কবিতাঃ বন্দী-শিৱিৰৰ পৰা / শামসুৰ ৰাহমান


বন্দী-শিৱিৰৰ পৰা (বন্দী শিবিৰ থেকে)
মূলঃ শামসুৰ ৰাহমান
অসমীয়া অনুবাদঃ খগেশ সেন ডেকা


ঈৰ্ষাতুৰ নহওঁ, তথাপি মোৰ

তোমালোকলৈ আজি বৰ ঈৰ্ষা হৈছে৷ তোমালোকে সুন্দৰ সুন্দৰ কাপোৰ-কানি পৰিধান কৰা, পাৰ্কৰ বেঞ্চত বহি আলাপত মচগুল হোৱা

সেই বাবে কেতিয়াও নহয়৷ ভাল বস্তু খোৱা বোৱা কৰা

ফূৰ্তি কৰা সবান্ধৱে, সেই কাৰণেও নহয়৷

বন্ধুসকল তোমালোক যিসকল কবি,

স্বাধীন দেশৰ কবি, তেওঁলোকৰ সৌভাগ্য দেখি

মই বৰ ঈৰ্ষান্বিত আজি৷

যেতিয়াই যি ইচ্ছা

মন-পচন্দৰ শব্দ কিমান যে সহজে কৰা ব্যৱহাৰ

তোমালোক সকলোৱে৷

যেতিয়া যি শব্দ বিচৰা, পাই গ'লেই তাক ৰূপ দিয়া পয়াৰৰ,

কেতিয়াবা অমিত্ৰাক্ষৰত, ক্ষীপ্ৰ মাত্ৰাবৃত্তত কেতিয়াবা৷

সেই আটাইবোৰ কবিতা, যেন ৰাজহাঁহ,

দৃপ্ত ভংগীমাৰে মানুহৰ

নিচেই কাষ চাপি যায়, আদৰ বিচাৰি৷

অথচ এই দেশত মোৰ আজি দমবন্ধ

এই বন্দী শিৱিৰত

মূৰ আফালি মৰিলেও নোৱাৰো কৰিব উচ্চাৰণ

মন-পচন্দৰ কোনো শব্দ৷

মনে বিচৰা সকলো কবিতা লেখাৰ

অধিকাৰ সিহঁতে

কৰিছে হৰণ৷

প্ৰকাশ্য পথত যদি তাৰ সলনি ফুল চৰাই জোন

এনেকি নাৰী ইত্যাদি শব্দাৱলী

কৰোঁ উচ্চাৰণ, কোনেও নকৰে বাৰণ কেতিয়াও

কিন্তু কিছু কিছু শব্দক কৰিছে

বেআইনী সিহঁতে

ভয়ানক বিস্ফোৰক ভাবি৷

স্বাধীনতা বোলা শব্দটো

ভৰা কণ্ঠেৰে দীপ্ত উচ্চাৰণ কৰি বাৰে বাৰে

তৃপ্তি পাবলৈ বিচাৰোঁ৷ চহৰৰ ওচৰে পাজৰে

প্ৰতিটো ৰাস্তাত

অলিয়ে গলিয়ে

ৰঙীন চাইনব'ৰ্ডত, প্ৰতিখন ঘৰত

স্বাধীনতা নামৰ শব্দটো

লিখি দিব বিচাৰোঁ

বৰ বৰ হৰফেৰে৷

স্বাধীনতা শব্দটো ইমান যে প্ৰিয় মোৰ

কেতিয়াও জনা নাছিলো আগে৷ বন্দুক উঠাই

স্বাধীনতা, বাংলাদেশএইবোৰ শব্দৰ পৰা সিহঁতে

মোক বিচ্ছিন্ন কৰি ৰাখিছে সৰ্বদা৷

অথচ নাজানে সিহঁত কোনেও

গছৰ পাতত, ফুটপাথত

চৰাইৰ পাখিত অথবা নাৰীৰ দুচকুত

পথৰ ধূলিত

গৰীবৰ চুবুৰীৰ দুৰন্ত ল'ৰাটিৰ

হাতৰ মুঠিত

সদায়ে দেখোঁজ্বলি থাকে

স্বাধীনতা নামৰ শব্দটি৷

Post a Comment

0 Comments