে তাইৰ ৰক্ষা নাছিল।চুৰিবিদ্যাত যমৰাজ পাকৈত, দামী বস্ত্তবোৰৰ প্ৰতি ভীষণ লোভ তেওঁৰ।

 

মৰণ মোৰ নাই। সেই কথা ভালদৰে বুজাই কবৰ বাবে আজি এই চিঠিৰ অৱতাৰন।

 

মোৰ বয়স তেতিয়া মাথোঁ বাৰ বছৰ। যিদিনা তোমাৰ দূৰ সম্পৰ্কীয় মোমাইদেউ তোমাৰ বন্ধু নীৰদৰ সতে মোক চাবলৈ আহিছিল। দুৰ্গম পাহাৰৰ দাঁতিত আমাৰ ঘৰ, ত দিনতেই শিয়ালে চিঞৰে। ৰেল ষ্টেচনৰ পৰা সাত মাইল গৰু গাড়ীৰে অহাৰ পাছত আৰু তিনি মাইল কেঁচা বাট পাল্কীৰে আহিলে আমাৰ গাওঁ পোৱা যায়। সেইদিনা তেওঁলোক হায়ৰাণ হৈ পৰিছিল। তদুপৰি আমাৰ পূৰ্ব-বংগৰ ৰন্ধন প্ৰকৰণ। যাকলৈ তোমাৰ মামাই আজিও উপহাস কৰিবলৈ এৰা নাই। তোমাৰ প্ৰথমা পত্নীৰ ৰূপৰ অভাৱ দ্বিতীয় পত্নীৰ জৰিয়তে পূৰণ কৰাৰ বাবে তোমাৰ মাই জিদ ধৰিছিল। নহলে নো অত কষ্টৰে তোমালোক আমাৰ গাঁৱলৈয়ে বা যাবা কিয়? বংগদেশতটো কোনেও জণ্ডিছ, ডায়েৰীয়া কিম্বা কইনাৰ বাবে খোজ বিচাৰ নকৰে। তাঁহাতি এনেদৰে চেপি ধৰে যে কোনোপধ্যেই এৰি নিদিব। বাবাৰ বুকুখন দুৰু দুৰু কপিছিল। মায়ে বাৰে বাৰে দুৰ্গা গোঁসানীৰ নাম স্মৰণ কৰিছিল। চহৰৰ দেৱতাক পাহাৰৰ পূজাৰীয়ে কিহৰে সন্তুষ্ট কৰিব। ছোৱালীৰ ৰূপৰ ওপৰতে ভৰষা। কিন্তু সেই ৰূপৰ অহংকাৰ যে ছোৱালীৰ নাই। চাওঁতাই যি মূল্যই দিয়ে সিয়েই তাইৰ মূল্য। হাজাৰ ৰূপেও ছোৱালীসুলভ সংকোচভাৱ আতৰাব নোৱাৰে। গোটেই ঘৰখন, এইয়া কি সমস্ত চুবুৰীটোৰ আতংকবোৰ যেন আহি মোৰ বুকুত শিল হৈ বহি পৰিছিল। এজনী বাৰ বছৰীয়া গাঁৱৰ ছোৱালীৰ পৰীক্ষণৰ বাবে সেইদিনা আকাশৰ সমস্ত পোহৰ তথা জগতৰ সমস্ত শক্তিবোৰ দুজনা পৰীক্ষকৰ দুযোৰা চকুৰ প্ৰহৰী হৈ পৰিছিল। মোৰ লুকাবলৈ ঠাই নাছিল।

 

গোটেই আকাশখনকে কন্দোৱাই বাঁহী বাজিছিল। মই তোমালোকৰ ঘৰলৈ আহিছিলো। মোৰ সকলো খুটি নাটি সবিস্তাৰে আলোচনা কৰি মহিলাৰ দলটোৱে ঘোষনা কৰিছিল মই সঁচাকৈয়ে সুন্দৰী। সেই কথা শুনি মোৰ ডাঙৰ জাৰ মুখখন কলা হৈ পৰিছিল। কিন্তু মোৰ ৰূপৰ প্ৰয়োজনেই বা আছিল ক? এই ৰূপ বোলা বস্তুটো যদি কোনো জ্ঞানী পণ্ডিতে গংগাৰ মাটিৰে গঢ়িছে তেনেহলে তাক আদৰ কৰা উচিত। কিন্তু যদি বিধাতাই কেবল নিজৰ মনোৰঞ্জনৰ বাবে গঢ়িছে তেনেহলে এই সংসাৰত তাৰ কোনো মূল্য নাই।

 

মোৰ যে ৰুপ আছে সেই কথা পাহৰিবলৈ তোমাৰ বেছিদিন নালাগিল। কিন্তু মোৰ যে বুদ্ধি আছে সেই কথা তুমি প্ৰতিপদে স্মৰণ কৰিবলগীয়া হৈছে। এই বুদ্ধি হয়তো প্ৰকৃতিপ্ৰদত্ত আছিল। সেয়েহে এই সংসাৰৰ জঞ্জালৰ মাজতো সি হেৰাই যোৱা নাই। মোৰ বুদ্ধিৰ বাবে মা যথেষ্ট চিন্তিত আছিল। ছোৱালী মানুহ বোলে বেছি চালাক চতুৰ হোৱাটো অশুভ লক্ষণ। তেনে ছোৱালী হেনো কপালৰ বলেৰে পৰে। কিন্তু কি কৰো কোৱা! তোমাৰ ঘৰৰ বোৱাৰী হবৰ জোখাৰে যিমানকণ বুদ্ধি লাগে, বিধাতাই অসতৰ্কাৰে যে তাৰ বহুত বেছি মোৰ কপালত লিখিলে। কাক ঘূৰাই দিওঁ সেইবোৰ। তুমিও মোক বাঁজী বুলি গালি পাৰিছা। কিন্তু কথাবোৰ যেন মোৰ অক্ষমতাৰ সান্তনাবাণীহে হৈ পৰিছে। এই সকলোবোৰ আজি মই ক্ষমা কৰি দিলো।

 

ঘৰ সংসাৰৰ বাহিৰত তুমি নজনাকৈ মোৰ নিজা বুলিলৈ কিবা এটা আছিল। মই লুকাই চুৰকৈ কবিতা লিখিছিলো। সেয়া কবিতা আছিল নে নাই মই নাজানো, কিন্তু তোমাৰ ঘৰৰ দেৱালে তাক বাধা দিব পৰা নাছিল। তাত আছিল মোৰ স্বাধীনতা। তাত মই কেৱল মোৰ আছিলো। ইয়াৰ পৰাই তোমাৰ মেজোবউয়ে তোমাক আঁতৰাই ৰাখিছে। তুমি পছন্দ নকৰা। তুমি চিনিবও পৰা নাই মই যে কবি। এই পোন্ধৰ বচৰে তোমাৰ আগত ধৰাও পৰা নাই।

 

