গল্পঃ এটা স্বাধীন অংগ / হাৰুকি মুৰাকামী

হাৰুকি মুৰাকামীৰ গল্পৰ অসমীয়া অনুবাদ  ঃ




এটা স্বাধীন অংগ

মূলঃ হাৰুকি মুৰাকামী (জাপানী)
ইংৰাজী অনুবাদঃ ফিলিপ গেব্ৰিয়েল
অসমীয়া অনুবাদঃ উপাসনা কৃষ্ণাত্ৰেয়


 

পৃথিৱীখনত এনে কিছু মানুহ আছে-(কি যে এক নিৰ্বোধিতা!) যিসকলে এটা আচৰিত ধৰণৰ কৃত্ৰিম জীৱন যাপন কৰে৷ মই এনেকুৱা মানুহ বৰ বেছি লগ পোৱা নাই, কিন্তু নিশ্চিত যে এনে মানুহ আছে কিছুসংখ্যক৷ আৰু ডাঃ টোকাই আছিল তেনে এজন ব্যক্তি৷

এই তথাকথিত আদৰ্শৱান আত্মাসমূহে এই পাকলগা পৃথিৱীখনত খাপ খাই থাকিবলৈ প্ৰতিদিনেই অতি সাৱধানতাৰে চলিবলগীয়া হয়, যদিও সৰহভাগ ক্ষেত্ৰতে, এই কাৰবাৰটোৰ বাবে যে এটা কষ্টকৰ পৰ্য্যায়ৰ চল-চাতুৰীৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেওঁলোকে সচেতনভাৱে অনুভৱেই নকৰে৷ তেওঁলোক সম্পূৰ্ণৰূপে আশ্বস্ত যে তেওঁলোক নিতান্তই সৰল মানুহ যি কোনো গোপন উদ্দেশ্য অথবা চল চাতুৰী ৰহিত এটা সৎ জীৱন যাপন কৰে৷ আৰু যেতিয়া, যদি কোনো কাৰণে এক বিশেষ জ্যোতিয়ে তেওঁলোকৰ এই জীৱনবোৰৰ আভ্যন্তৰীণ কৰ্ম-কাণ্ডসমূহ যে কিমান কৃত্ৰিম, অসত্য- তাক উদ্ভাষিত কৰে, তেতিয়াই তেওঁলোকৰ জীৱনবোৰে এটা দুঃখজনক অথবা আন কিছু ক্ষেত্ৰত এটা কৌতুকপ্ৰদ কেঁকুৰিত আহি উপনীত হয়৷ তাৰ মাজতো অৱশ্যে কেইজনমানক ভাগ্যৱান বুলি কব পাৰি- যিকেইজনে কেতিয়াও এই জ্যোতিৰ সন্মুখীন নহয় অথবা হলেও প্ৰভাৱিত নোহোৱাকৈ আঁতৰি আহিব পাৰে৷

এই টোকাই বোলা মানুহজনৰ বিষয়ে মই যিমান জানো, সেই আটাইখিনি লিপিবদ্ধ কৰি ৰাখিব বিচাৰোঁ৷ ইয়াৰ সৰহখিনিয়ে তেওঁ মোক পোণপটীয়াকৈ কোৱা কথাৰ পৰাই উৎপন্ন হৈছে , অৱশ্যে কিছুখিনি তেওঁৰ অতি ঘনিষ্ঠ তথা বিশ্বস্ত ব্যক্তিয়ে কোৱা তথ্যৰ পৰা আহৰণ কৰা৷ এইটোও স্বীকাৰ্য্য যে মই নিজা পৰ্য্যবেক্ষণৰ দ্বাৰাও সঁচা বুলি ভবা কিছু কথা সংযোগ কৰিছোঁ-ঠিক দুটা ভিন্ন তথ্যৰ মাজৰ খালী ঠাইখিনি মাংসৰ কিমাৰে লগ কৰি দিয়াৰ দৰে৷ অৰ্থাৎ তেওঁৰ যিখন ছবি গঢ়ি উঠিব সেয়া সম্পূৰ্ণভাৱে তথ্যনিৰ্ভৰ নহয়৷ লগতে, এই টোকাটোৰ লিখক হিচাপে কওঁ, পাঠকসকলে যাতে এইটো কোনো আদালতৰ বিচাৰৰ বাবে দাখিল কৰা প্ৰমাণ অথবা কোনো ব্যৱসায়িক চুক্তিৰ সহায়কাৰী নথি বুলি গণ্য নকৰে ( যদিও, ইয়াৰেনো কি ধৰণৰ ব্যৱসায়িক চুক্তি হব, মোৰ কোনো ধাৰণা নাই)৷

কিন্তু আপুনি যদি কেইখোজমান পিছুৱাই যায়( তাৰ আগতে নিশ্চিত হৈ লব যে আপুনি কোনো পৰ্বতশৃংগৰ সন্মুখত থিয় হৈ থকা নাই) আৰু এই ছবিখন কিছু দূৰৰ পৰা চায়, তেন্তে বুজিব পাৰিব যে প্ৰতিটা সৰু বৰ বৰ্ণনাৰ যথাৰ্থতা নিৰ্ণয় কৰাটো বৰ এটা জটিল নহয়৷ মুঠৰ ওপৰত দৰকাৰী কথাটো হ'ল যে ডাঃ টোকাইৰ এখন পৰিষ্কাৰ ছবি উপস্থাপন হব লাগে৷ এজন লিখক হিচাপে অন্ততঃ এইটোৱে মোৰ আশা৷ থোৰতে কবলৈ গ'লে (ঠিক কিদৰে বুজাওঁ) তেওঁক লৈ বৰ বেছি ভুল বুজিবলৈ অৱকাশেই নাই দৰাচলতে়৷

ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ এজন সৰল, সুবোধ্য ব্যক্তি৷ বৰং বহু ক্ষেত্ৰতে তেওঁ আছিল জটিল, বহুতৰপীয়া, দুৰ্বোধ্য৷ এনে কি অন্ধকাৰে তেওঁৰ অৱচেতন আচ্ছন্ন কৰি ৰাখিছিল, অথবা কি পাপবোধ মনৰ মাজত কঢ়িয়াই ফুৰিছে, মোৰ জানিবৰ কোনো উপায় নাই৷ তথাপি তেওঁৰ ব্যৱহাৰ পাতিৰ সুসংগত সাঁচৰ পৰা সামগ্ৰিকভাৱে নিখুঁত চিত্ৰ এখন নিৰ্মাণ কৰাটো তুলনামূলকভাৱে সহজ৷ এজন পেছাদাৰী লেখক হিচাপে মোৰ বাবে ই অলপ ধৃষ্টতাপূৰ্ণ কাৰবাৰেই হয়গে, কিন্তু সেই সময়ত ঠিক তেনে ধাৰণাই মোৰ হৈছিল৷

