কবিতাঃ বিশ্বাস / চেজল মিলোজ

 বিশ্বাস

মূল: চেজল মিলোজ

ভাবানুবাদ: যশোৱন্ত নিপুণ

 


কিবা এটি বিশ্বাস তোমাৰ বুকুত তুমি যেতিয়া চোৱা

নিয়ৰৰ টোপাল এটিলৈ নাইবা পানীত উটি অহা গছৰ এখিলা পাতলৈ

আৰু তুমি জানা যে সিহঁত তেনেকুৱা কাৰণ সিহঁত তেনেকুৱাই হব লাগিছিল ৷

আনকি যেতিয়া তুমি চকু মুদা আৰু সপোনৰ দেশত ঘূৰি ফুৰা

পৃথিৱীখন তেনেকৈয়ে থাকিব যেনেকৈ ই চিৰকাল আছিল

আৰু গছৰ পাতখিলা নদীখনৰ পানীয়ে উটুৱাই লৈ যাব ৷

 

কিবা এটি বিশ্বাস তেতিয়াও তোমাৰ বুকুত যেতিয়া কঠিন শিল এটিৰ খুন্দাত

তোমাৰ ভৰিখনেৰে এটি তীব্ৰ যন্ত্ৰণা উজাই আহে আৰু তুমি জানা

যে শিলবোৰ তাত আছে এনেদৰে আমাৰ ভৰিক যন্ত্ৰণা দিবলৈকে ৷

দীঘল ছাঁটো দেখিছা সেই গছজোপাৰ ?

আমি আৰু গছবোৰে পৃথিৱীৰ বুকুত ছাঁ পেলাওঁ ৷

যাৰ ছাঁ নেথাকে তাৰ জীয়াই থকাৰ শক্তি নেথাকে ৷

 

Post a Comment

0 Comments