তোমালোকৰ ঘৰৰ প্ৰথম স্মৃতি ৰূপে যি মোৰ মনত ৰৈ গল সেয়া হৈছে তোমালোকৰ গোহালীটো। তোমালোকৰ ঘৰলৈ সোমোৱা ছিড়িটোৰ ঠিক কাষতেই গোহালীটো। ঘৰৰ সন্মুখৰ সেই ঠাইখিনিৰ বাদে তাহাঁতক বান্ধিবলৈ আৰু ঠাই নাই। চোতালৰ একোণত তাহাঁতক দানা খুওৱাৰ বাবে কাঠৰ পাত্ৰ। ৰাতিপুৱা বেহেৰাৰ নানানটা কাম। ভোকত গৰুকেইটাই পাত্ৰকেইটাত মুখ ঘঁহাই হেম্বেলিয়াই থাকে। মোৰ হৃদয় খনে কান্দি উঠে। মই গাঁৱৰ ছোৱালী। বিয়াৰ পাছত সমস্ত চহৰখনত এই গাইকেইজনী আৰু দমৰা পোৱালি তিনিটাইতো আছিল মোৰ একমাত্ৰ পৰিচিত, আত্মীয়। ন-বোৱাৰীতে নিজে নাখায়ো তাঁহাতক খুৱাইছিলো। দিন যোৱাৰ লগে লগে মোৰ এই মমতাক সকলোৱে ঠাট্টা কৰিবলৈ ললে। মোৰ গোত্ৰ সম্পৰ্কেও সন্দেহ প্ৰকাশ কৰা হল।

 

আমাৰ ছোৱালীজনীৰ জন্মৰ পাছতেই মৃত্যু হল। মোকো একেলগে যোৱাৰ বাবে বাৰে বাৰে লগ ধৰিছিল। তাই যদি জীয়াই থাকিলেহেতেঁন মোৰ জীৱনৰ সৰু বৰ সকলোবোৰ তাইক দিলোহেতেঁন। মেজোবউৰ পৰা মই মা হলোহেতেঁন। মা, এই সংসাৰৰ লগতে বিশ্বসংসাৰৰো। মই মাতৃ হোৱাৰ দুখ পালো, কিন্তু মুক্তি হলে নাপালো।

মনত আছে নে, ইংৰাজ ডাক্তৰজন আমাৰ ঘৰৰ চৌহদত সোমাই আচৰিত হৈ পৰিছিল। ঠেক কোঠাটো দেখি খং কৰিছিল। ঘৰৰ সন্মুখত তোমাৰ এখন বাগিছা আছে। সন্মুখৰ আলহীৰ কোঠাটোত দামী সাজ-সজ্জাৰ আচবাবৰ অভাৱ নাই। কিন্তু ভিতৰৰ কোঠালীটো তাৰ সম্পূৰ্ণ বিপৰীত। তাত নাই কোনো আৱৰণ, নাই কোনো শ্ৰী, সাজ-সজ্জা। তাত ধিমিক-ধামাক কৈ চাকি জলে। চোৰৰ দৰে সন্তৰ্পনে বতাহ সোমায়, যেন বাহিৰ চৌহদক এৰিয়ে নাহিব। দেৱাল আৰু মজিয়াৰ লেতেৰা দাগবোৰো অক্ষয়। কিন্তু ডাক্তৰজনে ভুল কৰিছিল, তেওঁ ভাবিছিল এনে অৱহেলাই মোক দুখ দিয়ে। কিন্তু তাৰ ওলোটাহে, অনাদৰ ছাইৰ দৰে। ছায়ে জুইক নিজৰ মাজত সামৰি ৰাখে। তাৰ তাপক বাহিৰলৈ ওলাই আহি নুমাই যাবলৈ নিদিয়ে। আত্মসন্মান যেতিয়া কমি যায় তেতিয়া অনাদৰক অন্যায় বুলি ভাৱ নহয়। গতিকে সি দুখো নিদিয়ে। সেইকাৰণেইটো ছোৱালীয়ে দুখবোধ কৰি লাজ পায়। গতিকে মই কম তুমি যদি স্ত্ৰীক দুখ দিবলৈকে বিচাৰিছা তেনেহলে তাইক অনাদৰ কৰিবা, আদৰে দুখ বঢ়ায়।

 

যি কি নহওক, দুখ যে আছে এই কথা কোনোদিন মনলৈ নাহিল। প্ৰসূতিঘৰৰ ভিতৰত মৃত্যু আহি মূৰৰ ওচৰত এনেদৰে থিয় হৈছিলহি যে, মোৰ কোনো ভয় অনুভৱো নহল। আমাৰ জীৱনটো নো কি যে আমি মৃত্যুক ভয় কৰিম। আদৰ যত্নৰে যাৰ প্ৰাণৰ বান্ধোন কটকটীয়া কৰিছে তাৰ মৃত্যুত বাধা আছে। সেইদিনা যদি যমৰজাই টানি ধৰিলেহেতেঁন, কেঁচা মাটিৰ পৰা ঘাঁহ যেনেদৰে উঘালি আহে ময়ো তেনেদৰে তেওঁৰ হাতৰ মুঠিৰ পৰা ওলাই আহিলোহেতেঁন। বাঙালী জী কত মৰিবলৈ যাৱ। এনে মৃত্যুত কি বাহাদুৰী? মৰিবলৈ মোৰ লাজ লাগিল- এই মৃত্যু যে খুবেই সহজ।

 

আমাৰ ছোৱালীজনী সন্ধ্যাতৰাৰ দৰে কিছু সময় জলি নুমাই গল। মই আকৌ নিত্যকৰ্ম, গৰু-গোহালীৰ মাজত সোমাই পৰিলো। জীৱনটো হয়তো তেনেদৰেই কাটি গলহেতেঁন; তোমালৈ চিঠি লিখাৰ প্ৰয়োজন নহলহেতেঁন। কিন্তু কেতিয়াবা বতাহে উৰুৱাই অনা বীজ পকী দালানত পৰিও অংকুৰিত হয় আৰু শেষত ইটা বালিৰ বুকু ফালি সি ওলাই আহে। তেনে এটা বীজেই কৰবাৰ পৰা উৰি আহি মোৰ জীৱনত পৰিছিলহি, লাহে লাহে মোৰ মোৰ জীৱনৰ পকী দেৱাল খনত ফাট মেলিবলৈ আৰম্ভ কৰিছিল।

 

বিন্দু মোৰ ডাঙৰ জাৰ ভনীয়েক। বিধৱা মাকৰ মৃত্যুৰ পাছত খুড়াকৰ পুতেকৰ অত্যাচাৰ সহিব নোৱাৰি আমাৰ ঘৰলৈ বায়েকৰ আশ্ৰয় বিচাৰি আহিছিল। তোমালোকে ভাৱিছিলা কৰ আপদ আহি ঘৰ সোমালহি বুলি। কিন্তু সদায় সোঁতৰ বিপৰীতে বোৱাই যে মোৰ স্বভাৱ, কি কৰো কোৱা। যেতিয়া দেখিলো তোমালোক তাইক লৈ মনে মনে খুবেই বিৰক্ত হৈ পৰিছা মোৰ মন নিৰাশ্ৰয়া ছোৱালীজনীৰ কাষত থিয় দি ৰলগৈ। পৰৰ ঘৰত লোকৰ অনিচ্ছাৰ স্বৰ্তেও থাকিবলগীয়া হোৱাৰ সমান অপমান কি আছে! অনিচ্ছাৰ স্বৰ্তেও যাক স্বীকাৰ কৰিবলগীয়া হয় তাৰ পৰা জানো নিজক আঁতৰাই ৰাখিব পাৰি?