টোকাইৰ বয়স বাৱন্ন, অবিবাহিত আৰু আনকি কেতিয়াও কোনো নাৰীৰ সৈতে সহবাসতো থকা নাই৷ ট'কিঅ' অকণমানি আজাবু জিলাৰ এটা সুন্দৰ অট্টালিকাৰ দুটা বেডৰূমৰ কোঠালিযুক্ত এপাৰ্টমেণ্ট এটাত থাকে৷ ধৰি লওক- এজন চিৰকুমাৰ৷ ঘৰুৱা কামৰ প্ৰায়ভাগ তেওঁ নিজেই কৰে- ৰন্ধা- বঢ়া, কাপোৰ ধোৱা, ইষ্ট্ৰি কৰা, চাফ চিকুণ কৰা ইত্যাদি, আৰু বাকীখিনি পেছাদাৰী চাফাইকৰ্মী মাহত দুবাৰকৈ আহি চম্ভালে৷ মূলতঃ তেওঁ এজন পৰিপাটী মানুহ, সেয়ে ঘৰটো পৰিষ্কাৰকৈ ৰখাটো বৰ এটা টান নহয়৷ প্ৰয়োজন সাপেক্ষে তেওঁ সুস্বাদু ক'কটেইলো প্ৰস্তুত কৰিব পাৰে, আৰু নিকুজাগা স্টুৰ পৰা আৰম্ভ কৰি শ্বি বেছ এন পেপিলোটে লৈকে প্ৰায়বোৰ খাদ্য ৰান্ধিব পাৰে৷ ( ৰান্ধি ভালপোৱা প্ৰায়বোৰ মানুহৰ দৰেই তেওঁও খাদ্যৰ ক্ষেত্ৰত কৃপনালি নকৰে, সেয়ে উৎকৃষ্ট উপাদান সমূহহে ব্যৱহাৰ কৰে আৰু খাদ্যবোৰো সদায়ে সুস্বাদু হয়৷) ঘৰটোত মানুহ এজনীৰ অভাৱ কেতিয়াও অনুভৱেই নকৰিলে, অকলশৰে সময় কটাই কাহানিও আমনি পোৱা নাছিল, আৰু অকলে শুয়ো অকলশৰীয়া অনুভৱ কৰা নাছিল- এটা সময়লৈকে৷

তেওঁ এজন কস্মেটিক প্লাষ্টিক চাৰ্জন আৰু ৰপ্পংগীত থকা 'টোকাই বিউটি ক্লিনিক'খন চলায়৷ সেইখন তেওঁ দেউতাকৰ পৰা উত্তৰাধিকাৰীসূত্ৰে পাইছে৷ স্বাভাবিকতেই ধেৰ মহিলা লগ পোৱাৰ সুযোগ তেওঁৰ৷ তেওঁক আপুনি ঠিক সুদৰ্শন বুলিব নোৱাৰিলেও নাক চকুৰ গঢ় সুন্দৰ- অন্ততঃ নিজৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব বুলি ভাব অহা নাই কেতিয়াও- আৰু ক্লিনিকখনো ভাল চলে বাবে এটা শকত দৰ্মহাও পায়৷ তেওঁ এজন বৰ ভালদৰে প্ৰতিপালিত ব্যক্তি- শিষ্টাচাৰী আৰু সংস্কৃতিবান, কথোপকথনৰ বাবে কেতিয়াও প্ৰসংগৰ অভাৱ নহয়৷ এতিয়াও তেওঁৰ সম্পূৰ্ণ মুৰত চুলি আছে ( দুই এডাল পকিবলৈ ধৰিছে অৱশ্যে), আৰু যদিও অলপ শকত হবলৈ ধৰিছে, ব্যায়ামগাৰত নিয়মীয়া শৰীৰচৰ্চাই শৰীৰটো যৌৱনোদীপ্ত কৰি ৰাখিছে৷ মানুহে শুনাত বেয়া হব পাৰে, কিন্তু মিলা মিছা কৰিবলৈ তেওঁৰ মহিলাৰ অভাৱ কেতিয়াও হোৱা নাই৷

কি জানো কাৰণে ডেকাকালৰে পৰাই টোকাইৰ বিয়া-বাৰু, সংসাৰ আদিৰ প্ৰতি মন নাছিল৷ তেওঁ প্ৰায় নিশ্চিতই আছিল যে তেওঁ বিবাহিত জীৱনৰ যোগ্য নহয়৷ সেয়ে মহিলাগৰাকী যিমানেই আকৰ্ষণীয় নহওক কিয়, তেওঁ যদি স্থায়ী সংগী বিচাৰি আছে, তেন্তে টোকাইয়ে দূৰত্ব বজাই ৰাখে৷ যাৰ ফলত, তেওঁ প্ৰেমিকা হিচাপে পছন্দ কৰা মহিলাসকল হয় বিবাহিতা নতুবা যাৰ ইতিমধ্যে এগৰাকী মুখ্য প্ৰেমিক থাকে৷ এই ব্যৱস্থা বৰ্তাই ৰখালৈকে তেওঁৰ কোনো এগৰাকী সংগীৰে বিবাহাকাংক্ষ্যা জাগ্ৰত হোৱা নাছিল৷ সৰলভাৱে কবলৈ গলে টোকাই সদায়ে এজন কেজুৱেল দ্বিতীয় প্ৰেমিক, দুখৰ দিনৰ বাবে সুবিধাজনক পুৰুষ বন্ধু, অথবা কেজুৱেল ফ্লিঙৰ বাবে সুবিধাজনক সংগী৷

আৰু সঁচা কবলৈ গলে এনেকুৱা সম্পৰ্কবোৰতহে টোকাই প্ৰকৃতাৰ্থত সহজ হব পাৰিছিল আৰু মহিলাসকলৰ সৈতে সময় কটাবলৈ সুবিধাজনক পাইছিল৷ আন কোনো ব্যৱস্থাই- য'ত মহিলা সকলে স্থায়ী সংগী বিচাৰে- তেওঁক অশ্বস্তি, শংকাত পেলায়৷

এই মহিলাসকলৰ যে তেওঁৰ বাহিৰেও আন পুৰুষৰ সৈতে যে যৌন সম্পৰ্ক আছিল, তাকে লৈ তেওঁ বৰ বেছি মূৰ নঘমাইছিল৷ শাৰীৰিক সম্পৰ্কবোৰ মাথোন শাৰীৰিকহে- চিকিৎসক হিচাপে টোকাইয়ে এনেদৰেই বিশ্বাস কৰিছিল আৰু সংগদায়িনী মহিলাসকলেও একেদৰেই ভাবিছিল৷ টোকাইয়ে কেৱল মাত্ৰ আশা কৰিছিল যে তেওঁৰ সৈতে থকা সময়খিনিত মহিলাগৰাকীয়ে যাতে কেৱল তেওঁৰ কথাকে ভাবে৷ তেওঁলোকৰ নিজা সময়খিনিৰ বাহিৰত মহিলাগৰাকীয়ে কি ভাবিছে অথবা কৰিছে সেয়া তেওঁৰ নিজা কথা, যাক লৈ টোকাইয়ে কোনো ধৰণৰ জল্পনা কল্পনা নকৰে৷ গতিকে এই সম্পৰ্কৰ বাহিৰৰ তেওঁলোকৰ জীৱনত টোকাইয়ে হস্তক্ষেপ কৰিবলৈ যোৱাটো সুদূৰপৰাহত৷

এই মহিলাসকলৰ সৈতে নৈশ আহাৰ খোৱা, ৱাইন খোৱা আৰু একলগে কথা পতা- এইবোৰেই আছিল টোকাইৰ বাবে অনিৰ্বাচনীয় সুখ৷ যৌনতা আছিল মাথোঁ অতিৰিক্ত সুখ, মূল উদ্দেশ্য কাহানিও নাছিল৷ মূলতঃ তেওঁ কেবাগৰাকী আকৰ্ষণীয় মহিলাৰ সৈতে এক অন্তৰংগ, বৌদ্ধিক সম্পৰ্ক এটা বিচাৰিছিল৷ পাছৰখিনি অৱধাৰিতভাৱে ঘটিছিল মাথোন৷ সেয়েহে মহিলাসকল স্বাভাৱিকভাৱেই তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল, সময়বোৰ উপভোগ কৰিছিল আৰু প্ৰায়ে সম্পৰ্কটোত আগভাগ লৈছিল৷ ব্যক্তিগতভাৱে, মই ভাবোঁ যে পৃথিৱীৰ সৰহভাগ মহিলাই (বিশেষকৈ প্ৰকৃতাৰ্থত আকৰ্ষণীয় সকল) অনবৰতঃ যৌন সম্পৰ্কৰ বাবে ব্যগ্ৰ এই পুৰুষসকলৰ পৰা ইতিমধ্যে বিৰক্ত হৈ পৰিছে৷

