মই তোক আকৌ লগ পাম
মূল: অমৃতা প্ৰীতম
অনুবাদ: অনন্যা দত্ত
মই তোক আকৌ লগ পাম
ক'ত, কেনেকৈ নাজানো!
হয়তো তোৰ ভাৱনাৰ এক ফিৰিঙতি হৈ
তোৰ কেনভাছত নামিম...
নহ'লে সেই কেনভাছৰেই এক মায়াবী ৰেখা
হৈ
তোলৈ নীৰৱে ৰ লাগি চাই ৰ'ম...
সূৰ্যৰ কিৰণ হৈ তোৰ ৰংবোৰৰ সৈতে খেলি ৰ'ম চাগে
নহ'লে ৰংবোৰৰেই দুবাহুত বহি সাৱটি
ল'ম তোৰ কেনভাছ!
ক'ত, কেনেকৈ নাজানো
কিন্তু তোক মই আকৌ লগ পামেই..
হয়তো মই এক জলপ্ৰপাত হৈ
ধোঁৱাবৰণীয়া পানীবোৰ তোৰ গাত ঘঁহিম
তোৰ জ্বলন্ত বুকুত মোৰ চেঁচা সত্বাক জিৰণি লবলৈ এৰি দিম...
মই আন একো নাজানো
মাথোঁ ইমানেই জানো যে...
সময়ে যি ৰং দেখুৱালেও এই জনমত মোৰ হৈ তই থাকিবি..
এই দেহ শেষ হৈ গ'লেই সকলো শেষ হৈ যায়
কিন্তু স্মৃতি চেতনাৰ সূতাবোৰ এই ব্ৰহ্মাণ্ডৰ কণবোৰত ৰৈ যায়...
তেনে এটি কণ বুটলি লৈ গৈ...
তোক মই আকৌ লগ পাম।
0 Comments