 

তাৰপাছত দেখিলো ডাঙৰ জাৰ দশা। তেওঁ খুবেই দৰদত পৰি ভনীয়েকক আনিছিল। কিন্তু স্বামীৰ গোমোঠা মুখ দেখি তেৱোঁ তাইক অমংগলীয়া মানিবলৈ ললে। তাইৰ পৰা নিস্তাৰ পালেই যেন তেওঁ বাছে। অনাথ ভনীয়েকক মন খুলি মৰম কৰিব সেই সাহস তেওঁৰ নহল। তেওঁ যে পতীব্ৰতা।

 

তেওঁৰ অৱস্থা দেখি মোৰ মন ব্যথিত হৈ উঠিছিল। দেখিলো বাইদেৱে সকলোকে দেখুৱাই বিন্দুৰ খোৱা-বোৱাৰ বাবে এনে ব্যৱস্থা কৰিলে যে ঘৰৰ সৰ্বোপ্ৰ্কাৰৰ দাসীৰ কাম তাইৰ ওপৰতে ন্যস্ত হল। তাকে দেখি মোৰ দুখেই নহয় লাজো লাগিছিল। তেওঁ যেন ইয়াকে প্ৰমাণ কৰিবলৈ বিচাৰিছিল, ঘৰখনে খুব কম খৰচতে বিন্দুৰ সেৱা লাভ কৰিছে। তাইক কামৰ তুলনাত যি খৰচ দিয়া হৈছিল সেয়া আছিল নিচেই নগণ্য।

 

ডাঙৰ জাৰ বংশৰ নামৰ বাদে না ৰূপ আছিল না টকা। শহুৰৰ হাতে ভৰিৰে ধৰি তেওঁৰ কেনেকৈ তোমালোকৰ ঘৰলৈ বিয়া হৈছিল সেইয়া সকলোৱে জানে। তেওঁ নিজেও বিয়াখনক এই ঘৰখনলৈ এক অন্যায় বুলি গণ্য কৰিছিল। সেয়ে হয়তো ঘৰৰ সকলো বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। তোমাৰ ঘৰৰ তেনেই অকণমান ঠাইতে তেওঁ পৰি ৰৈছে।

 

কিন্তু তেওঁৰ এই দৃষ্টান্তই মোক খুবেই অসুবিধাত পেলায়। মই তেওঁৰ দৰে কাকো ইমান খাতিৰ কৰিব নোৱাৰো। এবাৰ যিটো ভাল বুলি মনে কয় তাক কাৰোৰ খতিৰত বেয়া বোলাটো মোৰ স্বভাৱ নহয়। তুমিও তাৰ অনেক উদাহৰণ পাইছা।

 

বিন্দুক মোৰ কোঠালৈ টানি নিলো। বাইদেৱে কলে, “মেজোবয়ে এতিয়া দুখীয়া ছোৱালীজনীৰ মুৰটো খাব।মই যেন কিবা এটা ডাঙৰ বিপদহে ঘটালো এই ভাৱত তেওঁ সকলোকে অভিযোগ কৰিলে। কিন্তু মই ভালদৰেই জানো দৰাচলতে তেওঁ সকাহ পালে। এই দোষৰ বোজাও মোৰ মুৰতে পৰিল। তেওঁ ভনীয়েকক আনক দেখুৱাই যি মৰম কৰিব পৰা নাছিল সেইয়া মোৰ জৰিয়তে হোৱা দেখি মনটো পাতলিল। ডাঙৰ জাই প্ৰায়ে বিন্দুৰ বয়সৰ পৰা দুই চাৰি বচৰ বাদ দিবলৈ চেষ্টা কৰিছিল। কিন্তু তাইৰ বয়স চৌধ্যৰ কম নাছিল। অবশ্যে এই কথাত কোনো অন্যায় নাছিল। তুমিতো জানাই তাই দেখিবলৈ ইমানেই সাধাৰণ আছিল যে তাই মজিয়াত মুৰ ভাঙি পৰিলেও ঘৰৰ মানুহ বোৰ মজিয়াখনৰ প্ৰ্তিহে বেচি চিন্তিত হব। মাক দেউতাক নথকা ছোৱালীজনীৰ বিয়াৰ কথাও সেয়ে কোনেও চিন্তা কৰা নাছিল। তাইক বিয়া কৰোৱাৰ জোখাৰে মনৰ জোৰেই বা আছিল কেইজনৰ।


বিন্দু খুব ভয়ে ভয়ে মোৰ কাষলৈ আহিছিল। যেন তাইৰ স্পৰ্শও মই সহ্য কৰিব নোৱাৰিম। সংসাৰত যেন তাইৰ জন্মৰ কোনো উদ্দেশ্য নাছিল। সেয়ে হয়তো তাই সংকুচিত হৈ নতশিৰে চলিছিল। পিতাকৰ ঘৰত খুড়াকৰ পুতেকে তাইক ঘৰৰ এনে এটা কোণতো ঠাই দিয়া নাছিল যত নেকি অনাবশ্যকীয় বস্তুও পৰি থাকিব পাৰে। অনাবশ্যকীয় বস্তুৱেও ঘৰৰ আশে পাশে ঠাই পায় আৰু এটা সময়ত মানুহে তাৰ কথা পাহৰি যায়। অনাবশ্যকীয় ছোৱালীও তেনেই অনাবশ্যকীয় পিছে তাইক পাহৰি যোৱা নহয়। সেয়েহে তাই ডাষ্টবিনতো স্থান নাপায়। এইয়া নহয় যে বিন্দুৰ খুড়াকৰ পুতেক পৃথিৱীৰ পৰম আবশ্যকীয় বস্তু। কিন্তু তাৰ কথাহে ৰজে।

 

যেতিয়া বিন্দুক মোৰ কোঠালৈ আনিছিলো তাইৰ বুকু কপি উঠিছিল। তাইৰ ভয় দেখি খুব দুখ লাগিছিল। আমাৰ ঘৰত যে তাইৰো ঠাই আছে সেই কথা অতি আদৰেৰে তাইক বুজাই দিছিলো।

 

কিন্তু এই ঘৰ যে কেৱল মোৰ নহয়। সেয়ে কথাটো ইমান সহজ নহল। দুই-চাৰিদিন মোৰ লগত থকাৰ পাছতে তাইৰ গালে মুখে কিছুমান ৰঙা ৰঙা দাগ ওলাল। হয়তো সেইয়া ঘামুচি আছিল, অৱশ্যে আন বেলেগও হব পাৰে। তোমালোকৰ মতে সেয়া বসন্তৰোগ। নহবই বা কিয়, এইয়া যে বিন্দু। তোমালোকৰ চুবুৰীৰ অল্পমতি ডাক্তৰজনেও কলে যে আৰু এক দুই দিন পাৰ নোহোৱাকৈ ৰোগ নিৰ্ণয় কৰিব পৰা নাযাব। কিন্তু কাৰ দুই এদিন অপেক্ষা কৰাৰ ধৈৰ্য আছে। বিন্দুৰ বেমাৰ হোৱাৰ লাজতে মৰাৰ দৰে হল। মই কলো; বসন্তই হওক বা যিয়েই নহওক মই তাইক লৈ প্ৰসূতিঘৰতে থাকিম। কোনেও একো কৰিব নালাগে। মোৰ কথা শুনি তোমালোকে ৰুদ্ৰমূৰ্তি ধৰিছিলা। আনকি বিন্দুৰ বায়েকেও পোৰা কপাল সাধি অহা ভনীয়েকক হাস্পটাললৈ পঠিয়াবলৈহে প্ৰস্তাৱ আগবঢ়াইছিল। তেতিয়ালৈ তাইৰ গোটেই গাত দাগবোৰ বিয়পি পৰিছিল। তাকেই দেখি তুমি ব্যস্ত হৈ পৰিছিলা। ৰায় দিছিলা বসন্তৰোগেই হব। নহবই বা কিয়, এইয়া যে বিন্দু।

 