টোকাইয়ে মাজে মাজে ভাৱে- যোৱা ত্ৰিশটা বছৰত এনেকুৱা সম্পৰ্ক কিমানটা হ'ল এটা হিচাপ ৰখা উচিত আছিল হয়তো৷ কিন্তু তেওঁ কেতিয়াও সংখ্যাক লৈ অকণো আগ্ৰহী নাছিল৷ অভিজ্ঞতাসমূহ কিমান মধুৰ হয়, সেয়াহে জৰুৰী৷ মহিলাগৰাকীৰ শাৰীৰিক অৱয়বকলৈও তেওঁ বৰ বেছি মুৰ নঘমায়৷ যেতিয়ালৈকে মহিলা এগৰাকীৰ কোনো বিশেষ খুঁত নাথাকে য'ত তেওঁৰ পেছাদাৰী আগ্ৰহ জন্মে অথবা যেতিয়ালৈকে মহিলাগৰাকীৰ চেহেৰা আমনিদায়ক নহয় যে তেওঁৰ হামিয়াব লগীয়া অৱস্থা হয়, তেন্তে সেয়া যথেষ্ট৷ হাতত টকা-পইচা থাকিলে আপুনি আপোনাৰ মুখমণ্ডল যিমান বিচাৰে আৰু যেনেকৈ বিচাৰে তেনেকৈ ধুনীয়া কৰি লব পাৰে ( এই ক্ষেত্ৰত বিশেষজ্ঞ হিচাপে তেওঁ দেধাৰ উদাহৰণ দিব পাৰে৷) তেওঁ মূলতঃ মেধাসম্পন্ন, বুদ্ধিমতী আৰু হাস্যৰসযুক্ত নাৰীৰ গুণগ্ৰাহী আছিল৷ মহিলা এগৰাকী যদি খুব ধুনীয়া হয়, কিন্তু তেওঁৰ কবলৈ একো নাথাকে অথবা নিজা কোনো অভিমত নাথাকে, টোকাইয়ে তেনে ক্ষেত্ৰত আগ্ৰহ অনুভৱ নকৰে৷ কোনো অস্ত্ৰোপচাৰে নাৰীৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে৷ বুদ্ধিমতী নাৰী এগৰাকীৰ সৈতে নৈশ আহাৰত কিছু সুৰুচিপূৰ্ণ আলাপ- আলোচনা অথবা বিছনাত ইজনে সিজনক ধৰি অলসভাৱে শাক খোৱা-ভাত খোৱা কথা পতা-এইবোৰেই তেওঁৰ বাবে বহুমূলীয়া মূহুৰ্ত৷

ভাল কথা এয়ে যে মহিলা সকলৰ সৈতে এবাৰো তেওঁৰ কোনো বিশেষ সংঘাত হোৱা নাই, কাৰণ এই লিকটীয়া আৱেগিক দ্বন্দবোৰ তেওঁৰ বাবে নহয়েই৷ আৰু যদিহে কোনো কাৰণে সাম্ভাব্য সংঘাতৰ কলীয়া ডাঁৱৰ দেখিবলৈ পায় , তেতিয়াও তেওঁ অতি কৌশলেৰে সম্পৰ্কটোৰ পৰা পিছ হুঁহকি আহিব জানে আৰু ই যাতে কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি নকৰে অথবা মহিলাগৰাকীয়ে যাতে দুখ নাপায় তাকো খেয়াল ৰাখে৷ এই কামটো তেওঁ অতি স্বাভাবিক আৰু ক্ষীপ্ৰভাৱে কৰিছিল, ঠিক যিদৰে নামি সন্ধিয়াটোৰ পৰা ছাঁবোৰ লোপ পায়৷ এজন অভিজ্ঞ বেচ্চেলৰ হিচাপে তেওঁ এই কৌশলমূহত সিদ্ধহস্ত আছিল৷

প্ৰেমিকাসকলৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাটো তেওঁৰ বাবে এক নিয়মীয়া কাৰবাৰ আছিল৷ আন এগৰাকী মুখ্য প্ৰেমিক থকা বেছিভাগ মহিলাই এটা সময়ত কৈ দিয়ে-"ক্ষমা কৰিব, মই আৰু আপোনাক দেখা কৰিব নোৱাৰিম, অতি সোনকালেই মোৰ বিয়া৷" সৰহভাগ ক্ষেত্ৰতে মহিলাসকলৰ এই বিয়া হোৱা সিদ্ধান্তটো আহে তেওঁলোক ত্ৰিশ বা চল্লিশৰ দেওনা গছকাৰ আগে আগে৷ ঠিক যিদৰে বছৰ এটা শেষ হোৱাৰ আগে আগে কেলেণ্ডাৰৰ বিক্ৰী ভাল হয়৷ টোকাইয়ে প্ৰতিবাৰেই দুঃখভাৱেৰে হাঁহি এটা মাৰি অতি শান্তভাৱে এনে সংবাদ গ্ৰহণ কৰে৷ ই এক দুৰ্ভাগ্য, কিন্তু কি নো কৰিব পাৰিব? বিবাহ তেওঁৰ বাবে নহয়েই, তথাপি এটা পবিত্ৰ অনুষ্ঠান বাবে যিকোনো মানুহেই ইয়াক সন্মান কৰিবলগীয়া হয়৷

তেনে সময়ত তেওঁ মহিলাগৰাকীক খুব দামী কিবা এটা কিনি বিয়াৰ উপহাৰ দিয়ে৷ "বিবাহ উপলক্ষ্যে অভিনন্দন জনালোঁ"- তেওঁ কয়৷ " তুমি ইমান বুদ্ধিমতী, আকৰ্ষণীয় আৰু মৰমিয়াল৷ মই বিচাৰোঁ -তুমি সঁচাকৈয়ে সুখী হোৱা, আৰু তুমি এই সুখ পোৱাৰ যোগ্য৷" আৰু সঁচাকৈয়ে তেওঁ এনেদৰে অনুভৱ কৰিছিল৷ এই মহিলাসকলে তেওঁলোকৰ জীৱনৰ কিছু আপুৰুগীয়া সময় টোকাইৰ সৈতে অতিবাহিত কৰিছে, সেই সময়ৰ পৰা তেওঁ আশা কৰা সঁচা মৰমখিনিয়ে তেওঁৰ জীৱনক উমাল আৰু বিস্ময়য়কৰ মূহুৰ্ত কিছু প্ৰদান কৰিছে৷সেইখিনিৰ বাবেই তেওঁ কৃতজ্ঞ৷ আৰুনো তেওঁলোকৰ পৰা কি বিচাৰিব?

কিন্তু এই বিবাহপাশত আৱদ্ধ হোৱা মহিলাসকলৰ প্ৰায় এক তৃতীয়াংশই কিছুবছৰ পাছত পুনৰ টোকাইক ফোন কৰি দেখা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ আৰু তেওঁ সদায়ে এনে এটা মধুৰ আৰু নিশ্চয়েই 'বৰ এটা পবিত্ৰ নহয়' ধৰণৰ সম্পৰ্ক গঢ়িবলৈ পাই সুখী হৈছিল৷ তেওঁলোকে দুগৰাকী অবিবাহিত ব্যক্তিৰ মাজৰ কেজুৱেল সম্পৰ্ক এটাক এগৰাকী অবিবাহিত পুৰুষ আৰু এগৰাকী বিবাহিতা মহিলাৰ মাজৰ জটিল সম্পৰ্কলৈ পৰ্য্যবসিত কৰে- যি আছিল অধিক উপভোগ্য৷ হওঁতে তেওঁলোকে আগতে একেলগে কৰা কামবোৰেই কৰে- মাথোঁ অধিক পৰিপক্ক ভাৱে৷ বিয়াত বহা বাকী দুই তৃতীয়াংশ মহিলাই পুনৰ সংযোগ স্থাপন নকৰে, আৰু টোকাইয়েও তেওঁলোকক দুনাই দেখা পোৱা নাই৷ টোকাইৰ অনুমান- তেওঁলোকে হয়তো সন্তানসহ একোগৰাকী অপূৰ্ব পত্নী ৰূপে সুখী, পৰিপূৰ্ণ বিবাহিত জীৱন এটা উপভোগ কৰি আছে৷ যদি এনেকুৱাই হৈছে, টোকাই তেওঁলোকৰ বাবেও সুখী৷ এই মূহুৰ্তত হয়তো তেওঁ মৰমেৰে লিৰিকি বিদাৰি থকা সেই বিস্ময়কৰ স্তনযুগলৰ পৰা কোনো শিশুৱে পুষ্টি গ্ৰহণ কৰি আছে৷

---------------------------------------------

টোকাইৰ প্ৰায়ভাগ বন্ধুৱে বিবাহিত৷ সন্তানো আছে তেওঁলোকৰ৷ তেওঁলোকৰ ঘৰলৈ কেবাবাৰো গৈছে যদিও কেতিয়াও, এবাৰলৈও ঈৰ্ষান্বিত হোৱা নাই৷ যেতিয়া তেওঁলোকৰ ল'ৰা-ছোৱালী বোৰ সৰু আছিল, মৰমেই লাগিছিল, কিন্তু যেতিয়া সিহঁত হাইস্কুল পাইগৈ- ৰূক্ষ হৈ পৰে, ডাঙৰক দেখিব নোৱাৰে আৰু মাক দেউতাকৰ বিৰূদ্ধে বিদ্ৰোহ কৰাৰ নামত কত যে সমস্যাৰ সৃষ্টি কৰে৷ মাক বাপেকৰো চুলি ডাল ডাল হয়গে৷ তেওঁলোকৰো এটাই চিন্তা- কেনেকৈ সন্তানৰ পঢ়া শুনা ভাল কৰিব পাৰি আৰু কেনেকৈ সিহঁতক শীৰ্ষস্থানৰ বিদ্যালয়ত পঢ়ুৱাব পাৰি৷ গতিকে পৰীক্ষাৰ ফলাফল বেয়া হলে পতি পত্নীৰ মাজতেই উখনা উখনি আৰম্ভ হয়৷ এই ল'ৰা ছোৱালীবোৰে ঘৰত কাৰো সৈতে মাত বোল নকৰে, তাৰ সলনি নিজৰ কোঠাতে আৱদ্ধ হৈ লগৰবোৰৰ সৈতে অনলাইন চাট অথবা শিশু কিশোৰৰ বাবে অনুপযোগী অনলাইন প'ৰ্ণত ব্যস্ত থাকে৷ এনে ল'ৰা- ছোৱালী বিচাৰিব পৰাকৈ টোকাই প্ৰস্তুত নহয়৷ তেওঁৰ বন্ধুবোৰে পিছে ইমানৰ পিছতো নিজা সন্তান থকাটো এটা বিস্ময়কৰ অভিজ্ঞতা বুলি দাবী কৰে, কিন্তু তেওঁ এইবোৰ কথাত ভোল নাযায়৷ তেওঁলোকে হয়তো নিজে চোঁচৰাই থকা বোজাটোকে টোকাইৰ কান্ধটো দিব বিচাৰে৷ স্বাৰ্থপৰৰ দৰে তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকে পোৱা কষ্টখিনি পৃথিৱীৰ আন প্ৰতিটা মানুহেও পাব লাগে৷

মই নিজেই ডেকাকালতে বিয়া পাতিছোঁ, আৰু এতিয়াও বিবাহিত, কিন্তু মোৰ কোনো সন্তান নাই৷ গতিকে তেওঁৰ দৃষ্টিভংগী ময়ো কিছু পৰিমাণে বুজি পাইছোঁ, যদিও ই অলপ বেছিয়ে সৰলীকৃত আৰু অতিৰঞ্জিত বক্তব্য যেন লাগিল৷ কেতিয়াবা ভাবোঁ তেওঁৱেই হয়তো শুদ্ধ৷ যদিও অৱশ্যে সকলো ক্ষেত্ৰতে ইমান বেয়া অবস্থা নহয়৷ এই বিশাল পৃথিৱীখনত মাক বাপেক আৰু ল'ৰা ছোৱালীৰ মাজত ঘনিষ্ঠ, উমাল সম্পৰ্ক থকা কিছুমান ধুনীয়া, সুখী পৰিয়াল আছে- পিছে কিমাননো আছে এনে পৰিয়াল?ঠিক ফুটবলত যিমান হেট্ৰিক হয়, সিমান? এনে দুষ্প্ৰাপ্য, সুখী মাক বাপেক হব পাৰিম বুলি মোৰ অকনো আত্মবিশ্বাস নাই আৰু টোকাইকো দেখাত নালাগে৷

মানুহে ভুল বুজাৰ সম্ভাৱনা আছে যদিও মোৰ মতে টোকাই এজন সৰলমনা ব্যক্তি৷ তেওঁ কোনো হতভাগা বেচেৰা নহয়, কোনো হীনমন্যতা অথবা ঈৰ্ষা নাছিল, কোনো কথাকে লৈ অতিমাত্ৰা অহংকাৰ বা পক্ষপাতিত্ব নাই, কোনো বিশেষ নিচা নাই, অতিমাত্ৰা সংবেদনশীল নহয়, কোনো কট্টৰ ৰাজনৈতিক অভিমত নাই৷ উপৰুৱা দৃষ্টিত অন্ততঃ তেওঁৰ গুণবোৰ চাই অস্থিৰ ব্যক্তিত্বৰ বুলিব নোৱাৰি৷ আটায়ে তেওঁৰ স্পষ্টবাদী, অকপট ব্যক্তিত্ব, তেওঁৰ মাৰ্জিত ব্যৱহাৰ আৰু তেওঁৰ স্ফুৰ্টিবাজ, যোগাত্মক দৃষ্টিভংগী আদিবোৰ বৰ ভাল পাইছিল৷ টোকাইয়েও তেওঁৰ এই গুণবোৰ মূলতঃ মহিলাসকল (সি পৃথিৱীৰ আধা জনসংখ্যা)ক আকৰ্ষণ কৰিবলৈ বৰ কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰিছিল৷ মহিলাসকলৰ প্ৰতি দয়া, সহনশীলতা আদি যিবোৰ গুণ তেওঁৰ পেছাৰ বাবে জৰুৰী সেইবোৰ তেওঁৰ জন্মগতভাৱেই আছিল- যিদৰে কাৰোবাৰ মৰমিয়াল কণ্ঠ থাকে আৰু আন কাৰোবাৰ দীঘল আঙুলি৷ সেইবাবে (আৰু নিশ্চয়ে যিহেতু তেওঁ এগৰাকী মেধাবী শৈল্যচিকিৎসক), তেওঁৰ ক্লিনিকখনে দোপত দোপে উন্নতি কৰিছিল৷ কোনো বিজ্ঞাপন অবিহনেও ক্লিনিকখন মানুহেৰে ভৰ্তি হৈ থাকিছিল৷