অনাদৰে মানুহক অজৰ অমৰ কৰি তোলে। আনকি বেমাৰো বেছিদিন থাকিবলৈ নিবিচাৰে। মৃত্যু বাবেতো সকলো ৰাস্তা একেবাৰে বন্ধ। ৰোগে তাইক ঠাট্টাহে কৰি থৈ গ, একো নহল। কিন্তু এটা কথা ভালকৈয়ে বুজা গল যে পৃথিৱীত দুৰ্ভগীয়া মানুহক আশ্ৰয় দিয়া খুবেই কঠিন। আশ্ৰয়ৰ যাক দৰকাৰ তাৰ আগত বাধাও বহুত বেছি থাকে।

 

মোৰ সম্বন্ধে যিদিনা বিন্দুৰ ভয় ভাগিল সিদিনাৰ পৰা আন এক সমস্যাই গা কৰি উঠিল। তাই মোক এনেদৰে ভাল পাবলৈ ধৰিছিল যে মোৰ ভয় লাগিবলৈ আৰম্ভ কৰিছিল। ভালপোৱাৰ এনে ৰূপ মই কাহিনীও দেখা নাছিলো। কিতাপত পঢ়িছো যদিও সেইয়া আছিল পুৰুষ মহিলা মাজৰ প্ৰেমৰ কথা। মোৰ যে ৰূপ আছে তাক লৈ মুৰ ঘমোৱাৰ কোনো কাৰণ কেতিয়াও বিছাৰি পোৱা নাছিলো। এই ৰূপৰ ওপৰত কুৰূপা ছোৱালীজনীৰ চকু পৰিছিল। মোৰ মুখলৈ থৰ লাগি চাই ৰওতে তাইৰ চকুত আশাবোৰ জলমলাই উঠিছিল। তাই মোক কৈছিল, “বাইদেউ, তোমাৰ মুখখনি বাদ দি যে মই একোকে দেখা নাপাওঁ।যিদিনা মই নিজে চুলি আঁচুৰো সিদিনা তাইৰ কি যে অভিমান। মোৰ চুলিকোছা দুই হাতেৰে লিৰিকি বিদাৰি চুই তাইৰ বোলে খুব ভাল লাগে। কোনো নিমন্ত্ৰণলৈ যোৱাৰ বাদে মই কেতিয়াও সাজ শৃংগাৰৰ প্ৰয়োজনবোধ কৰা নাছিলো। কিন্তু প্ৰতিদিনে নতুন শৃংগাৰ কৰাৰ বাবে তাই মোক অস্থিৰ কৰি তুলিছিল। ছোৱালীজনী মোক লৈ পাগল হৈ উঠিছিল।


তোমালোকৰ ঘৰৰ চৌহদত অলপো খালী ঠাই নাই। উত্তৰদিশৰ দেৱালৰ কাষত নৰ্দমাৰ দাঁতিত এজোপা আমগছ গজিছিল। এদিন আমজোপাত ৰঙা কুমলীয়া পাত দেখা পাই বুজিছিলো ধৰালৈ বসন্তৰ আগমণ ঘটিছে। তেনেদৰে ঘৰৰ ভিতৰত অনাদৃতা ছোৱালীৰ মন ৰঙীন হৈ পৰা দেখি বুজিছিলো হৃদয়লৈও বসন্তৰ বা বলে। পাছে সেই বসন্তৰ বা স্বৰ্গীয়, কোনো গলিৰ কোনৰ পৰা বোৱা বা নহয়।

 

বিন্দুৰ ভালপোৱাৰ দু: সহ গতিয়ে মোক অস্থিৰ কৰি তুলিছিল। মাজে মাজে তাইৰ ওপৰত খঙো উঠিছিল, সেইকথা স্বীকাৰ কৰো। কিন্তু তাইৰ ভালপোৱাৰে মই মোৰ আন এক স্বৰূপ দেখা পালো যি আগতে কেতিয়াও বিচাৰি পোৱা নাছিলো। মোৰ মুক্ত স্বৰূপ।

 

ইফালে বিন্দুৰ দৰে ছোৱালী এজনীক যে মই ইমান আদৰ যত্ন কৰিছো তাক লৈ তোমালোকৰ আপত্তিৰ সীমা নাছিল। এই লৈ দৈনন্দিন খুঁত খাতৰো অন্ত নাছিল। যিদিনা মোৰ কোঠাৰ পৰা বাজুবন্ধ ডাল চুৰি হৈছিল সিদিনা বিন্দুক ইয়াৰ বাবে জগৰীয়া কৰিবলৈ তোমাৰ অকনো লাজ লগা নাছিল। স্বদেশী আন্দোলনৰ সময়ত যেতিয়া ঘৰে ঘৰে খানা তালাচ চলোৱা হৈছিল তেতিয়া তুমি অনায়সে সন্দেহ প্ৰকাশ কৰিছিলা যে বিন্দু পুলিচৰ গুপ্তচৰ। তাৰ কোনো ভিত্তি নাছিল, প্ৰমাণ মাথোঁ এটাই তাই হল বিন্দু।

 

তোমালোকৰ ঘৰৰ দাসীয়ে তাইৰ কামবোৰ কৰিবলৈ আপত্তি কৰিছিল। তাহাঁত কোনোবা এজনীক যদি তাইৰ কামবোৰ কৰিবলৈ পছা হয় গোটেইজনী সংকোচেৰে আড়ষ্ট হৈ উঠিছিল। সেয়ে মোৰ খৰচ বাঢ়ি গৈছিল। মই বিশেষভাৱে এজনী বয়সিয়াল দাসী ৰাখিছিলো। সেয়াও তোমালোকৰ পছন্দ হোৱা নাছিল। বিন্দুক যে মোৰ সকলো কাপোৰ পিন্ধিবলৈ দিও সেয়া জানিব পাৰি তুমি ইমান খঙ কৰিছিলা যে মোৰ হাত খৰচ পৰ্যন্ত বন্ধ কৰি দিছিলা। তাৰ পাছদিনাৰ পৰাই মই সেয়ে পাঁচ সিকি দামৰ মোটা সূতাৰ কলত বোৱা ধুতি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিলো। আৰু মতিৰ মাকে যেতিয়া মোৰ খোৱাৰ থালখন নিবলৈ আহিছিল মই তাইক বাৰণ কৰিছিলো। ৰৈ যোৱা ভাতখিনি গৰু পোৱালিকেইটাক খুৱাই কলৰ পাৰত নিজেই বাচন ধুইছিলো। এদিন হঠাৎ তুমি এই দৃশ্য দেখা পাই সুখী হব পৰা নাছিলা। মই আজি পৰ্যন্ত এটা কথা বুজি নাপালো- মই সুখী নহলেও চলে অথচ তোমাক সুখী নকৰিলেই নহয়।

 

ইফালে তোমাৰ খঙ যিমানেই বাঢ়িছিল বিন্দুৰ বয়সো সিমানেই বাঢ়ি আহিছিল। এই স্বাভাৱিক কথাটোত তুমি অস্বাভাৱিকভাৱে বিব্ৰত হৈ পৰিছিলা। এটা কথা ভাৱি আচৰিত হৈছিলো তুমি কিয় বিন্দুক জোৰ কৰি ঘৰৰ পৰা বিদায় দিয়া নাছিলা। হয়তো অলপ হলেও তুমি মোক মনে মনে ভয় কৰিছিলা। বিধাতাই মোক যি বুদ্ধি দিছিল তাক খাতিৰ কৰিবলৈ তুমিও বাধ্য হৈছিলা।

 

অৱশেষত বিন্দুক নিজ শক্তিৰে বিদায় দিব নোৱাৰি প্ৰজাপতিৰ শৰণাপন্ন হৈছিলা। বিন্দুৰ বাবে দৰা ঠিক হৈছিল। ডাঙৰ জাই কৈছিল, “বাচিলো! মা কালীয়ে আমাৰ বংশৰ পিনে চকু মেলি চালে।