মোৰ পাঠকসকলে নিশ্চয় জানে যে এনেকুৱা সৰল ব্যক্তিসমূহ প্ৰায়ভাগেই ফোপোলা, মধ্যমীয়া বুদ্ধিৰ আৰু আমনিদায়ক হয়৷ অথচ, টোকাই এনে নহয়৷ উইকেণ্ডবোৰত প্ৰায়ে মই তেওঁৰ সৈতে বহি প্ৰায় এঘণ্টামান বিয়েৰ খাই উপভোগ কৰিছিলোঁ৷ তেওঁ আছিল এজন অতিশয় বাকপটু ব্যক্তি, কথা পাতিবলৈ যাৰ আছিল দেধাৰ প্ৰসংগ৷ তেওঁৰ হাস্যৰস আছিল খাৰাংখাচ, বৰ একো জটিল নহয় ধৰণৰ৷ তেওঁ মোক প্লাস্তিক চাৰ্জাৰীৰ দুনীয়াখনৰ ঢেৰ মজেদাৰ ভিতৰুৱা কাহিনী কৈছিল (অৱশ্যেই গ্ৰাহক সকলৰ পৰিচয় গোপন ৰাখি), আৰু নাৰী সম্পৰ্কে কিছুমান বৰ আশ্চৰ্য্যকৰ তথ্য ফাদিল কৰিছিল৷ কিন্তু ই কেতিয়াও অশ্লীলতাৰ পৰ্য্যায় নাপাইছিলগৈ৷ মহিলা বন্ধু সকলৰ কথা তেওঁ সদায়ে বৰ সন্মান আৰু মৰমেৰে কৈছিল আৰু তেওঁলোকৰ ব্যক্তিগত তথ্যবোৰ গোপনে ৰাখিবলৈ যত্ন কৰিছিল৷

" এগৰাকী ভদ্ৰলোকে তেওঁ আদায় দিয়া কৰ আৰু শয্যাসংগ দিয়া নাৰী সম্পৰ্কে আলোচনা নকৰে৷"- তেওঁ মোক এবাৰ কৈছিল৷

"কোনে কৈছে এয়া?" মই সুধিছিলোঁ৷

" মই নিজেই প্ৰস্তুত কৰিছোঁ," মুখৰ অভিব্যক্তি সলনি নকৰাকৈয়ে তেওঁ কৈছিল৷ "অৱশ্যে কেতিয়াবা মোৰ গাণনিকজনৰ সৈতে কৰ সম্পৰ্কে আলোচনা কৰোঁ৷"

------------------------------------------------------------------------

একে সময়তে দুগৰাকী বা তিনিগৰাকী প্ৰেমিকা থকাতো টোকাইৰ বাবে অদ্ভুদ কথা নাছিল৷ এই মহিলাসকল হয় বিবাহিতা নতুবা তেওঁলোকৰ অন্য প্ৰেমিক আছিল, গতিকে তেওঁলোকৰ সুবিধা অসুবিধাই প্ৰাধান্য পাইছিল, আৰু তেনেদৰে তেওঁলোকৰ সুবিধামতে টোকাইয়ে নিজৰ সময় মিলাইছিল৷ তেওঁৰ মতে কেবাগৰাকীও প্ৰেমিকা থকাতো অতি স্বাভাৱিক ঘটনা, ই কোনো বিশ্বাসঘাতকতা নহয়৷ তথাপি, তেওঁ কেতিয়াও কোনো এগৰাকীকে আনগৰাকীৰ বিষয়ে জানিব নিদিছিল, বৰং- 'কেৱলমাত্ৰ প্ৰয়োজনীয় কথা জনা' নীতি মানি চলিছিল৷

টোকাইৰ ক্লিনিকখনত এজন সুদক্ষ পুৰুষ চেক্ৰেটাৰী আজি বহু বছৰৰ পৰাই তেওঁৰ সৈতে কাম কৰি আছে৷ এই মানুহজনে তেওঁৰ জটিল সময়সূচীখন এজন অভিজ্ঞ উৰাজাহাজ ট্ৰেফিক ক'ণ্ট্ৰ'লাৰৰ দৰে চোৱা চিতা কৰে৷ তেওঁ টোকাইৰ কেৱল মাত্ৰ কামৰ সময়সূচীখনেই সজাই মেলি নিদিয়ে, বৰং দিন যোৱাৰ লগে লগে তেওঁ টোকাইৰ ব্যক্তিগত প্ৰণয় বিলাসৰ সময়সূচীখনো নিৰ্ধাৰণ কৰাৰ দায়িত্ব লাভ কৰিছে৷ তেওঁ টোকাইৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো ৰঙীন কাহিনী সম্পৰ্কে অৱগত, কিন্তু কেতিয়াও কাৰো আগত টু শব্দ এটাও কোৱা নাই, ইমান ব্যস্ত হৈ থাকিবলগীয়া হোৱা স্বত্তেও মন বেয়া কৰা দেখা নাই, আৰু নিজৰ কাম পাৰদৰ্শিতাৰে কৰি গৈছে৷ যান যঁত নিয়ন্ত্ৰনত তেওঁ বৰ ভাল আছিল আৰু সেয়ে টোকাই কোনো দুৰ্ঘটনাৰ সন্মুখীন হব লগা হোৱা নাই৷ শুনিবলৈ অবিশ্বাস্য যদিও, তেওঁ আনকি টোকাইৰ প্ৰেমিকাসকলৰ মাহেকীয়া ঋতু চক্ৰৰ হিচাপো ৰাখিছিল৷ টোকাইয়ে যেতিয়া কোনো মহিলাৰ সৈতে ভ্ৰমণলৈ যায়, তেওঁৰ চেক্ৰেটাৰীগৰাকীয়ে ৰেলৰ টিকট আৰু অতিথিশালা বন্দোবস্ত কৰে৷ এই দক্ষ চেক্ৰেটাৰীগৰাকীৰ অবিহনে টোকাইৰ পৰিমাৰ্জিত ব্যক্তিগত জীৱনটো একে নহলহেঁতেন৷ ইয়াৰ বাবদ টোকাইয়ে তেওঁৰ সুদৰ্শন চেক্ৰেটাৰী গৰাকীক ( যি অৱশ্যেই সমকামী) উৎসৱে পাৰ্বনে উপহাৰ আদিৰে কৃতজ্ঞতা প্ৰকাশ কৰি থাকে৷

সৌভাগ্যক্ৰমে তেওঁৰ মহিলা বন্ধু সকলৰ গিৰিয়েক আৰু প্ৰেমিকসকলে এবাৰো টোকাইৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথা আৱিস্কাৰ কৰিব নোৱাৰিলে, সেয়ে তেওঁ কোনো গুৰুতৰ সমস্যাৰ সন্মুখীন হব লগা হোৱা নাই আৰু কোনো অশ্বস্তিকৰ পৰিস্থিতিতো পৰিবলগীয়া হোৱা নাই৷ তেওঁ এজন সাৱধান আৰু সতৰ্ক ব্যক্তি আছিল আৰু মহিলা বন্ধু সকলকো

সমানেই নিৰ্লিপ্ত হবলৈ সকীয়াই দিছিল৷ মূলতঃ তেওঁ তিনিটা উপদেশ দিছিল- কোনো কথাতে জোৰ নকৰিবা, খৰখেদা নকৰিবা, সময় লোৱা; সহজে ধৰা পেলাব পৰা পেটাৰ্ণ মতে মচলিবা ; আৰু যেতিয়া মিছা কবলগীয়া হয়, মন কৰিবা যাতে ই সহজ সৰল হয় ( এয়া অৱশ্যে চিগালক উৰণ শিকোৱাৰ লেখীয়া কথা, তথাপি তেওঁ তাকে কৰি আশ্বস্ত হৈছিল- একেই কথা)