দৰা কেনেকুৱা গম নাপালো। তোমাৰ পৰাই শুনিছিলো সকলো ফালৰ পৰাই ভাল দৰা। বিন্দুৱে মোৰ ভৰিত ধৰি কান্দিবলৈ লাগিছিল; কৈছিল, “বাইদেউ মোক কিয় বিয়া দিয়া।

মই তাইক অনেক বুজনিৰে কলো যে, “বিন্দু, তই ভয় নকৰিবি। শুনিছো বৰ ভাল লৰা বোলে।

বিন্দুৱে কৈছিল, “দৰা যদি ভালেই হয়; তেন্তে মোৰ নো এনে কি আছে যে তেওঁ মোক পছ্ন্দ কৰিব।

দৰাঘৰে বিন্দুক চাবলৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। এই কথাই ডাঙৰ বাইদেউক সকাহহে দিলে।

কিন্তু দিনে ৰাতিয়ে বিন্দুৰ কান্দোন বাঢ়ি গৈ থাকিল। তাই কি কষ্ট হৈছিল সেইয়া মই বুজি পাইছিলো। বিন্দুৰ বাবে এই সংসাৰত মই অনেক যুঁজেই কৰিছিলো। পাছে তাইৰ বিয়াৰ বিপক্ষে মাত মতাৰ সাহস মোৰ নহল। কিহৰ জোৰতেই বা মাতিম। কেনেবাকৈ যদি মোৰ মৃত্যু হয় তেন্তে তাইৰ কি দশা হব। প্ৰথম কথা হল তাই এজনী ছোৱালী; তাতে কাজল বৰণীয়া, কাৰ ঘৰলৈ বা তাইক নিব, তাইৰ কি দশা হব। এইবোৰ কথা নভৱাকৈ থাকিব পাৰিলেই ভালভাবিলেই বুকু কঁপি উঠে।

বিন্দু কলেহি, “বাইদেউ, বিয়ালৈ পাঁচদিন বাকী। তাৰ আগতে বাৰু মৃত্যু হবনে?”

মই তাইক ধমক দিছিলো। কিন্তু অন্তৰ্যামীয়ে জানে, তাই যদি কিবা প্ৰকাৰে স্বাভাৱিক মৃত্যু হলহেঁতেন তেনেহলে মই সকাহ পালোহেঁতেন।

বিয়াৰ আগদিনা বিন্দুৱে বায়েকক গৈ কৈছিল, “বাইদেউ মই তোমাৰ গোহালীতে পৰি থাকিম। যি কৰিবলৈ কোৱা তাকেই কৰিম। তোমাৰ ভৰিত ধৰিছো মোক এনেদৰে খেদি নিদিবা।

কিছুদিনৰ পৰা বায়েকে লুকাই চুৰিকৈ চকুলো টুকিছিল, সিদিনাও টুকিলে। কেৱল হৃদয়েই জানো সকলো, শাস্ত্ৰ বুলিওতো কথা এটা আছে। তেওঁ কলে, “চা বিন্দি, পতিয়েই হৈছে স্ত্ৰীৰ গতি মুক্তি সকলো। কপালত যদি দুখ আছে তাক কোনেও খণ্ডাব নোৱাৰে।

আচল কথা হল কোনো ফালৰ পৰা কোনো বাট নাইমুঠতে বিন্দুৱে বিয়া কৰাবই লাগিব। তাৰ পাছত যি হব লগীয়া আছে হব।

 

মই বিচাৰিছিলো বিয়াখন আমাৰ ঘৰৰপৰাই হওক। তুমি জোৰ দি কলা যে, তেওঁলোকে বিয়াখন দৰাঘৰতে হোৱাটো বিচাৰিছে, এইয়া তেওঁলোকৰ কৌলীন প্ৰথা। মই বুজি পাইছিলো তোমালোকে বিন্দুৰ বিয়াত এক পইছা খৰচ কৰিবলৈও ৰাজী নাছিলা। গতিকে মনে মনে থাকিবলৈ বাধ্য হৈছিলো। কিন্তু এটা কথাৰ তোমালোক কোনেও ফুটকে নাপালা। বাইদেউক জনোৱাৰ ইচ্ছা আছিল কিন্তু নজনালো। নহলে গোটেইজনী ভয়তে মৰিলেহেতেঁন। নিজৰ কিছুমান গহনাৰে মই মনে মনে বিন্দুক কইনা সজাইছিলো। বোধকৰো বাইদেৱে সেইয়া দেখিছিল, হয়তো দেখিও নেদেখাৰ ভাও জুৰিছিল। ধৰ্মক দোহাই, তুমি তেওঁক ক্ষমা কৰি দিবা।

যোৱাৰ আগে আগে বিন্দুৱে মোক জোৰেৰে সাৱটি ধৰি কৈছিল, “বাইদেউ, তুমি তেনেহলে মোক একেবাৰে ত্যাগ কৰিলা।

 

মই কৈছিলো, “নাই বিন্দি, যেনেকুৱা অৱস্থাই নহওক কিয়, মই তোক শেষ পৰ্যন্ত ত্যাগ নকৰো।

তিনিদিন পাৰ হৈ গল। তোমালোকৰ তলতীয়া কৰ্মচাৰীয়ে খাবলৈ বুলি কৰবাৰ পৰা এটা ভেড়া ছাগলী আনি দিছিল। তোমালোকৰ কঠোৰ হাতোৰাৰ পৰা বচাই মই তাক কয়লা থোৱা ঘৰটোৰ কাষতে তাক ৰাখিছিলো। প্ৰতিদিনে শুৱাৰ পৰা উঠিয়েই তাক খাবলৈ দিয়াটো আছিল মোৰ প্ৰথম কাম। দুই এদিন তোমালোকৰ ঘৰৰ কামকৰা মানুহকেইটাৰ ওপৰত দায়িত্বটো দি চাইছিলো পাছে তাহাঁতৰ তাক খোৱাৰ প্ৰতিহে আগ্ৰ্হ বেছি।

সিদিনাও সেই উদ্দেশ্যে কয়লাঘৰত সোমাই দেখো যে বিন্দু তাত জঠৰ হৈ বহি আছে। মোক দেখা মাত্ৰেই মোৰ ভৰিত পৰি নিশব্দে কান্দিবলৈ ধৰিলে।

 

বিন্দুৰ স্বামী পাগল।

সঁচাই কৈছনে, বিন্দি?”