এনে নহয় যে এইবোৰ সম্পূৰ্ণ সমস্যাৰহিত আছিল৷ ইমান দিন ধৰি ইমানবোৰ সম্পৰ্ক একে সময়তে বজাই ৰাখিব গলে সমস্যা উদ্ভৱ হবই৷ বান্দৰো আনকি মাজে সময়ে ডালৰ পৰা সৰি পৰে৷ এবাৰ কোনো কাৰণত তেওঁৰ এগৰাকী মহিলা বন্ধুৱে সন্দেহপৰায়ণ প্ৰেমিকজনক ক্লিনিকৰ ফোন নম্বৰ দিব লগা হৈছিল যাতে তেওঁ ডাক্তৰৰ ব্যক্তিগত জীৱন আৰু নৈতিকতা সম্পৰ্কে সোধপোছ কৰিব পাৰে ( তেওঁৰ দক্ষ চেক্ৰেটাৰী গৰাকীয়ে তেওঁৰ পতিয়ণ নিয়াব পৰা ক্ষমতাৰ দ্বাৰা এই মানুহজনৰ অভিযোগসমূহৰ পৰা বিচ্যুত কৰিছিল)৷ আৰু এবাৰ আন এগৰাকী বিবাহিতা মহিলা তেওঁলোকৰ সম্পৰ্কটোত ইমানেই অনুৰক্ত হৈ পৰিছিল যে তেওঁ একধৰণৰ স্বপ্নবিলাসী হৈ পৰিছিল৷ ইফালে মহিলাগৰাকীৰ স্বামী আছিল এজন বিখ্যাত মুষ্টিযোদ্ধা৷ পিছে, এইবাৰো সমস্যাৰ কলীয়া ডাঁৱৰ আঁতৰিল৷ ডাক্তৰৰো কান্ধ নভগাকে থাকিল৷

" আপুনি বাৰু কেৱলমাত্ৰ ভাগ্যৱানহে, নহয় জানো?" মই সুধিছিলোঁ৷

" হব পাৰে" তেওঁ হাঁহি এটা মাৰি কৈছিল-" হয়তো মোৰ ভাগ্যই ভাল৷ কিন্তু মই ভাবোঁ ই সকলো নহয়৷ কোনোপধ্যেই মই ইমান বুধিয়ক নিশ্চয় নহয়, তথাপি কেতিয়াবা ভাবি আচৰিত মই বাৰু কিমান চতুৰ হব পাৰোঁ"

"চতুৰ", মই দোহাৰিলোঁ৷

"ঠিক- কিদৰে বুজাওঁ- যেতিয়াই কথাবোৰ বিষম হোৱা যেন পাওঁ মোৰ মগজু হঠাতে অতি সক্ৰিয় হৈ পৰে……," অস্ফুট স্বৰত টোকাইয়ে ক'লে৷ কোনো ভাল উদাহৰণ তেওঁ বিচাৰি নোপোৱা যেন লাগিল অথবা বোধহয় তেওঁ এই বিষয়ে আলোচনা কৰিবলৈ ইতস্ততঃ বোধ কৰিছিল৷

"এই যে ফটকৰি ওলাই আহিব পৰা কথাটো," মই কলোঁ, "মোৰ ফঁচুৱা টুইফোৰ চিনেমা এখনৰ দৃশ্য এটা মনত পৰি গ'ল৷ এগৰাকী মহিলাই মানুহ এজনক কয়, 'কিছুমান মানুহ নম্ৰ আৰু কিছুমান ক্ষীপ্ৰ হয়৷ এই দুয়োটাই ভাল গুণ যদিও বেছিভাগ সময়তে ক্ষীপ্ৰতাই নম্ৰতাক চেৰ পেলায়৷' আপুনি চিনেমাখন চাইছেনে?"

"নাই, হয়তো চোৱা নাই," টোকাইয়ে ক'লে৷

" মহিলাগৰাকীয়ে এটা উদাহৰণ দিয়ে৷ মানুহ এজনে দুৱাৰ এখন খুলি মহিলা এগৰাকীক নগ্ন অৱস্থাত দেখে, তেওঁ কাপোৰ সলাই আছিল৷ নম্ৰ মানুহজনে ক'লে- 'ক্ষমা কৰিব মহাশয়া,' আৰু তড়িৎভাৱে দুৱাৰ খন বন্ধ কৰি দিয়ে৷ পিছে, যিজনে 'ক্ষমা কৰিব মহাশয়' বুলি কয় আৰু দুৱাৰখন বন্ধ কৰে, তেওঁহে প্ৰকৃতাৰ্থত ক্ষীপ্ৰ৷"

" হমম," টোকাইক প্ৰসন্ন হোৱা যেন লাগিল৷ "এইটো বৰ মজেদাৰ সংজ্ঞা৷ মই হয়তো ধৰিব পাৰিছোঁ তেওঁলোকে কি বুজাব বিচাৰিছে৷ মই নিজেও কেবাবাৰো এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ৷"

"আৰু প্ৰতিবাৰেই আপুনি মগজুৰ ক্ষীপ্ৰতাৰে নিজকে উলিয়াই আনিবলৈ সক্ষম হৈছিল?"

টোকাইয়ে এক বিষণ্ণ দৃষ্টিৰে চালে৷ "মই নিজকে বৰ বেছি কিবা বুলি ভাবিব নাযাওঁ, প্ৰকৃততে মোৰ কপাল ভাল৷ সহজ অৰ্থত মই এগৰাকী নম্ৰ, ভাগ্যৱান মানুহ৷ এনেদৰে ভবাই হয়তো আটাইতকৈ ভাল৷"

মুঠৰ ওপৰত টোকাইৰ এই তথাকথিত সৌভাগ্য প্ৰায় ত্ৰিশ বছৰলৈকে বৰ্তি থাকিল৷ভাবিলে বৰ দীঘলীয়া সময় পিছে৷ কিন্তু এদিন হঠাতে একেবাৰেই অপ্ৰত্যাশিতভাৱে তেওঁ গভীৰ প্ৰেমত পৰিল- ধূৰ্ত শিয়াল এটাই এদিন হঠাতে নিজকে ফান্দত আৱিস্কাৰ কৰাৰ দৰে৷

---------------------------------

প্ৰেমত পৰা মহিলাগৰাকী আছিল তেওঁতকৈ ষোল্ল বছৰে সৰু আৰু বিবাহিতা৷ তেওঁৰ স্বামী আছিল তেওঁতকৈ দুবছৰে ডাঙৰ, যি বিদেশী আই টি প্ৰতিষ্ঠান এটাত কৰ্মৰত আৰু তেওঁলোকৰ এটি সন্তানো আছিল- এজনী পাঁচ বছৰীয়া ছোৱালী৷ টোকাইৰ সৈতে তেওঁৰ সম্পৰ্ক আজি প্ৰায় দেৰ বছৰৰ পৰা চলি আছে৷

" মিষ্টাৰ টানিমুৰা," তেওঁ এবাৰ সুধিছিল," আপুনি কেতিয়াবা কাৰোবাক অত্যধিকভাৱে ভাল নাপাবলৈ সঁচাকৈয়ে কষ্ট কৰি পাইছেনে?" মোৰ যিমান দূৰ মনত আছে, এয়া জহকালিৰ আৰম্ভণি আছিল, আমি ইজনে সিজনক চিনি পোৱা এবছৰৰ অধিক হৈছিল৷

" নাই, বোধকৰোঁ তেনে হোৱা নাই"- মই তেওঁক কৈছিলোঁ৷

" ময়ো কৰি পোৱা নাছিলোঁ- এতিয়ালৈকে" টোকাইয়ে কৈছিল৷

"কাৰোবাক বহুত বেছি ভাল নাপাবলৈ বৰকৈ কষ্ট কৰা?"