ইমান ডাঙৰ কথা এটা মিছাকৈ তোমাক কব পাৰিম জানো বাইদেউ? তেওঁ পাগল। শহুৰৰ এই বিয়াত মত নাছিল। কিন্তু তেওঁ শাহুআইক যমৰ সমান ভয় কৰে। সেয়ে বিয়াৰ আগতেই তেওঁ কাশীলৈ গুছি গৈছে। শাহুৱে জেদ ধৰি লৰাৰ বিয়া পাতিছে।

মই জ্বলি ছাই হোৱা কয়লাৰ দমটোৰ ওপৰত বহি পৰিলো। তিৰোতাই যে তিৰোতাৰ শত্ৰু, সকলোৱে কতাই ছোৱালী। লৰা পাগল তাতে কি হল - সি যে পুৰুষ।


বিন্দুৰ স্বামী যে পাগল সেইয়া সতকাই বুজা টান। কিন্তু মাজে মাজে ইমানেই উন্মাদ হৈ পৰে যে তাক কোঠাৰ ভিতৰত তলা বন্ধ কৰি ভৰাই থব লাগে। বিয়াৰ ৰাতি সি শান্ত আছিল। কিন্তু বিয়াৰ ৰাতিৰ টোপনি খতি আৰু উত্তেজনাৰ বাবে দ্বিতীয়দিনা তাৰ মগজুৱে কাম নকৰা হল। সিদিনা দুপৰীয়া বিন্দুৱে পিতলৰ কাঁহী এখনত ভাতকেইটা বাঢ়ি লৈ খাবলৈ বহিছিল। হঠাতে তাইৰ স্বামীয়ে ভাতৰ সৈতে কাঁহীখন আজুৰি দলিয়াই পঠিয়ালে। তাৰ হেনো মনত খেলালে, বিন্দু স্বয়ং ৰাণী ৰাসমণি। বেহাৰাই সোণৰ কাঁহীখন চুৰ কৰি তাৰ নিজৰ কাঁহীত ৰাণীক ভাত খাবলৈ দিছে। বিন্দু ভয়তে মৰি যোৱাৰ দৰে হৈছিল। তৃতীয়দিনা যেতিয়া শাহুয়েকে তাইক স্বামীৰ কোঠাত শুবলৈ কলে তাইৰ ভয়তে অণ্ঠ-কণ্ঠ শুকাই গৈছিল। তাইৰ শাহুৱেক গৰাকী ভয়ংকৰ তিৰোতা, খঙত হিতাহিত হেৰুৱাই পেলায়। কবলৈ গলে তেৱোঁ পাগল, কিন্তু সম্পূৰ্ণৰূপে নহয় সেয়ে বেছি ভয়ানক। বিন্দুক নি কোঠাটোত ভৰাই দিয়া হল। সেই ৰাতি সি শান্ত আছিল। কিন্তু ভয়ত বিন্দুৰ শৰীৰ জঠৰ হৈ পৰিছিল। গভীৰ ৰাতি যেতিয়া সকলো টোপনি গল তাই কৌশলেৰে পলাই আহিছে। তাৰপাছৰ বিস্তাৰিত বৰ্ণনা লিখাৰ আৰু প্ৰয়োজন নাই।

 

ঘৃণা আৰু খঙে মোৰ শৰীৰ পুৰি পেলাইছিল। মই কলো, “এনেদৰে ফাকি দি পতা বিয়া, বিয়া হব নোৱাৰে। বিন্দু তই আগতে যেনেকৈ আছিলি তেনেকৈয়ে মোৰ লগত থাক। তোক কোনে ইয়াৰ পৰা লৈ যাব পাৰে চাওঁ।

তোমালোকে কলা, “বিন্দুৱে মিছা কথা কৈছে।

মই কলো, “তাই কেতিয়াও মিছা কথা নকয়।

তোমালোকে সুধিলা, “কেনেকৈ জানিলা?”

মই কলো যে মই ভালকৈয়ে জানো।

তোমালোকে ভয় দেখুৱালা, “বিন্দুৰ শহুৰেকৰ ঘৰ মানুহ পুলিচৰ কাষ চাপিলে বিপদ পৰিব লাগিব।

মই কলো, “ফাকি দি যে পাগল দৰাৰ লগত যে বিয়া কৰাই নিছে এই কথা আদালতে নুশুনিব নে?”

তোমালোকে কলে, “তাইৰ কাৰণে আমি কি এতিয়া আদালতলৈও যাব লাগিব? আমাৰ দোষ কি?”

মই কলো, “মোৰ গহনা বিক্ৰি কৰি যি কৰিব পাৰো কৰিম।

তোমালোকে কলা, “উকীলৰ ওচৰলৈও যাবা নেকি?”

এই প্ৰশ্নৰ উত্তৰ নাই। কপাল চপৰিওৱাৰ বাদে নো কি কৰিম?

 

আনফালে বিন্দুৰ দেওৰেকে আহি ঘৰৰ বাহিৰত হুলস্থূল লগাবলৈ আৰম্ভ কৰিছিল। পুলিচত খবৰ দিয়া ভাবুকি দিছিল।

 

কিন্তু মই কৰপৰা ইমান শক্তি পাইছিলো নাজানো। কচাইৰ হাতত পৰিলে গৰুৰো চাগে প্ৰাণৰ ভয় নাইকিয়া হয়, মোৰো সেইসময়ত পুলিচৰ ভয় মনলৈ নাহিল। স্পৰ্ধাৰে কলো, “ঠিক আছে দিয়া পুলিচত খবৰ।


ইয়াকে কৈ ঠিক কৰিলো যে, বিন্দুক মোৰ কোঠালৈ নি তলাবন্ধ কৰি তাতে সোমাই থাকিম। কিন্তু খোজ বিচাৰ কৰি দেখো যে বিন্দু নাই। তোমালোকৰ লগত বাদ-প্ৰতিবাদ চলি থাকোঁতেই নিজে গৈ দেওৰেকৰ আগত ধৰা দিছিল। তাই অনুমান কৰিছিল এই ঘৰত থাকিলে আমাক ডাঙৰ বিপদত পেলোৱাহে হব।


এনেদৰে পলাই তাই নিজৰ দুখহে বঢ়াই ললে। শাহুৱেকে খেপেৰি পাতি ধৰিলে, মোৰ লৰাইতো তাইক খাই পেলোৱা নাছিল। বেয়াৰ স্বামীৰ উদাহৰণ পৃথিৱীত দুৰ্লভ নহয়। সেইসকলৰ তুলনাততো তেওঁৰ পুতেক সোণৰ টুকুৰা।

 

মোৰ ডাঙৰ জাই কলে, “তাইৰে পোৰা কপাল। তাকে লৈ দুখ কৰি থাকি জানো কিবা লাভ আছে। পাগলেই হওক, ছাগলেই হওক, সি তাইৰ স্বামী।

 

তোমালোকৰ মনবোৰত নিজৰ কুষ্ঠৰোগী স্বামীক নি বেশ্যাৰ ঘৰত থৈ অহা সেই সতী-সাৱিত্ৰী নাৰীৰ ছৱি অকা আছিল। জগতৰ অধমতম কাপুৰুষতাৰ এই গল্পটো প্ৰচাৰ কৰিবলৈ তোমালোক পুৰুষ মনত অলপো সংকোচভাৱ আজিও নাহিল। সেয়ে হয়তো মানুহ হিচাপে জন্ম লৈও বিন্দুৰ ওপৰত ইমান কোপিত হৈছিলা। বিন্দুৰ বাবে মোৰ বুকু ফাটি গৈছিল আনহাতে তোমালোকৰ কাৰণে মোৰ লাজৰ সীমা নোহোৱা হৈছিল। মই হলো গাঁৱৰ ছোৱালী; আটাইতকৈ ডাঙৰ কথা হল বিয়া হৈছো তোমালোকৰ ঘৰলৈ। নাজানো কি ভাৱি ভগৱানে ইমান বুদ্ধি মোৰ কপালত লিখিছিল। কিন্তু তোমালোকৰ এই ধৰ্মৰ কথাবোৰ আজিও মোৰ মগজুৱে ঢুকি নাপালে। মই ভালকৈয়ে জানো মৰি গলেও বিন্দু আৰু এই ঘৰলৈ নাহে। কিন্তু বিয়াৰ আগদিনা মই যে তাইক শেষ পৰ্যন্ত ত্যাগ নকৰো বুলি কথা দিছিলো।

 