"একদম৷ মই এতিয়া ঠিক তাকেই কৰি আছোঁ৷"

"কিয়?"

" সহজ কথা৷ যদিহে মই তেওঁক খুব বেছি ভাল পাওঁ, ই কষ্টকৰ হব৷ সেইটো মই সয্য কৰিব নোৱাৰোঁ৷ মই ভাবোঁ মোৰ হৃদয়ে সয্য কৰিব নোৱাৰিব, সেইকাৰণেইতো মই তেওঁৰ প্ৰেমত নপৰিবলৈ চেষ্টা কৰি আছোঁ৷"

তেওঁ বৰ গহীন ভাৱত আছিল৷ সচৰাচৰ দেখাৰ দৰে মুখত ৰসবোধৰ চিন চাব নাছিল৷

" আপুনি তেওঁক খুব বেছি ভাল নাপাবলৈ প্ৰকৃততে কি কৰি আছে?"

"মই সকলো ধৰণৰ উপায় অৱলম্বন কৰি চাইছোঁ৷" তেওঁ ক'লে৷ "কিন্তু এই সকলো উপায় অৱশেষত গৈ তেওঁ সম্পৰ্কে ইচ্ছাকৃতভাৱে যিমান পাৰি সিমান বেয়া ভবাত শেষ হয়গে৷ মানসিকভাৱে যিমান পাৰি সিমান তেওঁৰ দোষবোৰৰ তালিকা তৈয়াৰ কৰোঁ- তেওঁৰ খুঁতবোৰ বুলি কোৱা উচিত৷ আৰু এইখিনি মই মগজুৰ ভিতৰতে বাৰে বাৰে মন্ত্ৰৰ দৰে জপ কৰি থাকোঁ, নিজকে এই মানুহগৰাকীৰ প্ৰেমত প্ৰয়োজনকৈ বেছিকে নপৰিবলৈ পতিয়ন নিয়াবলৈ৷"

"কিবা ফল পাইছেনে এনে কৰি?"

" ওহোঁ, বৰ এটা লাভ হোৱা নাই৷" এইবুলি টোকাইয়ে তেওঁৰ মুৰটো লৰালে৷ " প্ৰথম কথা, তেওঁৰ বৰ বেছি বেয়া গুণ মই বিচাৰিয়ে নাপালোঁ৷ আৰু এটা কথা যে তেওঁৰ সেই বেয়া গুণবোৰো মোৰ ভাল লাগে৷ আৰু আনটো কথা হ'ল যে মই নিজকে বুজাব নোৱাৰোঁ- মোৰ বাবে অতি বেছিৰ সীমাডালৰ শেষ ক'জীৱনত প্ৰথমবাৰ এনে চেতনাহীন ধৰণৰ অনুভৱ হৈছে৷"

"আপোনাৰ আগতেওতো বহু মহিলাৰ সৈতে এনে সম্পৰ্ক আছিল, কিন্তু এনেকুৱাতো হোৱা নাছিল?" মই সুধিছিলোঁ৷

"এয়াই প্ৰথম" ডাক্তৰে সাধাৰণভাৱে কৈ থ'লে৷ তাৰ পাছত তেওঁ কবৰ খান্দি যেন কিবা পুৰণি স্মৃতি উলিয়াই আনিলে৷ "হাইস্কুলত পঢ়োঁতে খুৱ কম সময়ৰ বাবে এনেকুৱা কিবা এটা অনুভৱ কৰিছিলোঁ৷ সেইটো সময়, যেতিয়া বিশেষ কাৰোবাৰ কথা ভাবি বুকুখন বিষাই গৈছিল, আন একো ভাবিব নোৱাৰা হৈ পৰিছিলোঁ….কিন্তু ই একপক্ষীয় অনুভৱ আছিল আৰু যি কোনো কূল নাপালেগৈ৷ এতিয়া কথাবোৰ বেলেগ৷ এতিয়া মই প্ৰাপ্তবয়স্ক আৰু আমাৰ মাজত প্ৰকৃতাৰ্থত এটা শাৰীৰিক সম্পৰ্ক আছে৷ তথাপি মোৰ মনটো বিশৃংখল হৈ পৰিছে৷ যিমানেই মই তেওঁৰ কথা ভাবোঁ, সিমানেই ই মোক শাৰীৰিকভাৱে প্ৰভাৱিত কৰে, মোৰ আভ্যন্তৰীণ অংগসমূহক, বিশেষকৈ মোৰ পাচনতন্ত্ৰ আৰু শ্বসনতন্ত্ৰ৷"

অলপপৰ নিশ্চুপ হৈ ৰ'ল তেওঁ, যেন দুয়োটা অংগ পৰীক্ষাহে কৰিছে৷

"আপুনি মোক যিমানখিনি ক'লে," মই কলোঁ, " এনেকুৱা লাগিছে যেন আপুনি তেওঁৰ প্ৰেমত গভীৰভাৱে নপৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু তেওঁক হেৰুৱাবও বিচৰা নাই৷"

" একদম৷ মই জানো যে ই পৰস্পৰ বিপৰীতমুখী, স্কিজ'ফ্ৰেনিক৷ মই একে সময়তে দুটা সম্পূৰ্ণ বিপৰীত কথা আশা কৰি আছোঁ৷ মই যিমানেই চেষ্টা নকৰোঁ কিয় ই সম্ভৱ নহয়৷ কিন্তু মোৰ উপায় নাই৷ মই তেওঁক হেৰুৱাব নোৱাৰোঁ৷ যদি তেনে হয়, মই নিজকে হেৰুৱাই পেলাম৷"

"কিন্তু তেওঁ বিবাহিতা আৰু সন্তান এটিও আছে৷"

"ঠিক কৈছে৷"

"তেওঁ এই সম্পৰ্কটোৰ কথা কিদৰে ভাবে?"

টোকাইয়ে মুৰটো অলপ হেলনীয়া কৰি সচেতনতাৰে তেওঁৰ শব্দবোৰ নিৰ্বাচন কৰিলে৷ "মই মাথোঁ আন্দাজ কৰিছোঁ আৰু যিমানেই আন্দাজ কৰিছোঁ, সিমানেই খেলিমেলি লাগিছে৷ কিন্তু তেওঁ মোক অতি স্পষ্টভাৱে জনাইছে যে পতিৰ সৈতে বিবাহ বিচ্ছেদৰ কোনো অভিপ্ৰায় তেওঁৰ নাই৷ তেওঁলোকৰ এটি সন্তানো আছে আৰু তেওঁ পৰিয়ালটো ভাঙিব নিবিচাৰে৷"

" তথাপি তেওঁ আপোনাক দেখা কৰি থাকে৷"

" আমি এতিয়াও লগ হোৱাৰ সুযোগ বিচাৰি থাকোঁ৷ কিন্তু ভৱিষ্যতৰ কথা কোনে জানে? তেওঁৰ ভয়ো আছে গিৰিয়েকে কোনোবাদিনা আমাৰ কথা গম পাব বুলি আৰু তেওঁ কৈছিল হয়তো কোনোবাদিনা মোক দেখা কৰাটো বন্ধ কৰিব লাগিব৷ আৰু হয়তো সঁচাকৈয়ে গিৰিয়েকে আমাক ধৰা পেলাব আৰু আমি মিলা মিছা বন্ধ কৰিব লাগিব৷ অথবা তেওঁ নিজেই আমাৰ এই সম্পৰ্কটোৰ পৰা আমনি পোৱা হব৷ মোৰ কোনো ধাৰণা নাই- কাইলৈ কি হব৷"

"আৰু এই কথাটোকে আপুনি আটাইতকৈ বেছি ভয় কৰে৷"