মোৰ সৰু ভাই শৰৎ কলকাতাৰ কলেজত পঢ়ে। তুমিতো জানাই পঢ়াতকৈ তাৰ ভলণ্টিয়াৰৰ কাম, প্লেগে দেখা দিয়া অঞ্চলত এন্দুৰ মৰা, দামোদৰ নদীৰ বানপিড়িতক সাহায্য প্ৰদান কৰা এইবোৰৰ প্ৰতিহে ধাউতি বেছি। উপৰ্যুপৰি দুবাৰ এফ.এ. ফেল কৰাৰ পাছতো তাৰ এই কামবোৰৰ প্ৰতি উৎসাহ নকমিল। মই তাক চিঠিৰে মাতি পঠিয়ালো, “বিন্দুৰ কিবা খবৰ যাতে মই পাওঁ তাৰ ব্যৱস্থা কৰি দিব লাগে শৰৎ। বিন্দুৱে মোলৈ চিঠি নিলিখিব। আৰু লিখিলেও মই নাপাম।

 

এইধৰণৰ কামৰ সলনি যদি মই তাক কলোহেঁতেন, বিন্দুক ঘৰৰ পৰা অপহৰণ কৰি আন বা বিন্দুৰ পাগল স্বামীৰ মূৰ পাথৰ মাৰি ভাঙি দে তেনেহলে সি বেছি সন্তোষেৰে কৰিলেহেঁতেন।


শৰতৰ লগত আলোচনা কৰি থাকোঁতেই তুমি আহি সোমাইছিলা, “এইবাৰ পিছে কত কি গণ্ডগোল লগোৱাৰ মন?”

মই কলো, “তাহানিতে যে গণ্ডগোল লগাইছিলো, মই তোমালোকৰ ঘৰলৈ আহিছিলো। অৱশ্যে সেইয়া তোমাৰ নিজৰে কীৰ্তি কাহিনী।

তুমি সন্দেহেৰে সুধিছিলা, “বিন্দুক আনিবলৈ ওলোৱাৰ কথা এনেদৰে লুকোৱাইছা কিয়?”

মই কলো, “বিন্দু যদি সঁচাকৈয়ে আহে তেনেহলে নিশ্চয়কৈ লুকুৱাম। কিন্তু তাই নাহে তোমালোকে অযথা চিন্তা কৰিব নালাগে।

 

শৰতক মোৰ লগত দেখি তোমাৰ সন্দেহ বঢ়ি গৈছিল। মই ভালকৈয়ে জানো শৰৎ আমাৰ ঘৰলৈ অহাতো তুমি একেবাৰেই পছ্ন্দ নকৰা। তাৰ ওপৰত পুলিছৰ নজৰ আছে বুলি তুমি ভয় কৰিছিলা। তদুপৰি কোনোবাদিনা কিজানি ৰাজনৈতিক পাকচক্ৰত সোমাই তোমাকো তাৰ মাজলৈ টানি নিয়ে। সেইবাবেই ভাইফোঁটাও কাৰোবাৰ হাততেই দি পঠিয়াও, তাক ঘৰলৈ নামাতো।

 

তোমাৰ পৰাই গম পালো বিন্দু আকৌ পলাইছে। দেওৰেক আহিছিল তাইক বিছাৰি। কথাটোৱে মোক শেলে বিন্ধা দি বিন্ধিছিল। অভাগিনীৰ কি কষ্ট হৈছে মই বুজি পাইছিলো। কিন্তু কিবা কৰাৰো যে বাট নাছিল।


শৰৎ খবৰ আনিবলৈ বুলি ওলাই গল। সন্ধ্যাপৰত সি আহি খবৰ দিলেহি যে বিন্দু পলাই তাইৰ খুড়াকৰ ভায়েককেইটাৰ কাষলৈ গৈছিল। কিন্তু তাহাতিও ভীষণ গালিগালাজ কৰি তাইক পুনৰ শহুৰেকৰ ঘৰত থৈ গৈছেহি। যোৱাৰপৰত তাইৰ বাবে হোৱা খৰচ তথা গাড়ীৰ ভাৰাও লৈ যাবলৈ নপহৰাকৈ থকা নাই। তোমাৰ খুড়ীদেউৰা তীৰ্থভ্ৰমণৰ উদ্দেশ্যে পুৰীলৈ যাবলৈ বুলি তোমালোকৰ ঘৰলৈ আহিছিল। মই কলো, “ময়ো যাম।


হঠাতে মোৰ ধৰ্ম-কৰ্মৰ প্ৰতি মন ঢাল খোৱাত তুমি খুবেই আনন্দিত হৈ উঠিছিলা; এবাৰলৈও আপত্তি নকৰিলা। তোমালোকে চাগৈ ভাৱিছিলা মই কলকাতাত থাকিলে বিন্দুক লৈ কোন মুহূৰ্তত কি ঘটনা ঘটাও তাৰ কোনো ঠিক নাই। মোক লৈ যে অনেক লেঠা।

 

বুধবাৰে আমাৰ যোৱাৰ দিন, ৰবিবাৰে সকলো ঠিক কৰা হল। মই শৰতক মাতি আনি কলো, “যেনেকৈয়ে নহওক, বিন্দুক বুধবাৰে পুৰীলৈ যোৱাৰ গাড়ীত উঠাই দিবি।

শৰতে প্ৰফুল্ল মনেৰে কলে, “ভয় নকৰিবি বাইদেউ! মই তাইক গাড়ীত উঠাই পুৰীলৈকে লগতে যাম। ফাকি দিয়েই হওক জগন্নাথৰ দৰ্শন কৰি আহো।

সেইদিনা সন্ধিয়া শৰৎ আকৌ আহিল। তাৰ মুখখন দেখি মোৰ বুকু কপি উঠিল। ভয়ে ভয়ে সুধিলো, “কি হল শৰৎ? একো সুবিধা কৰিব নোৱাৰিলি নেকি?”

সি কলে, “নাই।

মই দুনাই সুধিলো, “তেওঁলোক ৰাজী নহল নেকি?”

সি কলে, “নাই! তাৰ আৰু প্ৰয়োজন নহব। কালি ৰাতিয়ে কাপোৰত জুই লগাই তাই আত্মহত্যা কৰিছে। মোৰ চিনাকি তাইৰ ভতিজাক এটাৰ পৰা খবৰটো পালো। সি কৈছিল তোমাৰ নামত তাই এখন চিঠি লিখি থৈ গৈছিল। পাছে সেইখনো তাহাতি নষ্ট কৰি পেলাইছে।

 

যি কি নহওক মনটোৱে শান্তি পালে।

 

মানুহবোৰে কোৱাকুই কৰিলে, “আজিকালি কাপোৰত জুই লগাই মৰাতো ছোৱালীবোৰৰ বাবে নতুন ফেছন হল।

তুমি কলা, “এইবোৰ যতসব নাটক।ব পাৰে। কিন্তু এই নাটকৰ বিনোদনৰ সকলো দায়িত্ব কেৱল বঙালী ছোৱালীবোৰৰ কান্ধতেই কিয় পৰে, বঙালী বীৰপুৰুষৰ কোলাত এই দায়িত্ব নুঠে কিয়? সেয়াটো এবাৰ ভাবি চোৱা উচিত।

 

বিন্দিৰ ইমানেই পোৰা কপাল যে যিকেইদিন জীয়াই আছিল ৰূপ গুণ একোৰে যশ নাপালে। মৰাৰ সময়তো যদি অকণমান ভাবি চিন্তি নতুন পদ্ধতিৰে মৰিলেহেতেন পুৰুষসকলে আনন্দৰে হাত চাপৰি বজালেহেঁতেন; পাছে তেনেকুৱাও একো নঘটিল। বৰঞ্চ সকলো তাইৰ ওপৰত ক্ৰোধিতহে হৈ উঠিল।

 

বাইদেৱে ঘৰৰ কোণত লুকাই কান্দিলে। সেই কান্দোনত এক স্বস্তি আছিল। যাহওক তাই মৰি সকলো যন্ত্ৰণাৰ পৰা মুক্তি পালে। জীয়াই থাকি নো কি পালেহেঁতেন।

 

মই তীৰ্থ ভ্ৰমণলৈ আহিছো। বিন্দুৰ অহাৰ প্ৰয়োজন নহ, কিন্তু মোৰ অহাটো জৰুৰী আছিল।

 

দুখ কষ্ট বুলিলে মানুহে যাক বুজে সেইয়া তোমাৰ সংসাৰত নাছিল। তোমালোকৰ ঘৰৰ অৱস্থা সচ্ছল। তোমাৰ দাদা চৰিত্ৰ যেনেকুৱাই নহওক তোমাৰ চৰিত্ৰত এনে কোনো দাগ নাছিল যে বিধাতাক তাৰ বাবে দোষাৰোপ কৰিম। তোমাৰ স্বভাৱো যদি তোমাৰ দাদাৰ দৰে হলহেঁতেন হয়তো এনেদৰেই দিন পাৰ কৰিলোহেতেন অথবা সতী সাৱিত্ৰী ডাঙৰ জাৰ সকলোবোৰৰ বাবে ভগৱানকে জগৰীয়া কৰি কপাল ধিয়ালোহেঁতেন। গতিকে তোমাকলৈ মোৰ কোনো অভিযোগ নাই। এই চিঠিৰ উদ্দেশ্যও সেইয়া নহয়।

 

কিন্তু মই তোমাৰ সাতাইশ নম্বৰ মাখন বৰাল গলিলৈ উলটি নাযাও। বিন্দুৰ জৰিয়তে দেখিছো পৃথিৱীত নাৰীৰ দুৰ্দশা। দুনাই চোৱাৰ ইচ্ছা নাই।

 

এটা কথা ঠিক যে ছোৱালী হলেও তাইক ভগৱানে কোনো দিনেই ত্যাগ কৰা নাছিল। তদুপৰি তোমালোকে যিমানেই নিজৰ পুৰুষত্বৰ ক্ষমতা নেদেখুৱা কিয় সেই ক্ষমতাৰো এদিন অন্ত আছে। এই সকলোবোৰ আমাৰ মানৱজীৱনৰ উৰ্ধত?


তুমি কিছুমান স্বনিৰ্মিত দস্তুৰে তাইক চিৰকাল তোমাৰ ভৰিৰ তলুৱাৰ তলত ৰাখিবা সেইভাৱে তোমাৰ ভৰি জানো ইমান ডাঙৰ । সকলোতকৈ ডাঙৰ মৃত্যু । সেই মৃত্যুৰে বিন্দু মহান, তাত তাই কেৱল কোনো বঙালী কন্যা নহয়, কোনো খুড়াকৰ পুতেকৰ ভনীয়েক নহয়, কোনো অপৰিচিত পাগল স্বামীৰ প্ৰবঞ্চিতা পত্নী নহয়; তাত তাই অনন্ত ।


মৃত্যুৰ বাঁহী এই বালিকাৰ ভঙা হৃদয়ৰ মাজেৰে আহি মোৰ জীৱনৰ যমুনা পাৰত যিদিনা বাজিছিল সেইদিনা কোনো এক বাণে আহি মোৰ বুকু বিন্ধিছিল । বিধাতাক বাৰে বাৰে প্ৰশ্ন কৰিছিলো, এই পৃথিৱীত যি সৱাতোতকৈ তুচ্ছ তাৰ জীৱন ধাৰণেই ইমান কঠিন কিয় ? চৌদিশে প্ৰাচীৰ গঢ়া নিৰানন্দৰ সামান্য বুৰবুৰণি এটা ইমান শক্তিশালী কিয় ? তোমাৰ বিশ্বজগতৰ ছয় ঋতুৰ সুধা পাত্ৰ হাতত লৈ যিমানেই নামাতা কিয়, মই এক মূহুৰ্তৰ বাবেও সেই চৌহদৰ অন্দৰমহলত প্ৰৱেশ নকৰো । এই ভুৱন তোমাৰ, এই জীৱন মোৰ । কিয় সেই ইটা কাঠৰ তুচ্ছ গড়ালৰ ভিতৰত তিল তিল কৈ মাৰি নিব খুজিছা । কিমান তুচ্ছ মোৰ এই জীৱন যাত্ৰা, এই বান্ধোন, অভ্যাস, পথ, সকলো জয়-পৰাজয় । কিন্তু শেষত এই দীনতাৰ নাগপাশৰ বন্ধনৰে জয় হব । পৰাজিত হবা তুমি তোমাৰ নিজা সৃষ্টিৰ আনন্দলোকত ।


মৃত্যুৰ বাঁহী বাজি উঠিলে, ত ৰাজমিস্ত্ৰীৰে গঢ়া দেৱাল, ত তোমাৰ কঠোৰ আইনৰ কাটা তাঁৰৰ বেৰ, কি দুখ, কি অপমানে মানুহক বন্দী কৰি ৰাখিব পাৰে । মৃত্যুৰ হাতেৰে জীৱনৰ বিজয় নিচান উৰে । মেজোবউ! তাত তোৰ ভয় নাই । মেজোবউৰ খোলা চিন্ন হৈছে ।


তোমাৰ গলিলৈ মই আৰু ভয় নকৰো । মোৰ সন্মুখত আজি নীল সমুদ্ৰ, মুৰৰ ওপৰত আহাৰৰ মেঘৰাশি ।


তোমাৰ অভ্যাসৰ আৱৰণে মোক আৱৰি ৰাখিছিল । ক্ষনিকৰ বাবে বিন্দুৱে সেই আৱৰণৰ ছিদ্ৰৰে মোক চুই গৈছিল । ছোৱালীজনীৱে তাইৰ মৃত্যুৰে এই আৱৰণখন চিৰাচিৰ কৰি পেলালে । বহিৰলৈ ওলাই দেখিছো বংশ গৌৰৱ সাচিবলৈ মোৰ আৰু ঠাই নাই । মোৰ অনাদৃত ৰূপ যাৰ চকুত পৰিছিল, সেই সুন্দৰ সমস্ত আকাশৰ পৰা মোক চাই আছে । এইবাৰ মেজোবউৰ মৃত্যু ঘটিছে ।


তুমি ছাগে ভাবিছা মই মৰিবলৈ ওলাইছো । ভয় নাই; এনেধৰণৰ লৰা ধেমালী মই তোমাৰ লগত নকৰো । মীৰা বাইওতো মোৰ দৰেই নাৰী আছিল । তেওঁৰ শিকলিওতো কম গধুৰ নাছিল । তেওঁতো জীয়াই থাকিবৰ বাবে মৰা নাছিল । মীৰাবায়ে তেওঁৰ গীতত গাইছে, “পিতায়ে বৰ্জিলে, আয়ে বৰ্জিলে, বৰ্জিলে সবায়ে, মীৰা কিন্তু লাগি থাকিল প্ৰভু, তাতে তাইৰ যি হয় হওক। এই লাগি থকা মানেইতো জীয়াই থকা । ময়ো জীয়াই থাকিম । মই জীয়াই আছো ।


তোমাৰ চৰণতলাশ্ৰয়ছিন্ন

মৃণাল ।

 

 

 

Post a Comment

0 Comments