" হয়, যেতিয়া মই এনে সম্ভাৱনাবোৰৰ কথা ভাবোঁ, আন একো ভাবিব নোৱাৰা হৈ পৰোঁ৷ ডিঙিলৈ ভাত নোযোৱা হয়৷"

-------------------------------

ডাঃ টোকাই আৰু মোৰ চিনাকী হৈছিল আমাৰ ঘৰৰ ওচৰৰ ব্যায়ামাগাৰটোত৷ তেওঁ প্ৰতি শনি দেওঁবাৰে পুৱা ব্যায়ামাগাৰলৈ আহিছিল স্কোৱাছ খেলিবলৈ, আৰু আমি কেবাবাৰো একেলগে খেলিছিলোঁ৷ প্ৰতিপক্ষ হিচাপে তেওঁ ভাল- নম্ৰ, স্বাস্থ্যৱান, জয়ী হবলৈ অতিমাত্ৰা উৎকণ্ঠিত নহয় ধৰণৰ, আৰু মই তেওঁৰ বিপৰীতে খেলি উপভোগ কৰিছিলোঁ৷

মই তেওঁতকৈ অলপ ডাঙৰ, কিন্তু প্ৰকৃততে আমি একেটা প্ৰজন্মৰে (এইবোৰ আজি কিছুদিনৰ আগৰ কথা),আৰু স্কোৱাছ খেলাৰ পাৰদৰ্শিতাৰ স্তৰ দুয়োৰে মোটামুটি একে৷ বলটোৰ পিছে পিছে দৌৰি আমি ঘামি যাওঁ, তেতিয়া ওচৰৰ বিয়েৰ কক্ষলৈ গৈ কেইটামান পাইণ্ট খাওঁ৷ সৰহভাগ ভালদৰে প্ৰতিপালিত, উচ্চ শিক্ষিত, আৰু আৰ্থিকভাৱে সুৰক্ষিত ব্যক্তিৰ দৰে ডাঃ টোকাইয়েও কেৱল নিজৰ কথাই ভাবিছিল৷ কিন্তু তথাপি, আগতে উল্লেখ কৰাৰ দৰে তেওঁ এজন যিহেতু এজন বিস্ময়কৰ ভাৱে বাকপটু ব্যক্তি, মই সঁচাকৈয়ে তেওঁৰ সৈতে কথা পাতি উপভোগ কৰিছিলোঁ৷

যেতিয়া তেওঁ গম পালে যে মই এজন লেখক, তেতিয়া লাহে লাহে নিজৰ বহু ব্যক্তিগত কথা ব্যক্ত কৰিবলৈ ধৰিলে৷ তেওঁ হয়তো ভাবিছিল যে থেৰাপীষ্ট আৰু ধৰ্মগুৰু সকলৰ দৰে লিখকসকলৰো মানুহৰ স্বীকাৰোক্তি শুনাৰ নৈতিক অধিকাৰ (অথবা দায়িত্ব) আছে৷ আন বহু লোকৰ সৈতে মোৰ একেধৰণৰ অভিজ্ঞতা হৈছে৷ তথাপি কিন্তু মই সদায়ে তেওঁৰ কথা শুনি উপভোগ কৰিছিলোঁ আৰু তেওঁৰ কবলগীয়াখিনিৰ পৰাও আগ্ৰহ হেৰুওৱা নাছিলোঁ৷ তেওঁ খোলা, সৎ আৰু আত্মানুসন্ধানী আছিল৷ আৰু নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰিবলৈ অকনো ভয় কৰা নাছিল- ই এটা বিৰল গুণ৷

---------------------------

তেওঁ মোক কৈছিল, " মই এনে কেবাগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰাখি পাইছোঁ, যি তেওঁতকৈ কেবাগুণে বেছি ধুনীয়া, সুগঢ়ী, উচ্চৰুচিযুক্ত আৰু অধিক বুদ্ধিমতী৷ কিন্তু এই তুলনাবোৰ অৰ্থহীন৷ কাৰণ মোৰ বাবে তেওঁ 'বিশেষ'৷ মোৰ বোধেৰে আপুনি কব পাৰে- 'এক সম্পূৰ্ণ উপস্থিতি'৷ তেওঁৰ আটাইবোৰ গুণ এটা মৰ্মস্থলীত সন্নিহিত হৈ আছে৷ আপুনি প্ৰতিটা বৈশিষ্ট্য ভাগ ভাগ কৰি লৈ জুখিব বা বিশ্লেষণ কৰিব নোৱাৰে, অৰ্থাৎ একেখিনি বৈশিষ্ট্যই আন কাৰোবাৰ তুলনাত ভাল বা বেয়া বুলিব নোৱাৰে৷ তেওঁৰ সেই মৰ্মস্থলীয়েহে মোক অত্যন্ত আকৰ্ষিত কৰে- ঠিক যেন এক শক্তিশালী চুম্বক৷ এইবোৰ যুক্তিৰ বাহিৰৰ কথা৷"

আমি ডাঙৰ ব্লেক এণ্ড টেনচ এটা আলু ভাজি আৰু আচাৰৰ সৈতে খাই আছিলোঁ৷

" এতিয়া মোৰ প্ৰেয়সীক দেখি/ আৰু বিদায় জনাই/ মই জানো মোৰ পুৰণি হৃদয়খন কিমান ফোপোলা আছিল/ যেন আগতে কাহানিও প্ৰেম নিচিনিলোঁ"/

টোকাইয়ে আবৃত্তি কৰিলে৷

" গনচুনাগন আট্চুটাডাৰ কবিতা," মই কলোঁ৷ নাজানোঁ এইটো মোৰ কি?

 

 

 

গল্পকাৰ পৰিচিতি: বেচবল খেল চাই থাকোতে ঔপন্যাসিক হোৱাৰ সিদ্ধান্ত লোৱা লেখকজনেই হ'ল হাৰুকি মুৰাকামী৷ এইগৰাকী জাপানী লিখকৰ জন্ম হয় 1949 চনৰ 12 জানুৱাৰীত৷ এইগৰাকী জনপ্ৰিয় জাপানী লিখকৰ প্ৰায়বোৰ কিতাপেই 50টাতকৈও অধিক ভাষাত অনুদিত হৈছে৷ তেওঁৰ কৰ্মৰাজিৰ ভিতৰত Wind up bird chronicle, The elephant vanishes, Sputnik sweetheart, Kafka on the shore, Men without women, 1Q84, Killing Commendatore উল্লেখযোগ্য৷ তেওঁ ইতিমধ্যে Fantasy award, Frank O' Connor, International Short story award, Franz Kafka Prize, Jerusalem Prize আদি সন্মানেৰে বিভূষিত হৈছে৷


**An Independent Organ (এটা স্বাধীন অংগ) গল্পটি তেওঁৰ 'Men without women' নামৰ ছুটিগল্প সংকলনখনৰ পৰা লোৱা হৈছে৷

 

 

Post a Comment

3 Comments

  1. বৰ্তমানৰ "কেজুৱেল ৰিলেশ্বনশ্বিপ" ৰ ধাৰাটোৰ লগত হুবহু মিল থকা গল্পটি..অতি সুন্দৰ।

    ReplyDelete
  2. বৰ্তমানৰ "কেজুৱেল ৰিলেশ্বনশ্বিপ" ৰ ধাৰাটোৰ লগত হুবহু মিল থকা গল্পটি..অতি সুন্দৰ।

    ReplyDelete
  3. বৰ্তমানৰ "কেজুৱেল ৰিলেশ্বনশ্বিপ" ৰ ধাৰাটোৰ লগত হুবহু মিল থকা গল্পটি..অতি সুন্দৰ।

    ReplyDelete